বিচ্ছিন্ন ক’ছাইন ৰূপান্তৰ আৰু “এয়া আমি” ধাৰাবাহিকখন

লেখক- জিতেন কলিতা

ক’ভিড অতিমাৰীয়ে আপোন গতিৰে আমাৰ চাৰিওফালৰ দৃশ্যপটবোৰ এনেভাৱে সলনি কৰি আছে যেন আমি সকলো কোনো মেগা-ধাৰাবাহিকৰ একো একোটা চৰিত্ৰহে। সমগ্ৰ বিশ্বই ৰূদ্ধশ্বাসেৰে এতিয়াও অপেক্ষা কৰি আছে ইয়াৰ ক্লাইমেক্সলৈ। নক’লেও হ’ব যে ক’ভিডৰ ঢৌৱে উপহাৰ দিয়া আংশিক কাৰাবাসে আমাৰ জীৱনশৈলীৰ লগতে ৰুচিসমূহতো এক ব্যাপক পৰিৱৰ্তন আনিছে। ভৌগোলিক অৱস্থান, সময় আৰু ক’ভিডৰ তীব্ৰতা অনুসৰি বিশ্বৰ বিভিন্ন স্থানৰ লোকসকলে পুৰণি ৰুচি সলনি কৰি নতুন নতুন ৰুচিক আঁকোৱালি ল’বলৈ বাধ্য হৈছে। ইণ্টাৰনেটৰ সুলভতাৰ অচিলা লৈ ইয়াৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে বিভিন্ন “অ’ভাৰ দ্য টপ” (চমুকৈ OTT, অৰ্থাৎ গ্ৰাহকৰ নিজস্ব ৰুচি অনুসৰি ইণ্টাৰনেটৰ মাধ্যমেৰে বিনোদন) মঞ্চসমূহে। ক’ভিডৰ প্ৰথম ঢৌৰ সময়ত ইয়াৰ চাহিদাই আকাশলংঘী সীমা চুইছিল। যাৰ ফলত নেটফ্লিক্সকে ধৰি বহুতো OTT মঞ্চই গ্ৰাহকলৈ উচ্চ মানৰ (high definition) চিত্ৰ সম্প্ৰচাৰত পৰিসীমিত ব্যৱহাৰ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিবলৈ বাধ্য হৈছিল। সেইসময়তে এই OTTয়ে দৰ্শকক পৰিচয় ঘটোৱা এখন ধাৰাবাহিক হৈছে “এয়া আমি”।

“এয়া আমি” (This Is Us) হৈছে এখন ইংৰাজী ধাৰাবাহিক। এই ধাৰাবাহিকখনত অতি সূক্ষ্মভাৱে দৰ্শোৱা হৈছে কিদৰে জীৱনত ঘটা অতি সৰু সৰু ঘটনায়ো ভৱিষ্যতৰ “আমি”বিলাকক গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। লগতে দেখুওৱা হৈছে কেনেদৰে পৰস্পৰৰ মাজৰ সম্পৰ্কবোৰে সময়, দূৰত্ব আৰু আনকি মৃত্যুকো অতিক্ৰম কৰিব পাৰে। আমেৰিকাৰ টেলিভিশ্যন সংস্থা এন্ বি চিয়ে ২০১৬ চনৰ ছেপ্তেম্বৰ মাহত ইয়াৰ প্ৰথম সম্প্ৰচাৰ আৰম্ভ কৰে। তাৰ পাছৰে পৰা এতিয়ালৈকে প্ৰায় পাঁচ বছৰ ধৰি বিভিন্ন OTT মঞ্চৰ জৰিয়তে প্ৰচাৰ হোৱা এই ধাৰাবাহিকখনে সমগ্ৰ বিশ্বতে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইয়াৰ মুখ্য কাৰণ হৈছে ধাৰাবাহিকখনৰ ব্যতিক্ৰমী চিত্তাকৰ্ষক কাহিনী আৰু অভিনেতা-অভিনেত্ৰীসকলৰ নিখুঁত অভিনয়। ইয়াৰ কাহিনীভাগ মূলতঃ পীয়েৰছন পৰিয়ালৰ কেইবাদশক জোৰা ইতিহাস। ইয়াত দেখুওৱা হৈছে শ্বেতকায় দম্পতী জেক আৰু ৰেবেকা পীয়েৰছনে একেটা দিনতে ওপজা তেওঁলোকৰ সন্তানত্ৰয় (ত্ৰিমূৰ্তি) কেভিন, কেইট আৰু ৰেণ্ডেলক একো একোজন ভাল মানুহ হিচাপে গঢ়ি তুলিবলৈ কৰা সংগ্ৰামৰ কাহিনী। ৰেবেকাৰ গৰ্ভত ‘ট্ৰিপলেট’ৰ অৱস্থিতি ধৰা পৰাৰ পিছৰে পৰা তেওঁলোকে সন্তানত্ৰয়ৰ বাবে ভৱিষ্যত পৰিকল্পনা কৰিবলৈ আৰম্ভ কৰে। কিন্তু দুৰ্ভাগ্যবশতঃ তাৰ মাজৰেই পুত্ৰ সন্তান এটিক জন্মৰ পিছত বচাব পৰা নগ’ল। সেই দুখ পাহৰিবলৈ সেইদিনাখনেই পীয়েৰছন দম্পতীয়ে কৃষ্ণকায় শিশু এটিক তুলি লয় আৰু পৰৱৰ্তী সময়ত তেওঁক ৰেণ্ডেল নামেৰে নামকৰণ কৰে। আজি ২০২১ চনত এই ত্ৰিমূৰ্তিয়ে দুকুৰি বছৰ বয়স অতিক্ৰম কৰিলে যদিও নানা ঘাত প্ৰতিঘাতৰ মাজেৰে স্বকীয়ভাৱে তিনিওগৰাকী ভাতৃ-ভগ্নীৰ প্ৰেম আৰু পৰিপূৰ্ণতাৰ সন্ধান এতিয়াও অব্যাহত আছে।

ধাৰাবাহিকখনৰ পঞ্চম চিজনৰ অষ্টম খণ্ডৰ কথা। আমেৰিকাৰ বিভিন্ন স্থানত থকা পীয়েৰছন পৰিয়ালৰ সদস্যসকলৰ জীৱন যাত্ৰাৰ কিছুমান উল্লেখযোগ্য ঘটনাৰে ইয়াৰ কাহিনী আগবাঢ়িছে। লছ্‌ এঞ্জেলছত কেভিনৰ যমজ সন্তান পৃথিৱীলৈ অহাৰ সময় সমাগত, আকৌ একেসময়তে কেইটৰো এটি কন্যা সন্তান তুলি লোৱাৰ আইনী প্ৰক্ৰিয়া সমাপ্তিৰ পথত। আনহাতে ৰেণ্ডেল আৰু তেওঁৰ পত্নী বেথ নিউ অ’ৰলিনছৰ পৰা হাইৱেৰে গাড়ী চলাই ফিলাডেলফিয়াৰ ঘৰলৈ ওভোটাৰ পথত আৰু এই ত্ৰিমূৰ্তিৰ মাতৃ ৰেবেকা আছে পিট্‌ছবাৰ্গত। স্বাভাৱিকতেই পৰিয়ালৰ সকলো উৎকণ্ঠিত; কিন্তু প্ৰত্যেকেই ইজনে সিজনৰ সৈতে সংযোজিত হৈ আছে ভিডিঅ’ বাৰ্তালাপৰ বিভিন্ন মাধ্যমসমূহৰ মাজেৰে। তেতিয়ালৈকে কাহিনী সুন্দৰভাৱেই আগুৱাই গৈ আছে। কিন্তু দৰ্শকৰ মনত প্ৰচণ্ড কৌতূহল সৃষ্টি কৰিব পৰাকৈ অকস্মাতে এটাৰ পিছত এটাকৈ ধাৰাবাহিকখনত মূল কাহিনীৰ লগত সংগতিবিহীন অথচ চিন্তাউদ্ৰেককাৰী কিছু দৃশ্যৰ অৱতাৰণা হ’ল। কৌতূহল সৃষ্টি হোৱাৰ কাৰণ হ’ল, এই দৃশ্যসমূহ আওকাণ কৰিও ধাৰাবাহিকৰ কাহিনীক্ৰম অনুধাৱন কৰাত কোনো অসুবিধা হোৱা নহয়। আনকি দৰ্শকৰ মাজে মাজে এনে ভাবো আহিব পাৰে যে – ই কোনো কাৰিকৰী বিজুতি নহয়তো? পাঠকসকলৰ জ্ঞানাৰ্থে কাহিনীৰ সৈতে লাগ বান্ধ নথকা সেই দৃশ্যকেইটি এবাৰ উনুকিয়াই দিছোঁ।

প্ৰথম দৃশ্যঃ

১৯৬৩ চনৰ কোনোবা এদিনৰ জোনাকেৰে ভৰা নিশা। স্থান আমেৰিকাৰ আলবুকাৰ্ক স্থিত নিউ মেক্সিক’ বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় ছাত্ৰাবাসৰ সন্মুখৰ মুকলি বননি। ওখ শিল এচটাত বহি যুৱক এজনে অকলশৰে কাষৰ লেম্প-প’ষ্টৰ পৰা বিচ্ছুৰিত পোহৰত কিতাপ এখনত নিমগ্ন হৈ আছে। তেনেতেই আৱিৰ্ভাৱ হাই হিল পৰিহিত মোহময়ী যুৱতী এগৰাকীৰ, তেওঁ বাঁওহাতৰ তৰ্জনী আৰু মধ্যমাৰ চেপত দৃষ্টিগোচৰ হৈছে এটি চিগাৰেট। বিশেষ ভঙ্গিমাৰে যুৱকজনৰ ফালে অগ্ৰসৰ হৈ সুন্দৰীৰ খাৰাংখাচ প্ৰশ্ন, “তুমি কোন? তোমাৰ লগত জুইশলা আছে নেকি?”, “মই নাছিৰ, ভাৰতৰ।” “মই এস্থাৰ, আৰ্জেণ্টিনাৰ। ছেহ্‌, জুইশলা লগত নথকা বাবে চিগাৰেটটো তেতিয়াৰে পৰা জ্বলাবই পৰা নাই।” মূৰ জোকাৰা ভঙ্গিমাৰ পৰাই যুৱতীয়ে অনুমান কৰিলে যে সমুখৰ ব্যক্তিজন চিগাৰেট সেৱনত অভ্যস্ত নহয়। “নিউ মেক্সিক’খন একেবাৰে মই ভবাৰ দৰে নহয়।”, এটাৰ পিছত এটাকৈ যুৱতীৰ অনৰ্গল অভিযোগ। যুৱকক সামান্য বিভ্ৰান্ত হোৱা দেখি যুৱতীয়ে তেওঁ কিহতনো ইমানকৈ ব্যস্ত হৈ আছে জানিবলৈ উৎসুক হ’ল, “তুমি কথা-বতৰা বেছিকৈ নাপাতা, নহয় জানো?” নাছিৰে উত্তৰ দিলে, “মোৰ উপদেষ্টায়ো (advisor) প্ৰায়েই কয় যে অকল পঢ়া-শুনাতেই ব্যস্ত নাথাকি মই নতুন বন্ধু-বান্ধৱো গোটোৱা উচিত। কিন্তু এলেন টিউৰিঙৰ “এড্‌ভাঞ্চড কম্পিউটাৰ প্ৰগ্ৰামিঙ” কিতাপখনে মোক ইমান মুগ্ধ কৰিছে যে তাৰ পৰা চকু আঁতৰাবই পৰা নাই।” নিৰুদ্বিগ্নভাৱে প্ৰথম কথোপকথনতে তেওঁ এস্থাৰক কিতাপখনত সন্নিৱিষ্ট গাণিতিক ধাৰণাবিলাক ব্যাখ্যা কৰিবলৈ আৰম্ভ কৰিলে। এস্থাৰে অতি মনোযোগেৰে তেওঁৰ কথাবিলাক শুনি গৈ থাকিল। অলপ পাছতে তেওঁ নাছিৰক ক’লে, “তুমি কি কৈ আছা মই একোৱেই বুজি পোৱা নাই, কিন্তু তোমাৰ কথাবোৰ শুনি মোৰ খুউব ভাল লাগিছে।” সেয়া আছিল ইলেকট্ৰিকেল আৰু ইলেকট্ৰ’নিক্স ইঞ্জিনিয়াৰিঙৰ পিএইছ্‌ডিৰ গৱেষক ছাত্ৰ নাছিৰ আহমেদ আৰু কলা বিভাগৰ গৱেষিকা এস্থাৰৰ প্ৰথম সাক্ষাৎ আৰু পিছলৈ সিয়েই প্ৰেমলৈ ৰূপান্তৰিত হৈছিল।

দ্বিতীয় দৃশ্যঃ

এস্থাৰ হস্পিটালৰ বিছনাত শয়নৰত অৱস্থাত আৰু নাছিৰে তেওঁলোকৰ সদ্য জন্মপ্ৰাপ্ত সন্তান মাইকেলক কোলাত লৈ নিচুকাই আছে। আনন্দত আত্মহাৰা হৈ তেওঁ উচ্চস্বৰে কৈ আছে, “ই একেবাৰে নিখুঁত আৰু দেখিবলৈ সাইলাখ মোৰ দৰে। আমাৰ এই কেঁচুৱাটি হ’ল এটি গাণিতিক ব্যতিক্ৰম। যিবিলাক ধ্ৰুৱক গুণ কৰি ইয়াক সৃজন কৰা হৈছে, তাৰ গুণফলতকৈও ইয়াৰ মান অনেক বেছি।”

তৃতীয় দৃশ্যঃ নাছিৰে বহু পলমকৈ কৰ্মস্থলীৰ পৰা উভতি ঘৰ সোমাইছেহি আৰু এস্থাৰে প্ৰচণ্ড ক্ষোভত তেওঁক প্ৰশ্ন কৰিছে, “তোমাৰ ঘড়ীত এতিয়া কিমান সময় হৈছে?” “ন বাজি তেৱন্ন মিনিট।”, নাছিৰৰ উত্তৰ। এস্থাৰে ওলোটাই তেওঁক ক’লে, “কোনো কাৰণ নোহোৱাকৈ তিনি ঘণ্টা তেৱন্ন মিনিট পলমকৈ অহা বাবে মোৰ তোমাৰ ওপৰত চিৎকাৰ কৰাৰ ইচ্ছা সমূলি নাই।” অভিযোগৰ সুৰত তেওঁ আকৌ ক’লে, “এনিশা, মাত্ৰ এনিশাৰ কাৰণে মই তোমাক অলপ সোনকালে ঘৰলৈ উভতিবলৈ অনুৰোধ জনাইছিলোঁ যাতে মাইকেলৰ সৈতে নিশাৰ সাঁজত একেলগে বহিব পাৰা। তোমাৰ সৈতে একেলগে পিজ্জা খোৱাৰ আনন্দত সি যে কিমান উচ্ছ্বসিত আছিল!” নাছিৰে যেতিয়া এস্থাৰক অনুনয়ৰ সুৰত বুজাবলৈ চেষ্টা কৰিলে যে তেওঁ সঁচাকৈয়ে সেই সময়ত ঘৰতেই থাকিবলৈ বিচাৰিছিল যদিও নোৱাৰিলে আৰু “মই এটা ডাঙৰ আৱিষ্কাৰৰ নিচেই সমীপত।” বুলি কৈ তেওঁ পত্নীক চিত্ৰ প্ৰক্ৰিয়াকৰণত (image processing) বিচ্ছিন্ন ক’ছাইন ৰূপান্তৰৰ (Discrete Cosine Transform বা চমুকৈ DCT) সুদূৰ প্ৰসাৰী ভূমিকা সম্পৰ্কে বক্তৃতা দিবলৈ আৰম্ভ কৰিলে। তেওঁৰ কথা সম্পূৰ্ণ হোৱাত বাধা দি এস্থাৰে মাত মাতিলে, “তুমি কিনো ইমান ডাঙৰ কাম কৰি আছা যি তোমাৰ পৰিয়ালতকৈও বেছি গুৰুত্বপূৰ্ণ? যদিহে তোমাক ক্ষমা কৰিব লাগে তেতিয়াহ’লে মই তোমাৰ গৱেষণাৰ মহত্ত্বৰ বিষয়ে জনাটো নিতান্তই প্ৰয়োজনীয়। গতিকে মোক এনেদৰে বুজাই দিয়া যাতে মই বুজি পাওঁ, ঠিক যেনেকৈ তুমি আমাৰ চাৰিবছৰীয়া ল’ৰাকণক বুজালাহেঁতেন।”

নাছিৰ: যেতিয়া তোমাৰ মা, অৰ্থাৎ মোৰ শাহুআয়ে আমাৰ মাইকেলৰ ফটো এখন চাবলৈ বিচাৰে, আমি বাৰু কি কৰোঁ?

এস্থাৰ: আমি তেওঁলৈ ডাকত পঠিয়াওঁ আকৌ।

নাছিৰ: ঠিক কৈছা, আমি আৰ্জণ্টিনালৈ ডাকত পঠিয়াওঁ। আৰু সেইখন তেওঁৰ তাত কেইসপ্তাহমান পিছতহে গৈ পায়। ভাবি চোৱাচোন যদিহে ডাকলৈ অপেক্ষা কৰাৰ পৰিৱৰ্তে তেওঁ ফটোখন লগে লগেই কম্পিউটাৰত চাব পাৰিলেহেঁতেন?

এস্থাৰ: তাৰমানে?

নাছিৰ: প্ৰতিৰক্ষা বিভাগে পৃথিৱীৰ চুকে কোণে বহুতো কম্পিউটাৰ সংলগ্ন কৰি এটা নেটৱৰ্ক তৈয়াৰ কৰিছে। অতি সোনকালে সৰ্বসাধাৰণ ৰাইজেও সেই সুবিধা ল’ব পৰা হ’ব। যদিহে মোৰ গৱেষণাৰ দলটোৱে তথ্য সংকোচনৰ এটা প্ৰক্ৰিয়া অনুকূলিত (optimise) কৰিব পাৰে, তেতিয়াহ’লে সকলোৱে এই ছবিবিলাক নিজৰ মাজত আদান-প্ৰদান কৰিবলৈ সক্ষম হ’ব।

এস্থাৰ: তাৰমানে আমি যদি কম্পিউটাৰত ছবি এখন দি দিওঁ, তেনেহ’লে আয়ে একেখন ছবিকে পৃথিৱীৰ যিকোনো স্থানৰ পৰাই চাবলৈ সক্ষম হ’ব?
নাছিৰ: ঠিক কৈছা। আৰু কল্পনা কৰা, এনে এটা দিন আহিব যেতিয়া অকল স্থিৰ ছবিয়েই নহয়, চলচ্চিত্ৰও এনেকৈ চাব পৰাতো সম্ভৱ হ’ব। তেতিয়া তুমি পৰ্দালৈ চাই কাৰোবাৰ লগত ঠিক ফোনত কোৱাৰ দৰেকৈ কথা পাতিব পাৰিবা।

যি তিনিটা দৃশ্যৰাজিৰ বৰ্ণনা কৰা হ’ল, সেয়া আছিল প্ৰকৃততে ষাঠি আৰু সত্তৰ দশকৰ এক সঁচা ঘটনা যিটো একেবাৰে শেষৰ দৃশ্যতহে বুজা গৈছিল। ধাৰাবাহিকখনৰ সেই খণ্ডটো শেষ নোহোৱা পৰ্য্যন্ত আন দৰ্শকৰ দৰে ময়ো ভাবি উমঘাম পোৱা নাছিলোঁ উল্লিখিত দৃশ্যৰাজিত দেখুওৱা সেই দম্পতীহাল বাৰু কোন হ’ব পাৰে? অৱশেষত সকলো ৰহস্যৰ ওৰ পেলাই অন্তিম দৃশ্যত দৰ্শকে ৰ্পদাত পঢ়িবলৈ পালে, “সত্তৰৰ দশকত নাছিৰ আহমেদে এটা গৱেষকৰ দলৰ নেতৃত্ব দিছিল যিয়ে বিচ্ছিন্ন ক’ছাইন ৰূপান্তৰৰ উদ্ভাৱন কৰিছিল। এই কৌশলটো আজিও বিভিন্ন কোম্পানীবিলাকে তেওঁলোকৰ ছবি আৰু ভিডিঅ’ আদান-প্ৰদান প্ৰযুক্তিৰ অংশ হিচাপে ব্যৱহাৰ কৰি আহিছে।” উপসংহাৰ অব্যাহত ৰাখি আকৌ কোৱা হ’ল, “আপোনালোকে হয়তো তেখেতৰ নামটো শুনাই নাই, কিন্তু নাছিৰ আৰু তেওঁৰ গৱেষণাৰ বাবেই আজি এই প্ৰতিকূল পৰিস্থিতিতো আমি সকলোৱে এজনে আনজনৰ সৈতে সংযোজিত হৈ থাকিব পৰাটো সম্ভৱ হৈছে। অলপতে নাছিৰ আৰু এস্থাৰে তেওঁলোকৰ ৫৬ বছৰীয়া বিবাহ বাৰ্ষিকী উদযাপন কৰিলে।”

এতিয়া আমাৰ বাবে ভিডিঅ’ বাৰ্তালাপ অতি সাধাৰণ কথা হ’লেও সেই সময়ত ই আছিল সপোনৰো অগোচৰ। বহু সংগ্ৰাম আৰু গভীৰ সাধনাৰ অন্ততহে নাছিৰ আহমেদে শেষ দৃশ্যত ব্যক্ত কৰা সপোন অৱশেষত দিঠকত পৰিণত হৈছিল। তেখেতৰ এই অনবদ্য অৱদানৰ বাবেই আজি সততে ব্যৱহাৰ হোৱা জুম, টীমছ, মীট, হোৱাটচ্এপ, ফেইচটাইম আদি বিভিন্ন ভিডিঅ’ কনফাৰেঞ্চিঙৰ মঞ্চসমূহৰ জৰিয়তে হাজাৰ হাজাৰ মাইল দূৰত্বৰ ব্যৱধানত থকা সত্ত্বেও এজনে আনজনৰ সৈতে অতি সহজতে মুখামুখিকৈ কথা পাতিব পৰাটো সম্ভৱপৰ হৈছে। বৰ্তমান ক’ভিডকালীন পৰিস্থিতিত ই সকলোৰে বাবে এক ডাঙৰ সকাহ। দৰাচলতে ধাৰাবাহিকখনৰ সেই খণ্ডটোৰ সৈতে সংগতি নথকা বুলি ভবা দৃশ্যকেইটা আছিল সেইখনৰ প্ৰযোজক, পৰিচালক আৰু লেখকদ্বয়ৰ বিজ্ঞানীগৰাকীৰ প্ৰতি কৃতজ্ঞতাৰ প্ৰকাশ।

১৯৪০ চনত ভাৰতৰ বেংগালুৰু চহৰত জন্মগ্ৰহণ কৰা নাছিৰ আহমেদে বিশ্চপ্ কটন বয়জ স্কুলৰ পৰা স্কুলীয়া শিক্ষা সাং কৰি ১৯৬১ চনত বিশ্বেশ্বৰেয়া কলেজ অফ্ ইঞ্জিনিয়াৰিঙৰ পৰা ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পাছত তেওঁ আমেৰিকাৰ নিউ মেক্সিক’ বিশ্ববিদ্যালয়ৰ পৰা যথাক্ৰমে ১৯৬৩ আৰু ১৯৬৬ চনত ইলেকট্ৰিকেল আৰু কম্পিউটাৰ ইঞ্জিনিয়াৰিং বিষয়ত স্নাতকোত্তৰ আৰু পিএইচ্.ডি ডিগ্ৰী অৰ্জন কৰে। তেতিয়াৰ পৰা ১৯৮৩ চনলৈ তেওঁ কেনছাছ ৰাজ্যিক বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে। ইয়াৰ পিছত আকৌ নিউ মেক্সিক’ বিশ্ববিদ্যালয়তেই অধ্যাপক পদত অধিষ্ঠিত হৈ ২০০১ চনত অৱসৰ গ্ৰহণ কৰে। তেখেতৰ ভাষ্য অনুসৰি কেনছাছ ৰাজ্যিক বিশ্ববিদ্যালয়ত কৰ্মৰত হৈ থাকোঁতেই তেওঁৰ গৱেষণাৰ দলটোৱে পোন প্ৰথমবাৰৰ বাবে বিচ্ছিন্ন ক’ছাইন ৰূপান্তৰৰ ধাৰণাটো প্ৰক্ষেপ কৰিছিল। আমোদজনক কথাটো হ’ল ১৯৭২ চনৰ আৰম্ভণিতেই তেওঁলোকে এই সম্পৰ্কে যুক্তৰাষ্ট্ৰৰ জাতীয় বিজ্ঞান পৰিষদলৈ (National Science Foundation) এটা প্ৰস্তাৱ দাখিল কৰিছিল। কিন্তু তেওঁলোকৰ ধাৰণাটো অতি সাধাৰণ বুলি বিবেচনা কৰি পৰ্যালোচকসকলে ইয়াক পোনচাটেই নাকচ কৰে। সেয়েহে তেওঁ পিএইচ্.ডি ছাত্ৰ নটৰাজন আৰু বন্ধু, টেক্সাছ বিশ্ববিদ্যালয়ৰ ড° ৰাওৰ সৈতে ইয়াৰ ওপৰত গৱেষণা আৰম্ভ কৰে। ইয়াৰ ফলশ্ৰুতি হ’ল ১৯৭৪ চনত প্ৰকাশিত তেওঁলোকৰ যুগান্তকাৰী গৱেষণা-পত্ৰ Discrete Cosine Transform। গুগল স্কলাৰৰ শেহতীয়া তথ্য অনুসৰি এই পত্ৰখন আন গৱেষণা-পত্ৰসমূহত এতিয়ালৈকে ৫৬১৯ বাৰ উদ্ধৃত হৈছে।

আমাৰ দৈনন্দিন জীৱনত আহমেদ আৰু তেওঁৰ দলৰ উদ্ভাৱনে কিদৰে প্ৰভাৱ পেলাইছে তাৰ এক ক্ষীণ আভাস ইতিমধ্যেই পঢ়ুৱৈয়ে পাইছে। স্বাভাৱিকতেই গণিতৰ শিক্ষক আৰু শিকাৰু হিচাপে মোৰ মনত উদ্ভৱ হোৱা প্ৰথম প্ৰশ্নটো আছিল- ইয়াৰ সৈতে গণিতৰ কোনো সম্পৰ্ক আছে নেকি? আচলতে বিচ্ছিন্ন ক’ছাইন ৰূপান্তৰ হ’ল সম্পূৰ্ণভাৱে এটা গাণিতিক বিষয়। অতি সাধাৰণ ভাষাত বুজিবলৈ হ’লে, যদিহে আমি এখন স্থিৰ বা চলন্ত চিত্ৰৰ কথা কল্পনা কৰোঁ, তেনেহ’লে চিত্ৰখনৰ ভিন ভিন অংশত ব্যৱহৃত ৰঙ আৰু তাৰ গাঢ়তা অনুসৰি ইয়াক কিছুমান বিচ্ছিন্ন তথ্যৰ সমষ্টি বুলি ধৰি ল’ব পৰা যায়। DCT কৌশল প্ৰয়োগ কৰি এই তথ্যসমূহক অতি দক্ষতাৰে সংকুচিত কৰিব পৰা যায়, ঠিক ‘হাতী মাৰি ভুৰুকাত ভৰোৱা’ৰ নিচিনাকৈ। ইয়াৰ ফলত চিত্ৰসমূহ অতি সহজতে এঠাইৰ পৰা আন এঠাইলৈ বৈদ্যুতিনভাৱে প্ৰেৰণ কৰিব পাৰি। কাজেই এই কৌশলৰ ব্যৱসায়িক প্ৰয়োগ উচ্চ মানৰ টেলিভিশ্যন, টেলিকনফাৰেঞ্চিং, আৰু আন বহুতো চিত্ৰ আদান-প্ৰদানৰ মঞ্চত অতি ব্যাপক। প্ৰবন্ধৰ আৰম্ভণিতেই উল্লেখ কৰা OTT মঞ্চসমূহো এই কৌশলৰ ওপৰতেই আধাৰিত।

বহুতৰে হয়তো ধাৰণা যে গণিত বিষয়ৰ ব্যাপ্তি কেৱল গণিতৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-গৱেষকৰ মাজতেই সীমাবদ্ধ। ওপৰৰ আলোচনাই প্ৰমাণ কৰে যে এই কথাষাৰ একেবাৰেই সঁচা নহয়। গণিতৰ ব্যৱহাৰ নিজ বিষয়টোৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-গৱেষকৰ মাজত যিমান, আন ক্ষেত্ৰসমূহ, যেনে অভিযান্ত্ৰিক, চিকিৎসা, অৰ্থনীতি ইত্যাদিত সামগ্ৰিকভাৱে তাতোকৈ বহুগুণে বেছি। আমাৰ দেশত গণিতৰ এটা নিৰ্দিষ্ট বিষয় অধ্যয়ন কৰিবলৈ যাওঁতে কেৱল বিষয়টো আয়ত্ত কৰাতহে আটাইতকৈ বেছি গুৰুত্ব আৰোপ কৰা হয়। সেয়েহে গণিত বিষয়ৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত বহুতেই নিজ নিজ ক্ষেত্ৰৰ ব্যৱহাৰিক প্ৰয়োগ সম্পৰ্কে ভালদৰে জ্ঞাত নহয়। আনহাতে সাধাৰণ ৰাইজৰ বাবে গুৰুত্বপূৰ্ণ কথাটো হ’ল এই বিষয়টোৱে আমাৰ দৈনন্দিন জীৱনত কি কি অৰিহণা যোগাবলৈ সক্ষম। সেই দৃষ্টিকোণৰ পৰা ইলেকট্ৰিকেল ইঞ্জিনিয়াৰ হোৱা সত্ত্বেও গণিতৰ প্ৰয়োগেৰে মানৱ জীৱনত এক সুদূৰপ্ৰসাৰী পৰিৱৰ্তন অনাত অধ্যাপক আহমেদৰ কৃতি এক দৃষ্টান্তমূলক অৱদান। মোৰ দৃঢ় বিশ্বাস যে তেখেতে পত্নীক ব্যাখ্যা কৰাৰ নিচিনাকৈ যদি গণিতৰ শিক্ষাগুৰুসকলেও ছাত্ৰ-ছাত্ৰীসকলক পাঠৰ বিষয়বস্তুৰ ব্যৱহাৰিক দিশটোৰ সম্যক জ্ঞান দিবলৈ সক্ষম হয়, তেনেহ’লে আমাৰ ল’ৰা-ছোৱালীখিনিৰ লগতে সাধাৰণ ৰাইজৰো গণিতৰ প্ৰতি অযথা ভয় যথেষ্ট পৰিমাণে হ্ৰাস পাব।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments