আমেৰিকা ভ্ৰমণৰ কিছুমান মধুৰ অভিজ্ঞতা
লেখক- আৰমান হাজৰিকা
২০১৬ চনৰ জুলাই মাহত আমাৰ ছোৱালীজনী আমেৰিকাৰ ৱাশ্বিংটন ষ্টেট ইউনিভাৰ্চিটিত গৱেষণা কৰিবলৈ আমেৰিকালৈ গ’ল। ছোৱালীজনীয়ে হায়াৰ চেকেণ্ডাৰি পাচ কৰাৰ পিছৰে পৰা আমাৰ পৰিয়ালটোৰ পৰা আঁতৰত থাকি থাকিয়ে মুম্বাই আৰু হায়দৰাবাদত পঢ়া-শুনা কৰিছিল। গতিকে তাই আমেৰিকালৈ পঢ়িবলৈ যাবলৈ ওলোৱাত মোৰ নিজৰ মনটোতে যদিও কিছু ভয়, সংকোচৰ ভাৱ এটা আহিছিল, তথাপিও ‘তাই পাৰিব’ বুলি মনতে বিশ্বাস এটাও উপজিছিল। তাতে তাইৰ বিদেশত গৱেষণা কৰাৰ ইচ্ছাৰ বিষয়ে গম পাই মই সহজতে সকলো গোটাই দিয়াৰ সলনি, তাইকহে কলোঁ, “স্কলাৰশ্বিপ গোটাই যাব পাৰ যদি যা! নহ’লে ইমানগাল ধন মই দিব নোৱাৰোঁ।” অৱশ্যে পবিত্ৰাক মনে মনে কৈ থলোঁ, “বেছিকৈ যদি মন কৰে, ধাৰ-ঋণ কৰিও পঠিয়াম। কিন্তু সকলোবোৰ কথাত মাক বাপেকৰ ওপৰতে ভৰষা কৰি থাকিলে পিছত নিজে ঠিয় দিবলৈ নিশিকিবয়।”
ভগবানৰ কৃপাত আৰু হায়দৰাবাদৰ BITS Pillaniত M Tech কৰোঁতে, তাই কৰা কিছুমান ভাল কামৰ পৰিপ্ৰেক্ষিতত আমেৰিকাৰ বিশ্ববিদ্যালয়খনৰ কেইজনমান প্ৰফেছৰে তাইৰ লগত স্কাইপ যোগে এটা সাক্ষাৎকাৰ লৈ, কিছু কথা আলোচনা কৰি পাঁচবছৰৰ বাবে সম্পূৰ্ণ খৰচেৰে সৈতে গবেষণাৰ ছাত্ৰী হিচাপে মনোনীত কৰিলে।
তাৰপিছতো অৱশ্যে ‘ভিছা’ আদি প্ৰক্ৰিয়া হৈ যোৱাৰ পিছত, আমেৰিকাত তাইৰ বাবে থকা ঘৰ আদিৰ যোগাৰ কৰাকে লৈ বিভিন্ন কথাত ই-মেইলযোগে আগতীয়াকৈয়ে সকলোবোৰ গত লগাই ল’বলগীয়া হ’ল। অৱশ্যে কোৱা বাহুল্য যে এই বিষয়ত আমেৰিকানসকলৰে হওক বা সেই বিশ্ববিদ্যালয়খনৰ পুৰণি ছাত্ৰ-ছাত্ৰী সকলৰ বন্ধুত্বপূৰ্ণ ব্যৱহাৰৰ বাবে তাই কোনো সমস্যা অনুভৱ নকৰিলে। লগতে, ইংৰাজী ভাষাটোত খোলোচাকৈ কথা-বতৰা পাতিব পৰাৰ দক্ষতাও বিশেষ সহায়ক হ’ল।
নিৰ্দিষ্ট দিনত তাইক বিদায় দিবলৈ যোৱাৰ সময়ত, বিমান বন্দৰত ট্ৰলীখনত বাকচকেইটা লৈ হাতখন জোকাৰি ভিতৰলৈ সোমাই যোৱাৰ লগে লগে, মোৰ বুকুৰ ভিতৰখনত ‘ঢক’কৈ মাৰিলে। তেতিয়ালৈকে তাইক প্ৰথম স্কুলত নাম লগোৱাকে ধৰি, প্ৰতিটো কথাতে, তাই ক’ত থাকিব, কি কৰিব, কি খাব আদি সকলো কথা মই বা পবিত্ৰাই নিজ চকুৰে চাই নিজৰ মনতে সন্তুষ্ট হৈ লৈছিলোঁ। এই প্ৰথমবাৰৰ বাবে তাই ইমান আঁতৰলৈ গ’লগৈ, যিখন ঠাইৰ বিষয়ে আমি আগতে কেতিয়াও দেখাও নাই বা মন গলেই নিমিষতে গৈ আহিব নোৱাৰোঁ পিছে আজিকালিৰ যোগাযোগৰ যিমানহে সা-সুবিধা হ’ল, তাই আঁতৰলৈ যোৱাৰ পিছতো, সঁচাকৈয়ে আঁতৰত থকা যেন অনুভৱেই নকৰা হলোঁ।
তথাপিও মনে নামানে! তাই আমেৰিকালৈ যোৱাৰ প্ৰায় এবছৰৰ পিছত আমি বাকী পৰিয়ালটো আমেৰিকা ফুৰিবলৈ ওলালোঁ। ‘ভিছা’ আদি হৈ যোৱাৰ পিছত বাকীখিনি তেনেই সহজ। আকাশী জাহাজত বৰ আদৰ-সাদৰকৈ নি আমাক আমেৰিকাৰ চিয়াটেলত নমাই দিলে। ছোৱালীজনী চিয়াটেলৰ পৰাও বিমানেৰে এঘণ্টাৰ আঁতৰৰ ‘স্পকেন’ নামৰ ঠাইত থাকে। তালৈকে আন্তৰ্জাতিক বিমান নেযায়, ঘৰুৱা বিমানহে যায়। আমাৰ ইমিগ্ৰেশ্যেনৰ কামবোৰ সেয়ে চিয়াটেল বিমান বন্দৰতে হ’ল। অলপ দীঘলীয়া শাৰী পাতিবলগীয়া হ’ল যদিও এঘণ্টামানৰ পিছতে ইমিগ্ৰেশ্যন বিষয়াজনে দুই চাৰিটা সাধাৰণ কথা সুধি আমাক যাবলৈ দিলে।
চিয়াটেলৰ পৰা স্পকেনলৈ সৰু বিমান এখনত বহিলোঁ। বিমান বন্দৰত সকলোবোৰ কথা ইমান সুন্দৰকৈ নিৰ্দেশ দিয়া থাকে যে অলপো অসুবিধা নহল। বিমানত বহি থাকোঁতেই দেখিলো, এগৰাকী বেছ হৃষ্টপুষ্ট আদহীয়া মহিলাই ট্ৰেলাৰ জাতীয় গাড়ী এখন চলাই আনি, বিমানখনৰ কিছু ওচৰত ৰখালে। কেইবাটাও প্লাষ্টিকৰ খুটা দি ঠাইডোখৰ বেঢ়ি ল’লে। বিমানৰ বাকচ-পত্ৰ থোৱা অংশটোৰ পৰা কনভয় বেল্টৰ যতন এটা চলাইলৈ ট্ৰেলাৰত থকা গোটেইবোৰ বাকচ অকলেই বিমানৰ কক্ষলৈ পঠিয়াই কামৰ লেঠা মাৰি গ’লগৈ। মই দেখিয়েই তবধ মানিলো! এইটো কামযে মহিলাই কৰিব নোৱাৰে, তেনে নহয়! কিন্তু, সাধাৰণতে পুৰুষৰ এটা দলেহে এই গোটেই কামখিনি কৰা দেখিবলৈ পাওঁ। কিন্তু, এগৰাকী আদহীয়া মহিলাই অকলেই ট্ৰেলাৰ চলোৱা, বেৰিকেড কৰা, লাগেজ ট্ৰেন্সফাৰ কৰা গোটেইবোৰ কাম অকলেই কৰাটোহে মন কৰিবলগীয়া। তদুপৰি বিমানখনতো অকল এগৰাকী বয়সিয়াল মহিলাই অকলেই এয়াৰ হোষ্টেচৰ সমস্ত দায়িত্ব নিয়াৰিকৈ কৰা দেখিলোঁ। পিছতহে গম পাইছোঁ, আমেৰিকাত হেনো বহুত মহিলাই চাকৰিৰ পৰা অৱসৰৰ পিছত বিমান পৰিচাৰিকাৰ চাকৰি কৰি নিজৰ ঠাই ফুৰাৰ চখ পূৰাই লয়।
তাৰাণা(আমাৰ জীয়ৰীৰ নাম)ই আমেৰিকাত থাকিবলৈ আহোঁতেই হলি অলিভাৰ এলমাৰ নামৰ মহিলা এগৰাকীৰ ঘৰৰ ওপৰ মহলাৰ এটা অংশ ভাৰালৈ বন্দৱস্ত কৰি আহিছিল। সেই মহিলা গৰাকীয়েই তাৰাণাক প্ৰথম দিনা বিমান বন্দৰৰ পৰা লৈ আহিছিল। তাৰাণাক আমেৰিকাৰ বহুতো কথা-বতৰাৰ উমান তেঁৱে দিছিল। আনকি, তাৰাণাই নিজাকৈ গাড়ী কিনাৰ আগলৈকে, প্ৰতিদিনে পুৱাতে তেওঁৰ অফিছলৈ যোৱা সময়ত তাৰাণাক বিশ্ববিদ্যালয়ত নমাই থৈ গৈছিল। তেওঁৰ লগত তাৰণাৰ ইমানেই ঘৰুৱা সম্পৰ্ক হলগৈ যে দুবছৰৰ আগতে তেওঁ আহি অসমত মোৰ ভতিজীৰ বিয়া খাই গ’লহি। লগতে পবিত্ৰাৰ গাৱঁৰ ঘৰলৈ গৈ ৰাইজৰ লগত মিলি গৈ খুব স্ফূৰ্তি কৰিলে। আনকি ৰাইজৰ লগত গৈ নামঘৰৰ সন্ধিয়াৰ নামতো বহিল। গাঁৱৰ ৰাইজৰ আতিথ্যত ইমানেই অভিভূত হল যে, তেওঁ হেনো আকৌ এবাৰ অসম ফুৰিবলৈ আহিব।
আমি যাওঁতে স্পকেনত থাকিবৰ বাবে হোটেল আদিৰ খা-খবৰ লোৱা দেখি হলিয়ে তাৰাণাক কলে, “যদি তোমাৰ মা-পাপাই থাকিবলৈ বেয়া নেপায়, মোৰ ঘৰতে থাকিব পাৰিব।” আমি কথাষাৰত আগ্ৰহেৰে সন্মতি জনোৱা বাবে তেওঁ আমাৰ বাবে দুটা কোঠাৰ কাৰ্পেট, পৰ্দা আদি সকলো নতুনকৈ কিনি লগাইছিল।
এই লক-ডাউনৰ মাজতে আমেৰিকাত পাতিবলগীয়া হোৱা তাৰাণাৰ বিয়াত তেৱেঁ আমাৰ হৈ অভিভাৱকৰ কামবোৰ কৰিলে। অকল নিয়মবোৰহে যে কৰিছে, তেনে নহয়; তাৰ বাবে ভাৰতীয় পৰম্পৰাৰ লগত খাপখোৱা সাজ-পোছাকৰ ব্যৱস্থা কৰিছিল এই মহিলাগৰাকীয়ে। মগাই আনি পিন্ধিছিল। এতিয়া তাৰাণা গুচি গলে, “ঘৰৰ মানুহ এজনী যোৱাৰ দৰে দুখ লাগিব” বুলি কৈ মাজে মাজে বেজাৰহে কৰে।
আমেৰিকাত চৰকাৰী কৰ্মচাৰীসকলৰ যদিও কিছু চৰকাৰী ধৰণৰ ভেম এটা আছে, তথাপিও প্ৰয়োজনত সহায় কৰিবলৈ পিছ নোহোঁহকে। তাৰাণাই প্ৰথম দিনা চৰকাৰী বাছত উঠি ঘৰলৈ আহিবৰ সময়ত, বাছৰ ড্ৰাইভাৰ(আমেৰিকাত এক বৃহৎ সংখ্যক বাছৰ ড্ৰাইভাৰ মহিলাহে)ক বাছৰ পথটোৰ সম্পৰ্কে সোধোঁতে, ড্ৰাইভাৰ গৰাকীয়ে বুজাই দিয়াৰ উপৰি, ‘সেইটো পথত প্ৰথম যাত্ৰা’ বুলি সেইদিনাৰ বাছৰ ভাৰাও ৰেহাই দিলে। বাছৰ ড্ৰাইভাৰেই কণ্ডাক্টৰৰো কাম কৰে। তদুপৰি আমি যাওঁতে দেখিলোঁ, নামিবৰ সময়ত সকলো যাত্ৰীকে হাঁহিমুখে “বাই, গুড ডে’ বুলি কৈহে বিদায় দিয়ে।
আমি স্পকেনত থকা কেইদিনত ৰাস্তাত খোজকঢ়াৰ কিছুমান নিয়ম শিকি ল’বলগীয়া হৈছিল। ব্যস্ত পথবোৰত ৰাস্তা পাৰ হ’বলৈ হলে, জেব্ৰা ক্ৰচিঙত এটা খুটাত থকা চুইচ এটা টিপি ৰৈ থাকিব লাগে। এটা নিৰ্দিষ্ট সময়ত, তেতিয়াহে ৰাস্তা পাৰ হ’ব পৰা সংকেতৰ লাইট জ্বলে। তেনে ব্যৱস্থা নথকা ক্ৰচিংবোৰত গাড়ীবোৰে পদাচাৰীক প্ৰথম পাৰ হৈ যাবলৈ দি ৰৈ দিয়ে। ৰাস্তাই ঘাটে খোজকঢ়া অচিনাকি মানুহবোৰেও ‘গুড মৰ্নিং, গুড আফটাৰনুন’ জাতীয় সম্ভাষণ জনাইহে পাৰ হৈ যায়। প্ৰথমে আমি কথাবোৰ আচহুৱা পাইছিলোঁ যদিও পিছলৈ সহজ হলোঁগৈ। এদিন পবিত্ৰাই ময়ে পুৱা খোজকাঢ়োঁতে অচিনাকি মহিলা এগৰাকী পিছৰ পৰা খৰকৈ আহি আছিল। আমাৰ ওচৰ পাই আমাৰ লগত দুই এষাৰ সৌজন্য সুলভ কথা পাতি আমাক ক’লে, “মোৰ অলপ জৰুৰী কামৰ বাবে মই আগবাঢ়োঁ দেই!” আমি তেতিয়াহে গম ধৰিব পাৰিলোঁ যে তেওঁ আমাক আওকাণ কৰি পাৰ হৈ গ’লে আমি মনতে বেয়া পাব পাৰোঁ বুলি তেওঁ আমাক মাত লগাই গৈছে। হলিয়ে ঘৰতে আমাক দিয়া এটা অভ্যৰ্থনা অনুষ্ঠানত এই কথাটো কওঁতে, তাত থকা আমেৰিকান কেইগৰাকীয়ে কলে, “এইটো নিতান্তই কৰণীয়! কিন্তু আজিকালি ডাঙৰ চহৰবোৰত এই ভাল কথাবোৰ প্ৰায় লোপ পাইছে।”
স্কুললৈ ল’ৰা-ছোৱালী যোৱাৰ সময়ত বাটে-ঘাটে কিছুমান বয়সিয়াল মহিলাই হাতত পতাকা লৈ ৰাস্তাৰ গাড়ী মটৰ ৰখাই, সৰু ল’ৰা-ছোৱালীবোৰ সুকলমে ৰাস্তা পাৰ হোৱাত স্বেচ্ছাসেৱকৰ কাম কৰে। গাড়ী মটৰবোৰে হৰ্ণ নবজায়। কোনোবাই গাড়ী চলোৱাত ভুল কৰিলে পিছৰ গাড়ীখনে এবাৰ হৰ্ণ বজাই সংকেত দিয়ে।
কিছুমান লোকৰ ঘৰৰ সন্মুখত একো একোটা সৰু কিতাপৰ আলমাৰি থাকে। যাৰেই মন যায় তাৰপৰা কিতাপ নি পঢ়িবগৈ পাৰে। যিমানখন কিতাপ পঢ়িবলৈ নিব, তেওঁ নিজৰ ওচৰত থকা সিমানখন অইন কিতাপ তাত থৈ যোৱাৰ নিয়ম। আলমাৰিটোত কোনো তলা-চাবিৰ ব্যৱস্থা নাই। সেইবোৰ তদাৰক কৰাৰো কোনো মানুহ নাই। সকলোৱে এইবোৰ ৰাজহুৱা নিয়ম বুলি পালন কৰে।
প্ৰায়বোৰ লোকৰ ঘৰতে পোহনীয়া জন্তু আছে। এই কুকুৰ মেকুৰীবোৰেও বৰ জ্ঞানীৰ দৰে আচৰণ কৰে। কাৰোবাৰ এনে পোহনীয়া কুকুৰে ৰাজহুৱা স্থানত মলত্যাগ কৰিলে মালিকে নিজে পৰিষ্কাৰ কৰি ডাষ্টবিনত পেলোৱাটো নিয়ম। আন পেলনীয়া বস্তুবোৰো সকলোৱে ডাষ্টবিনতহে পেলায়।
তাৰাণাই আমাক বিশ্ববিদ্যালয়খন দেখুৱাবলৈ লৈ গৈছিল। তাৰাণাৰ গাইডজনৰ নাম অধ্যাপক জন ক্লাৰ্ক। আমেৰিকাত সকলোৱে ইজনে সিজনক নাম কাঢ়ি মতাহে নিয়ম। ‘ছাৰ’ আদি সম্বোধন কোনেও নকৰে, বা ‘ছাৰ’ নোকোৱা বাবে কোনেও মনত অসন্তোষ নকৰে। জনৰ ঘৰলৈ তাৰপিছদিনা আমাক নিশাৰ আহাৰ খাবলৈ নিমন্ত্ৰণ কৰিছিল। আমি বিশ্ববিদ্যালয়ত সোমাই ইফালে সিফালে চাই থাকোঁতে জনক সৰু হাতঠেলা এখনত গেছৰ চিলিণ্ডাৰ এটা লৈ আহি থকা দেখিলোঁ। আমাৰ লগত চিনাকি হৈ দুষাৰমান কথা পাতি পিছদিনা নিশাৰ আহাৰৰ সময়ত ঘৰত লগ পোৱাৰ আশা কৰি জন গ’লগৈ। মই তাৰাণাক সুধিলোঁ, “জনে অধ্যাপক মানুহ হৈ নিজে কিয় চিলিণ্ডাৰ কঢ়িয়াই ফুৰিছে!”
তাৰাণাই কলে, “এতিয়া জনে কাম কৰি থাকোঁতে বোধহয় চিলিণ্ডাৰ শেষ হ’ল, সেয়ে জনে নিছে। মোৰ হাতত শেষ হোৱা হলে, মই নিলোঁহেতেন।”
মই তেতিয়াই বুজিলোঁ, তেওঁলোকে জীৱনটো অতি সাধাৰণ সিদ্ধান্তৰে সৈতে পালন কৰি আহে, সেয়ে তেওঁলোকৰ কিছুমান অশান্তি নেথাকে। বিশ্ববিদ্যালয়ৰ অধ্যাপকে লেবৰেটৰীৰ চিলিণ্ডাৰ কঢ়িয়াই অনাটোত কোনো লাজ পাবলগীয়া বা সন্মান হানিকৰ কথা বুলিও নেভাবে।
তাৰাণাই আমাক কেণ্টিনত কফি খুৱাবলৈ লৈ গ’ল। দুজনী ছাত্ৰীয়ে সেই সময়ত কেণ্টিন চলাই আছে। পইচা লোৱাৰে পৰা খোৱাবস্তু ট্ৰেত সজাই দিয়ালৈকে, সকলোখিনি কাম, সেই ছোৱালী দুজনীয়ে কৰিছে। তাৰাণাৰ লগত কোনো চিনাকি নাই যদিও তাৰাণাৰ আইডেণ্টিটি কাৰ্ডৰ পৰা চিনি পাই কথা পাতিলে। আমি তাৰাণাৰ মা-দেউতা কাৰণে আমাক কাউণ্টাৰৰ পৰাই হাত জোকাৰি ‘হেল্ল’ ক’লে।
আমি কফি খাই থাকোঁতে এগৰাকী দেখাত গহীন গপচ ধৰণৰ বয়সিয়াল ভদ্ৰমহিলা কেণ্টিনলৈ কফি খাবলৈ আহিল। আমাক দেখি নিজে উপযাচি আহি তাৰাণাৰ লগত কথা পাতি সুধিলে, “তোমাৰ মা-দেউতা আহিবলগীয়া আছিল যে আহিল, এইয়া নহয় জানো?”
আমাৰ লগত নামটো কৈ চিনাকি হৈ কৰমৰ্দন কৰি তেখেতে কাউণ্টাৰলৈ গৈ কফি ল’লেগৈ। মই তাৰাণাক “তেখেতনো কোন আৰু আমি তোৰ মা-দেউতা ইয়ালৈ আহিম বুলি তেওঁ কেনেকৈ জানিলে”, সুধিলোঁ। তাৰাণাই দিয়া উত্তৰত মই বিস্ময় মানিলোঁ। তেখেত হেনো বিশ্ববিদ্যালয়ৰ ৰেজিষ্ট্ৰাৰ! ‘আমি যাম’ বুলি তাৰাণাই ছুটী বিচাৰি দৰ্খাস্ত দিছিল। ৰেজিষ্ট্ৰাৰ গৰাকীয়েই তাৰাণাৰ পোন্ধৰদিনৰ ছুটী মঞ্জুৰ কৰিছিল। গতিকে তেখেতে কথাষাৰ সবিশেষকৈ জানে।
একেদিনাই মোৰ বহুত অভিজ্ঞতা আৰু শিক্ষা হ’ল। অৱশ্যে, মই তেতিয়াই ভাবিছোঁ যে আমেৰিকান সকলৰ দৰে সুসভ্য জাতি এটাই এইদৰেই ইমান সহজ সৰল সিদ্ধান্তৰে নিজকে সুখী কৰি ৰাখিব পাৰিছে। অথচ এইবোৰ কথা আমাৰ ভাৰতবৰ্ষৰ দৰে দেশত অতি বিৰল৷
আমেৰিকাত আমি গাড়ী এখন ভাৰাত লৈ প্ৰায় কুৰি দিনৰ বাবে ফুৰিবলৈ ওলাইছিলোঁ। আমি আমেৰিকালৈ গৈ পোৱাৰ পিছদিনাহে তাৰাণাৰ ড্ৰাইভিং লাইচেঞ্চখন আহি পাইছিল। আমেৰিকাত ড্ৰাইভিং লাইচেঞ্চ পোৱাটো বেছ জটিল প্ৰক্ৰিয়া। অৱশ্যে মই ভাৰতৰ পৰা ‘আন্তৰ্জাতিক ড্ৰাইভিং পাৰ্মিট’ উলিয়াই নিছিলোঁ। আমেৰিকাত আমি লোৱা ভাৰাৰ গাড়ীখন আমি নিজে চলাব লাগিব। কোনো সুকীয়াকৈ ড্ৰাইভাৰ নেথাকে। মই সচৰাচৰ হাইৱেবোৰত কিছু চলাওঁ, বাকী জনসমাগমৰ মাজত বা নগৰ-চহৰবোৰত তাৰাণাই চলায়। তাৰ গাড়ীবোৰ চলোৱাৰ নিয়ম ওলোটা বাবে মই বেছি ভিৰত অলপ সমস্যা পাওঁ। তাৰ ৰাস্তাবোৰৰ চাৰিআলিবোৰত এটা ৰঙাৰঙৰ চাৰিচুকীয়া চিন দিয়া থাকে। সেই চিনটো দেখিলে গাড়ীখন ৰখোৱাটো বাধ্যতামূলক। মই এদিন গাড়ীত গেছ ভৰাবলৈ (তাত পেট্ৰলৰ সলনি গেছলিন ব্যৱহাৰ কৰে। গতিকে গেছ বুলিহে কয়। ) যাওঁতে, ৰাস্তা উদং দেখি গাড়ীখন নৰখোৱাকৈ পাৰ কৰি নিলোঁ। তাকে দেখি পিছে পিছে আহি থকা পুলিচৰ গাড়ী এখনে ওপৰৰ চিগনেল লাইটবোৰ জ্বলাই সংকেত দিলে। মই পিছলৈ চোৱা গ্লাছত দেখি, গাড়ীখন সোঁফালে পাৰ্ক কৰি, ড্ৰাইভিঙৰ ফালৰ খিৰিকিৰ কাঁচখন নমাই ৰৈ দিলোঁ। তাত পুলিচে সংকেত দিলে, তেনেকৈ ৰৈ গাড়ীতে বহি থকাটোহে নিয়ম। ইংলিছ চিনেমাত দেখাৰ দৰে স্মাৰ্ট পুলিচ এজন আহি মোক প্ৰথমেই “গুডমৰ্নিং” বুলি কৈ, মই কি ভুল কৰিলোঁ, সেইটো ক’লে। মই চিগনেল নমনা কথাটো স্বীকাৰ কৰি লোৱাত, তেওঁ মোৰ ড্ৰাইভিং পাৰ্মিটৰ কাগজখন নি নিজৰ গাড়ীখনলৈ গৈ কিবা কৰি আনি মোক ঘূৰাই দিলেহি। তাৰপিছত মই কেনি যাম সুধি, ওচৰতে থকা গেছ ষ্টেশ্যন এটাৰ বিষয়ে, কেনেকৈ গ’লে পাম বুজাই দি, শেষত “হেভ এ গুড ডে” বুলি কৈ বিদায় দিলে। আমাৰ ইয়াৰ দৰে “দুশ টকা দিয়া” ধৰণৰ কোনো কথাই নাই।
আমেৰিকাৰে টেক’মা নামে ঠাইত, হিব্বেন উপাধিৰ তাৰাণাৰ বান্ধৱী এগৰাকীৰ ঘৰলৈ আমাক এদিন থকাকৈ নিমন্ত্ৰণ কৰিলে। প্ৰথমে আমি চাৰিটাকৈ মানুহ আলহী হ’বলৈ অসুবিধা হব বুলি ভাবি নেযাওঁ নথওঁ বুলি নিজৰ মাজতে গুণা-গঁথা কৰিছিলোঁ। তাকে বোধহয় তেওঁলোকে অনুমান কৰি, বান্ধৱীজনীৰ মাকে তাৰাণাৰ পৰা পবিত্ৰাৰ ফোন নম্বৰ লৈ “আপোনালোক আহিলে অতি আনন্দিত হ’ম” বুলি মেছেজ কৰিলে। আমি তেওঁলোকৰ ঘৰলৈ থকাকৈ গ’লোঁ। এঘৰ আমেৰিকানৰ আতিথ্য কেনেকুৱা হয়, সেইটো ভালকৈয়ে অনুভৱ কৰিলোঁ। এটা কথাত মই নিজেও আচৰিত হলোঁ যে ‘কথা দি কথা ৰখা’ তেওঁলোকে বৰ মানি চলে। মই বান্ধৱীগৰাকীৰ দেউতাক, মিঃ হিব্বেনক তেওঁলোকৰ ঘৰৰ পৰা দেখা সাগৰৰ ক্ৰীক এটালৈ কেনি যাব পৰি সুধিছিলোঁ। তেওঁ মোক পিছদিনা তালৈ লৈ যাম বুলি ক’লে। সেই হিচাপেই পিছদিনা পুৱাতে তেওঁ তালৈ যাবলৈ সাজু হৈ আমাক সেইটো দেখুৱাইহে আজৰি হ’ল।
একেদৰেই মই আমেৰিকাৰ ঘৰবোৰ কাঠৰ খুটা বা বেৰবোৰ কাঠেৰে কেনেকৈ নিৰ্মাণ কৰে সোধাত মিঃ হিব্বেনে আমাক সাজি থকা ঘৰ এটালৈ নি কথাবোৰ তন্ন-তন্নকৈ বুজাই দিলে। আমেৰিকাত পশ্চিম আৰু মাজভাগত কাঠৰ ঘৰহে বেছি। অবশ্যে, পূবৰ ফালে আমি যোৱা নহ’ল।
আমি ফুৰিবলৈ গৈ থকা অৱস্থাত চান-ফ্ৰাঞ্চিস্কোৰ ওচৰৰ ছান হ’জে (San Jose) নামৰ ঠাইত এটা Air bnbত আছিলোঁ। Air bnb ধাৰণাটো আমেৰিকাত বেছ জনপ্ৰিয়। আজিকালি অসমতো হৈছে। সেই Air bnbটোৰ গৃহস্থ জনৰ নাম জোচেফ। প্ৰায় ষাঠি বছৰীয়া জোচেফ বৰ ৰঙিয়াল মানুহ। পৰিবাৰৰ নাম লিলি। অতি সোনকালেই জোচেফ আৰু মোৰ আড্ডা জমি উঠিল। জোচেফৰ লগত মোৰ শৈশৱৰ বহুত মিল দেখিলোঁ। কথাই কথাই মই আমাৰ সৰুকালৰ কেটেপাৰ কথা ‘কেটাৰপল্ট’ বুলি কলোঁ। জোচেফে মোক শুধৰাই দিলে যে, কেটাৰপল্ট প্ৰাচীন কালৰ যুদ্ধবোৰত, প্ৰকাণ্ড প্ৰকাণ্ড গোলাবোৰ দলিয়াই শত্ৰুৰ বেহুভেদ কৰিবলৈ ব্যৱহাৰ হোৱা ডাঙৰ অস্ত্ৰবিধক হে কয়। আমাৰ কেটেপা খনক ‘চিলিং’ বুলিহে কয়। এইবুলি কৈয়েই তেওঁ দ্ৰয়াৰ খুলি কেটেপা এপাত উলিয়াই দেখুৱালে। মই দেখিয়ে চাহাবেও কেটেপা মৰা বুলি জানি বিচূৰ্তি খালোঁ।
আমেৰিকাত আমি পোৱা এই মধুৰ অনুভৱবোৰৰ কথা কৈ থাকিবলৈ হ’লে সতকাই অন্তই নপৰিবগৈ। তথাপিও আকৌ কেতিয়াবা, কিবাকিবি দুটামান কথা মনত পৰিলে, আপোনালোকক কৈ শুনাম।