কণ কবিতা
লেখক- দিলীপ কুমাৰ শৰ্মা
১/ পুৱাৰে পৰা হোৱাত
বৰকৈ উঠাত কাহ,
কাঁহৰ বাচনত ঔষধ
খাইহে পালোঁ সকাহ।
২/ লাপুং বুঢ়ী
মোৰ আইতা,
লগাই লৈছে
দাঁত কেইটা।
৩/ ঘৰ সাজিবলৈ
লাগে কেইটা,
ভাল ধৰণৰ
ডাঙৰ ইটা?
৪/ কুঁহিয়ে ছিঙি
কুঁহিপাত দুখিলা,
পুতুলাক পিন্ধালে
কৰি চাদৰ-মেখেলা
৫/ ওকণি এটাৰ
অহাত টোপনি,
মূৰৰ পৰা পৰিল
হেৰুৱাই খোপনি।
৬/ শুকুলাই আনি
দুখন কুলা,
মেলি দিছে
কটা মূলা।
৭/ কুণালে লগাবলৈ
দা-কুঠাৰৰ নাল,
কাটি আনিলে
পুৰঠ বাঁহ দুডাল।
৮/ পেটুৱা কেৰ্কেটুৱাই
নকৰি হুৱাদুৱা,
গছত উঠি পাৰিলে
এপোণমান গুৱা।
৯/ ওলাই এপাকত
জোলোঙাৰ মেকুৰী
বাটতে ধৰিলে
নিগনি একুৰি।
১০/ খাই লৈ নিগনিয়ে
এআখিমান কল,
এফুটমান পথাৰত
খেলিছে ফুটবল।
১১/ টেনিদাই মেনিৰে
খেলিছে টেনিছ,
আহাঁ আহাঁ চাও
নকৰিবা মিছ।
১২/ গছলৈ মাৰি
দহটামান দলি,
ৰামকলিয়ে সৰালে
চাৰিটা আমকলি।
১৩/ বুলি নিজকে
এটা বৰ মতা,
একেলৰে গছত
উঠিল গৈ মমতা।
১৪/ জলমত থকা
উলিয়াই মলম,
কমলে ঘুকুটিয়ালে
লৈ এটা কলম।
( জলম এবিধ জলহু চোলা)
১৫/ জাউৰিয়ে জাউৰিয়ে
গাই বিহু-বিয়া নাম,
এজাউৰি মানুহে
চাপৰিত কৰিছে কাম।
১৬/ লাকী ঐ লাকী
বেগেতে আন চাকি,
পগোৱা ৰহীত লাগে
খৰকৈ মাৰিব জাকি।
(কুঁহিয়াৰৰ ৰহী বা ৰস উতলাওঁতে তিৰ গেদ কটা চালনি)
১৭/ পাণ পাৰোতে
ভাঙি জখলা,
কমলাৰ ভৰিৰ
এৰিল এবখলা।
১৮/ জাৰি-জোকাৰি
বিছনাৰ ঢাৰি,
উৰহবোৰ ধনে
পেলালে মাৰি।
১৯/ উটৰ কুঁজত
খোৱাত খৰে,
ঔষধ বিচাৰিলে
ঘৰে ঘৰে।
২০/ আমৰ ফুলক
কিয় বোলে মল
তই পাৰিবিনে
বাৰু ক’ব অমল?