আত্মহত্যা: কেতবোৰ ভ্ৰান্ত ধাৰণা আৰু প্ৰতিৰোধ

লেখক- ডা° প্ৰদীপ কুমাৰ শৰ্মা

সমগ্ৰ বিশ্বতে আত্মহত্যা জনস্বাস্থ্যৰ প্ৰতি এক ডাঙৰ প্ৰত্যাহ্বান। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে সমগ্ৰ বিশ্বত প্ৰতি বছৰে প্ৰায় সাত লক্ষ লোকে আত্মহত্যা কৰে। প্ৰতিজন আত্মহত্যাকাৰীৰ বিপৰীতে বিছজনলোকে আত্মহত্যাৰ বাবে চেষ্টা চলায় আৰু প্ৰায় দুশলোকে আত্মহত্যাৰ বাসনা মনত পুহি ৰাখে। দক্ষিণ-পূৱ এছিয়াৰ দেশবোৰৰ ভিতৰত ভাৰতবৰ্ষতে আত্মহত্যাৰ হাৰ সকলোতকৈ বেছি। আৰু বছৰি এই হাৰ ক্ৰমে বাঢ়ি অহা পৰিলক্ষিত হৈছে: ২০১৯ চনৰ তুলনাত ২০২০ চনত ১০ শতাংশ অধিক লোকে আত্মহত্যা কৰি মৃত্যু বৰণ কৰে (ৰাষ্ট্ৰীয় অপৰাধ অভিলেখন সংস্থা, ২০২০)। তেনেদৰে, ২০১৯ চনত আত্মহত্যাৰ হাৰ ১০.৪ ৰ বিপৰীতে ২০২০ ত এই হাৰ হ’ল ১১.৩। অসমত আত্মহত্যাৰ হাৰ (৯.৩) সৰ্বভাৰতীয় হাৰতকৈত কম যদিও ২০১৯ চনৰ তুলনাত ২০২০ চনত ৩৬.৮ শতাংশ অধিক লোকে আত্মহত্যা কৰে।

আত্মহত্যা সম্পৰ্কে সমাজত বিভিন্ন ধৰণৰ ভ্ৰান্ত ধাৰণা আছে। জনসাধাৰণৰ মনত আত্মহত্যা যেন এক কালিমাসনা ৰহস্যঘন মৃত্যু। আত্মহত্যা সম্পৰ্কে আলোচনা কৰিবলৈ মানুহে দ্বিধাবোধ কৰে। আত্মহত্যা যেন এটা কালিকা লগা শব্দ। মনলৈ আত্মহত্যাৰ ভাৱ অহাটো যেন পাপ আৰু লাজৰ কথা। আত্মহত্যা সম্পৰ্কে আমাৰ সমাজত চলি থকা কেইটামান ভ্ৰান্ত ধাৰণা হ’ল:

১. আত্মহত্যাৰ চিন্তা দুৰ্বল মনৰ চিন।
২. এবাৰ আত্মহত্যাৰ কথা মনলৈ আহিলে সি আৰু মনৰ পৰা নাযায়।
৩. এবাৰ আত্মহত্যাৰ চেষ্টা কৰি বাচি গ’লে, কেতিয়াও আৰু চেষ্টা নকৰে।
৪. আত্মহত্যাৰ কথা সুধিলে বা কথা পাতিলে আত্মহত্যাৰ প্ৰৱণতা আনিব পাৰে বা বঢ়াব পাৰে। সেয়েহে, আত্মহত্যাৰ কথা ক’ব বা কাকো আত্মহত্যাৰ কথা সুধিব নেপায়।
৫. মানসিক ৰোগত আক্ৰান্ত ব্যক্তিয়েহে আত্মহত্যা কৰিব পাৰে।
৬. আত্মহত্যাৰ কাৰণ বংশগত।
৭. কিছুমান বিশেষ ব্যক্তিত্বৰ লোকেহে আত্মহত্যা কৰে।
৮. বেছিভাগ আত্মহত্যাই হঠাৎ সংঘটিত হয়— আত্মহত্যাৰ কোনো আগতীয়া লক্ষণ দেখা নেযায়।
৯. আত্মহত্যা কৰিম কৰিম বুলি কৈ থকাসকলে আনৰ পৰা অনুকম্পা আদায় কৰিবলৈহে কৈ থাকে, প্ৰকৃততে আত্মহত্যা নকৰে।
১০. অকল মনোৰোগ বিশেষজ্ঞইহে আত্মহত্যা প্ৰতিৰোধ কৰিব পাৰে।

সত্য কি?

উপৰ্যুক্ত ভ্ৰান্ত ধাৰণাবোৰৰ বাবে সমাজত আত্মহত্যা সম্পৰ্কে থকা আবিলতা এতিয়াও আঁতৰা নাই। আৰু সেয়েহে আত্মহত্যা সম্পৰ্কে ক’ব নিবিচাৰে, আলোচনা কৰিব নিবিচাৰে। আত্মহত্যা প্ৰতিৰোধৰ বাবে এই ভ্ৰান্ত ধাৰণাবোৰৰ বিপৰীতে সত্যনো কি জনাৰ প্ৰয়োজন।

১. আত্মহত্যাৰ ইচ্ছা সকলোৰে মনলৈ আহিব পাৰে। সেই ইচ্ছা আৰ্তজনৰ জীয়াই থাকিবলৈ সহায় বিচাৰি কৰা কাতৰ আহ্বানহে মাত্ৰ।
২. আত্মহত্যৰ তীব্ৰ ইচ্ছা সাময়িক আৰু ই সময় তথা ঘটনা সাপেক্ষ হ’ব পাৰে। সেইখিনি সময় যদি অতিবাহিত হৈ যায়, ব্যক্তিজনে হয়তো সমস্যাবোৰ বা জীৱনটো আন ধৰণে, যোগাত্মক দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিব পাৰে।
৩. আত্মহত্যাৰ চেষ্টা কৰা মানসিকৰোগীৰ ভৱিষ্যতত আত্মহত্যাৰ প্ৰৱণতা আৰু অহাৰ সম্ভাৱনা থাকে।
৪. আত্মহত্যাৰ প্ৰসংগই ইয়াৰ প্ৰৱণতা আনিব পৰাৰ বা বঢ়াব পৰাৰ সম্ভাৱনাতো নাথাকেই, বৰঞ্চ ভয়, লাজ, শংকাৰ কাৰণে আত্মহত্যাৰ কথা আনৰ আগত ব্যক্ত কৰাৰ পৰা বিৰত ব্যক্তিক আত্মহত্যাৰ ইচ্ছা বা পৰিকল্পনাৰ কথা সুধিলে তেওঁ সকাহ পায় আৰু নিজৰ মনৰ অৱস্থা খুলি ক’বলৈ এটা পৰিৱেশ পায়।
৫. আত্মহত্যাৰ কেইবাটাও কাৰকৰ ভিতৰত এটা হ’ল মানসিক ৰোগ আৰু উপযুক্ত চিকিৎসাৰ অভাৱত মানসিকৰোগীৰ জীৱনলৈ আহিব পৰা পৰা পাৰিবাৰিক, সামাজিক, অৰ্থনৈতিক আদি সমস্যাবোৰ। কিন্তু আত্মহত্যা কৰি মৃত্যুবৰণ কৰা সকলো ব্যক্তিয়ে মানসিক ৰোগত আক্ৰান্ত বুলি ক’ব নোৱাৰি। জীৱনৰ সংকটপূৰ্ণ মুহূৰ্তত নিজক চম্ভালিব নোৱাৰি কোনোৱে আৱেগৰ বশৱৰ্তীহৈ তাৎক্ষণিকভাৱে আত্মহত্যাৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে।
৬. আত্মহত্যাত ব্যক্তিৰ ব্যক্তিগত, সাংসাৰিক আৰু পৰিৱেশৰ কেইবাটাও কাৰকে যিহেতু কাম কৰে, গতিকে বংশত কোনোবাই আত্মহত্যা কৰিলেই ইয়াক বংশগত বুলি থাউকতে কৈ দিব নোৱাৰি।
৭. আত্মহত্যাকাৰী বুলি কোনো ব্যক্তিত্বক নামকৰণ কৰা নাযায়। অত্মহত্যা কেইবাটাও কাৰকসম্বলিত এক জটিল সমস্যা।
৮. কিছুমান আত্মহত্যা হঠাৎ সংঘটিত হ’ব পাৰে যদিও বেছিভাগ ক্ষেত্ৰতে দিন, সপ্তাহ বা মাহচেৰেক আগত সন্দেহজনক কেতবোৰ লক্ষণ দেখা যায়। এনেকুৱা ব্যক্তিয়ে,

– আত্মহত্যা কৰাৰ কথা কৈ থাকে
– আত্মহত্যাৰ বা মৰাৰ উপায় বিচাৰি ফুৰে
– কৈ থাকে , ‘তেওঁ পৰিয়ালৰ বোজা যেন হৈ পৰিছে‘
– তেওঁৰ জীৱন অসাৰ; জীৱনৰ কোনো ভৱিষ্যত নাই বুলি ভাৱি থাকে
– নতুনকৈ অত্যধিক মদ বা আন নিচাজাতীয় বস্তু খাবলৈ আৰম্ভ কৰিছে
– অকলশৰীয়াকৈ থাকিব লৈছে বা আনৰ লগত মিলা-মিচা কমাই দিছে
– কৈ থাকে, “জীয়াই থাকিবলৈ তেওঁ যেন কোনো উপায় বিচাৰি নোপোৱা হৈছে।”
– নিজৰ সাঁচতীয়া ধন বা আন বস্তুবোৰ আনক বিলাই দিব আৰম্ভ কৰিছে৷

এই আগতীয়া লক্ষণসমূহৰ প্ৰতি সচেতন হৈ থাকিব পাৰিলে বহুসংখ্যক ব্যক্তিক মৃত্যুমুখৰ পৰা বচাব পৰা যায়।
৯. আত্মহত্যাৰ প্ৰৱণতাৰ কথা ব্যক্ত কৰি প্ৰকৃততে ব্যক্তিয়ে জীৱনত সন্মুখীন হোৱা সংকটৰ পৰা উদ্ধাৰৰ বাবে সহায়হে বিচাৰে। তেনেকুৱা ব্যক্তিক উপেক্ষা কৰিব নেলাগে।
১০. অকল মনোৰোগ বিশেষজ্ঞইহে আত্মহত্যা প্ৰতিৰোধ কৰিব পাৰে। সেয়া শুদ্ধ নহয়। আত্মহত্যা প্ৰতিৰোধত সমাজৰ সকলোস্তৰৰ ব্যক্তিৰে কৰণীয় আছে। আত্মহত্যাৰ সতৰ্ককাৰী লক্ষণসমূহৰ প্ৰতি সচেতন, সংবেদনশীল যিকোনো ব্যক্তিয়ে আত্মহত্যা প্ৰতিৰোধত সহায় কৰিব পাৰে।

প্ৰতিৰোধ!

সঠিক সময়ত আত্মহত্যাৰ সম্ভাৱনা নিৰূপণ কৰি উপযুক্ত ব্যৱস্থা প্ৰহণ কৰিব পাৰিলে বেছিভাগ আত্মহত্যাই প্ৰতিৰোধ কৰিব পাৰি।

১. তৃণমূল স্তৰৰ স্বাস্থ্যকৰ্মী বা প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তিয়ে কোনো ব্যক্তিৰ আচৰণত আত্মহত্যাৰ সম্ভাৱনা আছে নেকি আৰু যদি আছে তেন্তে সেই সম্ভাৱনা কিমান তীব্ৰ সেয়া নিৰূপণ কৰি এক নিৰাপদ ব্যৱস্থাৰে চিকিৎসকৰ পৰামৰ্শৰ বাবে পঠিওৱাৰ ব্যৱস্থা কৰিব লাগে। আত্মহত্যাৰ প্ৰৱণতা থকা ব্যক্তিক নিজৰ মনৰ কথা খুলি ক’বলৈ উৎসাহিত কৰিব লাগে আৰু ভাল-বেয়া, উচিত-অনুচিত কোনো মন্তব্য নকৰাকৈ একাগ্ৰভাৱে সেই কথা শুনিব লাগে।

২. ব্যক্তিগত জীৱন, পৰিয়াল আৰু সমাজ আৰু পৰিৱেশৰ কেতবোৰ কাৰকে মানুহক আত্মহত্যাৰ পৰা সুৰক্ষা দিয়ে। যেনে,

– এটা সুস্থ জীৱন কটোৱাৰ হেঁপাহ
– ভালে থাকিবলৈ প্ৰয়োজনত আনৰ পৰা পৰামৰ্শ ল’বলৈ ইতঃস্ততবোধ নকৰা
– পৰিয়ালৰ প্ৰতি দায়িত্ববোধ আৰু পৰিয়ালৰ সদস্যসকলৰ মাজত থকা মৰম-ভালপোৱা আৰু শ্ৰদ্ধাৰ বান্ধোন।
– সম্বন্ধবোৰৰ মাজত সৃষ্টি হ’ব পৰা সমস্যাবোৰ সমাধান কৰিব পৰাৰ ক্ষমতা।
– সহায়কাৰী সংস্থাবোৰৰ লগত হোৱা পূৰ্বৰ মিঠা অভিজ্ঞতা।
– প্ৰয়োজনত সহজতে পাব পৰা কাউন্‌ছেলৰ, চিকিৎসক আৰু চিকিৎসালয়ৰ সুবিধা
– ধৰ্মীয় পৰম্পৰাত থকা বিশ্বাস যি ধৰ্মীয় পৰম্পৰাই আত্মহত্যাক পাপ বুলি বিশ্বাস কৰে আৰু আত্মহত্যা বাৰণ কৰে।

এই কাৰকবোৰে মানুহৰ মনত আত্মবিশ্বাস বঢ়াই, পৰিয়াল, কৰ্মক্ষেত্ৰ আৰু সমাজৰ এটা অংশ হিচাপে মনত নিজকে পতিয়ন নিওৱাত সহায় কৰে আৰু ফলত মানুহে অকলশৰীয়া অনুভৱ নকৰে। এই সুৰক্ষাদায়ক কাৰকবোৰে আত্মবিশ্বাস বঢ়ায় আৰু ঋণাত্মক চিন্তাবোৰ পৰিহাৰ কৰাত সহায় কৰিব পাৰে। ব্যক্তিয়ে সমস্যাবোৰ আন ধৰণে চাব পাৰে আৰু পূৰ্বৰ সমস্যাবোৰ যেনেকৈ মোকামিলা কৰিছিল তাৰ ভিত্তিতে বৰ্তমানৰ সমস্যা সমাধানৰ বাবে চেষ্টা চলাব পাৰে। গতিকে, এই আত্মহত্যাৰ পৰা সুৰক্ষাপ্ৰদানকাৰী এই কাৰকসমূহ বৃদ্ধি আৰু শক্তিশালী কৰিবলৈ সদা সচেষ্ট থাকিব লাগে।

৩. আত্মহত্যা প্ৰতিৰোধৰ বাবে সুৰক্ষাপ্ৰদানকাৰী কাৰকবোৰ শক্তিশালী কৰিবলৈ বিদ্যালয়, ঘৰখন আৰু সমাজখনে সৰুকালৰ পৰাই ব্যক্তিক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব পাৰে। বিদ্যায়তনিক জ্ঞানৰ উপৰিও ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক, সামাজিক, আবেগিক আৰু বুদ্ধি-মত্তাৰ বিকাশত শিক্ষক সকলৰ প্ৰভাৱ অনস্বীকাৰ্য্য। ব্যক্তি এজনে জীৱনত সন্মুখীন হ’ব পৰা সমস্যাসমূহ মোকামিলা কৰিবলৈ জীৱন ধাৰণৰ কৌশলৰ প্ৰশিক্ষণ (life skill training)ৰ প্ৰয়োজন। এই ক্ষেত্ৰত শিক্ষকসকলে কিশোৰসকলক আত্ম-সচেতনতা, সহমৰ্মিতা, সুবিবেচিত আৰু সৃজনীমূলক চিন্তা, সমস্যা সমাধান, সিদ্ধান্ত গ্ৰহণ, পাৰস্পৰিক সম্পৰ্ক, উপযুক্ত যোগাযোগ, মানসিক চাপ আৰু আবেগৰ মোকামিলা কৰা আদি কৌশলসমূহৰ প্ৰশিক্ষণ দিয়াৰ প্ৰয়োজন। জীৱন ধাৰণৰ কৌশলৰ শিক্ষাই কিশোৰ-কিশোৰীসকলৰ মানসিক উত্তৰণত সহায় কৰে অৰু পৰৱৰ্তী সময়ত জীৱনলৈ অহা প্ৰত্যাহ্বানবোৰৰ সন্মুখীন হৈ মোকামিলা কৰিবলৈ কাৰ্য্যক্ষম কৰি তোলে। জীৱনৰ সংকটৰ মুহূৰ্তত শিক্ষক-শিক্ষয়িত্ৰীসকলে মানসিকভাৱে আশ্বাস দি ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰিব পাৰে। তেনেদৰে, কৰ্মক্ষেত্ৰবোৰত কৰ্মচাৰীসকলে পৰস্পৰে পৰস্পৰক মানসিকভাৱে শক্তিশালীহৈ থকাত সহায় কৰিব পাৰে। আত্মহত্যাৰ এটা প্ৰধান কাৰক হৈছে পাৰিবাৰিক সমস্যা (ৰাষ্ট্ৰীয় অপৰাধ অভিলেখন সংস্থা, ২০২০)। সমস্যাবোৰ সমাধানত সমাজৰ এটা ভূমিকা থাকে। একাকিত্বই আনিব পৰা হতাশাৰ পৰা নিজকে বচাবলৈ হলে নিজৰ সমাজখনৰ কাম-কাজবোৰত নিজকে একোজন অংশীদাৰ কৰি ল’ব লাগে আৰু ইজনে সিজনৰ সহচৰ হ’ব লাগে। আপোন বুলি ভবাজনক নিজৰ সমস্যাবোৰৰ কথা ক’ব পাৰিলে সমাধানৰ পথ ওলোৱাৰ সম্ভাৱনা থাকে। নিচাজাতীয় দ্ৰব্যৰ ব্যৱহাৰ আত্মহত্যাৰ এটা উল্লেখযোগ্য কাৰক। আত্মহত্যাৰ আন এটা উল্লেখযোগ্য কাৰক হৈছে মানসিক ৰোগ। উপযুক্ত সময়ত কৰা সঠিক চিকিৎসাই মানসিকৰোগীক সুস্থ কৰাৰ উপায়। কিন্তু কিছুমান মানসিকৰোগ যিহেতু পুনৰ্বাৰ হোৱাৰ সম্ভাৱনা থাকে, গতিকে সময়ে সময়ে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ প্ৰয়োজন। আত্মহত্যা প্ৰতিৰোধত স্বেচ্ছাসেৱী সংগঠনবোৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

৪. আত্মহত্যা প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগৰ উপৰিও সমাজ কল্যাণ বিভাগ, শিক্ষা বিভাগ, আঁচনি প্ৰস্তুত কৰোঁতা, প্ৰশাসন, আৰক্ষী আদি বিভাগৰ সামগ্ৰিক প্ৰচেষ্টাৰ প্ৰয়োজন। আত্মহত্যা প্ৰতিৰোধৰ প্ৰণালীবদ্ধ ব্যৱস্থাৰ বাবে ৰাষ্ট্ৰীয় আত্মহত্যা প্ৰতিৰোধ আঁচনি এখনৰ নিতান্তই প্ৰয়োজন।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!