যোগঃ এটি সাধাৰণ ব্যাখ্যা
লেখক- জ্যোতিমণি দেৱী
যোগ বুলিলে একেবাৰে সাধাৰণভাবে অথবা গাণিতীয় ধাৰণানুসাৰে ক’ব পাৰোঁ যে ই হ’ল কোনো সংখ্যাৰ লগত আন কোনো সংখ্যা লগ হোৱা কাৰ্য। যেনে একৰ লগত এক যোগ কৰিলে পোৱা সংখ্যাসমষ্টি হ’ল দুই। এই দুই হ’ল যোগৰ দ্বাৰা প্ৰাপ্ত ফলাফল। যোগশাস্ত্ৰবোৰতো যোগৰ ধাৰণা এই ধাৰণাৰ সৈতে চুই যোৱা বিধৰ। কাৰণ সংস্কৃত ‘য়ুজ’ ধাতুৰ পৰা উৎপত্তি হোৱা যোগ শব্দৰ বুৎপত্তিগত অৰ্থ হ’ল সংযোগ সাধন, মিলন, একত্ৰীকৰণ আদি। ঋকবেদৰ মতে “ য়ুজ্যতে অনেন ইতি যোগ “; ইয়াৰ অৰ্থ হ’ল লগলগাই একত্ৰিত কৰা বা সমতা স্থাপন কৰা। বৰ্তমান বিশ্বৰ সৰ্বত্ৰে জনপ্ৰিয় হোৱা যোগৰ অৰ্থ ঋকবেদৰ এই সংজ্ঞাটোৰ পৰা আমি এইদৰে বুজি ল’ব পাৰোঁ— কিছুমান যৌগিক ক্ৰিয়া অনুশীলনৰ জৰিয়তে ঘৃণা, ঈৰ্ষা, দ্বেষ আদিৰপৰা মুক্ত হৈ সকলো মানৱৰ লগত প্ৰেম, মৰম, ভালপোৱা, বুজাবুজি, সহানুভূতি আদি আহৰণ কৰি সকলো পৰিস্থিতিতে সমতা ৰক্ষা কৰি চলিবপৰা প্ৰক্ৰিয়াই হৈছে যোগ।
যোগৰ পিতৃস্বৰূপ মুনি পতঞ্জলিয়ে তেখেতৰ যোগ বিষয়ক শাস্ত্ৰ “ পতঞ্জলি যোগসূত্ৰ” ত আগবঢ়োৱা যোগৰ সংজ্ঞাটি হৈছে “ যোগশ্চিত্তবৃত্তিনিৰোধ”; যাৰ অৰ্থ হিচাপে ক’ব পাৰি যে যোগ হ’ল চিত্তৰ পৰিবৰ্তন আৰু নিবৃত্তি। অৰ্থাৎ মন বা চিত্তক বিভিন্ন প্ৰকাৰৰ বৃত্তি বা পৰিণাম গ্ৰহণৰ পৰা বাৰণ কৰিব পৰা ক্ৰিয়াকলাপ বা পদ্ধতিয়েই হ’ল যোগ। চিত্ত হ’ল মানৱদেহৰ লগত সংপৃক্ত মন, বুদ্ধি আৰু অহংকাৰৰ সমষ্টি, যিয়ে মানুহক বাট এৰি অবাটে যাবলৈ উদ্গনি দিয়ে আৰু সেই অবাট এৰি সঠিক পথ নিৰ্ণয়ৰ বাবে সহায় কৰে যোগে। একেষাৰে ক’বলৈ হ’লে শৰীৰ, মন, আত্মাক প্ৰণালীবদ্ধভাবে প্ৰশিক্ষণ দি এই তিনিটাৰ মাজত সংহতি আৰু ঐক্য স্থাপন কৰা ক্ৰিয়াই হৈছে যোগ।
যোগৰ উপকাৰিতাঃ
১/ সকলো চিন্তা ভাৱনাৰ পৰা মুক্ত কৰি মনৰ শান্তি আৰু শৃংখলাৰ সমতা ৰক্ষাত সহায় কৰে।
২/ শাৰীৰিক ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
৩/ কৰ্মদক্ষতা আৰু নিপুণতা বৃদ্ধি কৰে।
৪/ শৰীৰ–মনৰ সংকুচিত ভাৱ আঁতৰাই শিথিলতা আনে।
৫/ সু–স্বাস্থ্যৰ অধিকাৰী হোৱাত সহায় কৰে।
যোগৰ ভাগ বা প্ৰকাৰঃ
যোগৰ ভাগ মূলতঃ চাৰিটা–
১/ জ্ঞানযোগ
২/ ভক্তিযোগ
৩/ কৰ্মযোগ
৪/ ৰাজযোগ
১/ জ্ঞানযোগঃ
যিসকল লোক চিন্তাশীল, বিশ্লেষণপ্ৰিয় তথা অনুসন্ধিৎসু মনৰ, তেওঁলোকে জ্ঞানচৰ্চাৰ দ্বাৰা যোগ সাধনা কৰে। জ্ঞান যোগৰমতে সকলো জ্ঞান আমাৰ মাজতে অন্তৰ্নিহিত হৈ থাকে। জাগতিক নাম, যশ, ৰূপৰ উৰ্দ্ধত গৈ পৰম সত্য উপলব্ধিৰ মাধ্যমেৰে আমি মোক্ষ লাভ কৰিব পাৰোঁ।
জ্ঞানযোগৰ মূল আহিলা হ’ল চাৰিবিধ। যেনে—
১.১/বিবেকঃ নিত্য, অনিত্য, স্থায়ী–অস্থায়ী আদিৰ বিচাৰ কৰা অৱস্থা।
১.২/ বৈৰাগ্যঃ জাগতিক সুখ, স্বাচ্ছন্দ্যৰ পৰা দূৰত থাকি ওপজা ত্যাগৰ মনোভাৱ।
১.৩/ ষট সম্পত্তিঃ ছয়টা গুণৰ সমষ্টি, যেনে—
ক) শমঃ মনৰ প্ৰশান্তি।
খ) দমঃ ইন্দ্ৰিয় সংযম, আত্মসংযম।
গ) ওপৰতিঃ জাগতিক লোভ লালসা আদি ত্যাগ।
ঘ) তিতিক্ষাঃ প্ৰতিকূল অৱস্থাতো শান্ত হৈ ৰ’ব পৰা, ধৈৰ্য্য।
ঙ) শ্ৰদ্ধাঃ ঈশ্বৰ বিশ্বাস, সন্মান বা ভক্তি।
চ) সমাধান বা সমাধিঃ মনৰ একাগ্ৰতা, মনৰ বাহিৰলৈ গতি কৰা।
১.৪/ মুমুক্ষত্বঃ মুক্তিৰ প্ৰতি হাবিয়াস জন্মা। ইয়াৰ আকৌ তিনিটা অৱস্থা আছে। যেনে—
ক) শ্ৰৱণঃ বেদ, আচাৰ্য, গুৰুৰ উপদেশ শ্ৰৱণ কৰা।
খ)মননঃ একাগ্ৰতাৰে বেদাচাৰ্য অথবা গুৰুৰ উপদেশ স্মৰণ কৰা।
গ) ধ্যানঃ তুমিয়েই সেইজন, তুমিয়েই সত্য এই মহাবাক্য উপলব্ধি কৰা।
২/ ভক্তিযোগঃ
ভক্তিযোগৰ মূল উপাদান হৈছে প্ৰেম। হৃদয় উজাৰি প্ৰেমভাৱেৰে নিজক সম্পূৰ্ণভাৱে সৰ্বশক্তিমান ভগৱানৰ ওচৰত সমৰ্পণ কৰাই হৈছে ভক্তিযোগ। আৱেগপ্ৰৱণ, ঈশ্বৰবিশ্বাসী, ভক্তিভাৱাপন্ন ব্যক্তিসকলে ভক্তিৰে আত্মসমৰ্পণ কৰিব পাৰে আৰু সেইসকল লোকে ভক্তিযোগৰ দ্বাৰা যোগ সাধনা কৰিব পাৰে।
৩/কৰ্মযোগঃ
উদ্যোগী, কৰ্মপ্ৰিয় তথা সমাজকৰ্মী লোকে কৰ্মৰ যোগেদি কৰা যোগ সাধনাই হ’ল কৰ্মযোগ। কৰ্ম কৰোঁতে এইসকল লোকে তলৰ নীতিসমূহ সাৰোগত কৰে —-
৩.১/কৰ্ম কৰোঁতে কৃতকৰ্মৰ প্ৰতি সদায়ে শুদ্ধ দৃষ্টি গ্ৰহণ কৰা।
৩.২/সকলো কৰ্মকে ঈশ্বৰৰ সেৱা বুলি গণ্য কৰাৰ লগতে মান্যতা প্ৰদান কৰা।
৩.৩/কৰ্ম অনুসাৰে নীতি– নিয়ম, আচৰণ বিধি, প্ৰণালী, শৃংখলা আদি চলা।
৩.৪/“ফলাফল ফলদাতা বিভূৰ হাতত”, অৰ্থাৎ হাতত লোৱা কামটোৰ কৃতকাৰ্য্যতা আৰু অকৃতকাৰ্য্যতাৰ ভাৱ মনৰ পৰা সম্পূৰ্ণৰূপে পৰিত্যাগ কৰা।
৪/ৰাজযোগঃ
মুনি পতঞ্জলিয়ে মানুহৰ সৰ্বতোপ্ৰকাৰ, যেনে —শাৰীৰিক, মানসিক, নৈতিক আৰু আধ্যাত্মিক বিকাশ সাধন কৰি যোগৰ চৰম লক্ষ্যলৈ আগবঢ়াই নিবৰ বাবে আঠোটা প্ৰণালী নিৰ্দ্ধাৰণ কৰিছিল। তেখেতৰ দ্বাৰা সু–সজ্জিত এই আঠটা প্ৰণালীক ৰাজযোগ হিচাপে অভিহিত কৰা হয়। ৰাজযোগৰ ক্ষেত্ৰখন অতিকে বিশাল। ৰাজযোগত ইন্দ্ৰিয়গ্ৰাহ্য অংগবোৰ আৰু বাহ্যিক বিষয়বস্তুৰ পৰা মনটোক, ধ্যান–ধাৰণাক যোগৰ দ্বাৰা অন্তৰ্মুখী কৰা হয়। ৰাজযোগৰ আঠোটা প্ৰণালীক আমি ক্ৰমে এইদৰে জানো—
৪.১/ য়মঃ
য়ম হৈছে স্বেচ্ছাই পালন কৰা কিছুমান নৈতিক কাৰ্য। পতঞ্জলিৰ মতে য়ম পাঁচ প্ৰকাৰৰ—
ক)অহিংসাঃ কাৰো অহিত চিন্তা নকৰা।
খ) সত্যঃ কায়মনোবাক্যে সততা পালন কৰা।
গ) অস্ত্ৰেয়ঃ চুৰি নকৰা।
ঘ) ব্ৰহ্মচৰ্য্যঃ চিৰ কৌমাৰ্য গ্ৰহণ কৰা।
ঙ) অপৰিগ্ৰহঃ নিজৰ প্ৰয়োজনতকৈ অধিক গ্ৰহণ নকৰা।
৪.২/ নিয়মঃ
নিয়ম হৈছে শৃংখলাবদ্ধভাৱে জীৱনটোক গঢ় দি যোগ সাধনাৰ পথত আগবাঢ়ি যাওতে নিত্য পালনীয় কিছুমান নৈতিক কৰ্তব্য। নিয়ম পাঁচ প্ৰকাৰৰ—
ক) শৌচঃ কায়িক, মানসিক আৰু পাৰিপাৰ্শ্বিক শুদ্ধিকৰণ।
খ) সন্তোষঃ কামৰ অন্তত প্ৰাপ্ত হোৱা আত্মসন্তুষ্টি।
গ) তপঃ কৰ্মত সম্পূৰ্ণৰূপে লীন হোৱা, শৰীৰ আৰু মনক কাম(ভাৱ)ৰ পৰা সম্পূৰ্ণ আঁতৰাই সচেতনভাৱে কাম কৰা।
ঘ) শ্বাধ্যায়ঃ গুৰু তথা গ্ৰন্থৰ পৰা আত্মানুসন্ধান কৰা আৰু আত্ম সংশোধন কৰা।
ঙ) ঈশ্বৰ প্ৰণিধানঃ নিজৰ আৰাধ্যত সম্পূৰ্ণৰূপে সমৰ্পণ কৰা।
৪.৩/ আসনঃ আসন হ’ল কিছুমান শাৰীৰিক ভংগী, যিবোৰ শাৰীৰিক ভংগীয়ে ব্যক্তিৰ শাৰীৰিক আৰু মানসিক স্থিৰতা নিৰ্ধাৰণ কৰি সুখী অনুভৱ কৰাত সহায় কৰে। আসনৰ ভাগসমূহ হ’ল—
ক) ধ্যানাসনঃ পদ্মাসন, বজ্ৰাসন, স্বস্তিকাসন আদি ধ্যানাসনৰ অন্তৰ্গত।
খ) স্বাস্থ্যাসনঃ সৰ্বাঙ্গসন, ধনুৰাসন, তাড়াসন, ত্ৰিকোণাসন আদি এই ভাগৰ ভিতৰুৱা।
গ) বিশ্ৰামাসনঃ শৱাসন আৰু মকৰাসন।
আসনৰ উপকাৰিতাসমূহ এনেধৰণৰ—
ক) শৰীৰ আৰু মনৰ স্থিৰতা আনে।
খ) শৰীৰৰ সন্ধিস্থলৰ জড়তা আঁতৰাই শিথিলতা আনে আৰু নমনীয় কৰি তোলে।
গ) হাওঁফাওঁ, হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে।
ঘ)শৰীৰ আৰু মনক কাৰ্যক্ষম কৰি তোলে।
ঙ) ৰক্তপ্ৰবাহ টনকিয়াল কৰি তোলে।
চ) মাংসপেশী সবল কৰে।
ছ) পৰিপাক প্ৰণালী আৰু নিষ্কাশন প্ৰণালীৰ অংগসমূহ সবল কৰি কাৰ্যক্ষমতা বৃদ্ধি কৰে।
৪.৪/ প্ৰাণায়মঃ
শ্বাস–প্ৰশ্বাসৰ গতি বিচ্ছেদ আৰু নিয়ন্ত্ৰণ কৰা পদ্ধতিকে প্ৰাণায়ম বুলি কোৱা হয়। ‘প্ৰাণ’ আৰু ‘আয়াম’ শব্দ লগ লাগি প্ৰাণায়ম শব্দৰ সৃষ্টি হৈছে। প্ৰাণায়মৰ তিনিটা অবস্থা আছে। যেনেঃ—
ক) পূৰকঃ উশাহ লৈ হাওঁফাওঁ বায়ুৰে পূৰ্ণ কৰা।
খ) কুম্ভকঃ বায়ুৰ গতি ধৰি ৰখা অৱস্থা।
গ) ৰেচকঃ প্ৰশ্বাসৰ দ্বাৰা হাওঁফাওঁৰ পৰা বায়ু বাহিৰলৈ নিষ্কাশন কৰা।
প্ৰাণায়মত পূৰক, কুম্ভক আৰু ৰেচকৰ হাৰ হ’ল ১ঃ৪ঃ২।
কুম্ভক তিনি প্ৰকাৰৰ—
ক) বাহ্য কুম্ভকঃ প্ৰশ্বাসৰ পিছত শ্বাস নোলোৱাকৈ থকা অৱস্থা।
খ) অন্তৰ কুম্ভকঃ পূৰকৰ পিচত শ্বাস ধৰি ৰখা হয় আৰু ৰেচক লগে লগে কৰা নহয়।
গ) কেবল কুম্ভকঃ সাধাৰণ গতিত শ্বাস প্ৰশ্বাস লোৱা।
প্ৰাণায়মৰ ভাগসমূহ হ’লঃ
ক) সূৰ্যভেদ প্ৰাণায়ম
খ) কপালভাতি
গ) উজ্জায়ী প্ৰাণায়ম
ঘ) শীতলী প্ৰাণায়ম
ঙ) ভস্ত্ৰিকা প্ৰাণায়ম
চ) ভ্ৰামৰী প্ৰাণায়ম
ছ) চিৎকাৰী প্ৰাণায়ম
জ) প্লাৱনী প্ৰাণায়ম
ঝ) কেৱলী প্ৰাণায়ম
ঞ) মূৰ্চা প্ৰাণায়ম
প্ৰাণায়মৰ উপকাৰিতাঃ
ক) জীৱনীশক্তিক নিয়ন্ত্ৰণ কৰে।
খ) মন শান্ত, স্থিৰ আৰু বিচাৰ স্পষ্ট কৰে।
গ) উদাসীনতা দূৰ কৰি মন সতেজ, উজ্জ্বল কৰি তোলে।
ঘ) হাওঁফাওঁ কাৰ্যক্ষম কৰি তোলে।
ঙ) শৰীৰৰ সকলো অংগলৈ ৰক্তপ্ৰবাহ সন্তুলন সঠিক কৰি অংগসমূহৰ জড়তা নোহোৱা কৰে।
৪.৫/প্ৰত্যাহাৰঃ
ইন্দ্ৰিয়গ্ৰাহ্য বিষয়বস্তুৰ পৰা নিজৰ মনটোক আঁতৰাই আনি অন্তৰ্মুখী কৰা ক্ৰিয়াই হ’ল প্ৰত্যাহাৰ। এইসময়ত মন বাহ্যিকতাৰ পৰা আঁতৰি ভিতৰলৈ গতি কৰে।
৪.৬/ ধাৰণাঃ ধাৰণা এনে এটি অৱস্থা, য’ত যিকোনো বস্তু বা চিন্তাৰ ওপৰত মন সম্পূৰ্ণৰূপে স্থিৰ কৰি ৰখা হয়।
৪.৭/ ধ্যানঃ ধ্যান ধাৰণাৰ উচ্চ অৱস্থা আৰু ইয়াৰ পৰিসৰ অতি ব্যাপক। ধ্যান হ’ল পেশী আৰু স্নায়ুসমূহ শিথিলকৰণৰ জৰিয়তে আত্মনিমগ্নচিত্তে অস্থিৰ মনক স্থিৰ কৰাৰ লগতে মনোযোগ একাগ্ৰ কৰাৰ মনোদৈহিক প্ৰক্ৰিয়া।
ধ্যানৰ উপকাৰিতা অনেক। তাৰে কেইটিমান হ’ল—
ক) মস্তিস্কৰ প্ৰশান্তি আৰু সচেতনতা বঢ়ায়।
খ) চৰ্মৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
গ) গ্ৰন্থিসমূহ কাৰ্যক্ষম কৰি তুলি সমতা আনে।
ঙ) মনক শক্তিশালী কৰি নিৰৱচ্ছিন্নভাৱে মনটোক কেন্দ্ৰীভুত কৰাত সহায় কৰে।
চ) সৃজনশীলতা বৃদ্ধি কৰে।
ছ) ধ্যানে গভীৰ চিন্তাৰ উদ্ৰেক ঘটাই মনক বৈষয়িক দিশৰপৰা মুক্ত কৰি অতীন্দ্ৰিয় শক্তিৰ অধিকাৰী কৰি তুলিব পাৰে।
ধ্যানৰ প্ৰকাৰঃ
নিয়ম আৰু পদ্ধতিনুসাৰে ধ্যানৰ প্ৰকাৰ অনেক। তাৰে কেইটিমান উল্লেখযোগ্য প্ৰকাৰ হ’ল—
ক) যোগ ধ্যান
খ) অষ্টাঙ্গ ধ্যান
গ) চক্ৰভেদ ধ্যান
ঘ) সুফি ধ্যান
ঙ) ৰেচক–পূৰক ধ্যান।
৪.৮/ সমাধিঃ
সমাধি হৈছে ধ্যানৰ পৰিপক্ব অৱস্থা। এই অৱস্থাত প্ৰকৃত সত্য উপলব্ধি হয় আৰু প্ৰকৃত জ্ঞানৰ উদয় হয়।
এই আলোচনাটিত হঠ যোগৰ উল্লেখ কৰা হোৱা নাই। হঠ যোগৰ চিন্তা বহুতখিনি পিছৰ, অৰ্থাৎ মুনি পতঞ্জলিৰ পিচত বিস্তাৰ লাভ কৰা অনুশীলন পদ্ধতি। যিহেতুকে ওপৰৰ আটাইকেইটা স্তৰতে ‘হঠযোগ’, নাম উল্লেখ নকৰাকৈয়ো নিহিত হৈ আছে, সেয়ে বেলেগকৈ আলোচনা কৰাৰ পৰা বিৰত থাকিলোঁ।
সাধাৰণ মানুহৰ ধাৰণাত সোমাই থকাৰ দৰে যোগ কেৱল আধ্যাত্মিক চৰ্চাৰ বিষয় নহয় আৰু এয়া সৰ্বস্তৰৰ মানুহেই নিজৰ কৰ্মৰ জৰিয়তে সম্পাদন কৰি আছে৷ লগতে এয়া যে সম্পূৰ্ণ বিজ্ঞানসন্মত অধ্যয়নৰ বিশাল ক্ষেত্ৰ আগুৰি থকা বিষয়, সেই উপলব্ধিৰে ২০১৪ চনত ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বানমৰ্মে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২১ জুনৰ দিনটো“ আন্তৰ্জাতিক যোগ দিৱস “ হিচাপে স্বীকৃতি প্ৰদান কৰি বিশ্বৰ সৰ্বত্ৰে পালনৰ দিহা কৰে। সেয়েহে যোগৰ জৰিয়তে সকলো নিৰোগী আৰু স্বাস্থ্যবান হৈ দেশৰ সু নাগৰিকৰূপে কাম কৰি যাবলৈ সক্ষম হওক, এই লেখাৰ জৰিয়তে তাকেই আহ্বান জনালোঁ।
জ্যোতিমণি দেৱী
ছিপাঝাৰঃ দৰং।
২১/০৬/২০২২।
(লেখাটি যুগুত কৰোঁতে যোগগুৰু হীৰেন সৰকাৰ চাৰৰ মৌখিক ব্যাখ্যা, ইণ্টাৰনেট আৰু সৰু সৰু বিভিন্ন উৎসৰ পৰা সহায় লোৱা হৈছে। )