এচুমুক ৰাগী আৰু সন্ধিয়াৰ অচিন লগৰী
লেখক- ৰূপালীম মহন্ত
: তেন্তে মিষ্টাৰ সূৰ্যবংশী! আপুনি এইফালৰ নহয় যেন লাগিছে। কি বুলিলে সম্পূৰ্ণ নামটো?
: ডি.আৰ. সূৰ্যবংশী। হয় ঠিকেই ধৰিছে, মই এই চহৰলৈ কামত হে আহিছোঁ। আগে পিছে মোৰ সহকাৰী–কৰ্মচাৰীবোৰকে পঠিয়াওঁ, কিন্তু এই এছাইনমেন্টটোৰ দায়িত্ব চখতে এইবাৰ নিজেই ল‘লোঁ।
: বাঃ। বেছ গহীন নামচোন আপোনাৰ। পিছে জটিল। আপোনাক কি বুলি মাতিম? মানে মানুহে কি বুলি মাতেনো?নিত্যান্ত অপ্ৰয়োজনীয় বুলি জানিও মই এনেয়ে কথাখিনি ক‘লোঁ।
বাৰ–কাউণ্টাৰত লগ পোৱা এই অচিনাকি মানুহজনৰ সৈতে মোৰ আড্ডা বেছ জমি উঠিছিল। থুলন্তৰ চেহেৰাৰ মোছ একোচাৰে গপছ মানুহজনে নিজৰ পানীয়ৰ গিলাচটো লিৰিকি বিদাৰি আছিল। মই লাহেকৈ চাকনৰ বাটিটো তেওঁলৈ ঠেলি দিছিলোঁ। তেওঁ মোৰ ফালে চাই সৌজন্যসূচক হাঁহি এটা মাৰিছিল। তেনেকৈয়ে আৰম্ভ হৈছিল আমাৰ কথোপকথন।
“হেংগ আউৎ” বোলা এই ৰেষ্ট্ৰ–বাৰখন বেছ অভিজাত। এপেগৰ পিছত ইপেগ গলাধকৰণ কৰি মই এইবাৰ সুধিলোঁ,: পিছে, আপুনি কৰে কি কাম? ট্ৰেভেলিং চেলছমেন যেন লগা নাই। ৰব, লেট মি গেছ, ইউ লুক লাইক এ পিপল পাৰ্চন। হিউমেন ৰিচৌৰছ? ৰাইট?
: ৰাইট ৰাইট। ঠিকেই ধৰিছে আপুনি। বিচক্ষণ নজৰ আপোনাৰ। মিষ্টাৰ সূৰ্য্যবংশীয়ে এইবাৰ হাঁহি পেলালে।
: মানুহৰ লগতেই মোৰ কাম। তেওঁলোকক আহৰণ কৰোঁ।
: অহ! ৰিক্ৰুইটমেন্ট?
: নহয়, কামটো অলপ কঠিন। চিধা নহয়…এক প্ৰকাৰ এক্সট্ৰেকশ্যন…।
: বুজিছোঁ বুজিছোঁ। প‘চিং! বেছ ইন্টাৰেষ্টিং।
নিজৰ বুদ্ধিমত্তাত নিজেই হাঁহি পেলালোঁ। এই নিখিলেশ কাকতিয়ে মানুহ পঢ়ি পেলায়।
মানুহজনে এইবাৰ মোলৈ চাই কৈ উঠিল,: আপোনাৰ কামটোওতো ইন্টাৰেষ্টিং কাকতি। আপুনি ৰহস্য উপন্যাস নিলিখে জানো? আপোনাৰতো বেছ ৰোমাঞ্চকৰ, মগজু লগোৱা কাম।
হাঃ হাঃ….সেইটো হয়। নিজৰ ফিল্ডত নাম থকা মই। এই নিখিলেশ কাকতিক সকলোৱে চিনি পায়। অগাধ সম্পত্তি মোৰ। অগাধ জনপ্ৰিয়তা। আৰু সেই জনপ্ৰিয়তা, সেই সম্পত্তিৰ বলতেইআত্মগৌৰৱত অন্ধ মই। আৰু সুযোগ পালেই আত্মশ্লাগাত বিভোৰ হৈ পৰোঁ মই। নহ‘মেই বা কিয়? কি নাই মোৰ? মানুহজনে কিবা কিবি কৈ আছিল।
: মোৰ মানুহৰ লগতেই কাম। মানুহক নিওঁ। আপোনাকো নিম কাকতি। পেগটো শেষ কৰক, বলক।
হতবাক হৈ তেওঁলৈ চাই থাকিলোঁ। নিচাখোৰ হ‘ব পাই। মোক আকৌ তেওঁৰ চাকৰিৰ কি প্ৰয়োজন?স্বয়ংসম্পূৰ্ণ, স্বনামধন্য মই। মানুহজনে ৱাইন খাই আছে। মই স্কটচ খোৱা পুৰুষ মানুহ। মানুহজনলৈ পুতৌ হ‘ল। কাঢ়া বস্তু হজম নহয় চাগৈ। সেইকাৰণে নাৰীৰ ড্ৰিংক্স লৈ বহি আছে।
স্কটচ অফাৰ কৰিলোঁ। বিনয়েৰে কৈ উঠিল তেওঁ:মোৰ মানে এইবিধ সোমৰস হে চলে।
তীৰ্যক হাঁহি এটা মাৰি মই নিজৰ তাগজ দেখুৱালোঁ। গিলাচটোৰ অৱশিষ্টখিনি কোট কোট কৈ গিলি মই তাচ্ছিল্যৰ হাঁহি এৰিলোঁ। সোমৰস! ধুই।
হঠাৎ কাউণ্টাৰৰ ওপৰত থকা টিভিটোত চকু পৰিল। আমাৰ সৰু চহৰখনত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। মদৰ ৰাগীত মতলীয়া গাড়ী চালকৰ থিতাতে মৃত্যু। সঁচাকৈ মদপীৰ অভাৱ নাই এই চহৰত। মই নিজেও “বাৰ হপিং” কৰি ভাল পাওঁ, কিন্তু ক‘তা, হাজাৰ মদ খাই গাড়ী চলালেও মোৰ হাত কেতিয়াও নকঁপে। একোৱে টলাব নোৱাৰে মোক।
আত্মসন্তুষ্টিত শেষৰ পানীয়কণ গিলি উঠোঁতেই চকুত পৰিল দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন। লেম্বৰঘিনি… গাঢ় নীলা, মোৰখনৰ দৰেই চোন। নাম্বাৰ–প্লেটখনো চিনাকি যেন লাগিছে। মোৰ দৰেই “মেড–টু–অৰ্ডাৰ“।হাৰে, এইখন চোন মোৰেই গাড়ী। অদ্ভুত বেপাৰতো।কোন চোৰে মোৰ গাড়ী চুৰ কৰি পলাইছিল, মৰিল বাপ্পেকে। ভাল হ‘ল, পালে এসেকা। গাড়ীখনৰ বেছি ক্ষয় ক্ষতি নহ‘লেই হ‘ল। নতুনতো। হ‘লেও একো নাই। অগাধ সম্পত্তি মোৰ। এখন গ‘লে, দহখন খাৰা কৰি দিম।
: বলক, উঠক।সূৰ্যবংশীয়ে মোক কৈ উঠিল।
: ক‘ত হে? ৰ‘ব…।
মানুহজনে বিৰক্ত কৰিছে মোক।
: আপোনাৰ যাবৰ হ‘ল।সূৰ্যবংশীয়ে মোৰ হাতখন আলফুলে ধৰিলে।
ই সমকামী নহয়তো? মোক বাৰৰ পৰা উঠাই নি মজা কৰিম বুলি ভবা নাইতো?ধুৰ চালা। য‘তসব। হাতখন উফাল মাৰি আঁতৰাই দিলোঁ।
: থওক হে, ক‘লৈ নিয়ে মোক? নিউজ চাওক। মোৰ গাড়ী চুৰি কৰি পলায়ন কৰোতে এজনৰ মৃত্যু। এয়া…..মোৰ লগত পাংগা লোৱা মানুহৰ এই গতিয়েই হয়।মই আঙুলিয়াই দেখুৱালোঁ। অলপ ভয় খুৱাব মন গৈছে সূৰ্যবংশীক।হাৰে, স্ক্ৰীনত চোন সেইটো…সেইটো…. মোৰ নাম জিলিকি উঠিছে।
: নিখিলেশ কাকতি, হয়, আপোনাৰেই নাম দিয়ক। সূৰ্যবংশীয়ে নিৰ্লিপ্তভাৱে কৈ উঠিল।
অট্টহাস্য কৰি উঠিলোঁ মই।
: অ ই চোৰে মানে মোৰ মানিবেগটোও চুৰ কৰিলে। সেইকাৰণে পুলিচে মই বুলি চিনাক্ত কৰি নাম দিছে….চাওঁ দগাবাজটোৰ মুখখন।
ক্ল‘জআপত চোৰটোৰ মুখখন দেখুৱাওঁতেই মোৰ মূৰটো ঘূৰিবলৈ ধৰিলে। সেইখন মোৰ মুখ। একেই চকু, একেই নাক, সোঁ গালৰ সোঁমাজত মাগুৰ বৰণীয়া মাহটো।সেইজন মই। কিন্ত কেনেকৈ?মোৰ চেহেৰা চুৰ কৰিছে? কি ৰহস্য!টিভি স্ক্ৰীনত সাংবাদিকজনে অহৰহ বকি আছিল,
: আজি বিশিষ্ট ৰহস্য সাহিত্যিক নিখিলেশ কাকতিয়ে মটৰ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱায়। মৃত্যুৰ সময়ত তেওঁ নিচাসক্ত অৱস্থাত আছিল আৰু দিক বিদিক হেৰুৱাই তেওঁৰ নতুন গাড়ীখন লোহাৰ দেৱালত খুন্দা মাৰে।
মোৰ মুখখন ঘামিবলৈ ধৰিলে।কাষৰ অচিনাকি সন্ধিয়াৰ লগৰীজনে ইতিমধ্যে মোৰ বাউসীত হাত থৈছিল। মজবুত হাত তেওঁৰ। গলগলীয়া কণ্ঠত তেওঁ কৈ উঠিল,
: হয় সেইজন আপুনিয়েই। মই আপোনাকেই নিবলৈ আহিছোঁ।
মই সেপ ঢুকিলোঁ। কি ৰহস্য? অপহৰণকাৰী? ষড়যন্ত্ৰ মোৰ সম্পত্তি কাঢ়িবলৈ?
তেওঁলৈ চাই প্ৰশ্ন কৰিলোঁ,: কোন আপুনি? পুলিচ? কিডনেপাৰ? নে চিকিৎসক? আচল পৰিচয় দিয়ক।
মোছ কোচাত তাও দি মিচিকিয়া হাঁহি মাৰি মানুহজনে লাজ লাজকৈ কৈ উঠিল,
: ইমানপৰে আচল পৰিচয়েইতো দি আছিলোঁ। মই ধৰ্মৰাজ সূৰ্যবংশী আকৌ, চমুকৈ ডি. আৰ. সূৰ্যবংশী। পিছে মৰমতে সকলোৱে যম বুলিও মাতে। তেতিয়া সুধিছিল নহয়, আপুনিও সেইবুলিয়েই মাতিব, কাকতি। যম।