সোঁৱৰণী সদায় মিঠা - মই ওচৰৰ পৰা দেখা পোৱা বৰেণ্য লোক সকল

লেখক- দেৱীকা বৰপূজাৰী

বহু কথাই মনলৈ আহিছে, বিশেষকৈ ভাৰতবাসীয়ে পাহৰিব নোৱৰাকৈ এটা দিন, শুই উঠাৰ পৰা নিশা শুবলৈ যোৱাৰ আগতে যাৰ সুৱদী মাতৰ গীত শুনাত আমি অভ্যস্ত; সেই কণ্ঠ আজি স্তব্ধ!
সমগ্ৰ সংগীত প্ৰেমী আৰু সৰ্বসাধাৰণৰ বাবেও সাত ফেব্ৰুৱাৰীৰ দিনটো বৰ শোকৰ; এই দিনটোতেই সকলোকে শোক সাগৰত ডুবাই কোকিলকণ্ঠী লতা মংগেশকাৰে এই ধৰাৰ পৰা বিদায় ললে৷ এই গৰাকী মহীয়সী নাৰী— যি ত্যাগ, সমৰ্পণ আৰু শ্ৰদ্ধাৰ প্ৰতীক আছিল! মৃত্যু অনিবাৰ্য, কিন্তু কিছু বিশেষ লোকৰ মৃত্যু সহিবলৈ বৰ টান৷

মই যেতিয়া ৩৮ বছৰৰ আগতে বিয়া হৈ মুম্বাই লৈ আহো, মোৰ প্ৰথম লক্ষ্য আছিল কেনেকৈ এবাৰ ‘প্ৰভুকুঞ্জ’ – লতা মংগেশকাৰ বাসস্থান চাবলৈ পাওঁ৷ স্বামীক কুটুৰি থাকি এদিন সফল হলো, বিয়লি ওলালো পেড্ডাৰ ৰোডত থকা ঐতিহাসিক ‘প্ৰভুকুঞ্জ’ চাবলৈ৷ কি নো কৰিম, বিল্ডিঙৰ তলতে ৰৈ এনেয়ে শূন্যতে প্ৰণাম জনালোঁ৷ তেতিয়া হাতে হাতে মবাইল নাছিল যে, প্ৰভুকুঞ্জৰ ওচৰত ছবি এখনকে তুলি থওঁ!

মোৰ বহুত ভাগ্য যে, ১৯৮৪ চনত লতা মংগেশকাৰ গুৱাহাটীলৈ আহোঁতে, জু-ৰোডত বহুতৰ লগতে শাৰী পাতি দুঘণ্টা ৰৈ আছিলোঁ, এবাৰ এই মহান নাৰীৰ দৰ্শন ল’বলৈ৷ আহিল, ‘কিউ’ ভাঙি লৰি গলোঁ লতা মংগেশকাৰ উঠি অহা গাড়ীখনৰ কাষলৈ৷ বিনয়ী, নিৰহংকাৰী লতাই গাড়ীৰ আইনা তললৈ নমাই মোলৈ হাতখন আগবঢ়াই দিলে৷ গাড়ী ৰৈ গ’ল আৰু মই সেই উদ্যত হাত আলফুলে স্পৰ্শ কৰিলোঁ৷ গাড়ী আকৌ চলিল, মোৰো মনোকামনা পূৰণ হ’ল৷ ঘৰলৈ আহিলোঁ কিন্তু গোটেই দিনটো মই মোৰ সেই হাত নুধুলোঁ, ধুলেই কিজানি সেই অপূৰ্ব স্পৰ্শ নোহোৱা হৈ যাব!

মুম্বাই লৈ অহা কিছুদিন পাছৰ কথা৷ নতুন বাবে প্ৰায় সদায় মুম্বাই দেখুৱাবলৈ স্বামীয়ে মোক সময় পালেই উলিয়াই নিয়ে৷ তেনে এক বৰ্ষণমুখৰ আবেলি আমি গৈছিলোঁ Kems corner নামৰ ঠাইখনৰ ফালে৷ তেতিয়াৰ দিনত ‘বম্বে’ আজিৰ দৰে যানজঁটেৰে ভৰি থকা নাছিল৷ বৰষুণ দি আছিল, বাটৰ কাষতে থকা বাছ ষ্টপেজত মানুহৰ ভীৰ; আমাৰ গাড়ীৰ আগত এখন ক’লা ৰঙৰ দীঘলীয়া গাড়ী৷ সেই সময়ত মই Limousine বা Mercedesৰ নাম শুনাই নাছিলোঁ, স্বামীয়ে কওঁতে হে জানিলোঁ৷ আগৰ সেই ক’লা দীঘল গাড়ীখনৰ পৰা ড্ৰাইভাৰজন নামি আহি বাছলৈ বুলি ৰৈ থকা মধ্য বয়সীয়া মানুহ এজনক মাতি নি সেই গাড়ীখনৰ আগৰ চিটত বহুৱালেগৈ৷ মানুহজনক দেখিলো হাত জোৰ কৰি কিছু ইতঃস্তত কৰি বহিলেগৈ৷ ওচৰৰ দোকান এখনলৈ যাওঁতে গম পালোঁ- গাড়ীখন কাৰ আৰু গাড়ীত কোন বহি আছিল! সেয়া আন কোনো নহয়, স্বনামধন্য জে আৰ ডি টাটা, যিয়ে ঘৰৰ মালীজন বৰষুণৰ বতৰত বাছলৈ ৰৈ থকা দেখি, নিজৰ গাড়ীৰে ঘৰত থৈ আহিছেগৈ৷ সেই এলেকাৰ লোকসকলে জানে জে আৰ ডি-ৰ বহল হৃদয়ৰ কথা! তেতিয়াৰে পৰা এবাৰ জে আৰ ডি-ক ওচৰৰ পৰা চাবলৈ মোৰ বৰ মন আছিল কিন্তু সেই ইচ্ছা পূৰণ নহ’ল৷

মোৰ দেউতা জনতা পাৰ্টিৰ গুৱাহাটী শাখাৰ উপ-সভাপতি আছিল, মোৰাৰজী দেশাইৰ অনুগত৷ মোৰ বিয়াৰ পাছত দেউতা প্ৰায়েই মুম্বাই লৈ আহিছিল৷ সেইদৰে এবাৰ আহোঁতে আমাৰ গোটেই পৰিয়ালটো আৰু লগত অহা মোৰ ভণ্টিক দেউতাই সেই সময়ত মুম্বাইৰ ঘৰত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ ওচৰলৈ লৈ গৈছিল৷ মোৰ কিন্তু কিয় জানো দেশাইক কিছু অহংকাৰী যেন হে লাগিল, দেউতাই যিমানহে প্ৰশংসা কৰে!

মহাৰাষ্ট্ৰৰ প্ৰথম মুখ্যমন্ত্ৰী য়শোৱন্তৰাও চাৱন (Yashwantrao Chavan)-ৰ নামেৰে মুম্বাইৰ নাৰিমেন পইণ্টত অৱস্থিত সুবৃহৎ সভাগৃহত সংগীত নাটক অকাডেমিৰ এক অনুষ্ঠানত, মুখ্য অতিথি ৰূপে অহা – মোৰ অতিকৈ শ্ৰদ্ধাৰ, মোৰ অতিকৈ ভাল লগা এক নমস্য ব্যক্তিক ওচৰৰ পৰা দেখাৰ সৌভাগ্য হৈছিল; সেয়া আছিল এ পি জে আব্দুল কালাম৷ তেখেতৰ ওজস্বী ভাষণ যেন শুনিয়েই থাকিম৷ পৰা হ’লে মঞ্চলৈ উঠি গৈ কৰমৰ্দন কৰিলোঁহেতেন৷ ( ডঃ ভূপেন হাজৰিকা সেই সময়ত সংগীত নাটক অকাডেমীৰ অধ্যক্ষ আছিল বাবে মুম্বাইত থকা আন অসমীয়া লোকৰ লগতে আমিও নিমন্ত্ৰণ পাইছিলোঁ৷ ) সেইদিনাই, সেই অনুষ্ঠানতে ওচৰৰ পৰা দেখিছিলোঁ- অভিনেত্ৰী হেমা মালিনী আৰু কিৰণ খেৰক৷ আৰু কি সৌভাগ্য – মোৰ ওচৰৰ আসনত বিৰাজমান আছিল কোন জানে নে? এসময়ৰ, আমাৰ দিনৰ ‘Baritone voice’ৰে Binaca গীতমালা পৰিবেশন কৰা মিঃ আমিন সায়নী ডাঙৰীয়া!

ইয়াৰ পাছদিনা সেই একেই নিমন্ত্ৰণত, তাজ হোটেলত ডঃ হাজৰিকাই দিয়া ‘banquet’ লৈ যাওঁতেও বহু গণ্য মান্য লোকক দেখা পোৱাৰ ভাগ্য হৈছিল৷ তাৰে ভিতৰত মনত থকা উল্লেখযোগ্য হ’ল- প্ৰসিদ্ধ কলাকাৰ, সু অভিনেত্ৰী জোহৰা চাইগল, বিজ্ঞাপন জগতৰ ভোটাতৰা স্বৰূপ, Lintas আৰু Hindustan Leverৰ গাৰচন ডা কোনা ( Garson da Cunha ), অসমৰ দিলীপ কুমাৰ শৰ্মা, সুদক্ষিণা শৰ্মা, অভিনেতা ইৰফান খান, গায়ক ৰূপকুমাৰ ৰাথোৰ আৰু সোণালী ৰাথোৰ, তালাত আজিজ, অনুপ জালোতা আৰু টিভিৰ কিছু শিল্পী৷ এয়া ডঃ হাজৰিকাৰ বাবেহে সম্ভৱ হ’ল৷

প্ৰসিদ্ধ গীতিকাৰ গুলজাৰ চাহাবৰ আত্মজীৱনী উদ্ঘাটন অনুষ্ঠানলৈ যোৱাৰ ভাগ্য হৈছিল নভবাকৈয়ে! মোৰ সাংবাদিক ছোৱালীজনীলৈ নিমন্ত্ৰণ আহিছিল, তাই সেইসময়ত মুম্বাইত নাছিল৷ গুলজাৰ মোৰ বৰ প্ৰিয় বুলি তাই জানে৷ সেয়েহে, অনুষ্ঠানৰ গুৰি ধৰোঁতা, সাংবাদিক, Femina-ৰ সম্পাদিকা সত্য চাৰনক অনুৰোধ কৰিলে মোক এখন pass দিবলৈ৷ উঃ কি আনন্দ আৰু উত্তেজনা মোৰ- গুলজাৰক ওচৰৰ পৰা দেখি, উদাত্ত কণ্ঠৰ শ্বায়েৰী শুনি আৰু একেলগে ফটো এখন উঠিব পাৰি!

বিৰতিৰ সময়ত ‘ৱাছ ৰুমলৈ’ যাওঁতে লগ পালোঁ অভিনেত্ৰী কিৰণ খেৰ আৰু হেমা মালিনীক৷ হেমা মালিনীক কিছু ‘ৰিজাৰ্ভ’ যেন লাগিল৷ মেখেলা চাদৰ পিন্ধি যোৱা মোক দেখি কিৰণ খেৰে হাঁহি মাৰি মোলৈ চোৱাত মই তেওঁ পিন্ধা ৰঙা বুটা বচা মুগাৰ শাৰীখন কত পালে বুলি মই নুসুধি নোৱাৰিল৷ বৰ উৎসাহেৰে তেওঁ কলে যে, Colaba-ত থকা এম্পৰিয়ামৰ পৰা মুগাৰ শাৰীখন কিনিছে৷ বৰ আনন্দ পালোঁ কোনোবাই ইমান দাম দি যে আমাৰ মুগা শাৰী কিনিছে!
NCPA- National Centre for Performing Arts-ত প্ৰায়েই ইংৰাজী নাটক হৈ থাকে৷ মোৰ ল’ৰাটো অভিনেতা নাছিৰুদ্দিন শ্বাহৰ ভক্ত৷ সি খবৰ পালে যে এইবাৰ NCPA-ত চেক্সপীয়েৰৰ কাহিনীৰে নাটক কৰিবলৈ শ্বাহ আৰু পত্নী ৰত্না পাঠক শ্বাহো আহিব৷ গতিকে সি দুটা টিকট বুক কৰিলেই৷ নাটকখনৰ নামটো পাহৰি থাকিলোঁ৷ ঘূৰণীয়া মঞ্চত আমাৰ হেঁপাহৰ শিল্পী দুগৰাকীক দেখি কি যে ভাল লাগিছিল! নাটকৰ অন্তত মনতে সাহস গোটাই আন আন অনুৰাগীৰ লগতে আমিও সেউজগৃহৰ ভিতৰলৈ গৈ দেখিলোঁ যে, বহুতেই তেখেত সকলৰ লগত ফটো তোলাত ব্যস্ত৷ সুযোগ বুজি মোৰ ল’ৰটোৱেও তাৰ প্ৰিয় অভিনেতাজনক অনুৰোধ কৰিলে— মা আৰু মই আপোনালোকৰ লগত এখন ফটো উঠিব পাৰো নে? অমায়িক, নিৰহঙ্কাৰী শ্বাহে ততালিকে কলে, “ইয়ং মেন, এখন নালাগে দুখনো তুলিব পাৰা ৷” মহা আনন্দেৰে দুয়ো পতি-পত্নীৰ লগত আমি দুখনেই ফটো উঠিলোঁ৷ এই স্মৃতিসমূহ মনৰ বৰপেৰাত সযতনে থৈ দিছিলো৷ আজি সকলোৰে লগত ভগাই দিয়াৰ আনন্দ ললোঁ৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!