ব্ৰহ্মপুত্ৰৰ শিহু

লেখক- উচ্চজিৎ কলিতা

কেঁকোৰা, শেলুৱৈ আৰু দৰিকণা মাছ ভাল পোৱা
ব্ৰহ্মপুত্ৰৰ শিহু এটা এদিন নিৰুদ্দেশ হ’ল,
অসৎ বাস্তৱৰ বতাহত বিয়পি গ’ল খবৰ
অঙ্কীয় কাকতত ছপোৱা হ’ল ইস্তাহাৰ;
শিহুৰ মাক-বাপেক, পেহীয়েক, প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক
সকলো কান্দি কান্দি লেবেজান!

হেৰোৱা শিহুটো বিচাৰি আৰক্ষীৰ অভিযান চলিল,
লুইতৰ বুকুত তিনি বেটেৰীৰ টৰ্চৰ পোহৰ পৰিল,
অসমৰ সকলো নদী-উপনদীত ডুবাৰু নামিল।
অৱশেষত কেন্দ্ৰীয় অনুসন্ধানকাৰীৰ দলো আহিল,
পিছে মিছা! শিহুটোক’তো নাই!

মন্ত্ৰীসভাৰ উচ্চস্তৰীয় বৈঠক এখন পতা হ’ল,
কোনোবা চিন্তাবিদে প্ৰস্তাৱ দিলে,
নাৰদক মতাই অনা হওক বৈকুণ্ঠৰপৰা
কাৰণ তেঁৱেইতো আছিল মানুহৰ কল্পনাৰ প্ৰথম সংবাদদাতা।

ঢেঁকীত উঠি নাৰদ আহিল,
বিশ্বব্ৰহ্মাণ্ডত ভ্ৰমি ফুৰি শিহুটো বিচাৰি থাকিল।
লুইতৰ তলেৰে নাৰদ গৈ গৈ মা গঙ্গাৰ বুকুত পৰিল,
নিৰুদ্দিষ্ট শিহুটোৰ চেণ্ডেল এপাত ওলোটাকৈ গঙ্গাৰ পাৰত পৰি আছিল।

গঙ্গাৰ বুকুৰে বৈ গৈ নাৰদ বঙ্গোপসাগৰ পালে,
তাৰ পিছত ৰামেশ্বৰমত প্ৰভু ৰামক সেৱা কৰি আৰৱ সাগৰত জাহাজ মেলিলে,
নিৰুদ্দিষ্ট শিহুটো অৱশ্যে ক’তো বিচাৰি নাপালে!
হতাশাত ভুগি নাৰদে স্বৰ্গৰ সংবাদদাতা পদৰপৰা অব্যাহতি লৈ
ভূমধ্যসাগৰৰ তীৰত ধ্যানত বহি থাকিল।

এদিন ভূমধ্যসাগৰৰ ঢৌত এটা ডলফিন উটি আহিল,
নাৰদৰ কাষত বহিল।
নাৰদ হতবাক, এইটো দেখোন ব্ৰহ্মপুত্ৰৰ শিহু!
সাগৰত মানুহে পেলোৱা প্লাষ্টিক খাই খাই
লুইতৰ শিহুটো কবিতা আৰু গান গোৱা ডলফিন হ’ল।

নাৰদে প্ৰতিবেদন লিখিলে,
প্লাষ্টিকে কাঢ়িব পৃথিৱীৰ প্ৰাণ।
ব্ৰহ্মপুত্ৰৰ শিহুবোৰ অথবা সাগৰৰ ডলফিন
সকলো হৈ ৰ’ব প্ৰলয়ত জ্বলি যোৱা সাঁচিপাত।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!