কথাবোৰ মনত পৰে
লেখক- দেৱীকা বৰপূজাৰী
আৰমান হাজৰিকা মুম্বাইত থাকে বাবে এক আন্তৰিক সম্বন্ধৰ থকাৰ দৰে অনুভৱ কৰি আহিছোঁ। তাতে তেওঁৰ লেখাৰ মই ভক্ত। যিয়েই নিলিখক, পালেই ততালিকে পঢ়ি বৰ আমোদ পাওঁ। আৰমানৰ মনৰ ভাবৰ লগত বহুতৰে মিল থকাৰ দৰে মোৰো বহু কথাত মিল পাওঁ। অতীতৰ সৰল সহজ জীৱন আৰু ধনী–দুখীয়া, ধৰ্মীয় ভেদাভেদ নৰখাকৈ অসমীয়া লোকৰ জীৱন প্ৰৱাহ অতি মনোৰম আছিল।
এই পুথিখনত আৰমানৰ জীৱনৰ সৰু–বৰ ঘটনা আৰু সামাজিক অনুষ্ঠানসমূহৰ বিষয়ে আটক ধুনীয়াকৈ বৰ্ণিত হৈছে। ইয়াৰে কিছু লেখা মই ইতিমধ্যে সামাজিক মাধ্যমৰ জৰিয়তে পঢ়িবলৈ সুবিধা পাইছিলোঁ।
“কথাবোৰ মনত পৰে” নামৰ গ্ৰন্থখনত মুঠ আঠটা খণ্ড আছে– নামবোৰ হ’ল–
১) সোণোৱালী সোঁৱৰণী —
ইয়াত লিখা হৈছে আগৰ বিয়া–বাৰু, অভাৱৰ মাজতো থকা আনন্দ, বাঘ এটা ধৰি পোৱাৰ অভিজ্ঞতা, স্কুলৰ বিদায় সভা, সাধাৰণ ৰঙীন পেঞ্চিল এডালক লৈ হোৱা দবৰা দবৰি, ৰেদিঅ‘ শুনা সেই দিনবোৰ, ডাকঘৰৰ মহিমা, ৰেদিঅ‘ত হোৱা নাটকবোৰ, মাছ ধৰা চাই থকাৰ আনন্দ আদি মনোমোহা স্মৃতি।
২) জীৱনৰ বাটে পথে —
এই খণ্ডত কি দৰে এজন দেৱদূতৰ লেখীয়া লোকে অসবৰ্ণ বিবাহৰ পক্ষে নিজৰ সহজ আচৰণৰে কাৰোবাৰ জীৱনত ৰং সানিব পাৰিলে; লাচনী পাচনী কৰা সহায়িকা ৰহিমা বাইৰ কাহিনী, মুম্বাইৰ অফিচত লগ পোৱা কামাথ নামৰ মানুহজনৰ গহীন স্বভাৱৰ অন্তৰালত থকা সংসাৰৰ ধুমুহা খিনিৰ বিৱৰণ, এটা সৰু মন্দিৰৰ কথা। হৃদয়ৰ ভাষা লেখাটোত মুম্বাইৰ লোকেল ট্ৰেইনত লগ পোৱা সহযাত্ৰীৰ লগত হোৱা মিতিৰালি, ঘৰৰ ডাঙৰ ল’ৰাটোৰ বদান্যতা, জিভাৰ পানী পৰাৰ লেখীয়াকৈ লিখা ডম বিৰিয়ানীৰ বৰ্ণনা, নবজন্মৰ আল্পনা, শীতৰ সেমেকা ৰাতি, কণমানি ল’ৰাটোৱে লেখকৰপৰা পোৱা দেৱালীৰ উপহাৰৰ আনন্দ ইত্যাদি বৰ্ণিত হৈছে।
৩) ল’ৰালিৰ কথা খণ্ডটি —
বনভোজৰ দিনবোৰ, ডবাপিটা বৰষুণৰ পাছত হোৱা অভিজ্ঞতা, পাঁচ পইচাৰ টিকট এটাৰ কথা, সাধু শুনাৰ সুন্দৰ দিনবোৰ, স্কুলৰ সৰস্বতী পূজাৰ আমেজ, ফুল কুমলীয়া বয়সত নজনা কথা জনাৰ হেঁপাহৰ লগতে ‘আব্বা’ৰ হাতৰ আঙুলিৰ পৰশ নোহোৱা হোৱাটো কিমান অসহনীয়, যোৰহাটত চোৱা চিনেমাৰ অভিজ্ঞতা, দেওবৰীয়া দিনটোৰ আমেজ, শৈশৱত খোৱা মিঠাইৰ সোৱাদ আদি মনোগ্ৰাহী ল’ৰালিৰ কাহিনীৰে ভৰা।
৪) ধৰ্মই বহুতকে কোঙা কৰি পেলায়। ধৰ্মৰ বিষয়ে লেখকৰ কিদৰে ভুল ভাঙিছিল, কিদৰে তেওঁ আন বহুতৰ দৰেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ‘সৰ্ব ধৰ্ম, নাম প্ৰসংগ’ ৰ প্ৰতি বিশ্বাসী, কাৰ্বি ভাই ভনীৰ মৰম, এটকা চিকা ৰূপ দি কিদৰে লেখকৰ বন্ধুৰ ককাকৰ ঋণ মোকলাইছিল আদি স্পৰ্শকাতৰ কাহিনীৰে ভৰা এই খণ্ডৰ নাম– ‘ দুনীয়াই ফুলনি বাৰী ‘।
৫) অসমৰ আখলখনলৈ মনত পৰে খণ্ডটিত অসমৰ লোভনীয় প্ৰাতঃ জলপান, সকলোৰে হেঁপাহৰ চাহকাপ, ভোজভাত, বোকাখাতত খোৱা পুৰি–ভাজি, লটাৰী খেলা ভোজ, ভোগালীৰ দিনত খাই খাই আভোক লগোৱা ভোগ, লগতে অসমৰ আখলৰ কিছু
অপৰম্পৰাগত জুতিৰ বিষয়ে আছে।
৬) লেখকৰ ‘মা‘ৰ আখল‘ খণ্ডত আছে
লেখকৰ মাতৃয়ে ৰন্ধা বাঁহগাজৰ আঞ্জা, কচু শাকৰ আঞ্জাৰ লগতে ঈদৰ আয়োজন, আলহী অহাৰ দিনাৰ পৰা আটকৰ দিনৰ চৰুৰ জুতি ইত্যাদি।
৭) বিভিন্ন খণ্ডৰ শিতানটিত আছে–
কৃষ্ণাই নামৰ ঠাইত বাছ ৰখোৱাত ভাত এসাঁজ খাবলৈ লৈ চিতল মাছৰ কোলঠি দেখি আনন্দত ক‘ব নোৱাৰা হৈ খাই থাকোতেই বাছ যাবলৈ যো–জা কৰাত বেজাৰেৰে সেই মাছ এৰি অহাৰ বৰ্ণনা, সাত সাগৰ তেৰ নদীৰ সিপাৰে – লণ্ডনত থকা তসমিয়াৰ বয়সীয়া চুবুৰীয়া লিলি আৰু জৰ্জৰ প্ৰেম, গৰমৰ বন্ধৰ সময়তে খাবলগীয়া বতৰৰ ফলমূলবোৰৰ বতৰা, নাৰীৰ অন্তৰৰ মহিমা আনে বুজিব নোৱাৰে যেতিয়া ‘আমিনো কি বুজিম’ বোলা লেখা, বিভিন্ন ফলমূল খাই ‘ফলৰ দাগ লগা চোলাটোৰ‘ কথা, ৰমজানৰ সময়ত ৰোজা ভাঙি ইফটাৰলৈ অধীৰ অপেক্ষাত থাকি ‘মগৰীবৰ আজান’ লৈ ৰৈ থকা কাহিনী।
৮) এই খণ্ডত লিখা ‘চিৰদিন অসমীয়া‘ শীৰ্ষক প্ৰবন্ধটোৰ লগতে বুৰঞ্জীৰ পম খেদি এই লেখকে এক আপুৰুগীয়া অসমৰ চানেকি পঢ়ুৱৈৰ মাজত সুন্দৰকৈ বিলাই দিবলৈ সমৰ্থ হৈছে।
‘কথাবোৰ মনত পৰে’ — অতীতৰ চমকপ্ৰদ ঘটনা আৰু সৰু–বৰ সোঁৱৰণীৰে, সকলো বয়সৰ পাঠকৰ বাবে এক মনোৰম গ্ৰন্থ।