ছালৰ ভেঁকুৰজনিত সংক্ৰমণ, বগা দাগ আৰু চিকিৎসা

লেখক- ভাস্কৰ জ্যোতি কলিতা

ছালৰ ভেঁকুৰজনিত সংক্ৰমণ (fungal infection)

ভেঁকুৰজনিত সংক্ৰমণে সমগ্ৰ পৃথিৱীতে একপ্ৰকাৰৰ মহামাৰীৰে সৃষ্টি কৰা বুলি ক’লেও ভুল নহ’ব নিশ্চয়। ই যেন এটা নীৰৱ মহামাৰীহে। অসমীয়াত ইয়াক বিভিন্ন নামেৰে জনা যায়। খৰ, খেজু, দাওঁত আদি বিভিন্ন নাম অঞ্চল বিশেষে চলি আছে। ছালৰ ভেঁকুৰজনিত সংক্ৰমণ এনে ব্যাপক স্বাস্থ্যজনিত সমস্যা হিচাপে থিয় দিয়াৰ কাৰণ বহুতো। প্ৰথমে জানিব লাগিব ভেঁকুৰজনিত সংক্ৰমণ কি? ভেঁকুৰজনিত সংক্ৰমণ বুলিলে সাধাৰণ ভাষাত অন্যান্য বেমাৰৰ কাৰকৰ দৰে এবিধ বীজাণুয়ে ছালৰ ওপৰৰ ভাগটো (superficial layer, epidermis) সংক্ৰমিত কৰাকে বুজায়। অণুবীক্ষণ যন্ত্ৰত ইহঁতক গছৰ শিপাৰ দৰে দেখা যায়। এই ‘শিপা‘ বোৰক hyphae বোলে। গছৰ শিপাই শিপোৱাৰ দৰে ইহঁতেও ছালৰ ভিতৰতপাহ মেলে আৰু নতুন নতুন ছালৰ অংশলৈ বিস্তাৰিত হয়। মানুহৰ ছালক সংক্ৰমিত কৰা ভেঁকুৰৰ এই প্ৰজাতি বিধক ডাৰমেট’ফাইট (dermatophyte) বোলে।

উৎসঃ

অনান্য জীৱ জন্তু যেনে পোহনীয়া জন্তু বা চৰাই ভেঁকুৰজনিত সংক্ৰমণৰ এটা উৎস হব পাৰে। তেনেদৰে কৃষিকৰ্মৰ সৈতে জড়িত জৈৱিক সামগ্ৰীসমূহ ইয়াৰ এটা উৎস হব পাৰে। জৈৱিক পদাৰ্থৰ পৰা বিয়পা ভেঁকুৰজনিত সংক্ৰমণ অধিক পৰিমাণে চিকিৎসাৰোধী (treatment resistant) আৰু লক্ষণসমূহ বেছি পৰিমাণে দেখা দিব পাৰে। এনে সংক্ৰমণক জুফিলিক (zoophillic) সংক্ৰমণ বোলে।

অন্যান্য ব্যক্তিবিশেষো ইয়াৰ উৎস হব পাৰে। এনে সংক্ৰমণক এনথ্ৰোপ্ৰফিলিক (anthropophillic) সংক্ৰমণ বোলে। এনে সংক্ৰমণ প্ৰত্যক্ষ সংস্পৰ্শতহে যে হয় এনে নহয়, বৰঞ্চ পৰোক্ষ সংস্পৰ্শৰ মাধ্যম যেনে গামোচা, পিন্ধা কাপোৰ ইত্যাদিও সংক্ৰমণৰ কাৰক হ’ব পাৰে।

কেতিয়াবা নিজৰ শৰীৰৰ কোনো এটা অংশত ভেঁকুৰজনিত সংক্ৰমণ সুপ্ত অৱস্থাত থাকি যাব পাৰে। ই বাৰে বাৰে হোৱা সংক্ৰমণৰ এটা মুখ্য কাৰণ হব পাৰে। কৰঙণৰ চুক, কাষলতিৰ তল ইত্যাদি আৰ্দ্ৰ অঞ্চলবোৰ ভেঁকুৰজনিত সংক্ৰমণৰ উৎস হব পাৰে।

অজৈৱিক পদাৰ্থ যেনে কাপোৰ, দৈনন্দিন ব্যৱহৃত সামগ্ৰীও ইয়াৰ উৎস হ’ব পাৰে। কাপোৰৰ ভিতৰত অন্তৰ্বাস, গামোছা, মোজা ইত্যাদি প্ৰধানতঃ ভেঁকুৰজনিত সংক্ৰমণৰ উৎস। ভালকৈ নোধোৱা মোজা, অন্তৰ্বাস, গামোছা ইত্যাদিত ই কেইবামাহলে জীয়াই থাকিব পাৰে। এনেধৰণৰ কাপোৰসমূহ চিকিৎসা ৰোধী ( treatment resistant) অথবা বাৰে বাৰে হোৱা সংক্ৰমণৰ ( recurrent infection) প্ৰধান কাৰণ হব পাৰে।

লক্ষণঃ

খজুৱতি: শৰীৰৰ যিকোনো অংশত এনে সংক্ৰমণ হ’ব পাৰে। চুলি আৰু নখতো সংক্ৰমণ হ’ব পাৰে। ছালত ঘূৰণীয়া দাগ বহা- কিছুসংখ্যক ৰোগীৰ ভাষাত ‘পাৰ বান্ধি বান্ধি উঠা‘, অত্যধিক খজুৱতিৰ ফলত ছালৰ ওপৰৰ অংশ এৰাই গৈ বিষ সৃষ্টি হোৱা আৰু লগতে অন্যান্য বীজাণুৰ দ্বাৰা সংক্ৰমিত হোৱা, যাৰ ফলত ৰঙা পৰা, পূঁজ ওলোৱা, পানীজোলা বন্ধা ইত্যাদি উপসৰ্গই দেখা দিব পাৰে। কেতিয়াবা ভৰি বা চুলিত হোৱা ভেঁকুৰজনিত সংক্ৰমণৰ ফলত শৰীৰৰ অন্য অংশত ‘এলাৰ্জি‘ৰ দৰে উপসৰ্গৰ সৃষ্টি কৰিব পাৰে। ( Id reaction)

ঘৰুৱা বিধানঃ

নাৰিকল তেলৰ ব্যৱহাৰ কিছু পৰিমাণে ফলপ্ৰসূ হব পাৰে। নাৰিকল তেলে ভেঁকুৰৰ বংশবৃদ্ধিত বাধা দিয়ে বুলি ধাৰণা কৰা হয়।

চিকিৎসকৰ পৰামৰ্শ লোৱা কিয় জৰুৰীঃ

ভেঁকুৰজনিত সংক্ৰমণত ব্যৱহাৰ হোৱা দৰৱসমূহ কিমান দিন খাব লাগিব তাৰ নিৰ্দিষ্ট নিয়ম থাকে। প্ৰয়োজনতকৈ কম দিন ব্যৱহাৰ কৰিলে ভেঁকুৰজনিত সংক্ৰমণ পুনৰাই হোৱাৰ সম্ভাৱনা প্ৰবল। আনকি দেখাত ভাল হৈ যোৱাৰ পিছতো আকৌ দেখা দিব পাৰে। সেইদৰে প্ৰয়োজনতকৈ অধিক সময় দৰৱ ব্যৱহাৰ কৰিলে দৰৱসমূহৰ পাৰ্শ্বক্ৰিয়া দেখা দিব পাৰে। তাৰ ভিতৰত যকৃতৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে। একেই কাৰণত এটা দৰৱৰ পৰিক্ৰমা (course) শেষ হোৱাৰ পাছত দুই এটা ৰক্ত পৰীক্ষা কৰাটোও নিয়ম। শৰীৰৰ কোন অংশত কি ভেঁকুৰ প্ৰতিৰোধী দৰৱ ফলপ্ৰসূ সেইয়া চিকিৎসকেহে ক’ব পাৰিব। ফাৰ্মাচী আৰু অন্যান্য দৰৱৰ প্ৰতিষ্ঠান সমূহে ষ্টেৰ’ইড মলমৰ বহুল প্ৰচলন কৰিছে। বজাৰত পোৱা triple combination cream সমূহো এনে ষ্টেৰ’ইড মলম। এনে ষ্টেৰ’ইড মলম ব্যৱহাৰ কৰিলে ভেঁকুৰজনিত সংক্ৰমণৰ উপসৰ্গসমূহ তাৎক্ষণিকভাৱে কমি যায়, কিন্তু ই ভেঁকুৰৰ সংক্ৰমণ ৰোধ কৰিব নোৱাৰে বা ই বীজাণুটোক মাৰিব নোৱাৰে। বৰঞ্চ ষ্টেৰ’ইড মলমে ছাল পাতল কৰি দিয়াৰ ফলত পিছলৈ উপসৰ্গসমূহ বৃদ্ধিহে হৈ আৰু চিকিৎসাৰোধী (treatment resistant) ভেঁকুৰজনিত সংক্ৰমণৰ জন্ম দিব পাৰে। ইয়াৰ উপৰিও ষ্টেৰ’ইড মলমৰ সমূহৰ আৰু বহুত পাৰ্শ্বক্ৰিয়া আছে। ইয়াৰ ফলত ভেঁকুৰজনিত সংক্ৰমণ চিনাক্ত কৰাতো অসুবিধাৰ সৃষ্টি হ’ব পাৰে।

প্ৰতিৰোধৰ নিয়মাৱলীঃ

পৰিষ্কাৰ-পৰিচ্ছন্নতা (personal hygiene) বাঞ্ছনীয়; অন্তৰ্বাস, মোজা, গামোছা, ঘৰত পিন্ধা কাপোৰ ইত্যাদি প্ৰতিদিনে ভালকৈ ধুই ৰ’দত শুকুৱাৰ ব্যভস্থা কৰিব লাগে। যদি ৰ’দ নাথাকে ঘৰত পিন্ধা কাপোৰ অন্তৰ্বাস গামোচা ইত্যাদি ইস্ত্ৰি কৰাৰ অভ্যাস কৰা উচিত; গৰমৰ দিনকেইটাত পৰাপক্ষত জোতা-মোজাৰ ব্যৱহাৰ কৰিব নালাগে। উপসৰ্গসমূহ বেছি হোৱালৈ অপেক্ষা নকৰি সোনকালে ছালৰ বিশেষজ্ঞৰ পৰামৰ্শ লোৱাৱ উচিত। কাৰণ সীমিত উপসৰ্গ থাকিলে খোৱা দৰৱৰ প্ৰয়োজনীয়তা নাহিবও পাৰে আৰু সেয়ে হ’লে পাৰ্শ্বক্ৰিয়াৰ সম্ভাৱনা কম আৰু খৰচো কমে; ষ্টেৰ’ইড মলমৰ ব্যৱহাৰৰ পৰা আঁতৰত থকা উচিত; পৰিয়ালৰ সদস্য, বন্ধু বান্ধৱ, সহকৰ্মীৰ ভেঁকুৰজনিত সংক্ৰমণৰ উপসৰ্গ থাকিলে তৎক্ষণাৎ চিকিৎসা লোৱা দৰকাৰ, কাৰণ ই বিয়পে।

এইখিনিতে উল্লেখ কৰিব পাৰি যে Pityriasis versicolor নামৰ এক ভেঁকুৰজনিত সংক্ৰমণত ছালত বগা দাগ হব পাৰে। Malassezia নামৰ এটা ভেঁকুৰে এই সংক্ৰমণটো কৰে। এনে দাগবোৰ সৰু সৰু ঘূৰণীয়াকৈ পৰা দেখা যায়। চুলি বা নোমৰ চাৰিওফালে বেছিকৈ থাকে। বুকু, হাতৰ পিছফাল, পিঠি, মুখ ইত্যাদি অংশত বেছিকৈ হয় আৰু গৰমৰ দিনত সাধাৰণতে দেখা যায়। চৰ্মবিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি লোৱা ভেঁকুৰবিৰোধী (antifungal) দৰৱে ইয়াক সম্পূৰ্ণ ভাল কৰিব পাৰে। কিন্তু ইয়াৰ বাহিৰেও আৰু বিভিন্ন কাৰণত বিভিন্ন ধৰণৰ বগা দাগ ছালত হোৱা দেখা যায়।

ছালৰ বগা দাগ মানে চিন্তনীয়নে?

ছালৰ বগা দাগ সন্দৰ্ভত সমাজত বিভিন্ন ভ্ৰান্তিকৰ ধাৰণাৰ প্ৰচলন আছে। বগা দাগৰ কাৰণ বহুতো হ’ব পাৰে। সাধাৰণভাৱে বগা দাগ বুলি ক’লে মানুহে শংকিত হোৱা বেমাৰটো হৈছে ‘শ্বেত ৰোগ‘ বা ‘vitiligo’। কিন্তু ছালৰ কোনো অংশ বগা পৰাৰ বিভিন্ন কাৰণ আছে আৰু বগা পৰিলেই vitiligo হোৱা বুলি ভাবিব নালাগে। আনহাতে vitiligo সম্পৰ্কেও সমাজত বিভ্ৰান্তিকৰ ধাৰণা কিছুমান আছে। ভেঁকুৰজনিত সংক্ৰমণৰ বাহিৰে ছালত বগা দাগ পৰিব পৰাৰ কিছুমান কাৰণ আৰু ইবিলাকৰ নিৰাময়ৰ পদ্ধতি এনেধৰণৰ-

ক) ছাল শুকান হোৱাঃ ছাল বেছিকৈ শুকান হলেও বগা দাগ পৰিব পাৰে। এনে বগা দাগ সাধাৰণতে পাতল হয় আৰু দাগটোৰ সীমা চাৰিওফালৰ normal ছালৰ লগত অস্পষ্ট ভাবে মিলি যায়। এনে বগা দাগ সাধাৰণতে বয়সিয়াল ব্যক্তি, শীত কাল, থাইৰইড গ্ৰন্থিৰ বেমাৰ ইত্যাদি ক্ষেত্ৰত দেখা যায়। ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় সাধাৰণ। মইশ্বাৰাইজাৰৰ সঠিক ব্যৱহাৰে এনে বগা দাগ নিৰ্মূল কৰে। নাৰিকল তেলৰ ব্যৱহাৰ কিছুপৰিমাণে ফলপ্ৰসূ হ’ব পাৰে। সমস্যা দীঘলীয়া হ’লে ছাল বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি ৰক্ত পৰীক্ষা কৰাটো জৰুৰী।

খ) ৰ’দঃ ভাবিলে অলপ আচৰিত হলেও ৰ’দৰ কাৰণেও কিছুমান বগা দাগ পৰিব পাৰে। এইবোৰ সাধাৰণতে এলাৰ্জি (allergy)জনিত সমস্যা। এনে বগা দাগবোৰো পাতল হয় আৰু পৰিসীমা(border) ভালদৰে চিনাক্ত কৰিব নোৱাৰি অৰ্থাৎ চাৰিওফালৰ normal ছালৰ লগত মিলি থাকে। এনে দাগবোৰ হাত, ডিঙি, পিঠিৰ উপৰ ভাগ, বুকুৰ ওপৰ ভাগ আৰু মুখ অৰ্থাৎ ৰ’দ পৰা অংশ বোৰত থাকে। কেতিয়াবা খজুৱতি হ’ব পাৰে আৰু ৰঙা পৰি ফুলি উঠিবও পাৰে। নিৰাময়ৰ উপায় হিচাপে Sunscreen, ছাতি ইত্যাদিৰ ব্যৱহাৰ কৰিব পাৰি। দাগ বেছি হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱা বাঞ্ছনীয়।

গ) কুষ্ঠ ৰোগঃ কুষ্ঠ ৰোগ (leprosy)ত ছালৰ কিছু অংশ বগা পৰিব পাৰে। লগতে এনে বগা অংশ চেতনাহীন হ’ব পাৰে অৰ্থাৎ চুলে গম নাপাব পাৰে। হয়তো বগা দাগৰ প্ৰতি সমাজত থকা বেয়া ধাৰণাৰ মূলতে কুষ্ঠ ৰোগ। কাৰণ অতীজতে কুষ্ঠ ৰোগ যথেষ্ট বেছি আছিল আৰু ফলপ্ৰসূ চিকিৎসা নাছিল। অতীজতে বগা দাগ মানেই কুষ্ঠ বুলি ভবা হৈছিল। হয়তো চিকিৎসা ব্যৱস্থাৰ অনগ্ৰসৰ অৱস্থাৰ কাৰণে শ্বেতৰোগ ( vitiligo)আৰু কুষ্ঠ ৰোগৰ পাৰ্থক্য কৰাটো আনকি চিকিৎসকৰ কাৰণেও জটিল আছিল। দুয়োটা সম্পূৰ্ণ বেলেগ বেমাৰ। কুষ্ঠ ৰোগ এটা বীজাণু (Mycobacterium Leprae)ৰ কাৰণে হয় আনহাতে vitiligo কোনো বীজাণুৰ কাৰণে নহয়। আজিকালি কুষ্ঠৰোগৰ সম্পূৰ্ণ চিকিৎসা হোৱাটো সম্ভৱ।

ঘ) Vitiligo বা শ্বেত ৰোগঃ সমাজত ইয়াৰ বিষয়ে বহুত বেয়া ধাৰণা আছে। ঘৰৰ দেৱালৰ ৰং কিবা কাৰণত যেনেকৈ এৰাই যাব পাৰে, ঠিক তেনে দৰে মানুহৰ ছালৰ ৰংটোও গুচি যাব পাৰে। Vitiligo বেমাৰটো সিমানেই সাধাৰণ। মানুহৰ ছালৰ ৰং আহে মেলানিন (melanin) নামৰ পদাৰ্থৰ পৰা আৰু ইয়াক প্ৰস্তুত কৰে আমাৰ শৰীৰৰ মেলান’চাইট (melanocyte) নামৰ কিছুমান কোষে। মেলানিন কমি বগা দাগ হোৱাৰ বহুত কাৰণ থাকে অৰ্থাৎ সাধাৰণতে ভবাৰ দৰে ই কেৱল বংশগত নহয়। Vitiligo সন্দৰ্ভত সমাজত এনেধৰণৰ ভুল ধাৰণা আছে যে ই বিয়পে আৰু ইয়াৰ কোনো চিকিৎসা নাই। প্ৰকৃততে Vitiligo সংক্ৰামক নহয়। যিহেতু ই মাত্ৰ ছালৰ ৰং গুচি যোৱাটো বুজায় আৰু ইয়াৰ কাৰণ কোনো বীজাণু নহয়। Vitiligo ৰ চিকিৎসা আছে, মাথোঁ চিকিৎসা প্ৰণালী অন্য বেমাৰৰ দৰে নহয়। আন কিছুমান বেমাৰত এবাৰ বা দুবাৰ চিকিৎসকৰ ওচৰলৈ গলেই ভাল পোৱা যায়। Vitiligoৰ চিকিৎসা দীঘলীয়া হয় আৰু ভাল পোৱাৰ পিছতো চিকিৎসকৰ পৰামৰ্শ মতে চলাটো বাঞ্ছনীয়। তদুপৰি vitiligoক লৈ বহুত অন্ধবিশ্বাস, কুসংস্কাৰ চলি আহিছে। এনে অন্ধবিশ্বাসক নিৰ্মূল কৰিবলৈ শিক্ষিত সমাজে আগভাগ ল’ব লাগিব।

ইয়াৰ উপৰিও অন্যান্য বহুত কাৰণত ছালৰ বগা দাগে দেখা দিব পাৰে। বগা দাগ বুলি কলেই শংকিত নহৈ সোনকালে চিকিৎসকৰ পৰামৰ্শ ললে সুফল পোৱা যায়।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!