শিশুসকলৰ বিচ্ছেদ সম্পৰ্কীয় উদ্বিগ্নতা

লেখক- গায়ত্ৰী বৰা কলিতা

কৰনা মহামাৰী অহাৰ কিছু আগৰ ঘটনা। ৬৭বছৰীয়া মৰম লগা অকণমানি ছোৱালী এজনী মাকদেউতাকৰ লগত মোৰ ওচৰলৈ আহিছিল। খুবেই শান্ত যেন লগা ছোৱালীজনী কুঁচি মুঁচি মাকৰ আঁচলত ধৰি কোলাত বহি ললে। ৩৪বাৰমান সোধাৰ অন্তত নামটো কলে। মাকদেউতাকে কলেতাইৰ লাজটো অলপ বেছি। মানুহৰ লগত সহজ হওঁতে অলপ সময় লাগে। মই তেওঁলোক অহাৰ উদ্দেশ্য সোধাত কলেসমস্যা সেইখিনিতে। মাকদেউতাকৰ বাহিৰে কাৰো লগ নলয়। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে এজন নহয় আনজন লাগি থাকিব লাগে। স্কুললৈ যাবৰ সময়ত সদায় কন্দা কটা, পেটৰ বিষ আৰম্ভ হয়। অকলে থাকিবলৈ ভয় কৰে। শিশুৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লোৱাত কোনো ধৰণৰ শাৰীৰিক সমস্যা নাপালে। মাকদেউতাকৰ লগত থাকিলে তাইৰ কোনো অসুবিধাই নাই। কিন্তু অকলে কিবা এটা কৰিবলৈ তাইৰ সাহস নাই। আনকি পঢ়া টেবুলতো মাক কাষত বহি থাকিব লাগিব। নহলে তাই এক মিনিটো কোঠাটোত অকলে নাথাকে।

সম্পূৰ্ণ কথাখিনি শুনাৰ পাছত তাইৰ লগত কথা পাতিবলৈ চেষ্টা কৰোঁতে তাই কলে তাইৰ হেনো ভয় লাগে অকলে থাকিবলৈ। যদি তাইৰ কিবা এটা হয় নাইবা মাকদেউতাকৰ যদি কিবা হয়। তাই অকলে থাকিলে যদি সোপাধৰাই তাইক লৈ যায়। পাছত গম পালোঁ মাকদেউতাকে কথাই প্ৰতি কাম এটা সম্পন্ন কৰিবলৈ বিভিন্ন ভয় দেখুৱায়। মাকদেউতাক আৰু ছোৱালীজনীৰ লগত বহু সময় কথা পতাৰ অন্তত বুজিবলৈ বাকী নাথাকিল যে, ছোৱালীজনীৰ সমস্যাখিনি শিশুকালত দেখা দিয়া বিচ্ছেদ সম্পৰ্কীয় উদ্বিগ্নতাৰ লক্ষণ যাক আমি সাধাৰণতে Separation anxiety বুলি কওঁ। 

যদিও বহুতৰে বাবে ঘটনাটি সাধাৰণ হব পাৰে কিন্তু সৰু বুলি ভবা অসুবিধাবোৰে আগলৈ ডাঙৰ সমস্যাৰ ৰূপ লয়। এতিয়া আহোঁ এই Separation anxiety প্ৰকৃততে কি হয়। শৈশৱকালৰ পৰা আৰম্ভ কৰি কৈশোৰ কাললৈকে কিছুমান ভয় যেনেআন্ধাৰলৈ, ভূতলৈ, অচিনাকি লোকলৈ আৰু অলপ ডাঙৰ হলে পঢ়াশুনা বা বিদ্যালয় সম্পৰ্কীয় ভয় শংকা হোৱাটো সাধাৰণ কথা। Anxiety বা উদ্বিগ্নতা এটা খুব সঘনাই দেখা পোৱা মানসিক সমস্যা যত প্ৰায় ১০ শতাংশ বা তাতকৈ অধিকৰে শিশুৰ পৰা যুৱ অৱস্থালৈ হোৱা বিকাশৰ স্তৰত দেখা যায়। বিচ্ছেদ উদ্বিগ্নতা সাধাৰণতে এক বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত দেখা পোৱাটো খুবেই সহজ যত শিশুসকলৰ মনে মাক বা আন প্ৰাথমিক তত্ত্বাৱধায়ক (caretaker) পৰা আঁতৰাই অনাটো বুজি পায়। গতানুগতিক বিচ্ছেদ সম্পৰ্কীয় উদ্বিগ্নতা ৯ মাহৰ পৰা ১৮ মাহৰ ভিতৰত বেছি হয় আৰু ক্ৰমান্বয়ে আঢ়ৈ বছৰলৈ লাহে লাহে কমি আহে। আনুমানিক ১৫ শতাংশ শিশুৰ মাজতহে এক তীব্ৰ ভয়, লাজ নাইবা অচিনাকি লোক বা পৰিৱেশৰ প্ৰতি অসহজ হৈ পৰা দেখা যায়। 

শিশু এটিক মাকদেউতাক বা পৰিয়ালৰ আন কোনো ঘনিষ্ঠ ব্যক্তিৰ পৰা আঁতৰাই অনাৰ ফলত যদি তেওঁলোকৰ আচৰণত অস্বাভাৱিকতা আৰু অতিমাত্ৰা উদ্বিগ্নতা দেখিবলৈ পোৱা যায়, লগতে এই ভীতিগ্ৰস্ততাত যদি বিদ্যালয় যাবলৈ ইচ্ছা নকৰা, বিভিন্ন শাৰীৰিক সমস্যা (অজুহাত) যেনে,- মূৰৰ বিষ, মূৰ ঘূৰোৱা, পেটৰ বিষ আদি সমস্যা আৰম্ভ হোৱা দেখা দিয়ে তেন্তে এইসমূহ লক্ষণক বিচ্ছেদ উদ্বিগ্নতাৰ লক্ষণ বুলি নিৰ্ণয় কৰিব পাৰি। কেতিয়াবা কিছু শিশুৰ ক্ষেত্ৰত ৰাতি শোৱাৰ মাজত চক্ খোৱা, কন্দা আদিও দেখা দিয়ে। বিচ্ছেদ উদ্বিগ্নতা কৈশোৰতকৈ শৈশৱ কালত বেছি দেখা পোৱা যায় আৰু লৰাছোৱালী উভয় লিংগৰ মাজতে সমানে ইয়াৰ উপস্থিতি চকুত পৰে। যদিও ইয়াৰ আৰম্ভণি প্ৰাকপ্ৰাথমিক বিদ্যালয়লৈ যোৱাৰ পৰা হোৱা দেখা যায় তথাপিও ৭ৰ পৰা ৮ বছৰ বয়সত ই খুবেই সাধাৰণ। যদিহে বিচ্ছেদ সম্পৰ্কীয় উদ্বিগ্নতাৰ আন বিভিন্ন লক্ষণসমূহৰ (মেডিকেল গাইডলাইন অনুসৰি) ভিতৰত যিকোনো তিনিটা লক্ষণ বিগত চাৰি সপ্তাহৰ পৰা শিশুটিৰ মাজত দেখা যায় তেন্তে শিশুটিক বিশেষজ্ঞৰ পৰামৰ্শৰ প্ৰয়োজন। 

বিচ্ছেদ উদ্বিগ্নতাৰ লগতে আৰু দুই ধৰণৰ উদ্বিগ্নতা – Generalized Anxiety Disorder আৰু Social Phobiaৰ লক্ষণসমূহো সাধাৰণতে শিশুসকলৰ মাজত দেখা যায়। মূলতঃ এই তিনিধৰণৰ উদ্বিগ্নতাৰ লক্ষণসমূহ কম বেছি পৰিমাণে একে হোৱা বাবে প্ৰায়ে ৬০ শতাংশ শিশুৰে এটাৰ লগতে আন দুটাৰ যিকোনো এটা বা দুয়োটা উদ্বিগ্নতাই দেখা দিব পাৰে। 

এতিয়া আহোঁ এই বিচ্ছেদ উদ্বিগ্নতা কিদৰে শিশুসকলৰ মনত উৎপন্ন হয়। প্ৰথমে জেনেটিক বা জৈৱিক কাৰক, দ্বিতীয়তে শিশু এটিৰ জন্মৰ লগতে অহা স্বভাৱজাত কিছু চাৰিত্ৰিক বৈশিষ্ট্য (Temperament), আৰু তৃতীয়তে পৰিয়াল তথা পৰিৱেশকে ইয়াৰ আৰম্ভণিৰ মূল কাৰক হিচাপে চিহ্নিত কৰিব পাৰি। 

জেনেটিক বা জৈৱিক কাৰকৰ দ্বাৰা উদ্বিগ্নতা আৰম্ভ হোৱাত এক তৃতীয়াংশ ভূমিকা থকা বুলি বহু সমীক্ষাত প্ৰমাণ পোৱা গৈছে। পিতৃ বা মাতৃৰ কোনো যদি (বা উভয়ে) উদ্বিগ্নতা ৰোগৰ দ্বাৰা আক্ৰান্ত তেনে অভিভাৱকৰ সন্তানৰ মাজত কিছু উদ্বিগ্নতাৰ লক্ষণ ধৰা পৰে। 

জন্মৰ পিছৰে পৰা শিশু এটিৰ বিকাশ কালত প্ৰত্যেক শিশুৱে নিজৰ কিছু সুকীয়া চাৰিত্ৰিক বৈশিষ্ট্য প্ৰদৰ্শন কৰে। যেনে,— কোনো শিশু খুব ৰঙিয়াল কোনো আকৌ গোমোঠা বা অলপ বেছি কন্দা কটা কৰা কোনো আকৌ খুব সহজেই বেলেগৰ লগত মিলি যাব পৰা আনহাতে কিছু সংখ্যক সাংঘাতিক লাজকুৰীয়া স্বভাৱৰ থাকে। এই লাজকুৰীয়াসকলৰে সাধাৰণতে এনে উদ্বিগ্নতা পিছৰ বয়সলৈ দেখা দিব পাৰে।

মাতৃ এগৰাকীৰ নিজৰ সৈতে থকা সম্বন্ধ (Attachment pattern) টোৱেও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যদি অভিভাৱক আৰু সন্তানৰ মাজৰ সম্বন্ধটো অনিশ্চিত (Insecure) হয় নাইবা শিশু এটিক বেছি বান্ধোনৰ মাজত ৰাখিবলৈ চেষ্টা কৰে তেন্তে ই বেয়ালৈ গতি কৰিব পাৰে। উদাহৰণস্বৰূপে সন্তানে কৰিব বিচৰা সকলো কামতে যদি অভিভাৱকে ভয় দেখুৱায় বা বাধা দিবৰ বাবে কেৱল ঋণাত্মক ফলাফলৰ কথা আলোচনা কৰে তেন্তে তেওঁলোকৰ মনত এক অমূলক শংকা অহাটো সাধাৰণ কথা। ইয়াৰ উপৰিও সন্তানৰ আগত যদি অভিভাৱকে সৰুৰে পৰা সকলো কথাতে ভয় খোৱা, চক্‌ খোৱা আদি কাৰ্য্য কৰে তেন্তে শিশু এটিৰ আত্মবিশ্বাসত ই বিৰূপ প্ৰভাৱ পেলায়। বাহ্যিক কিছু পৰিঘটনা যেনে,— নিকটআত্মীয়ৰ মৃত্যু, শিশুটিৰ শাৰীৰিক সমস্যা, হঠাতে শিশু এটিৰ পৰিৱেশ সলনি হৈ যোৱা, নতুন ঠাই বা নতুন বিদ্যালয়লৈ যাবলগীয়া হোৱা কাৰ্য্যয়ো উদ্বিগ্নতা বৃদ্ধি কৰিব পাৰে। 

পূৰ্বে আলোচনা কৰাৰ দৰে শিশু এটিহে সদায় নিজৰ মাকদেউতাকক অনুকৰণ কৰে। যদি পিতৃমাতৃয়ে কোনো অপৰিচিত বা অপ্ৰত্যাশিত পৰিস্থিতিত কেৱল ভয় শংকা আদিক প্ৰকাশৰ মাধ্যম হিচাপে দেখুৱায় তেন্তে শিশু এটিৰ মনত ই গম নোপোৱাকৈ ক্ৰিয়া কৰে। কিছু অভিভাৱকে অত্যধিক ৰক্ষণাবেক্ষণ দিয়াৰ পৰিপ্ৰেক্ষিতত শিশু এটিক নভবাকৈ উদ্বিগ্নতাৰ দিশে ঠেলি দিয়ে। যাৰ ফলত আগলৈয়ো সন্তানটিৰ আত্মবিশ্বাস কম হোৱা, নিজে সিদ্ধান্ত লব নোৱৰা, সহজে কাকো বিশ্বাস নকৰা আদি অসুবিধাবোৰ থাকি যায়। ইয়াৰ বিপৰীতে কিছু সংখ্যক অভিভাৱকে অতিমাত্ৰা খঙৰ মাধ্যমেৰে সন্তানক পৰিচালনা কৰিব চেষ্টা কৰে যিটো সমানে অপকাৰী। এক সমীক্ষা অনুসৰি কিছু প্ৰতিকূল মনোসামাজিক ঘটনা যেনে,— পৰিয়ালৰ মাজত চলা মনোমালিন্য বা সুসম্পৰ্ক নথকা আদিয়েও সন্তানৰ মনত বিচ্ছেদ সম্পৰ্কীয় উদ্বিগ্নতাৰ জন্ম দিব পাৰে। 

বিচ্ছেদ বা অন্যান্য যিকোনো উদ্বিগ্নতাৰ লক্ষণসমূহ ভৱিষ্যতে কি দিশে গতি কৰিব নাইবা সমস্যাটো কিমান গুৰুতৰ হব পাৰে সেইটো নিৰ্ভৰ কৰে সমস্যাবোৰ কোনটো স্তৰত আৰম্ভ হৈছে, লক্ষণসমূহৰ সময়কাল কিমান আৰু অন্য উদ্বিগ্নতা বা বিষাদগ্ৰস্ততাৰ উপস্থিতিৰ ওপৰত। যিসকল শিশুৱে বিদ্যালয় নিয়মীয়াভাৱে যাবলৈ সক্ষম হয়, পঢ়াশুনাৰ উপৰিও অন্য কাৰ্য্যত মনোযোগ দিব পাৰে আৰু সমবয়সীয়া সকলৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হব পাৰে তেওঁলোকৰ সোনকালে আৰোগ্য হোৱাটো দেখা যায়৷ খুব কম বয়সত আৰম্ভ হোৱা লক্ষণসমূহ চিনাক্ত কৰোঁতে যদি পলম হয় তেন্তে ইয়াৰ আৰোগ্যও লেহেমীয়া হব৷ আগতে উল্লেখ কৰাৰ দৰে বহুতৰে কেতিয়াবা Social phobia, Generalised Anxiety Disorder নাইবা বিষাদগ্ৰস্ততা আদি সমস্যাও হব পাৰে৷ কিছু শিশুৰ ক্ষেত্ৰত বিচ্ছেদ উদ্বিগ্নতা আৰু বিষাদগ্ৰস্ততাৰ লক্ষণসমূহ ওপৰাউপৰি হব পাৰে যি পিছৰ পৰ্য্যায়ত সুকীয়াকৈ বিষাদগ্ৰস্ততা হোৱাৰ আশংকা থাকি যায়৷ 

শেষত চিকিৎসাৰ কথা আলোচনা কৰিবলৈ হলে ইয়াকে কব পাৰি যে এনে সমস্যাৰ চিকিৎসাত বহুকেইটা দিশ সামৰি লবলগীয়া (multimodel approach) হয় যত ছাইকথেৰাপী, পৰিয়ালক শিক্ষা দিয়া, মনোসমাজিক দিশটোক গুৰুত্ব দিয়া আৰু ঔষধৰ দৰকাৰ হব পাৰে৷ যিমান সোনকালে আমি লক্ষণসমূহ চিনাক্ত কৰিব পাৰোঁ সিমান সোনকালে আৰোগ্য়ৰ পথো প্ৰশস্ত হব৷

লেখক চিকিৎসা মনোবিজ্ঞানী৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!