কণ কবিতা
লেখক- দিলীপ কুমাৰ শৰ্মা
১/
বাপুৱে খাই
বাৰটা টনিক
বিদায় দিলে
হাঁহৰ কণীক।
২/
সৰিলে তোমাৰ
দুয়োপাৰি দাঁত,
আলুৰেই চোবায়
মাংস আৰু ভাত।
৩/
কেঁচুৱাই কৰাত
বৰকৈ আমনি,
আমনিত ফুৰি
আহিল মণি।
৪/
হাতীবৰুৱাৰ হাতী
যেন মৰমৰ নাতি,
সপ্তাহত দুবাৰ ধুৱাই
বপুৰাৰ দেহাটি।
৫/
এপুৰা মাটিত
পুৰাকল ৰুই,
বপুৰা থাকিল
আৰামত শুই।
৬/
কেনেকৈ পেলাবি
তামোলৰ পিক,
সেইটো মোৰপৰা
ভালকৈ শিক।
৭/
সময়ৰ শৰ
ঠিকমতে মাৰি,
শৰতে ব’লে
দুখন ঢাৰি।
৮/
খোৱাত দুলালে
বাদাম এগাল,
মাকৰ চৰত
ৰঙা হ’ল গাল।
৯/
হোৱাত গড়ালটো
বৰকৈ ঠেক,
হাঁহে আপত্তি কৰে
কৰি পেক পেক।
১০/
জাৰত নোৱাৰি ৰ’ব
হাঁহ আৰু কুকুৰাই,
গৰালতে ধৰি ল’লে
তুঁহ জুই একুৰাই।
১১/
বিৰ দিও
নাপাই বাট,
হেৰাল বাপুৰ
মুখৰ মাত।
১২/
ৰুমালত বান্ধি
দোকানৰ মাল,
গড়াললৈ ঘূৰিল
ছাগলী এহাল।
১৩/
ভেড়াৰে নকৰি
বৰকৈ হলিগলি,
ছাগলী ফুৰিছে
বকুল ফুল বুটলি।
১৪/
পুৱাই পুৱাই
ৰ’দ পুৱাই,
ধনে আছে
কেঁচুৱা নিচুকায়।
১৫/
নাতিয়েকে ভগাত
আইতাকৰ জকাই
ককাকে শাস্তি দিলে
দুয়ো কাণ পকাই।
১৬/
হাঁহৰ বাবে
লাগিলে মোহ,
কিনি আনি
পুহত পোহ।
১৭/
গাভাস্কাৰে উচ্ছাৰি
শুদ্ধকৈ মাডাগাস্কাৰ,
পালে ছাৰৰ পৰা
কিতাপ পুৰস্কাৰ।
১৮/
জোৰত বলাত
এজাক পছোৱা,
গছডালৰ ছিগিল
ওপৰৰ ছোৱা।
১৯/
মইনাৰ মন
খাইলৈ তামোলখন
কৰিব ঘৰৰ
গোটেইবোৰ বন।
২০/
খাবলৈ পালে
কঁঠালৰ কোঁহ,
মোহনে নকৰে
লালমোহনলৈ মোহ।