জীৱনৰ শ্ৰেষ্ঠ সাক্ষাৎকাৰটো (আত্মকথা)
লেখক- বিদ্যুত বিকাশ দত্ত
স্নাতক উপাধি লাভ কৰাৰ পিছত এম.বি.এ. শ্ৰেণীত নাম লিখাইছিলোঁ। চাকৰিৰ বাবে ইতিমধ্যে বহু কেইটা সাক্ষাৎকাৰ দি নিশ্চিত হৈছিলোঁ যে চৰকাৰী চাকৰি বিচৰাটো মোৰ প্ৰজন্মটোৰ বাবে পৰ্বতত কাছৰ কণী বিচৰাৰ দৰে। নম্বৰ তালিকাবোৰ চাই বিষয়াসকলে সাদৰেৰে আশ্বাস দিয়ে; কিন্তু তেওঁলোকৰ মনোভাৱ মোৰ অন্তঃদৃষ্টিত ধৰা পৰে। চাকৰি দিব পৰা ক্ষমতা তেওঁলোকৰ নাছিল। গতিকে মনপুতি পঢ়ি এম.বি.এ. উপাধি লৈ উপযুক্ত কোম্পানী এটাত যোগদান কৰাৰ কথা চিন্তা কৰিছিলোঁ।
ভবা ধৰণে ফলাফল পাই এদিন কোম্পানী এটাত “ছিনিয়ৰ মেনেজমেণ্ট ট্ৰেইনী” হিচাপে যোগ দিলোঁ। কৰ্মস্থান মৰিগাঁও চহৰ। সেয়া আছিল মোৰ “হনিমুন পিৰিয়ড” (ব্যৱস্থাপনা বা মেনেজমেণ্টৰ ভাষাত নবিচ কালক ৰসিকতাৰে “হনিমুন পিৰিয়ড” বুলি কোৱা হয়)। কামটো কৰি মোৰ অলপো ভাল লগা নাছিল। মই কাৰ্য্যালয়ত দিনটো বহি বহি যিমান দৰমহা পাওঁ, দিনৰ দিনটো বাহিৰে বাহিৰে ৰ’দে–বৰষুণে কাম কৰি ঘূৰি ফুৰা ল’ৰাকেইটাই পায় তাৰ আধাৰো আধা। কামৰ শেষত ক’লাম’লা পৰি ঘূৰি অহা ল’ৰা দুটালৈ সিহঁতৰ অজ্ঞাতে মই জুতি লগাকৈ ভাত ৰান্ধি থোৱা কৰিলোঁ। লাহে লাহে সিহঁতে মোৰ ৰন্ধন বৰ ভাল পোৱা হ’ল। পিছলৈ সিহঁতে ৰান্ধনিটোক “টনিক” খাবলৈ পঠিয়াই দি মোকে ৰান্ধিবলৈ খাটনি ধৰা হ’ল।
অফিছৰ কামৰ মাজতে ক্ষেত্ৰীয় বা ফিল্ডৰ কাম চাবলৈ দুদিনমান গাঁও অঞ্চললৈয়ো যাব লগা হৈছিল। দুখীয়া মানুহবোৰৰ পৰা পইচা সাধিবলৈ যাওঁতে ল’ৰাহঁতে কেতিয়াবা গালি পৰাও দেখিছিলোঁ। মই লাহে লাহে বিষাদগ্ৰস্ত হৈ পৰিলোঁ। অৱশেষত সিদ্ধান্ত ল’লোঁ যে পৰক অশান্তি দি পোৱা ধন মোক নালাগে। বিধিমতে মই কোম্পানীৰ কৰ্তৃপক্ষলৈ পদত্যাগ পত্ৰ লিখিলোঁ। ইতিমধ্যে বঙ্গাইগাঁৱত কোম্পানীৰ লোভনীয় উচ্চ পদ এটা খালী হ’বৰ হৈছিল। পদটিৰ বাবে উপযুক্ত অৰ্হতা কেৱল মোৰহে আছিল। কোম্পানীয়ে মোক গুৱাহাটীলৈ তলব কৰিলে। মোক সেই পদটিৰ বাবে পোনপটীয়াকৈ নিযুক্তি দিয়াৰ লোভ দেখুওৱা হ’ল। মই বিনীতভাৱে প্ৰস্তাৱটো প্ৰত্যাখ্যান কৰিলোঁ আৰু কোম্পানীয়ে মোক যথাযথভাৱে কামৰপৰা অব্যাহতি দিলে। ৰাতিটোৰ ভিতৰতে নিবনুৱা হৈ পৰি সৰু চহৰখনত মই পূৰ্বে বাসকৰা ভাড়াঘৰটোলৈকে ঘূৰি আহিলোঁ।
কেইমাহমান পিছতে বাগদত্তাৰ লগত মোৰ সামাজিক বিবাহ সম্পন্ন হ’ল (আইনী বিবাহ আগতে সম্পন্ন হৈছিল)। চলিবৰ বাবে মোৰ “টিউছন ছেণ্টাৰ” এটা আছিল। সংগ্ৰাম কি বুজি উঠা ইতিমধ্যে বহুদিন হৈছিল। কম পইচাতে চলিব পৰা শিক্ষা এম. বি. এ. শিক্ষাই দিছিল। তেনেতে চৰকাৰী পদবী এটাত মকৰলৰ বাবে সাক্ষাৎকাৰ হ’ল। মই দ্বিতীয় পছন্দৰ প্ৰাৰ্থী আছিলোঁ। যিহেতু প্ৰথমজনে বিধিগতভাৱে চাকৰিটো পালে গতিকে মই আঁতৰি আহিব লগা হ’ল।
তেনেতে খবৰ পালোঁ যে আমগুৰিৰ ব্যক্তিগত খণ্ডৰ এখন নামজ্বলা বিদ্যালয়ত এটি পদ খালী হৈছে। মই দৰ্খাস্ত এখন দি আহিলোঁ। কেইদিনমান পিছত মোক সাক্ষাৎকাৰলৈ মতা হ’ল। প্ৰাৰ্থী বহু কেইজন আছিল। নিৰ্দ্দিষ্ট সময়ত মোক মতা হ’ল। শুভ্ৰ আচ্ছাদন পাৰি থোৱা মেজৰ সিপাৰে ইংৰাজী বিষয়ৰ দুগৰাকী প্ৰাক্তন প্ৰবক্তা বহি আছে। মই তেখেতসকলক চিনি পাওঁ (তেখেতসকলক চিনি নোপোৱা কোনো স্থানীয় লোক নাই বুলিলেই হয়); দুয়োগৰাকী বিদগ্ধ পণ্ডিত। তদুপৰি তেখেতসকলে তথা মই পঢ়া সন্মান বিষয়ো একে আছিল। তথাপিও মই সহজ অনুভৱ কৰাৰ পৰিৱৰ্তে ভয়হে খালোঁ। মহাত্মা গান্ধীয়ে “মুখ মেলিলেই মূৰ্খনে পণ্ডিত জনা যায়” বুলি এনেয়ে কোৱা নাছিল। কথাটো মনত পৰি মোৰ দৌৰি পলাবৰ মন গ’ল।
মোৰ অৱস্থাটো অনুধাৱন কৰিব পাৰিয়ে চাগৈ চাৰিঙৰ চন্দ্ৰকমল হাজৰিকা ছাৰে কথাবোৰ বুজি পালে। তেখেতে অভয়সূচক ভঙ্গিমাৰে মোক কাষলৈ মাতি বহিবলৈ দি সহজভাৱে ঘৰ, শিক্ষা আদিৰ কথা সুধিবলৈ ল’লে। কোম্পানীৰ মেনেজমেণ্টৰ চাকৰি এৰাৰ কাৰণ শুনি তেখেতে বহুপৰ কিবা ভাবিলে আৰু মোলৈ এখন নৱম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথি আগবঢ়াই দিলে। তেখেতে ক’লে – “দ্যা লেক আইল অৱ ইন্নিছফ্ৰী কবিতাটো আমাক বুজাই দিয়া। ড’ণ্ট হেজিটেত্, থিঙ্ক আছ টু বি য়’ৰ ষ্টুডেণ্টছ্।”
এই কবিতাটো মোৰ বৰ প্ৰিয়। মই হেলাৰঙে কবিতাটি বুজাবলৈ আৰম্ভ কৰিলোঁ। কোনোৱা এশাৰীত তেখেতে ঘূৰাই মোক বুজায়। আকৌ মই আৰম্ভ কৰোঁ। এনেকৈয়ে সাতচল্লিশ মিনিট পাৰ হৈ গ’ল। মই মন্ত্ৰমুগ্ধ হৈ পৰিলোঁ। কি প্ৰজ্ঞা! কি দেৱতুল্য শিক্ষক। সাক্ষাৎকাৰ দিলোঁনে বোধিদ্ৰুমৰ ছাঁত গা শীতল কৰিলোঁ বুজিয়ে নাপালোঁ। শৰীৰেৰে বিদ্যুৎ প্ৰৱাহ পাৰ হৈ গ’ল। ক’ব নোৱাৰাকৈয়ে মুখেৰে ওলাই গ’ল – “ছাৰ এই চাকৰিটো নাপালে মই দুখ নকৰোঁ। বৰঞ্চ এই সাক্ষাৎকাৰটোৰপৰা যিখিনি শিকিলোঁ তাক আমৃত্যু মনত ৰাখিম।”
“ডেটছ্ অলৰাইট্” বুলি কৈ মোক বিদায় দিয়া হ’ল। অলপ পিছত সকলো প্ৰাৰ্থীকে শিক্ষকসকলৰ আদৰ্শ কি হ’ব লাগে সেই বিষয়ে লিখিবলৈ কোৱা হ’ল। এইটো সকলোৰে বাবে সাধাৰণ বিষয়ক প্ৰশ্ন আছিল। পৰীক্ষা শেষ কৰি আমি সকলো ঘৰাঘৰি গ’লোঁ।
কিছুদিন পিছত মোলৈ ফোন আহিল আৰু মই প্ৰথম পছন্দৰ প্ৰাৰ্থী হিচাপে নিযুক্তি পালোঁ। প্ৰায় ১৬ মাহ বিদ্যালয়খনত কাম কৰাৰ পিছত ওচৰৰে হাইস্কুলখনত মই চৰকাৰী শিক্ষক হিচাপে নিযুক্তি পালোঁ। কিন্তু আজিও শিক্ষক হিচাপে প্ৰথমে চাকৰি কৰা বিদ্যাপীঠখনলৈ আৰু সেই বিশেষ সাক্ষাৎকাৰটোলৈ মনত পৰিলে আৱেগিক হৈ পৰোঁ।