শব্দসম্ভৱা
লেখক- আইলুং লাহন বৰা
কোনেও নাজানে এৰাসূঁতিৰ গদ্য
কত ৰাতি নদীময় হৈছে সি-
টুকুৰিয়াই হৃদয়ৰ বালিচৰ
কেতিয়াবা গোপনে আহে
জোনাকী এজাক
পুৱাই ধলফাট দিলে
হুৰমূৰাই যায়গৈ এৰি
অহা-যোৱা, যোৱা-অহা
মাজত এক অন্তহীন প্ৰতীক্ষা!
গোন্ধ এটা উপঙি ফুৰে কেতিয়াবা
ঠিক যেন কবিতা কবিতা লগা
সেই নিজান দুপৰীয়াটো যেন আহিব খোজে ঘূৰি
হিলদল ভাঙি
শিমলুজোপাক যিদিনা সি লৈছিল বুকুত সামৰি
বহু গীত চকুলো হ’ল
বহু দুখ আপোন হ’ল
এৰাসূঁতিৰ নাম লোৱাৰ আগদিনাই
শিমলুজোপা শব্দসম্ভৱা হ’ল!
অন্যান্য শিতান
Menu
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments