টিউলিপ ফুলৰ দেশত
লেখক- পঙ্কজ লোচন বৰা
পাতনি: এই লেখাটো মোৰ মৰমৰ ভাইটি পঙ্কজৰ ব্লগৰ পৰা লোৱা হৈছে৷ পঙ্কজে খুব কম বয়সতে আমাক এৰি থৈ যোৱাৰ আজি প্ৰায় এবছৰেই হ’বৰ হ’ল যদিও হয়তো এনে এটা দিনো পাৰ হোৱা নাই যিটো দিনত তাৰ কথা মোৰ মনলৈ অহা নাই৷ সেয়ে, তাৰ এই একমাত্ৰ লেখাটোকে আমাৰ মাজত সাঁচি ৰাখিবৰ বাবেই আমাৰ এয়া এক ক্ষুদ্ৰ প্ৰয়াস৷
ইতি,
মনোজ মন কলিতা
সম্পাদক, সাহিত্য ডট অৰ্গ, মাৰ্চ-২০২২
‘দেখা এক খ্যাৱ’ — ‘চিলচিলা’ চিনেমাখন বহুতে হয়তো চোৱা নাই যদিও এই সুন্দৰ গীতটো হয়তো সকলোৱে শুনিছে আৰু উপভোগো কৰিছে। কথা–সুৰৰ লগতে এই গীতটোৰ এটা উল্লেখনীয় দিশ আছিল ইয়াৰ লোকেচনঃ ৰেখা, অমিতাভ আৰু শাৰী শাৰী ৰং–বিৰঙৰ টিউলিপ ফুল। এই গীতটিৰ চিত্ৰগ্ৰহণ কৰা হৈছিল নেদাৰলেণ্ডৰ বিখ্যাত Keukenhof টিউলিপ উদ্যানত। সৰুতে গীতটো চোৱাৰ পৰাই মনতে এটা সপোন জাগিছিল, উদ্যানখন নিজ চকুৰে এবাৰ চোৱাৰ। অৱশেষত সেই সপোনটি যেনিবা পূৰণ হ’ল। মানে, ২০১৮ চনৰ এপ্ৰিল মাহত Easter Vacationৰ সময়তে Amsterdam যোৱাৰ প্লেন কৰিলোঁ। উল্লেখযোগ্য যে এই উদ্যানখন বছৰত মাথোঁ কেইটামান দিনৰ কাৰণেহে খোলা হয়ঃ মাৰ্চৰ মাজৰ পৰা মে‘ৰ দ্বিতীয় সপ্তাহলৈকে। তাৰ ভিতৰতে এপ্ৰিলৰ মাজৰ সময়খিনি নিঃসন্দেহে সঠিক সময় যিহেতু সেই সময়ত টিউলিপ ফুলবোৰ সম্পূৰ্ণৰূপে ফুলি উঠে।
বাৰু যি কি নহওক, নিৰ্দিষ্ট দিনা মই Flix bus ৰে যাত্ৰা আৰম্ভ কৰিলোঁ।মই ইউৰোপ মহাদেশত সাধাৰণতে বাছ অথবা ট্ৰেইনেৰেই যোগে অহা–যোৱা কৰোঁ কাৰণ বেলেগ বেলেগ দেশৰ সৰু–বৰ নগৰবোৰ, ৰাস্তাৰ কাষৰ ধুনীয়া ধুনীয়া দৃশ্যবোৰ চাই যাওঁতে কেতিয়ানো সময় গুচি যায়, গমকে নাপাওঁ। অৱশ্যে, বহুত বেছি দূৰ হ‘লে এনে যাত্ৰা আমনিদায়কো হয়।
তেতিয়া Ryan Air নামৰ বিমান কোম্পানীটোৰ টিকেট বহুত কম দামতে কিনিব পাৰি। বহু ক্ষেত্ৰত বাছৰ টিকেটৰ আধামান হে হয়। অৱশ্যে, সকলো ঠাইলৈ Ryan Air বিমান নাযায়। তথাপি, আগতীয়াকৈ চেক কৰি ল’ব পৰা যায়।
প্ৰায় ১০ ঘণ্টা যাত্ৰা কৰাৰ পাছত অৱশেষত সপোনৰ নগৰী Amasterdam পালোঁগৈ। বাছৰ পৰা নামিয়ে আগতে বুক কৰি থোৱা মোৰ হোটেলখনত চেক ইন কৰিলোঁ। এখন সাধাৰণ হোটেল। dormitory ৰূম (মই সাধাৰণতে থকাত বহুত কম পইচা খৰছ কৰোঁ)৷ হোটেলত অলপ জিৰাই গাটো ধুই ওলাই গলোঁ। এই বিষয়ে নিলিখোঁ যিহেতু মই প্ৰায় ৭ দিন থাকি বহুতেই ফুৰিলোঁ। সকলোখিনি লিখা সম্ভৱো নহয়। কিন্তু, সেইদিনাই মই পিছদিনা Keukenhof যাবলৈ প্ৰায় ২০ ইউৰো মূল্যৰ ticket বুক কৰিলোঁ। আপুনি যদি Amsterdam বা ইয়াৰ আশে পাশে থাকে, তেন্তে এনেকুৱা combination টিকেট কাটিব পাৰে যত Amsterdam airport বা ৰেল ষ্টেচনৰ পৰা বাছ ৰাইডটো include কৰা থাকে Amsterdamৰ পৰা প্ৰায় ৪০ কি.মি. দূৰৰ Lisse চহৰত থকা এইখন পৃথিৱীৰ ভিতৰতে এখন অন্যতম বৃহৎ ফুলৰ উদ্যান। নেদাৰলেণ্ডৰ যিকোনো ঠাইৰ পৰা ইয়ালৈ সহজে আহিব পাৰি। প্ৰায় ৩২ হেক্টৰ এলেকা জুৰি থকা এই বাগিচাত প্ৰায় ৭ মিলিয়ন ফুলগছ আছে।
যদিও টিউলিপ ফুলৰ বাবেই বিখ্যাত, ইয়াত ডেফ’ডিল, গোলাপ আদি অন্য প্ৰজাতিৰ ফুলো আছে। ইয়াত প্ৰত্যেক দিনেই প্ৰায় ২৬০০০ দৰ্শক ফুৰিবলৈ আহে। পিছদিনা নিৰ্দিষ্ট ষ্টেচনলৈ যোৱাৰ পিছত আমাক গাড়ীৰে Kuekenhofলৈ গ’ল। গেইটত টিকেটটো দেখুৱাই ভিতৰলৈ সোমাই গলোঁ। প্ৰথম প্ৰথম তেনেই সাধাৰণ যেন লাগিলেও অলপ ভিতৰলৈ সোমাইহে গম পোৱা যায় ই কেনে এক স্বৰ্গপুৰী! কেৱল শাৰী শাৰী ফুল। পৰ্য্যটকৰ সুবিধাৰ কাৰণে ফুলবোৰৰ নাম সাধাৰণ নামৰ লগতে বৈজ্ঞানিক নামবোৰো ইত্যাদি লিখি থোৱা আছে। উদ্যানখনৰ ভিতৰতে সৰু সৰু পানীৰ নিজৰা আছে আৰু তাৰ পাৰে পাৰে কেৱল ভিন্ন ৰঙী ফুলৰ গছবোৰ। এক পাহৰিব নোৱাৰা সুন্দৰ পৰিৱেশ। আচলতে, এদিনতে সকলো চাই শেষ কৰাটো অসম্ভৱেই হয়।
উদ্যানখনৰ মাজে মাজে কিছুমান ফুলৰ দোকানো আছে । এখন দোকানত পানীৰে ভৰা এটা পাত্ৰও (ঠিক পাত্ৰ নহয়। কিন্তু কি বুলি কয় নাজানো, ফটোত আছে) দেখিলোঁ যত ভিন ভিন দেশৰ বিভিন্ন মুদ্ৰা পৰি আছে। এটা কথা হঠাৎ মনলৈ আহিল যে কেৱল আমিয়ে অন্ধ বিশ্বাসী নহয়। তেনেকুৱা মানুহ পৃথিৱীৰ সকলো ঠাইতে আছে। এফালৰ পৰা চাই গৈছোঁ যদিও মনটোৱে তেতিয়াও ‘চিলচিলা’ চিনেমাখনৰ সেই শাৰী শাৰী গছবোৰহে বিচাৰি ফুৰিছিল। তাত এটা ভাৰতীয় পৰিয়ালো লগ পালোঁ। তেওঁলোকে আক’ মোকহে সুধিছিল, সেই চিলচিলাত দেখুৱা ফুলৰ শাৰীবোৰ ক’ত আছে! বহুত ভাৰতীয়ই এতিয়াও হয়তো সেই ফুলবোৰ চাবৰ কাৰণেই তালৈ যায়।
অৱশেষত উদ্যানখনৰ প্ৰায় ৭০ শতাংশ চোৱাৰ পিছত পৰ্য্যাটকৰ বাবে মডেল হিচাপে ৰখা এটা ‘ৱিন্দমিল’ দেখা পালোঁ সেইটো চাবলৈ যাওঁতেহে চকুত পৰিল পার্কৰ বাহিৰৰ শাৰী শাৰী ফুলৰ গছবোৰ। আচলতে, উদ্যানখনৰ টিউলিপখিনি মানুহে চাবৰ বাবে ৰাখিছে। কিন্তু, যিখিনি বাহিৰত আছে সেইখিনিৰ খেতি বাণিজ্যিকভাৱে কৰা হৈছে।
এইখিনিতে ক’ব লাগিব যে টিউলিপ ফুলৰ ৰপ্তানিৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰতে প্ৰথম স্থানত আছে নেদাৰলেণ্ড। বহু এলেকা জুৰি থকা টিউলিপ ফুলৰ ফিল্ডবোৰ চাবৰ বাবে খোজ কাঢ়িও যাব পাৰি। খালি, খোজকাঢ়ি গ’লে অলপ সাৱধান কিয়নো তাত ব্যক্তিগত ফিল্ড কিছুমানো আছে। নহ’লে, boat ride কৰিব পাৰি যিবোৰ boatয়ে ফিল্ডৰ মাজে মাজে বৈ যোৱা এটা সৰু নিজৰাৰে এপাক ঘূৰাই আনে। প্ৰায় ৩০ মিনিটৰ ৰাইডটো শেষ কৰি এটা সপোন পূৰণ হোৱাৰ আনন্দত মনটো ভৰি গ’ল। ওচৰতে থকা Souvenirৰ দোকানৰ পৰা ‘মেমৰী’ হিচাপে ‘ৱিন্দমিল’ৰ মডেল এটা কিনিলোঁ। ভাগৰুৱা শৰীৰেৰে ওলাই আহি পুনৰ বাছত উঠিলোঁ। এইবাৰ মোৰ টোপনিয়েই আহিল। কেতিয়ানো আমস্তৰদাম পালোঁহি, গমেই নাপালোঁ।
এনেকৈয়ে এটা ভাল লগা অভিজ্ঞতাৰে দিনটোৰ সামৰণি পৰিল।”