গণিতৰ বঁটা-বাহন

লেখক- শুভলক্ষ্মী কোঁৱৰ

মানৱ সমাজৰ অবিচ্ছেদ্য বিষয় হিচাপে গণিতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । গণিত অবিহনে আমাৰ দৈনন্দিন জীৱনৰ গতি ৰুদ্ধ হৈ পৰিব। প্ৰত্যক্ষ বা পৰোক্ষভাৱে গণিতে নিয়ন্ত্ৰণ কৰি আহিছে সকলোৰে স্বাভাৱিক জীৱন-যাত্রা। সৰু-বৰ কামৰ পৰা আৰম্ভ কৰি বিজ্ঞান, উচ্চ শিক্ষা আৰু প্ৰযুক্তিবিদ্যাৰ উন্নয়নৰ স’তে আছে গণিতৰ ওতপ্ৰোত সম্পৰ্ক । প্ৰধানকৈ গণিতক দুটা মুখ্য ভাগত ভাগ কৰা হয়- ‘বিশুদ্ধ গণিত’ আৰু ‘প্ৰায়োগিক গণিত’। বিশুদ্ধ গণিতে গাণিতিক ধাৰণাসমূহৰ অধ্যয়ন আৰু উন্নয়নত মনোনিৱেশ কৰাৰ বিপৰীতে প্ৰায়োগিক গণিতে অন্যান্য ক্ষেত্ৰসমূহত যেনে— পদাৰ্থ বিজ্ঞান, জীৱ বিজ্ঞান, কম্পিউটাৰ বিজ্ঞান, প্ৰযুক্তিবিদ্যা আদিত গণিতৰ উপযুক্ত প্ৰয়োগ সম্পৰ্কে অধ্যয়ন কৰে।

গণিতৰ এই দুয়োটা ভাগতে বিভিন্নজনে নিজস্ব মেধাৰে নিত্য-নতুন পথৰ সন্ধান কৰি আহিছে। সৰ্বাঙ্গীন উন্নতিৰ লগতে উৎকৰ্ষ সাধনৰ বাবে অহোপুৰুষাৰ্থ কৰি আহিছে। উৎসৰ্গা কৰিছে অমূল্য সময়, কষ্ট আৰু ত্যাগ। এইসমূহ অৱদানক স্বীকৃতি প্ৰদানৰ উদ্দেশ্য আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন বঁটা-বাহনেৰে তেনে লোকক সন্মানিত কৰা হয়।

বঁটা-বাহন হৈছে কোনো অসামান্য কামৰ বাবে দিয়া আনুষ্ঠানিক সন্মান আৰু স্বীকৃতি। বছৰজোৰা সাধনা, কষ্ট,পৰিশ্ৰমেৰে জ্ঞানৰ ক্ষেত্ৰখনক নতুন দিকদৰ্শন প্ৰদান কৰা ব্যক্তিসকলক পৃথিৱীৰ সন্মুখত পৰিচয় কৰাৰ বাবে বঁটা-বাহনৰ ভূমিকা অনস্বীকাৰ্য । অন্যান্য বিষয়সমূহৰ দৰে গণিতৰ পৃথিৱীত অভূতপূৰ্ব গৱেষণালব্ধ জ্ঞানেৰে অৱদান আগবঢ়োৱা ব্যক্তিসকলক ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত ৯০টাতকৈ অধিক বঁটাৰে সন্মানিত কৰা হয়। এই বঁটাসমূহৰ মাজৰ পৰা কিছু উল্লেখনীয় বঁটাৰ বিষয়ে এই লেখাত খুব চমুকৈ আলোকপাত কৰা হৈছে।

১) ফিল্ডছ মেডেল(The fields Medal): গণিতৰ ক্ষেত্ৰখনৰ সবাতোকৈ গাম্ভীৰ্যপূৰ্ণ আৰু সৰ্বোচ্চ সন্মান হিচাপে পৰিচিত এই বঁটাৰে প্ৰতি চাৰি বছৰৰ অন্তত International Congress of the Mathematical Union (IMU)-এ বিশ্বৰ দুই, তিনি বা চাৰিজন গণিতজ্ঞক সন্মানিত কৰে। ‌১৯৩৬ চনৰ পৰা আৰম্ভ হোৱা এই বঁটাৰ মুখ্য উদ্দেশ্য হৈছে চল্লিশ বছৰ বয়সৰ তলৰ গণিতজ্ঞসকলৰ অনবদ্য অৱদানক স্বীকৃতি প্ৰদান কৰা আৰু নতুন গৱেষকসকলক তেনে কামৰ বাবে উৎসাহিত কৰা।

১৯২৪চনত টৰণ্ট’ত অনুষ্ঠিত The International Congress of Mathematicians ৰ অধি‍ৱেশনত কানাডাৰ গণিতৰ অধ্যাপক জে.চি ফিল্ডৰ নামত এই বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । ২০০৬ চনৰ পৰা এই বঁটাত কানাডিয়ান ডলাৰ $ ১৫,০০০ সংযোগ কৰা হয়।

প্ৰথমবাৰ এই বঁটা প্ৰদান কৰা হৈছিল দুজন গণিতজ্ঞক- Lars Ahlfors আৰু Jesse Douglas । প্ৰথম মহিলা গণিতজ্ঞ হিচাপে এই বঁটাৰে ২০‍১৪ চনত সন্মানিত কৰা হৈছিল ইৰাণৰ মাৰিয়াম মিৰ্জাখানি(Maryam Mirzakhani)ক । ২০১৮ চনত ৰিঅ’ দ্য জেনেৰিঅ’ত অসামান্য অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয় চাৰিজনকৈ ব্যক্তিক- ক’চাৰ বিৰকৰ( Cauchar Birkar) , এলেচ্ছিঅ’ ফিগালি(Alessio Figalli), পিটাৰ স্ক’লজে(Peter Scholze) আৰু অক্ষয় ভেংকটেশ( Akshay Venkatesh)।

যোৱা পঁচাশী বছৰে এই বঁটাই নিৰৱচ্ছিন্নভাৱে উৎসাহিত কৰি আহিছে বিশ্বৰ বিভিন্নজন গণিতৰ গৱেষকক । সেয়েহে এই মেডেলক গণিতৰ নোবেল বঁটা হিচাপে আখ্যা দিয়া হৈছিল যদিও বৰ্তমান এই নাম সলনি কৰা হৈছে । নোবেল বঁটাৰ স’তে ফিল্ডছ মেডেলৰ দুটা মুখ্য প্ৰাথৰ্ক্য হৈছে এই মেডেল প্ৰদান কৰা হয় চাৰি বছৰৰ অন্তত আৰু প্ৰাপ্ত ব্যক্তিজনৰ বয়স ৪০বছৰতকৈ কম হ’ব লাগিব।

২) আবেল পুৰস্কাৰ (Abel Prize): প্ৰত্যেক বছৰে এজন বা ততোধিক আন্তঃৰাষ্ট্ৰীয় গণিতজ্ঞক নৰৱেৰ ৰজাই তেওঁলোকৰ অপৰিসীম কষ্ট আৰু অৱদানক সন্মান জনাবৰ বাবে প্ৰদান কৰে এই পুৰস্কাৰ । নৰৱেৰ গণিতজ্ঞ নীলছ্ হেনৰিক আবেল ( Niels Henrik Abel 1802-1829)ৰ নামত উৎসৰ্গিত এই সন্মানীয় পুৰস্কাৰ । নিল ‘হেনৰিক আবেল মেমৰিয়েল ফাণ্ড’ ২০০২ চনৰ ১ জানুৱাৰীত স্থাপন কৰা হয় আৰু ৩জুন, ২০০৩ ত প্ৰথমবাৰৰ বাবে Jean-Pierre Serre ক এই বঁটাৰে সন্মানিত কৰা হয়। প্ৰথম অৱস্থাত ৬ মিলিয়ন NOK(প্ৰায় ৭৫০,০০০ ইউৰো) আবেল ফাউণ্ডেচনৰ দ্বাৰা আৰ্থিক পুৰস্কাৰ দিয়া হৈছিল যদিও ২০০১ চনৰ নৰৱেৰ চৰকাৰে এই মূল্য ২০০ মিলিয়ন NOK (€21.7 মিলিয়ন)লৈ উন্নীত কৰে। ২০২‍১ চনত এই বঁটা দিয়া হয় দুজন গণিতজ্ঞক- Loszlo Lovasz আৰু Avi Wigderson । প্ৰতি বছৰে প্ৰদান কৰাৰ উপৰি নোবেল বঁটাৰ আৰ্হিৰ স’তে থকা সাদৃশ্যৰ বাবে এই বঁটাক গণিতৰ নোবেল হিচাপে গণ্য কৰা হয়।

৩) উলফ্ পুৰস্কাৰ ( Wolf Prize): গণিতৰ পৃথিৱীৰ তৃতীয় গৌৰৱপূৰ্ণ বঁটাটো হৈছে ইজৰাইলৰ Wolf foundation-এ প্ৰদান কৰা উলফ্ পুৰস্কাৰ । গণিতৰ উপৰি এই বঁটাই অন্য কিছু গুৰুত্বপূৰ্ণ ক্ষেত্ৰ– কৃষি, ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান, মেডিচিন আৰু কলা (art) সামৰি লৈছে। ১৯৭৮ চনত প্ৰথমবাৰৰ বাবে ছোভিয়েট ইউনিয়নৰ Isreal Gelfand-ক Functional Analysis ত দিয়া অৱদানৰ বাবে আৰু জাৰ্মানীৰ Carl L Siegel ক Number Theory-ত দিয়া অৱদানৰ বাবে প্ৰদান কৰা হয়। ২০২১ ত এই বঁটাৰে সন্মানিত হয় Simon K. Donaldson আৰু Yakov Eliashberg। এই বঁটাত আছে উলফ্ পৰিয়ালে প্ৰদান কৰা এটা ডিপ্ল’মা আৰু US$100,000ৰ অৰ্থ ।

৪) চাৰ্ন মেডেল (Chern Medel): আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰত্যেক চাৰি বছৰৰ মূৰে মূৰে প্ৰদান কৰা অন্য এটা উল্লেখনীয় বঁটা হৈছে চাৰ্ন মেডেল। এই বঁটা গণিতৰ পৃথিৱীত লাভ কৰা জীৱনজোৰা অনবদ্য সাফল্যক সন্মানিত কৰাৰ উদ্দেশ্য দিয়া হয়। International Mathematical Union(IMU)আৰু চাৰ্ন মেডেল ফাউণ্ডেচনে যুটীয়াভাৱে প্ৰতি চাৰি বছৰৰ অন্তত অনুষ্ঠিত হোৱা International Congress of Mathematicians (ICM)ত এই বঁটা যোগ্যজনক প্ৰদান কৰে।

চাইনীজ গণিতজ্ঞ চিং-ছেন চাৰ্ন( Shiing-Shen Chern)ৰ সন্মানাৰ্থে উৎসৰ্গিত এই বঁটাত আছে এটা মেডেল, $250,000 (USD) আৰু কোনো এটা বা দুটা সংগঠনক গণিতৰ গৱেষণা, শিক্ষা আৰু উন্নতিৰ বাবে $250,000 (USD) দান দিয়াৰ সুবিধা প্ৰদান কৰা হয়। ২০১০ চনত হায়দৰাবাদত অনুষ্ঠিত ICM ৰ অধিৱেশনত প্ৰথমবাৰৰ বাবে লুইছ নিৰেনবাৰ্গ(Louis Nirenberg)ক দিয়া হয়। ২০১৮ চনত লাভ কৰে মাছাকি কাছিৱাৰা(Masaki kashiwara)-এ৷

৫) লীলাৱতী বঁটা (Leelavati Award): বাৰ শতিকাত ভাৰতৰ বিখ্যাত গণিতজ্ঞ ভাস্কৰাচাৰ্যই ৰচনা কৰা ‘লীলাৱতী’ৰ নামেৰে নামাংকিত এই বঁটা গণিতৰ উন্নতিত অৱদান আগবঢ়োৱাসকলক দিয়া হয়।

প্ৰথমবাৰৰ বাবে এই বঁটাৰ আৰম্ভণি হয় ২০১০ চনৰ ICM ৰ সামৰণি অনুষ্ঠানত। এই অনুষ্ঠান হৈছিল হায়দৰাবাদত। ICMৰ আয়োজক কমিটী আৰু IMUৰ কাৰ্যবাহী কমিটীয়ে এবাৰৰ বাবে প্ৰদান কৰা এই বঁটা পাছত চাৰি বছৰৰ মূৰত প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । Infosys-এ স্পনছৰ কৰা এই বঁটাত আছে স্মাৰক, ভাৰতীয় হিচাপত 1,000,000 টকাৰ অৰ্থ । এই বঁটাৰ বিশেষত্ব এয়ে যে গৱেষণাৰ পৰিৱৰ্তে কোনো দিশৰ পথ নিৰ্দেশক কাৰ্যকলাপৰ বাবেহে নিৰ্বাচিত কৰা হয়। এতিয়ালৈকে তিনিজন তেনে ব্যক্তিক প্ৰদান কৰা এই বঁটাৰে ২‍০১০ চনত ছিমন সিং(Simon Singh),২০১৪ চনত অদ্ৰিয়ান পেনজা(Adrian Paenza) আৰু ২০১৮ ত আলী নেছিন(Ali Nesin)ক সন্মানিত কৰা হৈছে।

৬) গ’ছ পুৰস্কাৰ(Gauss Prize): প্ৰায়োগিক গণিতৰ উপযুক্ত ব্যৱহাৰৰ দ্বাৰা অন্যান্য ক্ষেত্ৰসমূহৰ উন্নতিত পথ প্ৰদৰ্শনকাৰী অৱদানেৰে সমৃদ্ধ কৰা গণিতজ্ঞসকলক এই পুৰস্কাৰ আগবঢ়োৱা হয়। গণিতৰ ক্ষেত্রখনৰ বিখ্যাত ব্যক্তি কাৰ্ল ফ্ৰেডৰিক গ’ছৰ নামত উৎসৰ্গিত এই বঁটা যুটীয়াভাৱে আগবঢ়ায় IMU আৰু জাৰ্মান গণিত সমাজে । ২০০৬ চনৰ পৰা প্ৰৱৰ্তিত এই বঁটা চাৰি বছৰৰ অন্তত ICMৰ অধিৱেশনত প্ৰদান কৰা হয়।

২০০২ চনত গ’ছৰ ২২৫তম জন্ম-জয়ন্তীত ঘোষণা কৰা এই পুৰস্কাৰে মুখ্যতঃ ব্যৱসায়, বিজ্ঞান, প্ৰযুক্তিবিদ্যা অথবা দৈনন্দিন কাৰ্যৰ উন্নতিৰ বাবে গণিতৰ উপযুক্ত প্ৰয়োগ সম্পৰ্কে উল্লেখনীয় কাম কৰা লোকসকলক উৎসাহিত কৰে। এই বঁটাত আছে এটা মেডেল আৰ EUR10,000ৰ অৰ্থ মূল্য। এতিয়ালৈকে সৰ্বমুঠ চাৰিবাৰ প্ৰদান কৰা এই পুৰস্কাৰ ২০০৬ চনত কিয়ছি ইট'(Kiyoshi Ito) আৰু ২০১৮ চনত ডেভিদ এল ডন’হ'(David L Donoho)ক প্ৰদান কৰা হয়।

৭) শান্তি স্বৰূপ ভাটনাগৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা পুৰস্কাৰ(Shanti Swarup Bhatnagar prize for Science & Technology):
ভাৰতত প্ৰদান কৰা সৰ্বোচ্চ বিজ্ঞান বঁটা হিচাপে গণ্য কৰা এই পুৰস্কাৰ প্ৰত্যেক বছৰে বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদ (CSIR)এ প্ৰদান কৰে। দেশৰ বিজ্ঞান গৱেষণাগাৰৰ পিতৃ পুৰুষৰূপে খ্যাত আৰু CSIR ৰ প্ৰতিষ্ঠাপক সঞ্চালক ড০ শান্তি স্বৰূপ ভাটনাগৰৰ নামত উৎসৰ্গিত এই পুৰস্কাৰৰ মুখ্য উদ্দেশ্য হৈছে দেশৰ বিজ্ঞানী-গৱেষকসকলক উজ্জীৱিত কৰা। ১৯৫৮ চনৰ পৰা বিজ্ঞানৰ সাতখন ক্ষেত্ৰ ক্ৰমে— জীৱবিজ্ঞান, ৰসায়ন বিজ্ঞান, পৰিৱেশ বিজ্ঞান, ইঞ্জিনিয়াৰিং, গণিত, চিকিৎসা বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞানত উল্লেখনীয় আৰু দিকদৰ্শী গৱেষণাৰ বাবে প্ৰতিটো শাখাত সৰ্বাধিক দুগৰাকী বিজ্ঞানীলৈ বঁটা আগবঢ়োৱাৰ সিদ্ধান্ত লোৱা হৈছিল। গণিতৰ বাবে এই পুৰস্কাৰ ১৯৫৯ চনত কুমাৰাভলু চন্দ্ৰশেখৰনে লাভ কৰে।

উক্ত বঁটাৰ বাবে বিবেচনা কৰিবলৈ হ’লে গৱেষকগৰাকীৰ বয়স ৪৫ বছৰৰ ভিতৰত হ’ব লাগিব আৰু তেওঁৰ গৱেষণা দেশৰ ভিতৰতে সম্পন্ন হ’ব লাগিব।

এই বঁটাত আছে অৰ্থমূল্য ৫লাখ টকা। তদুপৰি বঁটাপ্ৰাপকে তেওঁৰ ৬৫বছৰ বয়সলৈ মাহিলী ১৫ হাজাৰ টকা লাভ কৰে। প্ৰতি বছৰে ২৬ ছেপ্টেম্বৰত ঘোষণা কৰা এই সন্মানজনক পুৰস্কাৰ এতিয়ালৈকে অসমৰ পাঁচজন বিজ্ঞানীয়ে লাভ কৰিছে। ১৯৮৯ চনত মিহিৰকান্তি চৌধুৰী, ১৯৯৪ চনত জিতেন্দ্ৰনাথ গোস্বামী, ১৯৯৫ চনত ভূপেন্দ্ৰনাথ গোস্বামী,২০০১ চনত প্ৰশান্ত গোস্বামী আৰু ২০২১ চনত বিনয় কুমাৰ শইকীয়াই এই বঁটা লাভ কৰে।

৮)ৰামানুজন পুৰস্কাৰ (Ramanujan Prize): ভাৰতৰ বিখ্যাত গণিতজ্ঞ হিচাপে সৰ্বজনবিদিত নাম হৈছে ৰামানুজন। অতি কম সময়ৰ জীৱনতে অনৱদ্য অৱদানেৰে মহীয়ান কৰি যোৱা এইজন প্ৰাত:স্মৰণীয় ব্যক্তিৰ নামেৰে দুটাকৈ পুৰস্কাৰ দিয়া হয়। ২০১৫ত আৰম্ভ কৰা দুয়োটা পুৰস্কাৰতে একোটা নিদিৰ্ষ্ট বয়সৰ সীমাৰ ভিতৰত দিয়া হয়। ইয়াৰে প্ৰথমটো হৈছে — শাস্ত্র ৰামানুজন পুৰস্কাৰ (Sastra Ramanujan Prize) । দক্ষিণ ভাৰতৰ শন্মুঘা কলা, বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু গৱেষণা প্ৰতিষ্ঠানে ৩২বছৰ বয়সৰ তলৰ গণিতজ্ঞক তেওঁলোকৰ গৱেষণালব্ধ অৱদানৰ বাবে এই পুৰস্কাৰ প্ৰদান কৰে। প্ৰথমবাৰ এই পুৰস্কাৰৰ দ্বাৰা সন্মানিত হয় মঞ্জুল ভাৰ্গৱ( Manujl Bhargava)আৰু কন্নন সৌন্দৰাৰাজন( Kannan Soundararajan)। এতিয়ালৈকে ১৮জন ব্যক্তিক প্ৰদান কৰা পুৰস্কাৰটি ২০২১ চনত লাভ কৰে কলম্বিয়া বিশ্ববিদ্যালয়ৰ উইল ছৱিন(Will Sawin)-এ।

দ্বিতীয়টো হৈছে, ICTP ৰামানুজন পুৰস্কাৰ । এই পুৰস্কাৰৰ বিশেষত্ব এয়ে যে প্ৰতি বছৰে ৪৫ বছৰ বয়সৰ তলৰ যুৱ গণিতজ্ঞক এই পুৰস্কাৰেৰে সন্মানিত কৰা হয়। অন্য এটা চৰ্ত হৈছে গণিতজ্ঞজন উন্নয়নশীল দেশৰ নাগৰিক হোৱাৰ লগতে তেনে দেশতে গৱেষণা সম্পন্ন কৰিব লাগিব।

এই পুৰস্কাৰ প্ৰদান কৰে ইটালীত থকা পদাৰ্থ বিজ্ঞানৰ আব্দুছ ছালাম আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰই (ITCP) আৰু নিলছ হেনৰিক আবেল মেম’ৰিয়েল ফাণ্ড-এ পুৰস্কাৰ প্ৰদানত সহায় কৰে। ১৬জন ব্যক্তিক এতিয়ালৈকে প্ৰদান কৰা এই পুৰস্কাৰ ২০০৫ চনত ব্ৰাজিলৰ মাৰ্চেল’ ভিয়ানা(Marchelo Viana)আৰু ২০২০ চনত কেৰ’লিনা অৰ’জা (Carolina Arauja)ই লাভ কৰে।

৯) ৰালফ ই ক্লেইনমেন(Ralph E. Kleinman) পুৰস্কাৰ: যিসকল গণিতজ্ঞই গণিতৰ ব্যৱহাৰিক প্ৰয়োগৰ বাবে অহোপুৰুষাৰ্থ কৰি আহিছে, যিসকলে গণিত আৰু প্ৰায়োগিক ক্ষেত্রৰ দূৰত্ব কমাবৰ বাবে গৱেষণাৰ দ্বাৰা নিত্য-নতুন উপায় উদ্ভাৱন কৰিছে, তেনে লোকক এটা বা তেনে গুৰুত্বপূৰ্ণ কামৰ সমষ্টিৰ বাবে এই পুৰস্কাৰেৰে সন্মানিত কৰা হয়।

ঔদ্যোগিক আৰু প্ৰায়োগিক গণিত সমাজ(SIAM)-এ প্ৰদান কৰা এই পুৰস্কাৰৰ বাবে প্ৰায়োগিক গণিত সমাজৰ পাঁচজন সদস্যৰ দ্বাৰা গঠিত কমিটীৰ দ্বাৰা নিৰ্বাচন কৰা হয়। প্ৰতি দুবছৰৰ মূৰত প্ৰদান কৰা এই বঁটাত আছে প্ৰমাণপত্র, $5000 লগতে SIAMৰ অনুষ্ঠানলৈ অহাৰ ভ্ৰমণ খৰচ।১৯৯৮ চনত প্ৰথমবাৰৰ বাবে এই পুৰস্কাৰ লাভ কৰে ৰবাৰ্ট ভি. কনে । এতিয়ালৈকে ১১জন গণিতজ্ঞই লাভ কৰা এই পুৰস্কাৰ ২০‍২১ চনত লাভ কৰে থমাছ জে আৰ হুঘছ্( Thomas JR Hughes)-এ ।

১০) শ্ব’ পুৰস্কাৰ( The Shaw Prize): প্ৰত্যেক বছৰে প্ৰদান কৰা এই পুৰস্কাৰ ২০০৪ চনত আৰম্ভণি হয়। শ্ব’ পুৰস্কাৰ ফাউণ্ডেচন, হংকঙৰ দ্বাৰা পৰিচালিত এই বঁটা যিসকল ব্যক্তিয়ে দক্ষতাৰে নিজৰ ক্ষেত্রত অগ্ৰগতি লাভ কৰিছে, নিজৰ গৱেষণাৰ দ্বাৰা বিজ্ঞান আৰু শৈক্ষিক দিশত পথ প্ৰদৰ্শক হ’ব পাৰিছে, তেনে লোকক সন্মান জনাবৰ বাবে দিয়া হয়। সমাজৰ উন্নতিৰ বাবে, জীৱনৰ মূল্য বৃদ্ধিৰ হকে, মানৱতাৰ জয়গানৰ বাবে এই পুৰস্কাৰ বিশেষভাৱে উৎসৰ্গিত। হংকং মেডিয়া উদ্যোগৰ অগ্ৰজ আৰু পৰোপকাৰী ৰুণ ৰুণ শ্ব'(Run Run Shaw) নামেৰে নামাংকিত এই পুৰস্কাৰক ‘পূবৰ নোবেল’ নামেৰেও জনা যায়। মৰণোত্তৰভাৱে নিদিয়া এই পুৰস্কাৰে জ্যোতিৰ্বিদ্যা, জীৱ বিজ্ঞান আৰু গণিত বিজ্ঞানৰ নিত্য-নতুন সফলতাক উৎসাহিত কৰি আহিছে। এটা মেডেল, প্ৰমাণপত্র আৰু US$1.2 মিলিয়ন অৰ্থমূল্যৰে সন্মানিত কৰা এই পুৰস্কাৰ প্ৰথমবাৰৰ বাবে জ্যোতিৰ্বিদ্যাৰ বাবে কানাডাৰ জিম পীবলছ্(Jim Peebles)ক দিয়া হয়। গণিতৰ বাবে এই পুৰস্কাৰ প্ৰথম লাভ কৰে চীনৰ ছিং ছেন চাৰ্ন(Shiing-Shen Chern)-এ । ২০২১ চনত ফ্ৰান্সৰ জিন মাইকেল বিছমুট( Jean Michel Bismut)আৰু সংযুক্ত ৰাষ্ট্ৰৰ জেফ চীগাৰে(Jeff cheeger) লাভ কৰিবলৈ সক্ষম হয়।

এইসমূহ বঁটা বা পুৰস্কাৰৰ বাহিৰেও ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আন বহু বঁটা-বাহনৰে গণিতৰ ক্ষেত্ৰখন সমৃদ্ধ কৰা ব্যক্তিসকলক সন্মানিত কৰি অহা হৈছে। তেনে কিছু হৈছে ফুলকাৰছন(Fulkerson Prize) পুৰস্কাৰ, হোৱাইটকাৰ( Whittaker Prize) পুৰস্কাৰ, কেইথ মেডেল(Keith Medal), ছ্যিলভেষ্টাৰ মেডেল(Sylvester Medal) আদি হৈছে গুৰুত্বপূৰ্ণ সন্মান। প্ৰত্যেকটো বঁটা-বাহনেই কম-বেছি পৰিমাণে গণিতৰ ক্ষেত্ৰখনত নীৰৱে অৱদান আগবঢ়াই অহা লোকসকলৰ মেধা, কষ্ট আৰু অপৰিসীম চেষ্টাক বিশ্বৰ আগত চিনাকি দি উৎসাহিত কৰি আহিছে।

(লেখিকা- গৱেষক ছাত্রী , ডিব্ৰুগড় বিশ্ববিদ্যালয়)

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!