এজোপা বটবৃক্ষৰ কথন আৰু এটা জীৱনৰ সমীকৰণ

লেখক- পৰিস্মিতা বৰদলৈ

মেঘলা আকাশখনৰপৰা হঠাৎ যেন ছোঁ মাৰি ঈগল এটা নামি আহিল আৰু গছজোপাৰ ঠানিটোত তাৰ পাখি এখন গুজি পুনৰ উৰা মাৰিলে দিগন্তলৈ৷ এই আকস্মিকতাত গছজোপাৰ ঠানিটো সামান্য জিকাৰ খাই উঠিল৷ গছজোপাৰ গা-গছ ডাল যেন অলপমান কেঁকাই উঠিল, তাৰ ঠিক পাছতেই বাকী ডালপাতবোৰে এঙামুৰি দি উঠিল৷ এঙামুৰিটো দিওতেহে গছজোপাৰ চকুত পৰিল সেই মানুহজন যি আহি গছজোপাৰ বৃহৎ শিপাডালতে আঁউজি একান্তমনে চাই আছে আকাশখনলৈ৷ সদায় অনাৰ দৰেই তেওঁৰ হাতত এখন উঁৱলিবলৈ ধৰা ডায়েৰী আৰু এটা কলম৷ তেওঁ কাহিনী লিখা মানুহ আৰু সদায়ে তেওঁ এটা কাহিনীৰ উঁহ বিচাৰিয়েই গছজোপাৰ তলত এখন্তেক ৰয়হি৷ হয়তো কোনোবাদিনা গছজোপাৰ তলত পৰি ৰোৱা এখিলা শুকাই যোৱা পাতে তেওঁৰ দৃষ্টি আকৰ্ষণ কৰিছিল৷ হয়তো সিদিনাই তেওঁ ভাবি লৈছিল কাহিনী এটা বিচাৰি ল’ব পৰা যাব কিজানি গছজোপাৰ মাজত৷ অতদিনে অৰঙে-দৰঙে কাহিনী বিচাৰি টলৌটলৌকৈ ঘূৰি ফুৰা কাহিনীকাৰজনে অনায়াসে তেওঁৰ ডায়েৰীত কাহিনী এটা যোগ কৰি লোৱাৰ সুযোগটো পাই তাক এৰি যাবলৈ দিব নোৱাৰিলে৷ সেয়েহে তেওঁ প্ৰায়ে গছজোপাৰ ওচৰলৈ আহিবলৈ ধৰিলে৷ কিন্তু সদায়ে কাগজ দুখিলামানত কটাকটি কৰাৰ বাদে তেওঁ কাহিনীটোৰ ক্ষেত্ৰত বিশেষ একো আগবাঢ়িব নোৱাৰিলে৷ এইবাৰ তেওঁ এটা নতুন বুদ্ধি উলিয়ালে৷ তেওঁ ঠিৰাং কৰিলে যে কাহিনীটো প্ৰথমে তেওঁ গছজোপাৰপৰা শুনি লওক তাৰপাছত তেওঁ আখৰেৰে সজাব৷ প্ৰথম প্ৰথম গছজোপাই নাই-নুই কৰিবলৈ ধৰিলে৷ তাৰপাছত অনেক অনুনয়ৰ অন্তত বাধ্য হ’ল ক’বলৈ৷ পাছে কাহিনীটো আৰম্ভ কৰাৰ ঠিক আগে আগেই ঘটনাটো ঘটিল৷ গোমা কৰি অনা আকাশখনৰপৰা ঈগলটো চাৎ কৈ উৰি আহি তাৰ পাখি এখন এৰি থৈ গ’ল৷ কাহিনীকাৰজনে গছজোপাৰ গতিবিধি লক্ষ্য কৰি উৎসাহেৰে কৈ উঠিল,

“তোমাৰ কাহিনীক উৰণ দিবলৈকে ঈগলটোৱে তাৰ পাখিখন তোমাক দি গ’লহি৷ তুমি কৈ যোৱা৷” 

কাহিনীকাৰৰ কথাষাৰ গছজোপাই শুনিলেনে নাই গম পোৱা নগ’ল যদিও হঠাতে হুৰহুৰাই অহা বৰষুণজাকে গছজোপাক যেন এক সঞ্জীৱনী শক্তি দিলে কাহিনীটো কৈ যাবৰ বাবে৷

গছজোপাৰ কথন

মোৰ মনত নাই কোনে কেতিয়া মোক ৰুইছিলহি তেওঁলোকৰ সেই প্ৰকাণ্ড বাৰীখনত৷ কিন্তু সেয়া কেৱল তেওঁলোকৰ বাৰীখনতেই নহয়, যেন মই যোগ হৈছিলোহি তেওঁলোকৰ দুজনীয়া সংসাৰখনতো৷ অথবা ক’ব পাৰি মোৰ জীৱনত সংযোজন ঘটিছিল তেওঁলোকৰ৷ মোৰ মনত আছে মোক বৰ আতৌপুতৌকৈ তুলিছিল মানুহহালে৷ তেওঁলোকৰ নিছুৰীয়া জীৱনটোত মোৰ সংযোজনে যেন এক বেলেগ অধ্যায়ৰ সূচনা কৰিলে৷ তেওঁলোক দুয়ো ব্যস্ত হ’বলৈ ধৰিলে মোৰ লগতেই৷ সময়ে সময়ে মোৰ গুৰিটো চিকুণাই দিয়া,সাৰপানী দিয়া ইত্যাদি কামবোৰ মানুহহালে নিয়মীয়াকৈ কৰিছিল৷ মোক লৈয়েই যেন মানুহহালৰ দিন আৰম্ভ হৈছিল আৰু শেষ হৈছিল ৰাতিবোৰ৷ মোৰ প্ৰতি আদৰ-যতনৰ আধিক্যই চেনেহৰ সকলো পৰিধি যেন চেৰাই গৈছিল৷ মানুহহালৰ অনুৰ্বৰা ধৰাখনলৈ এমুঠি সেউজ সম্ভাৱনা হৈ হয়তো মোৰ আগমন ঘটিছিল যাৰ ফলস্বৰূপে তেওঁলোকে এই নতুনকৈ পৰিচিত পৃথিৱীখনৰ প্ৰতিটো পলকেই চাকি চাব খুজিছিল অনুভৱেৰে৷ মই বাঢ়ি আহিছিলোঁ৷ তেওঁলোক দুয়োৰে আদৰ যতনত মোৰ শ্ৰীবৃদ্ধি চকুত লগাকৈ হৈ আহিছিল আৰু এদিন জগতৰ সকলো সৌন্দৰ্যেৰে ভৰপূৰ হৈ মই ঋতুমতী হৈছিলো৷ মোৰ মনত আছে, প্ৰথমটো কলি পেলাওঁতে মানুহহালৰ হেঁপাহৰ অন্ত নাছিল৷ ক্ৰমান্বয়ে কলিৰপৰা ফুল ফুলাই ৰমকজমককৈ পদূলি শুৱাইছিলোঁ মই মানুহহালৰ৷ বাটৰুৱাই মোলৈ ৰ’ লাগি চাইছিল৷ কোনো কোনো দুষ্টমনৰ মানুহে আকৌ কেৱল দৃষ্টি দিয়াতে ক্ষান্ত নহৈ হাতো মেলিছিল এপাহি ফুল ছিঙিবলৈ৷ ভাৱ হৈছিল মানুহহালো যেন কেতিয়াবা চিন্তাত পৰিছিল মোক লৈ৷ মোৰ হানি-বিঘিনি একো নঘটক, এয়াই কামনা আছিল তেওঁলোকৰ৷ বাৰীৰ চৌপাশে ওখ দেৱাল সাজি দিছিল যাতে কোনেও মোক ঢুকি পাব নোৱাৰে৷ মোৰ নিৰাপত্তাই যেন হৈ পৰিছিল মানুহহালৰ একমাত্ৰ উদ্দেশ্য৷

দিনকদিনে মোৰ জেউতি চৰিছিল৷ ৰূপ,গন্ধৰে জাতিষ্কাৰ হৈ মই যেন হৈ পৰিছিলোঁ সাক্ষাৎ সৰগৰ পাৰিজাত জুপি৷ সৰল মানুহহালৰ বাবে যেন মই হৈ পৰিছিলোঁ সবাতোকৈ অমূল্য ৰতন৷ কণমাণি পুলিটিৰপৰা এতিয়া ফুলেৰে সুশোভিত হোৱালৈকে মোৰ আদৰ-যতনৰ হীন-ডেঢ়ি নহ’ল কাহানিও৷ পৰাহ’লে যেন তেওঁলোকে মোৰ কৰিবলগীয়াখিনিও কৰি দিব৷ মোৰ কেতিয়াবা এনে লাগিছিল সালোকসংশ্লেষণৰ দ্বাৰা নিজৰ আহাৰ নিজে প্ৰস্তুত কৰা কামটোও যেন কৰি দিলেহেঁতেন তেওঁলোকৰ সাধ্যত হোৱা হ’লে৷

দিনবোৰ গৈ আছিল৷ অময়া সুখত মজি থকা দিন আছিল সেইবোৰ৷ তথাপি মই মন কৰিছিলো মোক লৈ যেন এক অনিশ্চয়তা,শংকাই বাহ বান্ধিবলৈ ধৰিছিল মানুহহালৰ মনত৷ মৌ চুহিবলৈ জাকেজাকে আহিবলৈ ধৰা ভোমোৰাবোৰক খেদি পঠিয়াইছিল তেওঁলোকে৷ মোৰ অকণমানো অনিষ্টসাধন তেওঁলোকৰ সহ্য হোৱা নাছিল৷ এটা দিন আহিল যেতিয়া সেই মানুহহালৰ জীৱনলৈকে এক অনিশ্চয়তা আহি পৰিল৷ কাৰখানাত কৰ্মৰত মানুহজনৰ এখন ভৰি সম্পূৰ্ণৰূপে ঘূণীয়া হ’ল কাঠৰ কুণ্ডা পৰি৷ মানুহজনৰ এই অৱস্থা দেখি বয়স বাঢ়ি অহা মানুহগৰাকীৰো মনৰ অৱস্থা থৰকবৰক হৈ পৰিল৷ পৰস্পৰৰ লাখুটি হৈ থকা দুয়োৰে মূল চিন্তা হৈ পৰিলোঁ মই৷ তেওঁলোকৰ অবৰ্তমানত মোৰ কি হ’ব ইয়াকে ভাবি তেওঁলোকে অস্থিৰতাত দিন নিয়াবলৈ ধৰিলে৷ যোগৰ অংকটো ক’ৰবাত খেলিমেলি হ’লনেকি?

বহুদিন গুণাগথাঁৰ অন্তত তেওঁলোকে মোক তেওঁলোকৰ বাৰীৰ পৰা বিয়োগ কৰাৰ সিদ্ধান্ত ল’লে৷ মোৰ ভৱিষ্যত সুনিশ্চিত কৰিবলৈকে তেওঁলোকে নিজৰ বৰ্তমান পংকিল কৰিবলৈ বদ্ধপৰিকৰ হ’ল৷ মই জানিছিলোঁ মোৰ অবৰ্তমানত তেওঁলোক দুয়োৰে কি হ’ব পাৰে৷ মৃদু প্ৰতিবাদ কৰিবও নোখোজা নহয় মই৷ তথাপি তেওঁলোকৰ দৃঢ়তাৰ সন্মুখত মোৰ ইচ্ছা নৰজিল৷ মোক উভালি আনি এখন নতুন ঘৰত নতুন বাৰীত গুজি দিয়া হ’ল৷ অতীত বিয়োগ কৰিলত মোৰ স্থানীয় মান সলনি হ’ল। কিন্তু তাতো যেন খেলিমেলি!

স্বাভাৱিকতেই নতুন পৰিৱেশটোৰ সৈতে খাপ খাবলৈ মোৰ যথেষ্ট অসুবিধা হ’ল৷ তথাপিও অভিযোজনৰ সূত্ৰ মানি ক্ৰমাণ্বয়ে নিজকে খাপ খুৱাবলৈ চেষ্টা কৰিলোঁ৷ নতুন ঠিকনাত আহি এনে লাগিল যেন তাৰ বাসিন্দাসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰাই মোৰ কাম৷ ঋতু অনুযায়ী মোৰ শৰীৰৰ পৰিৱৰ্তন ঘটি থাকিল৷ শীতত লঠঙা হৈ পৰা মোৰফালে কেৰাহিকৈও নোচোৱা সকলে বসন্তৰ আগমনৰ লগেলগেই যেন মোৰ দেহত পৰিস্ফুট হোৱা নতুন সম্ভাৱনা দেখি উৎফুল্লিত হৈ উঠিল৷ তাৰ মাজতে এবাৰ নে দুবাৰ সেই সৰল মানুহহাল আহিছিল মোৰ খবৰ ল’বলৈ, কিজানিবা যোগ-বিয়োগৰ নিমিলা অংকৰ কিবা সমাধান পায়! পাছে এখন ভৰি আৰু বয়স্ক মানুহগৰাকীৰ কান্ধত ভেঁজা দি অহা মানুহহালৰ অৱস্থা দেখি ময়েই তেওঁলোকক আৰু কষ্ট কৰি অহাৰ প্ৰয়োজন নাই বুলি ক’লোঁ৷ নিমিলা অংকৰ খবৰ কেৱল নিজৰ মাজতে সামৰি থ’লোঁ। তাৰপাছৰপৰা তেওঁলোক আৰু নাহিল৷ এক আহিব নোৱৰা দূৰণিলৈ তেওঁলোক দুয়ো প্ৰস্থান কৰিলে অগাপিছাকৈ৷ দূৰত থাকিও সাহস হৈ থকা মানুহহালৰ বিয়োগে যেন মোৰ জীৱনৰ বাকী থকা আশাও হৰণ কৰি লৈ গ’ল! ইয়াৰ পাছৰ দিনবোৰত মই মাথোঁ প্ৰত্যক্ষ কৰিলোঁ স্বাৰ্থপৰতা আৰু নিষ্ঠুৰতা৷

যেতিয়াই লমালমে ফলেৰে দোঁ খাই পৰে মোৰ সৰ্বশৰীৰ৷ সকলোৱে সেই ফল চিঙি নিয়ে৷ ফুলৰ সুবাস ল’বলৈ মোৰ কাষ চাপে। কিন্তু ধুমুহাই ভাঙি পেলোৱা মোৰ শৰীৰ, প্ৰবল বৃষ্টিয়ে থকাসৰকা কৰা মোৰ দেহলৈ এবাৰো মন নকৰে৷ জেঠৰ খৰৰ দিনবোৰত ঘাম শুকুৱাবলৈ মোৰ শিপাত বহা মানুহবোৰে কেতিয়াও খবৰ নলয় মই কেনে আছোঁ৷

মোৰো ক্ৰমাৎ ভাগৰ লাগিবলৈ ধৰে৷ কেৱল ফলৰ প্ৰতি লালসা ৰখা, মোৰ প্ৰতি তিলমাত্ৰও অনুকম্পা নৰখা মানুহখিনিৰ বাবে মোৰ ক্ষোভ জন্মিবলৈ ধৰে৷ মই আগৰ দৰে ফুলিবলৈ বাদ দিওঁ৷ আগৰ দৰে বসন্তৰ প্ৰাকমুহূৰ্তত নিজকে নতুনকৈ সজাবলৈ লোৱা বাদ দিওঁ৷ অৱশিষ্ট সেউজীয়া পাতবোৰেও যেন মৰহিবলৈ আৰম্ভ কৰে৷ আগৰ ফলেফুলে জাতিষ্কাৰ গছজোপাৰপৰা ফলফুলবিহীন বিমৰ্ষ বৃক্ষ এজোপাত পৰিণত হওঁ৷

মোৰ এনে পৰিৱৰ্তনে মোৰ ওপৰত নিৰ্ভৰশীল এচামৰ মনত মোৰ প্ৰতি ঘৃণাৰ ভাৱ জন্মায় ক্ৰমান্বয়ে৷ অৱহেলিততো মই আগৰেপৰাই আছিলোঁ৷ এতিয়া তেওঁলোকৰ ভাষাত ‘অকৰ্মণ্য’ মোৰ দৰে এজোপা গছক জেগাবন্দী কৰিবলৈ ৰখাতকৈ কাটি পেলোৱাটোৱেই হেনো যুগুত হ’ব৷ শিঁয়ৰি উঠিলোঁ মই৷ মোৰ মুখৰ আগতেই মোৰ হত্যাৰ পৰিকল্পনা!! কেনে নিষ্ঠুৰতা এয়া! অকণমানো মানৱীয়তা নথকা কেনে লোক এইসকল৷ এইসকল মানুহৰ বাবেই মই মোৰ নিজস্বতা বিসৰ্জন দি সকলো কৰিছিলো! ৰ’দ-বৰষুণ সহি থাকি সময়মতে ফুল হৈ সুবাস বিলালোঁ,ফল হৈ ক্ষুধা পুৰালোঁ,প্ৰখৰ ৰ’দত ছাঁ দি জুৰ পেলালোঁ তেওঁলোকৰ শৰীৰ৷ অথচ আজি মই ফুল-ফল দিবলৈ অপাৰগ হৈ পৰাত তেওঁলোকে মোক নিঃশেষ কৰাৰ বিষয়ে ভাবিবলৈ একমুহূৰ্তও পলম নকৰিলে৷ নিমিলা অংকটোৰ যোগফল কেনেবাকৈ শূন্য হ’ব পাৰেনেকি? আচৰিত! আচৰিত! আজি সেই সৰল মানুহহাল জীয়াই থকা হ’লে মোৰ এই দশা দেখা পোৱা হ’লে মৰ্মান্তিক বেজাৰ নাপালেহেঁতেননে! মই যেন উচুপি উঠিলোঁ৷সশব্দে হাঁহাকাৰ কৰি উঠিলে মোৰ মনে৷ এনে লাগিল যেন মই এইমাত্ৰই মাটি ফুটি গৰ্ভস্থ হৈ যাওঁ আই বসুমতীৰ৷

ক্ৰমাৎ শূন্যতাৰ দিশলৈ ধাৱিত মোৰ জীৱনে হঠাতে সুঁতি সলাবলৈ ধৰিলে৷ নাজানো কি হ’ল মোৰ৷ মাজত যেন এক নৱ শক্তিৰ সঞ্চাৰ হ’ল৷ এনেকুৱা লাগিল যেন আনৰ বাবে জীয়াই থকাৰ সময় উকলিল মানেইতো এয়া নহয় যে মোৰ মৃত্যুৰ সময়ো কাষ চাপিল৷ নিজে নিজৰ বাবে জীয়াই থকাৰো জানো মাদকতা নাই? মোৰ আশে-পাশে থকা বৃহৎ বৃক্ষবোৰলৈ মই মন কৰিবলৈ ধৰিলো যি কেতিয়াবাতে ফুলিবলৈ বা ফল ধৰিবলৈ বাদ দিছে৷ কিন্তু ঋতু পৰিৱৰ্তনৰ লগেলগে নিজকে সজাবলৈ এৰা নাই৷ শীতক বিমুখ নকৰাৰ দৰেই বসন্তকো স্বাগতম জনাবলৈ যি সদাপ্ৰস্তুত হৈ থাকে৷ যি বসন্ত আহিলেই ন সাজেৰে নিজকে সজায়৷ সেউজী পাতৰ ওৰণি টানি নিজকে ন কইনা ৰূপেৰে তুলি ধৰে৷ যাৰ শিপা ইমানেই মজবুত যে কুঠাৰৰ উপৰ্যুপৰি ঘাপতো যি হৈ থাকে অনাঘ্ৰাত,দৃঢ়৷ সেয়ে মই পুনৰ ঠন ধৰি উঠিলোঁ৷ এই মূঢ়াটো বাৰম্বাৰ চেষ্টাৰ পাছতো কোনেও লৰাব নোৱাৰিলে৷ সুখৰ বিয়োগ বা শান্তিৰ হৰণে যেন এক সুকীয়া শক্তিৰ সংযোজন আনিলে। যোগ-বিয়োগৰ উৰ্ধ্বত এই শক্তি। নহ’বই বা কিয়? জীৱনৰ অংকত পাটীগণিতৰ সূত্ৰ অচল। এতিয়া মই নিজৰ মতেই নিজক সজাওঁ৷ এটা সময়ত মই সেই মৰমিয়াল মানুহহালৰ ছত্ৰছায়াত লালিতপালিত হৈছিলো,পাছলৈ মোৰদ্বাৰা এচামে নিজৰ প্ৰয়োজন পূৰালে আৰু এতিয়া মই জীয়াই থাকিম নিজৰ বাবে, কেৱল নিজৰ বাবে সাজি লোৱা এক স্বৰ্গীয় বৃত্তত৷

পুনৰ কাহিনীকাৰ

ইমানপৰে কাহিনীটো শুনি ডায়েৰীত লিপিবদ্ধ কৰি থকা মানুহজনে কলমৰ সাঁফৰটো লগাই ল’লে৷ যেন তেওঁ এটা অংকহে পাতি আছিল ইমানপৰে৷ কাহিনীটোৰ মাজত একাত্ম হৈ পৰা মানুহজনে চশমাযোৰ সোলকাই জেপৰপৰা ৰুমালখন উলিয়াই সেমেকা চকুহালি টুকি ল’লে৷ চশমাযোৰ পিন্ধি এইবাৰ তেওঁ মূৰ তুলি চালে৷ তেওঁৰ সন্মুখত এয়া শান্ত,সৌম্য অথচ প্ৰৌজ্জ্বল কান্তিৰে ডাঠ ফ্ৰেমত আবদ্ধ এহালি চকুৰে শ্ৰুতিধাৰা বৰুৱা৷ একেবাৰে অকলশৰীয়াকৈ থকা মানুহগৰাকীৰ গুণমুগ্ধ অনেক৷ নিজৰ ধ্যানধাৰণাৰে আন বহুতকে উদ্বুদ্ধ কৰা মানুহগৰাকীৰ মাজত প্ৰতিফলিত হোৱা চিৰসেউজ গছজোপাক কাহিনীকাৰে আঁকিবলৈ এইবাৰ আখৰা কৰাৰ যোজা কৰিলে৷ শীঘ্ৰেই বৃক্ষজোপাৰ কাহিনীটো তেওঁ ক’বই লাগিব৷ যিটো হয়তো এটা কাহিনীতকৈ সমীকৰণ বুলিলেহে বেছি মিলিব, যিটো সমীকৰণত স্বাৰ্থপৰতাৰ পূৰণ-হৰণে সকলো খেলিমেলি লগালে আৰু নায়িকাৰ জীৱনটো শূন্যৰ দিশলৈ গতি কৰিলে৷ পাছে প্ৰবল আত্মবিশ্বাস আৰু জীৱনমুখী চিন্তাধাৰাই এক নতুন উন্মেষ ঘটাই শূন্যৰ আগত বহি জীৱনটোকেই এক লাকী নাম্বাৰ কৰি তুলিলে৷ অংকটো পাতি উঠি কাহিনীকাৰে যেন সেই বিখ্যাত আৰ্কিমিডিছ সূত্ৰটোকে সুঁৱৰি কিৰিলিয়াই উঠিল ‘ইউৰেকা’ বুলি৷

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
নীৰুজা
3 months ago

বৰ ভাল লগা।