কণ্ঠস্বৰ

অনুবাদ- উপাশা ভাগৱতী

গল্পঃ কণ্ঠস্বৰ

গল্পকাৰঃ নবকুমাৰ বাসু

অসময়ত কলিংবেল শুনি নিশ্চয় ভাবিছা, এতিয়া আকৌ কোন আহিল! এইটো তোমালোকৰ কাৰণে নিশ্চয়েই অসময়। কাৰণ প্ৰায় কেইটামান ঘণ্টাৰ আগতেপুৰা নটাত নিখিল অফিচলৈ গুচি গৈছিল। গোগো এতিয়াও স্কুলৰ পৰা ঘূৰি অহা নাই। সি অহাৰ আগতেই তুমি ৰন্ধাবঢ়াৰ কাম শেষ কৰিবলৈ লৈছা। তুমি নিশ্চয় এতিয়াও ৰান্ধনিঘৰত ব্যস্ত। গোগো আহি পালেই তুমি আৰু সংসাৰৰ কাম লৈ ব্যস্ত হৈ থাকিব নোৱাৰা, তেতিয়া তাক লৈয়েই তুমি লাগি থাকিব লগা হয়। 

 মই শুনা পাইছিলোঁ তুমি ৰান্ধনিঘৰৰ পৰাইকোন“-বুলি ৰেচপন্স কৰিছা। 

 কিন্তু বুলু, মইতো আৰু ৰাস্তাৰ পৰাই–”মই মাৰফি বা ৰুথবুলি চিঞৰি তোমাক মোৰ পৰিচয় জনাব নোৱাৰো। তাৰ উপৰিও দুপৰীয়াখন ৰাস্তাৰ পৰা চিঞৰি নিজৰ পৰিচয় জনোৱাটো এগৰাকী মহিলাৰ পক্ষে শোভনো নহয় বোধহয়। তাতে আকৌ এই যাদবপুৰ চেণ্ট্ৰেল পাৰ্কৰ দৰে ঠাইত। এই সময়ত ইয়াৰ যিকোনো ঘৰতে কোনোবাই নক কৰিলে, ওলোটা দিশৰ ঘৰৰ বাৰাণ্ডাৰ পৰা কোনোবাই নহয় কোনোবাই দেখা পাব। সেইটো মোৰ একদম ভাল নালাগে। 

 তুমি অৱশ্যে মোক দেখি অসুখী নহবা। কিন্তু অবাক হবা। কাৰণ, প্ৰথম এই সময়, দ্বিতীয়তেমই অকলে। মই ইমানদিনে তোমাৰ ঘৰলৈ সন্ধিয়া সময়ত আহিছোঁ, তাকো প্ৰশান্তৰ লগত। 

 এদিন বোধহয় দেওবাৰে ৰাতিপুৱা আহিছিলোঁ। কিন্তু প্ৰশান্তক এৰি আজি প্ৰথম আহিলোঁ। ভাবিলো এবাৰ, ৱাইফ হিচাপে মই কি ধৰণেৰে ইণ্ডিয়ানাইজড্ হৈছোঁ চাওঁ। হাজবেণ্ডক এৰি তোমাৰ ইয়ালৈ আহিবলৈ ভালো লগা নাছিল। 

 কিন্তু কি কৰিম কোৱা। প্ৰশান্তইতো সেই বীৰভূমিৰ মেলাত গান গাবলৈ গৈ এতিয়াও ঘূৰি নাহিল। অথচ তাক এৰি তাৰ পেহীৰ ঘৰত মই বেছি সময় থাকিব নোৱাৰো। কেবল নিজৰ ঘৰটোত বন্দী হৈ সমগ্ৰ দিন কটাব পৰা নাযায়। তাৰ উপৰিও স্কুলতো এতিয়া পৰীক্ষা চলিছে বুলি মোৰ পাঁচদিন ছুটি। 

 কিন্তু বিষয়টো কি কোৱাচোন? তুমি দুৱাৰ খুলিবলৈ অহা নাই কিয় এতিয়াও। বোধহয় মাজপথতে কোনো ৰন্ধা এৰি আহিব পৰা নাই। সেইয়া দেখোন, তলৰ বাৰাণ্ডাৰ দুৱাৰ খুলি তুমি আৰু এবাৰ কৈ উঠিলা কোন-? মই এতিয়া তোমাৰ আহি থকা ভৰিৰ আৰু শাড়ীৰ শব্দ শুনিবলৈ পাইছোঁ। তুমি বাৰু ভিতৰৰ পৰা সৰু ভিউফাইণ্ডাৰত চকু লগাই মোক চাই ললা নেকি? 

 ভিতৰৰ পৰাই কাঁচখনত চকু ৰাখি থকা বুলুয়ে দেখিবলৈ পালে ৰুথক। তাইৰ সেই ঢিলা জিনসৰ বেলবটম আৰু ওপৰত ঢিলা হাফ হাতৰ পাঞ্জাবীৰ দৰে টেৰিকটনৰ চাৰ্ট। কান্ধত ওলমাই লোৱা শান্তিনিকেতনী বেগ। তাইৰ ধকধকীয়া বগা ৰং যেন অলপ এনিমিক অলপ কটা আৰু ৰুক্ষ। ডিঙিলৈকে মিহিকৈ ছাটি পেলোৱা চুলিবোৰ সকলো সময়তে অবিন্যস্ত। বুলুৰ ধাৰণা ৰুথৰ মুখত মেমচাহাব সুলভ গ্লেমাৰো নাই আৰু বঙালীবোৰৰ দৰে লাৱণ্যও নাই। বৰঞ্চ এক ৰুক্ষতা বয়সৰ ছাপৰ লগত মিহলি হৈ থাকে। চকুত যেন এটা উদাসী আৰু দুখী দুখী ভাব থাকে সকলো সময়তে। 

কিন্তু ষ্ট্ৰাকচাৰটো সঁচাকৈয়ে সুন্দৰ। এনে ক্ষীণ কঁকাল আৰু দীৰ্ঘাঙ্গী আমাৰ ইয়াৰ ছোৱালীবোৰৰ নহয়। মনটোও বেয়া নহয়, অৰু ৰুথ বুদ্ধিমতীও। বঙালী কথাবতৰা অলপ অলপ বুজি পায় আৰু কব পাৰিলেও যিখিনিত অসুবিধাবোধ কৰেএকদম চুপ হৈ থাকে। আৰু তেওঁক চুপ হৈ যোৱা দেখিয়েই অন্য সকলোৱে বুজেৰুথৰ অসুবিধা হৈছে। তেতিয়া তাইক পুনৰ সেই ঠাইত ইংৰাজী কৈ বুজাই দিয়া হয়। ৰুথে পৰিস্থিতিৰ লগত সুন্দৰকৈ মিলি যাব পাৰে। 

 এই অসময়ত ৰুথক অকলে দেখি বুলু অকণমান অবাকেই হল। তাই ভাবিছিল হয়তো পিয়ন আহিছে কোনো ৰেজিষ্টাৰ্ড চিঠি লৈ নতুবা মায়ে হয়তো পঠিয়াইছে কাৰোবাক কোনো খবৰচবৰ দিবলৈ। 

 গোগো স্কুলৰ পৰা ঘূৰি আহিলেইতাইৰ কলিংবেল বজোৱা, দৰ্জা ঢকিওৱা আৰু চিঞৰা সকলো একেলগতে শুনি বুলুয়ে আগতেই বুজি পায়। 

 কিন্তু ৰুথ অহাতো তাই আন্দাজ কৰিবই পৰা নাছিল। বেয়াও নালাগিল। কিয়নো অকলে অকলে ৰুথৰ লগত তাই অলপ ইংৰাজী নিঃসংকোচে কবলৈ পাৰে। ভালকৈ কব নোৱাৰে বুলি, অন্য সকলোৰে আগত বুলু অলপ আড়ষ্ট হৈ থাকে। তাৰ উপৰিও নিখিল অফিচৰ পৰা ঘূৰি নহালৈকে বুলুয়েতো প্ৰায়েই চুপচাপ থাকিব লগা হয়। ওলাই যাবও নোৱাৰে। কাম কৰোঁতে কৰোঁতে কথা কোৱাৰ, গল্প কৰাৰ এজন মানুহ পালে বেয়া নালাগে। ৰুথতো এইখন ঘৰত ভিষণ ফ্ৰী আৰু এইটো সেইটো লৈ খুব গল্প কৰিব পাৰে। 

 কি হে, কি কথা। হঠাৎ একদম দুপৰীয়াখন অকলে আহি ওলালা যে, আহা ভিতৰলৈ আহা।বুলুয়ে দুৱাৰ খুলি বিস্ময়ৰ লগতে এগাল আন্তৰিকতাৰ হাঁহি এৰি দিলে। 

 ৰুথে মূৰটো তললৈ কৰি দৰ্জাৰে সোমাবলৈ লৈ লৈ কলে-“চৰি বুলু, আনটাইমলি আহিছোঁ, ভাব হৈছে তোমাক ডিৰ্ষ্টাব কৰিলোঁ।

 

 বুলুয়ে ভিতৰলৈ গৈ গৈ, তাইৰ হালধি লগা হাতখন কাপোৰত মচি ললে। ৰুথৰ এখন হাত ধৰি চিৰিৰে টানি টানি কলে

ৰুথ্, এইটো জানো ঠিক হৈছে? তুমি আকৌ সেই বিলাতী ফৰ্মালিটি কৰিছা, মোৰ ইয়াত তোমাৰ আকৌ টাইমলি, আনটাইমলি বুলি কি আছে?” 

 ৰুথে চকুৰ পৰা কিচকিচীয়া কলা চচমাযোৰ খুলি পেলালে। সেইখন বেগৰ ভিতৰ সুমুৱাই সুমুৱাই কলে

এক্সুৱেলি মই ঘৰত বহি বহি বৰ বৰ ফিল কৰিছিলোঁ। প্ৰশান্তকতো জানাই তেওঁৰ সেই সকলো টিম লৈ বীৰভুমিলৈ গৈছে। ঘৰত পেহী আৰু পেহাৰ লগত মই আৰু কি গল্প কৰিম।

 তাৰপিছতেই ডিঙিৰ সুৰটো সলনি কৰি প্ৰশ্ন কৰিলে-“আচ্ছা, নিখিল ইয়াৰ মাজতে আৰু যোৱা নাই কিয় কোৱাচোন?”

 তেওঁৰ কথা আৰু নকবা। কত যায়, নাযায় মই কি আৰু সকলো জানিম। মইহে সংসাৰ কৰিছোঁ।

 বুলু ৰান্ধনিঘৰৰ মাজতে ৰুথক বহিবলৈ এখন সৰু টুল দিলে। তেওঁৰ ৰান্ধনিঘৰটো বেচ প্ৰশস্ত আৰু খুব পৰিচ্ছন্ন। সাংসাৰিক বিষয়ত বুলু ভীষণ সুশৃংখলিত গৃহিনী সেইয়া ৰান্ধনিঘৰটোয়েই যেন তাৰ প্ৰমাণ। সকলো সময়তে ৰান্ধানিঘৰটো দেখি ভাব হব যেন আগতে ব্যৱহাৰ হোৱাই নাই। কৰবাত অকণমানো পানী পৰি থকা নাই বা শাকপাঁচলিৰ টুকুৰা একোৱেই পৰি থকা নাই। ছাদত দেৱালৰ কোণত অকনো এলান্ধু লাগি থকা নাই। দেৱালৰ লগতে লাগি থকা আলমাৰিটোৰ মাজত দাইল, মচলাপাতিৰ টেমাবোৰ সুন্দৰকৈ ওচৰাওচৰিকৈ সজাই থোৱা আছে। সেইবোৰৰ কোনটোৰ মাজত সৰিয়হ, কালজিৰা বা মটৰদালি আছেসকলো বুলুৰ নখ দৰ্পনত। ৰন্ধাৰ বাবে এটা ওখ বেদী কৰা আছেএকাষত গেচ চিলিণ্ডাৰ, কয়লা ব্যৱহাৰ কৰিবলৈ বুলুয়ে এৰিয়েই দিছে। ৰান্ধনিঘৰৰ খিৰিকীবোৰত খুব মিহি জাল লগাই লৈছেযাতে পোকপৰুৱা, মকৰা, মাখি আদি সোমাব নোৱাৰে। কিন্তু পোহৰ বতাহ সোমায়। 

 ৰুথৰ বাবে বুলুয়ে কফিৰ বাবে অলপ পানী তুলি দিলে। ৰন্ধাবঢ়াৰ বয়বস্তুবোৰ ইফাল সিফাল কৰি কৰি কলে

মোৰ কথা আৰু নকবা। সংসাৰৰ সকলো চাওঁতে মেলোতেই মোৰ সময়বোৰ পাৰ হৈ যায়। তাৰ ওপৰতে কালিৰ পৰা আকৌ গোগোৰ পৰীক্ষা আৰম্ভ হৈছে। নিখিলেও অলপদিনৰ পৰা কি যে অফিচৰ কামত অলপ বেছি ব্যস্ত হৈ পৰিছে। মোৰ যে উশাহ লবলৈকো সময় নাই।

 

 কথা কৈ কৈ বুলুয়ে কাম কৰি গৈছিল। তাই ধনীয়া পাত দি ৰন্ধা পাভ মাছৰ জোলখন কাঁচৰ ট্ৰেখনত তুলি তুলি কলে,”তাতকৈ তুমিয়েই দেখোন যি কেইটা দিন প্ৰশান্ত দা ঘূৰি নাহে আমাৰ ইয়ালৈকে আহিব পাৰা। 

 ৰুথে তাইৰ কামকাজ চাই আৰু ৰান্ধনিঘৰটো খুটিয়াই চাই চাই কলে,

তেতিয়াহলে দেখোন বৰ ভাল হব। গ্ৰেণ্ড!”

 ডিঙিৰ স্বৰটো অলপ সলনি কৰি পুনৰ কলে, “তোমাৰ ইয়ালৈ আহিলে মোৰ যাবলৈ মন নাযায়।

 বুলুয়ে কফিৰ পানী নমাই থলে। ৰুথক সুধিলে,

এতিয়া কফিৰ লগত কি খাবা কোৱা। দুপৰীয়া কিন্তু আৰু ঘূৰি যাব নোৱাৰিবা। মই আজি গোটেই দুপৰীয়াটো তোমাৰ লগত ইংৰাজী কোৱাৰ অভ্যাস কৰিম।

 বুলু, তোমাৰ মনটো সঁচাকৈয়ে বৰ সৰল। মোক বৰ বেছি আপোন কৰি লৈছা। ভাব হৈছে নাহিলেই ভাল হলহেঁতেন।

 সুধিছা কি খাবা? কিন্তু কি কৰি কেনেকৈ কম কোৱাচোন সঁচা কথাটো! কি কৰি তোমাক কম মোৰ ভয়ানক ক্ষুধাৰ কথা। যেতিয়াই তেতিয়াই ভীষণ খাবলৈ মন যায়। মইতো আৰু তোমাক পোনে পোনে কব নোৱাৰো যে মই খাবৰ বাবেই এই অসময়ত তোমাৰ ওচৰলৈ আহিছোঁ। প্ৰশান্ত থাকিলে হয়তো অলপ সুবিধা হলহেঁতেন কিন্তু এতিয়া তাৰ কথা মই প্ৰায় এৰিয়েই দিছোঁ। মোৰ ইমান ক্ষুধাৰ কথা তাকো মই কব নোৱাৰিলোঁহেঁতেন। আৰু সেই ঠাইত তাৰ পেহীয়েকৰ ওচৰত বাৰে বাৰে খোৱাৰ কথা কোৱা অসম্ভৱ। আৰু লুকুৱাই যে কিবা খাম, সেই সাহস মোৰ নাই।

কিন্তু তুমিতো দেখিছো কেৱল মাত্ৰ কেইটামান চল্টেড বিস্কুট আৰু ঘৰত তৈয়াৰ কৰা এটা সন্দেশ দিছা। সন্দেশটো নিখিলৰ খুবেই প্ৰিয় খাদ্য, নহয় জানো? সঁচাকৈয়ে তুমি পাৰা দেই। কিন্তু বুলু, তোমাক কব পৰা নাইসেই খাদ্য মোৰ বাবে একোয়েই নহয়। খুবেই সামান্য। সেই যে তোমাৰ ফ্ৰিজ, আলমাৰীৰ ভিতৰৰ পৰা কেটামান ডিম উলিয়াই ৰাখিছা, বুজিব নোৱাৰিলা বোধহয় তোমাক ডিমৰ দাম সুধি যে এটা হিণ্ট দিছিলোঁ, তুমি দেখোন এটা ডিম ভাজি দিব পাৰিলাহেঁতেন। 

 অৱশ্যে বুজিবাই বা কেনেকৈ? এই অসময়ত দিছা যে সেইয়েই যথেষ্ট। দুপৰীয়া ভাত খোৱাৰ আগে আগে তোমালোকে কেতিয়াও একো খাবলৈ নিবিচাৰা। 

 কফিখিনি দিয়া বুলু, আৰু কিমান সময় চেনি দি ষ্টাৰ কৰিবা? যি হৈছে দিয়া। সেইটোৰ বহুতো ফুড ভেলু আছে। কাৰণ বহুখনি গাখীৰ তাত দিয়া মই দেখিছো। থেঙ্ক ইউ। 

 বুলু, এইমাত্ৰ তুমি যেতিয়া তললৈ কৰি জগটোত পানী আনিলা, মই তোমাক পিছফালৰ পৰা আৰু এবাৰ ভালকৈ চালো। তুমি বুজিব পাৰানে, অজিকালি মই তোমাক কি ধৰণেৰে খুটিয়াই খুটিয়াই চাওঁ! তোমাক দেখিলেই বুজিব পাৰি তোমাৰ বুকু, পেট কেনেধৰণেৰে ফ্লবি; কঁকাল আৰু হিপ একদম সমান। কোনো কাৰ্ভেচাৰ নাই। তথাপি, মুখখন তোমাৰ সঁচাকৈয়ে চুইট। বোধহয় আৰু চুইট লাগে তোমাৰ কপালৰ সেই ডাঙৰ ৰঙা ফোটটোৰ বাবে। খুব পান খাবলৈ ধৰিছা আজিকালি। গধূলিৰ সময়তো দেখিছো বৰ সাজোনকাচোন কৰি থাকা। নিখিলৰ ভাল লাগে? কিমানদিন এইধৰণেৰে অবিৰতভাৱে ভাল লাগিব পাৰে বাৰু? 

 নিখিল দেখোন বৰ স্লিম আৰু স্মাৰ্ট। তথাপিও তোমাক তাৰ ভাল লাগে নে? তোমালোকৰ ৰাতিৰ বিছনাৰ সম্পৰ্ক এতিয়াও হট নে? তোমাৰ মাজত নিখিলে কি পায় কোৱাচোন? বাহিৰৰ পৰা চাই অৱশ্যে তোমালোকৰ ৰিলেচনটো আপাৰেণ্টলি ভালেই যেন বোধহয়। নোহোৱাৰো কাৰণ নাই। নিখিলেতো ভালেই আৰ্ন কৰে। এচিষ্টেণ্ট মেনেজাৰ। এটাই মাথোঁ সন্তান। 

 প্ৰশান্ত আৰু অলপ যদি প্ৰেকটিকেল হলহেঁতেন ভাল আছিল। তেতিয়ালে হয়তো আমাৰ ভিতৰৰ প্ৰকৃত সম্পৰ্কটো এইদৰে পানীত ভাঁহি থকাৰ দৰে নহল হয়। অৱশ্যে মই বুজিব পাৰো, তেওঁৰ টেম্পাৰমেণ্টটোৱেই এইধৰণৰ। সম্ভৱতঃ ইংলেণ্ডত এখন ফাংচনত দেখি, তেওঁক মোৰ সেইকাৰণেই তেতিয়া ভাল লাগিছিল। কেৱল সেয়াই কিয়, ব্যক্তিগত বিষয় সকলো জানিও, মই তেওঁৰ লগত বিয়া হবলৈ পাগল হৈ গৈছিলোঁ। অমি বৰ হুইমজিকেল।

 বুলুয়ে আলমাৰিটো বন্ধ কৰি দিলে। ৰুথ্ক হাতত ধৰি টানি তুলিলে। 

এই বলা, কোঠালৈ গৈ বহো। পাকঘৰৰ কাম শেষ। আচ্ছা তুমি কি গা ধুই আহিছা? তোমাক গৰম পানী লাগিব নেকি?” 

 ৰুথে কলে,”নাই মই গা নুধুও। বেটাৰ তুমি ধুই লোৱা। মই অলপ মেগাজিন ওলোটাও আৰু তোমালোকৰ এলবাম চাওঁ।

 

 অলপ মনে মনে থাকি তাই আকৌ কলে, “ঐ তোমালোকৰ টেলিফোনটো ঠিকে আছে নহয়?”

 চোৱা, ই কেতিয়া ঠিকে থাকে, কেতিয়া বেয়া হয় কোনেও নাজানে।

 

 গোগোৰ স্কুলৰ পৰা ঘূৰি অহাৰ সময় হৈ গৈছে। গাটো ধুই লব পৰা হলে ভাল হয়। এটা কাম শেষ হৈ গলহেঁতেন। 

 বুলুয়ে আলমাৰিৰ পৰা শাড়ি ব্লাউজ উলিয়াই আনিলে আৰু এটা এলবাম ৰুথ্ক দি কলে,

এইটো চোৱা। আমাৰ বিয়াৰ সকলো ফটো ইয়াত আছে।

 বাথৰুমৰ দিশে যাবলৈ লৈ তাই কিবা এটা মন কৰি আকৌ ঘূৰি আহিল। ৰুথ্ সিহঁতৰ বিছনাত অৰ্ধশায়িত হৈ এখন মেগাজিন লুটিয়াই আছিল। বুলুয়ে আকৌ আহি কলে,

, তোমাৰ যে ডাক্তৰৰ ওচৰলৈ যোৱাৰ কথা আছিল গৈছিলানে? কি কলে?” 

 ৰুথে মেগাজিনখনৰ পৰা চকু তুলিলে। উঠি বহি কলে,”ও ইয়েচ, তোমাক কোৱা হোৱাই নাই। বিশেষ একো নহয়, তথাপিও বেচ এনিমিক। কিছুমান ৰুটিন ইনভেষ্টিগেছন কৰিবলৈ কৈছে আৰু দুই এটা আয়ৰন, ভিটামিনচ এইবোৰ মেডিচিন দিছে।

 অলপ ৰৈ আকৌ কলে,”আচলতে মই অলপ নাৰ্ভাচ হৈ পৰিছিলোঁ, কেইদিনমানৰ পৰা ইমান মূৰ ঘূৰাই আছিল নহয়। তুমি যোৱা, লৰালৰিকৈ গা ধুই আহা। 

 ও যাওঁ।“-বুলু বাথৰুমলৈ সোমাই দুৱাৰ বন্ধ কৰিলে। 

 চোৱা ৰুথ্, তুমি যিমানেই মেমচাহাব নোহোৱা, আমাৰ বঙালী ছোৱালীবোৰৰ চকুক ফাঁকি দিব নোৱাৰিবা। এই যে তোমাৰ মূৰ ঘূৰোৱা, বমি বমি লগা, ডাক্তৰৰ ওচৰলৈ যোৱা, আইৰন, ভিটামিনচ, ৰুটিন ইনভেষ্টিগেছন কৰা…. সকলোবোৰে তোমাৰ এটা বিশেষ অসুস্থতাৰ দিশে নিৰ্দেশ কৰিছে ন! সেইটোনো এনে কি অসুস্থতা বাৰু। 

 তোমাৰ অৱশ্যে কোৱাৰ উপায় নাই। কিয়নো প্ৰশান্তৰ সৰুকালতে মামচ হোৱাৰ বাবে উংপাদন ক্ষমতা যে নাই মই জানো। ডাক্তৰে টেষ্ট কৰি কৈছিল ৰ্স্পাম হেলদি নহয়। আৰু জানো সেই কাৰণেই প্ৰশান্তদাৰ আগৰজনী বৌমতি, তেওঁক এৰি এতিয়া বিকাশ দত্তক বিয়া কৰাই ডানলপত থাকে। তুমি অৱশ্যে এইবোৰ জানি শুনিয়েই প্ৰশান্তদাক বিয়া কৰাইছিলা। কাৰণ তুমি কোনো সময়তেই লৰাছোৱালী নিবিচাৰিছিলা। এন্থপলোজিকেল ৰিচাৰ্চ লৈয়েই তোমাৰ জীৱন কটাই দিয়াৰ ইচ্ছা। তদুপৰি সেই বয়সো তোমাৰ নাই যে নতুন এনাৰ্জি লৈ আকৌ লৰাছোৱালীক মানুহ কৰিবা। আমি ভিতৰৰ খবৰবোৰ জানো বুলিয়েই ভাবিছিলোঁযি হল ভালেই হল। প্ৰশান্তদাৰ পাগলামি, বাউণ্ডল জীৱনলৈ অলপ বৈচিত্ৰ্য আহিল। 

 কিন্তু নাটকৰ গুৰু কোন কোৱাচোন? তুমি আজিকালি বহুতৰে লগত মিলামিচা কৰা। প্ৰশান্তদাইও এই বিষয়ে মুঠেও বদাৰ নকৰে। আৰু তেওঁ প্ৰায়েই ইফালে সিফালে ঘূৰি ফুৰে। তুমিও এতিয়া কম নোযোৱা। তোমাৰতো স্কুলৰেই চেক্ৰেটেৰী আৰু অন্যান্য এডমনিষ্ট্ৰেটৰবোৰৰ লগত বেচ সনাপিঠা। তেওঁৰ ওচৰৰ পৰাই জানিলোঁ, তুমি কেইবাবাৰো আশিষ দে, দীনেশ ছেত্ৰী, দিলীপ চক্ৰৰ্বতী, ত্ৰিপাঠি, তৰুণ ঘোষ আদিৰ লগতো যথেষ্ট ঘূৰিছা। 

 প্ৰশান্ত দাই অৱশ্যে সেইবোৰ একো মন নকৰে। বৰঞ্চ তোমাক ইয়ালৈ লৈ অহাৰ পিছত আৰু স্বল্প উৰ্পাজনৰ বাবে প্ৰশান্তদাৰ যিখিনি অনিৰ্বায্য কমপ্লেক্স গ্ৰো কৰিছে, তাতে তুমি ইফালেসিফালে ঘূৰি ফুৰি শান্তিত থাকা, সেইদৰেই ক্ষণ, সময়বোৰ যাতে পাৰ হৈ যায়। মোৰ ধাৰণা, প্ৰশান্তদাই নিজৰ অক্ষমতাৰ বাবে জীৱনৰ এটা অন্যধৰণৰ মান আৰু নক্সা তৈয়াৰ কৰি লৈছে। এইবোৰ একোয়েই বিশেষ অগাদেৱা নকৰে। 

ইমানবাৰ কাক টেলিফোন কৰিছা ৰুথ্! ভাবিছা, মই শ্বাৱাৰৰ পানী পৰাৰ শব্দত একো শুনিবলৈ পোৱা নাই। নহয়নে? ধৰিব পাৰিছো লাইন পাইছা নহয়নে? তুমি কি সেই নাটকৰ গুৰুজনৰ লগত কথা পাতিছা নেকি? 

 অৱশ্যে কথাবোৰ বুজিব পৰা নাই। কিন্তু মই বাথৰুমৰ পৰা সকলোবোৰেই শুনিবলৈ পাওঁ। সেয়া শুনিবলৈ পাইছো গোগো আহি পাইছেহি। তলৰ দুৱাৰত ঢকিয়াই আছে। কাৰেণ্ট গুছি গল বাবে বেল বজাব পৰা নাই। তুমি ৰিচিভাৰটো ৰাখি থৈ দুৱাৰ খুলিবলৈ গলা। 

 ৰুথ্ তুমি কিন্তু বৰ বেঙা। ভাবিছা গা ধুই আহোঁতে বৰ দেৰি হব। মুঠেই নহয়। মই খুব লৰালৰি কৰিছোঁ, কাৰণ গোগো আহিব, মই জানো। 

 ৰিচিভাৰটো কাষতে নমাই থৈ দুৱাৰ খুলিবলৈ গৈছা। গোগোয়েটো তোমাক দেখিয়েই ডিঙিত সাৱটি ধৰিব। সেইবাবে তোমাৰ ওপৰলৈ আহোঁতে অলপ দেৰি হব। মই এবাৰ ৰিচিভাৰত তোমাৰ দৰে মাত উলিয়াই সৰুকৈহেল্লকৈ চাওচোন, চেষ্টা কৰো জানিবলৈ নাটৰ গুৰুজননো কোন? 

 আমাৰ বঙালী ছোৱালীবোৰৰ কি ধৰণৰ কুৰ্চুটীয়া আৰু কৌতুহলী মন দেখিছানে? 

 ৰুথ্ চিৰি দি চটিজোতাৰে ফটফট তললৈ নামিছে। বুলুয়ে তিতা চুলিকোচা টাৱেলেৰে মেৰিয়াই ললে। কাষত ৰাখি থোৱা ৰিচিভাৰটো কাণত লগালে। মনে মনে ঠিক কৰি লৈ ঠিক ৰুথে কৰাৰ দৰেই ডিঙিৰে মাত উলিয়ালে

হেল…!”

 ৰুথ্ ডিয়াৰ। প্লিজ ফৰ গড চেক, ডোণ্ট বি চো মাচ ইমোচনেল। ইটচ্ নাথিং, আই টেল ইউজাষ্ট আ্য মেটাৰ অব ফিউ মিনিটচ্ অনলি টু ইভাকুয়েট ইট। তুমি মনে মনে ঘৰতে থাকা। ডোণ্ট কাম টু মাই প্লেচ। আই উইল চি ইউ ইন দা ইভিনিং …”

 উত্তেজনা আৰু ভয় মিহলি বহুখিনি অস্পষ্টকৈ কোৱা শব্দ। বুলুৰ ভীষণ চিনাকি। যেন চিৰকালৰ হাড়মজ্জাৰ ভিতৰলৈ চিনি পোৱা। বিয়াৰ পিছৰ পৰা বিগত এঘাৰ বছৰ ধৰি এই ডিঙিৰ পৰা ওলোৱা মাতষাৰ তাইৰ শৰীৰৰ মনৰ প্ৰতিটো কণালৈ বিয়পি আছে। কাণৰ মাজত এতিয়াও বাজি আছে। 

 বুলুৰ ভৰি দুটা থৰথৰকৈ ভীষণ কঁপিছিল। জাপ খাবলৈ ধৰা চকুৰ সন্মুখত একো নেদেখা হৈ গল। শিথিল হাতৰ পৰা ঠক্ কৰি ৰিচিভাৰটো ক্যাডেলৰ কাষত পৰি গল। ভৰিৰ কপঁনিত ভাব হ, তলত যেন মজিয়াখন নাই। 

 চিৰিত গোগোৰ বুটজোতাৰ ধুপধাপ শব্দ শুনা গৈছে। কিবা কথা কৈ কৈ ওপৰলৈ উঠি আহিছে। বুলুয়ে শৰীৰটো বহু কষ্ট কৰি বাথৰুমৰ ফালে টানি ঘুৰালে। 

উৎসনবকুমাৰ বাসুৰগল্প গল্পনামৰ গল্প সংকলনৰকণ্ঠস্বৰনামৰ গল্পৰ অনুবাদ। প্ৰকাশৰ সময়১৯৫৯চন

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!