প্ৰস্তৰ উপাখ্যান

লেখক- জীৱন কিশোৰ

এই নিৰ্জন পাহাৰ

তাৰ সেই পুৰাতন গানৰ বুকুৰে

বৈ থাকে নিৰবধি নীড় প্ৰবাহ

এটি জুৰি নামি আহে ক্ৰমান্বয়েনামনিলে  

আৰু তাৰ দাঁতিত পৰি আছোঁ মই এটা শিল

বাট চাই কাৰোবাক হাজাৰ বছৰ

শেলুৱৈৰ সেউজীয়া চোলা পিছল চেঁচা গা

মই শৰীৰেৰে শিল নে শিলত বিলীন

তুমি জানা আত্মা মোৰ মলয়াৰ দৰেই গতিশীল

ডুবি থাকোঁ ইয়াৰেই নিৰ্মলতাত

কোন আছিল সেই জলকুঁৱৰী

বা যি কব খোজা তুমি

যাৰ শাপে মোক অনন্ত কালৰ গৰাহত ঢকিয়াই দিছিল

এটা কঠিন কবচত আৱদ্ধ হৈ পৰিছিলো মই

কিবা এক সাধনাই নতুবা কোনো দুৰ্ভাৱনাই

মানুহৰ দৰে বিতত কৰিছিল মোক

সেই প্ৰেম আছিল এক উজুটি খোৱা

বলৈ গলে কিছু কেঁচা ধান চপোৱা সৌ ভৈয়ামৰ

পাহাৰীয়া শিলৰ অৰণ্যত

তথাপি মই এক জীৱন্ত সত্তা

জীৱন্ত এই বাটচোৱা

আজিও চৰায়ে গুণগুণাই মোৰ বুকুত পৰি

তাহানিৰ ভালপোৱা

গুণগুণাই এটি পুৰণি কাহিনী

ত্যাগ কিম্বা স্বাৰ্থপৰতাৰ

আকুলতা আৰু বুদ্ধিহীনতাৰ

তুমি জানা সময়ৰ বিড়ম্বনা

তথাপি মই এটা সজীৱ চেতনা

তুমি কৈছিলা মুক্তিৰ কথা

যুক্তিৰ ঊৰ্ধ্বৰ যুক্তিৰ কথা

অহল্যাৰ কথা

স্তব্ধ শিলৰ পৰা মানুহ হোৱাৰ কথকতা

জীৱনবোধৰ তেনে নিগূঢ় ৰহস্যবোৰ

তুমিয়ে সদৰী কৰিছিলা মোক

নিভাঁজ মৰমৰ সুৰেৰে এদিন

মাতিব তাই হিয়া উজাৰি মোক

কবচ ভাঙি ওলাই আহিব মোৰ বন্দী সত্তা

গৰিমা আৰু স্বাভিমানৰ এটা উপনাম

সাধাৰণ জীৱনযাপনেৰে মই হৈ পৰিম

এক স্বাভাৱিক অস্তিত্বৰ অধিকাৰী

এজন চিনাকি নাগৰিক

সৌৱা এজাক ডেকাগাভৰু

আহিছে বনভোজ খাবলৈ

কাঁইটীয়া ভৰিৰ পতাৰে মোৰ বুকু গৰকিছে

ভালপোৱাৰ ৰাও জুৰা চৰাইবোৰ

মূৰৰ ওপৰেৰে উৰিছে

চেও মাৰি মাজে মাজে

পানীত পলুৱাইছে পিয়াহ

সৰু সৰু মাছবোৰ উজাইছে সোঁতৰ জাল ফালি

আজি জলকুঁৱৰীৰ জন্মদিন 

তাইক দেখা পালো হঠাৎ

এজাক উতনুৱাৰ মাজত

ইমান মিলিছে তাই

সেই চকু সেই চুলি সেই তাইৰ ওঁঠ দুটি

লাজ আৰু ভয়ত কঁপিছে

তুমি কৈছানাচাবা, শিল হৈ থাকা

মই কৈছোঁমানা নকৰিবা প্ৰেমিক হবলৈ

হাজাৰ বছৰৰ কল্পনা মোৰ লগ পোৱাৰ

সৌৱাচোন তাই এইফালে আহিছে

মোৰ বুকুত বগাই উঠিছে নীলাকৈ

কি আছিল এই সুবাসৰ নাম

ভীষণ পাতল যেন লাগিছে

মই কলোচাবা দেই ভালকৈ তলত নৰ্দমা

পিছলি পৰিবা

মাছতকৈ পিছল মোৰ গাশেলুৱৈ ধৰিছে

তুমিতো শিকাই নাই এনে শিল বগাবলৈ

নাম লবানে এবাৰ মৰমেৰে মোৰ

ৰৈ আছোঁ তোমাৰ এই নতুন জনমলে

কোন সেই চফল যুৱক

খেদি আহিছে হাবিয়াস

তাই পলাইছেবগুৱাবাই মোক বগাইছে

তাইৰ প্ৰেমিকেই হইমান আধুনিক

কি কৰোঁ মই কি নকৰোঁ

তাই যে চিঞৰিছেমোৰ ফালে নাহিবা

জঁপিয়াই দিওঁনে তললৈ

তোমাৰ সলনি ভালপাওঁ এই শিলটোকহে মই

অলপ পৰৰ বাবে বধিৰ হৈ পৰে সমস্ত চৰাচৰ

স্তব্ধ বতাহত জুৰিটি পাহৰি যায় ববলৈ

মাছবোৰ হয় নিঠৰ

জিঞাঁবোৰ ওপঙি ৰয় পাখি মেলি

চৰাইবোৰ হৈ ৰয় নীৰৱ ছবি

এই ক্ষণ দৈৱ ক্ষণ

এহেজাৰ বছৰত এবাৰহে আহে

এবাৰ গুচি গলে দুনাই নাহে

আৰু সঁচাকৈয়ে সেই ক্ষণ গুচি গ

চকুৰ পচাৰতে কুৰুকি থৈ মোৰ বুকু

এই পাহাৰৰ বৈচিত্ৰ্যৰ লেখীয়াই জলকুঁৱৰীবোৰ

বতৰৰ লগেলগে ৰূপ সলনি

অভিমান বুলিও কিবা এটা থাকে

তুমি কৈছিলা মুক্তিৰ কথা

যুক্তিৰ ঊৰ্ধ্বৰ যুক্তিৰ কথা

জীৱনবোধ ৰহস্যৰে ভৰা

গৰিমা আৰু স্বাভিমান মোৰো আছিল সমানে

যুৱকৰ হাতধৰি জলকুঁৱৰী গুচি যায় অহা বাটে

বুকুত নীলা খোজৰ চাপ

জড়তাৰ পাহাৰীয়া ছাঁ

খুলিব খোজা সেউজীয়া চোলা

মই শিল হৈ পিন্ধো

সাৱটি চেঁচা স্থৱিৰতাক

অথচ আত্মা আজিও মোৰ মলয়াৰ দৰেই গতিশীলপবিত্ৰ

ডুবি থাকে ইয়াৰেই নিৰ্মলতাত

 ———————–

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!