ভূমি উৰ্বৰকৰণ প্ৰযুক্তি আৰু পৰিৱেশ পুনৰুদ্ধাৰ
লেখক- পংকজ কুমাৰ নেওগ
বৰষুণৰ পানী আৰু প্ৰাকৃতিক সম্পদসমূহক সঠিকভাৱে ব্যৱহাৰ কৰি মানুহে নিজে বাস কৰা পৃথিৱীখনক শীতল কৰি ৰাখিব পাৰে, অনুৰ্বৰ ভূমিক পুনৰ জীৱন দান দিব পাৰে আৰু এই প্ৰক্ৰিয়াৰ দ্বাৰা দৰিদ্ৰ সম্প্ৰদায়সমূহকো পুনৰুজ্জীৱিত কৰি তোলা সম্ভৱ। ইউৰোপৰ এটা এনজিঅ’ সম্প্ৰতি এনেবোৰ প্ৰকল্পত ব্যস্ত আৰু এই সংস্থাই কৰা কাৰ্যসমূহ সঁচাকৈয়ে অতি অনুপ্ৰেৰণামূলক। সংস্থাটোৱে বেয়াকৈ ক্ষয়প্ৰাপ্ত হোৱা ভূমিত নতুন জীৱন সঞ্চাৰ কৰিবলৈ প্ৰয়াস কৰি আহিছে। কেইখনমান দেশৰ স্থানীয় সম্প্ৰদায়সমূহক ভূমিৰ মালিকানা গ্ৰহণ কৰিবলৈ দি আৰু তৃণমূল পদ্ধতি কিছুমানৰ সহায়েৰে ভূমি পুনৰ উৰ্বৰকৰণ প্ৰকল্পসমূহ আগুৱাই নিবলৈ প্ৰেৰণা যোগোৱা হৈছে। তেওঁলোকে ব্যৱহাৰ কৰা কৌশলবোৰ সহজ কিন্তু অতিশয় কাৰ্যকৰী। এই পদ্ধতিবোৰ এনে ধৰণে ভাৱি উলিওৱা হৈছে যে কেৱল ভূমিখণ্ডৰ স্বাস্থ্যৰ উন্নতিয়েই নহয় সিহঁতে আঞ্চলিক জলবায়ুকো শীতল কৰি ৰাখে। স্বাভাৱিকতে এনে কাৰ্যসমূহে পৰিৱেশ আৰু জৈৱবৈচিত্ৰ্যত সহায় কৰাৰ লগতে স্থানীয় সম্প্ৰদায়ৰ অৰ্থনৈতিক আৰু সামাজিক সুস্থতাৰ উন্নয়নতো অৰিহণা যোগাইছে।
এনজিঅ’টোৱে কেনিয়াৰ স্থানীয় লোকসকলক অনুৰ্বৰ পথাৰসমূহত কিছুমান অৰ্ধচন্দ্ৰাকৃতিৰ গাঁত বা বান্ধ খান্দিবলৈ শিকাইছে। ইয়াৰ ফলত মাটিয়ে বৰষুণৰ পানী সহজে শোষণ কৰি উৰ্বৰতা অৰ্জন কৰে। ভাবিলে আচৰিত লাগে যে মাটিত কেৱল গাঁত খান্দিয়েই অনুৰ্বৰ ভূমিখণ্ডৰ এক বিশাল এলেকা সম্পূৰ্ণভাৱে উজ্জীৱিত কৰা সম্ভৱ হৈ উঠিছে। অৱশ্যে এই কথা সদায়েই ইমান সহজ নহয়। এই মুহূৰ্তত তেওঁলোকে হাতত লোৱা আটাইতকৈ ডাঙৰ প্ৰকল্পটো হ’ল জলবায়ুৰ সমস্যা। যিবোৰ ঠাই বা অঞ্চলত ভূমি শুকাই গৈছে সেইবোৰ অঞ্চলৰ ভূমি উজ্জীৱিত কৰি জলবায়ু সলনি কৰা হয়। ভূমি উজ্জীৱনৰ ফলত গছ–গছনি বৃদ্ধি হয় আৰু এই গছ–গছনিৰ বৃদ্ধিয়ে অধিক বৰষুণৰ সৃষ্টি কৰে। বৰ্ধিত বৃষ্টিপাতে আঞ্চলিক তাপমাত্ৰা হ্ৰাস কৰাৰ লগতে খৰাং বতৰ কমায় আৰু মৰুভূমিৰ সঙ্কোচন কৰে। এইদৰেই সমগ্ৰ পৃথিৱীত ধীৰে ধীৰে উষ্ণতা হ্ৰাস পাব।
কেনিয়া, টাঞ্জানিয়া আদি দেশৰ বেছিভাগ এলেকাৰ অনুৰ্বৰ আৰু ক্ষয়প্ৰাপ্ত ভূমিত বছৰি যথেষ্ট পৰিমাণে বৰষুণ হয় কিন্তু মাটিৰ উপৰিভাগ শুকান আৰু অভেদ্য হোৱা বাবে বেছিভাগ পানী মাটিৰ ভিতৰলৈ প্ৰৱেশ নকৰি বৈ যায়। বৰষুণ বেছি হ’লে মাটিৰ ওপৰৰ স্তৰ ক্ষয় হৈ উৰ্বৰতা হ্ৰাস পায়। ভূমিখণ্ডৰ নামনিৰ ফালে বানপানীৰো সৃষ্টি হ’ব পাৰে। সেয়েহে বৰষুণ হোৱা সত্ত্বেও এনে কঠিন ভূমি তৃষ্ণাতুৰ হৈ ৰয়। প্ৰাকৃতিক বৰষুণৰ পানী সংগ্ৰহ, ভূমি সংৰক্ষণ আৰু পুনৰ সেউজকৰণ পদ্ধতি প্ৰয়োগেৰে সংস্থাটোৱে ভূমিৰ উন্নতি সাধনৰ লগতে ক্ষয়প্ৰাপ্ত লেণ্ডস্কেপসমূহ গছ–গছনিৰে ভৰাই তুলিব পাৰিছে। কি উপায় বা পদ্ধতিৰে এই কামসমূহ কৰিব পাৰি সেই কথা তেওঁলোকে কাম কৰি থকা অঞ্চলবোৰৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু ভূমিৰ পুনৰ্জন্ম ঘটাব পৰা কিছু কাৰ্যপ্ৰণালী তলত উল্লেখ কৰা ধৰণৰঃ
(১) মাটিয়ে পানী ধৰি ৰাখিব পৰা যি কোনো প্ৰাকৃতিক কৌশল স্থানীয় এলেকাত ব্যৱহাৰ কৰা হয়। ইয়াৰ দ্বাৰা ভূমিক্ষয় ৰোধ হয় আৰু গছ–গছনিও বৃদ্ধি পায়।
(২) কৃষি বনায়ন (Agro forestry) আৰু উন্নত কৃষিৰ সৈতে বৃক্ষৰোপণ কাৰ্যও সমানে আৱশ্যক। এনে ধৰণৰ বনানিকৰণে বিভিন্ন প্ৰজাতিৰ প্ৰাণী আকৰ্ষণ কৰে আৰু ইয়াৰ ফলত জৈৱবৈচিত্ৰ্য বৃদ্ধি পায়।
(৩) বাঢ়ি অহা গছ–গছনিবোৰে বতাহলৈ অধিক আৰ্দ্ৰতা আনে। এই আৰ্দ্ৰতাই মেঘ সৃষ্টি কৰাৰ বাবে বৰষুণৰ পৰিমাণো বৃদ্ধি হয়।
(৪) নতুনকৈ গজালি মেলা শিপাসমূহে মাটিক অধিক ছিদ্ৰযুক্ত কৰি তোলা বাবে বৰষুণৰ পানীও অভ্যন্তৰলৈ প্ৰৱেশ কৰিব পাৰে। এইদৰে গছ–গছনিৰ সংখ্যা চতুৰ্দিশে বৃদ্ধি হয়।
(৫) গছ–গছনিৰ বৃদ্ধিৰ লগে লগে ভূমি পুনৰুদ্ধাৰৰ সমস্ত চক্ৰটো চলি থাকে। এটা বিস্তীৰ্ণ এলেকাত মাটিৰ গুণগত মান বৃদ্ধিৰ বাবে অধিক গছ–গছনিৰ সৃষ্টি হয়; এই গছ–গছনিয়ে অধিক বৰষুণ আনে আৰু বৰষুণে অধিক গছ–গছনিৰ সমৃদ্ধি কৰে। এইদৰেই গোটেই অঞ্চলটো অকস্মাতে প্ৰাণৱন্ত হৈ পৰে। সাধাৰণ দুই এটা পদ্ধতি অৱলম্বনেৰে এইদৰে এটা সুন্দৰ, প্ৰাকৃতিক আৰু বহনক্ষম বাসস্থান পুনৰুদ্ধাৰ কৰিব পাৰি।
এনেধৰণৰ কামসমূহ এক বৃহৎ মাপত কৰি সেইবোৰক ‘হাইড্ৰ’লিক কৰিডৰ’নাম দিয়া হয়। হাইড্ৰ’লিক কৰিডৰসমূহ পুনৰুদ্ধাৰকৃত ভূমিৰ এক বিস্তীৰ্ণ এলেকা। কৌশলগতভাৱে নিৰ্বাচিত কৰা স্থানসমূহত আঁচনি বাস্তৱায়ন কৰিব পাৰিলে হাইড্ৰ’লিক কৰিডৰবোৰে আঞ্চলিক জলবায়ু শীতল কৰি গোলকীয় জলবায়ুত প্ৰভাৱ পেলাব পাৰে। অৱশ্যে ভূমি পুনৰ উৰ্বৰকৰণ বা জলবায়ু শীতলীকৰণ ধৰণৰ কাৰ্য স্থানীয় সম্প্ৰদায়সকলৰ সহযোগতহে সহজ হৈ উঠে। কোনো নিৰ্দিষ্ট এলেকাত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰাৰ আগেয়ে স্থানীয় সম্প্ৰদায়ৰ সৈতে ঘনিষ্ঠতাৰে কাম কৰিবলৈ শিকা, সামাজিক পৰিস্থিতি আৰু মাটিৰ ব্যৱহাৰৰ লগতে জলবায়ু তথা মাটিৰ অৱস্থা বিবেচনা কৰিবলৈ শিকা অতি আৱশ্যক। সম্প্ৰদায়সমূহৰ সামাজিক আৰু অৰ্থনৈতিক আৰু পৰিৱেশগত অৱস্থালৈ বহনক্ষম উন্নতি আনিব পৰাটোহে হৈছে প্ৰকৃত উদ্দেশ্য। ইয়েই সম্প্ৰদায়সমূহক সকলোধৰণৰ দীৰ্ঘম্যাদী ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিকাব।
কেনিয়াৰ ‘ওল–গুলুলুই’গোষ্ঠীৰেঞ্চ মাচাই পশুপালক সম্প্ৰদায়সকলৰ আৱাসস্থল। উৎকট গৰম আৰু পশুৰ চৰণীয়া পথাৰৰ বাবে এই অঞ্চলৰ ভূমি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। ‘আফ্ৰিকান কঞ্জাৰভেছন চেণ্টাৰ’, ‘এম্বোচেলি ইকোচিষ্টেম ট্ৰাষ্ট’ আৰু স্থানীয় সম্প্ৰদায়ৰ সৈতে মিলি এনজিঅ’টোৱে নষ্ট হোৱা ভূমি পুনৰুদ্ধাৰেৰে স্থানীয় মাচাইসকলৰ জীৱিকা উন্নত কৰিবলৈ এখন আঁচনি তৈয়াৰ কৰিছে। ‘ওলোপোলোলি’ ভূমিৰ ব্যৱহাৰ মাচাই সকলে পশু চৰাবলৈ ব্যৱহাৰ কৰা এটা পুৰণি কৌশল। এসময়ত মাচাইসকল অঘৰী থাকোঁতে বেছি ঘাঁহ–বন গজা অঞ্চলবোৰ বেৰ দি ঘেৰি লৈছিল আৰু সেইবোৰত কেৱল পোৱালি আৰু বেছি দূৰলৈ যাব নোৱাৰা দুৰ্বল পশুবোৰকহে মাজে মাজে চৰিবলৈ দিয়া হৈছিল। এটা স্থানতে বসতি স্থাপন কৰাৰ পিছত মাচাইসকলে এই কৌশল পাহৰি পেলায়। মাচাই সম্প্ৰদায়ৰ লোকসকলক ওলোপোলোলি ভূমিৰ ব্যৱহাৰ পুনৰ আদৰি ল’বলৈ সৈমান কৰোৱা হৈছে কাৰণ এনেভাৱে সংৰক্ষণ কৰা ঘাঁহনিয়ে তেওঁলোকৰ ভূমি পুনৰুদ্ধাৰত সহায় কৰিব। ওলোপোলোলি ‘প্লট’ বা খণ্ডসমূহ তৈয়াৰ কৰি সেইবোৰ অঞ্চলত গৰু–ম’হ ইত্যাদি এটা নিৰ্দিষ্ট সময়ৰ বাবে চৰিবলৈ এৰা হয়। এই অঞ্চলসমূহত ভূমি পুনৰুদ্ধাৰৰ সকলো ব্যৱস্থা অৱলম্বন কৰি আৰু পশুসমূহৰ চৰণীয়া কাৰ্য সীমিত কৰি গছ–গছনিৰ পুনৰুদ্ধাৰ সম্ভৱ হৈ পৰিছে। শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা স্থানীয় লোকসকলৰ মাজৰপৰা পাতি দিয়া গ্ৰেজিং সমিতিয়ে পশুসমূহক কি কৌশলেৰে বা কেনেদৰে চৰাব লাগে তাৰে ব্যৱস্থাপনা কৰি গছ–গছনি বা প্ৰাকৃতিক সম্পদ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখে।
বনজ সম্পদৰ অধিক শ্ৰীবৃদ্ধিৰ বাবে মাটিত অৰ্ধ চন্দ্ৰাকৃতিৰ এলানি গাঁত খননেৰে বৰষুণৰ পানী ধৰি ৰখা হয়। এই বৰষুণৰ পানীয়ে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰি ভূমি ক্ষয় ৰোধ কৰে। ভূমিৰ আদ্ৰতা বঢ়াৰ লগে লগে প্ৰাকৃতিকভাৱে গছ–গছনিসমূহৰ পুনৰুদ্ধাৰ হয়। এইটো অতি বিস্ময়কৰ যে কেৱল পশুপালন পৰিচালনা আৰু মাটিত কিছু গাঁত খননৰ দ্বাৰা কেনিয়াত হাজাৰ হাজাৰ হেক্টৰ ভূমি পুনৰুৎপাদনৰ বাবে উপযোগী কৰি তোলা হৈছে।
টাঞ্জানিয়াৰ ডোডোমা অঞ্চলৰ স্থানীয় সম্প্ৰদায়সমূহে ক্ৰমবৰ্ধমান মৰুকৰণ, ভূমিৰ অৱক্ষয় আৰু জলবায়ু পৰিৱৰ্তনৰ মুখামুখি হৈ আহিছে। সম্প্ৰতি এই অঞ্চলত এনেবোৰ অৱস্থাই ভয়ানক ৰূপ লৈছে। কেইবাটাও এনজিঅ’ মিলি স্থানীয় সম্প্ৰদায়ৰ সহযোগিতাত এই সমস্যাসমূহ সমাধান কৰিবলৈ কিছু কাৰ্যপন্থা হাতত লৈছে। এই কাৰ্যপন্থা কেনিয়াত লোৱা পদ্ধতিতকৈ কিছু বেলেগ। অকল গা–গছ কাটি পেলোৱা বৃক্ষসমূহৰ (Tree stumps) শিপাসমূহ অনেক সময়ত মাটিৰ উৰ্বৰ অংশলৈ দকৈ শিপায়। টাঞ্জানিয়াত এনেধৰণৰ লাখ লাখ গা–গছবিহীন কিন্তু জীৱন্ত গছৰ মূঢ়া দেখিবলৈ পোৱা যায়। সঠিক যত্ন ল’লে এই মূঢ়াবোৰ আকৌ জীৱন্ত গছলৈ পৰিৱৰ্তিত কৰা সম্ভৱ। কৃষক পৰিচালিত প্ৰাকৃতিক পুনৰ্জন্ম (Farmer Managed Natural Regeneration) মূলতঃ নাইজাৰত অৱলম্বন কৰা এটা বৃক্ষ ব্যৱস্থাপনা কৌশল। টাঞ্জানিয়াত ইয়াক ‘কিচিকি হাই’(গছৰ মূঢ়া) ৰূপে জনা যায়। এই কৌশলত গছৰ মূঢ়াবোৰ অতি সাৱধানতাৰে পৰিচালনা কৰা হয় যাতে তাৰ পৰা পূৰ্ণ আকাৰৰ গছ–গছনিৰ বিকাশ হ’ব পাৰে। এবাৰ গছবোৰ ডাঙৰ হ’বলৈ ধৰিলে গছে মাটিৰ ক্ষয় ৰোধ কৰে আৰু মাটিৰ উৰ্বৰতা বৃদ্ধিত সহায় কৰে। ফলত অনুৰ্বৰ ভূমিখণ্ডত স্বাভাৱিক বনানিকৰণ বৃদ্ধি পায়। এইদৰে গজি অহা গছ–গছনিৰপৰা স্থানীয় সম্প্ৰদায়ে আহাৰ আৰু কাঠ, খৰি ইত্যাদি ইন্ধন আহৰণ কৰে। স্থানীয় বহুতো লোকে কিচিকি হাই কৰ্মপদ্ধতিত প্ৰশিক্ষণ লৈ কৃষকসকলক নিজৰ নিজৰ ফাৰ্মত গছ–গছনি গজাবলৈ শিকাইছে। ইয়াৰ ফলত পূৰ্বৰ শুকান মৰুভূমিবোৰ সেউজ অৰণ্যলৈ পৰিৱৰ্তিত হৈছে।
‘কিচিকি হাই’ৰ উপৰি কৃষকসকলে ‘ফানিয়া জিউ’ আৰু ‘ফানিয়া চিনি’ৰ দৰে অন্যান্য পদ্ধতিও আয়ত্ত কৰিছে। এইবোৰ পদ্ধতিত বৰষুণৰ পানী সৰ্বাধিকভাৱে কাৰ্যকৰী কৰিবলৈ খেতিৰ মাটিত বিভিন্ন আকৃতিৰ খাল খন্দা হয়। এইদৰে স্থানীয় সম্প্ৰদায়সমূহৰ সহযোগত পৰিৱেশ অনুযায়ী বিভিন্ন কৌশল অৱলম্বন সম্ভৱপৰ হৈ উঠিছে। এই সকলোবোৰ কাৰ্যপন্থাৰ উদ্দেশ্য হ’ল বিভিন্ন কৌশল বা পদ্ধতিৰ সৃষ্টি যিবোৰ পৃথিৱীৰ যিকোনো ঠাইতে অভিযোজন বা প্ৰয়োগ কৰিব পৰা যায়। এই পদ্ধতিসমূহৰ মাধ্যমেৰে জলবায়ু পৰিৱৰ্তনৰ দৰে বৈশ্বিক সমস্যাটোৰ সমাধান বিচাৰি পোৱা সহজ হৈ উঠিছে।
সুপৰিচালিত ভূমি উদ্ধাৰ প্ৰকল্পই জড়িত থকা সম্প্ৰদায়সমূহক অনেক অৰ্থনৈতিক আৰু সামাজিক সুবিধা প্ৰদান কৰিছে। প্ৰকল্পসমূহে কৰ্মসংস্থান সৃষ্টি কৰি মানুহৰ আয় বৃদ্ধি কৰে আৰু ইয়াৰ ফলত সেই এলেকাসমূহত স্বাস্থ্য আৰু শিক্ষাৰ উন্নতি ঘটে। প্ৰকল্পবোৰ শেষ হোৱাৰ পাছত কৃষকসকলে খেতিৰ মাটি পৰিচালনা সম্বন্ধে সম্যক জ্ঞান লাভ কৰে আৰু পুনৰুদ্ধাৰ কৰা মাটিৰপৰা তেওঁলোকে ফল–মূল, খৰি, পশুৰ খাদ্য, গছৰ গুটি ইত্যাদি পায়। এই সম্পদসমূহ ব্যৱহাৰ বা ব্যৱসায় বা বিক্ৰী কৰিব পৰা যায় আৰু তাৰ পৰা লাভ হোৱা অৰ্থৰ দ্বাৰা যিকোনো সম্প্ৰদায় আৰ্থিকভাৱে স্বাধীনভাৱে আগবাঢ়ি যাব পাৰে আৰু উন্নত স্বাস্থ্য আৰু শিক্ষাৰ ধাৰা অব্যাহত ৰাখে। পুনৰুজ্জীৱিত ভূমিয়ে যিদৰে বৰষুণৰ পৰিমাণ বৃদ্ধি কৰি নিজৰ উজ্জীৱিত অৱস্থা বাহাল ৰাখে পুনৰুজ্জীৱিত স্থানীয় সম্প্ৰদায়সমূহেও সেইদৰে জ্ঞান আৰু সম্পদ আহৰণৰ দ্বাৰা নিজকে সদায় প্ৰগতিশীল কৰি ৰাখিব পাৰে। বহনক্ষমতাৰ ই এক উৎকৃষ্ট নিদৰ্শন।
পূৰ্বে উল্লেখ কৰা মতে ক্ষয়প্ৰাপ্ত আৰু অনুৰ্বৰ ভূমিৰ পুনৰুৎপাদনৰ দ্বাৰা মাটিৰ স্বাস্থ্য ঘূৰি আহে আৰু ই গছ–গছনিৰো শ্ৰী বৃদ্ধি কৰে। একে সময়তে নতুনকৈ ৰোপণ কৰা গছ–গছনিয়ে বতাহত আৰ্দ্ৰতা বৃদ্ধি কৰে, জৈৱবৈচিত্ৰ্যৰ উন্নতি হয় আৰু সেই এলেকাত বৰষুণৰ পৰিমাণ বাঢ়ে। বৰ্ধিত বৃষ্টিপাতে নতুন গছ–গছনিৰ সঞ্চাৰ কৰে আৰু অৱশেষত সমগ্ৰ প্ৰক্ৰিয়াটোৱে আঞ্চলিক জলবায়ুৰ ওপৰত শীতল প্ৰভাৱ পেলায়। মূলতঃ ভূমিত প্ৰাণ সঞ্চাৰ কৰিব পাৰিলে সমগ্ৰ অঞ্চলটো সেউজ ৰঙেৰে প্ৰাণৱন্ত হৈ পৰিব। চুইজাৰলেণ্ডৰ ETH জুৰিখৰ জিন ফ্ৰাঙ্কোইছ বাষ্টিনৰ নেতৃত্বত এটা আন্তৰ্জাতিক গৱেষণা দলে পৃথিৱীত বন পুনৰুদ্ধাৰৰ সম্ভাব্যতা অনুমান কৰিবলৈ এটি মডেল নিৰ্মাণ কৰিছে। তেওঁলোকৰ গৱেষণামতে পৃথিৱীৰ পৰিৱেশতন্ত্ৰত আৰু ৯০০ নিযুত হেক্টৰ ভূমিত অৰণ্য সৃষ্টি কৰা সম্ভৱ। এতিয়াৰ অৰণ্যাঞ্চলতকৈ ই ২৫% বেছি। গৱেষকসকলৰ মতে অৰ্ধ ত্ৰিলিয়নতকৈয়ো বেছি বৃক্ষ ৰোপণ কৰি ২০৫ গিগাটন (১ গিগাটন = ১ বিলিয়ন মেট্ৰিক টন) কাৰ্বন ধৰি ৰখা সম্ভৱ। ইয়াৰ দ্বাৰা বায়ুমণ্ডলৰ ২৫% কাৰ্বন হ্ৰাস পাব। এই হ্ৰাস হোৱা কাৰ্বনৰ পৰিমাণ বৰ্তমান হাৰত যোৱা কুৰি বছৰ ধৰি মানৱ উৎপাদিত কাৰ্বনতকৈ বেছি বা ১৯৬০ চনৰপৰা মানৱ সৃষ্ট সমস্ত কাৰ্বনৰ প্ৰায় অৰ্ধাংশ।