নৱম অধ্যায়: সাম্প্ৰতিক যুগৰ অসমীয়া সাহিত্যঃ প্ৰথম পৰ্ব (১৯৭০-১৯৯০)

লেখক- মৃণালজ্যোতি গোস্ৱামী

উপন্যাস

অসমীয়া উপন্যাস সাহিত্যইও বিংশ শতিকাৰ সত্তৰৰ দশকৰ পৰা বৈচিত্ৰ্যৰ মাজেৰে যাত্ৰা আৰম্ভ কৰে৷ এই সময়ছোৱাৰ ঔপন্যাসিকসকলে কেৱল সুখপাঠ্য কাহিনী বৰ্ণনা কৰাৰ বিপৰীতে নিজৰ অধ্যয়ন বা অভিজ্ঞতাৰ মাজেদি লাভ কৰা একোটি ধাৰণাক কাহিনীৰ জৰিয়তে প্ৰকাশ কৰাত অধিক গুৰুত্ব আৰোপ কৰে৷ লগতে চৰিত্ৰৰ যি কোনো কাৰ্য-কলাপৰ আঁৰত থকা কাৰকৰ কথা বিশ্লেষণ কৰিবলৈ গৈ মনোবিশ্লেষণ বা মনস্তত্ত্বৰ সূত্ৰৰ কথা উল্লেখ কৰি প্ৰতিটো চৰিত্ৰ স্পষ্ট ৰূপে চৰিত্ৰায়ণ কৰিবলৈ চেষ্টা কৰিছে৷ সেয়ে আলোচ্য সময়ছোৱাৰ অসমীয়া উপন্যাসত বহুধা বিভক্ত চিন্তাৰ আভাস পোৱা যায়৷ তদুপৰি এই সময়ৰ ঔপন্যাসিকসকলে তেওঁলোকৰ উপন্যাসত কোনো কাহিনী বৰ্ণনা কৰিবলৈ পূৰ্বে গ্ৰহণ কৰা স্বাভাৱিক বৰ্ণনাত্মক পদ্ধতিৰ পৰিৱৰ্তে বিক্ষিপ্ততাৰ মাজত প্ৰকাশ পোৱা বিশ্লেষণাত্মক পদ্ধতি আঁকোৱালি ল’লে৷ বিষয়বস্তু চয়নৰ ক্ষেত্ৰত যেনেদৰে নতুনত্ব আহিল, ঠিক তেনেদৰে উপস্থাপনৰ কলা-কৌশলতো দেখা দিলে অভিনৱত্ব৷ মন কৰিবলগীয়া যে ৰামধেনু যুগত‘আধুনিক’ উপন্যাস ৰচনা কৰাৰ যি প্ৰস্তুতি আৰম্ভ হৈছিল সাম্প্ৰতিক কালত সেই প্ৰস্তুতি সম্পূৰ্ণ হ’ল আৰু প্ৰকৃতাৰ্থত ‘আধুনিক’ উপন্যাস ৰচিত হ’ল৷

এই খিনিতে এটা কথা পুনৰ উল্লেখ কৰা হ’ল যে ৰামধেনু যুগত যি সকল প্ৰধান ঔপন্যাসিকে উপন্যাস ৰচনাত হাত দিছিল তেওঁলোকৰ অধিকাংশই এই সময়তো উপন্যাস ৰচনা অব্যাহত ৰাখিছিল৷ আলোচ্য কালছোৱাত অসমৰ জনসাধাৰণৰ অৰ্থনৈতিক দুৰৱস্থাই অতীতৰ পৰা বিষয়বস্তু আহৰণ কৰি বা অতীতক সুঁৱৰি উপন্যাস ৰচনা কৰাৰ আগ্ৰহ নাইকিয়া কৰি পেলাইছিল৷ কিন্তু সত্তৰ আৰু আশীৰ দশকত কেইখনমান সাৰ্থক ঐতিহাসিক উপন্যাস ৰচিত হয়৷ সেইবোৰৰ ভিতৰত ঐলোক্য ভট্টাচাৰ্যৰ ‘সাঁচিপাতৰ পুথি’ (১৯৭৩) আৰু ‘চৰাইদেউ’ (১৯৭৭); আৰু নৱকান্ত বৰুৱাৰ ‘ককাদেউতাৰ হাঁড়’ (১৯৭৩) আৰু ‘গৰমা কুঁৱৰী’ (১৯৮০), দেবেন্দ্ৰনাথ আচাৰ্যৰ ‘জংগম’ (১৯৮২) আৰু ‘কালপুৰুষ’ (১৯৭৬), ধীৰেন বৰঠাকুৰৰ ‘বাঈচাহেবা’ (১৯৮০) আদি উল্লেখযোগ্য৷ এইগোটেই কেইখন ঐতিহাসিক উপন্যাসত ইতিহাসৰ ঘটনাক নতুন দৃষ্টিভংগীৰে চোৱাৰ আৰু অতীতৰ লগত বৰ্তমানক সংযোগ কৰাৰ চেষ্টা স্পষ্টভাৱে প্ৰকাশ পাইছে৷

স্বৰাজোত্তৰ কালৰ অসমীয়া ঔপ্যনাসিকসকলৰ ভিতৰত বিৰিঞ্চি কুমাৰ বৰুৱা, প্ৰফুল্ল দত্ত গোস্বামী, মহম্মদ পিয়াৰ, দীননাথ শৰ্মা, ঘন গগৈ, হিতেশ ডেকা, উমাকান্ত শৰ্মা, ছৈয়দ আব্দুল মালিক, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, লক্ষ্মীনন্দন বৰা, অমূল্য বৰুৱা, হোমেন বৰগোহাঞি, মেদিনী চৌধুৰী, দেবেন্দ্ৰনাথ আচাৰ্য, মামণি ৰযছম গোস্বামী, নিৰুপমা বৰগোহাঞি, শীলভদ্ৰ, নিৰোদ চৌধুৰী, নৱকান্ত বৰুৱা, যোগেশ দাস, ৰোহিনী কুমাৰ কাকতি, নীলিমা দত্ত, কাঞ্চন বৰুৱা, মহিম বৰা, মহেন্দ্ৰ বৰঠাকুৰ, লুম্বেৰ দাই, পোলেন বৰকটকী, চন্দ্ৰপ্ৰসাদ শইকীয়া, ভবেন্দ্ৰনাথ শইকীয়া, অতুলানন্দ গোস্বামী, জয়ন্ত ৰংপী, যেচে দৰজে ঠংচি, ৰং বং তেৰাং, অৰূপা পটংগীয়া কলিতা, ভূপেন শৰ্মা, ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, তিলোত্তমা মিশ্ৰ, ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য, আৰুণ গোস্বামী, অৰুণ শৰ্মা আদি ঔপন্যাসিকে বিভিন্ন শ্ৰেণীৰ উপন্যাস লিখি অসমীয়া উপন্যাসৰ ধাৰাটিৰ বিকাশৰ ক্ষেত্ৰত অৰিহণা যোগাইছে৷ ইয়াত উল্লেখ কৰা সকলৰ উপৰি আন বহুতো ঔপন্যাসিকে বিভিন্ন শ্ৰেণীৰ উপন্যাস ৰচনা কৰি অসমীয়া উপন্যাস সাহিত্যৰ ভঁৰাল চহকী কৰিছে৷ ইয়াত উদাহৰণ হিচাপে মাত্ৰ কেইজনমান উল্লেখযোগ্য ঔপন্যাসিকৰ নামহে উল্লেখ কৰা হৈছে৷

অসমীয়া আধুনিকতাবাদী উপন্যাসৰ বাটকাটোঁতা প্ৰফুল্ল দত্ত গোস্বামীৰ পৰৱৰ্তী সময়ত শীলভদ্ৰই ‘অনুসন্ধান’ (১৯৮৭) আৰু ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্যই ‘মৰুদ্যান’ (১৯৯১) ৰচনা কৰি এই ধাৰাটি প্ৰবহমান কৰি ৰাখিলে৷ বিৰিঞ্চি কুমাৰ বৰুৱাই বীণা বৰুৱা ছদ্মনামেৰে গ্ৰাম্য পটভূমিত সমাজ বাস্তৱতাক আধাৰ হিচাপে লৈ আৰম্ভ কৰা উপন্যাস লিখাৰ পৰিক্ৰমাটো এই সময়ছোৱাত হোমেন বৰগোহাঞিয়ে ‘হালধীয়া চৰায়ে বাওধান খায়’ (১৯৭৩), ‘পিতাপুত্ৰ’ (১৯৭৫); অতুলানন্দ গোস্বামীয়ে ‘নামঘৰীয়া’ (১৯৯০), দেবেন্দ্ৰ নাথ আচাৰ্যই ‘অন্য যুগ অন্য পুৰুষ’ (১৯৭০) আদি উপন্যাসৰে বৰ্তাই ৰাখিলে৷ এই উপন্যাসসমূহত গ্ৰাম্য জীৱনৰ আৱেগ-অনুভূতি, আধুনিক নাগৰিক সভ্যতাৰ পত্তন, পৰম্পৰাগত মূল্যবোধ, অৱক্ষয়, আদৰ্শবাদিতা আৰু আদৰ্শহীনতাৰ সংঘাত আদি সজীৱ ৰূপত আত্মপ্ৰকাশ কৰিলে৷ ৰামধেনু যুগতে আত্মপ্ৰকাশ কৰা প্ৰসিদ্ধ ঔপন্যাসিক এজন হ’ল ছৈয়দ আব্দুল মালিক৷ তেওঁৰ উপন্যাসসমূহৰ মাজেদি বিভিন্ন প্ৰকৃতিৰ বিষয়বস্তু প্ৰকাশ পাইছে৷ আমাৰ আলোচ্য কালচোৱাত তেওঁৰ কাপৰ পৰা নিৰ্গত হ’ল — মধ্যবিত্ত শ্ৰেণীৰ মনসিকতাৰ প্ৰকাশেৰে ‘ড॰ অৰুণাভৰ অসম্পূৰ্ণ জীৱনী’ (১৯৭৫); মানৱতাবাদী ভাবধাৰাৰ ‘ৰূপাবৰিৰ পলস’ (১৯৮০); মানুহৰ অস্বাভাৱিক মনস্তত্ত্বক লৈ ‘সোণালী সূতাৰে বন্ধা’ (১৯৭২); জীৱনীমূলক উপন্যাস ‘ধন্য নৰ তনু ভাল’ (১৯৮৭) আদি ৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে মালিকে ৰচনা কৰা ৰূপতীৰ্থৰ যাত্ৰী উপন্যাসখনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ আদি জীৱনভাগ তুলি অনা হৈছে আৰু এইখনেই অসমীয়া সাহিত্যৰ প্ৰথম জীৱনীমূলক উপন্যাস৷ সাম্প্ৰতিক কালত মেদেনী চৌধুৰীয়ে মাধৱদেৱৰ জীৱনক লৈ ‘বণ্ডুকা বেহাৰ’ (১৯৭৬), বিষ্ণুৰাভাৰ জীৱনৰ আধাৰত ‘ফেৰেংগাদাও’ (১৯৮২), ব্ৰজ শৰ্মাৰ জীৱনক লৈ ‘খোলাকটিৰ তাল’ (১৯৮৯); প্ৰদীপ শইকীয়াই ওমৰ খয়ামৰ জীৱনৰ আধাৰত ‘ওমৰ খয়াম’ (১৯৮৭) ৰচনা কৰে৷

অসমীয়া সাহিত্যৰ আধুনিকতা আন্দোলনৰ এগৰাকী অগ্ৰগণ্য হোতা তথা ৰামধেনু কাকতখনৰ সম্পাদক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যও এই সময়ছোৱাৰ এগৰাকী উল্লেখযোগ্য ঔপন্যাসিক৷ কালত তেওঁ লিখা উপন্যাসকেইখন হ’ল— মৃত্যুঞ্জয় (১৯৭০), প্ৰতিপদ (১৯৭০), চিনাকি সুঁতি (১৯৭১), ডাইনী (১৯৭৬)৷ ইয়াৰে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ পটভূমিত ৰচিত উপন্যাস ‘মৃত্যুঞ্জয়’ৰ বাবে তেওঁ ১৯৭৯ চনত ভাৰত চৰকাৰে প্ৰদান কৰা সৰ্বোচ্চ সাহিত্যক সন্মান জ্ঞানপীঠেৰে বিভূষিত হৈছিল৷ ভট্টাচাৰ্য এই বঁটাৰে বিভূষিত প্ৰথমজন অসমীয়া সাহিত্যিক৷ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ৰচনা কৰা ‘ইয়াৰুইংগম’ উপন্যাসখনেৰে জনজাতীয় জীৱনৰ (নগা সমাজ জীৱনৰ বিভিন্ন দিশ) চিত্ৰ দাঙি ধৰা উপন্যাস লিখাৰ পৰম্পৰাটোও এই সময়চোৱাত বিস্তৃত হৈ উঠিল৷ এই পৰম্পৰাটিৰ কেইখনমান উল্লেখযোগ্য উপন্যাস হ’ল– ৰং বং তেৰাঙৰ ‘ৰং মিলিৰ হাঁহি’ (১৯৮২), লুম্বেৰ দাইৰ ‘কইনাৰ দাম’ (১৯৮৪); জয়ন্ত ৰংপিৰ ‘পুৱাতে এজাক ধনেশ ’(১৯৭৭), অমূল্য বৰুৱাৰ ‘উ-খুন জংঙা’ (১৯৭৩); য়েছে দৰজে ঠংচিৰ ‘চনম’ (১৯৮১), ‘লিঙঝিক’ (১৯৮৩); স্বৰ্ণ বৰাৰ ‘ডিয়ু নদীৰ গীত’ (১৯৮৫), ‘সোৱণশিৰীৰ ৰেলৰ উকি’ (১৯৯০); নগেন্দ্ৰ নাথ বৰুৱাৰ ‘গাজাউডিছা’ (১৯৮৪) ইত্যাদি৷

আধুনিক কবি হিচাপে অসমীয়া কাব্য সাহিত্যত স্মৰণীয় হৈ থকা নৱকান্ত বৰুৱাই ষাঠিৰ দশকতে কপিলীপৰীয়া সাধু (১৯৫৪) ৰে ঔপন্যাসিক হিচাপে আত্মপ্ৰকাশ কৰিছিল৷ উল্লেখযোগ্য যে এইখন এখন আঞ্চলিক উপন্যাস৷ গোবিন্দ প্ৰসাদ শৰ্মাৰ মতে– ‘‘এটা অঞ্চলক কেন্দ্ৰ কৰি, অৰ্থাৎ সেই অঞ্চলটোক কেৱল পটভূমিয়েই নহয়, বিষয়বস্তু হিচাপেও লৈ যিবোৰ উপন্যাস ৰচনা কৰা হয়, সেইবোৰ উপন্যাসকে আঞ্চলিক উপন্যাস বোলে৷’’ আলোচ্য সময়চোৱাত ৰচিত কেইখনমান উল্লেখযোগ্য আঞ্চলিক উপন্যাস হ’ল শীলভদ্ৰৰ ‘মধুপুৰ’ (১৯৭১), মামণি ৰয়ছম গোস্বামীৰ ‘দতাঁল হাতীৰ উঁয়ে খোৱা হাওদা’ (১৯৮৮) আদি৷ নৱকান্ত বৰুৱাই পৰৱৰ্তী সময়ত ‘ককাদেউতাৰ হাড়’ (১৯৭৩) আৰু ‘গড়মা কুৱৰী’ (১৯৭৯) নামেৰে দুখন ঐতিহাসিক উপন্যাস আৰু বৌদ্ধ ধৰ্ম, সংস্কৃতি, গাথা আদিক লৈ ‘মানুহ আটাইবোৰ দ্বীপ’ (১৯৮১) ৰচনা কৰিছিল৷ চাহ বাগিচাৰ জীৱন আৰু সংস্কৃতিক একক ৰূপেৰে তুলি ধৰি এই সময়চোৱাতে উমাকান্ত শৰ্মাই লিখি উলিয়ালে ‘এজাক মানুহ এখন অৰণ্য’ (১৯৮৬)৷

এই সময়ছোৱাতে সুৰেশ গোস্বামীয়ে ‘মোহন মইনা’ (১৯৭০); নিৰোদ চৌধুৰীয়ে ‘কালহীৰা’ (১৯৭০), ‘জটায়ু’ (১৯৭১); মহেন্দ্ৰ বৰঠাকুৰে ‘বেগম পাৰা’ (১৯৭১), ‘বেলিফুল ’(১৯৭১); নবীন বৰুৱাই ‘কটন কলেজ’ (১৯৭০), ‘প্ৰেমিকা’ (১৯৭০), ‘অমোধ নিবিড় অন্ধকাৰ’ (১৯৭২), ‘ফিনিক্স পখীৰ গান’ (১৯৭৩); বসন্ত দাসে ‘জংছন’ (১৯৭৪) আদি উপন্যাস ৰচনা কৰিছিল৷

কাঞ্চন বৰুৱাই ‘অসীমত যাৰ হেৰাল সীমা’উপন্যাসখনেৰে অসমীয়া উপন্যাস সাহিত্যত আচহুৱা পৰিৱেশত মনোৰম কাহিনীৰে ৰোমাণ্টিক পৰিৱেশ সৃষ্টি কৰি উপন্যাস ৰচনা কৰা পৰম্পৰাটোৰ ধ্বজাবাহক হিচাপে এই সময়ত ভূপেন শৰ্মাই ‘উদ্ভীন উত্তৰীয়’ (১৯৭৫), ফণীন্দ্ৰকুমাৰ দেৱচৌধুৰীয়ে ‘অনুৰাধাৰ দেশ’ (১৯৮৯) ৰচনা কৰে৷ স্বৰাজোত্তৰ কালৰ আন এগৰাকী উল্লেখযোগ্য ঔপন্যাসিক হোমেন বৰগোহাঞিৰ উপন্যাসত বিভিন্ন ধৰণৰ দাৰ্শনিক মতবাদৰ প্ৰভাৱ পৰা দেখা যায়৷ উদাহৰণস্বৰূপে তেওঁ প্ৰকৃতিবাদৰ দৃষ্টিৰে ‘অস্তৰাগ’ (১৯৮৬) ৰচনা কৰিছে৷ এই সময়ছোৱাত ৰচিত এখন উল্লেখযোগ্য মনস্তাত্ত্বিক উপন্যাস হ’ল পদ্ম বৰকটকীৰ ‘দুষ্মন্তৰ চুমা’(১৯৭০)৷

সাম্প্ৰতিক কালত কেইবাগৰাকীও শক্তিশালী ঔপন্যাসিকাই আত্মপ্ৰকাশ কৰিছিল৷ তাৰে কেইবাগৰাকীমান ঔপন্যাসিকাই এতিয়াও উপন্যাস ৰচনা অব্যাহত ৰাখিছে৷ নিৰুপমা বৰগোহাঞিয়ে সেই নদী নিৰৱধি (১৯৬৩)ৰে ঔপন্যাসিকা হিচাপে আত্মপ্ৰকাশ কৰিছিল আৰু পৰৱৰ্তী সময়ত ‘ইপাৰত ঘৰ সিপাৰত ঘৰ’ (১৯৭৯), ‘অন্য জীৱন’ (১৯৮৫), ‘চম্পাৱতী’ (১৯৯০) ৰচনা কৰে৷ নীলিমা দত্তই ৰচনা কৰা আকাশ বন্তি (?) খনকেই তেওঁৰ শ্ৰেষ্ঠ উপন্যাস হিচাপে সমালোচকসকলে চিহ্নিত কৰিছে৷ প্ৰবীণা শইকীয়াই ‘সিংহ দুৱাৰ’ (১৯৮২) ৰচনা কৰিছিল৷ জ্ঞানপীঠ বটাঁ বিজয়ী দ্বিতীয় গৰাকী অসমীয়া সাহিত্যিক মামণি ৰয়ছম গোস্বামীয়ে ১৯৭২ চনত ‘চেনাবৰ সোঁত’ উপন্যাসখনৰে ঔপন্যাসিকা হিচাপে আত্মপ্ৰকাশ কৰিছিল৷ পৰৱৰ্তী সময়ত তেওঁৰ কাপৰ পৰা নিসৃত হয় ‘নীলকণ্ঠী ব্ৰজ’ (১৯৭৬), ‘অহিৰণ’ (১৯৭৬), ‘মামৰে ধৰা তৰোৱাল’ (১৯৮০), ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ (১৯৮৮) ইত্যাদি৷ সাম্প্ৰতিক কালৰ এগৰাকী উল্লেখযোগ্য ঔপন্যাসিকা অৰূপা পটংগীয়া কলিতাই এই সময়ছোৱাতে ‘মৃগনাভি’ (১৯৮৪) উপন্যাসখনেৰে আত্মপ্ৰকাশ কৰিছিল৷

মূলতঃ গল্পকাৰ ৰূপে প্ৰসিদ্ধ লক্ষ্মীনন্দন বৰাই ষাঠিৰ দশকতে ‘নিশাৰ পূৰবী’ (১৯৬২)ৰে ঔপন্যাসিক হিচাপে আত্মপ্ৰকাশ কৰিছিল আৰু এই সময়ত লিখা তেওঁৰ উল্লেখযোগ্য উপন্যাসখন হ’ল ‘পাতাল ভৈৰৱী’(১৯৮৬)৷ তেওঁ লিখা জীৱনীমূলক উপন্যাস কেইখনত নাম ইতিমধ্যে উল্লেখ কৰা হৈছে৷ ঠিক সেইদৰে গল্পকাৰ মহিম বৰাৰ ‘পুতলা ঘৰ’ (১৯৭১), ‘হেৰুৱা দিগন্তৰ মায়া’ (১৯৭৩); দেবেন্দ্ৰনাথ আচাৰ্যৰ ‘অন্য যুগ অন্য পুৰুষ’ (১৯৭১) এই সময়ছোৱাৰ উল্লেখযোগ্য ফচল৷ উল্লেখযোগ্য যে ‘অন্য যুগ অন্য পুৰুষ’ত অস্তিত্ববাদৰ সাৰ্থক প্ৰকাশ ঘটিছে আৰু এইখনেই প্ৰথম অসমীয়া অস্তিত্ববাদী উপন্যাস৷ মধুপুৰৰ লিখক শীলভদ্ৰৰ ‘গধূলি’ (১৯৮১), ‘অনুসন্ধান’ (১৯৮৭) দুখন উল্লেখযোগ্য আধুনিকতাবাদী উপন্যাস বুলি সমালোচকসকলে চিহ্নিত কৰিছে৷ অনিল ৰায়চৌধুৰীয়ে ৰচনা কৰা ‘কাণ্ডাৰী’ (১৯৭৯) আৰু ‘শত্ৰু’ (১৯৮০) –এই দুখন প্ৰগতিবাদী ধাৰাৰ উপন্যাসৰ ভাল উদাহৰণ৷ গল্পকাৰ আৰু নাট্যকাৰ হিচাপে পৰিচিত ভবেন্দ্ৰনাথ শইকীয়াই ১৯৮৬ চনতহে ‘অন্তৰীপ’ উপন্যাসখনেৰে ঔপন্যাসিক হিচাপে ভুমুকি মাৰে৷ মূলতঃ নাট্যকাৰ হিচাপে পৰিচিত অৰুণ শৰ্মাই ‘উভলা শিপা’ (১৯৭৯)ৰে এই সময়চোৱাতে ঔপন্যাসিক হিচাপে আত্মপ্ৰকাশ কৰিছিল৷ ‘পৰশুৰাম’ (১৯৮৩) এইসময়ত লিখা তেওঁৰ উল্লেখযোগ্য উপন্যাস৷

এইসকলৰ উপৰি আৰু বহু ঔপন্যাসিক-ঔপন্যাসিকাই আলোচ্য সময়ছোৱাত বিভিন্ন উপন্যাস ৰচনা কৰি অসমীয়া উপন্যাস সাহিত্যৰ ধাৰাটিৰ শ্ৰীবৃদ্ধিত অৰিহণা যোগাইছে৷ ইতিমধ্যে অসমীয়া উপন্যাসৰ ধাৰাটিয়ে এটা শতিকা অতিক্ৰম কৰিছে৷ অসমীয়া উপন্যাসৰ বিষয়ে কৰা এই আলোচনাটিত পৰিস্ফুট হৈছে যে তদানীন্তন কালত অসমীয়া উপন্যাসে বিষয়বস্তু আৰু কলা-কৌশলৰ বৈচিত্ৰ্যৰে উদ্ভাসিত হৈ উঠিছে৷

(ক্ৰমশঃ)

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!