ব্যৱসায়ত গণিতৰ আধিপত্য

লেখক- সাক্ষৰ জ্যোতি মহন্ত

ব্যৱসায়, সাধাৰণ বা একেবাৰে গাঁৱলীয়া ভাষাত ক’বলৈ গ’লে ‘বেপাৰ-বাণিজ্য’। অৰ্থনীতিৰ সৈতে ওতপ্ৰোতভাৱে জড়িত এই শব্দটিৰ বিশদ ব্যাখ্যা বা আন দিশ আলোচনা নকৰি ব্যৱসায়ৰ লাভ-লোকচান সম্বন্ধীয় সৰু কথা অলপৰ বাবে একলম ধৰা হৈছে। এটা সৰু উদাহৰণেৰে কথাখিনি আৰম্ভ কৰোঁ ৷ মোৰ “থলুৱা স্বাদ” নামেৰে এটা ক্ষুদ্ৰ আচাৰৰ ব্যৱসায় আছে ৷ এবাৰ দোকান এখনত আচাৰ দিবলৈ গৈছিলোঁ ৷ আমাৰ ভোট জলকীয়াৰ পেকেটটোৰ দাম আছিল ২৫ টকাত ৭০ গ্ৰাম ৷ দোকানীজনে ক’লে আপোনাৰ আচাৰৰ দাম বেছি হৈছে ৷ ইয়াতকৈ কম মূল্যত তেওঁক আন কোনোবাই ২০ টকাতে ১৫০ গ্ৰামৰ ভোট জলকীয়াৰ পেকেট বেছিবলৈ দিছিল ৷ কিন্তু আজিকালি সি নহা হ’ল ৷ তেওঁ সেই ল’ৰাজনৰ পৰাহে ল’লে ল’ব, আমাৰ পৰা নলয় ৷ তেনেতে দোকানত থকা সহায়কাৰী ল’ৰাজনে ক’লে যে, আগতে দোকানত আচাৰ দিবলৈ অহা ল’ৰাজনৰ আচাৰৰ ব্যৱসায়টো হেনো লোকচানৰ বাবে বন্ধ হ’ল ৷ ল’ৰাজন তাৰ ঘৰৰ ওচৰৰে আছিল ৷ এতিয়া সি বেলেগ ব্যৱসায় কৰে ৷

এই কথাখিনিয়ে আমাক ব্যৱসায়ৰ এটা কথা শিকিবলৈ দিলে ৷ ব্যৱসায় এটা আৰম্ভ কৰোঁতে বহুতো দিশ চালি-জাৰি চাব লগা হয় ৷ যদি কোনো সঠিক সমীক্ষা নকৰাকৈ ব্যৱসায় আৰম্ভ কৰা হয় তেন্তে ইয়াৰ পৰা লোকচান হোৱাৰ সম্ভৱনা বেছি ৷ ব্যৱসায়টো আৰম্ভ কৰোঁতে সকলো খৰছ হিচাপ কৰি, সুলভ মূল্য নিৰ্ধাৰণ কৰি নিজৰ হাতত কিমান টকা লাভত থাকিব সকলো ভালকৈ নিৰীক্ষণ কৰি ল’ব লাগিব ৷ উদাহৰণ স্বৰূপে ভোট জলকীয়া আচাৰটোকেই যদি চাওঁ, তেন্তে দেখিম যে ভাল ভোট জলকীয়াৰ বজাৰ মূল্য কেজিত ৫০০/৬০০ টকা ৷ এইবোৰ কাটিবলৈ মানুহ লগাব লগা হয় বা নিজে কাটিলেও শুকুৱাই দিলে কেজিত ৮00 গ্ৰাম মান থাকে ৷ ইয়াৰ পাছত তেল, মছলা আৰু আচাৰত সংমিশ্ৰণ কৰা অন্য সামগ্ৰীৰ লগতে পেকেট কৰা আৰু লেবেল বনাই লগোৱালৈকে বহুতখিনি খৰছ আছে ৷ তদুপৰি দোকানে দোকানে ঘূৰি বস্তু দিয়াত গাড়ীৰ তেলৰ খৰছো আছে ৷ গতিকে সকলো খৰছৰ হিচাপ উলিয়াইহে শেষত বস্তুৰ দাম নিৰ্ধাৰণ কৰিব লাগে ৷ এইবোৰ একো ‘অংক’ নকৰাকৈ বস্তুৰ দাম নিৰ্ধাৰণ কৰিবলৈ গ’লে ব্যৱসায়ত লোকচান হোৱাটো স্বাভাৱিক ৷

এইটো উদাহৰণৰ লগতে সংগতি থকা আৰু এটা কথা কওঁ ৷ ধৰক এটা আচাৰ পেকেটত যদি আমি ১ টকা লাভ পাওঁ আৰু চিন্তা কৰোঁ যে ইমান কম লাভ লৈ কেনেকে ব্যৱসায় কৰিম !! তেতিয়া আমি আমাৰ চিন্তাটো কিছু সলনি কৰিব লাগিব ৷ যিটো বহিৰাগত ব্যৱসায়ীসকলে কৰে ৷ এটা পেকেটত কিমান লাভ হ’ব সেইটো কথা চিন্তা কৰাৰ সলনি যদি এটা কাৰ্টুনত কিমান লাভ হ’ব ভৱা যায় তেতিয়াহে ব্যৱসায়ত আগবাঢ়িব পাৰিব৷ যিটো সময়ত অসমৰ ব্যৱসায়ীয়ে এটা পেকেটত কিমান লাভ হ’ব সেই কথা চিন্তা কৰে, সেই একেটা কথাকে বহিৰাগতসকলে এখন ট্ৰাকত কিমান লাভ হ’ব সেইটো চিন্তা কৰে ৷ সেইবাবে ব্যৱসায়ত কিছুমান কথা ডাঙৰকৈ চিন্তা কৰিব লাগিব ৷ এটা পেকেটতে সকলো লাভ ল’বলৈ গ’লে ব্যৱসায়ত আগবাঢ়িবলৈ কঠিন হ’ব ৷

আন এটা উদাহৰণ। আমি প্ৰায় সকলোৱে মোবাইলত জিঅ’ চিম ব্যৱহাৰ কৰোঁ ৷ এই জিঅ’ চিমখন প্ৰদান কৰা মালিক হৈছে ৰিলায়েন্স কোম্পানী ৷ জিঅ’ মোবাইলৰ নেটৱৰ্কৰ বজাৰখনলৈ অহাৰ আগতে ভাৰতত বি এছ এন এল, এয়াৰটেল, এয়াৰচেন, ভোডাফোন, আইদিয়া আদি কেম্পানীয়ে গোটেই বজাৰখন দখল কৰি ৰাখিছিল ৷ গতিকে জিঅ’ৰ বাবে নতুনকৈ বজাৰখনত সোমোৱাটো বহুত জটিল আছিল ৷ সেইবাবে ৰিলায়েন্স কোম্পানীয়ে এটা বিৰাট অংকৰে বজাৰখনত সোমোৱাৰ পৰিকল্পনা কৰিলে ৷ অংকটো আছিল লোকচানৰ ৷ হয়, নিজৰ লোকচান কৰি হ’লেও বজাৰখনত নিজৰ কোম্পানীক প্ৰতিস্থা কৰিবলৈ সিদ্ধান্ত কৰা হ’ল ৷ ২০১৬ চনৰ ছেপ্তেম্বৰ মাহত জিঅ’ য়ে ভাৰতৰ মোবাইল নেটৱৰ্কৰ বজাৰখনত সোমাই 4G ইণ্টাৰনেট সেৱা আগবঢ়ালে ৷ তাকো সম্পূৰ্ণ বিনামূলীয়া আৰু আনলিমিটেদ ৷ লগতে আনলিমিটেদ ফ্ৰি Call, Message আৰু Roaming সেৱা ৷ এই সকলোবোৰ বিনামূলীয়া কৰি দিয়াত দেশৰ জনসাধাৰণ আৰু বাকী সকলো মোবাইল নেটৱৰ্ক কোম্পানী আচৰিত হ’ল ৷ যিটো সময়ত নাগৰিকে গড়ে ২৫০ টকা খৰছ কৰি মাহেকত ১ জি বি ডাটা পাইছিল আৰু প্ৰতিটো Call ৰ বিনিময়ত প্ৰায় ১ টকা খৰছ কৰিব লগা হৈছিল, সেই সময়ত এনেকৈ সকলো বিনামূলীয়াকৈ দি দিয়াত ভাৰতীয় বজাৰত খলকনিৰ সৃষ্টি হ’ল ৷

ৰিলায়েন্স কোম্পানীয়ে আচলতে এটা বিৰাট ৰিক্স লৈছিল ৷ তেওঁলোকে জনসাধাৰণক ইণ্টাৰনেটৰ বিনামূলীয়া সেৱা দি ইণ্টাৰনেটক এক “নিচা” কৰি দিছিল ৷ মোবাইলৰ ইউটিউবত ১৪৪p ত দিনটোত ৩/৫ মিনিটৰ ভিডিঅ’ এটা চোৱা মানুহে জিঅ’ য়ে ফ্ৰী ডাটা দিবলৈ ধৰাত দিনটোৰ ২৪ ঘণ্টাই ৭২০p ত চিনেমা চাবলৈ ধৰিলে ৷ গতিকে এনেদৰে প্ৰায় তিনি/চাৰিমাহ সম্পূৰ্ণ বিনামূলীয়াকৈ ইণ্টাৰনেট সেৱা দিবলৈ লোৱাত সকলোৱে জিঅ’ চিম ল’বলৈ ঢাপলি মেলিলে ৷ দীঘল দীঘল লাইন পাতিলে জিঅ’ চিমৰ বাবে ৷ তেতিয়া বহুতৰ মনত প্ৰশ্ন হ’ল যে এনেকৈ আনলিমিটেদ Data, Call আদি দিয়াটো কেনেকৈ সম্ভৱ হ’ল ?? ৰিলায়েন্সে নিজে এই বিষয়ে স্পষ্টকৈ আজিলেকে একো নক’লেও বিভিন্ন মাধ্যমত ৰিলায়েন্সৰ এই গোটেই প্লেনিংটো প্ৰকাশ পাইছিল ৷ বিভিন্ন মাধ্যমত প্ৰকাশ পোৱা মতে, ৰিলায়েন্সে নিজৰ লোকচানেৰে ব্যৱসায়টো আৰম্ভণি কৰিছিল ৷ ২৫০/৩৫০ টকাত ১ জি বি ডাটা মাহটোলৈ কিনা জনসাধাৰণক আনলিমিটেদ free ডাটা, ২৪✘৭ ইণ্টাৰনেটৰ সেৱা দিছিল যাতে পাছত কোনো এই ইণ্টাৰনেটৰ নিচাৰ পৰা ওলাব নোৱাৰা হয় ৷ এবাৰ এই নিচা লাগিলে পাছত পইচা দি হ’লেও ডাটা কিনিবই ৷ ৰিলায়েন্সে সেইবাবে প্ৰথমে একেবাৰে বিনামূল্যে ইণ্টাৰনেট দি পাছত কম মূল্যত ডাটা দিয়াৰ ওপৰত গুৰুত্ব দিলে ৷ তেওঁলোকে কম গ্ৰাহকেৰে সৰহকৈ লাভ লোৱাৰ সলনি অধিক গ্ৰাহকেৰে কমকৈ লাভ লোৱাৰ আঁচনি কৰিছিল ৷ এই বিনামূলীয়াকৈ ইণ্টাৰনেট, কল আদিৰ সুবিধা দিয়াৰ বিনিময়ত ৰিলায়েন্সে প্ৰায় ২ লাখ কোটি টকাৰ লোকচান কৰিছিল বুলি প্ৰকাশ পাইছিল ৷ এই লোকচান হোৱা পইচা তেওঁলোকে পাছত উপাৰ্জন কৰিছিল ইণ্টাৰনেটৰ ওপৰত মুল্য নিৰ্ধাৰণ কৰি ৷ লগতে জিঅ’ য়ে প্ৰথম 4G আনোতে ভাৰতত 4G মোবাইল একেবাৰে সীমিত আছিল বাবে LYF বুলি এটা অতি কম মূল্যৰ মোবাইলো উলিয়াইছিল ৷ জনসাধাৰণে জিঅ’ চিম ৰ সমানে LYF মেবাইলো কিনিছিল ৷ অৰ্থাৎ এফালে হোৱা লোকচান, আনফালেদি উপাৰ্জনো কৰিছিল ৷

এইবোৰ হৈছে ডাঙৰ ডাঙৰ কোম্পানীয়ে কৰা ব্যৱসায়িক অংক ৷ যিয়ে এই অংক সঠিককৈ কৰিব পাৰিব, তেওঁৱেই ব্যৱসায়ত সফল হ’ব পাৰিব ৷

উল্লিখিত উদাহৰণ দুটাৰ প্ৰথমটোত ব্যক্তিজনে নিজৰ লোকচানত বস্তু বিক্ৰী কৰা বাবে ব্যৱসায়টো বন্ধ হ’ল আৰু দ্বিতীয়টোত কোম্পানীটোৱে প্ৰথমে লাখ, কোটি টকা নিজৰ লোকচান কৰি পাছত সেই ব্যৱসায়তে দেশৰ এক নম্বৰৰ কোম্পানীত উপনীত হ’লগে ৷ এইবোৰ হৈছে ব্যৱসায়িক অংক ৷ য’ত কোনোবাই লোকচান ভৰি পুনৰ উত্থান কৰিব নোৱাৰি সৰ্বস্ব হেৰুৱায়,আৰু আন কোনোবাই লোকচান ভৰি পাছত উন্নতিৰ শিখৰত উপনীত হয় ৷ ব্যৱসায়টো যেতিয়া সৰু হয়, হাতত মূলধন কম থাকে তেতিয়া অতি সাৱধানেৰে উচিত ব্যৱসায়িক অংকৰে আগবাঢ়িব লাগে ৷ আৰু যদি ব্যৱসায়টো বৃহৎ হয় তেতিয়া ৰিক্স লৈ লোকচানত থাকিও ব্যৱসায়ত লাভৱান হ’ব পাৰি ৷

ব্যৱসায় অনুসৰি পৰিস্থিতি, ৰিক্স ফেক্টৰ, অংকবোৰ পৃথক হয় ৷ ব্যৱসায়িক স্থিতি অনুসৰি উচিত সমীক্ষাৰে ব্যৱসায়ত অগ্ৰসৰ হোৱাজনেই ব্যৱসায়ত সফল হ’ব পাৰে ।
এতিয়া আহোঁ ব্যৱসায়িক জীৱনত বেলেগ এক অংকৰ দিশলৈ ৷ ব্যৱসায়ৰ লগত জড়িত সৰু বৰ ব্যৱসায়ীসকলে প্ৰতিটো মূহুৰ্ততে টকা পইচাৰ অংকত জড়িত থাকিব লগা হয়৷ আধুনিক যুগত হাতে হাতে থকা কেলকুলেটৰ, মোবাইলৰ সহায়ত যিকোনো গণনা অতি সহজতে কৰিব পৰা হ’লেও সৰু ব্যৱসায়ী সকলে অতি সহজতে কেলকুলেটৰৰ ব্যৱহাৰ নকৰাকৈয়ে সকলো গণনা শুদ্ধকৈ নিমিষতে কৰি দিয়ে ৷ ধৰক এক কেজি মাংসৰ দাম ৩৫০ টকা ৷ কোনো গ্ৰাহকে যদি ১২৫০ গ্ৰাম বা ৮৫০ গ্ৰাম মাংস ক্ৰয় কৰে, বিক্ৰেতাজনে কেলকুলেটৰ ব্যৱহাৰ নকৰাকৈ নিজৰ মনতে গণনা কৰি মূল্যটো যথাক্ৰমে ৪৪০(৪৩৮) টকা বা ৩০০(২৯৮) টকা বুলি কৈ দিয়ে ৷ তেওঁলোকে ইয়াৰ বাবে কিবা শিকিছিল বা অংকত বহুত চোকা বা বহুত পঢ়া শুনা কৰা তেনে নহয় ৷ এইবোৰ হৈছে অভ্যাস, যিয়ে মানুহক যিকোনো ক্ষেত্ৰতে পাৰ্গত কৰি তুলিব পাৰে ৷ এনে ব্যৱসায়ী সকলে দৈনন্দিন জীৱনত ইমান বেছি এইবোৰ গণনাৰ লগত জড়িত থাকিব লগা হয় যে, এটা সময়ত তেওঁলোকৰ বাবে এনে গণনা অতি সহজ হৈ পৰে ৷

বিদ্যালয়ত গণিত বিষয়টো অধিকাংশ শিক্ষাৰ্থীৰে অপ্ৰিয় ৷ অংকৰ প্ৰতি ভয় আৰু অমনোযোগিতাই হৈছে ইয়াৰ কাৰণ ৷ এই ভয় এটা পূৰ্বানুমানিক ধাৰণাহে যে অংক বিষয়টো টান ৷ হয়টো অতি সহজে যিকোনো বস্তুৰ মূল্য কৈ দিব পৰা ব্যৱসায়ী এজনো স্কুলত অংকত বেয়া আছিল ৷ কিন্তু ব্যৱসায়ত যেতিয়া অংক কৰিবলৈ বাধ্য হ’ল, সময় অনুসৰি অভ্যাসৰ পৰিণতিত অংক তেওঁৰ বাবে সহজ হৈ পৰিল ৷ ইয়াৰ পৰা এইটো কথাই প্ৰমাণ হ’ল যে কোনো বিষয়েই আচলতে টান নহয় ৷ মাত্ৰ শিক্ষাৰ্থীসকলৰ মনৰ ভয় আৰু অমনোযোগিতাৰ বাবেই অংকটো জটিল বিষয় বুলি গণ্য হয় ৷ শিলক যেনেকৈ শিলেৰে ঘঁহিলেহে ক্ষয় যায় ঠিক তেনেকৈ গণিতকো মনোযোগ দি কৰিলে সকলোৰে বাবে সহজ হ’ব, ব্যৱসায়ীসকলৰ দৰেই ৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments