চাউলৰ ৰোল আৰু বাৰ্গাৰ

লেখক- সুৰভি দত্ত

১) চাউলৰ গুৰিৰে মেগীৰ ৰোল

মেগী ষ্টাফিংৰ বাবে:

চয়াবিন আধাকাপ গৰম পানীত কোমলাই ভালকৈ ধুই ল’ব। পিয়াঁজ এটা, বিলাহী এটা, ফ্ৰেন্সবীন দুডালমান, গাজৰ এটা, কেঁচা জলকীয়া এটা পৰিষ্কাৰ কৰি সৰু সৰুকৈ কুটি ল’ব। মেগী দুই পেকেট গৰম পানীত অকণমান ডুবাই ঠাণ্ডা পানী অলপ ঢালি দি ফুটা থকা খৰাহীত টোক যাবলৈ দিব। কেৰাহীত তেল গৰম কৰি বিলাহীৰ বাহিৰে আটাইকেইবিধ উপকৰণ জুই বঢ়াই এক মিনিট মান সময় ভাজি লৈ মেগী খিনিৰ লগতে মেগীৰ মচলা দিব। শেষত বিলাহী দি ভালকৈ মিহলাই নমাই থ’ব।

আনফালে আগতেই একাপ চাউলৰ গুৰি, চাৰি চামুচ ময়দা, তিনি চামুচ বাটাৰ (গলোৱা), নিমখ সামান্য, জলকীয়া গুৰি, গৰম মচলা আধা চামুচ, কণী এটাৰ বগা অংশ, এটা বিটৰ ৰস সকলো একেলগে লৈ মিক্সিত মাৰি ঘোল প্ৰস্তুত কৰি ল’ব।

ননষ্টিক টাৱাত এটা এটাকৈ তিনিটা পিঠা বনাওক, খোলাচপৰীয়া বনোৱাৰ দৰে। লগে লগে একেটা জোখত কাটি লৈ মেগী অলপ দি ৰোল কৰি যাব। ধনিয়াৰ চাটনি অথবা যিকোনো সেউজীয়া চাটনিৰ লগত পৰিবেশন কৰিব।

২) বৰাচাউলৰ বাৰ্গাৰ

ৰাতিয়েই বৰা চাউল ২ কাপ তিয়াই টুকি লৈ এখন কেৰাহীত জোখমতে পানী, নিমখ আৰু ঘিঁউ এক চামুচ দি সিজাই ল’ব।
ঠাণ্ডা হ’লে এটা বাতিত ঘিঁউ লগাই হেঁচা মাৰি আধা মানলৈ দি ওলোটাই উলিয়াই লৈ ফ্ৰিজত আধা ঘণ্টাৰ বাবে ৰাখিব। আধা ঘণ্টাৰ পাছত ময়দা, চাউলৰ গুৰি, হালধি, নিমখৰ ঘোল এটা বনাই তাতে লেটিয়াই লৈ তেলত ফ্ৰাই কৰিব।

পদিনা, ধনিয়াপাত, গাজি মগু, পিয়াঁজ, নহৰু, আদা, নিমখ, জলকীয়া দি চাটনি এখন প্ৰস্তুত কৰি ল’ব।

ডাঙৰ আলু দুটা বয়ল কৰি পিটিকি ধনিয়াপাত, চিলিফ্লেক্স, কৰ্নফ্লৰ, চাট মচলা, জালুকৰ গুৰি, নিমখ মিহলাই কম পৰিমাণে তেলত গৰম কৰি টিক্কি বনাই ল’ব।

শেষত ফ্ৰাই বৰা চাউলৰ দুটা টিক্কিৰ মাজত মিহিকৈ কুটি লোৱা গাজৰ, বিট, ধনিয়াপাত, চিজ আলু টিক্কি, চাটনি দি বৰা চাউলৰ বাৰ্গাৰ বনাই পৰিবেশন কৰিব।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!