বুদ্ধত্ব

লেখক- সিদ্ধাৰ্থ বৰদলৈ

গুৰুৱে কৈছিল
বুদ্ধ হোৱা

মোৰ সোণটো
বুদ্ধৰ দৰে ধ্যানস্থ হোৱা

আৰু কৈছিল
এই মায়াপুৰীৰ পৰা
নিজক বিচ্ছিন্ন কৰা

মৃত্যুৰ বাতৰিবোৰে যেতিয়া
মোক বিতত কৰিছিল
আকৌ এবাৰ শৰণাপন্ন হৈছিলোঁ
অনুদ্বিগ্নচিত্ত স্থিতপ্ৰজ্ঞ গুৰুৰ

কণ্ঠত যাৰ মাতৃৰ মমতা
শব্দত ফুটি উঠে পিতৃৰ দৃঢ়তা
সেই গুৰু মোৰ বাবে
একমেৱদ্বিতীয়ম
পৰম ঈশ্বৰ

আকৌ এবাৰ কাণত ভাঁহি উঠিছিল

এবাৰ ভাবাচোন মোৰ সোণটো
কিয় কোৱা হয় এই পৃথিৱীক
মৃত্যুলোক বুলি

মই স্থিৰ হৈছিলোঁ
গুৰু বাক্য কি
সেইদিনা বুজিছিলোঁ

মই বুদ্ধ হব পৰা নাই
কিন্তু মই জানো
”মই” আতঁৰিলেই মই বুদ্ধ হ’ম
আপুনি বুদ্ধ হ’ব
তেওঁ বুদ্ধ হ’ব

সকলোৰে মুখবোৰ উজ্জ্বলিব
বুদ্ধত্বৰ জিলিকণিত!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!