তাৰকা মাতৃ

লেখক- ৰঞ্জনা দত্ত

কল্প বিজ্ঞান ভিত্তিক গল্প:

ৰাছিয়াৰ মহাকাশ বিজ্ঞানী, প্ৰথম মহাকাশচাৰী য়ুৰি গেগৰিন ১৯৬১ চনত এটা কেপছুলত সোমাই ভষ্টক-১ যানৰ সহায়ত পৃথিৱীৰ কক্ষপথত সম্পূৰ্ণ এপাক মাৰে। ইয়াৰো প্ৰায় দুবছৰ আগতে (১৯৫৯ চন) প্ৰকাশ হোৱা এই গল্পটো সেইসময়ত খুব জনপ্ৰিয় হৈ পৰিছিল। য়ুৰি গেগৰিন যদিও সুকলমে পৃথিৱীলৈ ঘূৰি আহিবলৈ সক্ষম হৈছিল গল্পৰ মহাকাশচাৰী যুবক টেৰিৰ ভাগ্য কিন্তু সুপ্ৰসন্ন নাছিল৷

মূল গল্প: ষ্টাৰ মাডাৰ ( ১৯৫৯ )
লেখক: ৰবাৰ্ট এফ ইয়ং
অনুবাদ: ৰঞ্জনা দত্ত

সেইদিনা ৰাতিৰ আকাশত তেওঁৰ ল’ৰাটোৱেই আছিল প্ৰথমটো তৰা।
এপ্ৰিল মাহৰ সেই ৰাতি এখন হাত বুকুত থৈ ঘৰৰ বাগিছাখনত অকলে স্থিৰ ভাবে থিয়হৈ তেওঁ সমুখৰ খোলা পথাৰখনৰ বহু ওপৰেদি তেওঁৰ ল’ৰাটোক ওপৰলৈ উঠি যোৱা চাই আছিল। সেইখন খোলা পথাৰ য’ত সি সৰু থাকোঁতে খেলা-ধুলা কৰিছিল, য’ত সি ডেকা বয়সত কাম কৰিছিল। এপ্ৰিল মাহৰ এই গধূলি অকলশৰে তাৰ স্মৃতিত বুৰ গৈ থকা তাৰ মাকৰ কথা সি বাৰু ভাবিছেনে? এই বহল বাৰাণ্ডাৰে সতে ঘৰটো –য’ত তাৰ জন্ম হৈছিল- তাৰ খালি কোঠালীবোৰৰ কথা সি মনত পেলাইছেনে?
সি দক্ষিণৰ আকাশ খনৰ ওপৰলৈ আৰু বহু ওপৰলৈ উৰি গ’ল আৰু একেবাৰে শেষ সীমা পাই দ্ৰুত গতিত তললৈ নামিবলৈ ধৰিলে আৰু পৃথিৱীৰ শেষ দিগন্তৰ ক’লা অন্ধকাৰত সোমাই তেওঁৰ দৃষ্টিৰ পৰা হেৰাই গ’ল।
ল’ৰাটো খুব সোনকালে ডাঙৰ হৈ গ’ল.. আৰু এতিয়া সি এখন স্বৰ্গীয় ধাতুৰ বায়ুৰোধী নিছিদ্ৰ যানৰ ভিতৰৰ থকা আৰু এটা ধাতব বায়ুবিহীন কেপচুলত বহি পৃথিৱীৰ চাৰিওফালে পাক খাই ঘূৰি আছে…..
তেওঁ ভাবিবলৈ আৰম্ভ কৰিলে-
‘কি দৰকাৰ? কিয় যে ইহঁতে তৰাবোৰক অকলে এৰি নিদিয়ে? কিয় যে সিহঁতে তৰাবোৰক ভগৱানৰ ওচৰত এৰি নিদিয়ে? ‘
তেওঁ খুব পুৱাতে জেনেৰেলৰ পৰা দ্বিতীয় টেলিগ্ৰামখন পালে: ‘এক্সপ্লোৰাৰ XII ৰ মিছন সুন্দৰ ভাৱে শেষ হৈছে, হয়তো কাইলৈ পুৱা আপোনাৰ ল’ৰা আপোনাৰ ওচৰলৈ ঘূৰি আহিব।‘
সেইদিনা আছিল মঙ্গলবাৰ। তেওঁ সদায় কৰাৰ দৰেই মুৰ্গীৰ পামৰ সজাবোৰৰ পৰা কণীবোৰ উলিয়াই কাৰ্ডবোৰ্ডৰ বাকচত সেইবোৰ সুন্দৰভাৱে ভৰাই ষ্টেচন ওৱাগনখন লৈ বজাৰৰ ফালে ওলাই গ’ল। তেওঁ আশা কৰাৰ দৰেই সকলো গ্ৰাহক তেওঁৰ ল’ৰাক লৈ উৎকণ্ঠিত –সকলোৱে নানা ধৰণৰ প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিলে। যেনে, এজনে প্ৰশ্ন কৰিলে -.
“মাৰ্থা, টেৰি সঁচাকৈ অকলে গৈছে?”
আৰু এজনে প্ৰশ্ন কৰিলে-
“তোমাৰ ভয় লগা নাই মাৰ্থা?”
অন্য এজনে তেওঁক আশ্বস্ত কৰি ক’ল-
“চাই থাকা মাৰ্থা সি ঠিক ঘূৰি আহিব।”
তেওঁ ঠিক বুজি উঠিছিলে যে এগৰাকী কণী বিক্ৰেতাৰ পৰা ৰাতিৰ ভিতৰতে তেওঁ এগৰাকী তাৰকাৰ মাতৃ হৈ উঠিছে।
তেওঁ কেতিয়াও ভবা নাছিল যে টিভিৰ পৰাও তেওঁৰ সাক্ষাৎকাৰ ল’বলৈ আহিব যিটো কাম তেওঁ পৰা হ’লে নম্ৰভাৱে বাতিল কৰি দিলেহেতেঁন। কিন্তু তেওঁ সেইটো কৰিব নোৱাৰিলে কিয়নো ইতিমধ্যে তেওঁৰ ঘৰৰ সমুখত গাড়ী আৰু ট্ৰাকৰ শাৰীবোৰ আহি ঠিয় হৈছিলহি আৰু সেইবোৰৰ পৰা টেকনিচিয়ানবোৰ নামি আহি তেওঁৰ সন্মতি অবিহনেই ঘৰৰ সমুখত নানা ধৰণৰ যন্ত্ৰপাতি লগাবলৈ আৰম্ভ কৰি দিছিল। তেওঁ আপত্তি কৰিবৰ সুযোগেই নেপালে।
এজন টিপটপ স্মাৰ্ট ডেকা ল’ৰা আহি তেওঁক ক’লে-
“মেডাম, আপোনাৰ ল’ৰাক লৈ আমি সকলো গৰ্বিত। দয়া কৰি কেইটামান প্ৰশ্নৰ উত্তৰ দিয়কচোন।”
স্বাভাৱিকতেই বেচিভাগ প্ৰশ্ন টেৰিৰ বিষয়ে কৰা হ’ল। মাৰ্থাৰ মনত ভাৱ হ’ল যেন প্ৰশ্নকৰ্তাই আগতেই ভাবি আহিছে যে টেৰিক আন পাঁচটা আমেৰিকান ল’ৰাৰ দৰেই দেখুৱাব। সেইবাবে যেতিয়াই মাৰ্থাই জনালে যে টেৰি বাকী সাধাৰণ ল’ৰাবোৰৰ দৰে নহয়, সি ৰাতি বহুত দেৰিলৈকে সাৰে থাকি পঢ়াশুনা কৰে বা সি খুব লাজকুৰীয়া বাবে তাৰ বেছি বন্ধু-বান্ধৱ নাই আনকি সি কোনোদিন ফুটবলো খেলা নাই, প্ৰশ্নকৰ্তাই তেতিয়াই কথা ঘূৰাবলৈ চেষ্টা কৰিলে। তেওঁ লোকৰ প্ৰশ্ন শুনি মনত ভাব নহ’ল যে তেওঁলোকে টেৰিৰ বিষয়ে সঁচাকৈ কিবা জানিব বিচাৰে, তেওঁলোকে কেৱল বিচাৰে টেৰিক এজন তাৰকা সজাবলৈ।
প্ৰশ্নকৰ্তাই মাৰ্থাকো কিছু প্ৰশ্ন কৰিলে। যেনে-
-“টেৰি কি আপোনাৰ একমাত্ৰ সন্তান?”
-“হয়। “
-“আপোনাৰ স্বামী?”
-“কোৰিয়াৰ যুদ্ধত মৃত্যু ঘটিছে।”
-“এই নতুন আইনখনত আপোনাৰ দৰে তাৰকা মাতৃসকলক নানা ধৰণৰ সুযোগ-সুবিধা দিয়া হ’ব বুলি কোৱা হৈছে, এই বিষয়ে আপোনাৰ কি মতামত?”
-“এইখন এখন সুন্দৰ আইন! কিন্তু এইটো খুব দুখৰ বিষয় যে দ্বিতীয় বিশ্বযুদ্ধৰ শ্বহীদ সকলৰ মাকবোৰৰ বাবে এনে ধৰণৰ কোনো মানবীয়তা দেখুৱা নহ’ল।”
টিভিৰ লোকসকলে সকলোবোৰ সামৰি-সুতৰি গাড়ীবোৰ লৈ গুছি যোৱালৈ আবেলি হ’বৰ হ’ল। মাৰ্থাই অলপমান পাতলীয়া আহাৰ কৰি টেৰিৰ পুৰণা পাতল জেকেট এটা গাত পেলাই বাগিছাত থিয় হৈ সূৰ্যাস্তৰ বাবে অপেক্ষা কৰাত লাগিল।
জেনেৰেলে তেওঁৰ প্ৰথম টেলিগ্ৰাম খনত জনাইছিল যে প্ৰথমটো প্ৰদক্ষিণত ৰাতি ৯: ০৫ বজাৰ আগতে টেৰিৰ মহাকাশ যানখন আকাশলৈ অহাৰ কোনো সম্ভাৱনা নাই। তথাপিও তেওঁ আকাশলৈ চাই প্ৰথমৰ পৰা এটা দুটাকৈ আকাশত দেখা দিয়া তৰাবোৰ চাবলৈ লাগিল। ক’লা আকাশৰ বুকুত এটা এটাকৈ তৰাবোৰ ওলাই চকু টিপিয়াবলৈ আৰম্ভ কৰিলে, কোনোবাটো নীলা কোনোবাটো ৰঙা, আকৌ কোনোবাটো হালধীয়া ..কমলা…সেউজীয়া …
মাৰ্থাৰ আকাশ চোৱাৰ কোনোদিনেই বিশেষ চখ নাছিল, তেওঁ সদায় পৃথিৱীখন লৈয়েই ব্যস্ত আছিল। খুব কম বয়সতে যেতিয়া বিলৰ সতে বিয়া হোৱাৰ আগৰ প্ৰেমপৰ্ব চলিছিল, সেইসময়ত কেতিয়াবা আকাশৰ জোনটোৰ ফালে চাই ৰোমাণ্টিক হৈ উঠিছিল, বা আকাশৰ পৰা খহি পৰা পপীয়া তৰা দেখি মনে মনে কিছু প্ৰাৰ্থনা কৰিছিল, কিন্তু ৰাতিৰ পিছত ৰাতি ক’লা আকাশৰ বুকুত ফুটি উঠা তৰাবোৰৰ ফালে চাই এনেদৰে সময় কটোৱা নাছিল। পিছে, আজিৰ পৰিস্থিতি একেবাৰে বেলেগ, আজি সেই তৰাবোৰ তেওঁৰ খুব আপোন যেন লাগিছে খুব জীৱন্ত যেন ভাৱ হৈছে।
চ’ত মাহৰ ঠাণ্ডাত বাহিৰত থিয় হৈ আকাশখন চাই চাই কেতিয়াযে নটা বাজি গ’ল! মাৰ্থাই পিন্ধি থকা হাতঘড়ীটোলৈ চাই দেখিলে সময় ৯ বাজি দুই মিনিট। তেওঁৰ টেৰি ক’ত? তেওঁ দক্ষিণ আকাশৰ ফালে তীক্ষ্ণ দৃষ্টিৰে চাই পঠিয়ালে। সৌৱা দেখা গৈছে – টেৰিয়ে তাৰ চকচকীয়া মহাকাশ যানত উঠি দক্ষিণ আকাশৰ পৰা আহি আহি একেবাৰে আকাশৰ মাজ পাই উত্তৰ আকাশৰ ফালে লাহে লাহে নামি গ’ল, তাৰপিছত এটা সময়ত দিগন্তৰ সিপাৰে ক’লা অন্ধকাৰৰ মাজত হেৰাই পৰিল। মাৰ্থাই আকুল উৎসাহেৰে গোটেই সময়খিনি হাত জোকাৰি থাকিল। গৰ্বত তেওঁৰ বুকুখন ফুলি উঠিল। টেৰিৰ যানখন আকাশৰ বুকুত মিলি পৰাৰ পিছত মাৰ্থাই হাতখন নমাই এটা গভীৰ নিশ্বাস এৰিলে। কিবা এটা প্ৰাৰ্থনা কৰা! এজনী সৰু ছোৱালীৰ দৰে তাই ভাবিলে..সি যেন টোপনিত সুন্দৰ সপোন দেখে …আৰু তেওঁৰ সম্পূৰ্ণ স্নেহ মমতা লৈ প্ৰাৰ্থনা কৰিলে টেৰি যেন তেওঁৰ কাষলৈ নিৰাপদে ঘূৰি আহে।
পিছদিনা বুধবাৰৰ বেলিটো ওলোৱাৰ লগে লগেই মাৰ্থা শোৱাৰ পৰা উঠি পৰিল। মুৰ্গী বোৰক খাবলৈ দি, তেওঁ নিজেও খোৱা-বোৱা কৰি, মুৰ্গীৰ কণীবোৰ কাৰ্ডবোৰ্ডৰ বাকচত ভৰাই আকৌ বজাৰলৈ গ’ল। তেওঁ আকৌ অজস্ৰ প্ৰশ্নৰ মুখামুখি হ’ব লগা হ’ল-
-“মাৰ্থা, তুমি কি কৰি যে শান্তিত থাকিব পাৰিছা বুজিব পৰা নাই। ল’ৰাটোৰ বাবে তোমাৰ চিন্তা নহয়নে?”
-“নিশ্চয় চিন্তা হয়তো!”
-“মাৰ্থা তাক কেতিয়া ঘূৰাই আনিব?”
-“এই .. আজিয়েই!”
-“অ’হ! তোমাৰ ল’ৰা তো এতিয়া তাৰকা! মাৰ্থা এইটো কথা ভাবি নিশ্চয় তোমাৰ খুব ভাল লাগে নহয়?”
-“নিশ্চয় লাগে।”
ভাল আৰু নেলাগিবনে? কিন্তু তাৰ লগে লগে ভয়ও লাগে……হে ভগবান! টেৰি যেন তেওঁৰ কাষলৈ নিৰাপদে ঘূৰি আহে! ইয়াৰ পিছত অইন কোনো মাতৃৰ ল’ৰা যাওক তৰা হ’বলৈ!
দুপৰীয়া জেনেৰেলৰ তৃতীয় টেলিগ্ৰামখন আহি পালে
-‘অত্যন্ত দুখেৰে সৈতে জনোৱা হৈছে যে, এটা উল্কাৰ সতে খুন্দা খোৱাৰ ফলত চেটেলাইট খনৰ ক্ষতি হৈছে। সেইবাবে চেটেলাইটৰ পৰা কেপচুলটোক বিচ্ছিন্ন কৰিব পৰা নগ’ল। আপোনাৰ ল’ৰাক ঘূৰাই আনিবৰ বাবে অতিশীঘ্ৰে অন্য এক ব্যৱস্থা লোৱা হ’ব।’
-‘টেৰিই! – “
মাৰ্থাৰ চকুৰ আগত ফুটি উঠিল এজোপা মেপল গছ, গছজোপাৰ তলত টেৰিয়ে খেলনা গাড়ীখন লৈ খেলি আছে। সূৰ্য্যৰ পোহৰ পৰি তাৰ সোণালী ৰঙৰ চুলিবোৰ চিকচিকাই উঠিছে, গাল দুখন গৰম বতাহত ৰঙা পৰি গৈছে ……
“টেৰি! –
সৌৱা নীলা ডেনিম পিন্ধি টেৰি আহিছে, ৰ’দে পুৰি যোৱা ঘাহঁনিৰ ওপৰেদি দীঘল দীঘল খোজ পেলাই… ৰ’দে পুৰি নিয়া ক্ষীণ হাতদুখন লৰাই চৰাই। আকাশখন কি নীলা আৰু পৰিষ্কাৰ হৈ জিলিকি আছে! শৰতৰ বতাহত ভাঁহি আহিছে কোনো এক পতঙ্গৰ একসুৰীয়া মাত…….
‘টেৰি! – ‘
“মা, টেক অফৰ আগতে আৰু চিঠি লিখিব নোৱাৰিম। একেবাৰে চিন্তা নকৰিবা। এই এক্সপ্লোৰাৰ টুৱেল্ভখন ইমান বিশাল জানা! কোনো উল্কাৰ খুন্দাত ইয়াৰ একোৱেই নহয়, যদিও খুন্দা খোৱাৰ সম্ভাৱনা লাখৰ ভিতৰত এটা।”
‘কিয় ইহঁতে তৰাবোৰক অকলে এৰি নিদিয়ে? কিয় সিহঁতক ভগৱানৰ ওচৰত এৰি নিদিয়ে? ‘
পশ্চিম দিশৰ পাহাৰটোৰ পিছফালে ৰঙা সূৰ্য্যটো অস্ত গ’ল। মাৰ্থাই কিবা ৰান্ধিলে যদিও কোনোমতেই একো খাব নোৱাৰিলে। পোহৰবোৰ লাহে লাহে কমি যোৱাৰ সময়ত তেওঁ টেৰিৰ জেকেটটো পিন্ধি বাহিৰলৈ ওলাই গ’ল। লাহে লাহে আকাশখন ক’লা হ’বলৈ আৰম্ভ কৰিলে আৰু তাত এটা দুটাকৈ তৰা ওলাবলৈ আৰম্ভ কৰিলে। এটা সময়ত দক্ষিণৰ আকাশত তেওঁৰ চিনাকি তৰাটো দেখিবলৈ পোৱা গ’ল, কিন্তু তেওঁ সেই তৰাৰ গতিপথ ভালদৰে দেখা নেপালে, তেওঁৰ দৃষ্টি চকুপানীৰে অস্পষ্ট হৈ পৰিল।
ঠিক সেই সময়তেই হেডলাইটৰ পোহৰেৰে অন্ধকাৰ কাঢ়ি লৈ সৰু সৰু শিলগুটি পেলোৱা ৰাস্তাটোৰে টায়াৰৰ কৰ্কশ শব্দ কৰি এখন গাড়ী আহি তেওঁৰ ঘৰৰ সমুখত আহি ৰ’লহি। গাড়ীৰ দৰজাখন সশব্দে বন্ধ কৰাৰ শব্দ শুনা গ’ল।
মাৰ্থাই লৰচৰ নকৰিলে। ‘হে ভগৱান এয়া যেন টেৰি হয়! ‘তেওঁ মনেমনে ভাবিলে, যদিও তেওঁ জানিছিল যে এতিয়া আৰু টেৰি অহাটো সম্ভৱ নহয়। তেওঁৰ পিছফালে কাৰোবাৰ খোজৰ শব্দ শুনা গ’ল, শব্দটো ৰৈ যোৱাৰ অলপ পিছত কোনোবাই সৰুকৈ কহা শব্দ হ’ল। তেওঁ লাহেকৈ ঘূৰি সেই ব্যক্তি জনৰ সন্মুখীন হ’ল –
-“গুড ইভিনিং, মেডাম।”
তেওঁ পিন্ধি থকা ছাঁই ৰঙৰ পোছাক যোৰত লগোৱা তৰাবোৰে তেওঁ কোন তাৰ পৰিচয় দিলে। তেওঁৰ গম্ভীৰ মুখ আৰু তেওঁৰ চকুৰ তলত পৰি থকা ক’লা চামনিটোৱে তেওঁ মাৰ্থাক ক’ব নোৱাৰা বক্তব্য খিনি
বুজাই দিলে। তথাপিও তেওঁ ক’বলগা হ’ল –
-“আমি কিছুসময় আগতে গম পালো যে সেই উল্কাটোৱে চেটেলাইটৰ দেৱালখন ধ্বংস কৰি কেপচুলৰ দেৱালখনৰো বিস্তৰ ক্ষতি কৰিছে ….আমাৰ কৰিব পৰা একো নাছিল মেডাম…..আপুনি ঠিকে আছে তো?”
-“হয় ঠিকে আছো।”
-“দুঃসংবাদটো দিবৰ বাবে ময়েই আহিব লগা হ’ল….মই আপোনাৰ মনৰ অৱস্থাটো বুজিব পাৰিছোঁ মেডাম!”
-“মই ঠিকে আছোঁ।”
-“আমি অপ্ৰাণ চেষ্টা কৰিম টেৰিৰ…..অৱশেষ মানে, তেওঁৰ দেহাৱশেষ ঘূৰাই আনিবলৈ…… তেওঁক সম্পূৰ্ণ সন্মান সহকাৰে কবৰ দিয়া হ’ব।”
-“নালাগে!”
-“নালাগে?”
মাৰ্থাই মূৰটো তুলি নক্ষত্ৰ খচিত আকাশ খনৰ ফালে চালে- কিছুসময় আগতে যিটো পথেৰে টেৰিৰ মহাকাশ যানখন গৈছে – সেই গতিপথৰ ফালে তেওঁ চাই পঠিয়ালে। এইবাৰ তেওঁৰ দৃষ্টি আৰু ধুৱঁলী নহয়, তেওৰ দৃষ্টিৰ সমুখতে জলমলাই আছে নীলা বগা আভাৰে সতে চিৰিয়াচ। তেওঁ আৰু ওপৰৰ ফালে চাই পঠিয়ালে- ক’লা আকাশৰ বুকুত কালপুৰুষ জিলিকি আছে চাৰিটাকৈ নক্ষত্ৰ আদ্ৰা, কৃত্তিকা, কাৰ্তবীৰ্য আৰু বাণক লগত লৈ। আৰু ওপৰত দেখিবলৈ পোৱা গৈছে বৃষ, মিথুন আৰু কৰ্কট ৰাশিক আৰু সপ্তৰ্ষী মণ্ডলৰ সাতটা নক্ষত্ৰক। মাৰ্থাৰ ভাৱ হ’ল কালপুৰুষ যেন এডাল ফুলৰ গছ আৰু আদ্ৰা, কৃত্তিকা, কাৰ্তবীৰ্য আৰু বাণ এই চাৰিটা নক্ষত্ৰ যেন সেই গছৰ চাৰিপাহ ফুল। বৃষ আৰু মিথুন ৰাশিয়ে যেন আকাশত ফুলশয্যা পাতিছে। গোলাকাৰ কৰ্কট ৰাশি যেন এডাল ফুলৰ মালা আৰু কৃত্তিকা মণ্ডলী যেন সিঁচৰতি হৈ থকা ফুল। সেই পুষ্পৰ উদ্যানৰ পৰা উপবৃত্তাকাৰ নক্ষত্ৰ পথেদি মঙ্গল গ্ৰহৰ ৰঙা গোলাপৰ বাগানলৈ যাব পৰা যায়।
-“নেলাগে “ তেওঁ আকৌ ক’লে।
ইমান সময় জেনেৰেলেও মূৰ তুলি আকাশলৈ চাই আছিল। এইবাৰ তেওঁ লাহে লাহে চকু নমাই আনি মাৰ্থাৰ ফালে চাই ক’লে-
-“মেডাম আপুনি কি বিছাৰিছে মই বুজিব পাৰিছোঁ। আপুনি এনেধৰণে বিচৰা বাবে মই সুখী হৈছোঁ … তৰাবোৰ আজি খুব সুন্দৰ লাগিছে নহয়নে?”
-“ইয়াৰ আগতে ইমান ধুনীয়া কেতিয়াও লগা নাছিল।” তেওঁ উত্তৰ দিলে।
জেনেৰেল ঘূৰি যোৱাৰ পিছত মাৰ্থাই মূৰ তুলি আকৌ এবাৰ বিভিন্ন ৰঙ বিচ্ছুৰিত কৰা নক্ষত্ৰ পুষ্পৰ বিশাল তৰাৰ বাগিছা খনলৈ চাই পঠিয়ালে – য’ত তেওঁৰ ল’ৰাটো শান্তিৰে শুই আছে। তাৰপিছত ধীৰ পদক্ষেপেৰে তেওঁ তাৰ স্মৃতিৰে ভৰি থকা ঘৰটোলৈ ঘূৰি আহিল।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Pankaj kumar Deuri
2 months ago

খুব ধুনীয়াকৈ লিখিলা অনুবাদিত কথাখিনি । পঢ়ি ভাল লাগিল ।