চুমিলা, দ্বীপশিখাহঁত আৰু মম জ্বলাই প্ৰতিবাদ কৰা আমিবোৰ

লেখক- গায়ত্ৰী প্ৰান্তিক শৰ্মা

যান্ত্ৰিকতাৰে ভৰপূৰ এখন পৃথিৱী। ক্ৰমাৎ অচিনাকি হৈ অহা আৰু বাধ্যবাধকতাত পৰি আমি খাপ খাবলৈ আৰম্ভ কৰা সময়বোৰ। ৰাজনীতি, কূটনীতি, অৰ্থনীতি, সমাজ ব্যৱস্থা, প্ৰযুক্তিবিদ্যাৰ গভীৰৰপৰা গভীৰতম সূত্ৰবোৰৰ বাস্তৱভিত্তিক ক্ষেত্ৰখনে দিনে দিনে সলনি কৰি লৈ গৈ আছে পৃথিৱীখন। সময়ে যেন ধাপলি মেলি দৌৰিছে অনাদি অনন্তৰ দিশে। কেইদিনমান আগলৈকে মাত্ৰ আলোচনাৰ এটা মাত্ৰ বিষয় হৈ থকা বিশ্বায়নৰ বিষয়বোৰ সূক্ষ্ম হৈ পৰিল। এটা মাত্ৰ আঙুলিৰ টিপাত সমগ্ৰ পৃথিৱীখন জিলিকি উঠে ম’বাইলৰ স্ক্ৰীণখনত। কিছু সংখ্যক মানুহে আঙুলিৰ টিপাটোৰ ধনাত্মক দিশবোৰ ল’লে। আন কিছুমানৰ বৰঞ্চ মানসিক স্খলন হ’বলৈহে ধৰিলে। অতিমাৰী ক’ভিডৰ মাজত শ শ মানুহ য’ত মৰি আধ্যা পৰিছে তেনেকুৱা অৱস্থাতো অসমত দুটাকৈ এনেকুৱা ঘটনা সংঘটিত হ’ল, যি ঘটনাই আচলতে আমাক মানুহ বুলি চিনাকি দিবলৈ লাজ লগা এটা পৰিস্থিতিৰ সৃষ্টি কৰিলে। হয়, ঠিকেই অনুমান কৰিছে। চুমিলা ৰংহাংপি আৰু দিপশিখাৰ ধৰ্ষণৰ ঘটনা।

এই একবিংশ শতিকাত আচলতে ধৰ্ষণৰ শাস্তি হ’ব লাগে বুলি লিখিবলগীয়া কথাটোৱেই দুৰ্ভাগ্যজনক। বিশেষকৈ ভাৰতত। যি দেশত বিশ্বাস কৰা হয় মাতৃ দেব’ ভৱ’। যি দেশত কৰা হয় মাতৃৰ পূজা। দুৰ্গা, সৰস্বতী, লক্ষ্মীৰ আৰাধনা কৰা এই দেশত কেৱল ভগৱানকহে মাতৃ বুলি বিশ্বাস কৰা হয় নেকি?

দিল্লীৰ চলন্ত বাছত নিৰ্ভয়াৰ ধৰ্ষণৰ দোষীকেইজনক কৰায়ত্ত কৰাৰ পিছত কিমানজনে প্ৰকৃতাৰ্থত এনে শাস্তি পালে? প্ৰিয়ংকা ৰেড্ডীক গণধৰ্ষণ কৰি জ্বলাই দিয়াৰ পিছত সেই চাৰি পাষণ্ডক পুলিচ এনকাউণ্টাৰ কৰি মৰাৰ পিছতো কিয় প্ৰতিদিনে ঘটিয়েই আছে এনে ঘটনা? কেনেকৈ ধৰ্ষণ হ’বলৈ পায় অৰ্ণমাই বৰাৰ দৰে মাতৃৰ বয়সৰ মানুহৰ। প্ৰশ্ন হয় এই অপৰাধী আচলতে কিমানজনে শাস্তি পাইছে?

আমি কেৱল জানো সংবাদ মাধ্যমত প্ৰচাৰ হোৱা ধৰ্ষণৰ বিষয়ে। কিন্তু প্ৰচাৰ নোহোৱাকৈ, কাৰো চকুত নপৰাকৈ নিতৌ সংঘটিত হৈয়েই আছে এনে দুষ্কাৰ্য। ২০১৮ চনৰ NRCB r ক্ৰাইম গণনা মতে অসমত ধৰ্ষণৰ সংখ্যা প্ৰতি এক লাখ মহিলাৰ মাজত ১৬৬ (এয়া কেৱল লিখিত)। বাকী আমাৰ জ্ঞাতে অজ্ঞাতে প্ৰতিদিনে আমাৰ চৌপাশে ঘটিয়েই আছে এনে ঘটনা।

ধৰ্ষণ জানো কেৱল এটা আইনী সমস্যা? এয়াতো এক সামাজিক ব্যাধি। মানি লৈছোঁ ধৰ্ষণৰ শাস্তি যিমান হ’ব লাগিছিল নাইহোৱা কিন্তু হোৱাবোৰৰ পৰাও কোনো ধৰণৰ ভয় বা শিক্ষা এই ধৰ্ষণকাৰী বোৰে লোৱা নাই কিয়?

কি আচলতে ইয়াৰ কাৰণ? ক’ত কাৰ দোষ? এই মুহূৰ্তত মোৰ মনলৈ অহা প্ৰথম কথাটো হৈছে পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থা ইয়াৰ কাৰণ হ’ব পাৰে নেকি? য’ত পুৰুষৰ ইচ্ছাক প্ৰধান বুলি মানি চলা হয়। মই ইয়াত মাত্ৰ সেইসকল পুৰুষৰ কথা ক’বলৈ বিচাৰিছোঁ যাৰ ইচ্ছাৰ আগত নাৰীৰ ইচ্ছা গৌণ। ভাৰতীয় সংবিধানে নাৰীক পুৰুষৰ সম মৰ্যাদা দিলেও পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ ধ্বজাবাহক আমিবোৰ এতিয়াও জীয়াই আছো। য’ত আমাক এগৰাকী অকণমানি কিশোৰীয়ে অমুক মানুহজনে মোক ধৰ্ষণ কৰিলে বুলি ক’লে প্ৰথমতেই কওঁ “মনে মনে থাক কোনোবাই শুনিব। এইবোৰ বেয়া কথা।”

তদুপৰি আইনে কাৰোবাক দোষী বুলি কৰায়ত্ত কৰাৰ পিছতো আইনৰ মেৰপেচৰ পৰা ওলাই আহিবলৈ আমাৰ হাজাৰটা উপায়। ধৰ্ষিতাৰ ঘৰৰ মানুহে ধৰ্ষণ কৰাজনৰ সৈতে মিলা মিছা কৰোৱাই কেচ ওভোটাই লোৱাৰ দৰে ঘটনাও বিৰল নহয়।

উল্লেখযোগ্য যে ধৰ্ষণৰ ঘটনা এটা হৈ যোৱাৰ পিছত সামাজিক মাধ্যমত প্ৰতিবাদ কৰাসকলৰ শাৰীত কিন্তু আমি কেৱল মহিলাকে নেদেখোঁ। হাজাৰ হাজাৰ পুৰুষ ওলাই আহে ঘটনাবোৰৰ প্ৰতিবাদ কৰিবলৈ। ইয়াৰ পৰা এয়া স্পষ্টকৈ বুজা যায় প্ৰত্যেক পুৰুষ এই সমাজ ব্যৱস্থাৰ অংশ নহয় কিন্তু ধৰ্ষণ নিৰ্মূলত প্ৰত্যেক পুৰুষে নিশ্চয়কৈ অংশগ্ৰহণ কৰিব পাৰে।

সততে দেখিবলৈ পাওঁ এচামে ক’বলৈ চেষ্টা কৰে যে মহিলাৰ সাজ পাৰ এই ধৰ্ষণৰ মূল কাৰণ। সঁচাকৈয়ে নে? তেনে হোৱা হ’লে অৰ্ণমাই বৰাৰ দৰে মহিলাৰ ধৰ্ষণ জানো হ’লহেতেন? হ’লহেঁতেন নে ধৰ্ষণ লক্ষ্ণৌত চাৰি মহীয়া শিশুটিৰ?

প্ৰতিদিনে বৰ বৰ হৰফেৰে বাতৰি কাকতৰ পৃষ্ঠাত প্ৰকাশ পায়েই আছে ধৰ্ষণৰ ঘটনা। বহুতৰে বাবে এইবোৰ গৰম খবৰ, কিছুমানৰ বাবে মাথোঁ খবৰ আৰু আন কিছুমানৰ বাবে সেইয়া একোৱেই নহয়। ভাৰতলৈ নগৈ যদি আমি অসমতে চাওঁ নানা জাতি-উপজাতিৰে, ভাষা সংস্কৃতিৰে ভৰি থকা আমাৰ অসমখনৰ মানুহবোৰ ধাৱমান হ’ব লাগিছিল কোনদিশে আৰু হৈছোঁ আমি কোনদিশে? ক’ৰবাত যেন এক ডাঙৰ কেৰোণ থাকি গৈছে।

হেশ্বটেগৰ এটা ট্ৰেণ্ড চলিছে ‘We Want Justice’। আমাক বিচাৰ লাগে। আমি বিচাৰিছোঁ মানুহৰূপী পিশাচকেইটাৰ প্ৰত্যেকটোৰেই শাস্তি হওক আৰু সেই শাস্তি দৃষ্টান্তমূলক হওক। কিন্তু আমি অকল সেইয়াই বিচাৰিয়েই সদায় ৰৈ যামনে! প্ৰশ্ন উঠে! সামাজিক মাধ্যমত মানুহৰ ক্ষোভৰ বৰ্হিপ্ৰকাশ ঘটে, ‘ফাঁচী দিব লাগে, গুলী মাৰি মাৰিব লাগে ইত্যাদিবোৰ। ’ আমি গালি পাৰোঁ, চিঞৰো। কিন্তু কম জানো হৈছে এনে ঘটনা! দুদিনৰ পাছতে আন এখন ঠাইত একেই কাণ্ডৰ পুনৰাবৃত্তি। পুনৰ কেইদিনমানলৈ চলে আমাৰ হেশ্বটেগৰ ট্ৰেণ্ড।

আমি ৰৈ আছোঁ এক আশা লৈ এদিন এই ধৰ্ষণকাৰীবোৰে শাস্তি পাব। কিন্তু কেৱল আশাই জানো শেষ কথা? আপুনি ভাৱে নে শাস্তি পাব বুলি? কিয় এই দোষীয়ে শাস্তি পোৱা প্ৰক্ৰিয়াটো আগনাবাঢ়ে? এই কিয়ৰ উত্তৰ হয়তো আপোনাৰ ওচৰত নাই আৰু মোৰ ওচৰতো। কেতিয়াবা এনেকুৱা লাগে বৰ্তমান সময়ত আমি কেৱল হত্যা ধৰ্ষণ ইত্যাদি ঘটনাবোৰৰ প্ৰতিবাদ কৰিবলৈহে যেন জীয়াই আছো। এটাৰ পিছত এটা ঘটনা। কঁপি উঠোঁ আমি। আশা কৰো শাস্তি পাওক। কিন্তু সেই আশা আশাই হৈ থাকে। বাস্তৱৰ দুৱাৰডলিত ভূমুকি নামাৰে সেই আশাই।

কিমানদিন? কিমান দিন মাথোঁ আমি মম জ্বলাম, কিমান দিন আমি ক’লা কৰিম ফেইচবুকৰ প্ৰফাইল পিক্সাৰ, কিমান দিন আমি ঘটনাবোৰৰ বিষয়ে লিখিম। কিমান দিন লিখিম তাই বা সি য’তেই আছে শান্তিত থাকক।

কেতিয়া হ’ব এক স্থায়ী সমাধান? কেতিয়া আমি বুকু ডাঠি ক’ব পাৰিম যে চুমিলা দ্বীপশিখাহঁতে ন্যায় পালে।

এক কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা নোহোৱালৈকে এই ঘটনাবোৰ হৈয়ে থাকিব আৰু কলিজাৰ তেজ গোট মাৰি বৰফ হোৱা এই ঘটনাবোৰৰ সাক্ষী হৈ ৰ’ম আপুনি আৰু মই!

আমাক ইয়াৰ উত্তৰ লাগে। লাগে এক স্থায়ী সমাধান।

এই সংখ্যাটোৰ আঁৰত-

সম্পাদক: গায়ত্ৰী প্ৰান্তিক শৰ্মা।

সাক্ষাৎকাৰ গ্ৰহণ: গায়ত্ৰী প্ৰান্তিক শৰ্মা।

বৰ্ণাশুদ্ধি: ড° মৃণালজ্যোতি গোস্বামী, উৎপলা কৌৰ, ড° অভিজিত দত্ত, মৃদুল কুমাৰ শৰ্মা, কলচুম বিবি, উজ্জ্বল দিপ্লু গগৈ, তুষাৰ ৰঞ্জন কাশ্যপ, লক্ষ্যজ্যোতি নাথ আৰু গায়ত্ৰী প্ৰান্তিক শৰ্মা।

কাৰিকৰী সহায়: মৃদুল কুমাৰ শৰ্মা, ড° মনোজ মন কলিতা,ড° দীপজ্যোতি বৰা, অংশুমান হাজৰিকা।

বিশেষ কৃতজ্ঞতা: উজ্জ্বল দিপ্লু গগৈ, লেখকবৃন্দ আৰু অসমীয়াত কথা বতৰা গোটৰ সমূহ সদস্য।

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Mridusmita Neog Baruah Baruah
3 years ago

সম্পাদকীয়টো সময়োপযোগী হৈছে, গায়ত্ৰী।

Don`t copy text!