আন্তৰাষ্ট্ৰীয় চাহ দিৱস

লেখক- নিবেদিতা ভূঞা ৰাজকুমাৰী

ফুলৰ প্ৰতি দুৰ্বাৰ হেঁপাহ শৈশৱৰ পৰাই। আমাৰ বিদ্যালয়ৰ (ৱেলবৰ্ণ পাব্লিক স্কুল)সন্মুখত এখন ধুনীয়া ৰঙা গোলাপৰ ফুলনি আছে। পুৱাই বিদ্যালয়ৰ চৌহদত উপস্থিত হৈ হালিজালি ফুলি থকা স্বাস্থ্যৱান ফুলবোৰ দেখিলে দিনটোলৈ মনটো সজীৱ হৈ থাকে। বিদ্যালয়ৰ পৰা উভতি অহা সময়তো ফুলবোৰ এবাৰ চুই চাওঁ, পলকতে মনৰ অৱসাদ আঁতৰে। কিন্তু, ধুনীয়াকৈ ফুলি থকা ফুলবোৰ এপাহ এপাহকৈ মৰহি যোৱা দেখিলে মনটো কিবা এক বিষাদেৰে আৱৰি ধৰে। গতিকে নেৱাৰ দাক(যি ফুলনিৰ যতন লয় ) এদিন ফুলৰ পাহিবোৰ মাটিত সৰি নষ্ট হোৱাৰ পূৰ্বে সংগ্ৰহ কৰি থ’বলৈ ক’লোঁ। তেতিয়াৰে পৰা তেওঁ ফুলৰ শুকান পাপৰিবোৰ আলফুলে সামৰি থৈ দিয়ে। এনেকৈ সংগ্ৰহ কৰা গোলাপৰ পাপৰিয়ে আমাৰ আখলৰ দুটা বৈয়ামত শোভা বৰ্দ্ধন কৰিলেহি। গোলাপ ফুলৰ শুকান পাপৰিবোৰ গোলাপ জল, পায়স, বিৰিয়ানী আৰু চাহ প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হ’লোঁ।

এতিয়া আহোঁ মূল কথালৈ, বিশ্বৰ বিভিন্ন প্ৰান্তত অতীজৰে পৰা ফুলৰ পৰা প্ৰস্তুত কৰা চাহে বিপুল সমাদৰ লাভ কৰি আহিছে। আমাৰ ভাৰতবৰ্ষ তথা অসমতো বৰ্তমান এই চাহে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ মূলতে হ’ল মানুহৰ স্বাস্থ্যৰ প্ৰতি হোৱা সচেতনতা নতুবা সজাগতা। গোলাপ, জবা, নাৰ্জী, তগৰ, কপৌ, খৰিকাজাঁই, অপৰাজিতা, চাহগছৰ ফুল ইত্যাদি বিভিন্ন ফুলৰ সতেজ বা শুকুৱাই সংৰক্ষণ কৰা পাহিৰ পৰা চাহ প্ৰস্তুত কৰিব পাৰি। এই চাহ ছাল, চুলি, উচ্চ ৰক্তচাপ, নিম্ন ৰক্তচাপ, ওজন কমোৱা আদি নানাবিধ ৰোগ প্ৰতিৰোধৰ কাৰক হিচাপে সেৱন কৰিলে উপকৃত হয় বুলি জানিব পৰা গৈছে। অৱশ্যে কিছুমান নিৰ্দিষ্ট ফুল (যেনে-জবা ফুল এলাৰ্জীৰ বাবে) নিৰ্দিষ্ট কিছুমান ৰোগৰ বাবে অপকাৰী হয়। গতিকে বিষয়টোৰ সন্দৰ্ভত বিতংকৈ জ্ঞাত হৈহে গ্ৰহণ কৰা উচিত। আমি নিজেও ব্যক্তিগতভাবে বিগত দহবছৰকাল তুলসীৰ পাত-ফুল-গুটিৰ পৰা তৈয়াৰ কৰা চাহ সেৱন কৰি উপকৃত হৈছোঁ। বৰ্তমান নতুনকৈ সংযোজন ঘটিছে গোলাপ ফুলৰ চাহ। যিহেতু ফুলি থকা ফুল ছিঙিবলৈ সত নাযায় গতিকে শুকান পাহিবোৰ ব্যৱহাৰ কৰোঁ।
গোলাপ ফুলৰ চাহ
~~~~~~~~~~~~~
#উপকৰণ –
গোলাপৰ শুকান পাহি তিনি চাহ চামুচ, পানী ডেৰকাপ, মৌ এক চাহচামুচ, নেমুৰস আধা/এক চাহচামুচ।
#প্ৰস্তুত প্ৰণালী- চচ্ পেন এটাত পানী গৰম কৰি তাতে গোলাপৰ শুকান পাহিবোৰ দি মধ্যমীয়া উষ্ণতাত ভালকৈ উতলাব। যেতিয়া পাহিবোৰৰ ৰং পানীৰ সৈতে মিলি পৰিব তেনে অৱস্থাত গেছৰ চুইছ অফ কৰি চেকি ল’ব আৰু একেবাৰে শেষত পৰিমাণ অনুসৰি মৌ আৰু নেমুৰসেৰে পৰিৱেশন কৰিব।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!