অসমীয়া ভাষাত ৰচিত গণিত বিষয়ক গ্ৰন্থ আৰু ৰচনা

লেখক- বিশ্বজিৎ বৈশ্য

কোনো এক বিষয়ত ৰস আস্বাদন কৰাৰ মানসিকতা, সেই বিষয়টোৰ ওপৰত ৰচিত গ্ৰন্থৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে। খুব মনোগ্ৰাহীকৈ সজাই-পৰাই তোলা কোনো এক বিষয়ৰ গ্ৰন্থ এখনে সেই বিষয়টোলৈ দৃষ্টি আকৰ্ষণ কৰিব পাৰে বা বিষয়টোৰ ওপৰত মনোযোগ বৃদ্ধিত অৰিহণা যোগাব পাৰে । ঠিক তেনেকৈ গণিত বিষয়ত চিন্তা চৰ্চা কৰিলে পাঠ্যপুথিৰ বাহিৰৰ গণিতৰ ওপৰত লিখা মনোগ্ৰাহী কিতাপ এখনেও গণিতৰ শংকা গুচোৱাত নাইবা গণিতৰ বিস্তৃত ক্ষেত্ৰখনক পৰ্যবেক্ষণ কৰাত সহায়ক হ’ব পাৰে।

আন ভাষাৰ কিতাপৰ কথা আলোচনা নকৰি আমি যদি অসমীয়া ভাষালৈ চাওঁ, তেতিয়া দেখোঁ যে নিজৰ ভাষাটোত লিখা গণিত বিষয়ক গ্ৰন্থ তুলনামূলকভাৱে কম। উল্লেখ কৰি থওঁ যে ইয়াত গণিত বিষয়ক পাঠ্যপুথিসমূহ বাদ দি আনুষংগিক প্ৰবন্ধমূলক কিতাপৰ বিষয়েহে কোৱা হৈছে।

এইয়া অনস্বীকাৰ্য যে গণিত চৰ্চা বা গণিত বিষয়ক ৰচিত ৰচনাৰাজিৰ ধাৰা কিন্তু এতিয়াৰ নহয়। ইতিহাসৰ পৃষ্ঠাত ভূমুকি মাৰিলে আমি দেখোঁ যে অতীজৰে পৰা গণিত বিষয়ক গ্ৰন্থ বা ৰচনাৰ সৃষ্টি হৈ আহিছে। মধ্যযুগৰ অসমত আহোম, কোঁচ অথবা কমতা ৰজাৰ শাসনকালত হিচাপ-নিকাচ কৰা কামৰ বাবে কায়স্থ নামৰ বিশেষ পদবীৰ সৃষ্টি কৰা হৈছিল। ভাৰতবৰ্ষৰ বিখ্যাত গণিতজ্ঞ ভাস্কৰাচাৰ্য্য(ভাস্কৰ ২য়)ৰ ‘সিদ্ধান্ত শিৰোমণি’ নামৰ কিতাপখনৰ ‘লীলাৱতী’ অংশটো কোঁচ ৰজা নৰনাৰায়ণৰ অনুৰোধ ক্ৰমে এবাৰ তেওঁৰ ৰাজসভাৰ পণ্ডিত বকুল কায়স্থদেৱে অসমীয়ালৈ অনুবাদ কৰিছিল। বোধকৰো অসমীয়া ভাষাত গণিত বিষয়ক ৰচিত এইখনেই প্ৰথমখন পুথি। কায়স্থসকলে সেই সময়ত ‘কাইথেলী অংক’ নামৰ এক বিশেষ ধৰণৰ অংক প্ৰণালী উদ্ধাৱন কৰিছিল, যিবোৰ মানুহৰ মুখে মুখে প্ৰচলিত আছিল। এই গৰাকী বকুল কায়স্থদেৱেই কাইথেলী অংকক লিখিত ৰূপ দি ‘কিতাবত মঞ্জৰি’ নামৰ পুথি এখন লিখি উলিয়াইছিল। কায়স্থসকলে মাটিৰ জৰীপ, ঘৰ নিৰ্মাণৰ জোঁখ-মাখ, বিভিন্ন ৰাজকীয় হিচাপ-নিকাচ কৰিবলৈ এই কাইথেলী অংক ব্যৱহাৰ কৰিছিল। ১৯৩০ চনত প্ৰকাশিত দণ্ডীৰাম দত্তৰ ‘কাইথেলী অঙ্ক’ হৈছে এনেধৰণৰ অংক সমৃদ্ধ এখন গ্ৰন্থ।

কায়স্থদেৱৰ পিছত ঊনৈশ শতিকালৈকে গণিত বিষয়ক তেনে ৰচনা সৃষ্টি হোৱাৰ বিশেষ তথ্য পোৱা নাযায়। বিংশ শতিকাত বহুজন অসমীয়া গণিতজ্ঞৰ প্ৰচেষ্টাত অসমত গণিত বিষয়ক ৰচনাই বিশেষ ৰূপ লৈছিল। ১৯৬৮ চনত গণিত বিষয়ক প্ৰৱন্ধ সম্বলিত প্ৰথমখন গ্ৰন্থ ‘গণিতৰ কথা’ লিখি উলিয়াইছিল ড° ভূপতি চন্দ্ৰ ডেকাই। গণিত বিষয়ক মৌলিক গ্ৰন্থ তথা পাঠ্যপুথি সম্বন্ধীয় কিতাপখিনি বাদ দিলে এইখন অসমীয়া ভাষাত ৰচিত প্ৰথমখন গণিত সম্বন্ধে আলোচনা কৰা কিতাপ। ইয়াৰ পিছত তেওঁৰ কেইবাটাও গণিত বিষয়ক প্ৰবন্ধ একেলগ কৰি অসম গণিত শিক্ষায়তনে ‘গণিতীয় প্ৰবন্ধমালা’ শীৰ্ষক এখন গ্ৰন্থ তেওঁৰ নামত প্ৰণয়ন কৰে।

১৯৮৮ চনত ‘গণিতদ্ৰষ্টা ৰামানুজন’ নাম দি ড° দিলীপ শৰ্মাদেৱে ভাৰতীয় মহাপ্ৰতিভা শ্ৰীনিৱাস ৰামানুজনৰ ওপৰত এখন অসমীয়া কিতাপ লিখি উলিয়ায়। ইয়াৰ পিছত তেখেতে প্ৰায় নখন সৰু-বৰ গণিত বিষয়ক গ্ৰন্থ লিখে। তাৰ ভিতৰত ‘নিশান্ত গণিতজ্ঞ’(১৯৮৯), ‘সংখ্যাৰ কাননত’(১৯৯২), ‘ইউক্লিড আৰু জ্যামিতি’(১৯৯৩), ‘নিৰূপম গণিত’(২০০০), ‘সংখ্যাৰ জগতত বটুচাৰ’(২০০২), ‘অমিততেজা গণিতজ্ঞ’(২০০৮), ‘প্ৰাচীন ভাৰতত গণিত চৰ্চা’(২০১০), ‘অনুপম গণিত’(২০১৫), ‘কুৰিজন ভাৰতীয় গণিত-সাধক’(২০২০) প্ৰধান। ইয়াৰে বেছিভাগ কিতাপেই বান্ধৱ প্ৰকাশনৰ পৰা প্ৰকাশিত। এইজনা অসমীয়া গণিতজ্ঞই ২০০৫ চনত বান্ধৱ প্ৰকাশনৰ পৰা ভাস্কৰাচাৰ্য্যৰ সংস্কৃত গ্ৰন্থখন ‘লীলাৱতী’ নাম দি অসমীয়া ভাষাত অনুবাদ কৰিছিল।

বিজ্ঞান সাহিত্যৰ এটা চিনাকী নাম ড° বিজয়কৃষ্ণ দেৱশৰ্মাদেৱৰ গণিত বিষয়ক কিতাপকেইখনো খুব মনোগ্ৰাহী। সেইসমূহ হৈছে ‘গণিত জগতৰ কথা’, ‘ৰমনীয় গণিত’, ‘গণিত কিয়নো লাগে’, ‘গণিতৰ ৰং আৰু খেল’ ইত্যাদি।

সৃজনীমূলক গণিত শিক্ষাৰ জৰিয়তে গণিতক জনপ্ৰিয় কৰা ৰাষ্ট্ৰীয় বটাঁ প্ৰাপক ড° মুনীন্দ্ৰ কুমাৰ মজুমদাৰদেৱৰো গণিত জগতত অৰিহণা উল্লেখযোগ্য। তেখেতে প্ৰায় ২০ খনৰো অধিক গণিত বিষয়ক গ্ৰন্থ লিখি উলিয়াইছে। তাৰ ভিতৰত ‘বিনোদন গণিত’, ‘অংক কৰাৰ আনন্দ’, ‘অংক মানেই আতংক নহয়’, ‘কেইজনমান গণিতজ্ঞৰ জীৱন আৰু কৃতি’, আৰু শেহতীয়াকৈ অসম প্ৰকাশন পৰিষদৰ পৰা প্ৰকাশ পোৱা ‘গণিত: এক বৌদ্ধিক যাত্ৰা’(২০২০) আদিৰ কথা ক’ব পাৰি।

১৯৯০ চনত প্ৰকাশিত ‘গণিত এটি বিৰক্তিকৰ বিষয়’ নামৰ গ্ৰন্থখনেৰে জনপ্ৰিয় হৈ পৰা বিশিষ্ট গণিতজ্ঞ ড° খনীন্দ্ৰ চন্দ্ৰ চৌধুৰীদেৱে ইয়াৰ পিছত ‘গণিতৰ বৰ্ণিল জগত’, ‘ৰামানুজন খ্যাত হোৱাৰ আঁৰৰ কিতাপখন’(অসম গণিত শিক্ষায়তন, ২০১২) আদিকে কৰি কেইবাখনো মূল্যবান গ্ৰন্থ লিখে। ইয়াৰোপৰি তেখেতে অসম গণিত শিক্ষায়তনৰ ৰূপালী জয়ন্তী বৰ্ষত ‘ৰামানুজনঃগণিতজ্ঞ আৰু মানুহজন’(মুল: এছ. ৰংগনাথন) নামৰ ইংৰাজী কিতাপ এখন অসমীয়ালৈ অনুবাদ কৰি মুকলি উপস্থাপন কৰে।

১৯৯৫ চনত অসমীয়া তথা আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন গণিতজ্ঞ, পৰিসংখ্যাবিদ ড° জ্যোতিপ্ৰসাদ মেধিদেৱে ‘এক-দুই যোগ বিয়োগঃসসীম গণিতৰ আদি কথা’ নামৰ গণিত বিষয়ক গ্ৰন্থ এখন লিখে।

১৯৯৮ চনত ড° বিপুলজ্যোতি শইকীয়াই ‘সোণালী সংখ্যা’ আৰু ‘ৰামানুজন’ নামৰ দুখন গণিত বিষয়ক গ্ৰন্থ লিখে। কবি হিচাপে সমাদৰ লাভ কৰা শইকীয়াদেৱৰ গণিত-বিষয়ক ৰচনাসমূহো মনোগ্ৰাহী।

এইসকলৰ উপৰিও আৰু কিছুমান গণিত বিষয়ক গ্ৰন্থ অসমীয়া ভাষাত ৰচিত হৈছে। ড° বুদ্ধ প্ৰসাদ চেতিয়াৰ ‘গণিতৰ ক্ৰমবিকাশৰ ইতিহাস’; ড°শিৱনাথ বৰ্মনৰ ‘নাম যাৰ ফিব’নাচ্ছি’ আৰু ‘টঙ্ক মামাৰ অঙ্কৰ সাধু’; ভৱেশ মহন্তৰ ‘যাদুকৰী অংক’; ড°কৈলাশ গোস্বামীদেৱৰ ‘ভাৰতীয় গণিতৰ চমু ইতিহাস’(২০১২) আদি তেনে আন কেইখনমান গণিত বিষয়ক গ্ৰন্থ। উল্লেখযোগ্য যে ড° অমৰজ্যোতি চৌধুৰীদেৱে ‘শ্ৰীনিবাস ৰামানুজন’(মুল: সুৰেশ ৰাম)নামৰ গ্ৰন্থ এখন অসমীয়ালৈ অনুবাদ কৰে।

শেহতীয়াকৈ প্ৰকাশ পোৱা পংকজ জ্যোতি মহন্তৰ ‘অংক নহয় আতংক’(২০১৮), ড° নয়নদীপ ডেকা বৰুৱাৰ ‘ৰামানুজন আৰু তেওঁৰ গণিত’(২০২১), ড° মৃণাল কলিতা আৰু ড° জোনালী চৌধুৰীৰ যৌথ উদ্যোগত ‘গণিতৰ বৰ্ণিল জগত’ গ্ৰন্থ কেইখনেও গণিত প্ৰেমীৰ মাজত খুব জনপ্ৰিয়তা লাভ কৰে।
তাৰোপৰি ২০২০ চনত ড° খনীন্দ্ৰ চন্দ্ৰ চৌধুৰী, ড° নিলাক্ষী গোস্বামী আৰু নবজিৎ তালুকদাৰৰ সহযোগত ‘Anglo Assamese Dictionary of Mathematics’ নামৰ গণিত বিষয়ক অভিধান এখন প্ৰকাশ পায়। মহাবীৰ প্ৰকাশনৰ পৰা প্ৰকাশিত ইংৰাজী-অসমীয়া অভিধানখন গণিত বিষয়ক প্ৰথমখন অভিধান। এইখনে অসমীয়া ভাষাত গণিত অভিধান এখনৰ অভাৱ দূৰ কৰিলে।

এই আলোচনাত পাঠ্যপুথিক বাদ দি বৰ্তমানলৈকে ৰচিত বা প্ৰকাশিত গণিত সম্বন্ধীয় অসমীয়া কিতাপসমূহৰ এক আভাস দিবলৈ যত্ন কৰা হ’ল। নিঃসন্দেহে ইয়াত সকলোখিনি সামৰি ল’ব পৰা নাই। সংখ্যাত কম হৈও প্ৰচাৰ-প্ৰসাৰৰ অভাৱতো এনে গ্ৰন্থসমূহ হেৰাই যায়। তথাপি আমি আশা কৰিম, গল্প-উপন্যাসৰ সমানে সমানে গণিত সম্বন্ধীয় কিতাপো অসমীয়া ভাষাত বৃদ্ধি হ’ব আৰু ইবোৰৰ পঢ়ুৱৈ বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি হ’ব।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!