বিষ কেনেকৈ নিৰাময় কৰিব পাৰি

লেখক- ডাঃ ধ্ৰুৱ ৰাজবংশী

ডিঙিৰ বিষ
সাধাৰণতে কম বেছি পৰিমাণে প্ৰায়ভাগ মানুহে জীৱনত এবাৰ হ’লেও ডিঙিৰ বিষত ভুগিবলগীয়া হয়। আমাৰ ডিঙিটো হাড়, মাংসপেশী, লিগামেণ্ট, টেণ্ডন, স্নায়ু আৰু ব্লাড ভেছেলৰ দ্বাৰা গঠিত। ডিঙিটো সাত ডাল মেৰুখণ্ডৰ (vertebra) দ্বাৰা গঠিত। এই মেৰুখণ্ডবোৰৰ মাজত ডিস্ক (Disc) নামৰ এবিধ চেপেতা গোলাকাৰ কোমল বস্তু থাকে। মেৰুখণ্ডবোৰক ডিস্কে পৃথক কৰি ৰাখে আৰু ডিঙিটো লৰচৰ কৰাত সহায় কৰে। দুটা মেৰুখণ্ডৰ মাজত ডিস্ক থকা বাবে মেৰুখণ্ডবোৰ ক্ষয় যোৱাৰ পৰা ৰক্ষা কৰে। বয়স বাঢ়ি অহাৰ লগে লগে ডিস্কবোৰ দুৰ্বল হৈ পৰে। কিবা কাৰণত ডিঙিত হেঁচা বা আঘাত পালে ডিস্ক বাহিৰলৈ ওলাই আহে আৰু তেতিয়াই বিষ অনুভৱ হয় বাবে ডিঙি লৰচৰ কৰিবলৈ অসুবিধা হয়। ইয়াৰ উপৰিও ডিঙিৰ চাৰিওফালে থকা মাংসপেশী, লিগামেণ্ট, টেণ্ডন আদিৰ আঘাত বা ডিঙিৰ অত্যধিক ব্যৱহাৰৰ (over use) বাবে বিষ হব পাৰে।

ডিঙিৰ বিষৰ কাৰণসমূহ

ডিঙিৰ বিষৰ কেইবাটাও কাৰণ আছে। তাৰ ভিতৰত সঘনাই হৈ থকা কাৰণসমূহ হৈছে-
◆সাধাৰণতে ডিঙিটো বহু সময় ধৰি একে স্থানত থাকিলে ডিঙিটো জঠৰ হৈ বিষ হ’বলৈ ধৰে। যেনে, বেছি সময় টেবুলত লিখা পঢ়া কৰিলে বা কম্পিউটাৰত একে লেঠাৰিয়ে বিৰতি নোলোৱাকৈ কাম কৰি থাকিলে, ডিঙিৰ বিষ লাহে লাহে হ’বলৈ ধৰে। আজিকালি কিছুমান ব্যক্তিক মোবাইল ফোন কান্ধৰ ওপৰত ৰাখি ডিঙিটো বেঁকা কৰি ক’ব নোৱাৰাকৈ বহু সময় ধৰি কথা পাতি থকা দেখা যায়, যাৰ ফলত লাহে লাহে ডিঙিটো জঠৰ হৈ বিষ আৰম্ভ হ’বলৈ ধৰে।
◆বিছনাত শুই মোবাইল চোৱা বা একেলেঠাৰিকৈ মোবাইল চাই থাকিলেও ডিঙিৰ বিষ হব পাৰে।
◆কান্ধৰ ওপৰত গধুৰ বেগ বা গধুৰ বস্তু বেছি সময় লৈ থাকিলে লাহে লাহে ডিঙিৰ বিষ হ’বলৈ ধৰে।
◆কিছুমান ব্যক্তিয়ে ডিঙিটো সঘনাই ঘূৰাই থাকিবলগীয়া কাম কৰিবলগাত পৰে, যাৰ ফলত ডিঙিৰ বিষত ভুগিবলগীয়া হয়।
◆ৰাতি শোৱাৰ সময়ত যদি ডিঙিটো বেঁকা হৈ থাকে তেতিয়াও ডিঙিটো জঠৰ হৈ বিষ হয় যাক আমি ডিঙিৰ পাক লগা বুলি কওঁ। বিষ হোৱাৰ ফলত ডিঙিটো লৰচৰ কৰিবলৈ অসুবিধা হয়।
◆গাড়ীৰ দুৰ্ঘটনা হ’লে মূৰটো হঠাৎ আগলৈ যায় আৰু লগে লগে পিছলৈ আহে, যাৰ ফলত ডিঙিৰ মাংসপেশী আৰু লিগামেণ্টত টান খাই আঘাত পায় বিষ হ’বলৈ ধৰে।
◆একেলেঠাৰিকৈ বহু সময় ধৰি বেছি দূৰত্বলৈ বিৰতি নোলোৱাকৈ গাড়ী চলাই থাকিলেও ডিঙিৰ বিষত ভুগিবলগীয়া হয়। কিয়নো গাড়ী চলাই থকা সময়ত ডিঙিটো সন্মুখৰ ফালে একেলেঠাৰিকৈ চাই থকাৰ ফলত ডিঙিৰ মাংসপেশীবোৰ জঠৰ হৈ পৰে আৰু তাৰ ফলত বিষ অনুভৱ হয়।
◆দুশ্চিন্তা, উৎকণ্ঠা (worry) বা অত্যধিক কষ্ট বা শাৰীৰিক ভাগৰ (stress) আদিও বিষৰ কাৰণ হ’ব পাৰে।
ইয়াৰ উপৰিও আৰু কিছুমান কাৰণ আছে-
◆গাড়ীৰ দু্ৰ্ঘটনাৰ ফলত আঘাত পোৱা, খেলা ধূলা কৰিলে দুখ পোৱা, কিবা কাৰণত ডিঙিৰ হাড় ভঙা বা কেতিয়াবা পৰিলেও ডিঙিত দুখ পালে বিষ হ’ব পাৰে।
◆অন্যান্য কাৰণ সমূহৰ ভিতৰত হল -ৰিউমেইটাইট আৰ্থ্ৰাইটিছ, অষ্টিঅ’আৰ্থ্ৰাইটিছ, চাৰভাইকেল স্পন্-ডাই-ল’চিচ, অষ্ঠিঅ’পৰোছিজ, ডিঙিৰ হাড়ৰ সংক্ৰমণ, চাৰভাইকেল ষ্টেনোছিজ, চাৰভাইকেল ডিস্ক হাৰনিয়েচন, ফাইব্ৰ’-মায়েল-জিয়া আদি ৰোগ সমূহৰ কাৰণে ডিঙিৰ বিষ হয়।

লক্ষণসমূহ কি কি হব পাৰে?
ডিঙিৰ বিষ আৰু জঠৰতা, ডিঙিটো লৰচৰ কৰিবলৈ অসুবিধা পোৱা, মূৰৰ পিছফালে অনবৰতে বিষ হৈ থকা, ডিঙিৰ দুইফালে চুলে বা হেছি দিলে বিষ অনুভৱ কৰা, ডিঙিৰ মাংসপেশীৰ সংকোচন (spasm) হোৱাৰ ফলত বিষ অনুভৱ কৰা, শুবলৈ অসুবিধা হয়, কান্ধ আৰু হাতৰ বিষৰ লগতে হাতখন জিন্ জিনাই থাকে আৰু পিছলৈ হাতখন জঠৰ হয়। লাহে লাহে হাতখন দুৰ্বল অনুভৱ কৰে আৰু বস্তু দাঙিবলৈ অসুবিধা পায়। টেবুলত লিখা পঢ়া কৰিবলৈ অসুবিধা হয়।

বিষৰ কি পৰীক্ষা কৰিব লাগে?
সকলো বিষত পৰীক্ষা কৰাৰ দৰকাৰ নাই। চিকিৎসকৰ পৰামৰ্শ অনুসৰি পৰীক্ষা কৰিব লাগে।
●তেজৰ পৰীক্ষা
●এক্সৰে
●চি টি স্কেন
●এম আৰ আই
●ইলেক্ ট্ৰ’-মায়’-গ্ৰাফি
●ডিঙিৰ বিষ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি?
●যেতিয়া আমি বহি থাকো বা থিয় হৈ থাকো, তেতিয়া মন কৰিব লাগে যে আমাৰ দুইফালৰ কান্ধ আৰু দুইফালৰ কঁকালৰ গাঁঠি (Hip joint) সদায় চিধা লাইনত থাকিব লাগে আৰু কাণ দুখন কান্ধৰ লগত সমান লাইনত থাকিব লাগে। বিশেষকৈ পঢ়া শুনা কৰা ল’ৰা-ছোৱালী আৰু চাকৰিয়াল ব্যক্তি সকলে বেছি সময় ধৰি বহি থাকি লিখা পঢ়া কৰিব লাগে বাবে এই কথাটো মন কৰিব লাগে আৰু গুৰুত্ব দিব লাগে।
●যদি দীৰ্ঘ দূৰত্বলৈ গাড়ীত ভ্ৰমণ কৰিবলগীয়া হয় তেতিয়াও মাজে মাজে বিৰতি লব লাগে নহলে ডিঙি জঠৰ হৈ বিষ হব পাৰে।
●কম্পিউটাৰত কাম কৰি থকাৰ সময়ত প্ৰতিঘণ্টাৰ অন্তৰত ৫ৰ পৰা ১০ মিনিট সময় বিৰতি লৈ কাম কৰিব লাগে। তেতিয়া ডিঙিৰ জঠৰতা কম হয় আৰু বিষ হোৱাৰ সম্ভাৱনা কম হয়।
●কম্পিউটাৰত কাম কৰাৰ সময়ত সদায় টেবুল, চকী আৰু কম্পিউটাৰটো নিজৰ সুবিধা অনুযায়ী ঠিক কৰি লব লাগে। কম্পিউটাৰৰ মনিটৰটো সদায় চকুৰ সমান লেভেলত থাকিব লাগে আৰু চকীত বহাৰ সময়ত মন কৰিব লাগে যে আঁঠুৰ গাঁঠিটো সদায় কঁকালৰ গাঁঠিতকৈ অলপ তলত থাকিব লাগে।
●ফোন কৰাৰ সময়ত ডিঙি বেকা কৰি ফোন কৰিব নালাগে। ডিঙি বেঁকা কৰি বেছি সময় ফোনত কথা পতাৰ ফলত ডিঙিৰ মাংসপেশী জঠৰ হৈ পিছলৈ বিষ হ’বলৈ ধৰে। বেছি সময় ফোনত কথা পাতিবলগীয়া হলে headphone ব্যৱহাৰ কৰিব লাগে।
●ধূমপান কৰা লোকৰ ডিঙিৰ বিষ হোৱাৰ সম্ভাৱনা বেছি।
●কান্ধত বেছি গধুৰ বেগ বা গধুৰ বস্তু লব নালাগে। কিয়নো ডিঙিৰ মাংসপেশীৰ ওপৰত বেছি টান বা হেঁচা খোৱাৰ ফলত পিছত বিষ আৰম্ভ হয়।
●শুৱাৰ সময়ত ডিঙি বেঁকা কৰি শুব নালাগে। অজানিতে কেতিয়াবা ৰাতি ডিঙি বেঁকা কৰি শোৱাৰ ফলত ডিঙিৰ মাংসপেশী জঠৰ হৈ বিষ হয় আৰু ডিঙিটো লৰচৰ কৰিব বা ঘূৰাব নোৱাৰা হয়।

চিকিৎসা প্ৰণালী
সাধাৰণতে মজলীয়া ধৰণৰ ডিঙিৰ বিষ নিজে নিজে দুই বা তিনি সপ্তাহৰ ভিতৰত ভাল হয়। যদি বিষটো তিনি সপ্তাহৰ পিছত ভাল নহয় বা বিষটো বেছি হৈ থাকে তেতিয়া চিকিৎসকৰ পৰামৰ্শ অনুসৰি চিকিৎসা গ্ৰহণ কৰা উচিত।

◆ ঘৰত নিজেই কৰিব পৰা চিকিৎসা-
ফুলি উঠা বা বিষ অনুভৱ কৰা ঠাইত প্ৰথমতে বৰফৰ টুকুৰা কেইটামান টাৱেল এখনত মেৰিয়াই লৈ ২০ মিনিটকৈ দিনত কেইবাবাৰো হেঁচা দি ধৰিব লাগে। নাইবা সলনা সলনিকৈ এবাৰ ঠাণ্ডা আৰু এবাৰ গৰম সেক ২০ মিনিটকৈ দিনটোত কেইবাবাৰো দিব লাগে। গা ধোৱাৰ সময়ত ঠাণ্ডা পানীৰ সলনি গৰম পানীৰে গা ধুবলৈ চেষ্টা কৰিব লাগে। এইখিনি কৰিলেও বিষৰ পৰা আৰাম পোৱা যায়।
◆ঘৰত কৰিব পৰা ব্যায়াম – চিকিৎসকৰ পৰামৰ্শ অনুসৰি ডিঙিৰ বিষৰ ব্যায়ামসমূহ ঘৰতে কৰিব পাৰি।
◆ঔষধ- বিষনাশক দৰব, মাংসপেশী নমনীয় বা শিথিল কৰিব পৰা ঔষধ, স্নায়ু বিষৰ কাৰণে স্নায়ুৰ ঔষধ, কেলচিয়াম টেবলেত, এণ্টিডিপ্ৰেচেণ্ট টেবলেত আদি ব্যৱহাৰ কৰা হয়। চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধ খোৱা উচিত।
◆ ফিজিকেল থেৰাপী (Physical Therapy) – আটাইতকৈ উত্তম আৰু কম সময়ত ভাল হোৱা চিকিৎসা পদ্ধতি হল ফিজিকেল থেৰাপী। ইতিমধ্যে গৱেষণাৰ পৰা গম পোৱা গৈছে যে ডিঙিৰ বিষৰ কাৰণে শল্য চিকিৎসা আৰু বিষনাশক ঔষধতকৈ ফিজিকেল থেৰাপী আটাইতকৈ ভাল চিকিৎসা পদ্ধতি। এই পদ্ধতিৰ দ্বাৰা ডিঙিৰ মাংসপেশী সংকোচন হৈ থাকিলে তাক মুক্ত কৰিব পাৰি আৰু লগতে ডিঙিৰ হাড়ৰ গাঁঠি যদি সঠিক ঠাইত নাই তাক সঠিক ঠাইত আনিব পাৰি যাৰ ফলত ডিঙিৰ বিষ ৮০ শতাংশ আধা ঘণ্টাৰ ভিতৰত কমি যায় আৰু বাকী ২০ শতাংশ লাহে লাহে কমি যায়।
◆ট্ৰেনচকিউটেনিয়াচ ইলেক্ট্ৰিকেল নাৰ্ভ ষ্টিমুলেচন-ইলেক্ট্ৰিকেল ষ্টিমুলেচনৰ দ্বাৰা বিষ নিৰাময় কৰা হয়।
◆ট্ৰেকচন- চিকিৎসকৰ তত্ত্বাৱধানত স্নায়ু চেপা খাই থাকিলে এই পদ্ধতিৰ দ্বাৰা চিকিৎসা কৰা হয়। আজি কালি এই পদ্ধতিৰ দ্বাৰা চিকিৎসা কম কৰা হয়।
◆ ষ্টেৰইড ইনজেকচন- কিছুমানৰ ক্ষেত্ৰত এই ইনজেকচন ব্যৱহাৰ কৰা হয়।
◆ অস্ত্ৰোপচাৰৰ দ্বাৰা- কম সংখ্যক ৰোগীৰ ক্ষেত্ৰত ডিঙিৰ বিষত অস্ত্ৰোপচাৰ দৰকাৰ হয়। যিবিলাক ৰোগীৰ ডিস্ক বাহিৰলৈ ওলাই আহি স্পাইনেল কৰ্দ চেপা খাই থাকে সেইবিলাক ৰোগীৰ হয়টো অস্ত্ৰোপচাৰ দৰকাৰ হব পাৰে।
◆ অন্যান্য চিকিৎসা পদ্ধতি –
◆ একু-পাংচ্চাৰ (Acupuncture)
◆ ক্ৰাইওপ্ৰেক‍্টিক (Chiropractic)
◆ মালিচ (Massage)

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!