মৃত্যু উপত্যকাৰ ধ্বনি
লেখক- আদ্যাশা তেজস্বী
মৃত্যু উপত্যকাৰ পৰা পথভ্ৰষ্ট হৈ ঘূৰি অহা
পক্ষীৰ শুনিছনে কলৰৱ ধ্বনি?
শুনিছনে জীয়াই থকাৰ
অদম্য হেঁপাহ পুহি ৰখা
এটি পক্ষীৰ বিষাদৰ জীয়া কাহিনী?
হয়তো শুনা নাই তই পেটৰ পোৱালিক লৈ
সপোন ৰচা মাতৃৰ বুকু ভগা বিননি!
শুনিবিচোন তেনে পক্ষীৰ
জীৱন জীয়াৰ বিষাদৰ কাহিনী।
তই নহা হ’লে
মাতৃগৰ্ভতে পিতৃহাৰা নহ’লহেঁতেন
পৰহি জনম পোৱা কণমাণিটি!
জীৱনটো ৰঙেৰে উপচাই তুলিব খোজা
ৰাংঢালিজনী বিৰহ বেদনাত
নপৰিলহেঁতেন ভাগি।
হাজাৰ জনক জীয়াই তুলা
ভগৱান ৰূপী চিকিৎসকজন
বঞ্চিত নহ’লহেঁতেন আত্মৰক্ষাৰ পৰা।
পুৱা গধূলি মাকৰ চাদৰৰ আচল নেৰা কণমানিজনীয়ে হাবাথুৰি নাখালহেঁতেন
মা মা কৰি।
জাননে তই
মৃত্যু উপত্যকাৰ তইযে
মূল চালিকা শক্তি!
জীৱনত সকলো হেৰুৱাই
শোকত কাতৰ নহ’লহেঁতেন,
একমাত্ৰ পুত্ৰৰ মোহত
জীয়াই থকা
আজলী জেতুকী খুৰী।
পুত্ৰ কন্যা পত্নী সকলো হেৰুৱাই
দিশহাৰা নহ’লহেঁতেন
বলিন দাইটি।
ন সাজেৰে কপালত ৰাঙলী সূৰুয পিন্ধি,
ন জীৱনৰ পাতনি মেলা মালতীজনীয়েও
বগা সাজেৰে উৰণীৰ তলত
উচুপি নুঠিলহেঁতেন হিয়া উজাৰি।
এতিয়াও তোৰ আৰু
কিমান লেনদেন বাকী?
এৰা তই নহা হ’লে
শেষ মুহূৰ্তত আপোনজনক কাষত বিচাৰি হাহাঁকাৰ কৰা মুহিধৰ কাই
হয়তো গুছি নগ’লহেঁতেন
আত্মীয়ৰ অনুপস্থিতিত।
কি বা পালি তই
শত সহস্ৰৰ বুকু শুদা কৰি?
তোৰ আগমনত;
জন্ম সহজ
তাতোকৈ সহজ মৃত্যু
কিন্তু কঠিন জীৱন নাটৰ
আখৰা কৰাতো।
চতুৰ্দিশে এতিয়া মাথোঁ
মৃত্যু উপত্যকাৰ ধ্বনি।
কাতৰেৰে সুধিছো
বিচৰাবোৰ পালিনে?
পালি যদি
যা গৈ উভতি
পৃথিৱীৰ কুশল কামনা কৰি।