সাক্ষাৎকাৰ: প্ৰবাসী অসমীয়াৰ মনৰ কথা
লেখক- সাহিত্য ডট অৰ্গ
(১)
সাহিত্য ডট অৰ্গৰ এই মাহৰ সাক্ষাৎকাৰৰ বাবে সাক্ষাৎ কৰা হৈছিল শ্ৰী গৌৰাংগলাল দাস দেৱক। ১৯৯৯ চনত ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শ্ৰী দাস দেৱে তেখেতৰ এই সুদীৰ্ঘ কাৰ্য্যকালত বিভিন্ন দেশত ভাৰতৰ বৈদেশিক বিষয়া তথা ৰাষ্ট্ৰদূতৰ দৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ তেখেত বৰ্তমান ভাৰত-টাইপেই এচচিয়েচনৰ ডাইৰেক্টৰ জেনেৰেল হিচাপে কৰ্মৰত৷ নিজৰ কৰ্ম ব্যস্ততাৰ মাজতো সাহিত্য চৰ্চা কৰি ভাল পোৱা শ্ৰী দাস দেৱৰ সৈতে হোৱা এই সাক্ষাৎকাৰটিত অংশগ্ৰহণ কৰিছে সাহিত্য ডট অৰ্গৰ এই মাহৰ সম্পাদকদ্বয় শ্ৰী মনোজ মন কলিতা আৰু শ্ৰী দ্বীপজ্যোতি বৰা তথা অসমীয়াত কথা বতৰা গোটৰ সদস্য ক্ৰমে শ্ৰী উৎপলা কৌৰ আৰু শ্ৰী উজ্জল দীপ্লু গগৈ। সাক্ষাৎকাৰটিৰ অনুলেখন কৰিছে শ্ৰী মনোজ মন কলিতাই। সাক্ষাৎকাৰটিৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰি তুলিছে শ্ৰীবিকাশ দত্তই আৰু ইয়াৰ বৰ্ণাশুদ্ধি কৰিছে শ্ৰীমণ্টু কুমাৰ বৰঠাকুৰে।
সাহিত্য ডট অৰ্গ: আপোনাৰ স্কুলৰ দিনৰ অভিজ্ঞতাৰ বিষয়ে কওকচোন? পঢ়ি থকাৰ সময়ত আপুনি জড়িত থকা বা দেখা কিবা বিশেষ আমোদজনক বা ৰোমাঞ্চকৰ কাহিনীয়ে আপোনাক আজিও স্মৃতিকাতৰ কৰি তোলে নেকি?
গৌৰাংগলাল দাস: ধন্যবাদ, মোৰ জন্মস্থান হৈছে বৰপেটা আৰু তাতেই মোৰ প্ৰাথমিক আৰু মাধ্যমিক পৰ্য্যায়ৰ শিক্ষা সমাপ্ত কৰিছিলো। মই ডাঙৰ হোৱা সময়খিনি আছিল অসম আন্দোলনৰ সময় আৰু সেই সময়ত পঢ়া-শুনাতকৈ অধিক সময় আমি আন আন কামত হে অতিবাহিত কৰিছিলো। এতিয়াও মনত পৰে সেই দিনবোৰৰ কথা, যি সময়ত আমি একো নুবুজাকৈয়ে অসম আন্দোলনত জঁপিয়াই পৰিছিলো আৰু সেই সময়ৰ “আহ ঐ আহ, ওলাই আহ“, “তেজ দিম, তেল নিদিও“ ইত্যাদি শ্লোগানত মদমত্ত হৈ আছিলো। সেই সময়ৰ বিহু গীতবোৰটো অসম আন্দলোনৰ প্ৰভাৱ দেখা মনত পৰে। সেয়ে এক কথাত ক’বলৈ গ’লে সেই সময়ত আমি আমাৰ ভৱিষ্যতৰ চিন্তা-চৰ্চাতকৈ আন্দলোনৰ কাম-কাজ আৰু ক্ৰীড়া-সংস্কৃতি ইত্যাদিত ওতপ্ৰোত ভাবে জড়িত হৈ পৰিছিলো কিয়নো আমাৰ মনত, গভীৰ ভাৱে নহ’লেও, এক পৰ্য্যায়লৈ সামাজিক দায়বদ্ধতাই মগজুত খোপনি পুতিছিলে। ইয়াৰ উপৰিও পঢ়া-শুনাৰ বাবে সেই সময়ত আমি অভিভাৱক অথবা শিক্ষকসকলৰ পৰা কোনো ধৰণৰ দাবী পোৱা নাছিলো, আৰু এক প্ৰকাৰ মুক্ত বিহংগৰ দৰে উৰি ফুৰিছিলো। সেয়ে স্বাভাৱিকভাবেই পৰীক্ষাৰ বিষয়ে আমি বিশেষ একো জনা নাছিলো আৰু বুজাই দিবলৈও আমাৰ তেনে কোনো মানুহ নাছিল। তেনে পৰীক্ষাৰ সৈতে জড়িত এক আমোদজনক ঘটনা মনলৈ আহিছে। এবাৰৰ ঘটনা, প্ৰথম শ্ৰেণীত থাকোঁতে মই এদিন অংকৰ পৰীক্ষা দিবলৈ গৈছিলো। সেই সময়ত আমি ফলিত প্ৰশ্নৰ উত্তৰ লিখিব লাগিছিল আৰু সেই ফলিতেই শিক্ষাগুৰু সকলে নম্বৰ দিছিলে। তেতিয়া মই ফলিত কিদৰে পৰীক্ষা দিব লাগিছিল নাজানিছিলো আৰু শিক্ষাগুৰুক যে ফলিখন দেখুৱাব লাগে সেয়াও নাজানিছিলো। পৰীক্ষা চলি থাকোঁতেই মই দেখিলো যে মোৰ সহপাঠীসকলে ইতিমধ্যে হাতত ফলি লৈ বাহিৰত ঘূৰি ফুৰিছে আৰু তেওঁলোকৰ ফলিত ইতিমধ্যে উত্তৰবোৰত ভুল-শুদ্ধৰ টিক মাৰ্ক দিয়া আছিল। সেয়ে ময়ো নিজেই তেনেকে টিক মাৰ্ক দি ঘৰ পালোহি। তাৰ পিছত ঘৰত কেনেবাকৈ গম পাই হুৱা-দুৱা লাগিল যে মই হেনো আজি পৰীক্ষা নিদিলো। যেতিয়া মোৰ ফলিখন সকলোৱে চালে তাত দেখিলে যে মোৰ অংকবোৰ শুদ্ধ হোৱা টিক মাৰ্ক দিয়া আছে আৰু তেতিয়াহে সকলোৱে গম পালে ভুলটো ক’ত। তেতিয়া মোক সকলোৱে বুজালে যে এনেদৰে পৰীক্ষা নিদিয়ে আৰু শিক্ষাগুৰুয়েহে নম্বৰ দিব লাগে ফলিত। সেই কথা গম পোৱাৰ পিছত, পিচদিনাখন মোক স্কুললৈ মাতি নিলে আৰু মই পুনৰ অংকৰ পৰীক্ষা দিলো ভালদৰে।
সাহিত্য ডট অৰ্গ: কেতিয়াৰ পৰা বা কিবা ঘটনাৰ পৰা আপোনাৰ নিজৰ বিষয়ে ধাৰণা সলনি হ’ল নেকি? কেনেদৰে আত্মবিশ্বাস বাঢ়িল?
গৌৰাংগলাল দাস: মই ভাৱো আত্মবিশ্বাস বঢ়োৱাটো একো একোটা প্ৰক্ৰীয়া য’ত কেৱল মাত্ৰ এটা ঘটনা জড়িত হৈ নাথাকে, সাধাৰণতে বিভিন্ন ঘটনা ল’গ হৈ হে এক কাৰক হিচাপে কাম কৰে। মোৰ জীৱনটো ছাত্ৰ অৱস্থাত তেনে বহু সৰু সুৰা ঘটনা জড়িত হৈ আছে, আৰু তেনে ঘটনাসমূহ পঢ়া-শুনাৰ সৈতে জড়িত নহৈ পাঠ্যক্ৰমৰ বাহিৰৰ হে অধিক আছিল। তেনে এক ঘটনাৰ বিষয়ে ক’বলৈ গ’লে পোন প্ৰথমে ক’ব লাগিব বন্যপ্ৰাণী সপ্তাহ নামৰ এক জিলাভিত্তিক চিত্ৰাঙ্কন প্ৰতিযোগিতা। সেই প্ৰতিযোগিতাত ভাগ ল’বলৈ গৈ মোৰ চকুত পৰিছিল সকলোতকৈ ডাঙৰ পুৰস্কাৰটো আৰু সেইটো দেখাৰে পৰাই মোৰ মনত এটাই মাথোঁ প্ৰশ্ন আছিল যে সেইটো কোনে পাব! এটাই মোৰ মনত ধাৰণা আছিল যে যিয়ে এই ডাঙৰ পুৰস্কাৰটো পাব, তেওঁ সৰ্বশ্ৰেষ্ঠ হ’ব লাগিব। সময়ত মই এই প্ৰতিযোগিতা ভাগ ল’লো আৰু মই নভৱাকৈয়ে প্ৰথম স্থান লাভ কৰি মই সেই পুৰস্কাৰটো পাবলৈ সক্ষম হ’লো। মই তেতিয়া দ্বিতীয় মান শ্ৰেণী পঢ়ি আছিলো আৰু মোৰ প্ৰতিভাক যে এইদৰে কোনোবাই স্বীকৃতি প্ৰদান কৰিছে সেই দেখি মোৰ আপ্লুত হৈ পৰিছিল। পিছলৈ এই ঘটনাই মোৰ আত্মবিশ্বাস বহুখিনি বঢ়াই তুলিছিল। ইয়াৰ পিছতো মই তেনে বহু প্ৰতিযগীতা, যেনে কবিতা আবৃত্তি, তৰ্ক প্ৰতিযোগীতত ভাগ ল’লো আৰু বহু লোকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হ’লো। এনেবোৰ সৰু সৰু ঘটনাই মোৰ আত্মবিশ্বাস বঢ়োৱাত বহুখিনি সহায় কৰিছিল। পঢ়া-শুনাৰ ক্ষেত্ৰত ক’বলৈ গ’লে চতুৰ্থ মান আৰু সপ্তম মান শ্ৰেণীত মই বৃত্তি পৰীক্ষা পাছ কৰিছিলো আৰু ই মোৰ পঢ়া-শুনাৰ ক্ষেত্ৰটো আত্মবিশ্বাস বঢ়োৱাত সহায় কৰিছিল।
মেট্ৰিক পৰীক্ষাৰ সময়ৰ আন এক ঘটনায়ো মোৰ জীৱনত বাৰুকৈ ৰেখাপাত কৰিছিল আৰু আত্মবিশ্বাস বঢ়োৱাত সহায় কৰিছিল। মেট্ৰিকৰ সময়ত মোৰ দেউতা অসুস্থ হৈ আছিল আৰু তেনেকৈয়ে এদিন পৰীক্ষাৰ মাজত মই মোৰ দেউতাক হেৰুৱালো। কিন্তু মোৰ মায়ে মোক হতাশ হ’ব নিদি আগন্তুক বিষয় কেইটাৰ বাবে প্ৰস্তুতি চলাবলৈ উৎসাহ যোগালে। তেনে এক কঠিন সময়ৰ সন্মুখীন হৈয়ো মই মোৰ সাধনা অব্যাহত ৰাখিলো আৰু এদিন ফলাফল ঘোষণা হোৱাত অসমৰ ভিতৰত প্ৰথম হৈ উত্তীৰ্ণ হ’লো। এই ঘটনাই মোক শিকালে যে জীৱনৰ যিকোনো পৰীক্ষাত অন্তৰেৰে প্ৰস্তুতি চলালে যিকোনো পৰিস্থিতিতে ভাল ফলাফল লাভ কৰিব পৰা যায়।
এইবোৰে বহুত সৰু-সুৰা ঘটনা কিন্তু হয়তো সকলোবোৰ ল’গ হৈ মোৰ আত্মবিশ্বাস বঢ়োৱাত সহায় কৰিছিল।
সাহিত্য ডট অৰ্গ: হাইস্কুলৰ পিছৰ পৰ্যায়ত কিদৰে আপোনাৰ কেৰিয়াৰ বৰ্তমানৰ পৰ্যায় পালেহি?
গৌৰাংগলাল দাস: হাইস্কুলৰ পিছৰ সময়চোৱাত মই বৰপেটাৰ চহৰৰ পৰা ওলাই আহি গুৱাহাটীৰ কটন কলেজত হায়াৰ ছেকেণ্ডাৰি (বিজ্ঞান শাখাত) নামভৰ্তি কৰিলো আৰু তাৰ পিছত মই দিল্লীৰ St. Stephen’s কলেজত অৰ্থনীতি বিভাগত নামভৰ্তি কৰি তাৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হ’লো। তাৰ পিছৰ পৰ্য্যায়ত মই Delhi School of Economics ৰ পৰা অৰ্থিতী বিভাগত স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হ’লো। এই প্ৰতিটো পৰ্য্যায়ত মই বিভিন্ন ঘটনাৰ পৰা উপকৃত হৈছো, বিশেষকৈ কটন কলেজত কটোৱা সেই সময়চোৱাক মই মোৰ জীৱনৰ মধুৰতম সময় বুলিব পাৰো। আগতে কোৱাৰ দৰে বৰপেটাত মোৰ শৈশৱৰ শিক্ষা লাভ কৰিছিলো আৰু সেই সময়ত মোৰ সহপাঠীসকলে মোৰ পৰা এখ দূৰত্ব বজাই চলিছিল। সেয়ে মই আক্ষেপেৰ ক’ব লাগিব যে সেই সময়চোৱাত মোৰ কোনো নিকটতম বন্ধু নাছিল। কিন্তু কটন কলেজৰ সমচোৱাত মই বহু নতুন বন্ধু ল’গ পালো যি মোৰ দৰেই সৰু সৰু ঠাইৰ পৰা ওলাই আহিছিল আৰু আমি সকলোৰে এক ব্যতিক্ৰমীভাৱে জীৱন যাপন কৰিছিলো কিয়নো আমি সকলোৱে ঘৰৰ পৰা আঁতৰত আছিলো আৰু ই নিজৰ বাবে দায়িত্ববোধ জগাই তুলিছিল।
পঢ়া-শুনাৰ উপৰিও আমি সেইসময়ত ক্ৰীড়া-সংস্কৃতিৰ সৈতেও জড়িত হৈ পৰিছিলো। সেই সময়ত আমি কলেজ সপ্তাহত এখন নাটক অনুষ্ঠিত কৰিছিলো আৰু পৰ্য্যায়ক্ৰমে আমি প্ৰথম স্থান লাভ কৰিছিলো। মই বহু সৰুৰে পৰাই নাটকৰ সৈতে জড়িত আছিলো, আনকি প্ৰাথমিক পৰ্য্যায়তেই মই নাটক লিখা আৰম্ভ কৰিছিলো আৰু সেই নাটক সমূহত মই নিজেও ভাগ লৈছিলো। এই নাটসমূহত সাধাৰণতে মই খলনায়ক বা বহুৱাৰ ভাও লৈছিলো, যিহেতু বাস্তৱ জীৱনত তেনে কামবোৰ মই নকৰিছিলো কিন্তু নাটকত তেনে ভাও লৈ মই এক পৃথক অনুভূতি লাভ কৰিছিলো। কটনৰ সেই নাটকখন কৰাৰ সময়ত আজি জাৰকালিৰ ঠেটুৱৈ ল’গা জাৰ আৰু মই ভাও লৈছিলো শিৱ (মহাদেৱ)ৰ। সেই নাটকত মহাদেৱৰ ভাও লৈ মই যেতিয়া বাঘৰ ছাল পিন্ধি উদং দেহাৰে কটন কলেজৰ প্ৰেক্ষাগৃহৰ পৰা হোষ্টেললৈ খোজ কাঢ়ি গৈ আছিলো তেতিয়া হয়তো মোৰ সেই আচহুৱা ৰূপ দেখি এজাক বাটৰ কুকুৰে খুব খেদিছিল। সেই জাৰৰ সময়ত কুকুৰে খেদোৱাৰ ঘটনাটো মোৰ সদায় মনত ৰৈ গ’ল।
কটনত থকা সময়ত মই কিছু লেখা-মেলাও কৰিছিলো, ক’বলৈ গ’লে সাহিত্য চৰ্চাত অলপ ভাল আছিলো। আমি পঢ়ি থকা সময়ত কটনৰ হোষ্টেলত নামভৰ্তি কৰাৰ সময়ত এখ প্ৰেম-পত্ৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল আৰু সকলোৱে ইয়াত ভাগ ল’ব লাগিছিল। সেই প্ৰতিযোগিতাতেই মই প্ৰেম-পত্ৰ লিখি প্ৰথম পুৰস্কাৰ লাভ কৰিছিলো আৰু ইয়াৰ ল’গে ল’গে মই অগ্ৰজ সকলৰ পৰা প্ৰেম-পত্ৰ লিখিবলে প্ৰচুৰ অনুৰোধ লাভ কৰিব ধৰিলো। সকলোৰে অনুৰোধত ময়ো পেচাগত পত্ৰ-লেখকৰ দৰে সকলোৰে বাবে প্ৰেম-পত্ৰ লিখিবলৈ আৰম্ভ কৰি দিলো। কেতিয়াবা তেনেকৈয়ে চিঠি লিখোঁতে দুৰ্ঘটনাও হৈছিল, মই লিখা ভাষা বুজি নাপাই কেতিয়াবা কোনো ছোৱালীয়ে কোনো ল’ৰাক গালিও পাৰিছিল।
দিল্লীলৈ আহি আকৌ নতুন পৰিৱেশৰ সন্মুখীন হৈছিলো, কটনৰ পৰিৱেশৰ পৰা ই বহু পৃথক আছিল। দিল্লীৰ St. Stephen’s College ত ল’গ পোৱা ল’ৰা-ছোৱালীবোৰ বিভিন্ন পৰিৱেশত ডাঙৰ-দীঘল হোৱা আছিল, কোনো যদি সৰু চহাৰ আছিল তেন্তে কোনো ডাঙৰ চহৰৰ আছিলো। সেয়ে এক বৈচিত্ৰ্যময় নতুন পৰিৱেশ আমি দেখিবলৈ পালো আৰু আমি প্ৰথমবাৰৰ বাবে অসমৰ পৰা বাহিৰলৈ ওলাই আহি এক সৰ্ব ভাৰতীয় পৰ্য্যায়ৰ চিন্তাধাৰা গঢ় দিবলৈ সুযোগ পালো। ইয়াৰ পৰাই আমাৰ মনৰ আকাশখনো অলপ বহল হ’ল, অভিজ্ঞতা বাঢ়িল আৰু নিজৰ পৰিপক্বতা বৃদ্ধি পালে। St. Stephen’s College ৰ মোৰ জীৱনলৈ অৱদানৰ বিষয়ে ক’ব লাগিলে মই উল্লেখ কৰিব বিচাৰিম “Liberal Arts” বিষয়ে মোৰ ধাৰণা। মই “Liberal Arts” ৰ বিষয়ে এয়ে ক’ম যে সকলোৱে নিজৰ ব্যস্ততাৰ মাজৰ পৰা সময় উলিয়াই এই বিষয়ে অলপ অধ্যয়ন কৰিব লাগে, যিয়ে জীৱনৰ যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ জ্ঞানৰ যোগান ধৰে। যেতিয়া মই দিল্লীলৈ আহি সৰ্বভাৰতীয় পৰ্য্যায়ৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিলো, তেতিয়া এই বিষয়টোৱে মোক বহুতখিনি সহায় কৰিছিল। সেয়ে মই St. Stephen’s College ৰ প্ৰতি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ।
Delhi College of Economics ৰ পৰিৱেশ আকৌ মই পঢ়া আন কেইখন শিক্ষানুষ্ঠানতকৈ পৃথক, ইয়াৰ শিক্ষা পদ্ধতি খুব বেছি সশ্ৰম (rigorous)। এই পদ্ধতি প্ৰয়োজনীয় আছিল কিয়নো স্নাতকোত্তৰ পৰ্য্যায়ৰ শিক্ষাত বিষয় এটাৰ ওপৰত অধ্যয়ন কৰোঁতে আমি খুব গভীৰলৈ সোমাই যাব লাগে।
এতিয়া যদি কটনৰ বন্ধুত্বমূলক পৰিৱেশৰ পৰা আৰম্ভ কৰি St. Stephen’s ৰ ‘liberal arts’ৰ মুকলিমূৰিয়া পৰিৱেশ পৰিৱেশ আৰু Delhi College of Economics সশ্ৰম পৰিৱেশ সাঙুৰি চাওঁ, তেন্তে ক’ব লাগিব যে এই সকলোৱে মোক বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাত সহায় কৰিছিল।
সাহিত্য ডট অৰ্গ: অসমৰ পৰা প্ৰথম বাহিৰলৈ যাওঁতে কিবা সমস্যাৰ সন্মুখীন হৈছিল নেকি? অসমত পোৱা শিক্ষা আৰু বাহিৰৰ শিক্ষাৰ মাজত কিবা প্ৰভেদ আপুনি অনুভৱ কৰেনে?
গৌৰাংগলাল দাস: প্ৰথমবাৰ মই অসমৰ বাহিৰ বুলিবলৈ হ’লে, আগতে কোৱা মতে, দিল্লীৰ St. Stephen’s College তে পঢ়িবলৈ গৈছিলো। St. Stephen’s College ভাৰতৰ এখন Elite college বুলি গণ্য কৰা হয়। গতিকে, স্বাভাৱিকতেই এই কলেজত পঢ়িবলৈ অহা ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যেই বহু নাম-জ্বলা শিক্ষানুষ্ঠান বা ডাঙৰ চহৰৰ পৰা অহা। সেয়ে, মোৰ দৰে সৰু চহৰত ডাঙৰ-দীঘল হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ যাৰ সৰ্বভাৰতীয়ৰ দৃষ্টিভংগী বিষয়ত অভিজ্ঞতা তেনেই কম আছিল, তেওঁলোক নিশ্চয়কৈ কিছু সমস্যাৰ সন্মুখীন হৈছিল আৰু ময়ো ইয়াৰ ব্যতিক্ৰম নাছিলো। আন এটা সমস্যা আছিল ভাষাৰ, প্ৰথম বাৰ অসমৰ বাহিৰলৈ গৈ হিন্দী বা ইংৰাজীত কথা-বতৰা পাতিবলৈ অভ্যস্ত হৈ পৰা নাছিলো। পিছলৈ এনে সমস্যাবোৰ আঁতৰাবলৈ সক্ষম হৈছিলো।
আমি অসমৰ পৰা পঢ়ি অহা ছাত্ৰ-ছাত্ৰবোৰ সাধাৰণতে অসমীয়া মাধ্যমতেই পঢ়ি অহা আছিলো। মোৰ লগত একল’গে কটনৰ পৰা দিল্লীলৈ অহা ছাত্ৰ আছিল দিগন্ত বড়া, যি এতিয়া অসম চৰকাৰৰ গৃহ বিভাগৰ কমিছনাৰ আৰু IPS বিষয়া। সেই সময়ত আমি ভাষাৰ সমস্যাৰ সন্মুখীন হোৱাৰ উপৰিও বহুখিনি কথা আমি বুজিব পৰা নাছিলো, যেনে আমাৰ বিভিন্ন বিষয়ৰ প্ৰাসংগিক জ্ঞানখিনি প্ৰয়োজনীয় স্তৰত নাছিল। আমাৰ সহপাঠীসকলে যেতিয়া ব্যৱসায় জগতৰ কথা কয়, আমি তেতিয়া সেইবিষয়ে একোৱে শুনা নাছিলো আৰু সেই সময়ত অসমত আমি এই বিষয়ে জনাৰ কোনো সুযোগো পোৱা নাছিলো। ১৯৯১ চনত যেতিয়া প্ৰথম উদাৰিকৰণ নীতি আৰম্ভ কৰা হৈছিল তাৰ ঠিক দুবছৰ পিছত আমি দিল্লীলৈ গৈছিলো। গতিকে এই দুবছৰত আমি অসমত থাকি ব্যৱসায় জগতৰ বিষয়ে জনাৰ অৱকাশ পোৱা নাছিলো। পাঠ্যপুঠিতো আমি মাথোঁ এই নীতিৰ সমালোচনাহে পঢ়িবলৈ পাইছিলো, কিন্তু ইয়াৰ আন আন দিশসমূহ আমি বিশেষ জানিব পৰা নাছিলো। সেয়ে প্ৰথম দিল্লীলে গৈ যেতিয়া আমি এইবিসয়ে শুনো, তেতিয়া সেইবোৰ আমাৰ কল্পনাতিত আছিল আৰু পৰিস্থিতিৰ সৈতে খাপ খাই পৰিবলৈ আমি অসুবিধা পাইছিলো। কিন্তু পিছলৈ এই বিষয় সমূহ আমিও আয়ত্ত কৰিবলৈ ধৰিলো আৰু এনে আলোচনাত ভাগ ল’ব পৰা হ’লো।
দিল্লীলৈ আহি শিক্ষাগুৰু আৰু ছাত্ৰৰ মাজৰ সম্পৰ্কৰ এক নতুন ৰূপ দেখিছিলো, যি অসমত সাধাৰণতে আমি দেখিবলৈ পোৱা নাছিলো। ইয়াত আমি দেখিছিলো যে ছাত্ৰ-ছাত্ৰীয়ে তৰ্ক-সমালোচনা আদিত সম্পূৰ্ণভাৱে ভাগ ল’ব পাৰিছিল আৰু তাৰ বাবে কেতিয়াও শিক্ষকৰ ৰোষৰ প্ৰকোপত পৰা নাছিলো, আনকি তেওঁলোকে ইয়াত উৎসাহ দিছিল। এয়া আমাৰ বাবে এক নতুন অভিজ্ঞতা আছিল, কিয়নো অসমত শিক্ষা পদ্ধতিটো আছিল যে শিক্ষকে আমাক শিক্ষা দিব আৰু আমি সেয়া গ্ৰহণ কৰিছো। আনহাতে সম্ভৱত এইটোও হ’ব পাৰে যে যিহেতু আমি উচ্চস্তৰ পৰ্য্যায়ৰ শিক্ষা গ্ৰহণ কৰিছিলো (দিল্লীত) আৰু শিক্ষকসলেও তেওঁলোকে দিয়া শিক্ষাৰ সমালোচনা হোৱাত গুৰুত্ব দিছিল।
সাহিত্য ডট অৰ্গ: জীৱনৰ লক্ষ্যৰ বিষয়ে কিদৰে প্ৰস্তুতি চলাইছিল?
গৌৰাংগলাল দাস: আপনালোকে জানেই যে মেট্ৰিক পৰীক্ষাত স্থান পোৱা ছাত্ৰ-ছাত্ৰীসকলৰ সাধাৰণতে সাক্ষাৎকাৰ লোৱা হয় আৰু ঠিক তেনেদৰে দশম মানত মই স্থান লাভ কৰাৰ পিছতো বহু বাতৰিকাকত বা আলোচনীয়ে মোক সুধিছিল যে আগলৈ কি হোৱাৰ মন। তেতিয়া মই সেই প্ৰশ্নৰ উত্তৰত মই কৈছিলো যে মোৰ মন সৰ্বভাৰতীয় পৰ্য্যায়ত পৰীক্ষাত উত্তীৰ্ণ হৈ দেশৰ প্ৰতি সেঁৱা আগবঢ়োৱা। ইয়াৰ ঠিক আঠ বছৰ পিছত যেতিয়া মই সঁচাকৈয়ে সৰ্বভাৰতীয় পৰীক্ষাত উত্তীৰ্ণ হ’লো তেতিয়া বহুতেই ধাৰণা কৰি লৈছিল যে মই সৰুতেই যিটো লক্ষ্য স্থিৰ কৰি লৈছিলো সেইটোত দৃঢ়তাৰে লাগি থাকি শেষত সফলতা লাভ কৰিলো। কিন্তু সেইটো ক’লে ভুল কোৱা হ’ব, কিয়নো মই বহুবাৰ লক্ষ্যপথ সলনি কৰিব বিছাৰিলো বা ভাবিছিলো। কাৰণ অসমত থাকোঁতে যদিও আমি সৰ্বভাৰতীয় পৰীক্ষাৰ বিষয়ে জানিছিলো তথাপি ইয়াৰ বাবে কিদৰে প্ৰস্তুতি চলাব লাগে সেই বিষয়ে আমি অৱজ্ঞ আছিলো। দিল্লীলৈ আহি দেখিলো যে ইয়াত ছাত্ৰ-ছাত্ৰীসকলে কেৱল সৰ্বভাৰতীয় পৰ্য্যায়ৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাই নহয় আন আন দিশতো সমান্তৰালভাৱে নিজকে আগুৱাই নিছে। কোনোৱে যদি MBA কৰিছে তেন্তে কোনোৱে আকৌ শিক্ষাৰ ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠিত কৰাৰ প্ৰয়াস কৰিছে। সেয়ে ময়ো মাজতে দুবছৰ মান কোনো লক্ষ্য নোহোৱাকৈ জীৱনটো কেৱল উপভোগ কৰিলো আৰু বহু কথা উপলবদ্ধি কৰিলো। অৰ্থনীতি ছাত্ৰ হিচাপে নব্বৈৰ দশকত প্ৰকাশ পোৱা অৰ্থনীতিৰ নতুন নতুন তথ্যসমূহে বাৰুকৈ আকৰ্ষিত কৰিছিল। সেয়ে মোৰ মনলৈ মাজতে ধাৰণা আহিছিল যে যদি মই এই অৰ্থনীতিৰ ক্ষেত্ৰখনত থাকি যাওঁ তেন্তে হয়তো ময়ো অৱদান আগবঢ়াব পাৰিম। কিন্তু পিছলৈ মই দেখিলো যে ৰাইজৰ সেঁৱা কৰিবলৈ হ’লে চৰকাৰৰ মাজত সোমাই ৰাইজৰ সেঁৱাৰ বহু সুবিধা পোৱা যায় আৰু মোৰ আন আন শুভাকাঙ্খীসকলেও উপদেশ দিলে যে যি লক্ষ্য লৈ দিল্লীলৈ আহিছিলো সেইটো লক্ষ্যত পুনৰ মনোনিৱেশ কৰিবলৈ। সেয়ে ময়ো আনসকলো চিন্তা এৰি ভাৰতীয় অসামৰিক সেঁৱাৰ পৰীক্ষাৰ বাবে পুনৰ প্ৰস্তুতি চলালো আৰু এবাৰতেই সেই পৰীক্ষাত উত্তীৰ্ণ হৈ ভাৰতীয় বৈদশিক সেঁৱাৰ বিষয়া হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰিলো। এই পৰীক্ষাৰ বাবে মানসিক প্ৰস্তুতি মোৰ বহু আগৰে পৰাই আছিলে কিয়নো সৰুৰে পৰাই দেখি আহিছিলো যে অসামৰিক সেঁৱাৰ বিষয়াসকলে কৰো বুলিলেই বহু কিবা কিবি কৰিব পৰা ক্ষমতা এতিয়াও আছে। গতিকে মই শেষত এয়ে ক’ম যে যিসকলৰ নিষ্ঠাৰে সমাজসেঁৱা কৰাৰ মন আছে তেওঁলোকে এই অসামৰিক দিশত আগবাঢ়িলে বহুখিনি সুযোগ পায়।
মই বহু ছাত্ৰ-ছাত্ৰীক এতিয়াও উপদেশ দিওঁ যে অসামৰিক সেঁৱাৰ পৰীক্ষাত সফল হ’বলৈ হ’লে অন্ততঃ এবছৰ মান খুব মনোযোগেৰে প্ৰস্তুতি চলোৱাটো প্ৰয়োজনীয়, ময়ো তেনেদৰেই সফলতা লাভ কৰিবলে সক্ষম হৈছিলো। এই পৰীক্ষাত সফলতা লাভ কৰিবলৈ সকলোৰে নিজা নিজা পন্থা থাকে, মোৰ পন্থা আছিল যে মই কিতাপৰ জ্ঞানতকৈ অধিক আনৰ জ্ঞানৰ পৰা অধিক উপকৃত হৈছিলো।
সাহিত্য ডট অৰ্গ: আপোনাৰ এই সুদীৰ্ঘ কৰ্মৰাজিত হয়তো বহু আমোদজনক ঘটনা আপুনি দেখিছে! তেনে দুটামান ঘটনা আমাৰ সৈতে ভাগ-বতৰা কৰিব নেকি!
গৌৰাংগলাল দাস: মোৰ জীৱনৰ এনে বহু ঘটনাই সাধাৰণতে কৰ্মজীৱনৰ কিছু দোষ ত্ৰুটি যি পিছলৈ আমোদজনক ঘটনা হিচাপে মনত ৰৈ গ’ল। তেনে এটা ঘটনাই হ’ল যেতিয়া মই মোৰ কৰ্মজীৱনৰ আৰম্ভণিৰ দিনৰ যেতিয়া মই চীন দেশত আছিলো। সেইসময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ চীন দেশলৈ গৈছিল। তেওঁৰ সেই ভ্ৰমণৰ কালচোৱাতে দুয়োদেশৰ মাজত চুক্তি হ’ল যে এতিয়াৰে পৰা ভাৰতৰ আম চীনে দেশে আমদানি কৰিব, ইয়াৰ বাবে প্ৰয়োজনীয় পৰীক্ষা-নীৰিক্ষা সকলো চীন দেশে সমাপ্ত কৰিছিল আৰু চীনৰ চৰকাৰে ইয়াৰ বাবে অনুমোদন দিছিল। এই সিদ্ধান্তৰ পিছতে আমি থিৰাং কৰিলো যে আমি ভাৰতৰ আমৰ বিষয়ে চীন দেশৰ জনসাধাৰণক অৱগত কৰাবলৈ এক অনুষ্ঠানৰ আয়োজন কৰিম য’ত আমি ভাৰতৰ আম অতিথিসকলক উপহাৰ হিচাপে দিম। এই সিদ্ধান্তৰ পিছতেই আমি চীনৰ চৰকাৰৰ অনুমতি লৈ বেইজিঙ আৰু চাঙহাইত তেনে অনুষ্ঠানৰ আয়োজনৰ ব্যৱস্থা কৰিলো। কথামতেই আমি ভাৰতৰ পৰা চীন দেশলৈ ৫ টন আমৰ ৰপ্তানি কৰিলো, আৰু ইয়াৰ সমান্তৰালভাৱে আমৰ সৈতে জড়িত বিভিন্ন কাৰ্য-সূচী হাতত ল’লো। কিন্তু এই আয়োজনৰ মাজতে বিনা মেঘে বজ্ৰপাতৰ দৰে এক খবৰ আহিল যে চাঙহাইৰ কৰ্তিপক্ষই এই আম গ্ৰহণ নকৰে, কিয়নো যদিও কেন্দ্ৰীয় চৰকাৰৰ লোকে এই আমৰ তদাৰক কৰিছিল কিন্তু চাঙহাইৰ চৰকাৰৰ লোকে এই তদাৰকত ভাগ লোৱা নাছিল। তেওঁলোকে ক’লে যে তেওঁলোকে ভাৰতলৈ গৈ তদাৰক কৰাৰ পিছত হে তাৰ আম গ্ৰহণ কৰিব। কিন্তু ইতিমধ্যে এই ৫ টন আম বিমানবন্দৰৰ পৰা বাহিৰ ওলাই গৈছিল, সেয়ে তেওঁলোকে আমাক ক’লে যে Diplomatic Immunity থকা হেতুকে আমি সেই আম খাব পাৰিম কিন্তু আন কাকো দিব নোৱাৰিম। তেতিয়া চাঙহাইৰ দূতবাসৰ লোকসক তেনেই তাকৰ আছিল, হয়তো সকলো মিলাই ৮-১০ জনমান। এই ৮-১০ দহজন মানুহৰ ওপৰতেই ৫টন আম খাই শেষ কৰাৰ দ্বায়িত্ব আহি পৰিল। তেওঁলোকৰ সন্মুখত থাকি আমি সেই আমসমূহ খাই শেষ কৰিব লাগিব, নহ’লে সেই আমৰ গুটি সমূহ আমি তেওঁলোকক দিব লাগিব যাতে তেওঁলোকে ইয়াক নষ্ট কৰি পেলাব পাৰে। কিন্তু অৱশেষত বহু কষ্টৰ মূৰত এই সমস্যাৰ সমাধান হ’ল, মই জনামতে এতিয়াও ভাৰতৰ আম চীনলৈ ৰপ্তানি হয় আৰু এতিয়াও তাত খুব জনপ্ৰিয়।
ভাৰতীয় বৈদেশিক সেঁৱাৰ বিষয়া হোৱাৰ উপৰিও মই ভাৰত চৰকাৰৰ ইংৰাজী-চীনা ভাষাৰ দোভাষী হিচাপেও কৰ্মৰত আছিলো আৰু সাধাৰণতে মই দুয়ো দেশৰ নেতাৰ মাজত হোৱা বিভিন্ন আলোচনা সমূহত এনে দোভাষীৰ দায়িত্ব পালন কৰিছিলো। তেনে এটা বিষয় আছিল ভাৰত আৰু চীন দেশৰ সীমা-বিবাদ য’ত মই ভাগ লৈছিলো। এদিন তেনে এটা গহীন বিষয়তেই ভাগ লৈ থাকোঁতে ঘটা এটা ঘটনাৰ বিষয়ে মই আজি উত্থাপন কৰিব বিচাৰিছোঁ, এজন দোভাষীৰ যি প্ৰত্যাহ্বান তাৰ উদাহৰণ হিচাপে। ভাৰতৰ সীমাৰ যিগৰাকী বিশেষ প্ৰতিনিধি আছিল, তেওঁ কথাৰ মাজতে ক’লে যে “যিদৰে চেয়াৰমেন মাও এ কৈ গৈছে যে কণী নভঙাকৈ অমলেট বনাব নোৱাৰি….।” এইটো আচলতে মাও এ কোৱা কথা নহয়, এইটো আচলতে লেনিনে কৈছিলে আন এক বিষয়ত আৰু বহুতো সাম্যবাদী দেশৰ লোকসকলে এইটো বাক্যত বিশ্বাস কৰে। ময়ো বিশেষ একো সলনি নকৰাকৈয়ে তেনেদৰেই অনুবাদ কৰি ক’লো। তদুপৰি, ভাৰতীয় প্ৰতিনিধিজনে কৈছিল আৰু ময়ো অমলেট বুলিয়ে অনুবাদ কৰিছিলো, কিন্তু চীন দেশত মাওৰ সময়ত অমলেটৰ প্ৰচলন নাছিল। সেয়ে ইয়াৰ ল’গে ল’গে আমাৰ গহীন আলোচনাৰ অন্ত পৰিল আৰু সকলো ব্যস্ত হৈ পৰিল এইটো জানিবলৈ যে তেওঁলোকে কেতিয়াও নুশুনা বা নপঢ়া মাওৰ এই কথাষাৰ ক’ৰ পৰা আহিল। এইবোৰ কথা মনত পৰিলে এতিয়া হাঁহি উঠে।
দোভাষী হিচাপে এনে বহু অভিজ্ঞতা মই লাভ কৰিছো, ঠিক তেনে এটা সৰু অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰিম। সেইসময়ৰ ভাৰতৰ ৰাষ্ট্ৰদূতগৰাকীয়ে মোক ক’লে যে চীনদেশৰ লোকসকলে হয়তো নৃত্যৰ অংঙ্গী-ভঙ্গীবোৰৰ অৰ্থ বুজি নাপাব পাৰে। সেয়েহে তেওঁ মোক নৃত্যৰ তালে তালে দেখুৱাই যোৱা দেহভঙ্গী আৰু হস্ত সঞ্চালনৰ ভাবানুবাদ কৰিবলৈ উপদেশ দিলে। এই নৃত্যৰ দেহভঙ্গী বা হস্ত সঞ্চালনৰ অৰ্থৰ দিশত মোৰ জ্ঞান তেনেই সীমিত আছিল৷ যিহেতু মোক পূৰ্ব প্ৰস্তুতি নোহোৱাকৈয়ে মঞ্চলৈ যাবলৈ উপদেশ দিয়া হ’ল, সেয়ে মই মোৰ মনলৈ অহা ধাৰণাৰেই নৃত্যৰ অঙ্গী-ভঙ্গীবোৰ চীনা ভাষাত বুজাই যাবলৈ আৰম্ভ কৰিলো। তাৰে কিছুমানৰ ভুল বাখ্যা হোৱা বুলি মই পিছত নিজেই অনুধাৱন কৰিলো৷ ইয়াৰ পৰা এটা নীতিশিক্ষা লাভ কৰিলো যে ভাষাৰ অনুবাদ আৰু নৃত্যৰ অঙ্গী-ভঙ্গীৰ ক্ষেত্ৰত পৃথক দক্ষতাৰ প্ৰয়োজন আৰু মই এই ক্ষেত্ৰত খৰখেদা কৰিব নালাগিছিল৷
এইবোৰেই হৈছে মোৰ কৰ্মজীৱনৰ কিছুমান সৰু-সুৰা আমোদজনক ঘটনা।
সাহিত্য ডট অৰ্গ: অৱসৰৰ পিছত আপোনাৰ কি কৰাৰ মন জনাব নেকি?
গৌৰাংগলাল দাস: অৱসৰলৈ মোৰ এতিয়াও কিছু সময় আছে আৰু সেয়ে মই তেনে কোনো পৰিকল্পনা কৰা নাই। কিন্তু পৰিকল্পনা নকৰাকৈয়ে কেতিয়াবা কিছুমান কাম কৰিবলৈ মন যায় আৰু সেয়ে এই ‘মন যোৱা’ বিষয়কলৈ হে ক’ব বিচাৰিম কিছু কথা, মই নকওঁ যে এই কাম কৰিবলৈ মই দৃঢ় প্ৰতিজ্ঞ।
সৰুৰে পৰা মোৰ পঢ়া-শুনাৰ সৈতে জড়িত থকাৰ এক পৰিকল্পনা আছিল, বিশেষকৈ প্ৰাথমিক পৰ্য্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে জড়িত হৈ থকাৰ মোৰ মন আছিল। তেনে কোনো কাম এতিয়ালৈকে কৰিব পৰা নাই, কিন্তু মই ভাবো অৱসৰৰ পিছত মই যদি পাৰো তেন্তে কোনো পিছপৰা ঠাইলৈ গৈ তাৰ কণ-কণ ল’ৰা-ছোৱালীসকল, যি সাধাৰণ সা-সুবিধাৰ পৰা বঞ্চিত হৈ থাকে, তেওঁলোকক জীৱনত কিদৰে আগুৱাব লাগে তাৰেই কিছু দিশ দেখুৱাই দিয়াৰ চেষ্টা কৰিম। এয়াই মোৰ বাবে ডাঙৰ প্ৰাপ্তি হ’ব আৰু তেনে কামৰ মাজতেই মই থাকিব বিচাৰিম। মই ভাবো যে, আনলোকসকলৰ নহ’লেও তেনে সাধাৰণ সৰু-সৰু ল’ৰা-ছোৱালীসকল মোৰ জীৱনত পোৱা অভিজ্ঞতাৰ পৰা উপকৃত হ’ব।
সাহিত্য ডট অৰ্গ: জীৱন আৰু জীৱন দৰ্শন সম্পৰ্কে আপুনি কি ভাবে?
গৌৰাংগলাল দাস: এইটো বৰ ডাঙৰ প্ৰশ্ন আৰু মই ভাবো ইয়াৰ উত্তৰ দিবলৈ মই খুব সৰু মানুহ, এইবোৰ আচলতে মহৎ লোকসকলৰ ক্ষেত্ৰত হে প্ৰযোজ্য। তাৰিপোৰি আজিকালি যি বিজ্ঞানভিত্তিক তথ্য বাহিৰ হৈছে, তাৰ মতে মানুহৰ নিজৰ চিন্তা শক্তি বা মুক্ত বিচাৰ বুলিব তেনে একো নাই। আচলতে এয়া সকলো জৈৱৰাসায়নিক বিক্ৰিয়া আৰু আমিসকলো ইয়াৰ ভুক্তভূগী। মই ক’ব নোখোজো যে মই জীৱন দৰ্শন হিচাপে বিশেষ কিবা এটা আৱিষ্কাৰ কৰিছো। মোৰ বাবে সকলোতকৈ ডাঙৰ কথা হ’লে যে জীৱনৰ সন্ধান, জীৱনৰ দৰ্শন পিছলৈ আহিব আৰু সেয়া হয়তো জীৱন্তকালত সম্পূৰ্ণভাৱে উপলব্ধি কৰিব নোৱাৰিম। কিন্তু জীৱনৰ সন্ধান কৰিবলৈ যি প্ৰক্ৰিয়া সেয়া অহৰহ চলি থকাটো প্ৰয়োজনীয়। মোৰ মতে আমাৰ সকলোৰে জীৱনবিলাক যিমান পাৰি সিমান সমৃদ্ধ কৰিব লাগে। নিজকে যিমান পাৰি মুকলি কৰি দি, বিভিন্ন ধৰণৰ অভিজ্ঞতাৰ সোৱাদ ল’ব লাগে। জীৱন যদিও আমাৰ এটা, কিন্তু এই এটা জীৱনৰ মাজতেই আমি বহুতকেইটা জীৱন সন্নিবিষ্ট কৰি ল’ব লাগে। মোৰ কৰ্মজীৱনত বিভিন্ন লোকৰ সংস্পৰ্শলৈ অহাৰ সুযোগ পাইছো, আৰু তেওঁলোকৰ পৰা বহুখিনি কথা শিকিবও পাৰিছো। জীৱনে মোক যিখিনি দিছে তাক লৈ মই সুখী কিন্তু মই নাভাবো যে এয়াই মোৰ সম্পূৰ্ণ জীৱন। সেয়ে মই আগলৈ আৰু চেষ্টা কৰিম যাতে বিভিন্ন অভিজ্ঞতাৰ সহায়ত মোৰ জীৱনটোক আৰু অধিক সমৃদ্ধ কৰি ল’ব পাৰো। জীৱনৰ প্ৰতি মোৰ লালসা এতিয়াও শেষ হোৱা নাই আৰু এতিয়াও মোৰ শিকিবলগীয়া আৰু বহুখিনি আছে যি মই আগলৈও কৰি যাম বুলি ভাবো। জীৱন-দৰ্শন বুলি মোৰ এতিয়াও এক বদ্ধমূলক বুলি ধাৰণা গঢ় লৈ উঠা নাই, মই নিজকে এতিয়াও জীৱনৰ এজন ছাত্ৰ বুলিহে ভাবো।
সাহিত্য ডট অৰ্গ: বৰ্তমানৰ গৌৰাংগলাল দাসজন নোহোৱা হ’লে কি হ’বলৈ আশা কৰিলেহেতেন?
গৌৰাংগলাল দাস: এইটো অলপ hypothetical প্ৰশ্ন, গতিকে মই ক’ব নোৱাৰিম যে সঁচাকৈয়ে মই তেনে কাম কৰিলোহেতেন নে নাই। অসামৰিক সেৱাৰ পৰীক্ষাৰ সময়ত যদিও মই খুব মনোযোগেৰে প্ৰস্তুতি চলাইছিলো কিন্তু মোৰ সেই সময়ত মন আছিল অৰ্থনীতিৰ প্ৰতি। অৰ্থনীতিৰ কিছুমান তত্ত্ব আছিল যি মই কেতিয়াবা সপোনতো দেখিছিলো। গতিকে হয়তো অসামৰিক সেৱাৰ সৈতে জড়িত হৈ নপৰিলে মই অৰ্থনীতিৰ জগতখনতেই থাকিলোহেতেন। কিন্তু আজিৰ দিনত মই নিশ্চয়তাৰে ক’ব নোৱাৰিম যে তেনেকুৱাই কিবা এটা হ’লহেতেন বুলি কিয়নো সেইসময়ত ইয়াৰ বাবে নিজকে পতিয়ন নিয়াব পৰাকৈ বিশ্বাস মোৰ নাছিল। তথাপি, আজিৰ এই পদত মই নথকা হ’লে মোৰ মাধ্যমৰ জৰিয়তেই মই সমাজৰ বাবে কাম কৰিবলৈ চেষ্টা কৰিলোহেতেন।
সাহিত্য ডট অৰ্গ: অসমক লৈ কিমান আশাবাদী? অসমখন কিদৰে অধিক উন্নত কৰিব পাৰি বুলি ভাবে?
গৌৰাংগলাল দাস: অসমক লৈ মই খুবেই আশাবাদী। সৰুৰেপৰাই শুনি আহিছো যে অসমখন হেনো ৰসাতলে গৈ আছে, কিন্তু যদি সেয়াই হ’লহেতেনে তেন্তে মই নাভাবো যে অসমখন আজিৰ অৱস্থাত থাকিলহেতেন। সেয়ে মই অসমক লৈ খুবেই আশাবাদী, বাহিৰত থকা হিচাপে মই অসমক লৈ গৌৰৱ কৰো আৰু খুব গৌৰৱেৰে অসমৰ পৰিচয় দিওঁ। মই ভাবো যে অসমীয়া মানুহৰ নিজৰ ভাষা বা জাতিকৈ গৌৰৱ কৰাৰ যি পৰম্পৰা সেয়ে খুব ডাঙৰ পৰম্পৰা, আৰু ইয়াক সকলো ঠাইতে দেখা নাযায়। গতিকে মই ভাবো যে এয়া আমাৰ এক ডাঙৰ সম্পত্তি আৰু ইয়াক আমি সৎ কাম ব্যৱহাৰ কৰিব লাগে। আমাৰ অসমৰ মানুহবিলাক সাধাৰণতে চিন্তাধাৰাৰ ফালৰ পৰা খুব উদাৰ। কিছুমান পৰিৱৰ্তনৰ প্ৰয়োজন আছে যি বহুখিনি হোৱাও দেখা গৈছে। ইয়াৰে এটা হ’ল যোগাযোগ, যি আমাৰ বাবে আছিল এক বৃহত অন্তৰায়। আমি নিজকে দেখিছিলো ভাৰতৰ এটা সীমাৰ মানুহ বুলি। কিন্তু সেই একেটা সীমাই যে আমাক অন্য এখন পৃথিৱীৰ সৈতে আমাক সংযোগ কৰি দিব পাৰে সেই কথাটো আমাৰ মনলৈ বহুদিন ধৰি অহা নাছিল। এতিয়া আমি নিজকে ভাৰতৰ এক সীমাৰ ৰাজ্য বুলি নাভাবি নিজকে ভাৰতক পূৰ্ব এছিয়াৰ সৈতে যোগাযোগ কৰি দিয়া এখন দলং বুলি ভাবিবলৈ লৈছো। এতিয়া বাণিজ্যৰ দিশৰ পৰা চাবলৈ গ’লে আমি অসমৰ পৰা আমাৰ চুবুৰিয়া দেশ ম্যানমাৰ, বাংলাদেশ ইত্যাদিৰ সৈতে সম্পৰ্ক ধৰি ৰাখিবলৈ সক্ষম হৈছো। কিন্তু এই সম্পৰ্ক আৰু অধিক দৃঢ় হোৱাৰ প্ৰয়োজন যাৰ বাবে আন্তঃগাঁথনি, নীতিৰ স্তৰত সমৰ্থনৰ খুব প্ৰয়োজন। মই ভাবো আগলৈ এনেধৰণৰ কামবোৰ অধিক হ’ব। আমাৰ শিক্ষাৰ ক্ষেত্ৰটো কিছু পৰিৱৰ্তন আনি Competitive Advantage ৰ সৈতে মিলাব পাৰিলে আমাৰ সুবিধা হ’ব। এয়া হ’ল চৰকাৰৰ নীতিৰ স্তৰৰ কথা, তাৰ লগ’তে অসমীয়া মানুহেও ব্যক্তিগত স্তৰত কৰিবলগিয়া কাম আছে। আমাৰ অসমখন “লাহে লাহেৰ দেশ“ বুলি যি পৰিচয় আছে সেইটো অপ্ৰিয় হ’লেও সত্য আৰু ইয়াক আমাৰ সলনি কৰিবৰ সময় হ’ল। আমাৰ ৰাইজ সময়ৰ প্ৰতি আৰু নিয়মানুৱৰ্তিতাৰ প্ৰতি সজাগ হোৱাৰ প্ৰয়োজন আহি পৰিছে, আৰু মই আশা ৰাখিছো যে এয়া সম্ভৱা হ’ব আৰু আমাৰ অসমৰ মানুহে ইয়াৰ পৰা বহুখিনি সুবিধা লাভ কৰিব পাৰিম।
সাহিত্য ডট অৰ্গ: আপোনাৰ চচিয়েল মিদিয়াৰ প্ৰফাইলত আমি দেখিবলৈ পাওঁ যে সাহিত্যৰ প্ৰতি আপোনাৰ বহুত ৰাপ আছে। একেদৰে অসমীয়া বৰ্ণ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতো আপুনি আগ্ৰহী। অসমীয়া সাহিত্য ক্ষেত্ৰ তথা আপোনাৰ অসমীয়া আখৰৰ প্ৰতি থকা এই আগ্ৰহৰ কাৰণ সম্পৰ্কে আমাক অলপ জনাবনে?
গৌৰাংগলাল দাস: নিশ্চয়, আচলতে ভাষাৰ প্ৰতি মোৰ এটা স্বাভাৱিক টান আছে। কেৱল অসমীয়া ভাষা বুলি নহয়, সকলো ভাষাৰ প্ৰতি মোৰ এটা বিশেষ কৌতূহল আৰু আগ্ৰহ আছে। এতিয়াও মই পাৰিলে নতুন নতুন ভাষা আয়ত্ত কৰিবলৈ চেষ্টা কৰোঁ। মোৰ ধাৰণা, প্ৰতিটো ভাষাৰ সৈতেই সংলগ্ন হৈ থাকে একো একোটা আত্মা, আৰু সেই ভাষাৰ জ্ঞান নহ’লে এই আত্মা আয়ত্ত কৰিব নোৱাৰি। যেতিয়া এখন দেশৰ বা এটা জাতিৰ বিষয়ে জানিব বিচাৰোঁ তেতিয়া এই আত্মাৰ অবিহনে জনাটো অসম্ভৱ। অসমীয়া ভাষা আমাৰ মাতৃভাষা আৰু অসমক জানিবলৈ, অসমৰ সংস্কৃতি জানিবলৈ অসমীয়া ভাষাৰ অৱলম্বন নোলোৱাকৈ আগবঢ়াটো খুব কঠিন কাম। আমি যিহেতু অসমতেই ডাঙৰ-দীঘল হৈছো, অসমতেই পঢ়া-শুনা কৰিছো সেয়ে অসমীয়া ভাষা, অসমীয়া সাহিত্য আমাৰ খুব বেছি আপোন। সেয়ে আমি ইয়াক সহজেই গ্ৰহণ কৰিব পাৰো, ইয়াৰ প্ৰতি স্বাভাৱিকতেই এক বিশেষ টান আছে। সৰুৰে পৰাই মই লিখা-মেলা কৰি আহিছো, নাটক লিখাৰ কথা কৈছোৱেই আৰু ইয়াৰ লগ’তে কিতাপো লিখিছো। সৰুতে মই হাতে লিখা আলোচনী, হাতে লিখা বাতৰি কাকতো মই প্ৰকাশ কৰিছো। এতিয়াও যিবোৰ মই লিখো সেয়া মই নিজৰ বাবে লিখো, কেতিয়াবা মনলৈ নতুন চিন্তা আহে আৰু তেতিয়া মই অসমীয়া ভাষাত লিখি সুখ পাওঁ। লিপিৰ কথা যদি কওঁ, এতিয়া ইণ্টাৰনেটত আমি খুব সহজে অসমীয়াতেই লিখিব পৰা হৈছো আৰু সেইটো খুব দৰকাৰী। মই ভাবো যে অসমীয়া সাহিত্য তথা অসমীয়া ভাষাক আগবঢ়াই নিবলৈ ইণ্টাৰনেটত এক ধৰণৰ বৌদ্ধিক বিপ্লৱ গঢ়ি তুলিব পাৰি। কিয়নো ইণ্টাৰনেট নথকা হ’লে বা প্ৰযুক্তি নথকা হ’লে মোৰ দৰে আন আন অসমৰ বাহিৰত থকা মানুহৰ অসমৰ সৈতে সম্পৰ্ক বজাই ৰখাটো কঠিন হৈ পৰিলহেতেন। তদুপৰি, ভাষাৰ বিৱৰ্তন যিটো, তাৰ সৈতে পৰিচিত হোৱাতো কঠিন হ’লহেতেন। গতিকে এই বিষয়ত আমাক প্ৰযুক্তিয়ে বহুখিনি সুবিধা আগবঢ়াই দিছে। আজিকালি আমাৰ ভাষাৰ এই প্ৰক্ৰিয়াটো বহুত গণতান্ত্ৰিক হৈ পৰিছে। আগতে যদি একোখন কিতাপ প্ৰকাশ কৰিবলৈ প্ৰশাসকৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিব লগা হৈছিল, এতিয়া মাথোঁ একোটা এপৰ সহায়তেই ইয়াত প্ৰচাৰ কৰি দিব পাৰি। গতিকে ই আমৰ ভাষাক আৰু অধিক চহকী কৰিব বুলি তথা বিভিন্ন লোকৰ বিভিন্ন কথা আমাৰ ভাষাৰে তুলি ধৰি আমাৰ ভাষাৰ সৃজনী শক্তিক আৰু দৃঢ় কৰিব বুলি মোৰ বিশ্বাস।
সাহিত্য ডট অৰ্গ: আপুনি ইউনিক’ডত লিখিবলৈ কেতিয়াৰ পৰা আৰম্ভ কৰিছিল?
গৌৰাংগলাল দাস: মই চেষ্টা কৰিছিলো ২০০ চন মানৰ পৰাই। তেতিয়া এখন ফ্লপিত এটা Software পোৱা গৈছিল আৰু তাৰেই সহায়ত মই লিখিবলৈ চেষ্টা কৰিছিলো। কিন্তু সেইটো সিমান সুবিধাজনক নাছিল, আৰু সেয়ে পিছলৈ মই সেয়া পৰিহাৰ কৰিলো। বৰ্তমান কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত উদ্ভাৱন কৰা সঁজুলীসমূহে এলেহুৱা মানুহকো লিখাৰ বাবে উৎসাহ দিয়া তথা সহায় কৰিছে। ময়ো তেনে এজন এলেহুৱাই বুলিব পাৰি আৰু মই সাধাৰণতে মোৰ মোবাইলতে থকা তেনে এক সঁজুলী ব্যৱহাৰ কৰিয়ে লিখিবলৈ আৰম্ভ কৰিছো।
সাহিত্য ডট অৰ্গ: শেষত আমাৰ সাহিত্য ডট অৰ্গৰ বিষয়ে আপোনাৰ পৰা অলপমান পৰামৰ্শ বিচাৰিছোঁ। আমি কেনেধৰণে সাহিত্যৰ জগতখনৰ উন্নতিত ব্ৰতী হম সেই বিষয়ে অনুগ্ৰহ কৰি আমাক অলপ জনাবনে? জীৱনৰ লক্ষ্য প্ৰাপ্তি তথা সাহিত্য কৰ্মৰ বিকাশত নৱ প্ৰজন্মই কিদৰে আগবাঢ়িব লাগে বুলি আপুনি ভাবে?
গৌৰাংগলাল দাস: পোনপ্ৰথমে মই আপোনালোকক অভিনন্দন জনাইছো যে নিজৰ নিজৰ কৰ্মব্যস্ততাৰ মাজতো আপোনালোকে ইমান বছৰে এনে এখন উচ্চ মানদণ্ডৰ আলোচনী প্ৰকাশ কৰি আহিছে। ইয়াৰ সমল আৰু পৰিসৰ দেখি মই আনন্দিত হৈছো, আমাৰ দৰে অসমৰ বাহিৰত থকা লোকসকলৰ বাবে অসমৰ সৈতে জড়িত হৈ থাকিবলৈ এনে মাধ্যমৰ খুবেই প্ৰয়োজন। আপোনালোকৰ এই প্ৰচেষ্টাক মই নথৈ শলাগ জনাইছো। সাহিত্য ডট অৰ্গ ত মই লক্ষ কৰিছো যে বিভিন্ন বিষয়ে ইয়াত স্থান পায় আৰু সেয়ে মই ইয়াক আন আলোচনীতকৈ ব্যতিক্ৰম দেখিছো। কোনোবাই যদি সাহিত্যৰ আলোচনী চলাইছে তেন্তে কোনোবাই আকৌ সামাজিক বা সাম্প্ৰতিক বিষয় লৈ আলোচনী প্ৰকাশ কৰিছে, কিন্তু সাহিত্য ডট অৰ্গৰ প্ৰতিটো সংখ্যাতেই এক বিভিন্নতাৰ সোৱাদ পোৱা যায়। এয়া খুবেই দৰকাৰী আমাৰ ভাষা সাহিত্যক আগবঢ়াই নিবলৈ। উপদেশ বুলি ক’বলৈ তেনে একো নাই, কিন্তু এষাৰ কথা ক’ব লাগিব যে আজিকালি প্ৰযুক্তিয়ে সকলোখিনি সমতল কৰি পেলাইছে, the world is flat। সেয়ে অসমীয়া ভাষাই কেৱল অসমতেই থাকিলে নহ’ব, জগত সভালৈ যাব লাগিব। মই লক্ষ্য কৰিছো যে সৌৰভ কুমাৰ চলিহা দেৱৰ কিছুমান গল্প আছে যি অসমৰ পটভূমি বা অসমীয়া চৰিত্ৰটো লিখা নহয়। তেওঁ যেতিয়া এই গল্প লিখিছিল তেতিয়া হয়তো মানুহৰ বাবে এয়া আচহুৱা আছিল, কিন্তু আজি সেইটো হ’ব নালাগে। আজি আমি জানো কোন দেশত কি হৈ আছে, কম্পিউটাৰৰ মাউছৰ এটা টিপতেই সকলো খবৰ পাই যাওঁ। আমি আমাৰ মোবাইলতেই সকলোখিনি জ্ঞান বিচাৰিলে উলিয়াই ল’ব পাৰো। গতিকে অসমীয়া ভাষাৰে কেৱল অসমৰ কথাই ডাঙি ধৰিলেই নহ’ব, আমি অসমীয়া ভাষাৰে আন আন বিষয়ো প্ৰতিফলিত কৰিব লাগিব। সেয়ে এই কথাখিনি আমাৰ যিসকল বিশ্বব্যাপী অসমীয়া আছে তেওঁলোকে নিজৰ ভাষাতেই বাহিৰৰ কথাবোৰ অসমৰ ৰাইজৰ আগত ডাঙি ধৰিব লাগে বুলি মই ভাবো। অসমীয়া ভাষাক জগতসভালৈ নিয়াৰ যি প্ৰচেষ্টা সেয়া এইদৰেও চলাব পাৰি, আৰু তাৰ বাবে সাহিত্য ডট অৰ্গে এক সৱল মাধ্যমৰ ভূমিকা ল’ব পাৰে।
সাহিত্য ডট অৰ্গ: ধন্যবাদ, আপুনি যি ক’লে আমাৰ সাহিত্যক কেৱল অসমতেই নাৰাখি আমি ইয়াক সগত সভালৈ নিয়া উচিত। এই কথা আমি নিশ্চয়কৈ অনুভৱ কৰোঁ। আপোনাৰ বহুমূলীয়া উপদেশে আমা নথৈ আনন্দিত কৰিছে আৰু আমাক বহু উপকৃত কৰিব বুলি আমি আশা ৰাখিলো। আপুনি আপোনাৰ বহু ব্যস্ততাৰ মাজৰ পৰা সময় উলিয়াই আজি আমাৰ মাজলৈ অহা বাবে আমি সকলোৰে হৈ আপোনাক পুনৰ ধন্যবাদ জ্ঞাপন কৰিছো, শুভৰাত্ৰি।
(কাৰিকৰী বিজুতিৰ বাবে দাসদেৱৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ভিডিঅ’ বৰ্তমান প্ৰকাশ কৰিব পৰা নগ’ল)
(২)
সাহিত্য ডট অৰ্গৰ এই মাহৰ সাক্ষাৎকাৰৰ বাবে সাক্ষাৎ কৰা হৈছিল বিশ্বৰ এগৰাকী আগশাৰীৰ অসমীয়া কম্পিউটাৰ বিজ্ঞানী তথা অধ্যাপক ড° দীপ মেধি দেৱক। কম্পিউটাৰ বিজ্ঞানৰ ‘নেটৱৰ্ক’ শাখাত ড° মেধিৰ শিক্ষণ, গৱেষণা আৰু পাঠ্যপুথি সমগ্ৰ বিশ্বতে বহুল সমাদৃত হৈছে। তেখেত আমেৰিকা যুক্তৰাষ্ট্ৰৰ Missouri-Kansas City বিশ্ববিদ্যালয়ৰ ‘কম্পিউটাৰ বিজ্ঞান আৰু ইলেক্ট্ৰিকেল আভিযান্ত্ৰিক’ বিভাগৰ বিশিষ্ট অধ্যাপক। সম্প্ৰতি তেখেত আমেৰিকা যুক্তৰাষ্ট্ৰৰ National Science Foundation (NSF) ৰ Computer & Network Systems (CNS) Division ত প্ৰকল্প সঞ্চালক হিচাপে কৰ্মৰত হৈ আছে। তেখেতে Institute of Electrical and Electronics Engineers (IEEE) ৰ এগৰাকী ‘ফেলো’ হিচাপেও প্ৰসিদ্ধি লাভ কৰিছে। এই সন্মান পোৱা তেখেত প্ৰথমগৰাকী অসমীয়া ব্যক্তি। তেখেতৰ সৈতে হোৱা এই সাক্ষাৎকাৰটিত অংশগ্ৰহণ কৰিছে ‘সাহিত্য ডট অৰ্গ’ৰ এই মাহৰ সম্পাদকদ্বয় শ্ৰী মনোজ মন কলিতা আৰু শ্ৰী দ্বীপজ্যোতি বৰা তথা অসমীয়াত কথা বতৰাৰ সদস্য ক্ৰমে শ্ৰী উৎপলা কৌৰ আৰু শ্ৰীবিকাশ দত্তই। সাক্ষাৎকাৰটিৰ অনুলেখন কৰিছে শ্ৰীঅভিজিত দত্তই। সাক্ষাৎকাৰটিৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰি তুলিছে শ্ৰীবিকাশ দত্তই আৰু ইয়াৰ বৰ্ণাশুদ্ধি কৰিছে শ্ৰীমণ্টু কুমাৰ বৰঠাকুৰে।
সাহিত্য ডট অৰ্গ: আপোনাৰ স্কুলীয়া দিনৰ অভিজ্ঞতাৰ বিষয়ে অনুগ্ৰহ কৰি আমাক অলপ জনাবনে? পঢ়ি থকাৰ সময়ত আপুনি জড়িত থকা বা দেখা কিবা বিশেষ আমোদজনক অথবা ৰোমাঞ্চকৰ কাহিনীয়ে আপোনাক আজিও স্মৃতিকাতৰ কৰি তোলে নেকি?
দীপ মেধি: শৈশৱৰ কথা ক’বলৈ গ’লে মই প্ৰথমতে ক’ব লাগিব মোৰ আতাৰ কথা। তেতিয়া গৰমৰ বন্ধত মই দেউতাহঁতৰ লগত গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ যাওঁ। এতিয়াও মনত পৰে বোকাখাটত খোৱা পুৰি আৰু পেৰাৰ কথা! ডিব্ৰুগড়ত আতা-আইতা, খুৰা আদিৰ সতে তিনি-চাৰিসপ্তাহমান অতিবাহিত কৰি আকৌ গুৱাহাটীৰ ঘৰলৈ ঘূৰি আহোঁ। আতা-আইতাৰ ঘৰলৈ গৈ গৰম বন্ধত কটোৱা সেই দিনকেইটাই মোক আজিও স্মৃতিকাতৰ কৰি তোলে।
মোৰ এজন খুৰাই সেই সময়ত ডুমডুমাৰ চাহ বাগিচা এখনত কাম কৰিছিল। ডিব্ৰুগড়ত থকাৰ সময়ত কেতিয়াবা খুৰাই আমাক গাড়ীৰে ডুমডুমালৈ লৈ যায়। চাহ বাগিচাৰ পৰিৱেশে মোক সেই সময়ত মোহিত কৰি তুলিছিল। সেই খুৰাৰ ঘৰত থাকোঁতেই মই চাইকেলৰ হাফ-পেডেল মাৰিব পৰা হ’লোঁ। চাইকেলৰ সেই শিক্ষা ডুমডুমাৰ পৰা ডিব্ৰুগড়লৈ ঘূৰি যাওঁতেও চলি থাকিল। আতা-আইতাহঁতৰ ঘৰত এটুকুৰা হেলনীয়া ঠাই আছিল। সেই ঠাইটুকুৰাৰ মুখতেই আছিল তামোল গছ এডাল। মই তামোল গছডালত ধৰি চাইকেলখনেৰে তললৈ নামি যাওঁ। হেলনীয়া ঠাইটুকুৰা য’ত শেষ হৈছিল, তাতো আন এডাল তামোল গছ আছিল। সেই দ্বিতীয় তামোল গছডালত ধৰি মই চাইকেলখনৰ পৰা নামো। এনেদৰে হাফ-পেডেলত চাইকেল চলাই চলাই ডিব্ৰুগড়তে মই ফুল-পেডেল চাইকেল চলাবলৈ ভালকৈ শিকিলোঁ।
ডিব্ৰুগড়ৰ খলিয়ামাৰী প্ৰাথমিক বিদ্যালয়ত মই ডেৰ বছৰমান পঢ়িছিলোঁ। এইবোৰেই মোৰ সৰুকালৰ কথা। এই কথাবোৰ ভাবিলে মই আজিও ৰোমাঞ্চিত হৈ পৰোঁ। সেই সময়ত, মানে, সৰু থাকোঁতেই অসমৰ বিভিন্ন ঠাই মই দেখিছিলোঁ। একেদৰে সেই সময়তেই শিৱসাগৰত থকা আহোম সাম্ৰাজ্যৰ বিভিন্ন ঐতিহাসিক সমল বা সম্পদসমূহো প্ৰত্যক্ষ কৰি ৰোমাঞ্চিত হৈ পৰিছিলোঁ।
মই গুৱাহাটীৰ জালুকবাৰীৰ মডেল স্কুলত ষষ্ঠ শ্ৰেণীলৈকে পঢ়িছিলোঁ। পিছলৈ মই কটন কলেজিয়েট স্কুলত নামভৰ্তি কৰাইছিলোঁ। সেই সময়ত কটন কলেজিয়েট স্কুলত নামভৰ্তি কৰাবলৈ এটি বাচনি পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগে। বাচনি পৰীক্ষাত উত্তীৰ্ণ হৈ মই কটন কলেজিয়েট স্কুলত আসন এখন পালে ভাল হয় বুলি সেই সময়ত মোৰ দেউতাই কৈছিল। এতিয়া সেই বাচনি পৰীক্ষাত মই উত্তীৰ্ণ হ’ব পাৰিম নে নোৱাৰিম, তাকে ভাবি মই কিছু পৰিমাণে বিতত হৈ পৰিলোঁ। পিছে, পৰীক্ষা বেয়া নহ’ল। মই কটন কলেজিয়েট স্কুলত চিট এটা পালোঁ। কলেজিয়েট স্কুলৰ এই বাচনি পৰীক্ষাত উত্তীৰ্ণ হোৱা কথাটো সেই সময়ত মোৰ বাবে এক ডাঙৰ পদক্ষেপ আছিল বুলি মই আজিও ভাবোঁ।
তেতিয়া জালুকবাৰীৰ পৰা কলেজিয়েট স্কুললৈ বাছেৰে যাবলৈ ত্ৰিশ মিনিটমান লাগে। সেই বয়সত ত্ৰিশ মিনিটৰ এই যাত্ৰা মোৰ বাবে এক দীঘলীয়া যাত্ৰাই আছিল। পিছে, মই এইমাত্ৰ কোৱাৰ দৰে কলেজিয়েট স্কুলত নামভৰ্তি কৰাটো মোৰ বাবে সঁচাকৈয়ে এক ডাঙৰ পদক্ষেপ আছিল কাৰণ সেই কলেজিয়েট স্কুলত মই আচল বন্ধুসকলক লগ পাইছিলোঁ। সেই সময়ত লগ পোৱা বন্ধুসকল আজিলৈকে মোৰ বন্ধু হৈ আছে। সেই ১৯৭৩ চনত কলেজিয়েট স্কুলত লগ পোৱা এই বন্ধুসকলৰ সতে মই আজিও অভিন্ন হৈ আছোঁ। জালুকবাৰীৰৰ মডেল স্কুলত পঢ়ি থকাৰ সময়ৰ পৰাই খেল-ধেমালিত মোৰ বিশেষ ৰাপ আছিল।
মোৰ পঢ়াশুনাও সেই সময়ত ঠিকেই আছিল। মোৰ দেউতাই কেতিয়াও মোৰ ওপৰত চাপ সৃষ্টি কৰা নাছিল। বহু অভিভাৱকে তেওঁৰ সতি-সন্ততি ভাল হ’বই লাগিব বুলি মত প্ৰকাশ কৰে। পিছে, মোৰ দেউতাই পঢ়িশুনি নামভৰ্তি কৰিব পৰাকৈ নম্বৰ পালেই হ’ব বুলিহে মোক কৈছিল। দেউতাই তেনেকৈ কোৱাৰ বাবে মোৰ বৰ লাভ হ’ল।
সেয়া আছিল মোৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়ৰ এক কথা। সেই সময়ত দেউতাৰ সহকৰ্মী এজনে সময় কটাবলৈ বুলি দেউতাৰ ওচৰলৈ প্ৰায়েই আহে। ময়ো তেতিয়া তেওঁলোকৰ সতে সময় কটাওঁ। পিছে, দেউতাই মোক “তই পঢ়া নাই কিয়” বুলি কোনোদিনাই প্ৰশ্ন নকৰে। এইবোৰ কথাই মোৰ সৰুকালটি সমৃদ্ধ কৰিহে তুলিছিল।
কটন কলেজিয়েটৰ দৰে মোক সমৃদ্ধ কৰা আন এখন শিক্ষানুষ্ঠান হ’ল কটন কলেজ। আমাৰ সময়ত আৰু বোধকৰো আজিও কটনত পঢ়িবলৈ অসমৰ বিভিন্ন ঠাইৰ পৰা ছাত্র-ছাত্ৰীসকল আহে। তেওঁলোকৰ বৈচিত্ৰময় সংস্কৃতি আৰু জীৱনে কটনত বৈচিত্ৰ্যৰ মাজতো যেন এক ঐক্যৰহে সৃষ্টি কৰে। এই বৈচিত্ৰ্য সম্পৰ্কে মই বহুবছৰ ধৰি ভবাচিন্তা কৰিছোঁ। বৈচিত্ৰ্য মানে অৰ্থনৈতিক বৈচিত্ৰ্য, সামাজিক বৈচিত্ৰ্য, নৃতাত্ত্বিক বৈচিত্ৰ্য আদিকে বুজায়। এই বৈচিত্ৰ্য সমাজৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ। সেই বৈচিত্ৰ্যসমূহ মই কটন কলেজত দেখা পাইছিলোঁ। সেইবোৰ নেদেখিলে হয়তো মই বহু কথা বুজিয়েই নাপালোঁহেঁতেন।
পৰীক্ষাৰ ফলাফলৰ দ্বাৰা মই মানুহ নিৰূপণ নকৰোঁ। সেই সময়ত সেয়েহে মই মন কৰিছিলোঁ যে মোৰ দৰে বা মোতকৈ ভাল ছাত্র-ছাত্ৰীও মোৰ সহপাঠী হৈছে। অৱশ্যে, মই এইমাত্ৰ কোৱাৰ দৰে ভালৰ সংজ্ঞাটো মই পৰীক্ষাৰ নম্বৰৰ দ্বাৰা বিচাৰ নকৰোঁ। এয়া আচলতে চিন্তা-চৰ্চাৰ লগতহে সংপৃক্ত হৈ থাকে। সেই সময়ৰ শিৱসাগৰৰ ছাত্র এজন অথবা দক্ষিণ শালমৰাৰ ছাত্ৰ এজনৰ চিন্তা চৰ্চায়ো মোক উদ্বুদ্ধ কৰি তুলিছিল। এইবোৰ কথা মোৰ জীৱনৰ বাবে চিৰ স্মৰণীয় হৈ ৰ’ব।
সাহিত্য ডট অৰ্গ: কেতিয়াৰ পৰা বা কি ঘটনাৰ পৰা আপোনাৰ নিজৰ বিষয়ে ধাৰণা সলনি হ’ল, এই বিষয়ে অলপ ক’ব নেকি?
দীপ মেধি: এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ বৰ সহজ নহয়। সাধাৰণতে দেখা যায় যে ভবিষ্যত জীৱনত কিবা এটা কৰিবলৈ প্ৰত্যেক মানুহৰে একোটা পণ থাকে। মোৰ পিছে এনেধৰণৰ কোনো পণ নাছিল। You can connect the dots backwards. You can’t connect forward.
ইতিমধ্যে মই কটন কলেজিয়েট আৰু কটন কলেজৰ কথা আপোনাসৱক জনালোঁ।
অৱশ্যে এইক্ষেত্ৰত মই বেলেগ দুটামান কথাও ক’বলৈ বিচাৰিম। মই কটন কলেজত বিজ্ঞানৰ স্নাতক শাখাত অঙ্কশাস্ত্ৰ গুৰুবিষয় ৰূপে অধ্যয়ন কৰিছিলোঁ। সেই সময়ত মোৰ খুৰা এজন Chartered Accountant আছিল। তেওঁ ক’লে যে গণিত পঢ়ি মই সেইফালে যাব পাৰিম। দেউতায়ো মোক Chartered Accountant হ’বলৈকে পৰামৰ্শ দিছিল। আন এবাৰ পিছে ওকালতি কৰিবলৈয়ো দেউতাই মোক পৰামৰ্শ দিছিল। কিন্তু, মোৰ সৰু ভাইটিয়ে মোক ক’লে,” তই পঢ়াশুনাত ইমান ভাল! তই দিল্লীলৈ নাযাৱ কিয়?” তাৰ কথাটো মোৰ গাত লাগিল। সি কোৱা বাবে মই দিল্লী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰালোঁ। সেয়েহে, মই মোৰ সৰু ভাইটোৰ ওচৰত আজিও কৃতজ্ঞ। (ঈষৎ হাঁহি এটা মাৰি) দেউতায়ো অৱশ্যে এই কথাটোত সন্মতি প্ৰদান কৰিলে। এনেদৰে মই স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিবলৈ দিল্লীলৈ গলোঁ।
দিল্লীত পঢ়ি থকাৰ সময়তেই মই আমেৰিকাত PhD কৰিবলৈ মন মেলিলোঁ। ১৯৮১ চনত মই দিল্লীলৈ গৈছিলোঁ। ১৯৮২ চনত গৰমৰ বন্ধত ঘৰলৈ আহিছিলোঁ। সেই সময়ত দেউতাই মোক ক’লে,
“আমেৰিকাৰ পৰা দিলীপ দত্ত নামৰ মানুহ এজন আহিছে। তই লগ নধৰ কিয়?”
দেউতাৰ কথামতে মই তেওঁক লগ ধৰিবলৈ গলোঁ। তেখেতক মই খুৰা বুলিয়েই সম্বোধন কৰিলোঁ। তেখেতে মোৰ বিষয়ে অলপমান জানিব বিচাৰিলে। মানে, মই কি বিষয় পঢ়ি ভাল পাওঁ ইত্যাদি ধৰণৰ কথা তেওঁ মোক সুধিলে। তেওঁ মোক University of Wisconsin ত আৱেদন কৰিবলৈ পৰামৰ্শ দিলে। তেওঁ তেতিয়া University of Rhode Island ত অধ্যাপনা কৰি আছিল। পিছে, তেওঁ মোৰ কথা শুনি মই University of Wisconsinত নামভৰ্তি কৰা উচিত হ’ব বুলিহে তেওঁ ভাবিলে আৰু সেই অনুসৰি উক্ত বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিবলৈয়ে মোক পৰামৰ্শ দিলে।
মই দিল্লীলৈ ঘূৰি আহিলোঁ। তেতিয়া দিল্লীত আমেৰিকাৰ Information Service ৰ এটা কাৰ্যালয় আছিল। সেয়া মোৰ বাবে এটা সুযোগেই আছিল। সেই কাৰ্যালয়ত সকলো আমেৰিকাৰ বিশ্ববিদ্যালয়ৰে একোখন ‘কেটেলগ’ আছিল। কাৰ্যালয়লৈ গৈ Wisconsinত অধ্যাপনা কৰা লোকসকল সম্পৰ্কে মই তথ্য আহৰণ কৰিলোঁ। এনেদৰে দিল্লীত থাকি মোৰ এক অনন্য অভিজ্ঞতা হ’ল আৰু মই উচ্চশিক্ষা গ্ৰহণৰ বাবে বিদেশলৈ যাত্ৰা কৰিবলৈ প্ৰস্তুত হ’লোঁ। মই আৱেদন কৰিলোঁ আৰু নামভৰ্ত্তিৰ বাবে নিৰ্বাচিতও হ’লোঁ।
এইখিনিতে মই আৰু এটা কথা ক’ম। প্ৰথমে মই যেতিয়া গণিত বিষয়ত PhD কৰিবলৈ আহিছিলোঁ, তেতিয়া আমেৰিকাৰ বিশ্ববিদ্যালয়খনত মোক এজন অন্তৰ্বতী পৰামৰ্শদাতা (interim advisor) দিয়া হ’ল। তেওঁ মোৰ ৰাপ সম্পৰ্কে জানিবলৈ বিচাৰিলে। মই তেতিয়া ক’লোঁ যে দিল্লীত মই “Optimization” ৰ বিষয়ে পঢ়িছিলোঁ আৰু মোৰ ভাল লাগিছিল৷ তেওঁ কিছুপৰ চিন্তা কৰি মোক ক’লে, “You are in the wrong place”৷ মই তেতিয়া অলপ বিবুধিত পৰিলোঁ, বুজি পোৱা নাছিলোঁ তেওঁ এই কথাটো কিয় ক’লে৷ মোৰ এই দোধোৰ মোধোৰ অৱস্থাৰ পৰা উদ্ধাৰ কৰি তেওঁ মোক ক’লে যে যদি তোমাৰ Optimization ত ৰাপ আছে তেন্তে তুমি “ঔদ্যোগিক অভিযান্ত্ৰিকী” (Industrial Engineering) বা কম্পিউটাৰ বিজ্ঞানৰ ওপৰত গৱেষণা কৰা। তেওঁ মোক প্ৰথম ষান্মাসিকত কোন কেইটা বিষয় ল’লে আৰু কাৰ পৰা ল’লে আগলৈ সুবিধা হ’ব ক’লে৷ মই তেওঁ কোৱাৰ দৰেই বিষয় কেইটা ল’লো আৰু কম্পিউটাৰ অধ্যয়নত মনোনিবেশ কৰিলোঁ। কিন্তু, তাৰ বাবে মই পুনৰ আবেদন পত্ৰ জমা দিবলগীয়া হৈছিল৷
সাহিত্য ডট অৰ্গ: অসমৰ পৰা প্ৰথম বাহিৰলৈ যাওঁতে আপুনি কিবা সমস্যাৰ সন্মুখীন হৈছিল নেকি? অসমত পোৱা শিক্ষা আৰু বাহিৰৰ শিক্ষাৰ মাজত কিবা প্ৰভেদ আপুনি অনুভৱ কৰেনে?
দীপ মেধি: হয়। অসম আৰু অসমৰ বাহিৰত প্ৰচলিত শিক্ষাৰ মাজত কেতবোৰ পাৰ্থক্য আছে। প্ৰথমতে, মই দিল্লীৰ কথা ক’বলৈ ভাল পাম। দিল্লীত থকাৰ সময়ত মোৰ এক অনন্য অভিজ্ঞতা হৈছিল। দিল্লীত মোৰ প্ৰথম অভিজ্ঞতা হৈছিল ভাষা সম্পৰ্কত। দিল্লীত থকাৰ সময়ত হিন্দী ভাষা সম্পৰ্কে কেতবোৰ কথা মই প্ৰথমবাৰৰ বাবে উপলব্ধি কৰিছিলোঁ। মই দিল্লীত থাকোঁতে অনুভৱ কৰিছিলোঁ যে শব্দবোৰৰ প্ৰয়োগ ঠাই অনুসৰি ভিন্ন হয়। মানে, সেই সময়তেই হিন্দী ভাষাৰ Phonetics সম্পৰ্কে মই জানিব পাৰিলোঁ।
দিল্লীত থকাৰ সময়ত মই অনুভৱ কৰিছিলোঁ যে সাংস্কৃতিক দিশত দিল্লী বেছ আগবঢ়া। উদাহৰণস্বৰূপে, দিল্লীত যদি মই এখন ‘মাৰ্কশ্বিট’ বিচাৰি যাওঁ, সেই শিক্ষানুষ্ঠানখনৰ কৰ্তৃপক্ষই প্ৰথমতে মোক বিভিন্ন প্ৰশ্ন সুধি ব্যতিব্যস্ত কৰি তুলিলেও পিছদিনাখনেই মোৰ ‘মাৰ্কশ্বিট’খন মোৰ হাতত তুলি দিব। পিছে গুৱাহাটীত এনে এটা ব্যৱস্থা আজিও আৰম্ভ হোৱা নাই। মই তেতিয়াই অনুভৱ কৰিলোঁ যে একেটা বিষয়কেই ঠাই অনুসৰি বেলেগ বেলেগ পদ্ধতিৰে সম্পাদন কৰা হয় অথবা কৰিব পৰা যায়। এনেদৰে এটা বিষয় বেলেগ বেলেগ ধৰণেৰেও শিকিব পৰা যায়।
আনহাতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাই আনকি বিদেশৰ পৰা যেনে ‘ফিজি আইলেণ্ড’ আদিৰ পৰাও ছাত্ৰসকল দিল্লীলৈ অধ্যয়নৰ বাবে আহিছিল। এনেদৰে দিল্লীত থকাৰ সময়ত পৃথিৱী তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ লোকসকলক লগ পাই ভাৰত তথা বিশ্বৰ বিচিত্ৰ্যতা সম্পৰ্কে অনুভৱ কৰিছিলোঁ।
এইবাৰ মই আমেৰিকাৰ কথা ক’বলৈ বিচাৰিম। আমেৰিকাৰ শিক্ষা পদ্ধতি ভাৰতবৰ্ষৰ শিক্ষাতকৈ সম্পূৰ্ণ পৃথক। তাত এগৰাকী প্ৰাধ্যাপকৰ সমগ্ৰ বিষয়টোৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকে। বিষয়টোৰ ওপৰত ছাত্ৰজনে কেনেদৰে কাম কৰিব, সেয়া প্ৰাধ্যাপকজনে নিৰ্ধাৰণ কৰে। ভাৰতবৰ্ষত মই এনে এক নমনীয় ব্যৱস্থা দেখা নাই। এয়া মোৰ বাবে এক অনন্য অভিজ্ঞতা আছিল।
সাহিত্য ডট অৰ্গ: আপোনাৰ গৱেষণাৰ বিষয়ে আমাক অলপমান জনাবনে?
দীপ মেধি: হয়। গৱেষণাৰ বিষয়ে ক’বলৈ হ’লে অলপমান ধাৰণা হৈছিল মোৰ দেউতাৰ পৰাই৷ গৱেষণা কৰোঁতেও, যেতিয়া মই প্ৰথম গৱেষণা কৰোঁ, তেতিয়া PhD ৰ ক্ষেত্ৰত মই সঠিক পথেৰেই আগবাঢ়িছিলোঁ। আমেৰিকাত সাধাৰণতে গৱেষণাৰ পৰামৰ্শদাতাজনে ছাত্ৰ এজনক নিজৰ গৱেষণাৰ বিষয় নিজেই বাচনি কৰি ল’বলৈ কয়৷ প্ৰথমে মই গণিতৰ ছাত্ৰ আছিলোঁ কিন্তু তাৰ পিছত মই “Optimization” ৰ ওপৰত অধ্যয়ন কৰাৰ সমান্তৰালভাৱে “Parallel Computing” বিষয়েও শিকিলোঁ আৰু PhD গৱেষণা কৰিছিলোঁ Crystal Multicomputer ব্যৱহাৰ কৰি৷ ৷ তাৰ পিছত যেতিয়া মই PhD ডিগ্ৰী লাভ কৰিলোঁ, তেতিয়া পিছে মই শিক্ষক হ’বলৈ বিচৰা নাছিলোঁ কিয়নো মই আগন্তুক সমস্যা এটাৰ বিষয়ে ভাবিব নোৱাৰোঁ, এক ধৰণৰ যেন মানসিক অন্তৰায় এটা মোৰ আছিল৷ মই সেই সময়তেই “BELL Laboratories” চাকৰি এটা পালোঁ। সেইসময়ত মোৰ “Telecommunication” বিষয়ে কোনো শিক্ষা নাছিল৷ মই যেতিয়া চাকৰিটোৰ বাবে সাক্ষাৎকাৰ দিবলৈ গলোঁ, তেতিয়া মোক সাক্ষাৎকাৰ লোৱা লোকসকলে অঙ্কৰ বাদে আন এটা বিষয় অধ্যয়ন কৰিবলৈ উপদেশ দিলে। সেয়া ১৯৮৫ চনৰ কথা। মই ‘কম্পিউটাৰ নেটৱৰ্কচ’ অধ্যয়ন কৰিবলৈ মন মেলিলোঁ। পিছে, সেই সম্পৰ্কে মই অলপমান কথাহে শিকিলোঁ বুলি ক’ব পাৰি। অৱশ্যে, এই সম্পৰ্কত মই ব্যৱহাৰিক জ্ঞান সম্পৰ্কে কিছু অৱগত হলোঁ। এনেদৰে গৱেষণাৰ ব্যৱহাৰিক জ্ঞান সম্পৰ্কে মই প্ৰথমবাৰৰ বাবে এক আগ্ৰহ অনুভৱ কৰিলোঁ। ব্যৱহাৰিক জ্ঞানেৰে যে বুনিয়াদী পাঠ আয়ত্ব কৰিব পাৰি, গৱেষণাৰ জৰিয়তে মই সেই কথা উপলব্ধি কৰিলোঁ। “BELL Laboratories” মই দুবছৰমান কাম কৰাৰ পিছত শিক্ষকতাক কেৰিয়াৰ হিচাপে লোৱাৰ যি আত্মবিশ্বাসৰ প্ৰয়োজন, সেয়া বিচাৰি পালোঁ৷
এতিয়া মই জড়িত থকা National Science Foundation সম্পৰ্কে অলপমান ক’বলৈ বিচাৰিছোঁ। বিজ্ঞানে সমাজত কেনেদৰে উন্নতি সাধিব পাৰে, সেই লক্ষ্য আগত ৰাখি এই National Science Foundation ১৯৫০ চনত গঠন কৰা হৈছিল। এয়া আছিল এক ৰিচাৰ্ছ ফাণ্ডিং এজেন্সী। ভাৰত বা অন্যান্য দেশতো চৰকাৰৰ অধীনত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা নামৰ এটা বিভাগ থাকে। আমেৰিকাত পিছে এনে কোনো বিভাগ নাই। এয়া প্ৰায় সত্তৰ বছৰৰ আগৰ কথা। এয়া এক স্বতন্ত্ৰ বিভাগহে।
দ্বিতীয় কথাটো হ’ল এয়ে যে প্ৰায় ষাঠি শতাংশমানহে ‘National Science Foundation’ ৰ স্থায়ী বিষয়া আছে। বাকী চল্লিশ শতাংশ বিষয়া অস্থায়ীভাবে বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা নিয়োগ কৰা হয়। এনেধৰণৰ সংগঠন এটা আমেৰিকাৰ বাদে আন কোনো দেশতেই কিন্তু নাই। এনে এক সংগঠনে আমেৰিকাত গৱেষণাৰ দিশত যথেষ্ট ভাল কাম কৰি আছে। ইয়াৰ বিষয়াসকলো যথেষ্ট নমনীয়। এনেদৰে এক অপূৰ্ব কৰ্মসংস্কৃতি National Science Foundation ত বিৰাজমান হৈ আছে আৰু ই গৱেষণাৰ বাবে বেছ উৎসাহজনক কথা হিচাপে চিহ্নিত হৈছে।
বৰ্তমান মই ইয়াৰে এক প্ৰকল্পত নিয়োজিত হৈ আছোঁ। যিকোনো এটা ব্যৱস্থাৰ পৰা কেনেদৰে শিকিব পাৰি, সেই সম্পৰ্কে আমি কাম কৰি আছোঁ। ইয়াৰ অৰ্থ হ’ল এয়ে যে National Science Foundation ৰ কামবোৰ বেছ নমনীয় আৰু সেয়েহে ইয়াত কামবোৰ সফলভাৱে সমাপন কৰিব পৰা যায়।
ভাৰতবৰ্ষত এনে এটা ব্যৱস্থা (মানে স্থায়ী বিষয়া আৰু অস্থায়ীভাবে বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা অহা বিষয়া) কৰিব পৰাটো বৰ সহজ নহ’ব। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অধীনত হয়তো এয়া কৰিব পৰা যাব। পিছে, ভাৰতবৰ্ষত এনে এক ব্যৱস্থা আৰম্ভ কৰিবলৈ বুনিয়াদী স্তৰৰ পৰাই চেষ্টা কৰা জৰুৰী হ’ব। এই বিষয়ে যদিও মই বিতংভাবে নাজানো পিছে এনে এক বিভাগ গঠন কৰাৰ ক্ষেত্ৰত কথাবোৰ নমনীয় হোৱা বাঞ্চনীয় বুলি মই অনুভৱ কৰোঁ। মই সৌ সিদিনা পঢ়া ‘ৰিবেল আইডিয়েল’ত কোৱাৰ দৰেই, বিচিত্ৰতাৰ ওপৰতে এনেবোৰ কথা নিৰ্ভৰ কৰে।
সাহিত্য ডট অৰ্গ: জীৱনৰ লক্ষ্যত উপনীত হোৱাৰ বাবে আপুনি কিদৰে প্ৰস্তুতি চলাইছিল?
দীপ মেধি: কেতবোৰ ক্ষেত্ৰত কিছুমান পণ কৰিবলৈ সহজ। উদাহৰণস্বৰূপে লাভলীনা বৰগোহাঞি বা হীমা দাসৰ কথা উল্লেখ কৰিব পৰা যায়। । তেওঁলোকৰ এক নিৰ্দিষ্ট লক্ষ্য আছে।
পিছে পৃথিৱীখন সদায়ে সলনি হৈ আছে। মই আজি ভবা কথাটো ত্ৰিশ বছৰৰ পিছত হয়তো অপ্ৰাসংগিকো হ’বগৈ পাৰে। এয়া এটা দৌৰৰ দৰে নহয়। দৌৰ সদায়েই থাকিব। পিছে, আজিৰ প্ৰয়োজন data science ৰ পিছলৈ অস্তিত্ব নাথাকিবও পাৰে। একেদৰে আজিৰ কাৰখানা এটা ত্ৰিশ বছৰ পিছত সম্পূৰ্ণৰূপে অপ্ৰয়োজনীয় হ’ব পাৰে। সেয়েহে, পণ বা লক্ষ্যৰ ফালৰ পৰা চাবলৈ গ’লে এই পণ অথবা লক্ষ্য সলনি হোৱাটো বাঞ্চনীয়। আচলতে, ব্যক্তিজনে যে কিবা এটা কৰিবলৈ ওলাইছে, সেয়াহে তেখেতৰ বাবে আচল লক্ষ্য বা পণ। সেয়েহে, সহজ অৰ্থত ক’বলৈ হ’লে, কামবোৰৰ লক্ষ্য থাকিব লাগে। নিজৰ ক্ষেত্ৰত যি বিষয়ৰ প্ৰাসংগিকতা থাকে, সেয়া সম্পাদন কৰাত ব্যক্তি এজনৰ যথেষ্টখিনি কৰণীয় আছে। যি কাম কৰি সন্তুষ্টি লভিব পৰা যায়, সেই কামৰ সতে লক্ষ্য বা পণ সংপৃক্ত হৈ থকা উচিত। অৱশ্যে, এনেবোৰ কথাত সমাজ, পৰিয়াল আদিয়েও প্ৰভাৱ পেলায়। পিছে, সেইখিনিৰ ভিতৰতো নিজা পণ বা লক্ষ্য থাকিব লাগে। আত্মসন্তুষ্টিয়েই আচল কথা। হয়তো কোনোবাই লক্ষ্যটো সোনকালে নিৰ্ধাৰণ কৰি লব পাৰে। হয়তো আনজনৰ বাবে লক্ষ্য স্থিৰ কৰাত অধিক সময়ৰ আৱশ্যক হ’ব পাৰে। সেয়া এক স্বাভাৱিক প্ৰক্ৰিয়া। জীৱনত কেনেদৰে আগুৱাব পৰা যায়, সেয়া ঠিক কৰি লোৱাটোৱেই নিৰূপণ কৰে জীৱনৰ আচল পণ।
সাহিত্য ডট অৰ্গ: আপোনাৰ এই সুদীৰ্ঘ কৰ্মৰাজিত হয়তো বহু আমোদজনক ঘটনা আপুনি দেখিছে! তেনে দুটামান ঘটনা আমাৰ সৈতে ভাগ-বটোৱাৰা কৰিব নেকি!
দীপ মেধি: নিশ্চয়। আচলতে মই ধেমালি কৰি ভাল পাওঁ। এবাৰ এগৰাকী ছাত্ৰৰ লগত আমেৰিকাত থাকোঁতে এটা ঘটনা ঘটিছিল। ছাত্রগৰাকীয়ে চাকৰি এটা পাবলৈ চেষ্টা কৰি আছিল আৰু তেওঁ চিকাগোত চাকৰিটো পাইছিল। তেওঁ নজনাকৈ মই আন ছাত্ৰসকলৰ সতে কথা পাতি তেওঁলৈ এক বাৰ্তা পঠিয়ালোঁ। বাৰ্তাটোত মই তেওঁক বিচৰা বুলি কলোঁ। ছাত্ৰজন এই কথাত হতভম্ব হৈ পৰিল। অৱশ্যে, এয়া যে এক ধেমালি আছিল, মই তেওঁক সেই কথাটো পিছত জনালোঁ। এনে ধৰণৰ বিভিন্ন আমোদজনক কাহিনী মোৰ জীৱনত আছে।
আচলতে মই ছাত্ৰসকলৰ লগত ধেমালি কৰি বৰ ভাল পাওঁ। মই পঢ়ালেও সাধাৰণতে সহজ উদাহৰণ দি পাঠদান কৰোঁ। কম্পিউটাৰত নেটৱৰ্কত ’প্ৰটকল’ বুলি কথা এটা আছে। মানে দুটা কম্পিউটাৰত ফাইল আদি আদান প্ৰদান কৰাৰ ক্ষেত্ৰত কিছুমান শৃংখলা থাকে। পিছে, এই প্ৰটকল বা শৃংখলা কেতিয়াবা আকৌ নাথাকিবও পাৰে। এই কথাটো বুজাবলৈ মই আমাৰ ঘৰৰ উদাহৰণ এটা দিছিলোঁ। আমি ঘৰত ব্যৱহাৰ কৰা ‘ডিশ্বৱাছাৰ’ (Dishwasher) বোৰত আগৰদিনত হেণ্ডেল এডাল আছিল। এই হেণ্ডেলডাল আমি মানে মই আৰু পত্নীয়ে ব্যৱহাৰ কৰাৰ সময়ত এক নিৰ্দিষ্ট নিয়ম মানি চলিছিলোঁ। এই ঘটনাটোৰ বাখ্যাৰে মই ছাত্র-ছাত্ৰী সকলক প্ৰটকল বা শৃংখলাৰ কথা বুজাইছিলোঁ। আনহাতে এবাৰ এই ডিশ্বৱাছাৰটোৱে মোৰ সৰু ল’ৰাটোৰ বাবে ভালদৰে কাম নকৰা হ’ল। মানে সি ডিশ্বৱাছাৰটোৰ হেণ্ডেলডাল ওলোটাকৈ ঘূৰালে। লগে লগেই আমাৰ মাজত চলি থকা ‘প্ৰটকলটো ভংগ হ’ল। এনেদৰে, ব্যৱহাৰিক উদাহৰণেৰে মই পাঠদান কৰি ভাল পাওঁ আৰু এনেধৰণৰ উদাহৰণবোৰে মোক আমোদ দিয়ে।
সাহিত্য ডট অৰ্গ: অৱসৰৰ পিছত আপোনাৰ কি কৰাৰ মন আছে সেই বিষয়ে আমাক অলপ জনাব নেকি?
দীপ মেধি: (হাঁহি এটা মাৰি) আচলতে, অৱসৰৰ কথা মই এতিয়াও ভবা নাই। মই আৰু দহ বছৰমান কাম কৰিবলৈ বিচাৰোঁ। এতিয়াও কাম বুলিলে মোৰ মনটো থৌকিবাথৌ লাগে।
অৱসৰ লবলৈ হ’লে তিনিটামান হবী থাকিব লাগে বুলি মোৰ বন্ধু এজনে প্ৰায়েই কৈছিল। ময়ো এই কথাটো মানি চলোঁ। মোৰ প্ৰথম হবি হ’ল ফটো তোলা। মোৰ এটা DSLR কেমেৰা আছে। এই কেমেৰাৰে মই ফটো তুলি ভাল পাওঁ আৰু এয়া মই মোৰ এক হবি বুলি ধৰি লৈছোঁ।
আনহাতে মই সৰুৰে পৰা খেলৰ প্ৰতি আসক্ত। ব্ৰাজিললৈ মই ‘ৱৰ্ল্ড কাপ’ চাবলৈ গৈছিলোঁ। মই টেনিছ খেল চাই ভাল পাওঁ। উইম্বলডন, ফ্ৰেন্স অপেন টেনিছ আদিও মই চাইছোঁ। এয়া হ’ল মোৰ দ্বিতীয় হবি।
মোৰ তৃতীয় হবিটো এতিয়াও ভালকৈ ঠিক হোৱা নাই। এতিয়া মই সমাজৰ বাবে অলপ কাম কৰিব বিচাৰিছোঁ আৰু হয়তো এয়াই হৈ পৰিব মোৰ তৃতীয় হবি। সাহিত্য ডট অৰ্গৰ পৰা সাক্ষাৎকাৰ লোৱা লোকসকলৰ মাজৰ অন্যতম আমাৰ মনোজ মন কলিতাও এই বিষয়ত জড়িত আছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা সম্পৰ্কীয় মই এক ৱেবিনাৰ চিৰিজ আৰম্ভ কৰিছোঁ। এনেদৰেই মই সমাজৰ বাবে কাম অলপ কৰিব বিচাৰোঁ আৰু তাকেই মই মোৰ তৃতীয় হবি হিচাপে গ্ৰহণ কৰিব বিচাৰোঁ। আচলতে মই বিশিষ্ট লিখক সৌৰভ কুমাৰ চলিহাদেৱৰ পৰা অনুপ্ৰেৰণা পাইছিলোঁ। সেই অনুপ্ৰেৰণাৰ বাবেই মই সমাজৰ কাম কৰিবলৈ উৎসাহ পাওঁ।
হয়তো মোৰ অৱসৰটো আপোনালোকৰ উন্নতি যেন লাগিছে। (হাঁহি এটা মাৰি) মই এনেদৰেই অৱসৰ বিনোদন কৰিব বিচাৰোঁ।
সাহিত্য ডট অৰ্গ: শেষত, আমাৰ ‘সাহিত্য ডট অৰ্গ’ৰ বিষয়ে আপোনাৰ পৰা অলপমান পৰামৰ্শ বিচাৰিছোঁ। আমি কেনেধৰণে সাহিত্যৰ জগতখনৰ উন্নতিত ব্ৰতী হ’ব পাৰিম, সেই বিষয়ে অনুগ্ৰহ কৰি আমাক অলপ দিহা-পৰামৰ্শ দিবনে? লগতে, জীৱনৰ লক্ষ্য প্ৰাপ্তি তথা সাহিত্য কৰ্মৰ বিকাশত নৱ প্ৰজন্মই কিদৰে আগবাঢ়িব লাগে বুলি আপুনি ভাবে?
দীপ মেধি: ‘সাহিত্য ডট অৰ্গে’ যেনেদৰে কাম কৰি আছে, তাকে দেখি মই বৰ সন্তোষ পাইছোঁ। মই ভাবোঁ যে আমাৰ সমাজত বিজ্ঞান-সাহিত্যৰ প্ৰয়োজনীয়তা আছে। আমি যদি ‘সাহিত্য ডট অৰ্গ’ৰ যোগেৰে বিজ্ঞান, প্ৰযুক্তিবিদ্যাৰ সতে সমাজখনৰ সম্পৰ্ক ফঁহিয়াই পাঠকসকলৰ সমুখত দাঙি ধৰিব পাৰোঁ, তেন্তে মানুহৰ বিজ্ঞান, প্ৰযুক্তিবিদ্যা আদিৰ প্ৰতি আকৰ্ষণ বাঢ়িব। এনেবোৰ ক্ষেত্ৰত সাহিত্যৰ সতে মই হাত উজান দিবলৈ পালে বৰ সুখী হ’ম।
আনহাতে চতুৰ্থ, পঞ্চম বা ষষ্ঠ শ্ৰেণীত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও ‘সাহিত্য ডট অৰ্গে’ কাম কৰিব পাৰে। প্ৰাথমিক পৰ্যায়ৰ পৰা বিজ্ঞান অধ্যয়নত গুৰুত্ব দিয়াটো সঁচাকৈয়ে আৱশ্যকীয়। এই ক্ষেত্ৰত ‘সাহিত্য ডট অৰ্গে’ কাম কৰিব পাৰে। অ, আৰু এটা কথা কওঁ, এই ধৰক, অসমীয়া সাহিত্যৰ লিখাৰ শৈলীটো কেনেদৰে সলনি হৈছে, সেয়া অধ্যয়ন কৰিবলৈয়ো এজনে গৱেষণা কৰিব পাৰে। আনহাতে, প্ৰযুক্তিবিদ্যাৰ যোগেৰেও এইবোৰ অধ্যয়ন কৰিব পৰা যায়। বিজ্ঞান সাহিত্যৰ বিকাশৰ বাবে এনেদৰে সাহিত্য ডট অৰ্গে বিভিন্ন উদ্যোগ হাতত ল’ব পাৰে।
সাহিত্য ডট অৰ্গ: আমাৰ অনুৰোধ ৰক্ষা কৰি আমাৰ মঞ্চলৈ অহা বাবে আপোনাক ধন্যবাদ জনালোঁ। আশাকৰোঁ, অনাগত দিনবোৰতো আমি আপোনাৰ দিহা-পৰামৰ্শেৰে উপকৃত হ’ব পাৰিম। আপোনাৰ অভিজ্ঞতা তথা এই সাক্ষাৎকাৰে নিশ্চয় ‘সাহিত্য ডট অৰ্গ’ৰ পাঠকসকলক উপকৃত কৰি তুলিব। পুনৰবাৰ লগ পোৱাৰ আশা কৰি আপোনাক ধন্যবাদ জনালোঁ। শুভৰাত্ৰি।
দীপ মেধি: ধন্যবাদ। মোৰ কথাখিনি ক’বলৈ ‘সাহিত্য ডট অৰ্গ’ৰ মঞ্চখন দিয়া বাবে আপোনালোককো ধন্যবাদ জনালোঁ। কথা পাতি সঁচাকৈয়েই ভাল লাগিল। আপোনালোকৰ ই-মেগাজিনখনৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ। শুভৰাত্ৰি।