অল্পবিদ্যা ভয়ংকৰ

লেখক- প্ৰদীপ বৈশ্য

দৈনন্দিন জীৱনত কেতিয়াবা কিছুমান সৰু সৰু মেৰামতি বিষয়ক কামত হাতত দি মহা মস্কিলত পৰোঁ। কাৰণটো হ’ল যে- ভাল হোৱাৰ সলনি সামগ্ৰীবোৰ এনেকৈ অকামিলা হৈ যায় যে পৰিণতি ভয়ংকৰ হৈ যায়। ভবিষ্যতলৈ এনে ধৰণৰ কাম নিজে সমূলি নকৰোঁ বুলি কাণত ধৰোঁ কিন্তু কি হ’ব পুনৰায় একেই ভুলৰে পুনৰাবৃত্তি ঘটে। লগতে মোৰ এনে ওস্তাদিৰ ফলত বহুত টকা অবাবতে ভৰণি হয়। মোৰ এনে দুটামান ওস্তাদি মৰা কামৰ নমুনা আৰু তাৰ পৰিণতি তলত উল্লেখ কৰিলোঁ।

এক

মোৰ বয়স হয়তো ১৪-১৫ মান হৈছে। আমাৰ ঘৰৰ ওচৰতে থকা প্ৰাথমিক বিদ্যালয়ত ৰঙালী বিহুৰ আয়োজন কৰা হৈছে। বিহুৰ প্ৰগ্ৰেম মানে খেলাধূলা, আবৃত্তি আদি দিনৰ ১১ বজা মানৰ পৰা আৰম্ভ হ’ব। পুৱা ৯ বজা মানৰ পৰা চৌপাশে বিহুৰ অনুভৱ জগাই তুলিবলৈ ভাড়ালৈ অনা মাইকত বিহুগীত আৰু মাজে মাজে মাইকত আমাৰ দৰে চেঙেলীয়াই দুই এটা ঘোষণা দিয়াৰ উদ্দেশ্যে মাইকমেন অহাৰ আগেয়ে আমি মাইকৰ অনুসাংগিক এমপ্লিফায়াৰ, বেটেৰী আদি সংযোগ কৰি আৰম্ভ কৰি দিওঁ। সিদিনাখন মই আৰু মোতকৈ বয়সত সৰু বিজয় নামৰ গাঁৱৰ ল’ৰাজনে মিলি পুৱাই মাইকৰ সংযোগ কৰোঁতেই হয়তো বেটেৰীত সংযোগ কিবা ওলোটা হ’ল। এটা অদ্ভুত শব্দ কৰি এম্পিফায়াৰটো অচল হৈ পৰিল। অলপ সময় পিছেতেই মাইকমেন আহিল আৰু এমপ্লিফায়াৰটো আমি দুয়ো বেয়া কৰা বুলি আমাক দোষ দিলে। দেখাদেখিকৈ দোষটো আমাৰেই, মানে বিজয় আৰু মোৰ। আমি দুয়ো এখন ইলেকট্ৰনিকচৰ সামগ্ৰী ভাল কৰা দোকানলৈ বিহু কমিটিৰ কোনেও গম নোপোৱাকৈ লৈ গৈ ভাল কৰাবলৈ দিলোঁ। মই মনে মনে ঘৰৰ পৰা টকাও লৈ গৈছিলোঁ। পিছলৈ আমাৰ বিহু সমিতিৰ জ্যেষ্ঠ বিষয়ববীয়া সকলে কথাটো গম পাই বিজয় আৰু মোক তাৰ পৰা উদ্ধাৰ কৰি ঘৰলৈ ওভতাই আনিলে আৰু মেৰামতিৰ টকাখিনি কমিটিৰ ফালৰ পৰা ভৰাৰ দিহা কৰিলে। আমি দুয়ো যেন ডাঙৰ বিপদৰ পৰা উদ্ধাৰ হ’লোঁ।
সিদিনা বিহুৰ কাৰ্যক্ৰমণিকা আমাৰ এই দুই ওস্তাদৰ কৰ্মকাণ্ডৰ দ্বাৰা প্ৰভাৱিত হৈ কিছু পলমকৈ আৰম্ভ হৈছিল।

দুই
(ক)

মোৰ মা-দেউতা থকা তেজপুৰৰ ঘৰৰ গেচ ষ্টোভটো পুৰণি মডেলৰ। মায়ে ঘৰলৈ গ’লে প্ৰায়ে চুলা দুয়োটা কমকৈ জ্বলে বুলি মোক অভিযোগ কৰে। মোৰ অল্পবিদ্যাৰ জ্ঞানখিনি যেন আকৌ সঞ্চাৰ হৈ উঠিল। এইবাৰ মই প্লাচ, স্ক্ৰু-দ্ৰাইভাৰ আদি সঁজুলি লৈ পুৱা আঠ বজা মানতে মজিয়াত বহি ল’লোঁ। পোনতে মিহি তাঁৰ ভৰাই গেচৰ ন’জলটো চাফা কৰি দিলোঁ যদিও তাতেই ক্ষান্ত নহৈ অলপ সাহসেৰে পিতলৰ ন’জলটো খুলি চাফা কৰিম বুলি প্লাচেৰে খোলাৰ চেষ্টা কৰিলোঁ। কিন্তু, হিতে বিপৰীতহে হ’লগৈ। ন’জলটো নুখুলি ষ্টিলৰ পাইপৰ ভিতৰতে ভাঙি থাকিল। মই মূৰে কপালে হাত দিলোঁ। মায়েও গেচটো কেতিয়া ভাল হ’ব মোক সুধি আছিল কিয়নো পুৱাৰ আহাৰ আদি বনাবৰ সময় আহি পৰিছিল। মোৰ মুখ শুকাই গ’ল। কি উত্তৰ দিম এতিয়া! সেমেনা সেমেনিকৈ উত্তৰ দিলোঁ যে এতিয়া আৰু মোৰ হাতত ঠিক হোৱাৰ আশা নাই। মানে উন্নত চিকিৎসাৰ বাবে তাক ভাল দোকানলৈ নিব লাগিব। মই কাপোৰ কানি পিন্ধি গেচৰ গোটেই সামগ্ৰীখিনি ডাঙৰ মোনা এখনত ভৰাই ১০৮ ৰ গতিত মেৰামতিৰ দোকানলৈ লৈ গলোঁ। মোৰ ওস্তাদিৰ ফলত সিদিনা প্ৰায় চাৰিশ মান টকাৰ ভৰণি হ’ল (ষ্টিলৰ সম্পূৰ্ণ পাইপ ডালেই সলাব লগীয়া হ’ল )।
দোকানীজনে মোৰ মূৰত ধৰি আশীৰ্বাদ নিদিলেও চাগে ভিতৰি ভিতৰি মোৰ এনে কাণ্ডক ভূয়সী প্ৰশংসা কৰিছে! মোৰ মনতে ভাব হ’ল। সিদিনা পুৱাৰ আহাৰ বনোৱাত মাৰ কিছু পলম হ’ল যদিও, দুপৰীয়াৰ ভাত অৱশ্যে সময় মতেই হ’ল।

(খ)

গেচৰ চুলা মেৰামতি কৰা কামত নিজকে নিয়োজিত কৰাৰ সাহস আকৌ এবাৰ গোটালোঁ। এইবাৰ ঘটনাৰ স্থান গুৱাহাটীত। মোৰ ঘৰত থকা গেচ চুলাটো প্ৰেষ্টিজ কোম্পানিৰ, তাৰ পাইপডাল পিছপিনৰ পৰা ওলোৱা। মই গুৱাহাটীত থকা সময়ছোৱাত পুৱাই অলপ ফুৰি চাকি আহি গ্ৰিণ টি একাপ নিজে বনাই খাওঁ। সিদিনাও মই চাহ বনাবলৈ লৈ মোৰ মনত এনে এটা ভাব হ’ল যেন ৰবৰৰ হোচ পাইপডাল গেচটোৰ চুলাৰ পৰা অলপ আঁতৰি আহিছে। মই অলপ হেঁচি দিলত গেচ ষ্টোভত সংলগ্ন মেটেলিক ন’জলটোয়েই ভাঙি থাকিল। ইফালে শ্ৰীমতী সিদিনা অলপ অসুস্থ আছিল আৰু মই বিছনাৰ ওচৰলৈ গৈ অঘটনটোৰ কথা ক’ব লগীয়া হ’ল। দহমান বজাত উক্ত কোম্পানীৰ কল চেণ্টাৰলৈ ফোন কৰিলোঁ আৰু মোৰ ঘৰত গেচৰ কোনো বিকল্প ব্যৱস্থা নাই বুলি দোহাৰি কলোঁ। মুৰি, চিৰা জাতীয় খাদ্য খাই পেটৰ ভোক আটাইয়ে নিবাৰণ কৰিলোঁ। দুপৰীয়া এক মান বজাত এজন কোম্পানীৰ লোক আহি গেচটো মেৰামতি কৰি দিলেহি আৰু মই যেনে তেনে উদ্ধাৰ হলোঁ। সিদিনা ঘৰলৈ আহি মেৰামতি কৰা বাবে ফিজকে ধৰি মুঠ তিনিশ টকাৰ ভৰণি হ’ল।

তিনি

মোৰ ডেস্কটপ কম্পিউটাৰটোত সময় আৰু তাৰিখ সঠিকমতে নেদেখুৱায়। কম্পিউটাৰত কাম কৰি থকাৰ দীৰ্ঘদিনৰ অভিজ্ঞতা আৰু অলপ হাৰ্ডৱেৰৰ জ্ঞানৰ জোৰত মোৰ বুজিবলৈ বাকী নাথাকিল যে মাডাৰবৰ্ডত থকা বেটেৰীটো দুৰ্বল হৈছে। সেইমতে কম্পিউটাৰ দোকানৰ পৰা টেবলেট আকাৰৰ এটা বেটেৰী কিনি আনি চিপিইউৰ ঢাকোনখন খুলি পুৰণি বেটেৰীটো খুলি নতুনটো লগাই দিলোঁ। তাৰ পিছত পাৱাৰ চুইচ অন কৰি চিপিইউটো অন কৰিছোহে মাথোন। চি.পি.ইউৰ ভিতৰত এটা বিস্ফোৰণৰ প্ৰচণ্ড শব্দ হ’ল। মই বুজি পালো যে এচ এম পি এচ নামৰ কম্পিটাৰৰ পাৱাৰ চাপ্লাইৰ আহিলাবিধ চৰ্ট হৈ বিকল হৈ গ’ল। পৰৱৰ্তী সময়ত মোৰ চিনাকি দোকানলৈ নি সাত শ টকাত উক্ত এচ এম পি এচটো লগোৱাত কম্পিউটাৰটো পুনৰ কাৰ্যক্ষম হৈ উঠিল। মোৰ বেটেৰী সংযোগত বোধকৰো ওলোটা হৈছিল যিটো প্ৰকৃততে অল্পবিদ্যাৰে পৰিণতি।

ইয়াৰ উপৰিও সৰু কালত অসমীয়া ভাষাতে উপলব্ধ এখন ৰেডিঅ’ নিৰ্মাণ কৰা বিষয়ক কিতাপ বৰকৈ জনপ্ৰিয় হৈ পৰিছিল। সেইখন কিনি আনি কেইবাটাও ভাল ৰেডিঅ’ মোৰ হাতত বিপৰ্যস্ত হৈ চিৰদিনৰ বাবে বাকৰুদ্ধ হৈ পৰিছিল, যিবোৰ নিজে নশলাগি নোৱাৰোঁ। আনকি ৰেডিঅ’ৰ ভিতৰৰ তাৰ জোৰা দিবলৈ কেতিয়াবা সূতাৰ গাঠিও দিবলগীয়া হৈছিল।
একেদৰে কালি টয়লেটৰ ফ্লাচটোৱে কাম নকৰা বুলি শুনিয়েই পাৰ্টচ্ বোৰ এটা এটাকৈ খুলি পেলালোঁ। টয়লেটতেই ইউটিউবৰ ভিডিঅ’ চাই চাই আকৌ ফিটিং কৰাৰ বৃথা চেষ্টাও কৰিলোঁ। কিন্তু অসফল হ’লোঁ। ফলশ্ৰুতিত ফ্লাচটো এতিয়া সম্পূৰ্ণ বিকল! লকডাউনৰ সময়ত ভাল কৰা মানুহো ঘৰলৈ নাহে। গতিকে য’তে মৰে মৰক।

সামৰণি – এনেদৰে সাফল্য আৰ্জিবলৈ গৈ মই আধাতে কেইবাবাৰো মুখ থেকেচা খাইছোঁ আৰু বহুমূলীয়া অভিজ্ঞতা অৰ্জন কৰিছোঁ। তথাপি জুবিনে কোৱাৰ দৰেই “মই ভাগৰা নাই, জীৱন হেৰোৱা নাই।” মোৰ অথল চৰ্চা ভবিষ্যতলৈয়ো অব্যাহত ৰাখিম বুলি মন বান্ধি লৈছোঁ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!