শিক্ষকতাৰ সাধনা সম্পৰ্কীয় এখন গ্ৰন্থ

লেখক- পঞ্চানন হাজৰিকা

শিক্ষকতা এক জীৱনযোৰা অনুশীলন আৰু সাধনাৰ সৃষ্টিশীল পৰিক্ৰমা। শিক্ষকতা বৃত্তিৰ লগত জড়িত বৃহৎ সামাজিক আৰু জাতীয় দায়বদ্ধতাৰ বাবেই শিক্ষকতা কেৱল এক পেছা নহয়, ইয়াক এক সেৱা বুলিও ভবা হয়। ভাল শিক্ষক হোৱাটো আচলতে কিমান সহজ অথবা কিমান জটিল? কিমান আত্ম উৎকৰ্ষ সাধনৰ অথবা কিমান প্ৰত্যাহ্বান ভৰা প্ৰক্ৰিয়া? ই কিমান পৰ্যায়লৈকে বুদ্ধিমত্তাৰ লগত আৰু কিমান পৰ্যায়লৈকে হৃদয়বৃত্তিৰ লগত জড়িত? এই সমূহ প্ৰশ্নৰ উত্তৰ বিচৰাৰ পৰ্বত এখন লেখত লবলগীয়া গ্ৰন্থ হ’ল মইনা গোস্বামীৰ “মই ভাল শিক্ষক হ’ব নোৱাৰিলোঁ”।

মিৰ্জা অঞ্চলত দুকুৰি বছৰীয়া শিক্ষকতাৰ বৰ্ণাঢ্য অভিজ্ঞতাৰে সমৃদ্ধ মইনা গোস্বামীৰ এই গ্ৰন্থখন কেইবাটাও দিশৰ পৰা শিক্ষাসদী সমাজৰ বাবে বিশিষ্টতাপূৰ্ণ। এজন শিক্ষকৰ আত্মউপলব্ধি হিচাপে , শিক্ষকতাক লৈ কৰিব পৰা ন-ন সম্পৰীক্ষাৰ আঁচনি হিচাপে, পৰম্পৰাগত শিক্ষাব্যৱস্থাৰ বিচ্যুতিৰ উন্মোচনকাৰী আৰু বিকল্প মৌলিক শিক্ষাৰ প্ৰস্তাৱনা হিচাপে এই গ্ৰন্থৰ গুৰুত্ব আছে। উপন্যাসোপম ৰচনা ৰীতি, নিবন্ধ-আত্মকথা-কাহিনীবৃত্তৰ সমন্বিত আংগিক তথা চৰিত্ৰৰ ভাব জগতৰ দ্বন্দ্ব – সংঘাতৰ উপস্থাপনে এই গ্ৰন্থক এক অনুপম সাহিত্য কৰ্মও কৰি তুলিছে।

সমগ্ৰ বৃত্তান্তৰ কথক, কথকৰ উদ্ভাৱনী চিন্তাৰ বন্ধু সত্যকাম, এসময়ত ভগৱৎ শক্তিত বিশ্বাস ৰখা গীতা, সমগ্ৰ বৃত্তান্তৰ বিবেক স্বৰূপ “ছাৰ”- যি তেওঁৰ দৰে খঙাল মানুহ শিক্ষক হোৱা অনুচিত বুলি শিক্ষকতাক বাদ দিছিল- এই চাৰিটা প্ৰধান চৰিত্ৰৰ আন্তঃসম্পৰ্ক, মনৰ দ্বন্দ্ব আৰু দ্বন্দ্বমুক্তিৰ বাট আৰু তেওঁলোকৰ ভিন্ন প্ৰেক্ষাপটৰ মাজেৰে কৰা সমাজ নিৰীক্ষণৰ মাজেৰেই লেখকে সমগ্ৰ কথকতাক আগুৱাই নিছে। পূৰ্ণকান্ত আৰু পূৰ্ণকান্ত কৰ্মৰত অপৰম্পৰাগত শিক্ষাপদ্ধতিৰ বিদ্যালয়খনৰ মাজেৰে তুলি ধৰা হৈছে চূড়ান্ত বৈষম্যৰে ভৰা সমাজ ব্যৱস্থাৰ বাবে প্ৰয়োজনীয় আৰু প্ৰাসংগিক এক আদৰ্শ শিক্ষানুষ্ঠানৰ খচৰা। শিক্ষকতা যে সমাজ ৰূপান্তৰৰ বৃহত্তৰ স্বপ্নত উৎসৰ্গিত, আত্ম ৰূপান্তৰৰ স্তৰে স্তৰে আগ বঢ়া এক পর্যায়ক্ৰমিক পৰিক্ৰমা- কিতাপখনে বাৰে বাৰে সেই সত্যই দোহাৰিছে। লেখকে এজন দায়বদ্ধ আৰু “শিল্পী” শিক্ষকৰ স্বৰূপ উন্মোচন কৰি লিখিছে- ” সঁচা শিক্ষকৰ আচাৰ-আচৰণত চমৎকাৰিত্ব থাকে, নাথাকে প্ৰদৰ্শনকামিতা” (পৃষ্ঠা, ৪৩)। আদৰ্শ শিক্ষানুষ্ঠানখনৰ এজন শিক্ষকৰ মুখেৰেই লেখকে আন এক গভীৰ বাৰ্তা দিছে- ” হৃদয়ক বাদ দি কি কি কাম মগজুৰে কৰিব পাৰি মই নাজানো, কিন্তু মই এটা কথা জানো- হৃদয় বাদ দি কেৱল মগজুৰে শিক্ষকতাৰ কাম কৰিব নোৱাৰি।” (পৃষ্ঠা, ৬৩)।

গ্ৰন্থখনত উল্লেখিত অলেখ সামাজিক সংকটৰ মাজতো লেখকে মানুহৰ ওপৰত ৰখা আস্থা প্ৰবল আৰু গভীৰ। ব্যতিক্ৰমী, সৃষ্টিশীল আৰু উৎৰ্সগিত শিক্ষকতাৰ মাজেৰে সমাজৰ উপৰিসৌধ সলনি কৰি সাৰ্বিক ৰূপান্তৰৰ বাট এটা যে কাটিব পৰা যায়- এই দৰ্শনেই গ্ৰন্থখনৰ প্ৰধান বক্তব্য। ইয়াৰ সমান্তৰালকৈ ‘কাৰণ মানুহকহে শুনাব পাৰি গান” বুলি লেখকে মানুহৰ-জনতাৰ ইচ্ছা তথা সদৰ্থকবোধৰ ওপৰত ৰখা প্ৰত্যয়ে বিপুল সম্ভৱা জনতাৰ শক্তিৰ জয়গান গাইছে। ছাত্ৰ-ছাত্ৰীৰ মানসিক বিকাশ, শিক্ষক-ছাত্ৰৰ সম্পৰ্ক তথা অভিভাৱক- সন্তানৰ সম্পৰ্কৰ দৰে শিক্ষা দান-গ্ৰহণৰ প্ৰক্রিয়াটোত জড়িত মৌলিক প্ৰসংগবোৰ বুজি উঠিবলৈও এই গ্ৰন্থ অৱশ্য পঠনীয়।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!