স্মাৰ্ট ব্যৱসায়ী
লেখক- নিখিল কুমাৰ ভট্টাচাৰ্য্য
হাতী/নিগনি:
আমি হিনকাম টেক্স ডিপাৰ্টমেণ্টৰ পৰা আহিছোঁ। এতিয়া আমি আপোনাৰ ব্যৱসায় প্ৰতিষ্ঠানত তালাচী চলাম।
ব্যৱসায়ী: হ’ব ছাৰ। আহক।
** তালাচিৰ অন্তত **
নিগনি:
আমি তালাচি চলায়ো বিশেষ একো নেপালোঁ। অসুবিধা দিয়াৰ বাবে বেয়া নেপাব।
ব্যৱসায়ী:
নেপাও দিয়ক। আপোনালোকে আপোনালোকৰ দায়িত্বহে পালন কৰিছে।
হাতী:
ঠিকেই কৈছে। কিন্তু এটা কথা নুবুজিলোঁ যে?
ব্যৱসায়ী:
কি কথা নুবুজিলে কওকচোন?
হাতী:
( বহী এটা দেখুৱাই)
এই যে ইয়াৰ এটা পাতত লিখা আছে “কুকুৰে এক লাখ টকা খালে “, তাৰ মানে কি?
ব্যৱসায়ী:
বেয়া নেপাব সেইটোৰ অৰ্থ ক’ব নোৱাৰিম।
নিগনি:
কিয় নোৱাৰিব? ক’বই লাগিব নহ’লে ফাইন ভৰিব লাগিব।
ব্যৱসায়ী:
হ’ব দিয়ক সেয়াই হ’ব। মানে লাগিলে ফাইনেই দিম তথাপি ক’ব নোৱাৰিম।
হাতী:
হ’ব দিয়ক। তেনেহ’লে টকা ডেৰ লাখ আনক।
ব্যৱসায়ী:
( মেনেজাৰলৈ চাই) মিঃ কলিতা এখেত সকলক টকা ডেৰ লাখ এনভেলপ এটাত ভৰাই দিয়কচোন।
মেনেজাৰ:
হ’ব ছাৰ। পিছে লেজাৰ বুকত কি বুলি এণ্ট্ৰি কৰিম ছাৰ?
ব্যৱসায়ী:
কিয়? আগৰ দৰে এই ডেৰ লাখো কুকুৰে খালে বুলিয়ে লিখি থ‘ব আক‘।