অক্সিজেনৰ ৰাজনীতিৰ মাজতে ভাললগা কথা
লেখক- আৰমান হাজৰিকা
শোনিতলৈ ফোন কৰিছিলোঁ। গতানুগতিক ধৰণেই সুধিলোঁ, “ঘৰত আছনে, নে ডেকা ল’ৰাটোৰ নিচিনাকৈ বনবনাই ফুৰিছ?”
সি বৰ ভাগৰুৱা ধৰণে ক’লে, “ক’ দোস্ত! ঘৰ পোৱাগৈয়ে নাই। এইমাত্ৰ মেডিকেল কলেজৰ পৰা আহি অফিছ পাইছোঁহি। আধাঘণ্টা মানৰ পিছতহে ঘৰলৈ যাম।”
তাৰ ভাগৰুৱা ধৰণৰ মাতটো আৰু ‘মেডিকেল কলেজ’ কথাষাৰ শুনিয়ে মই কিছু উদ্বিগ্নতাৰে সুধিলোঁ, “অসমততো এতিয়া নিশা বহুত হ’ল! এই কভিডৰ দিনত তইযে ইমান নিশালৈকে মেডিকেল, অফিচ গোটেইবোৰ ঘূৰি ফুৰিছ, ঘৰত চবৰে গা-চা ভালে আছেতো?”
সি তাৰ ব’মভোলা ধৰণৰ হাঁহিটো মাৰি ক’লে, “দোষ্ট, আমি তিনিওটা ভালেই আছোঁ। আনসকলো যাতে ভালে থাকিব পাৰে, তাৰ কাৰণেহে আমাৰ নিচিনা সৰু মানুহবোৰে যি কৰিব পাৰোঁ, সেইবোৰ কামতহে লাগি আছিলোঁ।”
শোনিতৰ লগত মোৰ বন্ধুত্ব কলেজীয়া দিনৰে। তাতোতকৈও ডাঙৰ কথা, তাৰ দেউতাক আৰু আমাৰ আব্বা দুয়ো অভিন্ন বন্ধু আছিল। কলেজত পঢ়ি থকা দিনৰে পৰা প্ৰেম কৰি থকা মামুনৰ লগতে বিয়া পাতি সংসাৰ আৰম্ভ কৰা শোনিত আৰু মামুনৰ সংসাৰত এজনীয়ে জীয়ৰী। নাম তাইৰ মাৰ্চী। অতিশয় স্পষ্টবাদী, তীক্ষ্ণ বুদ্ধিসম্পন্ন মেধাৱী ছাত্ৰী। যোৱা দুবছৰ দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ আৰু এম-ফিল কৰি থকা অৱস্থাত মাৰ্চী বহুবাৰ সংবাদৰ শিৰোনামলৈ আহিছিল। বৰ্তমান জৱাহৰলাল বিশ্ববিদ্যালয়ত Ph D কৰি থকা মাৰ্চীয়ে দেশৰ সাম্প্ৰতিক প্ৰতিটো পৰিস্থিতিকেই অতি বিজ্ঞানসন্মতভাবে বিশ্লেষণ কৰিব পৰা যি ক্ষমতা ধৰি ৰাখিছে, সেই বিষয়ে সন্মানীয় জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ঐতিহ্যৰ লগত পৰিচিত প্ৰতিজন ব্যক্তিয়েই ভালকৈয়ে জানে। তেনে এজনী জীয়েকৰ দেউতাক শোনিতকো তাৰ ‘মাটি আৰু মাটিৰ মানুহ’ৰ সৈতে থকা আন্তৰিকতাৰ বাবেই মই ভালকৈয়ে জানো। সেইকাৰণে সদায়েই দি থকা ধৰণে দম এটা দি, “ইমান নিশাখন কিনো হাঁতীটো কৰিছিলিগৈ” বুলি সুধিলোঁ। পিছে যিখিনি গম পালোঁ মোৰ মনটো ভাল লাগি গ’ল। কথাখিনি আপোনালোকৰ লগত ভাগ-বটোৱাৰা কৰিবৰ মন গ’ল। বৰ্তমান দেশত কভিডৰ লগতে ৰোগীৰ বাবে প্ৰয়োজনীয় অক্সিজেনৰ যি নাটনি ঘটিছে তাকে লৈ দেশৰ প্ৰতিখন হস্পিতালৰ অজস্ৰ ৰোগীয়ে জ্বালাতন ভুগিছে। তাকে লৈ দেশৰ সংবাদ মাধ্যমত প্ৰতিদিনেই গৰম আলোচনা। লগতে ৰাজনীতিৰ পথাৰত বোকা চটিওৱাৰ খেল, এইবোৰে দেশক আৰু দেশৰ মানুহক ভাল পোৱা, আমাৰ দৰে প্ৰতিজন মানুহৰ অন্তৰত গভীৰ দুখ দিছে। পিছে শোনিতৰ দৰে কিছুমান নীৰৱ কৰ্মীয়ে আমাৰ নিজৰ অসমৰ মানুহক সকাহ দিবৰ বাবে দিনে-নিশাই পৰিশ্ৰম কৰাত ব্যস্ত। বৰ্তমান সময়ত দেশৰ মেডিকেল হস্পিতালৰ ৰোগী সকলক প্ৰয়োজনীয় অক্সিজেনৰ যোগান দিব পৰাকৈ জাৰ্মানীৰ পৰা KEASER KOMRESSOREN নামৰ কোম্পানীৰ পৰা আঠখন বিভিন্ন হস্পিতালৰ বাবে দুটাকৈ কম্প্ৰেছৰ মেচিন কিনি আনিছে। এই মেচিন দুটা ৩৭kw ইলেক্ট্ৰিকেল মটৰেৰে অহৰ্নিশে চলি থাকিব পাৰিব। মেচিনটোৰ পৰা ৮.৫ bar প্ৰেচাৰত আক্সিজেন উৎপাদন হব। উৎপাদিত অক্সিজেন চিলিণ্ডাৰত সংৰক্ষণ কৰি স্থায়ীকৈ লগাই থোৱা পাইপেৰে প্ৰতিজন ৰোগীক বিছনাতে অক্সিজেন দিব পৰা যাব। প্ৰয়োজন অনুসৰি এটা মেচিন বন্ধ কৰি আনটো মেচিন চলাই কোনো বিঘিনি নোহোৱাকৈ ৰোগীক চৌবিশ ঘণ্টাই অক্সিজেন দি থাকিব পাৰিব। যোৰহাট মেডিকেল কলেজৰ ৰোগীয়ে এই বিপদৰ সময়ত অক্সিজেনৰ অভাৱ অনুভব কৰিব নলগাকৈ এই মেচিনটো স্থাপনৰ বাবে অসম চৰকাৰৰ বিদ্যুত বিভাগৰ সহকাৰী কাৰ্য্যবাহী অভিযন্তা শোনিত আৰু কাৰ্য্যবাহী অভিযন্তা মনোজ কুমাৰ বৰদলৈৰ তত্ত্বাৱধানত দিনে-নিশাই পৰিশ্ৰম কৰি অতি কম সময়ৰ ভিতৰতে আজি সন্ধিয়া মেচিন দুটা সচল কৰি থৈ আহিছে। যি সময়ত সমগ্ৰ দেশতে ৰোগীৰ প্ৰয়োজনীয় অক্সিজেনৰ বাবে ৰাজনীতি হৈছে, সেই সময়তে মোৰ বন্ধুৰ একাণপতীয়া চেষ্টাৰ সফল ৰূপায়ণৰ বাবে গৰ্ব অনুভব কৰিছোঁ।
শোনিতক মোৰ ফালৰ পৰাই কলোঁ, “যা, সোনকালে ঘৰলৈ যাগৈ। মামুনেও বাট চাই আছে চাগৈ। মামুনৰ হাতেৰে চাহ একাপ খালেহে এতিয়া তোৰ ভাগৰটো মৰিব!”