প’ষ্ট টাইটেল
লেখক- পূৰ্নাক্ষী ভট্টাচাৰ্য
মুহূৰ্তৰ ভিতৰতে লাইক আৰু কমেণ্টেৰে তাৰ ফটোখন ভৰি পৰিল। পৰিবই। জনা কথা তাৰ বাবে। বৰ্তমানৰ নামি দামী ফটোগ্ৰাফাৰ সি। নিজাকৈ খোলা তাৰ ষ্টুডিঅ’টোৰ নাম দিল্লীৰ আগশাৰীৰ ষ্টুডিঅ’বোৰৰ মাজত জনপ্ৰিয় হৈ উঠিছে। বিশেষকৈ বিয়াৰ ফটোগ্ৰাফীৰ ক্ষেত্ৰত তাৰ চাহিদা আটাইতকৈ বেছি। মডেলিং আৰু ফটোশ্বুটৰ সীমাহীন প্ৰস্তাৱো তাৰ ওচৰলৈ আহে। যদিও এই ক্ষেত্ৰত তাৰ অনাগ্ৰহ আন বহুতৰ বাবে আগ্ৰহৰ বিষয় হৈ উঠিছে। জানে সি সকলোবোৰ কথা। তথাপিও আজিলৈ সি তাৰ সিদ্ধান্ত সলনি কৰা নাই।
নাই নহয়।
পৰা নাই।
আবিগেইলে দিয়া নাই।
ফটোগ্ৰাফী তাৰ বাবে আছিল নিচা। কেৱল নিচা। ঠিক আবিগেইলৰ দৰে নিচা।
‘কিয় আবিগেইল? তই মোৰ একমাত্ৰ নিচাটোকো মোৰ পৰা কিয় আতঁৰাই নিলি? কিয় হা? ‘
মনলৈ অহা গোঁজৰনিখিনি সি ঠেলি হেঁচি ভিতৰলৈ ভৰাই থ’লে। ওলাই আহিব দিলেই যে পুনৰ এটা ৰাতিৰ বাবে সি শেষ হৈ যাব। শেষ হৈ যোৱাত তাৰ আপত্তি নাই। কিন্তু বাৰে বাৰে ঘূৰি আহিবলৈহে সি কষ্ট পায়। সহ্য কৰিব নোৱাৰাকৈ সহ্য কৰিবলগীয়া হোৱা কষ্ট। নিৰ্লিপ্তভাৱে এফালৰ পৰা তাৰ ফটোখন লাইক কৰা মানুহবোৰৰ নামবোৰ চাই গ’ল সি। আছে, প্ৰায়খিনি চিনাকি মানুহৰ নামেই আছে। তথাপিও সি চাই গ’ল তললৈ। আৰু তললৈ।
‘হোৱেৰ আৰ য়ু মিছ নেগি? ‘ অৱশেষত সি মেছেজ এটা পঠিয়াই দিলে।
আপলোড কৰা কাচলৰ সেই বিশেষ ৰাতিটোত তোলা ফ’টখনলৈ সি চাই ৰ’ল।
‘ভালপাওঁ মই নদী। ‘
কোনে কৈছিল? আবিগেইলে? তাইতো আছিল বালিৰ দেশৰ মানুহ। তেন্তে?
বুকুখনত কিহবাই টান মাৰি ধৰিলে তাৰ।
জিলিকি থকা সেউজীয়া ডটবোৰলৈ চাই ৰ’ল সি। নাই। হাতঘড়ীটোত ইতিমধ্যে এঘাৰ বাজি যোৱাৰ সংকেত দেখুৱাইছে। এতিয়া তাৰ প্ৰশ্নৰ কোনো উত্তৰ অহাৰো সম্ভাৱনা নাই। আৰু ৰৈ থকাৰ বাহিৰে তাৰ ওচৰত একো গত্যন্তৰ নাই।
সুদৃশ্য গ্লাছটোৰ ভিতৰৰ ৰঙীণ পানীয়খিনিলৈ সি একেথিৰে চাই ৰ’ল। ভাগৰ লাগিছে তাৰ। যোৱা তিনিদিন ধৰি সি গণি গণি কেই ঘণ্টামানহে শুবলৈ আহৰি পাইছে। বিয়াখনৰ কামবোৰ শেষ পৰ্যায় পাইছেহি। কইনা বিদায় দিয়া পৰ্বটোহে বাকী আছে। অলপ সময়ৰ বাবে সি লগৰকেইটাক চাবলৈ দি ৰভাখনৰ চুক এটাত বহিছেহি। ভৰিৰ কলাফুল দুটাত মিহি মিহিকৈ বিষ এটা উঠি আহিছে। ভৰি দুখন ভালদৰে মেলি বহিল সি।
“অভি? আকৌ ভৰি বিষাল হ’বলা তোৰ? ” আবিগেইলৰ মাতত সি ঘূৰি চাইছিল। প্ৰেক্টিকেল ক্লাছত প্ৰায় দুঘণ্টা থিয় হৈ ৰোৱাৰ পাছত সি লাইব্ৰেৰীৰ ওচৰৰ চিৰিকেইটাত বহিছিল অলপ সময়।
“দেছোন ভৰিদুখন অলপ মালিছ কৰি। “
হোহোৱাই হাঁহি উঠিছিল আবিগেইলে।
মেচেজৰ শব্দত তাৰ তন্ময়তা ভাঙিল।
‘মিছ নেগি। ‘ অস্ফুট স্বৰেৰে নিজকে ক’লে সি।
ৰঙীন পানীয়খিনিৰ মাজৰে আবিগেইলে এইবাৰ হাঁহি উঠিল। এইবাৰ ৰঙীন পানীয়খিনি চুই চাবলৈ মন গ’ল তাৰ। নাই, হাতখন আগ নবঢ়ালে সি। দূৰৰ পৰাই চাই থকা ভাল।
‘বিষণ্ণতা ক’ত থাকে অ’ আবিগেইল? ‘ পাবটোত চুকৰ টেবলখনত দুয়ো বহি আছিল পানীয়ৰ মাজত। কথাতকৈও বেছি আছিল নিশব্দতা।
‘সবতে থাকে। য’তেই বিচাৰিবি ত’তেই পাবি। ‘
‘তোৰ মাজতো আছে বিষণ্ণতা? ‘
‘মোৰ মাজত তইহে আছ অভি। অ’ অৱশ্যে তই যিদিনাখন নাথাকিবি, সেইদিনা বিষণ্ণতাই ভিৰ কৰিবহি। ‘
তাইৰ গ্লাছটোত থকা পানীয়খিনি একেবাৰতে গলাধকৰণ কৰি সি কৈ উঠিল– ‘চা আবিগেইল। তোৰ বিষণ্ণতাক মই গিলি থৈ দিলো। ‘
‘আই হেভ লেফ্ট হিলছ। ‘
মেচেজটো দুবাৰমান পঢ়ি চালে সি। মাত্ৰ এটায়ে বাক্য। যোৱা তিনিদিন ধৰি বহুবাৰ সি মেচেঞ্জাৰটো খুলি চাই আছে কামৰ মাজে মাজে। অৱশ্যে কেতিয়াকৈ তিনিদিন আগত মিছ নেগিলৈ পঠোৱা মেচেজটোৰ কিবা উত্তৰ পাব, সেয়া তাৰ বাবেও অজানা আছিল। হয়তো তিনিমাহ হৈ গ’লেও তাৰ আচৰিত হ’বলগীয়া একো নাছিল। বহুবছৰ আগতে ফেচবুকৰ কোনোবা গ্ৰুপত সি আপলোড কৰা নদীৰ ফটো এখনৰ কথালৈ চিনাকি হৈছিল মিছ নেগিৰ সৈতে। নদী আৰু ফটোৰ কথাৰ মাজতে এপাকত মিছ নেগিৰ চকুজুৰিলৈ চাই সি ৰৈ গৈছিল।
‘আবিগেইল, মই বাৰু কেতিয়াবা বিষণ্ণতাক বিচাৰি পাম নে? ‘
‘ওঁহো, বিষণ্ণতাই নিজৰ বাট বিচাৰি ল’ব জানে। যদি সেই বাট তোলৈ কাটি থোৱা আছে, তেন্তে বিষণ্ণতাই নিজে তোক বিচাৰি ল’ব।
“সেইদিনা তোক মই পাৰ্টি দিম দে। ” হো–হোৱাই হাঁহি সি কৈছিল।
মিছ নেগিৰ চকুজুৰি দেখি সি পুনৰ পানীয়ৰ বটলটো হাতত তুলি লৈছিল সেই ৰাতি। “আবিগেইল, আহচোন পাৰ্টি কৰো“- অস্ফুট স্বৰেৰে বিৰবিৰালে সি।
তাতকৈ বহু বছৰে সৰু, অৰ্ন্তমুখী আৰু নদীৰ কথা পাতি ভালপোৱা ছোৱালীজনীক সি মনত ৰাখিছিল। মনত ৰাখিছিল তাৰ প্ৰায়ভাগ ফটোতে তাই দিয়া মন্তব্যবোৰ। প্ৰফেশ্বনেল ফটোগ্ৰাফাৰ হিচাপে সি সদায়ে পোৱা উচ্চ প্ৰশংসিত মন্তব্যবোৰৰ বিপৰীতে তাইৰ কথাবোৰ আছিল নদীৰ দৰেই সৰল, চিধা। আবিগেইলৰ পাছত প্ৰথমবাৰৰ বাবে সি কাৰোবাৰ লগত কথা পাতিছিল। নদীৰ কথা, ফটোৰ কথা, মানুহৰ কথা, সমাজৰ কথা, তাইৰ জীৱনৰ সৰু সৰু সপোনবোৰৰ কথা, তাইৰ পাহাৰৰ কথা আৰু বহু কথা। কেতিয়াবা দিনেপ্ৰতি, কেতিয়াবা সপ্তাহৰ মূৰত আৰু কেতিয়াবা মাহদিন ধৰিও কোনো কথা নহৈছিল। বহু কথাৰ মাজত যি কথা কেতিয়াও পতা নহৈছিল সেয়া আছিল কেৱল তাৰ জীৱনৰ কথা। মাত্ৰ এদিনেই এক অসৰ্তক মুহূৰ্ত্তত তাৰ মুখৰ পৰা ওলাই পৰিছিল আবিগেইলৰ নাম।
‘হু ইজ আবিগেইল হা? ‘
‘মিছ নেগি, আবিগেইল হ’ল মই বাৰে বাৰে কৰা একেটা ভুল। আবিগেইলৰ বুকুত ভেঁজা দিয়েই মই আজিৰ মইজন হোৱা পথত খোজ পেলাইছিলো। অথচ সময় যে আবিগেইলৰ বাবেও বান্ধি থোৱা আছিল। সময়মতেই আবিগেইল গুচি গৈছিল। নিজৰ বাটেৰে। মই ৰৈ গ’লো সেইসময়তে। ‘
চিগাৰেটৰ ধোঁৱাখিনি এৰি দি সি টাইপ কৰা মেচেজটো আকৌ এবাৰ পঢ়ি চাইছিল। লাহেকৈ হাঁহি এটা মাৰি সি আগৰখিনি মোহাৰি নতুনকৈ লিখিছিল–
“মিছ নেগি, ইট্ ইজ পাৰ্চনেল। ” মেচেজটো পঠিয়াই সি
একাউণ্টটোৰ পৰা লগ আউট কৰিও সেইভাঁজে বহি ৰৈছিল সি। নোৱাৰিছিল সি কাকো আবিগেইলৰ কথা ক’বলৈ।
‘তই মোৰ বুকুতে সোমাই থাক অ’ আবিগেইল। ‘
আবিগেইলে এৰা নাছিল তাক অকলে।
সেইদিনাও।
আজিও।
‘মিছ নেগি, হোৱাই হেভ য়ু লেফ্ট হিল্ছ? ‘
মেচেজটো পঠিয়াই কেমেৰাটো হাতত লৈ সি ওলাই আহিল। ইতিমধ্যে ৰাতিপুৱাবলৈ আৰম্ভ হৈছে। কইনা বিদায়ৰ শ্বটকেইটা লোৱা হ’লেই তাৰ কাম শেষ। মুখেৰে একো অভিব্যক্ত নকৰিলেও এই সময়ছোৱাত সি যথেষ্ট অস্বস্তি অনুভৱ কৰে। বিয়া এখনৰ আৰম্ভণিৰ পৰা শেষ মুহূৰ্ত্তলৈ তাৰ কাম থাকে। প্ৰতিটো ক্ষেত্ৰতে নিজৰ কামক লৈ সি যথেষ্ট সচেতন। সামান্য হীন–ডেঢ়িও সি সহ্য নকৰে। কৰিব যে সি নোৱাৰে। প্ৰতিটো শ্বটৰ, ভিডিঅ’ৰ সময়ত আবিগেইল আহি ওলাইহি তাৰ সন্মুখত। প্ৰতিজনী কইনাৰ মুখৰ হাঁহিটোলৈ চাওঁতে তাৰ এনে লাগে যেন এইমাত্ৰ আবিগেইলে হাঁহি হাঁহি তাক ক’ব– “অই অভি, ভালকৈ তুলিবি দেই ফটোখন। ” তাৰ পাছত নিজা সাম্যৰ্থৰে ভালকৈ ফটো তোলাৰ বাহিৰে তাৰ হাতত আন উপায়ো যে নাথাকে। বিয়াখনৰ প্ৰতিটো মুহূৰ্ত্তত সি কইনাজনীৰ ঠাইত আবিগেইলক কল্পনা কৰিয়ে সময়খিনি পাৰ কৰে যদিও বিদায়ৰ সময়ত তাৰ ধৈৰ্য্য শেষ হৈ যায়। আবিগেইলতো তাৰ। তাইক কেনেকৈ বিদায় জনাব সি?
‘আচ্ছা আবিগেইল, ক’চোন। মই যদি নোহোৱা হৈ যাওঁ তই কি কৰিবি? ‘
‘’ওমমমম, মই সদায় আকাশলৈ চাই তোক বিচাৰিম। “
“আৰু যদি বিচাৰি নাপাৱ, তেন্তে? “
“পাম। ‘ দুচকুত প্ৰত্যয় সানি আবিগেইলে কৈছিল–
“আৰু যদি মই হেৰাই যাওঁ অভি, তেতিয়া? “
“মোৰ আঁকৰীজনী, তোক মই হেৰাই যাবলৈ নিদিওঁ নহয়। “
“আৰু যদি যাওঁ? ” আবিগেইলৰ দুচকুলৈ চাই কঁপি উঠিছিল সি। এক অনামী ভয়ে তাক কোঙা কৰি পেলাইছিল। সাবটি ধৰিছিল সি তাইক। জোৰেৰে। আৰু জোৰেৰে।
“তয়ো আকাশলৈ চাই মোক বিচাৰিবি হা। মই হেৰাই গ’লেও তাৰ পৰা তোক চাই থাকিম নহয়। ” হাঁহি হাঁহি আবিগেইলে কৈ উঠিছিল।
হঁহা নাছিল সি।
সেইদিনাও।
তাৰ পাছত কোনোদিনে।
আকাশলৈ চোৱা নাছিল সি।
সেইদিনাও।
তাৰ পাছত কোনোদিনে।
দুটামান শ্বট লৈ সি প্ৰতিবাৰৰ দৰেই বাকীখিনি লগৰটোক চম্ভালি ল’বলৈ কৈ নিজৰ ষ্টুডিঅ’লৈ গাড়ী পোনালে। এতিয়া তাৰ টোপনি অহাৰ কোনো সম্ভাৱনা নাই। এনে থকাতকৈ ফটোৰ কামখিনি আগবঢ়াই থোৱাটোকে সি উচিত বুলি বিবেচনা কৰিলে। বন্ধ হৈ যোৱা ফোনটো চাৰ্জত লগাওতেই মিছ নেগিৰ নামটো উজলি উঠিল।
“শ্বিফ্টেড টু অমৃতসৰ। ডেয়াৰ ইজ নাথিং লেফ্ট ফৰ মি ইন হিলছ। “
মেচেজটো পঢ়ি অলপ সময় সি ৰৈয়ে থাকিল। পুনৰ এবাৰ মেচেজটো পঢ়ি চালে সি। নাই, বৰ্তমান এই মেচেজটো কোনো উত্তৰ তাৰ ওচৰত নাই। কেমেৰাটো লেপটপৰ লগত কানেক্ট কৰি বিয়াৰ ফটোবোৰ সি লেপটপলৈ ট্ৰেন্সফাৰ কৰি ল’লে। গোটেইখিনি ফটো এবাৰ ওপৰে ওপৰে চাই নিজৰ কৰিবলগীয়াখিনি মনৰ মাজতে জুকিয়াই ল’লে সি। প্ৰায় তিনি দিন লাগিব তাক গোটেই ফটো, ভিডিঅ’বোৰ এডিট কৰি চূড়ান্ত ৰূপ দিবলৈ। তিনিদিনলৈ আন কোনো কাম নাৰাখিবলৈ লগৰটোক মেচেজ দি লেপটপৰ অসংখ্য ফটোৰ মাজৰ পৰা সেই বিশেষ ফটোখন উলিয়াই ল’লে সি।
গোৱাৰ আবেলিটোত আবিগেইলৰ লগত তোলা ফ’টখনেই সিহঁত দুয়োৰে শেষ ফটো আছিল। সাগৰৰ পাৰলৈ সেয়াই তাৰ শেষ যোৱা। তেতিয়াৰ পৰা যোৱা নাই। ঠিক যোৱা নাই নহয়। যাব পৰা নাই।
“অভি, তই যে অকলে ফ’ট নুঠিবি দেই। “
“হোৱাই ডণ্ট য়ু হেভ আ ছিংগেল ফটো অৱ ইয়ৰ্ছ হা? “
মিছ নেগিৰ প্ৰশ্নটোত আচৰিত হোৱা নাছিল সি। ফেচবুকত তাৰ নিজাকে ফটো এখনো নাই। প্ৰয়োজনবোধ কৰা নাছিল সি।
“মিছ নেগি, ফটো তোলাটো বৰ সহজ কাম। নিজৰ ফটো এখন তোলাটো তাতোকৈও সহজ কাম। কিন্তু নিজৰ ছাঁয়াৰ ফটো এখন বাৰু কেনেকৈ তোলা যায়? ছাঁটোৱে নিজে আগবাঢ়ি নাহে যে! হাঁ হাঁ হাঁ। “
ক’ম বুলি ভাবিও একোকে কোৱা নাছিল সি। আবিগেইলৰ কথা বুজাব পৰাকৈ নিজে প্ৰস্তুত হৈ উঠা নাছিল সি।
“মিছ নেগি, আই হোপ আই ৱিল হেভ আ গুড ক্লিক ইন য়ৰ হিলছ চামদে। “
“ছো হুইট্ছ ৱান ইজ য়ৰ বেষ্ট ক্লিক টিল নাউ? “
“ৱেল, আই নিদ টু ৰিচ্ছেক মাই কালেকচন ফৰ ডেট মিচ নেগি। ” অতি জটিল প্ৰশ্নবোৰৰ উত্তৰ যিমান পাৰি সৰলভাৱে দিবলৈ চেষ্টা কৰিছিল সি।
“মই অকলে ফটো উঠিলে তই বেয়া পাবি নেকি আবিগেইল? “
“অভি, বেয়াপোৱা কথাটো সদায় নঞৰ্থক নহ’বও পাৰে। বেয়া পাওঁ বুলিটো কাকো বেয়া পোৱা নাযায়। ভালপোৱা যেনেদৰে উশাহত থাকে, বেয়াপোৱাও তেনেদৰেই সংগোপনে থাকে। হাঁহিৰ আঁৰত। লাহে লাহে গঢ়ি উঠে সকলোখিনি। বাদ দিওঁ বুলিও বাদ দিব পৰা নাযায়। “
হাঁহি এটা লাহেকৈ তাৰ ওঁঠেৰে বাগৰি গ’ল।
“নোৱাৰো আবিগেইল। তই নোহোৱা হৈ গ’লি। অথচ তোক মই বেয়া পাবও নোৱাৰো। “
মেছেঞ্জাৰৰ সলনি সি এইবাৰ ফেচবুকটো খুলি ল’লে। চাৰ্ছবাৰত গৈ টাইপ কৰিলে– ‘শিখা নেগি’। চুটি চুলিৰে, গোলকৈ মুখৰ ছোৱালীজনীলৈ চাই ৰ’ল সি। আবিগেইলক বুকুৰ মাজত সামৰি মিছ নেগি বুলি মতা ছোৱালীজনীৰ লগত বহুদিনেই বহু কথা পাতিলে সি। অথচ কোনোদিনেই নিজাববীয়াকৈ নুসুধিলে তাইক তাইৰ কথা। প্ৰায়ে পাহাৰলৈ ফটো তুলিবলৈ মতা পাহাৰীয়া ছোৱালীজনীয়ে আজি আচম্বিতভাৱে পাহাৰ এৰা কথাটোৱে তাকোচোন ক’ৰবাত ঠেকা খুৱাইছে। ঢুলু ঢুলু চকুজুৰিলৈ এপলক চাই মেচেজ এটা তাইলৈ পঠিয়াই দিলে– “য়ু ন’ মিছ নেগি, য়ু টু হেভ আ ৰিভাৰ ইন য়’ৰ আইজ। ” লেপটপটো বন্ধ কৰি সি বহি ৰ’ল বহুসময়।
” আবিগেইল, কচোন কিবা এটা। ” নিজকে অস্ফুট স্বৰেৰে ক’লে সি।
“অভি, তই উঠোৱা আটাইতকৈ ধুনীয়া ফ’টখন কিন্তু মোৰেই হ’ব লাগিব দেই। ” চিৰদিনৰ বাবে হেৰাই যোৱাৰ আগত গোৱাৰ আবেলিটোত আবিগেইলৰ শেষৰটো হেঁপাহ আছিল এখন ধুনীয়া ফ’ট উঠাৰ। হয়তো তাই জানিছিলেই কেতিয়াবা গুছি যাবলগীয়া হ’ব বুলি। বহু ফটো উঠাইছিল যদিও এই কথাটোত সি সেই সময়ত অকনো গুৰুত্ব দিয়া নাছিল। তাৰো মন আছিল আবিগেইলৰ ধুনীয়া ফটোখন উঠোৱাৰ, তাৰ জীৱনৰ সবাতোতকৈ ধুনীয়া ফ’টখন তোলাৰ। বিশেষভাৱে কোনোবা এদিন। অথচ ফটোখন তুলিবৰ বাবে যে আবিগেইল ৰৈ নাথাকিব সেয়া তাৰ সপোনৰো অগোচৰ আছিল।
ওমানৰ পৰা পুনে য়ুনিভাৰ্ছিটিলৈ পঢ়িবলৈ অহা আবিগেইল নামৰ ছোৱালীজনী তাৰ মাজত এনেদৰে সোমাই পৰিছিল যে তাৰ পৰা সি আজিও ওলাব পৰা নাই। বালিৰ দেশৰ মানুহ আবিগেইল পুনৰ বালিত মিহলি হৈ যোৱাৰ পাছত সিয়ো পুনৰ দিল্লীলৈ ঘূৰি গৈছিল। আবিগেইল অবিহনে সেই চহৰ তাৰ বাবে মৰুভূমি সদৃশ হৈ পৰিছিল। বহু দিন, বহু ৰাতি সি মাথোঁ আবিগেইলৰ ফটো আৰু ভিডিঅ’ চায়ে পাৰ কৰিছিল। এটা সময়ত কেমেৰাটো হাতত লৈয়ে সি পুনৰ নিজকে বিচাৰিবলৈ আৰম্ভ কৰিছিল। অকল নিজকে নহয়, লগতে আবিগেইলকো। বছৰ পাৰ হ’ল। বহু বছৰেই পাৰ হ’ল। কোনদিনাখন ফটোগ্ৰাফী নিচাৰ পৰা গৈ পেচা হৈ পৰিল সি গমেই নাপালে। বিভিন্ন ধৰণৰ এছাইনমেণ্টৰ মাজত সি পাহৰিয়ে থাকিল যে এখন ফটো তাৰ উঠাবলৈ এতিয়াও বাকী আছে। ধুনীয়া ফটো। সি উঠোৱা আটাইতকৈ ধুনীয়া ফটো। সি উঠাব বিচৰা আটাইতকৈ ধুনীয়া ফটোখন। যিটো সপোন সি আবিগেইল যোৱাৰ পাছত ভাবিবলৈকো বাদ দিছিল।
“জান অভি, যেতিয়াই তই তোৰ জীৱনৰ ধুনীয়া ফ’টখন বিচাৰি পাবি, তেতিয়াৰ পৰাই কোনো বিষণ্ণতাই তোক চুব নোৱাৰিব কেতিয়াও। বিচাৰিবলৈ চাবি হা। ” হস্পিতেলৰ বিছনাৰ পৰা সেয়াই আছিল আবিগেইলৰ তাৰ প্ৰতি শেষ কথা।
মেচেঞ্জাৰ পুনৰ খুলি চালে সি। নাই। কোনো উত্তৰ নাই। কিবা এটা লিখিবলৈ লৈও ৰৈ গ’ল সি। তাৰ সলনি প্ৰায় এঘণ্টা ধৰি কেমেৰা, লেন্স, ষ্টেণ্ড আৰু অন্যান্য যাৱতীয় সামগ্ৰীসমূহ বেগটোত ভৰাই সি সাজু হ’ল।
“আবিগেইল অ’। যা গৈ যা। কিমান দিন আৰু তোক এনেকৈ ধৰি থাকিম? “
ৱালেটতোৰ পৰা দুয়োৰে পুৰণি ফ’টখন উলিয়াই সি লাহেকৈ চুমা এটা খালে। আবিগেইলে যেন আকৌ এবাৰ হাঁহি উঠিল! ঠিক গোৱাৰ আবেলিটোত তাৰ হাতত ধৰি ফটোখন উঠিবৰ সময়ত হঁহাৰ দৰে।
“মে আই হেভ য়ৰ এটেনচন প্লিজ। ট্ৰেইন নাম্বাৰ ৱান টু নাইন টু নাইন, নিউ দেল্হি টু অমৃতসৰ জাংচন ইজ ৰেডি টু ডিপাৰ্ট ফ্ৰম প্লেটফৰ্ম নাম্বাৰ চেভেন। ” মাইকত ভাঁহি অহা ঘোষণাটো শুনি সি বহাৰ পৰা উঠিল।
“মোৰো যাবৰ হ’ল আবিগেইল। ” ফ’টখনলৈ চাই সি কৈ উঠিল। নিজৰ সমস্ত কাম একাষৰীয়া কৰি থৈ এক অনিশ্চিত যাত্ৰাৰ সন্ধানত ওলাই আহিছে সি। যি যাত্ৰাৰ ঠিকনাও সি নাজানে।
“অভি, গ’ প্লিজ। ” ফ’টখনৰ পৰা চকুদুটা ডাঙৰ কৰি আবিগেইলে যেন কৈ উঠিল। হাতৰ সমস্ত জোৰেৰে ফটোখন ফালি সি ট্ৰেইনখনত উঠিল। টুকুৰা টুকুৰ হৈ প্লেটফৰ্মত সিঁচৰিত হৈ পৰা ফটোখনলৈ সি ঘূৰি নাচালে। ঘূৰি চালেই যে সি ৰৈ যাব। আকৌ এবাৰ। আৰু ৰৈ গ’লেই যে আবিগেইলো ৰৈ যাব। আৰু ৰৈ যাব সি উঠাব বিচাৰি থকা ফ’টখন।
“মিছ নেগি, লেটছ ফাইণ্ড মাই বেষ্ট ক্লিক টুগেদাৰ। আই এম কামিং। ” মেচেজটো লিখি লাহেকৈ সি ছেণ্ড বাটনটো টিপি দিলে। মিছ নেগিৰ নামৰ কাষত সেউজীয়া ডটতো জিলিকি উঠা তাৰ চকুত পৰিল।