পৃথিৱী প্ৰিয়তমা

লেখক- নিৰ্মালি নয়নতৰা

ৰাতি পৰে পৰে ফেঁচাজনীয়ে কুৰুলিয়াইছে।

এতিয়া সিহঁতে উৰুলি দিয়াৰ বতৰ। খোলা খিৰিকিৰে জিৰজিৰকৈ সোমাই অহা বতাহছাটি আৰু দশমীৰ জোনৰ পোহৰত হৰিচৰণৰ চিলমিলকৈ যেন টোপনি আহিব খুজিছিল। আগনিশাটো তেওঁৰ অলপো টোপনি ধৰা নাছিল।

ছয়াময়াকৈ টোপনিৰ আলজালত তেওঁ এবাৰ ৰামচৰণক এবাৰ ডফলাক দেখিছিল। পৰহিৰ পৰাই ডফলা নাই। ৰামচৰণ ছমাহ আগৰেপৰাই নাই। সিহঁত দুয়োটা নোহোৱা হৈ যোৱাৰ যন্ত্ৰণা তেওঁৰ বাবে মৃত্যুৰ সমান। ডফলা নোহোৱা হোৱাৰ দিন ধৰি ভাগীৰথীয়ে খাবলৈ শুবলৈ এৰিছে।

বিষয় বাসনাৰ প্ৰতি এনে মোহ হৰিচৰণৰ কেতিয়াও নাছিল। এতিয়াও নাই। কিন্তু ৰামচৰণ নোহোৱাৰ দিন ধৰি ঘৰৰ পো এটা বুলিবলৈ ডফলাই যেন তেওঁক সাহ দি আছিল।

আঘোণ মাহৰ চ’থাদিনা ৰচিদ পত্ৰ সহিতে ৰামচৰণে ডফলা আৰু বিলতীয়াক একেলগে ঘৰলৈ আনিছিল। চ’ৰাঘৰত বহি থকা ককায়েক হৰিচৰণক সি কৈছিল, ”ককাইদেউ! ইহঁত দুটাক চা হি চোন আহ। এতিয়াৰেপৰা পৰা নাৱেৰে বণিজলৈ যাবও নেলাগে। ইহঁত দুটাকে গাড়ীত যুঁটি দিবি। ইহঁতেই তোৰ লগ দিব”। হৰিচৰণেও বাহিৰ ওলাই ডফলাহঁতক চাইছিলহি।

তেলপিচলা ক’লীয়া গাটোৰে, অজলা সজল চকুহালেৰে ডফলা আৰু তাতকৈও উন্নত চেহেৰাৰ বিলতীয়াই নতুন গৃহস্থৰ ঘৰত যেন অলপ অলপ লাজ কৰিছিল। বিলতীয়াক চোৱা চিতা কৰিবলৈ ৰামচৰণ আছিল, হেৰম্ব আছিল। কিন্তু ডফলাই লগ ল’লে ভাগীৰথীৰ। ভাগীৰথীৰ দৃঢ় চকুহালৰ সন্মোহনে যেন ডফলাক সিদিনাই বান্ধি থ’লে।

ভাগীৰথীয়ে ডফলাৰ পিঠিত উঠি দলনিলৈ যায়। তাক চৰায়, গা ধুৱায়, সি বোকাত লেটি লৈ থকাৰ পৰত তাই গগণা বজায়, জাকৈ বায়। গধূলি বোকাৰে লুতুৰি পুতুৰি হৈ ঘৰলৈ অহা ভাগীৰথীক দেখি চন্দ্ৰমা হতভম্ব হৈ যায়।

এইজনী ছোৱালীক কোনোবাই বিয়া কৰাবনে?

ম’হৰ পিঠিত উঠি ভঙুৱা মহাদেৱৰ দৰে গোটেই দুপৰীয়াৰ পৰা কাল সন্ধ্যাবেলালৈকে ঘূৰি ফুৰা ছোৱালীক কোনোবাই বোৱাৰী কৰি নিবনে?

এমাহ আগেয়ে ৰামচৰণে বিয়া কৰাইছে।

ন ছোৱালীৰ নাম উৰ্বশী। বোৱা কটাই চাবানে, বন বাৰীয়ে চাবানে, মাত কথাই চাবা তাইৰ?

ভাগীৰথীতকৈ উৰ্বশী তিনি কি চাৰিবছৰ ডাঙৰ। হৰিচৰণে উৰ্বশীক ভাইবোৱাৰী বুলি ভবাতকৈ নিজৰ জী’ৰ দৰে ৰাখিছে। বৰগীত, ঘোষা গাবলৈ, আখৰ চাইটা লিখিবলৈ শিকাইছে।

পলাশনিৰ পিনে ৰমাকান্ত মুক্তিয়াৰ আতা, পীতাম্বৰ গোঁসাই আদি মহামনীষীসকলৰ উদ্যোগত শংকৰসংঘ নামেৰে এক অনুষ্ঠানৰ জন্ম সৈছে। হৰিচৰণে নিজৰ ঠাইডোখৰত সেই অনুষ্ঠানৰ প্ৰচাৰ আৰু প্ৰসাৰ আগভাগ লৈছে। হিদিবংলঙৰ পিনে থকা বিলাসপুৰী মানুহখিনি, ৰমানাথ উপাধ্যায়ৰ গাঁৱৰ এখিনি মানুহ আৰু মানভগনত আহি একেলগে গাওঁ সাজি থকা ভালেমান অসমীয়া মানুহে তেওঁৰ লগ দিছে। সেয়ে খেতি বাতি, বেহা বেপাৰ সকলো ৰামচৰণেই চাবলগা অৱস্থা।

হৰিচৰণে ভায়েকক কেৱল দিহা পৰামৰ্শ দিয়ে। বাকী সময়ত গাঁৱত নামঘৰ এটা সজা, ভকতসকলক প্ৰসংগ প্ৰণালী শিকোৱা, ভাগৱতৰ পাঠ ব্যাখ্যা কৰোৱা, স্ত্ৰী আৰু অন্ত্যজাতিসকলৰো যে ঈশ্বৰচিন্তাৰ অধিকাৰ আছে তাকে বুজোৱা জাতীয় কামবোৰতে হৰিচৰণৰ দিন ৰাতিবোৰ পাৰ হয়।

চন্দ্ৰমা আৰু উৰ্বশীয়ে ঘৰে চোতালে সকলো সামৰে। এঘাৰ বছৰীয়া ভাগীৰথীৰ গাত কথা লগাই নাই। তাঁতত চাদৰ এজুটি লগাই দিয়া ভাগতে আছে। তাইৰ সেইবোৰলৈ কাণসাৰ নাই। দিনত ডফলা আৰু ৰাতি এপৰলৈকে উৰ্বশীৰ সৈতে কথাৰ মহলা মৰাতেই তাইৰ সময়বোৰ গৈ থাকে। খুড়ীয়েক নহয় যেনিবা উৰ্বশী তাইৰ সখীয়েক হে! ভাগীৰথীৰ চুলিকোচা কাকৈৰে থানথিত লগাই খোপা বান্ধি দিয়া, তেল ঘঁহি দিয়া, সোঁহাতৰ তলুৱাত জেতুকা লগাই দিয়া, মেখেলাৰ পাতলিৰ বনগুটি গুছোৱা জাতীয় কামত খুড়ীয়েক নহলেই নহয়। সিহঁতৰ কথাও অন্তহীন। ৰামচৰণ নহাৰ দিনা দুয়োজনী একেলগে শোৱে। বহুৰাতি লৈকে কথা পাতে। ৰামচৰণ কেতিয়াবা বহুৰাতি ঘৰ সোমায়হি। যমুনা নৈৰ ঘাটত ডবকাৰ পৰা মাহ সৰিয়হ আহে। গাড়ীত বোজাই কৰি ঘৰ পাওঁতে জোনবাই মাজ আকাশ পায়গৈ।

বিলতীয়া আৰু ডফলাক কামত লগাব পৰা হোৱা নাই। মণিপুৰী বলধ এহালকে গাড়ীত যুটি সি বস্তুবোৰ বোজাই কৰি আনে। তেনেকৈয়ে এদিন ৰাতি এপৰত সি ঘৰ সোমাইছিল। গাত প্ৰচণ্ড জ্বৰ। নিশাটো থাকি, পুৱালৈ সনৎ বৈদ্যৰ ওচৰলৈ নিম বুলি ভাবোঁতেই পুৱতি নিশা সি একেবাৰেই নোহোৱা হ’ল।

উৰ্বশী আগৰে পৰাই গহীন আছিল। ৰামচৰণৰ মৃত্যুৰ পিছত আৰু গহীন হ’ল।

আয়েক পিতায়েকহঁতে তাইক ঘৰলৈ নিবলৈ আহিল, তাই নগ’ল। ঘৰলৈ অহা ভকত বৈষ্ণৱ আৰু আলহী অতিথিসকলৰ সেৱা শুশ্ৰূষা আৰু চন্দ্ৰমাৰ লাচনি পাচনি কৰাতে তাই মজি থাকিল। হৰিচৰণে মন কৰিলে, উৰ্বশী একেবাৰেই নিশ্চুপ হৈ গ’ল। সমাজৰ মানুহবোৰ, মানুহৰ চিন্তাবোৰ আৰু নিয়তিৰ নিষ্ঠুৰতাই তাইক যেন অকাল বৈধব্যৰ যন্ত্ৰণা মানি ল’বলৈ শিকালে।

হৰিচৰণে চন্দ্ৰমাক সোধে, ”কিমান বয়স হ’ব তাইৰ? আমাৰ বৈকুণ্ঠ জীয়াই থকা হলে তাইৰ সমানেই হল হেঁতেন নে?” চন্দ্ৰমাই আঙুলিৰ পাবত হিচাপ কৰি, সাউত কৈ চকুহাল মচি কয়, ”ওঁ, উৰ্বশী আৰু বৈকুণ্ঠ কাণসমনীয়াই হব। পোন্ধৰ বছৰ হৈছে এইৰ!”

হৰিচৰণে হুমুনিয়াহ চাৰে। পোন্ধৰ বছৰতে বিধবা হোৱা এই ছোৱালীটি যদি তেওঁৰ সন্তান ভাগীৰথী হ’লহেঁতেন! তেওঁৰ পিতৃহৃদয়ে বাৰু এই বৈধব্য যন্ত্ৰণা সহিব পাৰিলহেঁতেননে?

ভাতৃবধূ বাবেই উৰ্বশীৰ উকা কপাল, নিস্তেজ চকুহাল, শেঁতা পৰা গাল মুখক তেওঁ আওকাণ কৰা উচিতনে? গুৰুজনাই চোন কৈ গৈছে, সমস্ত জীৱজগতেই প্ৰকৃতি। পৰমপুৰুষ ভগবন্ত হে ব্ৰহ্মাণ্ডৰ একমাত্ৰ পুৰুষ।

ৰামচৰণ যদি আজি পত্নীহাৰা হল হয়!

সি জানো দ্বিতীয় বিবাহ নকৰালে হয়?

উৰ্বশীতো ৰামচৰণতকৈ চৌধ্যবছৰ সৰু! বয়সৰ জোখাৰে এতিয়াও যে তাই যুৱতী হোৱাই নাই। জীৱনৰ অতদূৰ বাট তাই হৰিচৰণৰ আশ্ৰিতা হৈয়ে জানো বুলিব পাৰিব?

নোৱাৰে। তাই মাথোঁ বাধ্য হ’ব। নিজকে সৈমানহে কৰাব। হৰিচৰণে অকল ভাবে। ভাবি একো পাৰ নাপায়।

ভাগীৰথী তেওঁৰ একমাত্ৰ সন্তান। ক’লাজ্বৰত ভুগি কাল হোৱা বৈকুণ্ঠৰ পাছত এতিয়া তাইৰ বাদে আৰু কোনো সন্তান নাই। উৰ্বশীক তেওঁ জী বুলি ভাবিব পাৰেনে?

মনটোৱে কয়, পাৰে!

: দেউতা! দেউতা! মই বলোভদ্ৰ। উঠকচোন দেউতা।

বাহিৰত এটা গজলীয়া ডেকাৰ মাত। হৰিচৰণে কাণ ঊণালে। দেও ভূত নহয়! সঁচাই নৰ মনিচৰে যেন মাত। চাকিটো জলাই হৰিচৰণ বাহিৰলৈ ওলাল।

আগচোতালত দুটা মূৰ্তি। এটা মানুহৰ, আনটো জন্তুৰ। হয়, হয় সেয়া ডফলাই হয়।

হৰিচৰণ যেন উচ্ছাসত ফাটি পৰিল।

: ক’ত পালি ইয়াক?

উত্তৰলৈ আশা নকৰি তেওঁ লুতুৰি-পুতুৰি ডফলাৰ পিঠিটোত লাহেকৈ এঢকা দিলে।

পিতৃৰ ওচৰত ধৰা পৰা দোষী পুত্ৰৰ দৰে ডফলাই লৰচৰ নকৰাকৈ ৰৈ থাকিল। চন্দ্ৰমা আৰু ভাগীৰথীও আহি চোতালত থিয় দিছিলহি। ডফলা ঘূৰি অহাটো সকলোৰে বাবে যেন উত্তেজনা বিহ্বল এক মধুৰ ক্ষণ আছিল। ভাগীৰথীয়ে ডফলাৰ কাণখনত চেপা মাৰি দিলে। সি তেতিয়াও লৰচৰ নকৰিলে।

ঘৰখনৰ ডেকা ডঙুৱা ল’ৰাটোৰ যেনিবা নিজৰ কৃতকৰ্মৰ বাবে লাজ হে লাগিছিল।

: আহ বলো। মুখ হাত ধো।

হৰিচৰণ ব্যতিব্যস্ত হৈ উঠিল। উৰ্বশীয়েও পানী এঘটি আৰু গামোচা এখন লৈ চোতালত থিয় দিলে। ঘোঁট ঘোঁটকৈ পানীঘটি পী বলো যাবলৈকে ওলাল।

: যাওঁগৈ দেউতা। খৰকৈ গ’লে বেলি নৌওলাওঁতেই ঘৰ পামগৈ।

: ৰাতি এডোখৰহে বাকী। এইকণ পৰ ৰৈ দিয়ক নহ’লে!

হৰিচৰণ আৰু চন্দ্ৰমাক অবাক কৰি জড়তাবিহীন মাতেৰে উৰ্বশীয়ে ক’লে। তাইৰ মাতত আদেশ, অনুৰোধ অথবা অকণো আৱেগৰ কঁপনি নাছিল। ৰাতি বিয়লি আহি ওলোৱা আলহীক ঘৰৰ মানুহে যেনেকৈ কয়, তায়ো তেনেকৈয়ে কথাষাৰ ক’লে।

: তই চিনি পাৱ ইয়াক?

: ওঁ। এওঁ আমাৰ মাধৱী পেহীৰ গাঁৱৰে।

উৰ্বশীয়ে হৰিচৰণৰ কথাৰ উত্তৰ দিলে।

কিন্তু তাই নক’লে, তাই তোলনী হোৱাৰ বছৰ পেহীয়েকৰ ঘৰলৈ ধান দাবলৈ যাওঁতে বলোৱে ডাঙৰি কঢ়িয়াইছিল আৰু কলিজাৰ পোৰণি লুকুৱাবলৈ নে দেখুৱাবলৈকে জানো! বাৰে বাৰে গাইছিল—

  “খাবৰ মনে গ’লে বগী হাঁহ এজনী

   চোবাই খালোঁহেঁতেন ঠেং

 আনিবৰ মনে গ’লে  তোৰ দৰে লখিমী

    বাটত বগৰীৰে জেং।।

কথাবোৰ সৌ সিদিনাৰ। কিন্তু যেন বহুদিনৰ পুৰণি! তাই এতিয়া ৰামচৰণৰ সদ্যবিধৱা। তাই এইবোৰ মনত ৰাখিব নেপায়। সংস্কাৰে তাইক তাকে শিকাইছে। বলো তথাপিও যাবলৈ ওলাল।

হৰিচৰণে প্ৰায় আদেশৰ সুৰতে ক’লে, ”থাক। হেৰম্ব পুৱাই ডবকালৈ যাব। তই তাৰ লগতে যাবি।” বলো বাৰাণ্ডাতে বহিল। উৰ্বশীয়ে তাক চাহ এবাতি দিলেগৈ। চাদৰৰ আঁচলেৰে ধৰি তুলি নিয়া চাহবাতি দিওঁতে তাইৰ আঙুলি এটাও তাৰ হাতত লাগিল। গোটেই জীৱনটো সি যেন সেই অপাপবিদ্ধ স্পৰ্শটোৰ বাবেই ৰৈ আছিল।

: তই ভালে আছ উৰ্বশী?

চাহবাতি দি ভিতৰ সোমাব খোজা উৰ্বশী আকৌ তাৰ ওচৰলৈ আহিল।

: ওঁ। ভালেই। ভালে আছোঁ।

কৈ তাই নৰ’ল।

সি চাকিৰ পোহৰত উকা কপালৰ উৰ্বশীক প্ৰথমবাৰ ভালকৈ দেখিলে। তাই কিমান ভালকৈ আছে, সেয়া তাইৰ উজাগৰ চকুহালেই তাক ভালকৈ কৈ থৈ গ’ল। বেলি ওলাওঁ কি নোলাওঁতেই চকু-মুখ ধুই বলো যাবলৈ ওলাল। হেৰম্বই মণিপুৰীয়া বলধহাল যুটি গাড়ীখনত ধান মাহ বোজাই লৈছে। মিঞা বেপাৰীক বিকিবগৈ লাগে। হৰিচৰণে গুৰুসেৱা কৰি নামঘৰৰ পৰা ওলাই বলোক বিদায় দিবলৈ হাতনি পেৰাটো খুলিলে।

টকা তিনিটা উলিয়াই তেওঁ বলোৰ হাতত গুজি দি ক’লে, ”তোক মই ডফলাক বিচাৰি আনি দিয়াৰ মূল্য দিয়া নাই। এই মূল্য মই দিবও নোৱাৰোঁ তোক। টকাকেইটা মৰমতে দিছোঁ। কি লাগে তই নিজেই ক। ”

বলোভদ্ৰই টকা তিনিটা হাত পাতি ল’লে। তাৰ পাছত সাষ্টাংগে সেৱা কৰি সি ক’লে, ”টকা সিকা মোকো নেলাগে দেউতা। কেও-কিচু নোহোৱা ল’ৰা। টকাৰে কি কৰিম? হাত দুখন আছে। দুহাতে আঁজুৰি খাম। পাৰে যদি….পাৰে যদি……

: ক বলো। কি লাগে তোক ক!

: উৰ্বশীক মোলৈ দিয়ক দেউতা!

হৰিচৰণ স্তব্ধ হৈ ৰ’ল। গুৰুজনাৰ কৃপাত তেওঁ আজিলৈকে নিজৰ সংযম আৰু ধৈৰ্য হেৰুওৱা নাই। এতিয়াও তেওঁ সংযম হেৰুৱাব নোৱাৰে। উৰ্বশী তেওঁৰ কন্যাসম। স্বয়ং তাইৰ আই পিতায়েকেই তেওঁক তাইৰ ইহকাল পৰকালৰ দায়িত্ব অৰ্পণ কৰি থৈ গৈছে। তেওঁ অকল তাইৰ বৰজনায়েক নহয়। অভিভাৱক, শুভচিন্তক, পিতাক সকলো। স্থিৰ সিদ্ধান্ত এটা তেওঁ ল’বই লাগিব। মাটিত উবুৰি খাই পৰি থকা বলোক তেনেকৈয়ে এৰি হৰিচৰণ ভিতৰ সোমাল।

খিৰিকিৰ ফাঁকেৰে উৰ্বশীয়ে সকলো দেখিছিল। তাই গোটেই মানুহজনী থকথক কৈ কঁপিছিল। হৰিচৰণৰ কোঠালৈ মতাই অনা উৰ্বশীক চন্দ্ৰমাই সুধিছিল, ”তই যাবিনে আই? তোক আমি সদায় নিজৰ জীৰ দৰে ভাবিছোঁ, আগলৈকো ভাবিম। তই নেভাবিবি আমি তোৰ পৰা এৰ খাবলৈ তোক মানুহলৈ গতাব ওলাইছোঁ। আহি গৈ থাকিবি। নেযাওঁ বুলিলেও তোক কোনেও জোৰকৈ নপঠিয়াওঁ। তই ক। তোৰ গছৰ আগৰ সমান আয়ুস আছে। অকলে থকাতকৈ লগ এটা লৈ থাক আই।”

উৰ্বশীয়ে নখে মাটি লেখিছিল। মাটিৰ মজিয়াখন কুৰুকি যেন তাই কেঁকোৰা গাঁত এটা খান্দি লুকাই হে থাকিব। লাজ আৰু উত্তেজনাত তাই ঘামি উঠিছিল।

ফেঁচাটোৰ ঠোঁটত তেতিয়াও উৰুলিটো বাজি আছিল।

****  **** **** ****

: এধাৰ গলপতা, এটা অৰ্ধকলা, এযোৰ কৰিয়া, এযোৰ থুৰিয়া, চাৰিপুৰা ৰূপিত মাটি, দুবিঘা ভেঁটি মাটি আৰু এহাল বলধ গৰুৰে দেউতাই মোক বিদায় দিছিল, জান? আজিকালিৰ দৰে আমি বৰজনাসকলক দাদা নুবুলিছিলোঁ। দেউতাহে বুলিছিলো। তেওঁ মোৰ মানত এনেয়ো দেউতাই আছিল। ৰাইজৰ দুজন গোটাই ভায়েকৰ বিধবা মানুহ এজনীক আনলৈ বিয়া দি দিয়াৰ সাহ অকল দেউতাৰ নিচিনা মানুহৰহে থাকে সোণজনী! সেইবোৰ দিন এতিয়া সাধুৰ দৰে লাগে। আজিৰ মানুহেও সেই সাহ নকৰে। কৰে জানো, ক?

মই নক’লো। ক’ব নোৱাৰিলোঁ আচলতে।

মই মাথোঁ সুধিলো, ”কাণত এইযোৰ কিহৰ থুৰীয়া আইতা? বাখৰ এটিও নাই! উকা যে”

আইতাৰ হৈ নাতিনীয়েক এজনীয়ে উত্তৰ দিলে।

থুৰীয়াযোৰ হেনো কাঠৰ, সোণালী ৰং সানি লৈছে! খাবলৈকে নাই, সোণৰ বাখৰুৱা থুৰীয়া পিন্ধেনো ক’ৰ পৰা?

মই চকুৰ দৃষ্টি ধূসৰ হৈ অহা, শতবৰ্ষ গৰকা শীৰ্ণ, নুব্জ্য নাৰীমূৰ্তিটো চাই থাকিলো। চায়েই থাকিলো।

সোণেৰে বন্ধোৱা অতীতৰ বুকুতেই সদায় অনিশ্চিত ভৱিষ্যতৰ শইচ গজে। তাহানিৰ বলোভদ্ৰও নাই। তাৰ শইচ সোণালী পথাৰৰ লখিমীও নাই। কালৰ কুটিল গৰাহত সেইসকলো লোপ পালে। তাহানিৰ পঞ্চদশী উৰ্বশী এতিয়া মোৰ চকুৰ সন্মুখত এটি জৰাজীৰ্ণ বৃদ্ধ শৰীৰ মাথোঁ। এই শৰীৰৰ কোনো জ্যোতি নাই, চকুত নতুন দিনৰ কোনো স্বপ্ন নাই। তেওঁক সুধিলো, ”কি লৈ জীয়াই আছে আইতা?”

তেওঁ ক’লে, ”কিছুমান সময় পুৰণি নহয় আই। সেইবোৰ সময় লৈয়ে মানুহ জীয়াই থাকে। ময়ো জী আছোঁ।”

এইবাৰ মই উৰ্বশীক দেখিলো। সৌ তাহানিৰ উৰ্বশীক। যি মোক কৈছে, ”জী থাকিবলৈ মানুহক এক লহমাৰ সুখেই যথেষ্ট! হাজাৰটা দুখৰ পাছতো এটি সুখৰ কণিকা লৈও মানুহ জী থাকে। থকাৰ বাট কাটি লয়!”

উৰ্বশী যেন এতিয়া দূৰৈৰ কোনো উজ্জ্বল নক্ষত্ৰৰ পোহৰ দেখিও, উত্তাপৰ ভ্ৰম মনত লৈ জাৰৰ নিশা এডিঙি পানীত তিতি থকা এজনী তপস্বিনী। আইতাৰ হাত দুখন মুঠিয়াই ল’লো। সেই দুখনি হাত…..যি হাতে মোৰ কিশোৰী আইতা ভাগীৰথীৰ চুলিত আঙুলি বোলাইছিল।

সংযোজন:  কিছুদিন পূৰ্বে খবৰ লৈ অহা শতবৰ্ষ গৰকা মোৰ আজো- আইতাগৰাকীক গল্পটোত উৰ্বশী চৰিত্ৰটোৰে উপস্থাপন কৰা হৈছে। তেখেত এতিয়া আৰ্থিকভাৱে দুৰ্বল। শৰীৰো পৰি আহিছে। তেখেতকেই মোৰ আজোককাই নিজৰ ভাতৃৰ সদ্যবিধৱা হিচাপে সা সম্পত্তি সহ অন্য ব্যক্তিৰ সৈতে দ্বিতীয় বিবাহ কৰাই দিছিল। ত্ৰিশৰ দশকত এখন অসমীয়া সমাজত সেয়া এক আলোড়নকাৰী ঘটনা আছিল। কিন্তু মহাপুৰুষীয়া ধৰ্মত বিশ্বাসী, উদাৰ আৰু সমাজমুখী আজোককাদেউতাই সেই কৰ্মেৰে নিজৰ আধুনিক মনটোৰ পৰিচয় দিছিল। মোৰ আইতাই ম’হৰ পিঠিত উঠি ম’হ চৰাইছিল আৰু ম’হটোৰ নাম সঁচাই ডফলা আছিল৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!