কথাবোৰ সহজ নাছিল

লেখক- মানসী বৰা

এগৰাকী প্ৰবাসী অসমীয়া হিচাপে নিজৰ মনৰ অনুভৱখিনি লিখিবলৈ লৈ থমকি ৰৈছোঁ। ক’ৰ পৰা আৰম্ভ কৰিলে ভাল হ’ব জুকিয়াই লৈছোঁ।মনৰ পক্ষীটি উৰুৱাই উভতিছোঁ আজিৰ পৰা সাত বছৰৰ আগৰ দিনবোৰলৈ। সেইদিনত আমি অসম চৰকাৰ শিক্ষাবিভাগৰ অধীনত এগৰাকী সহকাৰী শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত আছিলোঁ। বেংগালুৰুত কৰ্মৰত গৃহস্থৰ সৈতে বিয়া ঠিক হওতে নিজেও কৰ্মত নিয়োজিত হৈ থাকিম বুলিয়ে ভাবিছিলোঁ ,যিটো সহজ মুঠেও নাছিল আৰু সেয়ে হয়তো পিছতো সহজ হৈ নুঠিল।

বিয়া হোৱাৰ পিছত প্ৰথমে বেতনবিহীন ছুটী লৈ গৃহনগৰ শিৱসাগৰৰ পৰা প্ৰথম ঢাপলি মেলিলোঁ কৰ্ণাটকৰ বেংগালুৰুলৈ। অসম্ভৱ আছিল বুলি নকওঁ। কিন্তু শিৱসাগৰৰ দৰে এখন সৰু নগৰৰ পৰা গৈ বেংগালুৰুৰ দৰে এখন অচিন চহৰৰ এটা অচিনাকি পৰিৱেশত নিজকে খাপ খোৱাই লোৱাটো সহজ নাছিল । আৱেগিক মনটোৰ বাবে সহজ নাছিল জন্মভুমিৰ পৰা দূৰৈত, আত্মীয়ৰ পৰা দূৰৈত জীৱন-নিৰ্বাহ কৰাটো। তাৰ লগতে সহজ নাছিল নিজৰ মাতৃভাষা নুশুনাকৈ জীয়াই থকাটো। বেংগালুৰু চহৰত আমাৰ সামান্যতমো জ্ঞান নথকা অচিনাকি কানাড়া ভাষাৰ বহুল ব্যৱহাৰ হয় ।সকাহ বুলিবলৈ এটাই আছিল; সেই হ’ল— মই নিজৰ আপোন দেশখনতে আছোঁ।

২০১৫ চনৰ ডিচেম্বৰ মাহৰ কথা। আমেৰিকা যুক্তৰাষ্ট্ৰলৈ বুলি বেংগালুৰুৰ বিমানবন্দৰত উপস্থিত হওতে শান্ত মনটো হঠাত অশান্ত হৈ পৰিছিল। বুকুৰ কোনোবা কোণত স্বদেশ এৰি যোৱাৰ বিষাদে হেঁচা মাৰি ধৰিছিল। কথাবোৰ সঁচাকৈয়ে সহজ নাছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰ্জিনীয়া ষ্টেটৰ ৰিছমণ্ড বিমান বন্দৰত খোজ কাঢ়ি ওলাই আহোতে বন্দৰৰ ভিতৰত অচিন মুখবোৰে চাই চিনাকিৰ দৰে আচৰণ কৰোতে আশ্চৰ্য প্ৰকাশ কৰিছিলোঁ।পিছত ভাৰ্জিনীয়াৰ পৰা ডেলাৱেৰ, ডেলাৱেৰৰ পৰা পেনচিলভিনিয়া আৰু পেনচিলভিনিয়াৰ পৰা আহি বৰ্তমান নিউ জাৰ্ছীৰ বাসিন্দা হ’লো। এবছৰ কোনো প্ৰবাসী অসমীয়াৰ সান্নিধ্য লাভ কৰা নাছিলোঁ। বজাৰৰ ভিতৰত অসমীয়াৰ অন্যতম জুতি লাইশাক বিচাৰি থাকোতে হঠাত এদিন প্ৰৱাসী অসমীয়াৰ পৰিয়ালৰ এটিৰ সৈতে পৰিচয় ঘটিল। সেই পৰিচয়ৰ বাবে আমেৰিকাত আমি অসমীয়া সমাজখনৰ সান্নিধ্য লাভ কৰিলোঁ।তাৰ লগে লগে বাপতিসাহোন ৰঙালী বিহু আৰু ভোগালী বিহুত অংশ লোৱাৰো সু্যোগ পালো। অসমৰ পৰা দূৰৈত থাকিও আমেৰিকাত প্ৰবাসী অসমীয়াই বছৰি ৰঙালী বিহু আৰু ভোগালী বিহুৰ লগতে শংকৰদেৱ গুৰুজনাৰ তিথি পালন কৰি আহিছে। ভাল লগাবোৰ তাতেই আছেঁ। সেই ভাল লগাবোৰৰ বাবেই সহজ নোহোৱা কথাবোৰ লাহে লাহে সহজ হৈ উঠিল । সহজ নাছিল বাবেই চৰকাৰী চাকৰিৰ পৰা এদিন স্বইচ্ছাই অব্যাহতিও ল’লো।

আমেৰিকাৰ মনোমোহা প্ৰাকৃতিক শোভাই আমাক আকৃষ্ট কৰে। আকৃষ্ট কৰে চৌপাশৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাই।আমি উন্নত বুলি ভবা দেশখনত জীৱন-নিৰ্বাহ সঁচাকৈয়ে অতি সহজ। ২০১৮ চনৰ মে’ মাহত আমেৰিকাৰ চিকিৎসালয়তে আঁকোৱালী ল’লো ঈশ্বৰৰ অমূল্য বৰদান মাতৃত্বক। মোৰ কোলালৈ এজনী কণমানি আহিল।তাইৰ আধাফুটা মাতবোৰ, থুপুক-থাপাক খোজবোৰত আমাৰ সপোনবোৰ বাঢ়িল।সহজ নোহোৱা কথাবোৰ সহজ হৈ উঠিল।

ঘৰমুৱা পক্ষী হৈ কেইটামান দিনৰ বাবে বৰ্তমান মই মোৰ জন্মভূমিত। আপোনজনৰ সান্নিধ্যত এতিয়া যে আমাৰ প্ৰতিপল জীপাল হৈ উঠিছে।
উপভোগ কৰিছোঁ প্ৰতিটো মধুময় ক্ষণ। বাটে-পথে হাঁহিৰে ভৰা ৰঙীন চিনাকি মুখবোৰে দিছে সুখৰ ঠিকনা। ভাললগাবোৰ আছে আগৰ দৰে। অনাগত দিনতো থাকিব। সেই ভাললগাবোৰৰ বাবেই হয়তো সহজ কথাবোৰ আজিও সহজ হৈ আছেঁ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments