বিনিদ্ৰ ৰজনীৰ হেঁপাহ

লেখক- পল্লৱী কৌশিক শৰ্মা

প্ৰতিশ্ৰুতিময় ৰক্তিম হালধীয়া অলপ আকাশখনতে ছটিয়াই বেলিটো ক্ৰমশঃ দৃষ্টিৰ পৰিধি ফালি অন্ধকাৰত হেৰাই যায়। লাহে লাহে চিকমিক তৰাৰে ভৰি পৰে আকাশৰ বুকু। মায়াময় হৈ পৰে দশোদিশ।

ৰাতিৰ এই ছাঁ-পোহৰৰ খেলখন মালতীৰ অতিকৈ প্ৰিয়। আচলতে নিশাৰ আন্ধাৰখিনি মালতীয়ে প্ৰাণ ভৰি উপভোগ কৰে। এয়া তাইৰ একান্ত নিজৰ সময়। নতুনকৈ জী উঠে তাই এই সময়খিনিত নতুবা কোনোবা দিনা লোক চক্ষুৰ আঁৰত হিয়া উজাৰি কান্দি বুকুৰ গধুৰ শিলচটা গলাই মনটোক নিকা কৰে। দিনটোৰ হৈ-হাল্লা আৰু কৰ্মব্যস্ততাৰ অন্তত নিঃপালি দিয়া চহৰখন তাই পুনৰ জী উঠাৰ এটা হেঁপাহ হৈ পৰে। চহৰৰ জনশূন্য ৰাস্তা ঘাটবোৰে মনৰ ইচ্ছাৰে আৰু আত্মসন্তুষ্টিৰে কিবা এটা কৰাৰ অলপমান সমল যোগায় তাইক।

প্ৰতিনিশাই নিয়মমাফিক ঘৰৰ কাম-বনখিনি কৰি আজৰি হৈ ভাতমুঠিও লৰালৰিকৈ সিজাই লয় মালতীয়ে আৰু গিৰিয়েকক খোৱাৰ যোগাৰ ধৰি, নিজেও এমুঠি খাই সাজি-কাঁচি ওলাই আহে তাই ঘৰখনৰ পৰা মুকলি অকাশৰ তললৈ। যেন চহৰখনৰ কোনোবা এটা পথৰ, কোনোবা এটা চুকত, কোনোবা এজন সপোন কোঁৱৰহে তাইৰ বাবে অপেক্ষাৰত..!

ব্যস্ত চহৰখনৰ কোলাহলবোৰ শান্ত হোৱালৈ আৰু জনসমাগমৰ পাতলীয়া হোৱালৈ অপেক্ষা কৰি চাৰিআলিটোৰ ঠিক সংযোগ স্থলতে থকা গণেশ মন্দিৰৰ প্ৰাংগণৰ প্ৰকাণ্ড আঁহতজোপাৰ তলতে বহি পৰে তাই।

ৰাস্তাইদি পাৰ হৈ যোৱা প্ৰতিজন মানুহ, তেওঁলোকৰ খোজ-কাটল অথবা ভাৱ-ভঙ্গীক একাগ্ৰচিত্তে লক্ষ্য কৰে মালতীয়ে। সেই সময়খিনিত ভিন্নমনৰ, ভিন্নচৰিত্ৰৰ মানুহবোৰ তাইৰ বাবে একোটা সাঁথৰ হৈ পৰে।

এই যে খুব হাঁহি ধেমালি কৰি হাততে হাত ৰাখি এহাল যুৱক-যুৱতী বা এহাল স্বামী-স্ত্ৰী তাইৰ সন্মুখেৰে পাৰ হৈ গৈছে, তেওঁলোক বাৰু প্ৰকৃততে সুখী নে? নে, এই হাঁহিবোৰৰ আঁৰতো লুকাই আছে হৃদয় দহি নিয়া অলেখ বিষাদ গাঁথা? ফুলাম হাঁহিবোৰৰ নেপথ্যৰ কাহিনীবোৰ জানিবলৈ তীব্ৰ বাসনা জাগি উঠে তাইৰ মনত।

নহ’ব নো কিয়..?

যিজন মানুহৰ পৰা নিৰাপত্তাৰ আশা ৰাখি মালতীয়ে উকা কপালখন ৰাঙলী কৰি লৈছিল, যিজন মানুহৰ ছত্ৰছায়াত মৰমৰ নৈ এখনত সাঁতুৰি-নাদুৰি তাই জীৱনটো পাৰ কৰিব বুলি আশা অলপ বুকুতে বান্ধি ৰাখিছিল, সেই মানুহজনেই দেখোন সময়ত তাইৰ বাবে এটা অভেদ্য সাঁথৰ হৈ পৰিল। তাইৰ বিশ্বাসক মষিমূৰ কৰি সেই মানুহজনেই চোন নাৰী আৰু সুৰাক সংগী কৰি অকথ্য মানসিক শাস্তিৰে তাইৰ জীৱনটো দুৰ্বিষহ কৰি তুলিলে।
***

ওচৰ-চুবুৰীয়াৰ চকুত আজি মালতী এজনী বদনামী তিৰোতা।
বেশ্যা তাই।
নহ’লেনো প্ৰতিনিশা গিৰীয়েকটোক এৰি ঘৰৰ পৰা কোনোবা বিবাহিত মহিলাই নিজকে সজাই পৰাই ওলাই আহে নে এইদৰে?

এয়া তাইৰ গাভৰু শৰীৰটোৰ ভোক গুছোৱাৰ আৰু সহজ উপায়েৰে ধন এমুঠি উপাৰ্জন কৰি লাহ-বিলাহত জীৱন যাপনৰ নিৰ্মিতে বাচি লোৱা এটা চমু ৰাস্তাই হ’ব লাগিব। মদপী গিৰীয়েকটো তাইৰ ঈস্পিত সুখকণ প্ৰদান কৰাত ব্যৰ্থ নিশ্চয়! এনে তিৰোতা আমাৰ সমাজৰ কলংক বুজিছা।

মানুহবোৰৰ ফুচফুচনিবোৰ বতাহেত বগুৱা বাই আহি মালতীৰ কাণত হুলে বিন্ধা দি বিন্ধে। ওচৰ-চুবুৰীয়াসকলে তাইৰ ওপৰত থাপি লোৱা এই আনুমানিক অপবাদবোৰ তেওঁলোকৰ মতে ধ্ৰুৱসত্য।

পিছে সেইবোৰ কথালৈ ভ্ৰূক্ষেপ নাই মালতীৰ। তাই যি কৰিছে বা যি কৰিব তাৰ বাবে তাই কাৰোৰে ওচৰত জৱাবদিহি নহয়। কোনে খবৰ ৰাখিছে তাইৰ গতানুগতিক দিনবোৰ কি দৰে পাৰ হৈছে? কোনোবাই কোনোবা দিনা সুধিছেনে, মাতাল গিৰিয়েকটোৰ লগত তাইৰ সংসাৰখন প্ৰকৃততে সুখৰ নে? তেনেহ’লে তাই নিশাবোৰ কি কৰি, কি দৰে পাৰ কৰে সেই লৈ ইমান উৎসুক কিয় মানুহবোৰ..!

পিছে স্থানীয় বিধায়ক বিভূতি ফুকনে সেইদিনাৰ মিটিঙখনত মালতীক টকা দহ হাজাৰ আৰু ফুলৰ থোপা এটাৰে সন্মান জনোৱাত হে মানুহবোৰৰ মালতীৰ প্ৰতি থকা মনোভাৱৰ সলনি হ’ল। অলপ শংকা, অলপ লজ্জাই মালতীক সেই মুহূৰ্তত অলপ সময়ৰ বাবে মৌন হৈ ৰ’বলৈ বাধ্য কৰি পেলাইছিল। তাই যে সকলোৰে অগোচৰে এই কাম ভাগি কৰি যাব বুলি মনতে পাঙি থৈছিল। অলপ সংকোচবোধেও ক্ৰিয়া কৰিছিল তাইৰ মনত। কিজানিবা কোনোবাই হাঁহে তাইক ‘ঝাড়ুৱালী’ বুলি।

চহৰখনৰ প্ৰায় তিনি/চাৰি কিল’মিটাৰ ব্যাসাৰ্ধৰ ভিতৰৰ এটা অঞ্চলৰ পথচোৱা লগতে দিনটোৰ ভিতৰত সেই অঞ্চলৰ প্ৰতিখন দোকানৰ সন্মুখত গোট খোৱা জাবৰবোৰ নিশাটোৰ ভিতৰতে সকলোৰে অগোচৰত কি দৰে পৰিষ্কাৰ হৈ পৰে, সেই লৈ বহু দিনৰ পৰাই মানুহবোৰৰ মনত এটা প্ৰশ্ন উত্থাপন হৈছিল। আনকি ৰাতিপুৱা পৌৰ নিগমৰ জাৱৰ সংগ্ৰহ কৰা গাড়ী কেইখনো সেই অঞ্চলটোৰ পৰা সদায় উভতি আহিব ল’গা হয়। ঘুনুক ঘানাককৈ কথাটোয়ে বিধায়ক বিভূতি ফুকনৰো কাণ চুইছিলগৈ। তেওঁ বিষয়টো গুৰুত্ব সহকাৰে লৈ কথাৰ গুৰি ক’ত উমান ল’বলৈ যত্ন কৰিলে।

অন্য দিনাৰ দৰে সেইদিনাও শুই পৰা চহৰখনৰ নীৰৱতাত মালতীৰ ঝাড়ুৰ শব্দই বাধা দিছিল। মুখতে গানৰ কলি এটা গুণগুণাই মালতীয়ে চৰক-চৰক শব্দৰে সুদীৰ্ঘ পথচোৱা আৰু দোকানৰ পৰিত্যক্ত আৱৰ্জনাবোৰ চাফা কৰি গৈছিল। সেই কামখিনিত পিছে মালতীৰ মুখত অলপো বিৰক্তিৰ ভাৱ ফুটি উঠা নাছিল। তাৰ সলনি ঝাড়ু দি পৰিষ্কাৰ কৰি যোৱা ৰাস্তাটোলৈ লক্ষ্য কৰি পৰম আনন্দত উজ্জ্বলি উঠিছিল তাইৰ দুচকু। জীৱনৰ আৱৰ্জনাবোৰহে যেন সাৰি-মুচি চাফা কৰি পেলাইছিল তাই।

সেই নিশা মালতীৰ, চহৰখনৰ সেই নিৰ্দিষ্ট এলেকাটো পৰিষ্কাৰ কৰি ৰখাৰ নিঃস্বাৰ্থ অভিযান, আগদিনা বিধায়ক ফুকনে চাৰিআলিৰ চুকতে স্থাপন কৰা চি. চি. টিভিত ৰেকৰ্ড হৈছিল আৰু সেই ফুটেজ চাই বিধায়কগৰাকীয়ে তাৎক্ষণিক সিদ্ধান্তৰে তাইক পুৰস্কৃত কৰাৰ ইচ্ছা প্ৰকট কৰিছিল।

এয়া মালতীৰ বিনিদ্ৰ ৰজনীবোৰৰ অন্তত লাভ কৰা পৰমপ্ৰাপ্তি। তাইৰ অজানিতে ইমান দিনৰ পৰিশ্ৰমৰ বৃক্ষজোপাত গুটি ধৰিছে এয়া।

মাতাল গিৰিয়েকৰ শাৰীৰিক আৰু মানসিক শাস্তিৰ পৰা হাত সাৰিবলৈকে তাই প্ৰতিনিশা ঘৰৰ পৰা ওলাই আহিছিল। গড়কাপ্তানী বিভাগত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী হিচাপে কৰ্মৰত তাইৰ স্বামীয়ে সুৰাসক্ত অৱস্থাত তাইক উদ্দেশ্যি দিয়া .. ‘অপদাৰ্থ, অশিক্ষিত, আপচু‘ আদি ধৰণৰ তীৰ্যক মন্তব্যবোৰত বুকুত উজাই উঠা তীব্ৰ বিষটোৰ পৰা পৰিত্ৰাণ পাবলৈকে তাই এইদৰে নিশাৰ অন্ধকাৰত নিস্তব্ধ চহৰখনত জীয়াই থকাৰ পথ এটা উলিয়াই লৈছিল।

অনাথ আশ্ৰমত ডাঙৰ হোৱা মালতীয়ে পঢ়া শুনা কৰি বৰ মানুহ হোৱাৰ সুযোগ নাপাব পাৰে, পিছে হাতে-কামে কৰি খাব পৰাকৈ তাইৰ যোগ্যতা নথকাতো নহয়। তাইৰ এই কৰ্মই যদি আত্মসন্তুষ্টিৰ লগতে আন দহজনৰ উপকাৰ সাধে তেন্তে সেই কৰ্মত লজ্জা কিহৰ?

মালতীৰ সেই প্ৰাপ্তিয়ে তাইক উপলুঙা কৰা আৰু বেশ্যা সজোৱা মানুহখিনিৰ শিৰণত কৰি পেলালে। মিটিঙত গোট খোৱা মানুহখিনিক তাই এটাই প্ৰাৰ্থনা জনালে ..

“অৱহেলা নকৰিবচোন ৰাজহুৱা সম্পদবোৰক। ঘৰখনৰ দৰে সেইবোৰকো আবৰ্জনামুক্ত কৰি ৰাখক। আজিৰ পৰাই পণ লওক নিজৰ নিজৰ পদূলি মুখখন পৰিষ্কাৰ কৰি ৰখাৰ। তেনে কৰিলেই দেখোন গোটেই চহৰখন আৱৰ্জনা মুক্ত হৈ পৰিব।

সমবেত ৰাইজৰ হাত চাপৰিত মুখৰিত হৈ উঠিছিল সভাস্থলী। আস্থা আৰু বিশ্বাসৰ হাঁহি এটাৰে মুখখন উজ্জ্বলাই মালতীয়ে নিজৰ ঘৰলৈ বুলি বাট লৈছিল।

সেই দিনা ৰাতিলৈ বুকু ফিন্দাই হাততে ঝাড়ুটো লৈ ৰাস্তালৈ ওলাই গৈছিল মালতী। আগৰ দৰে সেইদিনাও গণেশ মন্দিৰৰ আঁহত জোপাৰ তলত বহি পৰিছিল তাই আৰু চহৰখন জনশূন্য হোৱালৈ অপেক্ষা কৰি গুণগুণাবলৈ ধৰিছিল…

সুৰাত মগন ভয়াল ৰাতি মৌন কোলাহল..
মই যেন এক ৰ’দৰ বিলাপ, শব্দৰ সমদ’ল।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!