গণিত আৰু বিজ্ঞান শিক্ষা, চৰকাৰৰ সিদ্ধান্ত আৰু ভাষা বিভ্ৰাট

লেখক- অমৃত বৰঠাকুৰ

কেবিনেটত গৃহীত হোৱা এটা সিদ্ধান্তৰ জৰিয়তে অসম চৰকাৰে অসমৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান আৰু গণিত বিষয়ৰ শিক্ষাদান ইংৰাজীভাষাত কৰিবলৈ আগবাঢ়িছে। এই সিদ্ধান্তৰ বিপক্ষে বহুতো দলসংগঠন, ব্যক্তি আৰু প্ৰতিষ্ঠানে বিভিন্ন ধৰণৰ মন্তব্য কৰি পৰিৱেশ উত্তাল কৰি ৰাখিছে। 

কিন্তু বিষয়টোৰ সন্দৰ্ভত দুটা পক্ষৰ মতামত চৰকাৰ বা প্ৰতিবাদকাৰী কোনেও গ্ৰহণ কৰা দেখা নাই। সেই দুটা পক্ষ হৈছে, অসমৰ ছাত্ৰ সমাজ আৰু গণিত/বিজ্ঞানৰ শিক্ষকসকল। মানে, যিসকলে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত এই বিষয় দুটা শিকায়, সেইসকলে বা কথাটো কেনেকৈ লৈছে! ইতিমধ্যে যোৱাটো শিক্ষাবৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ কেইজনমানে এই সিদ্ধান্তক আদৰণি জনাইছে। তেওঁলোকৰ মতে, তেওঁলোকে যেতিয়া উচ্চতৰ মাধ্যমিক পৰ্যায়ত বিজ্ঞান বিষয় লৈ পঢ়িবলৈ গ, তেতিয়া অসমীয়া মাধ্যমৰ পৰা ইংৰাজী মাধ্যমত খাপ খাবলৈ যথেষ্ট অসুবিধা পাইছিল। কিন্তু ইংৰাজী মাধ্যমত পঢ়ি অহা ছাত্ৰছাত্ৰীসকল এনে সমস্যাৰ সন্মুখীন হোৱা নাছিল। 

এই মন্তব্য স্থান প্ৰাপ্ত ছাত্ৰসকলৰ। এইসকল মেধাবী ছাত্ৰ। তেওঁলোকেই অসুবিধা পাইছিল যেতিয়া সাধাৰণভাৱে প্ৰথম বা দ্বিতীয় বিভাগ লাভ কৰা ছাত্ৰসকলৰ অসুবিধাৰ মাত্ৰা কেনেকুৱা হ, সেইটো অনুমান কৰিব পাৰি। কিন্তু মধ্যমীয়া ছাত্ৰসকলে বিষয়টো সন্দৰ্ভত কেনে দৃষ্টিভংগী গ্ৰহণ কৰিছে, সেইটোও গুৰুত্বপূৰ্ণ যদিও সিদ্ধান্তটো সমৰ্থন বা বিৰোধিতা কৰাসকলৰ কোনেও কিন্তু এই বিষয়টো লৈ সেই ছাত্ৰসকলৰ ওচৰকে চপা নাই 

মোৰ দৃষ্টিত এই সিদ্ধান্তটোৱে সৃষ্টি কৰিব পৰা অসুবিধা আৰু সুবিধাসমূহ তলত উল্লেখ কৰা ধৰণৰ হব পাৰে: –

অসুবিধা সমূহ: –

() অসমৰ প্ৰত্যন্ত গ্ৰামাঞ্চল, চাহ বাগিচা অধ্যুষিত অঞ্চল আৰু চৰ অঞ্চলৰ ছাত্ৰছাত্ৰীসকলৰ শিক্ষাৰ পৰিৱেশ এতিয়াও আশানুৰূপ নহয়। ইংৰাজী এটা কঠিন ভাষা বুলি এক মানসিক প্ৰতিবন্ধকতাৰ সৃষ্টি হলে এই অঞ্চলসমূহত বিদ্যালয় ত্যাগ কৰা ছাত্ৰছাত্ৰীৰ পৰিসংখ্যা বৃদ্ধি হব পাৰে। 

() বৰ্তমান প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চ মাধ্যমিক পৰ্যায়লৈকে যিসকল শিক্ষক নিযুক্ত হৈ আছে সেই সকলৰ মাজৰ এটা বৃহৎ সংখ্যাৰ শিক্ষক মণ্ডলী ইংৰাজী মাধ্যমত শিক্ষাদান কৰিব পৰাকৈ পৰিপক্ব নিশ্চয় নহয়। 

() প্ৰাথমিক পৰ্যায়ত সাধাৰণভাৱে অসমীয়া, বড়ো, মিছিং, ইত্যাদি ভাষাত কথাবতৰা পাতি থকা অকণঅকণ লৰাহঁতে এটা অৰ্বাচীন ভাষাত শিক্ষা গ্ৰহণ কৰিবলৈ কিমান দূৰ সক্ষম হ, তাতো সন্দেহৰ অৱকাশ আছে। 

সুবিধাসমূহ: –

() এই কথাও সত্য যে বিজ্ঞান আৰু গণিত দূয়োটা বিষয় ইংৰাজীত পঢ়িলে উচ্চ শিক্ষাৰ অনুষ্ঠান সমূহত যথেষ্ট সহায়ক হব। 

() ইংৰাজী ভাষাটোৰ প্ৰতি থকা ভয় কমিব। 

() গণিত আৰু বিজ্ঞান বিষয় দুটাৰ লগতে, ইংৰাজী বিষয়টোও কিছু সহজ হৈ উঠিব। 

ওপৰত উল্লেখ কৰা সুবিধা আৰু অসুবিধাখিনিৰ প্ৰতি দৃষ্টি ৰাখি, তলৰ পৰামৰ্শকেইটা প্ৰদান কৰিব পাৰি: 

() সিদ্ধান্তটো তৃতীয় শ্ৰেণীৰ পৰা কাৰ্যকৰী নকৰি পঞ্চম বা ষষ্ঠ শ্ৰেণীৰ পৰা কাৰ্যকৰী কৰা হওক! 

() সিদ্ধান্তটো থিতাতে কাৰ্যকৰী নকৰি কমেও এবছৰৰ সময় লোৱা হওক! এই এটা বছৰত গণিত আৰু বিজ্ঞানৰ সমূহ শিক্ষকক ইংৰাজীত পাঠদান কৰিবলৈ তিনি/চাৰিমহীয়া প্ৰশিক্ষণ একোটাৰ ব্যৱস্থা কৰা হওক! 

() অসমীয়া ভাষাটো যাতে ছাত্ৰসকলে ভালকৈ আৰু গুৰুত্ব সহকাৰে শিকিব পাৰে তাৰ বাবে অসমীয়া ভাষা বিষয়টোৰ প্ৰশ্নকাকত পূৰ্বৰ দৰে তিনিখন (প্ৰতিখন কাকত ১০০+৫০+৫০ নম্বৰৰ) কৰক। 

মই ইচ্ছাকৃতভাৱে অসমীয়া ভাষাৰ প্ৰতি থকা মোৰ আৱেগক অৱদমন কৰি এই লেখাটো লিখিছোঁ। তাৰ কাৰণ হ 

() যিসকলে বিষয়টোৰ বিৰুদ্ধাচৰণ কৰিছে সেই সকলৰ অধিকাংশই হয় নিজে ইংৰাজী মাধ্যমত পঢ়ি অহা, নহয় নিজৰ সন্তানক ইংৰাজী মাধ্যমত পঢ়ুওৱা লোক। 

() ছাত্ৰ সংগঠন যিকেইটাই বিষয়টোক লৈ প্ৰয়োজন হলে আন্দোলন নমাৰ ভাবুকি দিছে, সেইসকলে আজিলৈকে অসমৰ শৈক্ষিক দিশটোৰ উন্নয়নৰ সম্পৰ্কত কোনো পৰিকল্পনা গ্ৰহণ কৰা চকুত পৰা নাই। মাত্ৰ একোটা বিষয়ত বিৰোধ/আন্দোলন, ইত্যাদিৰ মাধ্যমেৰে নিজৰ অস্তিত্ব জাহিৰ কৰি আছে। এই সংগঠন সমূহে আবেগক অস্ত্ৰ হিচাপে লৈ অসমীয়া ৰাইজক সদায় নিজৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰি আহিছে। 

মূল বিষয়টোৰ ওপৰত, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ মুখ্য অধ্যাপক ড.সুৰজিত বৰকটকীদেৱৰ এটা প্ৰবন্ধ

বিশ্ব মাতৃভাষা দিৱস, ৰাষ্ট্ৰীয় শিক্ষানীতি আৰু গণিতত মাতৃভাষাৰ নিৰ্বাচিত অংশ তলত উদ্ধৃত কৰিছোঁ। তেখেতৰ মন্তব্য বিষয়টোত প্ৰণিধানযোগ্য। 

. সুৰজিত বৰকটকীৰ প্ৰবন্ধৰ নিৰ্বাচিত অংশ: –

আপুনি গণিতৰ সমস্যা এটা সমাধান কৰাত কিমান পাকৈত সেয়া নিৰ্ভৰ কৰে আপুনি শিশু অৱস্থাত কি ভাষাত গণিতৰ শিক্ষা গ্ৰহণ কৰিছিল তাৰ ওপৰত! আচৰিত যেন লাগিলেও দুহেজাৰ এক চনতেই আমেৰিকাৰ এদল বিজ্ঞানীৰ এটা অধ্যয়নত প্ৰকাশ পাইছিল যে আমি যি ভাষাত গণিতৰ শিক্ষা লওঁ সেই ভাষাৰ বৈশিষ্ট্য অনুসৰি আমাৰ গাণিতিক সমস্যা সমাধানৰ ক্ষমতা পৃথক হয়। গৱেষকৰ দলটোৱে প্ৰকাশ কৰা অনুসৰি আমাৰ মগজুৰ বৰ্তনীবিলাকৰ মাজেৰে সমস্যা সমাধান কৰিবলৈ যাওঁতে বিদ্যুতৰ যি পৰিবহণ হয় তাত আমাৰ মাতৃভাষাৰ যথেষ্ট প্ৰভাৱ থাকে! ইয়াৰ বাবেই হয়তো বিশ্বৰ বিভিন্ন প্ৰান্তত গণিত শিক্ষণৰ বেলেগ বেলেগ পদ্ধতি দেখা পোৱা যায়। উদাহৰণস্বৰূপে চীনা সকলে গণিতৰ সমস্যা এটাক এখন ছবি হিচাপে গণ্য কৰে কিন্তু ইংৰাজ সকলে তাক শব্দৰ সমষ্টি ৰূপেহে চায়। ইয়াৰ ফলত একেটা সমস্যাৰে সমাধানৰ ক্ষেত্ৰত চীনা আৰু ইংৰাজসকলৰ মাজত চকুত পৰা ধৰণৰ পাৰ্থক্য দেখা বুলি অধ্যয়নকাৰী দলটোৱে প্ৰকাশ কৰিছিল। অৰ্থাৎ, মাতৃভাষাত পঢ়িলেই যে আমি সকলোৱে নোৱাৰা অংক এটা কৰিব পৰা হৈ যাম তেনে নহয়। ভাষাৰ সৈতে গণিতৰ এক অদ্ভুত যোগসূত্ৰ আছে আৰু ইয়াৰ ওপৰত নিশ্চয়কৈ গৱেষণা কৰাৰ বহুত সমল আছে। 

কৃষ্টি সংস্কৃতিৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত ভাষাৰ অৱদান অনস্বীকাৰ্য। মাতৃভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ জৰিয়তে কেৱলমাত্ৰ ভাষাৰ বৈচিত্ৰ্যৰ ভিত্তিত শিক্ষাৰ প্ৰসাৰেই সম্ভৱ নহয়, তাৰ লগতে বিশ্বৰ প্ৰতিটো কোণৰ সংস্কৃতিৰ ভিন্নতা তথা সদ্ভাৱো মূৰ্ত্ত হৈ উঠে। ই মানৱ সমাজৰ পাৰস্পৰিক বুজাবুজি, সহনশীলতা আৰু আলোচনাৰ এক পৰিবেশ গঢ়ি তোলাত সহায় কৰে!” 

ৰাষ্ট্ৰীয় শিক্ষানীতি আৰু মাতৃভাষাঃ

ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ত মাতৃভাষাৰ মাধ্যমত শিক্ষা দান আৰু গ্ৰহণত যথেষ্ট গুৰুত্ত্ব দিছে। এই নীতি অনুসৰি ছাত্ৰ এজনে ইংৰাজী, হিন্দী, এটা স্থানীয় ভাষা আৰু মাতৃভাষা, এই চাৰিটা ভাষাত শিক্ষা গ্ৰহণ কৰিব পৰাৰ ব্যৱস্থা কৰাৰ কথা কোৱা হৈছে। উদাহৰণস্বৰূপে অসমত থকা কাণাড়াভাষী পৰিয়াল এটাৰ সন্তানে অসমৰ বিদ্যালয়ত কাণাড়া মাধ্যমত পঢ়িব বিচাৰিলে বিদ্যালয়খনে সেই সুবিধা কৰি দিব লাগিব। অৱশ্য এই নীতি ফলপ্ৰসূ কৰাত যথেষ্ট আহুকাল আছে। কাৰণ বিদ্যালয়সমূহত বিভিন্ন মাধ্যমত পঢ়ুৱাব পৰা শিক্ষকৰ প্ৰয়োজন হ, প্ৰতি বছৰতেই এনে ধৰণৰ ছাত্ৰৰ সংখ্যা কম বেছি হ, কেতিয়াবা কোনোবাটো ভাষাৰ শিক্ষকৰ প্ৰয়োজন অধিক হব আৰু কেতিয়াবা প্ৰয়োজন একেবাৰেই নাথাকিব। এনেধৰণৰ অসুবিধা সত্তেও এই বহুভাষিক শিক্ষা ব্যৱস্থাটো অনাৰ মূল কাৰণটো হল ছাত্ৰই যাতে শিক্ষাজীৱনৰ আৰম্ভণিৰ কালছোৱা (৫ম শ্ৰেণী লৈকে অন্ততঃ) নিজা মাতৃভাষাত শিক্ষা লাভ কৰিব পাৰে যাৰ জৰিয়তে তেওঁলোকৰ যিকোনো বিষয়ৰে প্ৰাৰম্ভিক ধাৰণা সমূহ অনুধাৱন কৰাত 

সহায় হব। এটা অধ্যয়নত প্ৰকাশ যে বিশ্বৰ প্ৰায় অৰ্ধেক অনুন্নত তথা উন্নয়নশীল দেশতে শিক্ষাৰ মাধ্যম মাতৃভাষা নহয়। এই দেশ বিলাকত ঔপনিৱেশিক কালৰ পৰাই ইংৰাজী, ফৰাচী আদি ভাষাত শিক্ষাদান কৰাৰ বাবে ইবিলাকৰ শিক্ষাব্যৱস্থাত এক নেতিবাচক প্ৰভাৱ পৰা দেখা গৈছে। মনোবৈজ্ঞানিক সকলৰ মতে মাতৃভাষাৰ বাদে শিক্ষাৰ প্ৰাৰম্ভিক কালছোৱাত অন্য ভাষাৰ মাধ্যমত শিক্ষা গ্ৰহণ কৰিব লগা হলে, ছাত্ৰ এজনে কোনো এটা বিষয় বুজাতকৈ তাক মনত ৰখাতহে অধিক গুৰুত্ত্ব দিব। ইয়াৰ ফলত ছাত্ৰজনৰ উচ্চ পৰ্যায়ৰ জ্ঞান আহৰণত প্ৰয়োজন হোৱা মানসিক বিকাশে পৈণতা নাপায়। ২০১১ চনৰ লোক পিয়ল অনুসৰি ভাৰত বৰ্ষত ২৭০টা মাতৃভাষা আছে যাৰ মাত্ৰ ৪৭ টাহে শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ হয়। গতিকে এই ক্ষেত্ৰত কৰণীয় বহুত আছে। আমাৰ সমাজত এইটো প্ৰায় সকলোৱে অনুভৱ কৰে যে ইংৰাজী মাধ্যমত শিক্ষালাভ কৰিলে পাছলৈ বিভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সহজ হয়। মাতৃভাষাত শিক্ষা লাভ কৰিলে হোৱা সুবিধাৰ কথা যিমানেই গৱেষণা কৰি নকওক কিয় যেতিয়ালৈকে শিক্ষাৰ উদ্দেশ্য এটা ভাল চাকৰি লোৱাতেই সীমাবদ্ধ থাকে, এই ধৰণৰ দোদুল্যতা থাকিবই। 

মাতৃভাষাত গণিত শিক্ষা

হাইটি দ্বীপপুঞ্জত সকলো শিক্ষানুস্থানতে ফৰাছী ভাষাত শিক্ষাদান কৰা হয়। প্ৰায়ভাগ ছাত্ৰই ফৰাছী ভাষা বুজি নাপায় অথবা বিদ্যালয়লৈ যোৱাৰ অলপদিনৰ পাছতে ফৰাছী ভাষাত শিকোৱা বিষয়বোৰৰ প্ৰতি আগ্ৰহ হেৰুৱাই পেলায়। শেহতীয়া এটা অধ্যয়নত এই কথা গম পোৱা গৈছে যে ইয়াৰ ফলত অদূৰ ভৱিষ্যতেও হাইটিৰ দৰে দেশবিলাকে কেতিয়াও পৃথিৱীৰ উন্নত দেশবিলাকৰ সৈতে ফেৰ মাৰিব নোৱাৰিব।  আনহাতে চীনদেশত এতিয়াও গৰিষ্ঠ সংখ্যক ছাত্ৰই তেওঁলোকৰ মাতৃভাষা মাণ্ডাৰিণতে শিক্ষা লাভ কৰে। ইউৰোপ আমেৰিকাকে ধৰি পৃথিৱীৰ ব্যৱসায়, উচ্চশিক্ষাপ্ৰযুক্তিৰ অনুষ্ঠান প্ৰতিষ্ঠান বিলাকত চীনাসকলৰ আধিপত্যৰ সিয়ো এক কাৰণ। বিভিন্ন অধ্যয়নত দেখা গৈছে যে মাতৃভাষাত গণিত শিকিলে ছাত্ৰই সহজে বুজি পায়। মিশ্ৰিত শিক্ষা ব্যৱস্থাত ছাত্ৰই বিষয়টোৰ লগতে এটা নতুন ভাষাও শিকিব লগা হয় আৰু তেনে এটা নতুন ভাষাত গণিতৰ দৰে বিষয় এটাও আয়ত্ত কৰিব লাগে। মাতৃভাষাৰ সুবিধাটো হল যে ছাত্ৰই কেৱল বিষয়টোত মনোনিৱেশ কৰিলেই হ, ভাষাটো আয়ত্ত্ব কৰাৰ কথা নাথাকে। গণিতৰ শিক্ষাত ভাষাৰ গুৰুত্ত্ব যথেষ্ট। গণিতৰ দৰে বিষয়বোৰ বহুক্ষেত্ৰত বিমূৰ্ত্ত। যিমানে উচ্চ পৰ্যায়লৈ গৈ থকা হয়, সেই বিমূৰ্ত্ততা বাঢ়িহে যায়, নকমে।  আনফালে, গণিতৰ প্ৰয়োগ 

বিজ্ঞান, প্ৰযুক্তি, স্বাস্থ্য তথা সমাজ বিজ্ঞান সকলোতে। তাক বাদ দিব নোৱাৰি। গতিকে, এই বিমূৰ্ত্ত ধ্যান ধাৰণা সমূহৰ লগত শিশুকালতে ছাত্ৰক পৰিচয় কৰি দিয়াটো এক জটিল প্ৰত্যাহ্বান। তাৰ বাবে শিক্ষক আৰু ছাত্ৰৰ মাজত এটা ফলপ্ৰসূ যোগাযোগ ব্যৱস্থাৰ সৃষ্টি হব লাগিব। শিক্ষকে কোৱা কথাবোৰধাৰণাবোৰ ছাত্ৰই মনচক্ষুৰে দেখা পাব লাগিব। যোগাযোগৰ এনে এক ব্যৱস্থাত মাধ্যমৰ গুৰুত্ত্ব কিমান তাক পুনৰাই দোহৰাৰ প্ৰয়োজন নাই। 

আনহাতে, গণিতৰ দৰে বিষয়বোৰৰ ব্যাপ্তি বিশ্বব্যাপি। গতিকে, ইংৰাজীৰ মাধ্যমেৰে গণিতৰ শিক্ষা গ্ৰহণ কৰিলে ছাত্ৰৰ নিঃসন্দেহে গ্ৰহণযোগ্যতা বৃদ্ধি পাব। তেনেস্থলত মাধ্যম হিচাপে মাতৃভাষাৰ প্ৰয়োজন নাই যেন নালাগে নে?  এই প্ৰশ্নক একে আষাৰে নস্যাৎ কৰিদিবও নোৱাৰি। 

শিক্ষাৰ মাধ্যম মাতৃভাষা হোৱাৰ প্ৰথম পূৰ্বচৰ্ত হল কাৰ্যকৰি ৰূপত মাতৃভাষাত গাণিতিক প্ৰতিশব্দৰ এটা ভঁৰাল থকাটো নিশ্চিত কৰা। দ্বিতীয় পূৰ্বচৰ্ত্তটো হল মাতৃভাষাত গণিতৰ পৰ্যাপ্ত পৰিমাণৰ কিতাপৰ প্ৰকাশ নিশ্চিত কৰা। চীনাসকলে মাতৃভাষা মাণ্ডাৰিণত গণিতৰ শিক্ষা গ্ৰহণ কৰিব পৰাৰ এটা প্ৰধান কাৰণ হল সেই ভাষাত উপলব্ধ গণিতৰ প্ৰতিটো বিষয়ৰে হাজাৰ বিজাৰ কিতাপ। 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!