সচেতন হোৱাটোৱেই শেষ কথা নহয়
লেখক- জয়ন্ত দত্ত
ঘটনাবিলাক কোনেও নজনা নহয়। সকলোৱে জানে, সচেতনো সকলো কম বেছি পৰিমাণে। তাৰ পিছতো ঘটি আছে এটাৰ পিছত এটাকৈ। এতিয়া মাথোঁ চিন্তা কৰা বা সচেতন হোৱাটোৱেই পৰ্য্যাপ্ত নহয়, তাতোকৈ এঢাপ আগবাঢ়িবৰ হ’ল। সকলোৰে কৰণীয় আছে। মাথোঁ মই কি কৰিব পাৰো বুলি হীনমান্যতা প্ৰকাশ কৰি থাকিলেই নহ’ব, যথা ৰাস্তাই-ঘাটে কেণ্ডেল লৈ জোঁৰ লৈ সমদল উলিয়ায়ো কোনো ফল পোৱা পৰিলক্ষিত হোৱা নাই। আমি প্ৰত্যেকেই বহুত কাম কৰিব পৰাতে আছে। সজাগতা আৰম্ভ কৰিব লাগিব ঘৰখনৰ পৰাই। তাৰ পিছতহে চুবুৰী, গাওঁ, ৰাজ্য, দেশ ইত্যাদি।
এই যে সকলো পুৰুষ বা সকলো নাৰী বুলি এটা শ্ৰেণীবিভাজন কৰা যায়, মই ভাবো কেৰোণটো তাতেই। বৰ্তমান সকলো অভিভাৱকে নিজৰ ল’ৰা সন্তানক সৰুৰে পৰাই নাৰীক সন্মান কৰিবলৈ শিকোৱাৰ দাবী উত্থাপিত হৈছে। আপাতত কথাটো থিকেই, কিন্তু ইয়াৰদ্বাৰা সৰুতেই ল’ৰাটোৰ মনত নাৰী বুলি এটা বিশেষ শ্ৰেণীবিভাজন কৰি দিয়া নহ’ল জানো! তাতোকৈ ভাল ল’ৰা-ছোৱালী উভয় সন্তানকে সকলো মানুহকে সন্মান কৰিবলৈ শিকাব পাৰো। ইয়ে নাৰী-পুৰুষ, উচ্চ-নীচ, ধনী-দুখীয়া আদি সৰ্ব্বদিশ সামৰি ল’ব।
কথাটো ইমান আয়াসতে সম্পন্ন হোৱা বিধৰ নহয়। ইয়াৰ বাবে সময় লাগিব যথেষ্ট। হয়তো এটা প্ৰজন্ম অতিবাহিত হব। ঠিক পলিঅ’ নিৰ্মূলৰ বাবে লোৱা পদক্ষেপৰ দৰে, কোনো বাদ নপৰাকৈ। বস্তুবাদী মনবোৰ অলপ হ’লেও সামৰিবৰ চেষ্টা কৰিব লাগিব আৰু মনৰ দুৱাৰ খিৰিকীবোৰ খুলি চাৰিওফালে অলপ চকু ফুৰাব লাগিব। সেইদৰে সন্তানকো অকল নিজৰ মাজতে আবদ্ধ নাৰাখি সমাজখনৰ চৌদিশ দেখুৱাব লাগিব।
সকলোতকৈ ডাঙৰ কথা সন্তানক উপযুক্ত শিক্ষাৰ লগতে সৰুৰেপৰাই যথেষ্ট সতৰ্কতাৰে লাহে লাহে প্ৰয়োজনীয় যৌন শিক্ষাৰেও শিক্ষিত কৰিব লাগিব। কথাটো ইমান সহজসাধ্য নহয়, অন্তত ভাৰতৰ নিচিনা দেশ এখনত। তথাপিও বাৰে বাৰে উজুটি খাই হ’লেও আমি ৰাস্তা এটা বনাব পাৰিব লাগিব। কাৰণ যৌন শিক্ষাৰ আৰম্ভণি আমি ঘৰখনতে কৰিব নোৱাৰিলে পাঠ্যক্ৰমত ইয়াৰ অন্তৰ্ভুক্তি কৰাটো এটা পৰিহাসৰ কথাহে হ’ব। আজিকালি সৰুৰেপৰাই ইণ্টাৰনেট জগতত অবাধ বিচৰণৰ সুবিধা পোৱা ল’ৰা-ছোৱালীয়ে পিছৰ পৰ্য্যায়ত নিজে নিজেই বা আন কাৰোবাৰ পৰাই বিকৃত যৌন শিক্ষা লাভ কৰাৰ আগতেই সিহঁতক আমি আচল শিক্ষাৰ ৰাস্তাটো দেখুৱাব পাৰিব লাগিব। নহ’লে সেই বিকৃত যৌন শিক্ষা লৈয়ে সিহঁত জীৱনত আগবাঢ়ি যাব আৰু নকৰিবলগীয়া কিবা এটা কৰিলে পিছত আমি কপাল ভুকুৱাৰ বাহিৰে বেলেগ উপায় নাথাকিব।
মই জানো কথাবিলাক কোৱাটো বৰ সহজ নহয়, কিন্তু টান হ’লেও প্ৰত্যেকেই নিজৰ ভাগৰ চেষ্টাখিনি কৰিবই লাগিব। প্ৰত্যেকেই নিজৰ ভাগে যদি এনেকৈ আগবাঢ়ো, দেৰিকৈ হ’লেও চাগে এনে এটা দিন আহিব যেতিয়া ধৰ্ষণ শব্দটোৰ ধাৰণা তথা প্ৰাসংগিকতা সমাজত নাইকিয়া হৈ পৰিব।