অতুলানন্দ গোস্বামীৰ বিয়োগত যৎকিঞ্চিৎ
লেখক- বিদ্যুৎ কুমাৰ ভূঞা
অতুলানন্দ গোস্বামী’ৰ বিষয়ে কিবা ক’ব লাগিলে বা লিখিব লাগিলে মই প্ৰথম শাৰীতে যুদ্ধোত্তৰ কালৰ এগৰাকী অসমীয়া গল্পকাৰ বুলিয়েই ক’ব বা লিখিব লাগিব আৰু গল্পকাৰ বুলিলে মোৰ মনলৈ প্ৰথমে অহা গল্পটোৱেই হৈছে– ‘হামদৈপুলৰ জোন’। এই গল্পটোৱেই তেওঁৰ গল্পকাৰ হিচাপে একেলগে প্ৰথম পৰিচয় আৰু নিশ্চয় পৰম পৰিচয়ো যেন বোধ হয়। অসমীয়া সাহিত্যত যুদ্ধোত্তৰ কালৰ গল্পকাৰ বুলিলে বহুকেইটা নাম মনলৈ আহে যদিও অতুলানন্দ গোস্বামীৰ গল্প যেন তেওঁৰ সমসাময়িক আন গল্পকাৰসকলতকৈ কিছু পৃথক আছিল। সেই দিশবোৰ নিজে জানিবলৈ বা আনক জনাবলৈ তেওঁৰ গল্পবোৰ পঢ়াটো অৱশ্যেই অপৰিহাৰ্য।
মোৰ সাধাৰণ দৃষ্টিত অতুলানন্দ গোস্বামীৰ বেছিভাগ বা প্ৰায় গোটেইবোৰ গল্পতে শেষলৈকে এটা কৌতূহল থাকে। আনকি গল্পকাৰজনৰ গল্পৰ বাহিৰেও আন দুই–এটি প্ৰবন্ধ–নিৱন্ধতো মই সেই কৌতূহলটো দেখিবলৈ পাওঁ। ভাব হয়, এনেধৰণৰ লেখা একোটাতো তেওঁৰ ভাবনা–চিন্তাৰ প্ৰকাশত ভিতৰৰ গল্পকাৰজনৰ তেওঁৰ জ্ঞাতে বা অজ্ঞাতেই প্ৰৱেশ বা অনুপ্ৰৱেশ ঘটে। এনে এটা গল্প গল্প লগা ধুনীয়া লেখা– ‘যশস্যাৰ দাম’, যিটো লেখা প্ৰকাশ পাইছিল চলচ্চিত্ৰকাৰ বন্ধু ব্ৰজেন বৰুৱাৰ মৃত্যুৰ পিছত হীৰেন ভট্টাচাৰ্যৰ দ্বাৰা সংকলিত ‘ব্ৰজেন বৰুৱা সোঁৱৰণী সংকলন’ হিচাপে প্ৰকাশিত ‘আমাৰ মাজৰ ব্ৰজেন বৰুৱা’ নামৰ কিতাপখনত।
কলেজীয়া কালত স্নাতক মহলাতে খুব সম্ভৱ অতুলানন্দ গোস্বামীৰ গল্প প্ৰথমবাৰৰ বাবে পঢ়িবলৈ পাইছিলোঁ। গল্পটোৰ নামটোহে এই মুহূৰ্তত মনত নপৰা হ’ল, যিটো সংকলনতে হয়তো লক্ষ্মীনন্দন বৰাৰ ‘সখা দামোদৰ’ গল্পটোও আছিল।
১৯৮৮ চনত মই কনকসেন ডেকাৰ তিনিদিনীয়া ‘অগ্ৰদূত’ কাকতৰ সহকাৰী সম্পাদক হিচাপে যোগ দিয়াৰ পৰাই সম্পাদকৰ দিহা–পৰামৰ্শ লৈ কেইটামান নতুন শিতান আৰম্ভ কৰিছিলোঁ আৰু অনিয়মীয়া কেইটামান শিতান নিৰ্দিষ্ট দিনত নিয়মীয়াকৈ প্ৰকাশ কৰিবলৈ লৈছিলোঁ। কাকতখনৰ কেন্দ্ৰীয় পৃষ্ঠা দুটা এটা পৃষ্ঠা কৰি সাহিত্য শিতান হিচাপে ব্যৱহাৰ কৰিছিলোঁ। এই পৃষ্ঠাটোতে আৰম্ভ হৈছিল এটি নতুন শিতান– ‘মই কিয় লিখোঁ’ আৰু পৰৱৰ্তী সময়ত নামটো ‘মই কেনেকৈ লিখোঁ’ কৰিছিলোঁ। এই শিতানটোত প্ৰথমে লেখা বিচাৰি মোৰ বাবে গুৱাহাটীৰ বিশিষ্ট লেখক, সাহিত্যিক, সাংবাদিকৰ ঘৰলৈ যোৱাৰ সুযোগ ওলাইছিল।
একেটা উদ্দেশ্যতে এদিন গুৱাহাটীৰ তেতিয়াৰ জু–নাৰেংগী ৰোডৰ চাৰিআলিটোৰ সোঁফালে থকা অতুলানন্দ গোস্বামীৰ ঘৰ ওলাইছিলোঁগৈ। মোৰ এতিয়াও মনত আছে, ড্ৰয়িংৰুমত থকা ডিম্বাকৃতিৰ আইনাৰ টেবুলখনৰ খুটা আছিল মাত্ৰ দুটা। দুয়োটা খুটা এটা পোৱালি হাতীৰ ঠেং একোটা কাটি তৈয়াৰ কৰাৰ দৰে। তলফালে বোধকৰোঁ হাতীৰ ঠেঙৰ নখ কেইটাও আছিল। অৱশ্যে খুটা দুটা কাঠৰে আছিল, সঁচা হাতীৰ ঠেং নহয়।
সেইদিনাই তেওঁ মোক কৈছিল, তেওঁৰ সাহিত্য–জীৱনৰ ভালেমান কথা। যোৰহাটৰ ককিলা আধাৰ সত্ৰত জন্ম (১৯৩৫) অতুলানন্দ গোস্বামীৰ। জে বি কলেজৰ পৰা বিজ্ঞানৰ স্নাতক। সাময়িকভাৱে যোৰহাট স্কুলত শিক্ষকতা। তাৰপিছত তেওঁ অসম চৰকাৰৰ কৰ বিভাগত পৰিদৰ্শক হৈছিলগৈ। বৈবাহিক জীৱন আৰম্ভ কৰাৰ পূৰ্বে কিছুদিন গোলাঘাটতো আছিলগৈ চাকৰিসূত্ৰে। তেওঁ কৈছিল– ‘তেতিয়া নিজৰ সমস্ত কাম–কাজ নিজেই কৰি উঠিও ব্যস্ততাৰ মাজতে যিদৰে লিখিব পাৰিছিলোঁ, আজি যথেষ্ট আহৰি সময় পোৱা সত্ত্বেও সেইছোৱা সময়ত ব্যস্ততাৰ মাজত লিখাৰ আমেজটো আছিল সুকীয়া। ’
শুনিলে আচৰিত হ’ব যে তেওঁৰ বহুপঠিত আৰু বহুচৰ্চিত ‘হামদৈপুলৰ জোন’ গল্পটো লিখি উলিয়াবলৈ তেওঁৰ সময় লাগিছিল সম্পূৰ্ণ ৯ বছৰ। ১৯৬৬ চনত তেওঁৰ জীৱনৰ প্ৰথম গল্প–সংকলটো প্ৰকাশ পায় আৰু নাম দিয়া হয়– ‘হামদৈপুলৰ জোন’। আমোদজনক কথা এইটোৱেই যে এই সংকলনটোত যিকেইটা গল্প আছিল, তাৰ মাজত এই নামৰ কোনো গল্প নাছিল। আচলতে তেতিয়ালৈকে তেওঁৰ এই বিশেষ গল্পটোৰ প্লটটোও মনলৈ অহা নাছিল। তেওঁ কৈছিল– ‘মই গল্পটো লিখাৰ পিছতহে নামটো দিওঁ। কিন্তু জীৱনৰ একমাত্ৰ গল্পটো আছিল ‘হামদৈপুলৰ জোন’, যিটো নাম গল্পটোৰ সৈতে কোনো ধৰণৰ এবিন্দুও সম্পৰ্ক নথকাকৈয়ে জীৱনৰ প্ৰথমটো গল্প সংকলনৰ নাম হিচাপে ব্যৱহাৰ কৰিছিলোঁ। ’
বিভিন্ন কাকত–আলোচনীৰ বাবে পঠোৱা গল্পৰ নাম লৈয়ো অতুলানন্দ গোস্বামী যেন কেতিয়াবা দ্বিধাগ্ৰস্ত হৈ পৰে। এবাৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য সম্পাদিত ‘ৰামধেনু’ত অতুলানন্দ গোস্বামীৰ গল্প এটা পঢ়ি বন্ধু চিত্ৰকৰ বেণু মিশ্ৰই লগ পাই ক’লে– ‘ৰামধেনু’ত তোমাৰ গল্পটো পঢ়িলোঁ। গল্পকাৰৰ তৎকালীন প্ৰশ্ন– ‘নামটো কি? ’ বেণু মিশ্ৰ আচৰিত হ’ল। নিজৰ গল্পৰ নামটোও নিজে নজনাটো সম্ভৱনে! গল্পকাৰৰ স্বীকাৰোক্তি– আচলতে মই গল্পটোৰ সৈতে তিনি–চাৰিটামান নাম দি পঠাওঁ। সম্পাদকে নিজৰ ভাল লগা নাম এটা বাছি উলিয়াই লওক বুলিয়েই! ’
অতুলানন্দ গোস্বামী তিনিজন বিশেষ বন্ধুৰ শেষৰজন আছিল, যিজন বছৰদিয়েক ধৰি বয়স আৰু অসুস্থতাৰ বাবে গৃহবন্দী হৈ থকাৰ দৰেই আছিল। এই তিনি বন্ধু আছিল হীৰেন ভট্টাচাৰ্য, বেণু মিশ্ৰ আৰু অতুলানন্দ গোস্বামী। তিনিওৰে বন্ধুত্বৰ ভালেমান আমোদজনক ঘটনা বহুতে জানে, বহুতে হয়তো নাজানে। আমোদজনক ঘটনাবোৰৰ বাদেও তিনিও মিলি এখন আলোচনী উলিয়াইছিল, নাম দিছিল ‘অধিনায়ক’। সম্পাদক আছিল সাহিত্যিক যোগেশ দাস। যিকেইটা সংখ্যা ওলাল, এটাও সংখ্যাত আলোচনীখনত হীৰুদাৰ কবিতা প্ৰকাশ হোৱা নাছিল। আনহাতে এই আলোচনীখনৰ বাবেই ধাৰাবাহিক হিচাপে ছপাবলৈ হীৰুদাৰ তাগিদাত অতুলানন্দ গোস্বামীয়ে লিখিছিল তেওঁৰ বিখ্যাত উপন্যাস– ‘নামঘৰীয়া’। পৰৱৰ্তী সময়ত আব্দুল মজিদে গুৱাহাটী দূৰদৰ্শনৰ ছিৰিয়েলৰ ৰূপ দিয়া ‘নামঘৰীয়া’ৰ লোকপ্ৰিয়তাৰ কথা কোৱাৰ আৱশ্যক নাই।
হীৰুদাৰ মৃত্যুৰ দিনা তেওঁৰ মৃতদেহ ‘স্নেহতীৰ্থ’ৰ বাৰাণ্ডাত এটা কফিনত। অলপ বেলিৰ পিছতে তেওঁৰ শৱদেহ লৈ যোৱা হ’ব নৱগ্ৰহ শ্মশানলৈ। চোতালৰ ৰভাতলিত আন মানুহৰ মাজতে কোনো কথা–বতৰা নপতাকৈ বহি আছেহি তেওঁৰ দুই অভিন্ন বন্ধু বেণু মিশ্ৰ আৰু অতুলানন্দ গোস্বামী। তেওঁলোকৰ কাষতে ময়ো বহিলোঁগৈ। দুই এষাৰ মাত্ৰ কথা পাতি পুনৰ নীৰৱতা। দুই বন্ধুৰ পাতিবলগা কথাও যেন শেষ হৈ গৈছে। এনেতে একাধিক টেলিভিছন চেনেলৰ তৰুণ ৰিপ’ৰ্টাৰ আহি দুয়োৰে সমুখতে হীৰুদাৰ সান্নিধ্য পোৱা ঘনিষ্ঠ বুলি মোৰ বাইট লৈ আঁতৰি গ’ল। মই কিংকৰ্তব্যবিমূঢ় হৈ পৰিলোঁ, কিয়নো কোনো এজনেও বেণু মিশ্ৰক চিনি নাপায়, অতুলানন্দ গোস্বামীক চিনি নাপায়। কোনোবা এজনে দুয়োকে বয়সস্থ চুবুৰীয়া বুলি ভাবি কিবা ‘প্ৰতিক্ৰিয়া’ বিচাৰিছিল যদিও এজনেও সঁহাৰি নজনালে।
হীৰুদাৰ পিছতে গ’লগৈ বেণু মিশ্ৰ। আৰু এইবাৰ তৃতীয় তথা শেষৰজন বন্ধুও গ’লগৈ। মৃত্যুৰ পৰৱৰ্তী কিবা ঠাই আছে যদি নিশ্চয় ইতিমধ্যেই হীৰুদা আৰু বেণুদাই হাঁহি হাঁহি আদৰণি জনাইছে নিশ্চয় অতুলানন্দ গোস্বামীক। তিনি বন্ধুয়ে সেইখন নেদেখা পৃথিৱীতো নিশ্চয় কিছুমান অদ্ভুত কাম কৰিবলৈ আকৌ আৰম্ভ কৰিব, যিবোৰ আমোদজনক ঘটনা হীৰুদাৰ চৰ্চাৰ মাজতহে সোমাই থাকিল, বেণু মিশ্ৰ বা অতুলানন্দ গোস্বামীৰ ব্যক্তিত্বৰ সৈতে যেন নিমিলেই!