মইনা পাৰিজাতত গণিত অন্বেষণ

লেখক- স্বৰ্ণালীম শইকীয়া

কোনো শিক্ষাবিদৰ মতে শিক্ষা হ’ল মানসিক শক্তিৰ বিকাশ আৰু অনুশীলন। আকৌ কৈছে চৰিত্ৰ গঠনেই শিক্ষাৰ উদ্দেশ্য। গতিকে মানৱ সম্পদ গঢ়াৰ পূৰ্বে শিশু অৱস্থাতেই চৰিত্ৰ গঠনত গুৰুত্ব আৰোপ কৰাটো প্ৰত‍্যেক নাগৰিকৰ কৰ্তব্য। আচৰণ বা ব্যৱহাৰৰ যোগেদিয়েই যিহেতু এজন ব্যক্তিৰ চৰিত্ৰ প্ৰকাশ পায়, গতিকে শিশুৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক দিশৰ সৰ্বাংগীণ বিকাশ সাধন কৰাই হৈছে শিক্ষাৰ উদ্দেশ্য। পোনপটীয়াকৈ শিক্ষা বুলি ক’লে আমি এনে এটি ব্যৱস্থাক বুজিম য’ত শিক্ষাপ্ৰদান আৰু শিক্ষা গ্ৰহণ এই শব্দ দুটি সন্নিৱিষ্ট হৈ আছে। শিক্ষা প্ৰদান আৰু শিক্ষা গ্ৰহণৰ এক সাধাৰণ মাধ্যম হৈছে বিদ্যালয়। বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ পৰা উচ্চ মাধ্যমিক স্তৰলৈকে ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা আহৰণ কৰিবলগীয়া মূল বিষয়সমূহ হ’ল- ভাষাশিক্ষা, গণিত, সমাজবিজ্ঞান, সাধাৰণ বিজ্ঞান আৰু কলাশিক্ষাৰ লগতে কৰ্ম অভিজ্ঞতা। এই বিষয়সমূহৰ অধ্যয়নৰ যোগেদি শিশু এটিয়ে যাতে সমাজৰ ৰীতি-নীতি, আইন-শৃংখলা, শিষ্টাচাৰ, কৰ্তব্য নিষ্ঠা, সহিষ্ণুতা, নিজৰ অধিকাৰ আৰু কৰ্তব্য, সমাজ-সচেতনতা আদি মূল্যবোধৰ বিকাশ কৰিব পাৰে তাৰ প্ৰতিও লক্ষ্য ৰখা উচিত।

শিক্ষা আহৰণৰ মূল বিষয়সমূহৰ ভিতৰত গণিত এটা অতি প্ৰয়োজনীয় আৰু প্ৰধান বিষয়। ছাত্ৰ-ছাত্ৰীৰ মানসিক বিকাশৰ ক্ষেত্ৰত গণিতৰ গুৰুত্ব অপৰিসীম। আমাৰ সমাজৰ যিকোনো পৰ্যায়ৰ ব্যক্তিয়ে যিকোনো প্ৰকাৰে গণিত ব্যৱহাৰ কৰি আহিছে। এজন মানুহে জীৱনত লিখা-পঢ়া নকৰাকৈও জীৱনটো পাৰ কৰি দিব পাৰিব কিন্ত গণনা বা হিচাপ নকৰাকৈ তেওঁ জীৱনত এখোজো আগবাঢ়িব নোৱাৰে। জীৱনৰ প্ৰতি খোজতে গণিত আমি জনাই-নজনাই ব্যৱহাৰ কৰিয়ে থাকোঁ। গতিকে শিশু অৱস্থাৰ পৰাই গণিত শিক্ষাৰ প্ৰতি আকৰ্ষিত হ’ব পৰাকৈ শিশুহঁতৰ বাবে পৰিবেশ সৃষ্টি কৰাটো খুব প্ৰয়োজন। গণিত শিক্ষাই যুক্তি তথা চিন্তাশক্তিৰ উৎকৰ্ষ সাধনত অৰিহণা যোগায়। গণিত যুক্তি আৰু সত্যৰ ওপৰত প্ৰতিষ্ঠিত। গণিতৰ অধ্যয়নে মানুহৰ মনৰ মাজত সুপ্ত হৈ থকা বুদ্ধি আৰু কৌশলৰ বিকাশ ঘটায়।

অধ্যয়নৰ পৰা পোৱা গৈছে যে ৬-১০ বছৰ বয়সৰ কালছোৱা শিশুৰ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত অতি উপযুক্ত সময়। শিশু এটিৰ প্ৰাথমিক শিক্ষা ৬ বছৰৰ পৰা আৰম্ভ হয়। এই বয়সৰ শিশু অত্যন্ত কৌতুহলী হয়। সিহঁতে সকলো ইন্দ্ৰিয়ৰ যোগেদি অনুভৱ কৰি বা অনুসন্ধান কৰি শিকিবলৈ ভাল পায়। ৮ বছৰ বয়সত শিশুৱে কথাবোৰ যুক্তি সহকাৰে চিন্তা কৰিবলৈ শিকে। ঠিক তেনেকৈ ১০ বছৰীয়া শিশু এটিয়ে অধিক জটিল চিন্তা কৰিব পৰা হয়। সেয়ে এই শিশু অৱস্থাতে আন আন বিষয়সমূহৰ লগতে গণিতৰ শিক্ষাও সঠিকভাৱে পালে তেনে শিশুৰ মানসিক উৎকৰ্ষ সাধনত সহায় হয়।

কিন্তু আমাৰ সমাজত দেখা যায়, গণিতৰ প্ৰতি ভয় এটা সৰুতেই ল’ৰা-ছোৱালীৰ মনত ভৰাই দিয়া হয়। গণিত বিষয়টো শিকাওঁতেও বহু কঠিন বিষয় যেন ভাৱ এটাৰ মাজেৰেহে শিক্ষা দিয়া হয়। যাৰ বাবে মধ্যমীয়া আৰু নিম্ন মেধাৰ শিশুসকলে বিষয়টো আয়ত্ত কৰাত কম-বেছি পৰিমাণে বাধাগ্ৰস্ত হয়। সেয়া নহ’বলৈ বৰ্তমান সময়ত অৱশ্যে সমাজত যি সজাগতাৰ প্ৰয়োজন, আগৰ দিনতকৈ তাৰ পৰিমাণ অলপ বৃদ্ধি নোহোৱা নহয়। যি কি নহওক, এই সজাগতা আৰু অধিক বৃদ্ধি হৈ শিশুয়ে ‘ভয়ৰ বাবে গণিত নপঢ়া’ দিনবোৰ এদিন নোহোৱা হ’ব বুলি আশা কৰিব পাৰি। প্ৰচলিত শিক্ষা ব্যৱস্থাৰ লগতে বিভিন্ন শৈক্ষিক অনুষ্ঠানেও এই ক্ষেত্ৰত নিজ নিজ ভূমিকা পালন কৰিব পাৰে। এটি গাণিতিক মন সৃষ্টি কৰাত পাঠ্যপুথিতকৈ খেলা-ধূলা, নাচ-গান আদিয়ে সহজে অৱদান যোগাব পাৰে। এইখিনিতে আহি পৰে শিশুৰ শিক্ষাৰ লগত জড়িত এটি অনুষ্ঠান, মইনা পাৰিজাতৰ কথা।

মইনা পাৰিজাত হৈছে এটি বেচৰকাৰী শিশু কল‍্যাণকামী অনুষ্ঠান। য’ত ৫ বছৰ বয়সৰ পৰা ১২ বছৰ বয়সৰ শিশু সকলৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক দিশৰ বিকাশ ঘটাই এজন সুস্থ নাগৰিক হিচাপে গঢ় দিয়াৰ বাবে কাম কৰা হয়। সৰ্বাংগীণ বিকাশৰ দিশসমূহ হ’ল- দৈহিক, মানসিক, সামাজিক আৰু সৃষ্টিশীলতা আৰু সৌন্দৰ্যবোধৰ ধাৰণা। এই সকলোখিনি দিশ সাঙুৰি ল’ব পৰা অনুষ্ঠানটিয়েই হৈছে ‘মইনা পাৰিজাত’।

আপাত দৃষ্টিত মইনা পাৰিজাতৰ লগত গণিতৰ সম্পৰ্ক বিচৰাটো কঠিন। কিন্তু ইয়াৰ কাৰ্যপ্ৰণালীৰ মাজেৰে, অনুষ্ঠান-সমাৰোহৰ মাজেৰে গীত-নাট-বাদ্য শিকি শিকি শিশুৱে অজানিতেই এক গাণিতিক মনৰ অধিকাৰী হৈ পৰে। মইনা পাৰিজাতে শিশুসকলৰ মাজত সমাৰোহৰ আয়োজন কৰে। সমাৰোহৰ সময়ত মইনাসকলক শিবিৰত থকাৰ ব্যৱস্থা কৰা হয়। এখন কাৰ্যসূচীত নিৰ্ধাৰণ কৰা সময়মতে তেওঁলোকে অনুষ্ঠানসমূহত ভাগ লয়। পুৱা শুই উঠা, স্নান কৰা, প্ৰাৰ্থনা কৰা, আহাৰ গ্ৰহণ, নিৰ্দিষ্ট অনুষ্ঠানত অংশগ্ৰহণ, সন্ধ্যাৰ প্ৰাৰ্থনা, আহাৰ গ্ৰহণ, শয্যা গ্ৰহণ লৈকে প্ৰতিটো কাম এটা নিৰ্দিষ্ট সময়ত সম্পন্ন কৰিব লাগে। কণ কণ মইনাসকলে প্ৰতিটো কামৰ বাবে ঘড়ী চাব লাগে। এইদৰে সময়ৰ জ্ঞান (ছেকেণ্ড, মিনিট, ঘন্টা) আহৰণ কৰাৰ লগে লগে তেওঁলোকে সময়ানুৱৰ্তিতা শিকে আৰু ইয়াৰ সু-অভ্যাসে শিশুসকলৰ বাকী সময়তো কামবোৰ নিৰ্দিষ্ট ৰুটিন অনুসৰি কৰাৰ প্ৰৱণতা আনে। এই সময় জ্ঞান মানেই জানো এক হিচাপ বা গণনা নহয়? একেদৰে বিভিন্ন প্ৰতিযোগিতাৰ বাবে একো একোটা নিৰ্দিষ্ট সময় ভাগ কৰি লোৱা, যেনে-কবিতা আবৃত্তিৰ বাবে ৩ মিনিট, বক্তৃতা প্ৰদানৰ বাবে ৩ মিনিট, গীত পৰিবেশনত ৫ মিনিট, চিত্ৰকলাত ৩০ মিনিট, খেল-ধেমালিত ১ ঘন্টা ইত্যাদি কাৰ্যসূচীবোৰেও তেওঁলোকক সময়ানুৱৰ্তিতা শিকায়। নৃত্য-গীতৰ মাজেৰে শিশুসকলে নজনাকৈয়ে শিকা অন্যতম দিশটো হৈছে ছন্দ। যাৰ অন্তৰ্নিহিত ব্যাপ্তি গণিতেই। যেনে–“মুখত দুডাল দুবৰি বন/দুডাল খৰিকা/মোৰ চোতালত উমলাহি/অ’ ঘনচিৰিকা”- ইয়াত ‘দুডাল খৰিকা’ আৰু ‘অ’ ঘনচিৰিকা’, এই দুয়োটা শাৰীতে ছটাকৈ আখৰ আছে। সমান আখৰৰ বাবে ছন্দ মিলিছে। এই কথাটো আমি সকলোৱে অনুভৱ কৰোঁ কিন্তু প্ৰকাশ কৰা নহয় বা শিশুক বুজাই দিয়া কেতিয়াও নহয়। যদিহে গানটো শিকাওঁতেই এনেবোৰ দিশ শিশুকে সন্ধান কৰিবলৈ দিয়া হয় তেন্তে শিশুৱে ৰস পাব আৰু আগ্ৰহী হৈ নিজেও তেনেকৈ শব্দ সাজিবলৈ চেষ্টা কৰিব যি চেষ্টাই শিশুৰ মানসিক বিকাশ ত্বৰান্বিত কৰিব। তদুপৰি মহান ব্যক্তিসকলৰ জীৱনী শিশুৰ বাবে এক শক্তিশালী অনুপ্ৰেৰণাৰ উৎস। সেয়ে বিভিন্ন সাহিত্যিক, সংগ্ৰামী আদিৰ লগতে বিজ্ঞানী, গণিতজ্ঞসকলৰ জীৱনীকো সমানে গুৰুত্ব দি শিশুক শুনাব লাগে, পঢ়িবলৈ দিব লাগে।

ইয়াত মাত্ৰ দুই-এটা উদাহৰণহে দিয়া হৈছে। সকলো দিশত গণিত বিচাৰি চালি-জাৰি চাবলৈ এক প্ৰকাৰ গৱেষণাই কৰিব লাগিব বুলি ক’লেও বঢ়াই কোৱা নহয়। সেয়ে গভীৰলৈ নগৈ মাত্ৰ ইয়াকে বুজাব বিচৰা হৈছে যে গীত-নৃত্য-কবিতাকে ধৰি সকলো সুকুমাৰ কলা য’ত শিশুৰ মন অতি সহজে আৰু ক্ষীপ্ৰগতিত ধাৱমান হয়, সেইসমূহৰ মাজেৰে সুবিধা অনুসৰি বুদ্ধিৰে শিশুক গণিতপ্ৰেমী কৰি তুলিব পাৰি। কিয়নো দৈনন্দিন জীৱনত গণিতৰ ব্যৱহাৰিক প্ৰয়োগক পদে পদে উপলব্ধি কৰিব পাৰি এইসমূহৰ মাজেৰে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments