সুভা
অনুবাদঃ কলচুম বিবি
গল্পঃ সুভা
গল্পকাৰঃ ৰবীন্দ্ৰনাথ ঠাকুৰ
ছোৱালীজনীৰ নাম যেতিয়া সুভাষিণী ৰখা হৈছিল তেতিয়া তাই বোবা হ’ব বুলি কোনে জানিছিল! তাইৰ বায়েক দুজনীক সুকেশিনী আৰু সুহাসিনী নাম দিয়া হৈছিল। সেয়ে, সিহঁতৰ লগত মিলাকৈ তাইৰ দেউতাকে সৰু ছোৱালীজনীৰ নাম ৰাখিলে সুভাষিণী। এতিয়া সকলোৱে তাইক সংক্ষেপতে সুভা বোলে।
বহুতো বিচাৰ–খোচাৰ কৰি আৰু অৰ্থব্যয় কৰি ডাঙৰ ছোৱালী দুজনীৰ বিবাহ হৈ গৈছে। এতিয়া, সৰুজনীয়ে নীৰৱে পিতৃ–মাতৃৰ হৃদয়ত এক বোজাৰ দৰেই বিৰাজ কৰি আছে।
যিজনে কথা ক’ব নোৱাৰে সেইজনে যে অনুভৱ কৰিব পাৰে, এই কথা সকলোৱে মন নকৰে। সেইবাবে তাইৰ সম্মুখতে সকলোৱে তাইৰ ভৱিষ্যত সম্পৰ্কে দুঃশ্চিন্তা প্ৰকাশ কৰে। তাই যে বিধাতাৰ অভিশাপ স্বৰূপে তাইৰ পিতৃগৃহত জন্ম লৈছে, এই কথা তাই শৈশৱৰ পৰাই বুজি পাইছিল। তাৰ ফলত এনে হৈছিল, সকলোৰে দৃষ্টিৰ পৰা তাই নিজকে গোপন কৰি ৰাখিবলৈ সদায় চেষ্টা কৰিছিল। ভাবিছিল, মোক সকলোৱে পাহৰিলেই ৰক্ষা! কিন্তু, পৰিতাপৰ বিষয় এয়ে যে কোনোবাই জানো কেতিয়াবা পাহৰে? তাইৰ পিতৃ–মাতৃৰ মনতো সেয়া সদায়েই জাগ্ৰত হৈ আছিল।
বিশেষকৈ, তাইৰ মাকে তাইক নিজৰ এটি ভুল বুলি ভাবে কাৰণ মাকে পুত্ৰৰ তুলনাত কন্যাকহে নিজৰ অংশ বুলি ভাবে। ছোৱালীজনীৰ কোনো অসম্পূৰ্ণতা দেখিলে সেইটো নিজৰে লাজৰ এক কাৰণ বুলি তেওঁ মনে মনে ভাবে। ছোৱালীজনীৰ পিতৃ বাণীকণ্ঠই সুভাক তেওঁৰ আন ছোৱালী দুজনীৰ তুলনাত যেন অলপ বেছি ভাল পায় কিন্তু মাকে তাইক নিজৰ গৰ্ভৰ কলঙ্ক জ্ঞান কৰি তাইক লৈ বৰ অসন্তুষ্ট আছিল।
সুভাৰ কথা নাছিল। তাইৰ সুদীৰ্ঘ পতাযুক্ত দুটি ডাঙৰ ডাঙৰ ক’লা চকু আছিল আৰু তাইৰ ওঁঠ আৰু অধৰ ভাবৰ আভাস পোৱাৰ লগে লগে কুঁহিপাতৰ দৰে কঁপি উঠিছিল।
কথাৰে যে আমি ভাব প্ৰকাশ কৰোঁ, সেইটো আমি বহুখিনি চেষ্টাৰ বলতহে আয়ত্ব কৰি ল’বলগীয়া হয়, কিবাকিবি তৰ্জমা কৰাৰ দৰেই। সকলো সময়তে ঠিক নহয়। আমাৰ ক্ষমতাৰ অভাৱতে বহু সময়ত ভুলো হয়। কিন্তু ক’লা চকুযুৰিৰ তৰ্জমা কৰাৰ প্ৰয়োজন নহয়। তাইৰ মনে নিজে নিজে তাইৰ ওপৰত ছাঁ পেলায়, নিজে নিজেই তাইৰ ওপৰত কেতিয়াবা ভাব সম্প্ৰসাৰিত হয়; কেতিয়াবা সংকুচিত হয়; কেতিয়াবা উজ্জ্বলি উঠে; কেতিয়াবা ম্লান পৰি যায়, কেতিয়াবা অস্তমান চন্দ্ৰৰ দৰে পলক নেপেলোৱাকৈ চাই থাকে, কেতিয়াবা দ্ৰুত চঞ্চল বিদ্যুতৰ দৰে দিগবিদিক বিচ্ছুৰিত হৈ উঠে। মুখৰ ভাব প্ৰকাশ কৰিবলৈ আজন্ম যাৰ অন্য ভাষা নাই তাৰ চকুৰ ভাষা অসীম উদাৰ আৰু অতলস্পৰ্শ গভীৰ–বহুখিনি স্বচ্ছ আকাশৰ দৰে, উদয়াস্ত আৰু আন্ধাৰ আৰু পোহৰৰ নিস্তব্ধ ৰঙ্গভূমি। এই বাকহীন মনুষ্যৰ মাজত বৃহৎ প্ৰকৃতিৰ দৰে এটা একাকিত্বৰ মহত্ত্ব আছে। এইবাবে সাধাৰণ ল’ৰা–ছোৱালীয়ে তেওঁলোকক ভয় কৰে, তেওঁলোকৰ লগত নেখেলে। সিহঁত নিৰ্জন দুপৰীয়াৰ দৰে শব্দহীন আৰু সংগীহীন।
(২)
গাঁওখনৰ নাম চণ্ডীপুৰ। নদীখন বাংলাদেশৰ এখন সৰু নদী, গৃহস্থৰ ঘৰৰ ছোৱালীজনীৰ দৰে; বহুদূৰলৈ তাৰ প্ৰসাৰ নাই; নিৰালস্য তন্বী নদীখন নিজৰ কুল ৰক্ষা কৰি কাম কৰি যায়; দুই পাৰৰ গাঁৱৰ সকলোৰে সৈতে তাৰ যেন এটা নহয় এটা সম্পৰ্ক আছে। দুই পাৰত লোকালয় আৰু ঘন গছ–গছনিৰে ভৰা ওখ পাৰ; নিম্নভাগত গাঁৱৰ লক্ষ্মী স্ৰোতস্বিনী আত্মবিস্মৃত দ্ৰুত পদক্ষেপেৰে প্ৰফুল্ল হৃদয়েৰে নিজৰ অসংখ্য কল্যাণকাৰ্য সমাপন কৰি বৈ আছে।
বাণীকণ্ঠৰ ঘৰ একেবাৰে ওপৰত। তেওঁৰ বাঁহৰ বেৰ, আঠখনীয়া চালৰ ঘৰ, গোহালিঘৰ, ঢেঁকীশাল, খৰিৰ স্তুপ, তেতেলী তল, আম–কঁঠাল আৰু কলৰ বাগিছাই নাৱৰীয়া মাত্ৰেই দৃষ্টি আকৰ্ষণ কৰে। এই গাৰ্হস্থ্য স্বচ্ছলতাৰ ভিতৰত বোবা ছোৱালীজনী কাৰোবাৰ নজৰত পৰে নে নপৰে নাজানো, কিন্তু কাম–বনৰ মাজতে যিখিনি আজৰি সময় পায়, নদীৰ পাৰলৈ আহি তাই বহি থাকে।
প্ৰকৃতিয়ে যেন তাইৰ ভাষাৰ অভাৱ পূৰণ কৰি দিয়ে, যেন তাইৰ হৈ কথা কয়। নদীৰ কলকলনি, মানুহৰ কোলাহল, নাৱৰীয়াৰ গীত, চৰাইৰ মাত, পাতৰ মৰ্ মৰ শব্দ, সকলোবোৰৰ মিশ্ৰণ ঘটি চাৰিওফালৰ গমন–আগমনৰ আন্দোলন কম্পনৰ সৈতে এক হৈ সমুদ্ৰৰ তৰংগৰাশিৰ সমানে ছোৱালীজনীৰ চিৰনিস্তব্ধ হৃদয়–উপকূলৰ কাষলৈ আহি ভাঙি পৰে। প্ৰকৃতিৰ এই বিবিধ শব্দ আৰু বিচিত্ৰ গতি, এয়াও বোবাৰ ভাষা–ডাঙৰ ডাঙৰ পতাবিশিষ্ট চকুৰ গৰাকী সুভাৰ যি ভাষা তাৰেই এক বিশ্বব্যাপী বিস্তাৰ; ঝিলিৰ কলৰৱ পূৰ্ণ তৃণভূমি হৈ শব্দাতীত নক্ষত্ৰলোক পৰ্যন্ত কেৱল ইংগিত; ভংগী, সংগীত, ক্ৰন্দন, আৰু নিশ্বাস।
আৰু দুপৰীয়া যেতিয়া নাৱৰীয়া মাছমৰীয়াসকল খাবলৈ যায়, গৃহস্থসকল বিছনাত বাগৰ দিয়ে, চৰায়ে নামাতে, খোলা নৌকা বন্ধ থাকে, সজ্জনে জগতৰ সকলো কাম–কাজৰ মাজত অলপমান জিৰণি লয়, ভয়ানক নিৰ্জনতাই সকলো গ্ৰাস কৰে, তেতিয়া ৰৌদ্ৰ মহাকাশৰ তলত কেৱল এটি বোবা প্ৰকৃতি আৰু এটি বোবা ছোৱালী মুখামুখিকৈ বহি থাকে–এজন সুবিস্তীৰ্ণ ৰ’দত আৰু এজন গছৰ ক্ষুদ্ৰ ছাঁত।
সুভাৰ যে কেইজনমান অন্তৰঙ্গ বন্ধুৰ দল নাছিল তেনে নহয়। গোহালিৰ দুটি গাই গৰু, সিহঁতৰ নাম সৰ্বশী আৰু পাঙ্গুলি। সেই নাম ছোৱালীজনীৰ মুখত সিহঁতে কেতিয়াও শুনা নাই, কিন্তু তাইৰ ভৰিৰ শব্দ সিহঁতে চিনি পায়–সিহঁতৰ কথাহীন এটা কৰুণ সুৰ আছিল, তাইৰ মৰ্ম সিহঁতে ভাষাৰ তুলনাত সহজে বুজে। সুভাই কেতিয়াবা সিহঁতৰ আদৰ কৰিছে, কেতিয়াবা ভৰ্ৎসনা কৰিছে, কেতিয়াবা মিনতি কৰিছে, তাইক সিহঁতে মানুহৰ তুলনাত ভালদৰে বুজি পায়।
সুভাই গোহালিঘৰত সোমাই দুবাহুৰে সৰ্বশীৰ গলত ধৰি তাইৰ কাণৰ কাষত নিজৰ গালখন ঘঁহে আৰু পাঙ্গুলিয়ে স্নিগ্ধদৃষ্টিৰে তাইক নিৰীক্ষণ কৰি তাইৰ গাটো চেলেকে। ছোৱালীজনীয়ে দিনৰ ভাগত নিয়মিত তিনিবাৰকৈ গোহালিঘৰলৈ যায়। তাৰ বাহিৰে অনিয়মিত আগমনো হয়; ঘৰত যদি কোনো টান কথা শুনে, সেইদিনাখন তাই অসময়তো তাইৰ এই মূক বন্ধু দুজনৰ কাষলৈ আহে–তাইৰ সহিষ্ণুতা পৰিপূৰ্ণ বিষাদশান্ত দৃষ্টি দেখি সিহঁতে কি জানো এটা অন্ধ অনুমান শক্তিৰ দ্বাৰা ছোৱালীজনীৰ মৰ্মবেদনা বুজি উঠে আৰু সুভাৰ গাত গা ঘঁহাই তাইৰ বাহুত লাহেকৈ শিং ঘঁহি ঘঁহি তাইক এক নিৰ্বাক ব্যাকুলতাৰে সান্ত্বনা দিবলৈ চেষ্টা কৰে।
ইয়াৰ বাহিৰেও ছাগলী আৰু মেকুৰী পোৱালিও আছিল; কিন্তু সিহঁতৰ সৈতে সুভাৰ এনে ধৰণৰ মিত্ৰতা নাছিল। তথাপি, সিহঁতে যথেষ্ট আনুগত্য প্ৰকাশ কৰে। মেকুৰী পোৱালিটো দিনত আৰু ৰাতি যেতিয়াই তেতিয়াই সুভাৰ গৰম কোলাখন নিঃসংকোচে অধিকাৰ কৰি সুখনিদ্ৰাৰ আয়োজন কৰে আৰু সুভাই তাৰ ডিঙি আৰু পিঠিত কোমল আঙুলি বুলাই দিলেহে তাৰ নিদ্ৰাকৰ্ষণত বিশেষ সহায় হয়, ইংগিতেৰে এইধৰণৰ অভিপ্ৰায় এটি সি প্ৰকাশ কৰে।
(৩)
উন্নত শ্ৰেণীৰ জীৱৰ ভিতৰত সুভাৰ আৰু এটি সঙ্গী আছিল। কিন্তু তাৰ সৈতে ছোৱালীজনীৰ ঠিক কেনে ধৰণৰ সম্পৰ্ক আছিল, সেয়া নিৰ্ণয় কৰা কঠিন কাৰণ সি ভাষা থকা জীৱ। সেই কাৰণে উভয়ৰ মাজত সমভাষা নাছিল।
গোসাঁইদেওৰ সৰু ল’ৰাটো–তাৰ নাম প্ৰতাপ। মানুহজন অকৰ্মণ্য স্বভাৱৰ। সি যে কাম–কাজ কৰি ঘৰৰ উন্নতি কৰিবলৈ যত্ন কৰিব, বহু চেষ্টাৰ মূৰতো মাক–বাপেকে সেই আশা ত্যাগ কৰিছিল। অকৰ্মণ্য মানুহৰ পিছে এটা সুবিধা এয়ে যে আত্মীয় লোকসকল সিহঁতৰ ওপৰত বিৰক্ত হয় যদিও সিহঁত প্ৰায়ে নিঃসম্পৰ্ক লোকৰ প্ৰিয়পাত্ৰও হয় কাৰণ কোনো কাৰ্যত আৱদ্ধ নথকা বাবে সিহঁত ৰাজহুৱা সম্পত্তি হৈ পৰে। চহৰত যেনেকৈ এখন বা দুখন গৃহসম্পৰ্কহীন চৰকাৰী বাগিছা থকা আৱশ্যক তেনেকৈ গাঁৱত দুই–চাৰিটা অকৰ্মণ্য চৰকাৰী মানুহ থকাৰ বিশেষ প্ৰয়োজন। কাম–বন, আজৰি সময়ত, আমোদত–প্ৰমোদত য’তে এজন মানুহৰ অভাৱ হয়, তাতে সিহঁতক হাতৰ কাষতে পোৱা যায়।
প্ৰতাপৰ প্ৰধান চখ আছিল বৰশী পেলাই মাছ ধৰা। এনেকৈ বহুখিনি সময় সহজে পাৰ হৈ যায়। অপৰাহ্ণ সময়ত নদীতীৰত তাক প্ৰায়ে এই কামত নিযুক্ত হোৱা দেখা যায় আৰু এই উপলক্ষে সুভাৰ সৈতে তাৰ প্ৰায়ে দেখা–সাক্ষাৎ হয়। যিকোনো কামতেই নিযুক্ত নাথাকক কিয়, এজন সংগী পালে ভাল লাগে। মাছ ধৰা সময়ত নীৰৱ সংগী সকলোতকৈ শ্ৰেষ্ঠ। এইবাবেই প্ৰতাপে সুভাৰ মৰ্যাদা বুজে। এইবাবেই সকলোৱেই সুভাক সুভা বোলে যদিও প্ৰতাপে আৰু অলপ অতিৰিক্ত আদৰ যোগ কৰি সুভাক ‘সু’ বুলি মাতে।
সুভা তেঁতেলীতলত বহি থাকে আৰু প্ৰতাপে নাতিদূৰত বৰশী পেলাই পানীৰ ফালে চাই থাকে। প্ৰতাপৰ এখনকৈ পাণ নিৰ্ধাৰিত আছিল আৰু সুভাই সেয়া নিজেই সজাই দিয়ে। আৰু হয়তো বহু সময় বহি বহি চাই চাই প্ৰতাপক কিবা এটা বিশেষ সহায় কৰিবলৈ আগ্ৰহ কৰে, কিবা এটা কামত লাগি, কোনোমতে জনাই দিব বিচাৰে যে এই পৃথিৱীত তায়ো এজন কম প্ৰয়োজনীয় লোক নহয়। কিন্তু একো কৰিবলৈ নাছিল। তেতিয়াই যে ঈশ্বৰৰ ওচৰত নীৰৱে অলৌকিক কিবা এটা ঘটিবলৈ তাই প্ৰাৰ্থনা কৰে– মন্ত্ৰবলত হঠাৎ এনে এটা আচৰিত কাণ্ড ঘটাই দিবলৈ তাই ইচ্ছা কৰে যিটো দেখি প্ৰতাপ আচৰিত হৈ যাব আৰু ক’ব, ‘তাকেইতো, আমাৰ সুভাৰ যে ইমান ক্ষমতা, সেইটো জনাই নাছিলোঁ।’
ভাবাচোন সুভা যদি জলকুৱঁৰী হৈ যায়, লাহে লাহে পানীৰ পৰা উঠি এটা সাপৰ মণি ঘাটত থৈ গ’লহেঁতেন; প্ৰতাপে মাছ ধৰাৰ দৰে এই সৰু কামটো এৰি সেই মাণিক লৈ পানীত ডুব মাৰিলেহেঁতেন আৰু পাতালত গৈ দেখিলেহেঁতেন ৰূপৰ অট্টালিকাত সোণৰ পালেঙত–কোন বহি আছে? আমাৰ বাণীকণ্ঠৰ ঘৰৰ সেই বোবা ছোৱালী সু–আমাৰ সু সেই মণিদীপ্ত গভীৰ নিস্তব্ধ পাতালপুৰীৰ একমাত্ৰ ৰাজকন্যা। সেয়া কি হ’ব নোৱাৰে? সেয়া কি ইমানেই অসম্ভৱ? আচলতে, একোৱেই অসম্ভৱ নহয়, যদিও সু প্ৰজাশূন্য পাতালৰ ৰাজবংশত জন্ম নলৈ বাণীকণ্ঠৰ ঘৰত আহি জন্মিছে আৰু গোসাঁইদেওৰ ল’ৰা প্ৰতাপক একোতেই আশ্চৰ্য্যত পেলাব পৰা নাই।
(৪)
সুভাৰ বয়স ক্ৰমে বাঢ়ি আহিছে। তাই যেন নিজকে নিজে অনুভৱ কৰিবলৈ ধৰিছে। যেন কোনো এটা পূৰ্ণিমাত কোনো এখন সাগৰৰ পৰা জোৱাৰৰ স্ৰোত আহি তাইৰ অন্তৰাত্মাক এক নতুন অনিৰ্বচনীয় চেতনা শক্তিৰে পৰিপূৰ্ণ কৰি তুলিছে। তাই নিজকে নিজে চাইছে, ভাবিছে, প্ৰশ্ন কৰিছে, কিন্তু বুজিব পৰা নাই।
গভীৰ পূৰ্ণিমা ৰাতি তাই এদিন দুদিন লাহেকৈ শয়নকক্ষৰ দুৱাৰ খুলি ভয়ে ভয়ে মুখ উলিয়াই বাহিৰলৈ চাই দেখে, পূৰ্ণিমা বিধৌত প্ৰকৃতিও সুভাৰ দৰে অকলশৰীয়া সুপ্ত জগতৰ ওপৰত বহি সাৰে আছে–যৌৱনৰ ৰহস্যত পুলকিত বিষাদত অসীম নিৰ্জনতাৰ একেবাৰে শেষ সীমা পৰ্যন্ত, আনকি, সেয়া অতিক্ৰম কৰিও নিথৰ হৈ ৰৈছে, এটি কথাও ক’ব পৰা নাই। এই নিস্তব্ধ ব্যাকুল প্ৰকৃতিৰ প্ৰান্তত এজনী নিস্তব্ধ ব্যাকুল ছোৱালী ৰৈ আছে।
ইফালে কন্যা বিবাহযোগ্য হোৱাত পিতৃ–মাতৃ চিন্তিত হৈ পৰিছে। মানুহেও নিন্দা কৰিবলৈ আৰম্ভ কৰিছে। আনকি তাইক ঘৰতে ৰাখিব বুলি জনৰবো শুনা যায়। বাণীকণ্ঠৰ সচ্ছল অৱস্থা, দুবেলা মাছ ভাত খায়, এইবাবে তেওঁৰ শত্ৰুও আছিল।
পতি–পত্নীৰ মাজত ভালদৰে আলোচনা হ’ল। কিছুদিনৰ পিছত বাণী বিদেশলৈ গ’ল।
অৱশেষত ঘূৰি আহি ক’লে, “ব’লা, কলিকতালৈ ব’লা!”
বিদেশযাত্ৰাৰ যো–জা চলিল। কুঁৱলীৰে ঢকা ৰাতিপুৱাৰ দৰে সুভাৰ সমস্ত হৃদয় অশ্ৰুসিক্ত হৈ পৰিল। এটা অনিৰ্দিষ্ট আশঙ্কাত তাই কিছুদিনৰ পৰা ক্ৰমান্বয়ে নিৰ্বাক জন্তুৰ দৰে তাইৰ মাক–বাপেকৰ লগে লগে ঘূৰিলে–ডাঙৰ চকুযুৰি মেলি তেওঁলোকৰ মুখৰ ফালে চাই কিবা এটা বুজিবলৈ চেষ্টা কৰে, কিন্তু তেওঁলোকে একো বুজাই নকয়।
ইতিমধ্যে এদিন অপৰাহ্ণ সময়ত পানীত বৰশী পেলাই প্ৰতাপে হাঁহি ক’লে, “ঐ সু, তোৰ বোলে দৰা পোৱা গৈছে, তই বোলে বিয়া হ’বলৈ যাবি? চা আমাক নাপাহৰিবি দেই?”
কৈয়েই সি মাছৰ ফালে মনোযোগ দিলে।
শৰবিদ্ধ হৰিণীয়ে ব্যাধৰ ফালে চাই যেনেকৈ নীৰৱে কৈ থাকে ‘মই কি ভুল কৰিছিলোঁ’, সুভায়ো তেনেকৈ প্ৰতাপৰ ফালে চালে; সেইদিনা গছৰ তলত তাই আৰু নবহিল। বাণীকণ্ঠ নিদ্ৰাৰ পৰা উঠি শয়নকক্ষত ধোঁৱা খাই আছিল, সুভাই তেওঁৰ ভৰিৰ কাষত বহি তেওঁৰ মুখৰ ফালে চাই কান্দিবলৈ ধৰিলে। অৱশেষত তাইক সান্ত্বনা দিবলৈ গৈ বাণীকণ্ঠৰ শুষ্ক দুগালত অশ্ৰু বাগৰি পৰিল।
কাইলৈ কলিকতালৈ যোৱাৰ দিন ঠিক হৈছে। সুভা গোহালিঘৰত তাইৰ বাল্যবন্ধুসকলৰ ওচৰলৈ বিদায় লবলৈ গ’ল, সিহঁতক নিজৰ হাতেৰে খুৱাই গলত ধৰি এবাৰ দুচকুত যিমান পাৰি কথা ভৰাই সিহঁতৰ ফালে চালে– দুয়ো চকুৰ পতাৰ পৰা টপটপকৈ চকুপানী পৰিবলৈ ধৰিলে।
সেইদিনাখন শুক্লাদশমীৰ ৰাতি। সুভা শয়নকক্ষৰ পৰা ওলাই তাইৰ সেই চিৰপৰিচিত নদীপাৰলৈ গৈ কেঁচা ঘাঁহৰ ওপৰত বাগৰি পৰিল–যেন ধৰণীক, এই প্ৰকাণ্ড মূক মানৱমাতৃক দুই বাহুত ধৰি ক’বলৈ বিচাৰিলে, ‘তুমি মোক যাবলৈ নিদিবা মা! মোৰ দৰে তোমাৰ দুয়ো বাহু মেলি তুমি মোক ধৰি ৰাখা!’
কলিকতাৰ এটি ঘৰত সুভাৰ মাকে এদিন সুভাক বৰকৈ সজাই–পৰাই দিলে। চুলিখিনি ফণিয়াই ভালদৰে বান্ধি, খোপাত ফিটা আৰু আ–অলংকাৰ পিন্ধাই তাইৰ স্বাভাৱিক শ্ৰী বিলুপ্ত কৰি দিলে। সুভাৰ দুচকুৰে চকুপানী ব’বলৈ ধৰিলে; পিছত চকু ফুলি দেখিবলৈ বেয়া হ’ব বাবেই তাইৰ মাকে তাইক বৰকৈ ককৰ্থনা কৰিবলৈ ধৰিলে, কিন্তু চকুপানীয়ে সেই ককৰ্থনা নুশুনিলে।
বন্ধুবৰ্গৰ সৈতে দৰাই নিজে কইনা চাবলৈ আহিল–কইনাৰ মাক–দেউতাক চিন্তিত, শংকিত, অতি ব্যস্ত হৈ পৰিল; যেন দেৱতাই স্বয়ং নিজৰ বলিৰ পশু চয়ন কৰিবলৈ আহিছে। মাকে নেপথ্যৰ পৰা বৰকৈ তৰ্জন গৰ্জন কৰি শাসন কৰি ছোৱালীজনীৰ চকুপানীৰ সোঁত দুগুণ বঢ়াই পৰীক্ষকৰ সম্মুখলৈ পঠিয়ালে। পৰীক্ষকে বহু সময় নিৰীক্ষণ কৰি ক’লে, “বেয়া নহয়।”
বিশেষকৈ ছোৱালীৰ কান্দোন দেখি বুজিলে তাইৰ হৃদয় আছে আৰু হিচাপ কৰি সি দেখিলে, যি হৃদয় আজি মাক–বাপেকৰ সৈতে বিচ্ছেদৰ আশংকাত ব্যথিত হৈ উঠিছে সেই হৃদয় আজি বাদে কাইলৈ তাৰ বাবেই লগাব পাৰিব। শামুকৰ মুকুতাৰ দৰে ছোৱালীজনীৰ চকুপানীয়ে কেৱল তাইৰ মূল্য বঢ়াইহে তুলিলে, তাইৰ সৈতে সি আৰু কোনো কথা নাপাতিলে।
পঞ্জিকা মিলাই এটি শুভলগনত সিঁহতৰ বিয়াখন হৈ গ’ল।
বোবা ছোৱালীজনীক পৰৰ হাতত সমৰ্পণ কৰি মাক–দেউতাক গাঁৱলৈ গুচি গ’ল–তেওঁলোকৰ জাত–কুল আৰু পৰকাল ৰক্ষা হ’ল।
দৰাই পশ্চিমে কাম কৰে। বিয়াৰ কিছুদিন পিছতেই পত্নীক লৈ পশ্চিমলৈ গুচি গ’ল।
কেইসপ্তাহমানৰ ভিতৰতে সকলোৱেই বুজিলে ন–বোৱাৰী বোবা। তাইৰ যে ভুল নাছিল সেইটো কোনেও নুবুজিলে। তাই কাকো প্ৰতাৰণা কৰা নাছিল। তাইৰ চকুযুৰিয়ে সকলো কথাই কৈছিল, কিন্তু কোনেও তাইক বুজিব পৰা নাছিল। তাই চাৰিওফালে চাই মাত নাপায়–যিসকলে বোবাৰ ভাষা বুজিছিল আজন্মপৰিচিত মুখবোৰ তাই দেখিবলৈ নাপায়–ছোৱালীজনীৰ চিৰনীৰৱ হৃদয়ত এটা অসীম অব্যক্ত ক্ৰন্দন উঠিবলৈ ধৰিলে–অন্তৰ্যামীৰ বাহিৰে আৰু কোনেও সেয়া শুনিবলৈ নাপালে।
এইবাৰ তাইৰ স্বামীয়ে চকু আৰু কৰ্ণেন্দ্ৰিয়ৰ দ্বাৰা পৰীক্ষা কৰি এজনী ভাষী কইনা বিয়া কৰাই আনিলে।।