হঠাৎ দেখা
লেখক- মূল: ৰবীন্দ্ৰনাথ ঠাকুৰ, অনুবাদ:মনালিছা পাঠক নেওগ
ৰেলগাড়ীৰ কোঠালিত হঠাৎ দেখা
ভবাটো নাছিলোঁ সম্ভৱ হব কোনোবা দিনা
আগতে তেওঁক বাৰে বাৰে দেখিছোঁ
ৰঙা শাৰীত
ডালিম ফুলৰ দৰে ৰঙা,
আজি পিন্ধিছে ক’লা ৰেচমৰ কাপোৰ,
আঁচল মূৰত তুলি লৈ
দোলন চম্পাৰ দৰে চিকুণ গৌৰ মুখখনি ঢাকি।
এনে লাগিল, ক’লা ৰঙে এটা গভীৰ দূৰত্ব
মেৰিয়াই লৈছে নিজৰ চৌদিশে,
যেন সেই দূৰত্ব সৰিয়হ খেতিৰ শেষ সীমনাত
শাল বনৰ নীলাঞ্জনা।
থমকি গ’ল মোৰ সমস্ত মন
চিনাকি লোকক দেখিলোঁ অচিনাকি গাম্ভীৰ্যৰে
হঠাৎ খবৰ কাকতখন থৈ
মোক নমস্কাৰ কৰিলে।
সমাজ বিজ্ঞানৰ ৰাস্তা খোল খালে
কথা আৰম্ভ কৰিলোঁ –
কেনে আছা, সংসাৰ কেনে চলিছে ইত্যাদি।
তেওঁ খিৰিকীৰ বাহিৰৰ দিশে চাই ৰ’ল
যেন পুৰণা দিনবোৰক কাষত চোৱাৰ দুৰ্বাৰ হেঁপাহ।
অত্যন্ত সৰু দুই-এটা উত্তৰ দিলে
কোনোবাটোৰ নিদিলেও
বুজাই দিলে হাতৰ অস্থিৰতাই –
কেনে হৈ আছে সকলো কথা।
ভাবিলোঁ মনে মনে থকায়ে ভাল হ’ব।
আমি আছিলোঁ অন্য এখন বেঞ্চত
তেওঁৰ সংগীজনৰ সৈতে।
এটা সময়ত আঙুলিৰে ইংগিত দি জনালে কাষলৈ আহিবলৈ
মনতে ভাবিলোঁ কমতি সাহস নহয়;
বহিলোঁ তেওঁৰ সৈতে একেখন বেঞ্চতে।
গাড়ীৰ শব্দৰ মাজতে
মৃদুস্বৰে তেওঁ কলে –
“মন বেয়া নকৰিবা
সময় নো ক’ত যে সময় নষ্ট কৰিবা।
আমি নামিব লাগিব আগৰ ষ্টেচনত
দূৰলৈ যাবাগৈ তুমি
আমাৰ আৰু কোনোদিনে দেখা দেখি নহ’ব।
সেই যে প্ৰশ্নটোৰ উত্তৰ অত কালে পোৱা নাই
আজি তোমাৰ মুখৰ পৰা শুনিব বিচাৰিছোঁ
সঁচা কথা কবা নে?”
মই কলোঁ “কম”
বাহিৰৰ আকাশৰ ফালে চাই সুধিলে –
“আমাৰ পাৰ হৈ যোৱা দিনবোৰ যে
একেবাৰে কি শেষ হৈ গৈছে!
একোৱে বাকী ৰোৱা নাই নেকি?”
অলপ সময় চুপ হৈ ৰলো
তাৰ পিছত কলোঁ –
“ৰাতিৰ সকলো তৰায়ে আছে
দিনৰ পোহৰৰ গভীৰতাত”
মই স্তব্ধ হৈ গ’লোঁ, কি কম একো ভাবিয়ে নাপালোঁ।
তেওঁ কলে- “থাকা, এতিয়া সেই দিশে যোৱাগৈ”
সকলো নামি গ’ল আগৰ ষ্টেচনত;
মই গৈ থাকিলোঁ অকলে। ।