লেখক- পাৰবীন চুলতানা

মগধ আৰু বৈশালীৰ ওপৰেৰে কেইবাটাও হেমন্ত ঋতু পাৰ হৈ গল। এই সময়ছোৱাত বিম্বিসাৰ আৰু অজাতশত্ৰুৰ মতানৈক্য বাঢ়িয়েই থাকিল। বৈশালী আক্ৰমণত বাৰে বাৰে বাধাৰ সৃষ্টি কৰা পিতৃ বিম্বিসাৰৰ ওপৰত ক্ষণে ক্ষণে ৰুষ্ট হয় যুৱৰাজ অজাতশত্ৰু। অজাতশত্ৰুক উচটনি দিয়ে প্ৰধানমন্ত্ৰী আশুতোষ আৰু মাতৃ চেলেনাই। এনে সময়তে অজাতশত্ৰুৰ সংগলৈ আহিল গৌতম বুদ্ধৰ ভাতৃ তথা কপিলাবস্তু ৰাজপৰিয়ালৰ যুৱৰাজ দেৱদত্ত। শাক্যমুনিৰ প্ৰতি ঈৰ্ষান্বিত দেৱদত্তই ক্ষত্ৰিয়ধৰ্ম বিনষ্ট কৰা ধৰ্মটোৰ প্ৰতিও বিৰূপ ভাব পোষণ কৰিছিল। মগধৰাজ বিম্বিসাৰ আৰু অজাতশত্ৰুৰ মাজৰ ব্যৱধানে তেওঁক মগধ পৰিয়ালৰ কাষ চপাই আনিলে। অজাতশত্ৰুৰ পৰামৰ্শদাতা তথা বিশ্বস্ত বন্ধু হিচাপে তেওঁ অজাতশত্ৰুৰ হৃদয়ত স্থান লবলৈ সক্ষম হল।

বিগত বহু বছৰ ধৰি সম্ৰাট বিম্বিসাৰে বৈশালীত প্ৰৱেশ কৰা নাই। আম্ৰপালীৰ গৰ্ভত জন্ম লোৱা নিজ সন্তান বিমলৰ সান্নিধ্য লাভ কৰিব খোজে তেওঁ। অজাতশত্ৰুৰ দৰেই বিমলকো বিশাল মগধৰ অংশ এটা গটাব খোজে তেওঁ। গোপনে দূত প্ৰেৰণ কৰি এই সিদ্ধান্তৰ বিষয়ে বহুবাৰ তেওঁ বৈশালীৰ নগৰগণিকাক জ্ঞাত কৰিছে। কিন্তু আম্ৰপালীয়ে প্ৰতিবাৰেই তেওঁক নাকচ কৰিছে। আনকি বিমলৰ সৈতে তেওঁৰ সাক্ষাৎ পৰ্যন্ত নিষেধ কৰি থৈছে আম্ৰপালীয়ে।

কিন্তু বিম্বিসাৰে সেই নাৰীক আজিকোপতি পাহৰিব পৰা নাই। ৰূপ, যৌৱন, বৈভৱ, ক্ষমতাৰ উপৰিও সেই নাৰীৰ মাজত আন কি আছিল, সেই কথা ভাবি অন্যমনস্ক হৈ যায় মাজে মধ্যে। বেণুবন উদ্যানত তথাগতৰ পাশে পাশে খোজ কাঢ়ি আছিল তেওঁ, মনটো সুদূৰ সীমনাৰ চিলাখনত যেন ঘূৰি আহিব নোৱৰাকৈ বান্ধি থৈ আহিছে। খোজত আড়স্ততা বিৰাজমান। দুচকুৰ উদাস পৰ্দাত ভাঁহি থাকে প্ৰেয়সীৰ সৈতে বিচ্ছেদৰ প্ৰতিচ্ছবি। অন্তৰ্যামী তথাগতে তেওঁক সুধি পেলায়,

তুমি অন্যমনস্ক কিয় বিম্বিসাৰ?”

থতমত খাই বিম্বিসাৰে উত্তৰ দিয়ে, “তেনেকুৱা একো কথা নাই গৌতমমুনি। মনুষ্য জনমৰ এই পৰিক্ৰমা দেখি মোৰ অন্তৰাত্মাত দেধাৰ প্ৰশ্ন উন্মীলিত হৈছে। সেইবোৰৰ উত্তৰ নাপাই মনটো উদাসীন হৈ পৰিছে।

কি প্ৰশ্নৰ উত্তৰ পোৱা নাই তুমি? মোক সোধা, ময়ো চেষ্টা কৰি চাওঁ।”, তথাগতে কলে।

নিশ্চয় শাক্যমুনি। মোৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ  আপুনিয়েই দিব লাগিব। কিন্তু তাৰ বাবে আজি আপুনি মোৰ প্ৰসাদত কটাব লাগিব। বৌদ্ধবিহাৰলৈ পিছে পৰে গলেও হব।

তেওঁক নিৰাশ কৰিবলৈ শাক্যমুনিৰ সত নগল। আকাশলৈ তেজাল ভাস্কৰলৈ চাই পঠিয়ায় বিম্বিসাৰে। জেঠ মাহৰ চৌফলীয়া ৰদত ৰাজগৃহ নগৰখনিত এতিয়া বেচ গৰম। চৌপাশে থকা শিলৰ পাথৰে মগধৰ ৰাজধানী অধিক তপ্ত কৰি তুলিছে। তাৰ মাজতেই তথাগতৰ আগমনলৈ ব্যস্ত হৈ পৰে বিম্বিসাৰপুৰী। তথাগতৰ আপ্যায়নৰ নিমিত্তে ৰাণী চেলেনা পুৱাৰে পৰা ব্যস্ত হৈ পৰে। তথাগতৰ গুণকীৰ্তন মগধৰ মানুহৰ মুখে মুখে, তেওঁ এজন ভগৱান, তেওঁ মানুহৰ মনৰ দুখ নিবাৰণ কৰিব পাৰে, ইত্যাদি ইত্যাদি।

মহাৰাণী চেলেনাই একনিবিষ্ট মনে কাম কৰি যায়। তেওঁ কেতিয়াও তথাগতক দেখা নাই। তেওঁ মনে প্ৰাণে কামনা কৰে যে এই শাক্য সন্ন্যাসীয়ে তেওঁৰ ওপৰত আশীৰ্বাদ বৰ্ষণ কৰক। সলনি হৈ যাওক বিম্বিসাৰ। কি নাই ৰাণী চেলেনাৰ? সন্মান, ক্ষমতা, ঐশ্বৰ্য একোৰে অভাৱ নাই তেওঁৰ, অথচ নিজ স্বামীক একান্তভাৱে পোৱাৰ বাসনা তেওঁৰ অতৃপ্ত হৈ ৰল।

ৰাজগৃহতে তিনিগৰাকীকৈ ৰাণীৰ বৰ্তমানতো কি আছে সেই ৰূপজীৱিনীৰ যে স্বামী বিম্বিসাৰে ক্ষন্তেকৰ বাবেও পাহৰিব নোৱাৰে সেই পৰনাৰীক। অপমানত দগ্ধ হয় তেওঁৰ মন। আনহে নালাগে বিম্বিসাৰে সেই ৰূপজীৱিনীৰ সন্তানক মগধৰাজ্যৰ অংশীদাৰো কৰিব খোজে। পুত্ৰ অজাতশত্ৰুক এৰি পৰনাৰীৰ সন্তানক তেওঁ বিশাল মগধৰ সিংহাসনত কিদৰে সহ্য কৰিব পাৰে? নাই, এয়া কোনোমতেই সম্ভৱ নহয়, কোনো কাৰণতে মগধ সিংহাসনত অজাতশত্ৰুৰ বাদে আনৰ ছায়া তেওঁ পৰিবলৈ নিদিয়ে, মনে মনে সংকল্পবদ্ধ হল তেওঁ।

অজাতশত্ৰুৰো একেই বিষোদগাৰ। বৈশালীজয়ৰ সুযোগ পায়ো পিতৃয়ে বাৰে বাৰে যুদ্ধৰ প্ৰস্তাৱ নাকচ কৰি আহিছে। কেনেবাকৈ মাতৃ চেলেনাৰ শংকাই সত্য নহয়তো! তেওঁৰ সতীয়া ভাতৃ, যাৰ কথা সমগ্ৰ মগধৰ মুখে মুখে, তেওঁকেই জানোচা বিম্বিসাৰে মগধৰ সিংহাসনত অধিষ্ঠিত কৰি দিয়ে। কি কৰণীয় হব তেওঁৰ, এই চিন্তাই উত্তেজিত কৰে তেওঁক।  

সকলোবোৰ এই শাক্যমুনিৰেই বুদ্ধি। মই তেওঁক সহজে এৰি নিদিম।“, উত্তেজিত অজাতশত্ৰুৱে মাতৃদেৱীক উদ্দেশ্যি কৈ উঠে।

মুৰ্খৰ দৰে কথা নকবা পুত্ৰ। তোমাৰ আচল শত্ৰু বৈশালীতহে আছে। বৈশালীৰ নগৰগণিকাৰ পু্ত্ৰইহে তোমাৰ সিংহাসন কাঢ়ি লব পাৰে।”, মাতৃ চেলেনাই উত্তৰ দিয়ে।

নগৰগণিকা মানে সেই কলংকিনী নাৰী। জানানে আই, তথাগতক আমন্ত্ৰণ জনাইছে সেই নগৰগণিকাই? আৰু তথাগতে সেই নিমন্ত্ৰণ ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিছে।

কি কৈছা তুমি? তথাগত সেই চৰিত্ৰহীন নাৰীৰ অতিথি হ? সেই নগৰগণিকাই তথাগতকো বশ কৰি পেলালে নেকি?” আশ্চৰ্যত মগধৰাণী চেলেনাৰ দুচকু বিস্তাৰিত হৈ যায়।

হয় আই, পিতা আৰু তথাগতৰ মাজত এই আলোচনা হৈ থাকোঁতে মই তেওঁলোকৰ ওচৰতে আছিলোঁ।

মহাৰাণী চেলেনা পৰ্যংকৰ পৰা নামি মজিয়াত ভৰি দিলে। তাৰ পাছত ফুচফুচাই কৈ উঠিল, “এয়াই ভাল সুযোগ। এই সুযোগ হাতৰ পৰা এৰি দিব নোৱাৰি। নগৰবধুক এইবাৰ বৈশালীৰ ৰাজপথত ঠিয় কৰাইহে এৰিম।

প্ৰতিশোধৰ দাবানল ফুটি উঠে ৰাণী চেলেনাৰ মুখত। অজাতশত্ৰুৱে একো বুজিব নোৱাৰি ঠিয় হৈ ৰয়।

ৰাণী চেলেনাই বিদায় দিয়ে পু্ত্ৰক। পাদুকা খুলি শীতল মজিয়াত বিচৰণ কৰিলে তেওঁ। কোঠাৰ ভিতৰৰ বতাহজাক গৰম হৈ উঠিল।

বাতায়নৰ ওচৰলৈ গৈ কপাট খুলি দিলে তেওঁ। বাহিৰৰ বতাহজাক সোমাই আহিল। সন্ধ্যাটো কিঞ্চিত শীতল হৈছে। বিগত বছৰবোৰত আম্ৰপালীক লৈ মগধৰাজৰ আচৰণে বিতত কৰি ৰাখিছে ৰাজগৃহৰ ৰাণীত্ৰয়ক। মগধৰ আন আন সভাসদসকলৰ মাজতো বৈশালীবধূৰ গুণকীৰ্তন শুনি ক্লান্ত হৈ পৰে ৰাণীত্ৰয়। জ্যেষ্ঠা ৰাণীৰ চেলেনাৰ আকৌ আন এক চিন্তা। পুত্ৰ অজাতশত্ৰুৰ সলনি ৰজা বিম্বিসাৰে বৈশালীবধূৰ অবৈধ সন্তানক ৰাজ্যভাৰ প্ৰদানৰ শংকা। মাতৃ হিচাপে সেয়া কোনোপধ্যেই হবলৈ নিদিয়ে ৰাণী চেলেনাই। প্ৰয়োজন হলে আম্ৰপালীক হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে তেওঁ।

কিন্তু বৈশালীবধূৰ জনপ্ৰিয়তালৈ চাই সেই কামো সহজসাধ্য নহয় তেওঁৰ বাবে। এইবাৰ এটা সুযোগ আহিছে বৈশালীৰ ইতিহাসত আম্ৰপালীক খলনায়িকা সজোৱাৰ আৰু এই সুযোগ অথলে যাবলৈ নিদিয়ে তেওঁ। কেইমোহৰমান স্বৰ্ণমুদ্ৰা আৰু বিশ্বস্ত দাসী দুগৰাকীক লৈ তেওঁ বৈশালীবধূৰ বিপক্ষে পৰিকল্পনা কৰিলে।  

শাক্যমুনি বৈশালী গমনৰ আগতেই তেওঁ এই পৰিকল্পনা কামত লগাব।  

কিন্তু বিধিৰ বিপাক খণ্ডাব কোনে? শাক্যমুনিয়ে বিম্বিসাৰপুৰী ত্যাগ কৰাৰ পিছতেই অজাতশত্ৰুৱে পিতাকৰ ওচৰত অভিযোগ উত্থাপন কৰিলে,

পিতা, এই সন্ন্যাসীক লৈ আপুনি ইমান ব্যস্ত হোৱাটো ৰাজধৰ্মৰ বাবে ক্ষতিকাৰক হৈছে। মই কোনোপধ্যেই এই ক্ষতি মানি লব নোৱাৰো। আগৰবাৰ বৈশালীত শান্তি চুক্তি কৰি আপুনি মগধ প্ৰজাৰ আকাংক্ষাক পদমোচন কৰি থৈছে। এইবাৰ আপুনি তেনে কৰিব নোৱাৰে। মই বৈশালী আক্ৰমণৰ বাবে সৈন্যবাহিনী সাজু কৰিবলৈ লৈছোঁ।

ৰজা বিম্বিসাৰে বাৰণ কৰিলে পুত্ৰক, “ক্ষান্ত হোৱা পুত্ৰ, এই কামত মগধ নৰেশ বিম্বিসাৰে কেতিয়াও অনুমতি নিদিয়ে। বিম্বিসাৰৰ ৰাজত্বকালত বৈশালী আক্ৰমণৰ অভিসন্ধি চলাব পৰা নাযাব, সেই কথা মনত ৰাখিবা।

মই এটা কথা বুজি পোৱা নাই মহাৰাজ, মগধৰ প্ৰসাৰৰ বাবে আপুনি ইমান সুবিধা পায়ো কিয় পিছহুঁহকি আহিল। হঠাতে আপোনাৰ কি হল যে যুদ্ধবিৰতিৰ সিদ্ধান্ত লব লগা হল। আনহে নালাগে, শাক্য সন্ন্যাসীৰ নামত ৰাজভঁৰালৰ ধন শেষ কৰিছে মই আপোনাৰ পুত্ৰ, মগধৰ আগন্তুক নৃপতি, আপুনি মোৰ হাতত মগধ পৰিচালনাৰ বাবে কি দি থৈ যাবলৈ ওলাইছে?”

যথেষ্ট হৈছে পুত্ৰ, মগধৰাজক এইদৰে কথা কোৱাৰ অধিকাৰ তোমাৰ নাই। পাহৰি নাযাবা, মইহে মগধৰ ৰজা। তুমি মোৰ পুত্ৰহে, মগধৰ ৰাজসিংহাসনৰ ওপৰত এতিয়ালৈ তোমাৰ কোনো অধিকাৰ নাই। তোমাৰ যি অধিকাৰ আছে, সেয়া মইহে দান দিছোঁ তোমাক। মোৰ প্ৰদত্ত সেই অধিকাৰ মই একদণ্ড সময়তে কাঢ়ি লব পাৰোঁ, সেই কথা জানানে পুত্ৰবৰ?”

পিতৃৰ হুংকাৰ শুনিও মনে মনে নাথাকিল অজাতশত্ৰু। বৰঞ্চ কবলৈ নেৰিলে,

কিন্তু মই মগধৰ ৰাজকুমাৰ। আৰু মগধ ৰাজপৰিয়ালৰ নিয়ম অনুসৰি মই এই সিংহাসনৰ উত্তৰাধিকাৰী।

মগধ ৰাজসিংহাসনৰ উত্তৰাধিকাৰী মইহে নিৰ্বাচন কৰিম। সেয়া একান্তই মোৰ সিদ্ধান্ত হব। মনত ৰাখিবা, মগধৰ প্ৰসাৰণত কেৱল মোৰ ভূমিকা আছিল আৰু মগধ সিংহাসন নিৰ্মাণ কৰা প্ৰতিটো শিলত মোৰ কষ্ট লুকাই আছে।

এইখিনি কৈ বিম্বিসাৰে অজাতশত্ৰুলৈ মুখ ঘূৰালে।

আলোচনাৰ সামৰণি পৰিছে। তুমি এতিয়া যাব পাৰা।

ক্ৰোধান্বিত মুখেৰে ওলাই যায় অপমানিত পুত্ৰ অজাতশত্ৰু। ৰাজসভা ত্যাগ কৰি ৰাজপ্ৰাংগনত অকলে অকলে বহি চিন্তা কৰি ৰয় তেওঁ। তাৰ পিছত প্ৰধানমন্ত্ৰীলৈ চমন পঠিয়ালে। চমন পঠিয়ালে বন্ধু দেৱদত্তলৈ।

প্ৰধানমন্ত্ৰী, মগধৰ তৰোৱালে বৈশালীৰ ডিঙি কাটিবলৈ অসমৰ্থ হোৱাৰ বেদনাই মোক পিষ্ট কৰিছে। মগধবাসীৰ ওচৰত আমি লজ্জানত হৈছোঁ। মহাৰাজে অধৰ্মী সন্ন্যাসীৰ লগ হৈ ৰাজকাৰ্যলৈ পিঠি দিছে। পিতায়ে বৈশালী আক্ৰমণৰ প্ৰসংগ শুনিবই নোখোজে।

দূৰৈৰে প্ৰস্তৰখণ্ডটোত চকু ৰাখি অজাতশত্ৰুৱে কৈ যায়। প্ৰধানমন্ত্ৰীয়ে বুজি উঠে কথাৰ গম্ভীৰতা। বৈশালীক চিৰশত্ৰু জ্ঞান কৰা প্ৰধানমন্ত্ৰীয়ে শেলপাট মাৰিবলে নেৰিলে।

হয় যুৱৰাজ, আমি মগধৰ ৰাজবিষয়াসকলে প্ৰজাৰ বহুত প্ৰশ্নৰ উত্তৰ দিবলৈ অসমৰ্থ হৈছোঁ। আনহে নালাগে, মগধবাসীয়ে এতিয়া মগধৰাজ বিম্বিসাৰ আৰু বৈশালীৰ নগৰবধূৰ সম্পৰ্কক নানান কথা কবলৈ আৰম্ভ কৰিছে। এনেধৰণৰ কথাই মগধ নৃপতিৰ পূৰ্বৰ মানদণ্ড নিম্নগামী কৰিছে। অদূৰ ভৱিষ্যতে প্ৰজাসকল ৰজাবিৰোধী আচৰণ কৰাৰো আশংকা আছে।

গভীৰ চিন্তাত নিমগ্ন হল তিনিও। অজাতশত্ৰুৱে অস্ফূট স্বৰেৰে কৈ উঠিল,

এয়াই উপযুক্ত সময়। মহাৰাজক ইয়াৰ সমুচিত শিক্ষা দিয়া যাওক।

বন্ধু দেবদত্তই এইবাৰ মাত লগালে,

যুৱৰাজ, আমি এতিয়া সকলো দিশৰ পৰাই সংকটত আছোঁ। মহাৰাজ বিম্বিসাৰৰ নিৰাসক্তিয়ে মগধক এক ঘোৰ তমসালৈ ঠেলি দিছে। মগধে এতিয়া আপোনাৰ দৰে নৃপতি বিচাৰিছে যুৱৰাজ। মগধৰ ঐতিহাসিক সাম্ৰাজ্যত আপুনি উদিত সূৰ্যৰ দৰে জিলিকি উঠক। বৈশালীত প্ৰাণত্যাগ কৰা প্ৰতিজন মগধ সৈনিকৰ তেজৰ দাম দিয়ক যুৱৰাজ। এয়া কেৱল আপোনাৰ দ্বাৰাহে সম্ভৱ। আপুনি মগধৰ শাসনভাৰ নিজ হাতলৈ লৈ আনক।

অজস্ৰ পৰামৰ্শ আৰু কথাৰে উত্তেজিত কৰি তোলা অজাতশত্ৰু কিন্তু আশ্চৰ্যজনকভাৱে মৌন হৈ দূৰৰ সীমনাত থকা নীলা গিৰিমালালৈ চাই ৰল। কি কৰা উচিত কি অনুচিত সেই সিদ্ধান্ত যেন নিজ বিবেকে লব পৰা অৱস্থাত নাই। পিতৃদায়িত্ব নে ৰাজদায়িত্ব, কোনটোক অগ্ৰাধিকাৰ দিয়ে তেওঁ।

কেইবাদিন পাৰ হৈ গল। বিম্বিসাৰ নিজকক্ষত আৱদ্ধ হৈ থাকিল। অজাতশত্ৰুৱে নিজ কক্ষত গুজৰি গুমৰি থাকিল। কোনো আনুষ্ঠানিকতা নোহোৱাকৈয়ে পিতৃৱে এদিন তেওঁক যুৱৰাজৰ খিতাপ দিছিল। একমাত্ৰ পুত্ৰ হিচাপে সেইদিনা তেওঁৰ বুকু গৰ্বত ওফন্দি উঠিছিল। মগধৰ পৰৱৰ্তী ৰজাৰ চকুৰে চাই মগধৰ প্ৰজাসকলেও তেওঁক মান্যতা প্ৰদান কৰিছিল। এতিয়া সতীয়া ভায়েকৰ কথা টানি খোদ পিতৃ বিম্বিসাৰে তেওঁক কটাক্ষ কৰিছে। এই নিৰাপত্তাহীনতা, এই হতাশাই তেওঁক নিজ পিতৃৰ পৰা দূৰলৈ লৈ গৈ থাকিল। একে সময়তে প্ৰধানমন্ত্ৰী আশুতোষ আৰু দেৱদত্তই ভিন্নসুৰী পৰামৰ্শৰে যুৱৰাজৰ কৰ্ণ ঘোলা কৰি থাকিল। সেনাপতিয়েও অজাতশত্ৰুৰ ওচৰত বিম্বিসাৰৰ বিৰুদ্ধে একেই অভিযোগ উত্থাপন কৰিলে। সকলোৰে একেই প্ৰশ্ন, সম্ৰাট বিম্বিসাৰৰ মনত কি চলি আছে? অন্য বহুত ৰাজপৰিয়ালৰ দৰেই মগধৰ ৰাজসদস্যসকলৰ হাততো ভিক্ষাপাত্ৰই শুৱনি কৰিব নেকি? ৰাজবিষয়াসকলৰ অতদিনৰ গৰিমা, ঐশ্বৰ্যৰ একোৱেই মূল্য নাথাকিব নেকি?

অৱশেষত অজাতশত্ৰুৱে চূড়ান্ত সিদ্ধান্ত লৈ পেলালে।

কি সিদ্ধান্ত?”, মগধৰাজৰ বাৰ্তা কঢ়িয়াই অনা দূতজনৰ দীঘলীয়া বাৰ্তালাপৰ অন্তত মই তেওঁক প্ৰশ্ন কৰিলোঁ।

পিতৃক কাৰাবন্দীৰ সিদ্ধান্ত।”, দূতজনে নিৰুদ্বেগ চিত্তে যেন কৈ উঠিল।

কি!”, তেওঁৰ নিৰুদ্বেগ উত্তৰত মই একপ্ৰকাৰ চিঞৰি উঠিলোঁ।

সম্ৰাট বিম্বিসাৰৰ ৰাজকীয় অৱয়বটো মনলৈ আহিল মোৰ। সেইজন ব্যক্তি এতিয়া পুত্ৰৰ হাতত কাৰাবন্দী। ক্ষমতাৰ খকত ইমান নিষ্ঠুৰ হয়নে মানুহ?

কি হব এতিয়া তেওঁৰ?”

মৃত্যুৰ বাদে আন গত্যন্তৰ নাই।

মৃত্যু! ইমান সহজ নে এই শব্দ!”

সেয়াই লক্ষ্য মগধৰ বৰ্তমানৰ ৰজা অজাতশত্ৰু আৰু তেওঁৰ বিষয়াসকলৰ। পিতৃ বিম্বিসাৰক পৰ্বত এখনত বন্দী কৰি ৰাখিছে মগধৰাজ অজাতশত্ৰুৱে। অনাহাৰে অনিদ্ৰাই ৰাখিছে তেওঁক। কিন্তু কি জানেনে দেৱী? অনাহাৰতো তেওঁৰ মুখ স্বৰ্ণৰ দৰে উজলি আছে। বেণুবন উদ্যানত বাহৰ পতা শাক্যমুনিৰ বাণী শুনি প্ৰজ্বলিত হৈ উঠে তেওঁৰ আত্মা।

চকুৰ কোণ জিলিকি উঠে মোৰ। সংগীতপ্ৰিয় মানুহজনৰ কোমল চকুহাল মোৰ চকুৰ আগলৈ আহি নাচিবলৈ ধৰিলে। মিথ্যাবাদৰ প্ৰতিদানস্বৰূপে মই তেওঁক ঘৃণাৰে ওপচাই দিলেও সেই সময়ৰ চিনাকী সুৰভিয়ে জানো মোক প্ৰতিনিশা আমনি নকৰে?

হৰিৎবৰ্ণী শেলুৱৈয়ে ঢাকি ৰখা শিলাখণ্ডত আঁউজি স্থবিৰ হৈ ৰলোঁ মই। মোৰ বাবেই শাস্তি ভোগ কৰিব লগা হল একালৰ প্ৰতাপী ৰজা বিম্বিসাৰে। হয়তো প্ৰেমৰ বাবেই এই পৰিণতি মগধসম্ৰাট বিম্বিসাৰৰ।

বৈশালী আক্ৰমণৰ পাং পাতিছে মগধৰাজ অজাতশত্ৰুৱে।

এই কঠোৰ বাৰ্তা প্ৰেৰণ কৰি মগধৰ দূতজন নিৰুদ্দেশ হৈ গল। যুদ্ধৰ আগমনৰ খবৰে মোৰ মনটো দুগুণ বিচলিত কৰিলে। আকৌ বৈশালীত ৰক্তপাত হ, আকৌ মৃতকৰ শৰীৰেৰে ফল্গুৎসৱ পালন হ, হস্তীপাৱ আৰু অশ্বখুৰাৰ চলনত সেউজী শ্যামলা মোৰ স্নেহৰ নগৰীখন আকৌ ধূলিৰে ধূসৰিত হব।

অৰণ্যবেষ্টিত ভূমণ্ডলৰ শৃগালজাকে দিনতে হোৱা দি উঠিল। কাক এজনীয়ে কৰ্কশ মাতেৰে বিপদৰ জাননী দি গল। মোৰ বক্ষ দুৰুদুৰুকৈ কম্পন কৰিবলৈ ধৰিলে। যুদ্ধৰ এই বাৰ্তা যদি সঁচা হয়, মই এই মাত্ৰকে বৈশালীৰাজৰ কৰ্ণগোচৰ কৰা উচিত। একে সময়তে মই বিম্বিসাৰৰ লগত কোনোধৰণৰ সম্পৰ্ক ৰক্ষা কৰা নাই বুলি পতিয়ন যাবনে বৈশালীৰাজ?

আকৌ দোমোজা। আকৌ আশংকা। এই যেন চোকা তৰোৱালৰ ওপৰেৰে খোজ লৈছোঁ, লক্ষ্যত মনিব নোৱৰা অসংখ্য ধূলিকণা।

(আগলৈ)

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!