দুজন ৰসৰাজৰ গণিত-ভাষ্য

লেখক- ড° দিলীপ শৰ্মা

[ক]

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা(১৮৬৪-১৯৩৮) অসমীয়া সাহিত্যৰ অবিসম্বাদী সম্ৰাট। সাধুকথা, গল্প, কবিতা, নাটক, জীৱনী, চিন্তাগধুৰ প্ৰবন্ধৰ উপৰিও তেওঁ হাস্যৰসাত্মক অনেক ৰচনা লিখিছে। কৃপাবৰ বৰুৱা বেজবৰুৱাৰ অনবদ্য সৃষ্টি,—”কৃপাবৰ বৰবৰুৱা মহাধনুৰ্দ্ধৰ। বৰপেট টিকণিৰে মূৰ লৰফৰ। সুদৰ্শন হাতে বিষ্ণু, শূল হাতে ভোলা। মহেন্দ্ৰৰ বজ্ৰ কৃপাৰ কাকতৰ টোপোলা।……” । ৰসৰাজ অভিধাৰে বেজবৰুৱা বিভূষিত।

বেজবৰুৱা বিজ্ঞানৰ ছাত্ৰ নাছিল। অৱশ্যে এফ এ মহলালৈকে তেওঁ গণিত অধ্যয়ন কৰিছিল। কলাৰ ছাত্ৰ আছিল যদিও গণিতৰ প্ৰতি তেওঁৰ বিশেষ আকৰ্ষণ আছিল। তেওঁৰ বহু কথাত গণিতৰ বিভিন্ন কথাৰ উল্লেখ পোৱা যায়। গাণিতিক উপমাও তেওঁ ব্যৱহাৰ কৰিছে। আনকি তেওঁৰ পাৰিবাৰিক চিঠি-পত্ৰতো গণিতে ভুমুকি মাৰে। কৃপাবৰী ৰচনাত অসমীয়া সমাজৰ দুৰ্বলতাক বিদ্ৰূপ কৰি গাণিতিক সমীকৰণো সৃষ্টি কৰিছে।

‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’ সংকলনটোৰ ‘জীৱিকাৰ উপায়’ এখন মনোগ্ৰাহী ৰচনা। বৰবৰুৱাৰ জীৱিকাৰ এটা উপায়ৰ প্ৰয়োজন। বৰবৰুৱাই গম পালে যে “অমুকৰ স্কুলৰ ছেপেন মাষ্টৰৰ কাম খালি।” গ’ল “স্কুলৰ ইন্সপেক্টৰ চাহাবৰ ওচৰলৈ।” ইন্সপেক্টৰে “ছেপেন ক্লাছত” পঢ়ুৱাবলৈ দিলে। দ্বিতীয় ঘণ্টাত বৰবৰুৱাই বীজগণিত পঢ়ুৱাবলৈ আৰম্ভ কৰিলে,— “ইয়াৰ পিছত এল্‌জাবৰাৰ পাল পৰিল। তৎক্ষণাত ব’ৰ্ডত মই এইকেটা অঙ্কৰ জাবৰ লিখি দি ছাত্ৰহঁতক সাৰিবলৈ ক’লোঁ।

Solpe the equatations
(১) √ভোজ^২ – মদ^২ – কুকুৰা^২ = ০
(২) বিয়া – তিৰুতা^২ =০
শৰাধ- দক্ষিণা =০
(৩) মিছা^২ + ভণ্ডামি^৩ = অসম-সমাজ
ভিতৰ-ক’লা^২ + বাহিৰ-বগা^৩ = অসমীয়া
(৪) এল্‌জোবৰাত ভগ্‌লাৰ ফেক্‌চন্‌ কাক কয়?
(৫) ডেৰকুৰি অসমীয়া শিয়াললৈ ৩০ ডাল নেজ আছে। গাইপতি কেইডাল কেইডালকৈ পৰিব? x আৰু y দি এইটো অঙ্ক কৰিব লাগিব।”

শিক্ষকৰ ইংৰাজী বানান মন কৰিবলগীয়া,— “solpe”, আৰু “equatations”। “সমীকৰণ” তিনিটালৈ মন কৰোঁ। ভোজৰ বৰ্গৰ বৰ্গমূল হ’ল ভোজ। ভোজৰ পৰা যদি মদৰ বৰ্গ,আৰু কুকুৰাৰ বৰ্গ বাদ দিয়া হয়, সেই ভোজ শূন্য। তদনুৰূপে যদি বিয়াৰ পৰা তিৰুতাৰ বৰ্গ বাদ দিয়া হয়, সেই বিয়া শূন্য। শৰাধৰপৰা দক্ষিণা বাদ দিলে একোৱেই নাথাকিল। মিছাৰ বৰ্গ আৰু ভণ্ডামিৰ ঘনৰ যোগফল অসম-সমাজ। ভিতৰ-ক’লাৰ বৰ্গ আৰু বাহিৰ বগাৰ ঘনৰ যোগফল অসমীয়া। অসমীয়া সমাজৰ ভণ্ডামি, কপটতাক বেজবৰুৱাই তীব্ৰভাৱে ব্যংগ-বিদ্ৰূপ কৰিছে।

তাৰ পাছত বৰবৰুৱাই ইতিহাস, আৰু ভূগোলৰ পাঠদান কৰিলে। ইতিহাস, আৰু ভূগোল সামৰি বৰবৰুৱাই জ্যামিতি পঢ়ুৱাবলৈ আৰম্ভ কৰিছিল। পিছে,—” ইমানতে ভোগোলৰ শিক্ষা সামৰি জিয়মেট্ৰি বা জয়মতি হাতত ল’লোঁ। লৈয়েই মোৰ মাতটো বা মনটো জঁয় পৰি গ’ল। শেহত ক’লোঁ, জয়মতিৰ প্ৰতিজ্ঞা আজিলৈ থাওক, কাইলৈ শিকাম। লাঙি গদাপাণি নহ’লে জয়মতি শিকাব নোৱাৰি। মই লাঙি গদাপাণি হৈ আহি সেই প্ৰতিজ্ঞা শিকাব লাগিব।”

বেজবৰুৱাৰ “ঘণ্টাকৰ্ণ শৰ্ম্মা“ বোলা গল্পটোত আমি মঘুৱাক লগ পাওঁ। কলকাতাত কেইদিনমান থাকিয়েই মঘুৱাই অসমীয়া ভাষা পাহৰিবলৈ ধৰিলে। বেজবৰুৱাই লিখিছে,-” এইখিনিতে কোৱা উচিত যে এই কেইদিনতে মঘুৱাৰ অসমীয়া ভাষাৰ মাটিডৰাৰ আয়তন জোখত অনেক কম হৈ পৰিছিল; কাৰণ বঙলা ভাষাই তাৰ সীমা ঠেলি নি সৰহভাগ নিজৰ ঢাপৰ ভিতৰুৱা কৰি পেলাইছিল।”

ধৰ্ম্মধ্বজ ফয়চলা-নবিচৰ বিষয়ে ক’বলৈ গৈ বেজবৰুৱাই কৈছে,— “কোৱা বাহুল্য যে, ধৰ্ম্মধ্বজ ফয়চলা-নবিচৰ দলত পোন্ধৰ অনা তিনি পইচা মানুহ আছিল, গতিকে তেওঁ ডিঙি মেলি ডাঙৰকৈ এই কথাষাৰ কোৱাত কোনো বিঘিনি নঘটিছিল।” দশমিক পদ্ধতিৰ মুদ্ৰা প্ৰচলনৰ আগতে এটকাক ষোল ভাগত ভাগ কৰা হৈছিল। প্ৰতিটো ভাগক বোলা হৈছিল অনা। ষোল অনাই এটকা। চাৰি প‌ইচাই এক অনা। গতিকে ফয়চলা-নবিচৰ পক্ষত পোন্ধৰ অনা তিনি প‌ইচা মানুহ আছিল বোলাৰ অৰ্থ হ’ল নব্বৈ শতাংশৰো অধিক সংখ্যক মানুহেই ফয়চলানবিচৰ দলত আছিল।

এনেদৰে গণিতৰ সহায়ত বেজবৰুৱাই হাস্যৰসৰ সৃষ্টি কৰিছে। সাহিত্যৰথীৰ বহু লেখাত গাণিতিক পৰিশীলনৰ উমান পোৱা যায়।


[খ]


ৰসৰাজ বেজবৰুৱাৰ দৰে আন এজন ৰসময় ব্যক্তি হ’ল শিবৰাম চক্ৰবৰ্তী (১৯০৩-১৯৮০)। বাংলা সাহিত্যৰ তেওঁ এজন প্ৰথিতযশা বহুপ্ৰসূ লেখক। এজন তীক্ষ্ণ হাস্যৰসিক হিচাপে তেওঁৰ প্ৰসিদ্ধি সৰ্বজনবিদিত। তেওঁৰ ৰসপটুতাৰ তুলনা নাই। তেওঁ নিজৰ নামটোৰ সৈতেও ধেমালি কৰে। কেতিয়াবা লিখে, — শিব্ৰাম চকরবরতি। স্বদেশী আন্দোলনত যোগ দিয়া বাবে তেওঁৰ আনুষ্ঠানিক পঢ়া-শুনা বিশেষ নহ’ল। প্ৰৱেশিকা পৰীক্ষাতো অৱতীৰ্ণ নহ’ল। কিন্তু বিভিন্ন বিষয়ত তেওঁৰ জ্ঞান আছিল অগাধ। তেওঁৰ লেখাসমূহৰ জৰিয়তে সেয়া প্ৰতীয়মান হয়।

শিবৰাম চক্ৰবৰ্তীয়ে সৃষ্টি কৰা দুটা অনবদ্য চৰিত্ৰ হ’ল হৰ্ষবৰ্ধন আৰু গোবৰ্ধন ভ্ৰাতৃদ্বয়। হৰ্ষবৰ্ধনে ইংৰাজীত নামটো এনেদৰে কয়, — horse bird on । ভায়েক গোবৰ্ধনক মৰমতে মাতে গোবৰা বুলি। হৰ্ষবৰ্ধন আৰু গোবৰ্ধনক লৈ শিবৰামে বহু ৰসাল গল্প লেখিছে। তেনেকুৱা এটা গল্প হ’ল ‘মামির বাড়ির আবদার।’

হৰ্ষবৰ্ধনৰ এদিন মোমায়েকৰ ঘৰলৈ যাবলৈ মন গ’ল। মোমায়েকৰ ঘৰ ৰানাঘাটত। সংগী ভায়েক গোবৰ্ধন আৰু ঘৈণীয়েক। ককায়েকৰ নিৰ্দেশত গোবৰ্ধনে বৌৱেকৰ পৰা ট্ৰেইনৰ ভাড়া বাবদ এশ টকা লৈছে। ককায়েকে ক’লে যে মামাকৰ ঘৰলৈ যোৱাৰ আগেয়ে মামিকো চাই যাব। গোবৰ্ধন আচৰিত হ’ল। মামাকৰ ঘৰতহে মামিয়েক থাকে। হৰ্ষবৰ্ধনে ক’লে যে এয়া হৈছে সেই মামি যি মামিৰ মামা নাই। গোবৰাই কোনোমতে বিশ্বাস নকৰে, — মামা নোহোৱাকৈ মামি কি কেতিয়াবা হ’ব পাৰে? ককায়েকে ক’লে যে এয়া যাদুঘৰৰ মামি। এয়া মিছৰৰ মামি। গোবৰাই ক’লে যে মিছৰ নামে আমাৰ দেখোন কোনো মামা নাছিল।

যথাসময়ত যাদুঘৰত গৈ তিনিও উপস্থিত হ’লগৈ। মামিৰ কফিনৰ গাত এটা টিকেট লগোৱা আছিল। তাত লিখা আছিল B. C. 2299 । গোবৰাই কৌতূহলবশতঃ হৈ ককায়েকক সুধিলে, — এইটো কিহৰ নম্বৰ? সৰ্বজ্ঞানী ককায়েকে ক’লে যে যিখন মোটৰগাড়ীয়ে এই ছোৱালীজনীক খুন্দিয়াই মাৰিছিল সেইখন মোটৰ গাড়ীৰ নম্বৰ এইটো। মোটৰ গাড়ীৰ চেপাত ছোৱালীজনীৰ মৃত্যু হোৱা বুলি জানি শ্ৰীমতী হৰ্ষবৰ্ধনৰ হিয়া পমি গ’ল।

এনেতে হৰ্ষবৰ্ধনৰ এটা চুৰট হুপিবলৈ মন গ’ল (যদিও ধূমপান স্বাস্থ্যৰ বাবে ক্ষতিকৰ)। চুৰটটো জ্বলাইছিল মাত্ৰ। কৰ্মচাৰী এজন আহি উপস্থিত হ’ল। ক’লে যে “মামিৰ ঘৰত” ধূমপান নিষেধ। অন্যথাই পঞ্চাছ টকা জৰিমনা। হৰ্ষবৰ্ধনে চুৰটটো জ্বলাইছিলহে। দুই টানো মৰা নাই। গতিকে জৰিমনা দিয়াটোকে উচিত বুলি ভাবিলে। এশ টকীয়া নোটখন আগবঢ়াই দিলে। কৰ্মচাৰীজনৰ হাতত ওভোটাই দিবলৈ পঞ্চাছ টকা নাই। চৰখৰীয়াত পৰা গ’ল। হৰ্ষবৰ্ধনে গোবৰাক সুধিলে, – চুৰট এটা হুপিবি নেকি? তেতিয়াহ’লে কৰ্মচাৰীজনে পঞ্চাছ টকা ওভোতাই নিদিলেও হ’ব। কাৰণ তেতিয়া দুয়োজনৰ জৰিমনা হ’ব এশ টকা। গোবৰাই ক’লে যে গুৰুজনৰ আগত চুৰট খোৱা অনুচিত। নহ’লে কথা নাছিল। শ্ৰীমতীক সুধিলে, – এক টান মাৰিব নেকি? শ্ৰীমতী জাঙুৰ খাই উঠিল। উপায়ান্তৰ নেদেখি কৰ্মচাৰীজনক এটা চুৰট দিলে। তেওঁ হুপিব। তেতিয়া দুয়োজনৰ জৰিমনা এশ টকা। কৰ্মচাৰীজনে পঞ্চাছ টকা ওভোতাই দিয়াৰ প্ৰয়োজন নাই।

এতিয়া ৰানাঘাটৰ মামাকৰ ঘৰলৈ যায় কিদৰে? শিয়ালদহ ষ্টেচনত তিনিও উপস্থিত হ’লগৈ। ৰানাঘাটলৈ তিনিওজনৰ ভাড়া সোতৰ টকা সাত অনা। জেপ খেপিয়াই হৰ্ষবৰ্ধনে দেখিলে যে এটা মাত্ৰ হাফ টিকেটৰ মূল্য আছে। এইবাৰ হৰ্ষবৰ্ধনে ‘অঙ্কেৰ জোৰ’ দেখুৱালে।

হৰ্ষবৰ্ধনে ক’লে যে এটা হাফ টিকেটেৰেই তিনিও যাব। শ্ৰীমতীয়ে ক’লে,- এই তিনিটা মস্ত মানুহ এটা হাফ টিকেটত কেনেদৰে যাম? গোবৰাই ক’লে,- সেয়া কি সম্ভৱ দাদা? হৰ্ষবৰ্ধনে ভেকাহি মাৰি উঠিল,- মূৰত অংক থাকিলেহে বুজিবি। অংকৰ বলত যাম। এইবুলি হৰ্ষবৰ্ধনে দুয়োকো লৈ ৰানাঘাটৰ বাবে প্লেটফৰ্মত ৰৈ থকা ট্ৰেইনখনৰ এটা তৃতীয় শ্ৰেণীৰ দবাত সোমালগৈ। দবাটোত আন যাত্ৰী নাছিল। সোমাই হৰ্ষবৰ্ধন এখন বেঞ্চত ভৰি তুলি বহিল। ঘৈণীয়েক আৰু ভায়েকক বেঞ্চৰ তলত সোমাবলৈ নিৰ্দেশ দিলে। গোবৰাই আপত্তি দৰ্শাইছিল। এক ধমকত সেই ভাগে নিপয় মাৰিলে।

যথাসময়ত টিকেটপৰীক্ষক আহিল। হৰ্ষবৰ্ধনে আথেবেথে হাফটিকেটটো উলিয়াই দিলে। টিকেট পৰীক্ষকে চকু দুটা বহলকৈ মেলি দিলে,- কি কথা? এটা হাফ টিকেটেৰে এই লৈঠা মৰদটো যাব?
“কিয় নাযাম?” হৰ্ষবৰ্ধনে প্ৰতিবাদ কৰিলে, – “অংকৰ বলত যাম।”
“অংকৰ বলত? সেয়া আকৌ কি? একো বুজিব পৰা নাই।”
“মূৰত অংক থাকিলেহে বুজিব। বেঞ্চৰ তললৈ চাওকচোন। তেতিয়া বুজি পাব।”- এনেদৰে গল্পটো শেষ হৈছে।

[ বেঞ্চৰ ওপৰত এজন। তলত দুজন। মাজত বেঞ্চখন। তাৰ অৰ্থ ১/২ । সেইবাবেই হৰ্ষবৰ্ধনে হাফ্ টিকেট কিনিছে। “অঙ্কেৰ জোৰ”।]

টোকা- ট্ৰেইনত, অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছত হাফ টিকেটৰ ব্যৱস্থা আছে। শিশুৰ বাবে। প্ৰাপ্তবয়স্কৰ টিকেটৰ মূল্যৰ আধাৰে এই টিকেট ক্ৰয় কৰিব লাগে।

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!