মহিলা বাছ চালিকা
লেখক- দেৱীকা বৰপূজাৰী
শালিনীয়ে যেতিয়া ঘৰত ক‘লে যে, তাই ড্ৰাইভিং শিকি গাড়ী চলাব, পৰিয়ালৰ লোকে জাঙুৰ খাই উঠিল। এই কাম ছোৱালীৰ নহয়, তাতকৈ ঘৰতে টেইলৰিং শিকাই ভাল।
শালিনীয়ে কোনো উপাধি নিলিখে আৰু দশম শ্ৰেণীলৈকে পঢ়া যদিও তাই চেষ্টা এৰি নিদিলে। বিয়া হৈ তাই কিন্তু স্বামীক পতিয়ন নিয়াব পাৰিলে আৰু ডেকৰেশ্যনৰ ব্যৱসায় কৰা স্বামীক তাই ড্ৰাইভিং শিকিব খোজা সংস্থা ‘আজাদ ফাউণ্ডেশ্যন’ৰ অফিচলৈ খবৰ লবলৈ পঠিয়ালে। এই সংস্থা মূলতঃ উছৰ্গিত সেই সকললৈ, যিয়ে নিজৰ আত্মসন্মান বজাই ৰাখি ঘৰলৈ দুপইছা আনিব পাৰে; দুখীয়া পৰিয়ালৰ মহিলাসকলে যাতে নিৰাপত্তাৰ মাজেৰে গাড়ী চলাই আত্মনিৰ্ভৰ হব পাৰে! শালিনীয়ে এই সংস্থাত যোগ দি, ড্ৰাইভিং শিকি কাম এটাও যোগাৰ কৰি ললে।
এয়া ইমান সহজ নাছিল, ৰাতিপুৱা চাৰি বজাতে শুই উঠি ঘৰৰ কামবন সামৰি ওলাই যোৱা! কিন্তু শালিনীয়ে সাহস নিজেই যোগালে। তেওঁৰ প্ৰথম চাকৰি এজন ডাক্তৰৰ গাড়ী চলোৱা আৰু পাছত ব্যৱসায়িক অনুজ্ঞা পত্ৰ লৈ টেক্সি চলাবলৈ আৰম্ভ কৰিলে।
টেক্সি চলাবলৈ অনুজ্ঞা পত্ৰ যোগাৰ কৰাও উজু নাছিল। ২০২০ চনৰ ডিচেম্বৰত প্ৰথমবাৰ শালিনীয়ে বাছ ড্ৰাইভাৰৰ চাকৰিৰ বাবে আবেদন জনালে। কিন্তু দিল্লী ট্ৰান্সপোৰ্ট আয়োগ ( DTC ) ইমান সহজে মহিলাক নিয়োগ কৰিবলৈ মান্তি হোৱা নাছিল। সেয়েহে, শালিনীয়ে কাম পোৱালৈ অপেক্ষা নকৰি আন মহিলা ড্ৰাইভাৰ হ‘বলৈ ইচ্ছুক প্ৰাৰ্থীক ড্ৰাইভিং শিকাবলৈ আৰম্ভ কৰিলে।
বিশ্বৰ ভিতৰতে, দিল্লীত পাব্লিক পৰিবহণ মহিলাৰ বাবে সুৰক্ষিত নহয় বুলি ২০১৪ চনতে ঘোষিত হৈছিল। ( চতুৰ্থ চহৰ হিচাপে )
মহিলা ড্ৰাইভাৰ হলে অন্ততঃ মহিলা যাত্ৰীৰ বাবে কিছু সকাহ হব বুলিও বহুতে নিৰ্ণয় কৰিলে। কিন্তু তথাপিও, কেৱল বহু কম সংখ্যক মহিলাহে DTC ৰ ড্ৰাইভাৰ আৰু ক্লিনাৰ (পৰিবাহক)।
২০১৫ ত DTDC য়ে ভি চৰিথাক প্ৰথম মহিলা চালক ৰূপে মকৰল কৰিলে, লগতে আৰু কিছু মহিলা চালক নিয়োগ কৰিব বুলি ঘোষণা কৰিলে পিছে বহুদিনলৈকে চৰিথাইহে অকল কাম কৰি আছিল। দিল্লীৰ পৰিবহণ মন্ত্ৰীয়েও কৈছিল যে, ‘দিল্লীত আমাক বহু মহিলা বাছ চালিকাৰ প্ৰয়োজন‘।
কিন্তু লেঠা কিহত নো? প্ৰথম কথা হ’ল, উচ্চতা। দ্বিতীয়তে, বাছ চলাবলৈ হ‘লে কমেও পাঁচ বছৰৰ অনুজ্ঞা পত্ৰ থাকিব লাগিব! কিন্তু আজাদ ফাউণ্ডেশ্যনৰ ডাইৰেক্টৰ অমৃতা গুপ্তাই কয় যে যদিহে মহিলাৰ বাবে একো সুযোগেই নাথাকে, তেতিয়া হলে অনুজ্ঞা পত্ৰখন লৈ ঘৰত বহি থাকিবলৈকে তেওঁলোকে কিয় আবেদন কৰিব?
মহাৰাষ্ট্ৰ ইয়াৰ ব্যতিক্ৰম। ২০১৯ চনত ৰাজ্যিক পৰিবহণ নিগমে প্ৰায় ১৬৩ গৰাকী মহিলাক বাছ চালিকা আৰু পৰিবাহিকা ৰূপে নিয়োগ কৰিলে (মই নিজে মহিলা পৰিবাহিকা থকা বাছত উঠিছোঁ) উচ্চতাৰ হাৰ কিছু কমালে আৰু এবছৰৰ টেক্সি চলোৱা অভিজ্ঞতা হ‘লেই বাছ চলাবলৈ অভিজ্ঞ মহিলাই আবেদন কৰিব পাৰে।
হিমাচল প্ৰদেশ আৰু মধ্যপ্ৰদেশতো মহিলা বাছ চালিকা মকৰল কৰা হৈছে। যোৱা বছৰ ফেব্ৰুৱাৰী মাহত উত্তৰ প্ৰদেশতো ১৯ গৰাকী মহিলা বাছ চালিকাক কামত লোৱা হৈছে। অমৃতা গুপ্তাই কয় ‘সকলো মহিলাই এই সুবিধা পোৱা উচিত‘।
শালিনীয়েও এদিনো বাছ চলোৱাৰ সপোন দেখাৰ পৰা নিজক বঞ্চিত কৰি ৰখা নাই। শালিনীৰ বাবে ‘ড্ৰাইভিং‘ এক স্বাধীনতা আৰু জ্ঞান; ই তেওঁক দিছে এক পাখি, যাৰ সহায়ত শালিনী আত্মনিৰ্ভৰ হব পাৰিছে।