পোনা দাইটি আৰু এৰাবাৰীৰ ভূত

লেখক- মিণ্টু কুমাৰ গগৈ

দাইটি মানে গাঁৱৰ সকলোৰে দাইটি। গাঁৱৰ বিয়া, সকাম সকলোতে দাইটি নহ’লে নচলেই। সকামত জলপান খাবলৈ দৰকাৰ হোৱা ডোং বনোৱাত দাইটি ওস্তাদ। তোলনী বিয়াত কইনা নোৱাবলৈ বেই ঘৰ আটোমটোকাৰীকৈ বনাবলৈ দাইটি নহ’লে নহবই। সেই দাইটিৰে আমোদজনক কাহিনী এটা গাঁৱৰ মানুহবোৰৰ মুখে মুখে। পিচে জগৰ লগাৰ ভয়ত কোনেও দাইটিয়ে শুনাকৈ নেপাতে। দাইটি সকাম খাবলৈ সঘনাই চুবুৰীয়া গাঁৱবোৰলৈ যায়।

এবাৰ দাইটি যাওক শান্তিপুৰ গাঁৱত বছৰেকীয়া সকাম খাবলৈ। ৰংপুৰ গাঁৱৰ পৰা এখন গাঁৱ পাৰ হ’লেই শান্তিপুৰ। সন্ধিয়া সময়ত গা পা ধূই, ধুতি পাঞ্জাৱী পিন্ধি দাইটিয়ে ককাকৰ দিনৰে হাৰকিউলিচ বাইচকলখন (দাইটিৰ ভাষাত) লৈ যাত্ৰা আৰম্ভ কৰিলে।

বতৰ অলপ গোমা, হ’লেও বৰষুণ নাহিব চাগে বুলি দাইটিয়ে মনতে ভাবিলে। গতিকে ছাতিটো নিনিলেও হ’ব বুলি থিৰাং কৰি এৰি থৈ গ’ল। আকাশত জোনটো আৰু তাৰ পোহৰত দাইটিৰ চাইকেলৰ কেৰেক কেৰেক মাত।

“দাইটি, কেনিবা যোৱা হ’বলা? “ পাছফালৰ পৰা যতীনে মাত লগালে।

পাছফালৰ পৰা মাতিলে যে দাইটিৰ খং উঠে সেইটো সি জানে, কিন্তু দাইটিৰ মুখৰ মধুৰ গালি এষাৰ শুনাৰ লোভ সি সামৰিব নোৱাৰিলে।

“কটা নিধক. জহনীত যোৱা, সৱ শেষ কৰিলি তই, ইমান কওঁ বোলো পাছফালৰ পৰা নেমাতিবি, নাই নুশুনে।” – দাইটি খেঙখেঙাই উঠিল।

”অ, সকাম খাবলৈ যোৱা ন? হ’ব, হ’ব যোৱা “- এইবুলি কৈ যতীনৰ হাঁহি উঠি গ’ল।

দাইটিয়ে একো নকৈ তালৈ কেৰাহিকৈ চাই চাইকেলৰ টিলিঙাটো দুবাৰমান বজালে।

দাইটি হেনো সাত মান বজাত সকামৰ ঘৰ পালেগৈ আৰু গৃহস্থই আদৰ সাদৰ কৰি ভিতৰ পোৱালেগৈ। পকা সকাম; গতিকে চাৰি বোলনৰ পাছত আৰু ভকতৰ ভাত খাব পৰাকৈ পেটত বেছি ঠাই নৰলগৈ। মিঠা সাজপানী, গতিকে দাইটিয়ে পিচ পৰি নিদিলে।

গাঁৱৰ সন্মানৰ কথাও আছে নহয়। মুঠতে দাইটি অমৃত ৰসেৰে চৌ চৌৱাই গল। যি কি নহওক, ভকতৰ সঙ্গত বহি থাকোঁতেই সময় কিমান হ’ল দাইটিয়ে ধৰিবই নোৱাৰিলে। গৃহস্থই মেলানি গুৱা দিয়াৰ পাছত দাইটিয়ে নিজৰ প্ৰসাদৰ টোপোলাটো লৈ চাইকেলখনৰ ফালে আগবাঢ়িল। ৰাতি প্ৰায় এঘাৰ বাজিছিল।

গৃহস্থই কৈছিল দাইটিক যে বহুত বেলি হল গতিকে যাবগৈ নেলাগে থাকক ইয়াতে।

দাইটিয়ে কলে, “নাই নাই, পাৰিম মই, ইয়াতকৈও বেছি দেৰিকৈ মই গৈ পাইছোঁ, ভয় নকৰো মই, ডেম কেয়াৰ।” গৃহস্থই আৰু একো নেমাতিলে।
দাইটি এইবাৰ ৰাস্তাত উঠিল, কেৰেক কাৰাক, কেৰেক কাৰাক চাইকেলৰ মাত। ৰাতিৰ নিস্তব্ধতা ভাঙি দাইটি গৈ থাকিল। ৰংপুৰ পাবলৈ এক ফাৰ্লং মান থাকোঁতেই দাইটিয়ে জোনৰ পোহৰত দেখিলে অসংখ্য চকু, ইফালে সিফালে চলাচল কৰি আছে। দাইটিৰ বুকুখন ঢিপিং কৰি গ’ল। শেষ এইবাৰ, আজি নিস্তাৰ নাই। সেইগাল কনভূত। আজি বখলিয়াই পেলাব তেওঁক।

আপোনাআপুনি দাইটিৰ মুখৰ পৰা ঘোষা এফাকি বাহিৰ হল, “ কৃষ্ণ এক দেৱ দুখ হাৰি কাল মায়াদিৰো অধিকাৰী………”

কিন্তু ক’তা, ভূত গাল আঁতৰি যোৱাৰ উমঘামেই নাই দেখোন, দাইটি চিন্তাত পৰিল। নিচা ইতিমধ্যে আধা ফাটিলেই। শেষত দাইটিয়ে সিদ্ধান্ত এটা ল’লে, যাইলাং থাকেলাং, যি হ’ব হ’ব. আৰু বুলি দাইটিয়ে চাইকেল থেলি থেলি আগবাঢ়ি গ’ল। ষ্টেণ্ডৰ ওপৰত চাইকেলখন থৈ ওচৰতে পোৱা জেওৰা খনৰ পৰা গোজ এটা উঘালি ললে আৰু কৃষ্ণ কৃষ্ণ বুলি আওঁৰাই এফালৰ পৰা ঢুলাই। তাৰপাছত আৰু দাইটি ৰৈ থকা নাই। কোন তলকতনো নিজৰ পদূলি পালেগৈ গমেই নেপালে। যিটো গতিত দাইটিয়ে চাইকেলৰ পেডেল ঘূৰালে বোধহয় সপোনতো তেনেকৈ চলোৱা নাছিল।

ইতিমধ্যে দাইটিলৈ বাট চাই চাই টোপনিয়াই থকা খুড়ীয়ে চোতালত ঘটং কৈ শব্দ শুনি দুৱাৰৰ ফাঁকেৰে চাই দেখিলে দাইটি চোতালত চাইকেলেৰে সৈতে পৰি আছে। কোন ক’ত আছ আহ ঔ বুলি মৰা খুড়ীৰ চিঞৰত চুবুৰীয়া ঘন, ৰুপেল, দীঘলা, ৰবি, বীৰেনহঁত দৌৰি আহিল। ধৰাধৰিকৈ দাইটিক ভিতৰলৈ নিয়া হ’ল। দাইটিয়ে কেৱল অস্ফুট স্বৰত কৈ থাকিল, “একেবাৰে ফ্লেট কৰি থৈ আহিছোঁ, কিমান মৰিল ঠিক নাই দেই।” সকলো আচৰিত হল, দাইটিয়ে কি ফ্লেট কৰা কথা কৈছে। বহুসময় সোধা -মেলা কৰা পাছতহে দাইটিয়ে আচল কথাটো ক’লে। “এৰাবাৰীৰ আহঁত জোপাৰ তলত বুজিছ, এগাল মান, চকুবোৰ বুকুত তিৰবিৰাই আছিল। মই পিছে ভয় কৰা নাই, জেওৰা গোজেৰে মাৰি ফ্লেট কৰি দিছো। কাইলৈ ৰাতিপুৱাই চাই আহিবিগৈ। মই যদি মিছা কৈছোঁ।”

সকলো আচৰিত, দাইটিয়ে কি কৈছে এইবোৰ।

পিছে এৰাবাৰীখনত ভূত আছে বুলি আগৰ বুঢা় মেথাই কোৱা শুনিছে। কিন্তু আজিলৈকে কোনেও দেখা নাই। শেষত ঠিক কৰা হল ৰাতিপুৱা সাহিয়াল ডেকা কেইটামানক পঠাই ঘটনাস্থলত চৰজমিন তদন্ত কৰা হ’ব।

সেইমতেই ৰাতিপুৱা হাতত দা কটাৰী লৈ গ’ল কেইজনমান এৰাবাৰীৰ ওচৰলৈ। গৈ পায় গোটেই কেইটা হাঁহিত ফাটি পৰিল। দাইটিৰ ফ্লেট কাণ্ডৰ ৰহস্য উদ্ঘাটন কৰি সিহঁত গাঁৱলৈ ঘূৰিল। ধৰিব পাৰিছেনে বাৰু দাইটিয়ে কণভূত ফ্লেট কৰা ৰহস্য? কৈছোঁ বাৰু শুনক। এৰাবাৰীৰ আহঁতজোপাৰ তলতে ডাঙৰ কচু এডৰা আছিল যিটো দাইটিয়ে যোৱাৰ সময়ত মনেই নকৰিলে। ৰাতি অলপ পাতলীয়া বৰষুণ হৈছিল গতিকে কচুপাতবোৰত দুটোপালকৈ পানী জমা হৈ আছিল। পাছৰাতি জোনৰ পোহৰত সেই পানীৰ টোপালবোৰ টঁ টঁ কৈ জিলিকি আছিল। নিচা লাগি থকা দাইটিয়ে সেইবোৰকে কণভূতৰ চকু বুলি ভ্ৰমিত হৈ ওপৰত কোৱা কাণ্ডটো কৰি পেলালে। এতিয়া দাইটিক সেই বিষয়ে ভুলতো নুসুধিব দেই। কিবাকৈ সুধিলে যি কেইষাৰ সুমধুৰ বাক্য নিক্ষেপ কৰিব, ৰাম ৰাম। নক’ব আৰু।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!