শুভ-অশুভ
লেখক- যশোৱন্ত নিপুণ
কেঁকনিৰ শব্দ পিছফালৰ কোঠাটোৰ পৰা ভাঁহি আহিছিল। নৰকান্তই প্ৰায়েই পুৱাই এনেদৰে কেঁকাই থাকে। গতিকে ঘৰৰ কোনেও বৰকৈ মন–কাণ নিদিয়ে। আজি কিন্তু মনোমতী সঁচাকৈয়ে বিৰক্ত হৈছে। এনেকৈ কেঁকাই থাকিলেই বিছনাৰ কাপোৰখন আপোনা–আপুনি ফিট হৈ যাব নেকি? গিৰিয়েকটোৱে একো এটা নুবুজে কিয়?
ছয়–সাত বছৰ এনেদৰেই চলিছে। ষ্ট্ৰ’ক হোৱাৰ প্ৰথম চাৰি বছৰমান তেওঁ মোটামুটি ভালেই আছিল; ঘৰখনৰ কাকো একো দিগদাৰ কৰা নাছিল। পাছলৈ তেওঁ অধিক দুৰ্বল হৈ আহিল। বিছনাতেই পৰি থাকিব লগা হ’ল বেছিভাগ সময়। ৰ’দ লগাবলৈ কিছুসময় চোতালতে বহিলেও অলপ পাছতেই তেওঁৰ গাঁটো ৰাঁই জাঁই কৰে। তেতিয়া কেতিয়াবা লাখুটিডালত ধৰি নিজেই আকৌ বিছনা পায়গৈ। কেতিয়াবা পুতেকে বা ঘৈণীয়েকে ধৰি ধৰি বিছনালৈ লৈ যায়। পুৱা আঁঠুৱাখন পুতেক মুকুলে বা ঘৈণীয়েকেই সামৰি থয়। সেই কামটোত অলপ পলম হ’লেও তেওঁৰ উচপিচ লাগে আৰু মিনিটে মিনিটে ঘৈণীয়েক আৰু পুতেকক মাতি থাকে। তাৰ পাছৰ বিছনাখনৰ কাপোৰখিনি টানি–টুনি ফিট কৰি থোৱা কামটো তেৱেঁই কৰে। সেইটো কৰোঁতে বহুসময় লাগে, কষ্টও হয় আৰু সেই কষ্ট আৰু বিৰক্তিতেই তেওঁ কেঁকাই থাকে। ঘৰৰ মানুহ কেইজনেই নহয়, ওচৰৰ চুবুৰীয়া কেইঘৰো সেই কেঁকনিৰ শব্দটোৰে অভ্যস্ত হৈ পৰিছে। সকলোৱে বিৰক্ত হয়, কিন্তু কোনেও একো কৰিবও নোৱাৰে। ঘৈণীয়েক আৰু পুতেকেও এনেকৈ কেঁকাই থাকিবলৈ হাক দি দি ভাগৰি পৰিছে।
আধাঘণ্টামান পাছত কেঁকনি বন্ধ হ’ল। এইবাৰ তেওঁক মুখ ধুবৰ কাৰণে ডাঙৰ জগ এটাত পানী দিব লাগিব। অলপ দেৰী হওঁতেই তেওঁ ঘোষণা কৰিলে, “মই মুখ ধুম।”
কিন্তু কোনেও মন নিদিলে। তেওঁ দুবাৰমান একেষাৰ কথাকেই ক’লে। পুতেক সোমাই আহিল কোঠাটোলৈ। নৰকান্তই বাল্টি এটাত প্ৰস্ৰাৱ কৰে। সেইবোৰ পেলাবলৈ পুতেকে বাল্টিটো লৈ বাৰীলৈ গ’ল। ডেটলেৰে ধুই লৈ আহি আকৌ বিছনাৰ কাষতে সেইটো থলে।
“মই মুখ ধুম।” নৰকান্তই পুতেকলৈ চাই আকৌ ক’লে।
“হ’ব, হ’ব। অলপ ধৈৰ্য ধৰাচোন। মাই পানী দি যাব।” পুতেকে সামান্য বিৰক্তিৰে ক’লে।
“আজি দেৰী হৈছে দেখোন।”
“দুই মিনিট দেৰী হ’ল, তাতে কি হ’ল? আজি মানুহ আহিব নাজানা নেকি?”
“কোন আহিব? মই নাজানো।” মানুহজনে চকু দুটা ডাঙৰ কৰি পুতেকৰ ফালে চালে।
উত্তৰ নিদিয়াকৈ পুতেক কোঠাটোৰ পৰা ওলাই গ’ল। তাৰ বহুত কাম আছে।
মানুহজনেও উত্তৰ এটা পাব বুলি আশা কৰা নাছিল।
আজিকালি প্ৰায় বিছনাতেই পৰি থকা মানুহজনৰ প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ সকলোৰে সময় কম। তেওঁ দুই তিনিবাৰ সুধিব লাগে প্ৰত্যেকটো কথা। তাৰ পাছতহে উত্তৰ দিওঁতাৰ গা লৰে; কেতিয়াবা গা নলৰেই।
ঘৈণীয়েক মনোমতীয়ে জগত পানী আৰু চৰিয়া এটা দি গ’ল। আজি কোন আহিব তেওঁ সেইটো ঘৈণীয়েকক সুধিছিল যদিও উত্তৰ নেপালে। ব্ৰাচত টুথপেষ্ট লগাই তেওঁ দাঁত মাজিবলৈ ধৰিলে।
চৰিয়াতে মুখখন ধুলে তেওঁ। তাৰ পাছত চাহৰ অপেক্ষা কৰি আগ্ৰহেৰে দুৱাৰখনলৈ চাই ৰ’ল।
ঘৈণীয়েকে ষ্টীলৰ গিলাচ এটা চাহ লৈ আহিল। চাহত চিৰা দিছে। তেনেকৈয়ে ৰাতিপুৱাৰ চাহ খায়।
“দেৰী হ’ল দেখোন আজি?” তেওঁ সুধিলে।
“আমাৰো কাম আছে নহয়। কিমাননো দেৰী কৰিলোঁ বাৰু, এনেকৈ যে অধৈৰ্য হ’ব লাগে বেমাৰীটোৱে? আজি মানুহ এজন আহিব বুলি নাজানে নেকি?” মনোমতীয়ে উষ্মাৰে উত্তৰ দিলে। তেওঁ অইনৰ আগত আৰু খং উঠিলে মানুহজনক “বেমাৰীটো” বুলিয়েই কয় আজি–কালি।
নৰকান্তই সঁচাকৈয়ে নাজানে কোন আহিব। আজি–কালি তেওঁ একোৱেই গম নাপায় ঘৰখনত কি ঘটি আছে, কোনে কি কৰি আছে, কোনে কি কৰিব খুজিছে। সকলো কামতে আনৰ ওপৰত নিৰ্ভৰশীল অথৰ্ব মানুহজনক কোনেও কথাবোৰ জনাবলৈ একো প্ৰয়োজন অনুভৱো নকৰে। কাৰণ– মানুহজনে জানিলেইনো কিডাল কৰিবনো? অনৰ্থক কিছুমান প্ৰশ্ন আৰু পৰামৰ্শেৰে সকলোকে অতিষ্ঠ কৰিহে তুলিব।
“কোন আহিবনো?” তেওঁ আকৌ সুধিলে।
ঘৈণীয়েকে এইবাৰ উত্তৰ দিলে। ওচৰৰে এজন, নগৰখনলৈ অহা এটা নতুন ধৰণৰ ধৰ্মীয় অনুষ্ঠান এটাৰ গভীৰ অনুগামী সাত্বিক ব্যক্তি এজন আহিব। সেই অনুষ্ঠানৰে নতুনকৈ অনুগামী হৈছে মনোমতী, মুকুল আৰু মুকুলৰ ঘৈণীয়েক ৰীণা। ইহকাল–পৰকালৰ শুদ্ধ পথ সেই অনুষ্ঠানটোৰ মাজেৰেহে পোৱাটো সম্ভৱ বুলি মনোমতী আৰু ৰীণাৰ গভীৰ বিশ্বাস জন্মিছেই ইতিমধ্যে। অৱশ্যে দোকানৰ আৰু ঘৰৰ এশ এবুৰি কামত ব্যস্ত থকা মুকুলে তাৰ বিশ্বাসটো সবল কৰিবলৈ সময় পোৱা নাই এতিয়াও।
নৰকান্তই লাহে লাহে চাহখিনি খালে চামোচ এখনেৰে। মুখৰ বাওঁফালটোত ভালকৈ তত নাই। খাই থাকোঁতে সেইফালেৰে কেতিয়াবা খোৱা বস্তুবোৰ ওলাই আহে। ঘৰৰ আৰু বেলেগৰ মানুহেও সেইবোৰ দেখিলে ঘিণ কৰে বুলি তেওঁ জানে। সেইকাৰণে গামোচা এখনেৰে সেইফালটো ঘনে ঘনে মচি থাকে। সেইখন গামোচাৰেই মহ–মাখি খেদা, কপালৰ ঘাম মচা, ভাত খাই হাত–মুখ মচা আদি কামবোৰো কৰে। আগতে ঘৈণীয়েক বা পুতেকে সেইখন দিনে সলাই ধুই দিছিল। আজি–কালি তিনি–চাৰি দিনলৈ গামোচাখন সলোৱা নহয়। তেওঁ অৱশ্যে আগৰ দৰেই প্ৰতিদিনেই সেইখন সলাই দিবলৈ ক’ব নাপাহৰে। সেইটোৱেও সকলোকে বিৰক্ত কৰে।
বেছি চাফ–চিকুণ, পৰিপাটী, নিজেই নিজৰ সকলোবোৰ কাম কৰা মানুহবোৰৰো শেহটো বৰ দুখৰ হ’ব পাৰে। যেতিয়া নিজে নোৱৰা হয়, তেতিয়া কোনে তেওঁলোকক ইমান পৰিপাটী, চাফ–চিকুণকৈ ৰাখিবলৈ সময় পাব? সকলোৱেইতো নিজৰ নিজৰ কামত ব্যস্ত। নৰকান্তৰ কোঠাটো তেওঁ ভালে থকা দিনবোৰত বৰ পৰিষ্কাৰ–পৰিচ্ছন্ন আছিল। বিছনাখন তেওঁ খুব পুৱাই উঠি ফিট–ফাটকৈ পাৰি থ’ব, পুৰণি বাতৰি কাকতবোৰ সুন্দৰকৈ জাপি থ’ব এখন এখনকৈ, শুধ বগা ধুতী–চোলা–গেঞ্জীবোৰ ধুই চিকচিকীয়া কৰি ৰাখিব। ওচৰ চুবৰীয়া আৰু লগৰো বহুতে তেওঁক মাজে মাজে সুধিছিল – ইমান কামৰ মাজতো ইমান চাফা হৈ থাকিবলৈ সময় কেনেকৈ উলিয়াই তেওঁ। তেওঁ একো নকৈ হাঁহিছিল; তৃপ্তিৰ হাঁহি।
এতিয়া আৰু সেই দিন নাই। কথাবোৰ বিপৰীত হ’ল। তেওঁৰ বিছনাখনৰ ঘামেৰে তিতা কাপোৰবোৰ বহু দিনলৈ ধোৱা নহয়। গাৰুৰ গিলিপবোৰো লেতেৰা হৈয়ে থাকে। পিন্ধি থকা চোলা কাপোৰবোৰৰো একে অৱস্থা। কোঠাটো ডেটল, ঔষধ, ঘাম, প্ৰস্ৰাৱ আদিৰ গোন্ধেৰে সেমেকা হৈ থাকে। সেই গোন্ধটোৰ লগত তেওঁ ক’ব নোৱৰাকৈয়ে সন্ধি কৰি পেলাব লগা হৈছে কেতিয়াবাই।
তেনেতে তেওঁৰ কোঠাটোৰে মোনা দুখন লৈ ডেকা ল’ৰা এটা সোমাই আহিল।
“ভালে আছা মামা?” ল’ৰাটোৱে হাঁহি এটা মাৰি সুধিলে।
নৰকান্তই চকু দুটা ডাঙৰ কৰি ডেকাজনলৈ চালে। “কোননো? মই ধৰিব পৰা নাই দেখোন।”
“মই বিজয়, মামা। বিজয়। ধৰিব পৰা নাই?” ল’ৰাটোৱে হাঁহি হাঁহিয়েই আকৌ ক’লে।
“বিজয়?” তেওঁ অলপ সময় ৰৈ কিবা মনত পেলাবলৈ চেষ্টা কৰিলে। “অ’ বিজয় …! বিজয়!” মানুহজনৰ কান্দোন ওলাই আহিল। বিজয় তেওঁৰ ভাগিনিয়েক, ওচৰৰে গাঁৱত বিয়া দিয়া ভনীয়েকৰ ল’ৰা। তাকো তেওঁ আজি চিনিব পৰা নাই কাৰণেই তেওঁৰ বৰ দুখ লাগিছিল। আজি–কালি বহুতকে তেওঁ এনেদৰেই চিনিব নোৱাৰে ফটকৈ। তেওঁৰ এই পাহৰাটোও কিছু বেছি হৈছে।
“ভাল নে তোৰ?” গামোচাখনেৰে চকুপানী মচি মচি তেওঁ সুধিলে।
“আছোঁ দিয়া আৰু।”
“মোনাত কি আনিছ? কিয় আনিছ?”
মুকুলে ঘৰৰ আজিৰ সৰু অনুষ্ঠানটোৰ কাৰণে লগা খোৱা বস্তু আৰু অলপ কিবাকিবি আনিবলৈ কৈছিল বিজয়ক। বিজয়ে ক’লে কথাটো। তাৰ মিঠাই আৰু ফলমূলৰ দোকান আছে। ঘৰত এনেকৈ দৰকাৰ পৰিলে মুকুলে তাক ফোন কৰি বস্তুবোৰ অনাই লয়। পইচা অলপ কমতে হয় আৰু বস্তুও ভাল পায়।
নৰকান্তই তাক ভনীয়েকৰ খবৰো সুধিছিল। উত্তৰ দিবলৈ পোৱাৰ আগতেই পুতেকে তাক বহা কোঠাটোৰ পিনে মাতি লৈ গ’ল। নৰকান্তৰ চকু দুটাই উত্তৰ এটাৰ আশাত তাৰ মুখলৈ আৰু পাছত পিঠিখনলৈ চাই ৰ’ল।
বিজয়ে মুকুলৰ লগত এনেয়ে অলপ কথা পাতি, চাহ একাপ খাই মোমায়েকৰ কোঠাটোৰেই ওলাই গ’ল।
“মাৰ ভালে আছেনে?” নৰকান্তই আকৌ সুধিছিল।
“আছে আৰু মামা। কঁকালৰ বিষটো উঠি কষ্ট দি থাকে।”
“ডাক্তৰক দেখুৱালি নে নাই?”
“দেখুৱাইছোঁ। তুমিতো জানাই এইবোৰ সহজতে ভাল হোৱা বেমাৰ নহয়।”
“কোন ডাক্তৰক দেখুৱালি? আজি–কালিৰ ডাক্তৰে এলোপেথিক ঔষধসোপাৰে কি ভাল কৰিব আমি জানো। কঁকালৰ বিষ হ’লে এটা কাম কৰিব লাগে। তই এটা কাম …।”
“হ’ব দে। তুমি ডাক্তৰতকৈ জ্ঞানী ওলাব নালাগে।” , মুকুলে দেউতাকক মাজতে ধৰি ক’লে, “ইয়াৰ খৰ–ধৰ। তোমাৰ কথা শুনি থাকিলেই নহ’ব নহয়।”
“এহ নাই, নাই। একো কথা নাই। মই আহোঁ দিয়া মামা।” বিজয়ে মনে মনে ৰক্ষা পৰা যেন পাই সাউৎকৰে বাহিৰ ওলাইছিল। নহ’লে মোমায়েকৰ কমেও পোন্ধৰ মিনিটৰ লেকচাৰ এটা সি শুনি থাকিব লগা হ’ব পাৰে। দুৱাৰখন জপাই থৈ যাবলৈ সি পাহৰিলে আৰু মুকুলেও মন নকৰিলে কথাটো।
খোলা দুৱাৰেৰে অলপ অলপ বতাহ সোমাই আহিবলৈ ধৰিলে। নৰকান্তৰ শৰীৰৰ অসাৰ অংগবোৰত বতাহ লাগিলেই তেওঁ খুব ঠাণ্ডা অনুভৱ কৰে। কোনোবাই বৰফৰ ডাঙৰ ডাঙৰ টুকুৰা কেইটামান গাঁত হেচি ধৰা যেন পায় তেওঁ। অতি কষ্টেৰে দুৱাৰখনৰ এটা ফাল লাঠীডালেৰে ঠেলি ঠেলি বন্ধ কৰিলে। আনটো ফাল ঢুকি নাপায় লাঠীডালেৰে। দহ মিনিটমান তেওঁ কিবাকৈ ঠাণ্ডাটো সহ্য কৰিলে। তাৰ পাছত তেওঁ আৰু ৰ’ব নোৱৰা হ’ল। থকথককৈ কঁপি চিঞৰিবলৈ ধৰিলে, “দৰ্জাখন বন্ধ কৰ। কোনোবাই দৰ্জাখন বন্ধ কৰ। মই মৰিলোঁ দে। অ’ শুনিছ? …।”
সকলোৱে তেওঁৰ চিঞৰ শুনিলে। গাত বতাহ লাগিলে এনেকৈ তেওঁ চিঞৰাটো এটা সাধাৰণ কথা।
“এই বেমাৰীটোৱে আজিৰ দিনটোও ভালে ভালে পাৰ হ’বলৈ নিদিব যেন পাইছোঁ। অলপো সহ্য শক্তি নাই মানুহটোৰ।” পৰম বিৰক্তিৰে মনোমতীয়ে ভোৰভোৰালে। তেওঁ আৰু বোৱাৰীয়েকে পাকঘঘৰত নাৰিকলৰ লাড়ু আৰু পায়স বনাই আছিল। বৰুণ দত্তই ঘৰতে তৈয়াৰ কৰা সাত্বিক আহাৰহে গ্ৰহণ কৰে। তেওঁৰ কাৰণেই এই সকলো আয়োজন।
শাহুৱেক–বোৱাৰীয়েকে দুৱাৰখন বন্ধ কৰিবলৈ নগ’ল। তেওঁলোকৰ আশা মুকুলে গৈ দুৱাৰখন বন্ধ কৰিব। কিন্তু মানুহজনৰ চিঞৰাটো বন্ধ নহ’ল। মনোমতীৰ মুখত এটা খং আৰু বিৰক্তিৰ ভাব বিয়পি পৰিল। ৰীণাৰো বৰ খং উঠিছিল। কিন্তু তাই সেইটো বৰ কষ্টেৰে লুকুৱাই ৰাখিলে। শাহুৱেকৰ সম্মুখতেই বোৱাৰীয়েকে শহুৰেকৰ ওপৰত ৰুষ্ট হোৱাটো ভাল নেদেখি।
নৰকান্তৰ প্ৰাইমেৰী স্কুলত পঢ়া নাতিয়েক মুনু দৌৰি কোঠাটোলৈ সোমাই আহিল।
“কি হৈছে ককা?” সি ইতিমধ্যে দুৱাৰখন বন্ধ কৰিছিলেই।
“বৰ ঠাণ্ডা লাগিছে অ’ মুনু মোৰ। অহ্ অহ্ অহ্ …।” নৰকান্তৰ কঁপনি বন্ধ হোৱা নাছিল।
মুনুৱে কম্বলখন ককাকৰ শৰীৰৰ বাওঁফালে ভালকৈ জাপি দিলে। ককাকৰ বাওঁফালটো প্ৰায় অসাৰ। চকী এখনত উঠি এইবাৰ সি দুৱাৰৰ হুকটোও মাৰি দিলে। “বতাহত আকৌ খুলিব পাৰে ককা। সেই কাৰণে মাৰি থলোঁ।”
“কোনোবা আহিলে এইফালেৰে দুৱাৰ কোনে খুলি দিব অ’ মুনু? অহ্ অহ্ অহ্ …।”
“মাক মাতিবা, নহ’লে আইতাক মাতিবা। মই থাকিলে মোক মাতিবা।”
“মাতিলে যেন আহিবহে। অহ্ অহ্ …।”
“তুমি ভাল পাবা দিয়া ককা। মই আছোঁ নহয় ইয়াতে।”
মুনুৱে দুপাকমান কোঠাটো ইফালৰ পৰা সিফাললৈ দৌৰিলে। তাৰ পাছত “ধিছ, ধাছ, ধিছিম …। থিছিউ থিছিউ …। “ সি শূন্যতে কাৰোবাক লাথি, চৰ, ঘোচা মাৰিবলৈ ধৰিলে আৰু মাজে মাজে এটা অদৃশ্য পিষ্টলেৰে কাৰোবাৰ ওপৰত গুলীচালনা কৰিলে। আৰু লগতে কোনোবা বীৰ পুৰুষৰ বচন, আধা হিন্দী আৰু আধা অসমীয়াত, “মই তোৰ মুখ ভাঙি দিম, চিনি পোৱা নাই মই কোন? … এইখন হাতৰ এটা ঘোচাতেই তই যাবি যমপুৰী। “
ককাকে তাৰ একক অভিনয় অলপ সময় উপভোগ কৰিলে।
“স্কুললৈ নোযোৱা মুনু আজি?” ককাকে সুধিলে।
“নাযাওঁ।” মুনুৱে চুটিকৈ উত্তৰ দিলে।
“কিয় নোযোৱা?”
“আজি আমাৰ ঘৰত কিবা আছে। পায়স বনাইছে আইতাই। মাই নাৰিকলৰ লাড়ু কৰিছে। মোক লাড়ু এটা নিদিলে।” শূন্যতে কাৰোবাক ঘুচিয়াই ঘুচিয়াই মুনুৱে ক’লে।
মুনুৱে হঠাতে বাহিৰলৈ গৈ প্লাষ্টিকৰ গদা এটা লৈ আহিল। খুব জোৰেৰে সি সেইটো দুবাৰমান শূন্যতে ঘূৰালে। এইবাৰ সি বালী আৰু সুগ্ৰীৱৰ যুদ্ধ আৰম্ভ কৰিলে।
“হাড়–মূৰ তোৰ যদি নোৱাৰোঁ পেলাব ভাঙি, মোৰ নাম কেতিয়াও নহয় বালী। ধেই–তা–ধেই .. আস্।” গদাৰ কোব খোৱা সুগ্ৰীৱ হৈ সি মজিয়াতে বাগৰি পৰিল।
“তাতে বাগৰিছা কিয়? উঠাঁ। আজি কোন আহিব জানা তুমি?” ককাকে ক’লে।
মুনুৱে উঠি বালী হৈ গদা ঘূৰাই ঘূৰাই এইবাৰ সুগ্ৰীৱক পিছে পিছে দুৱাৰখনৰ ওচৰলৈকে খেদি গৈছিল। ককাকক উত্তৰ দিবলৈ যুদ্ধ স্থগিত কৰি সি ৰ’ল। “এজন ডাঙৰ মানুহ আহিব। বগা ধুতী আৰু চোলা পিন্ধে।”
“তুমি দেখিছা নেকি তেওঁক?”
“দেখিছোঁতো। বৰ ডাঙৰ মানুহ। ভাষণ দিব জানে।”
“হয় নেকি, ক’ত দেখিলা তুমি?”
“সেইদিনা যে মা আৰু আইতাৰ লগত মিটিঙলৈ গৈছিলোঁ, তাতে দেখিছিলোঁ। কি যে ওখ মানুহ। কি যে ভাষণ দিছিল ককা, বৰ ভাল!”
“কি কৈছিল ভাষণত?”
“মানুহ মৰিলে বোলে স্বৰ্গলৈ যাব।”
মিটিঙ এখনত বৰুণ দত্তই ধৰ্ম, আধ্যাত্মিকতাৰ ওপৰত এটা ভাষণ দিছিল। মুনু মাক আৰু আইতাকৰ মাজতে বহিছিল। ভাষণ চলি থকাৰ সময়তে তাৰ টোপনি আহিছিল।
“তুমি শুনি আছিলানে গোটেইখিনি?”
“শুনি আছিলোঁতো। বৰ ভাল ভাষণ আছিল।”
“কিন্তু সকলো মানুহেতো মৰিলে স্বৰ্গলৈ নাযায়। ভাল মানুহবোৰহে যায়। বেয়া মানুহবোৰ নৰকলৈ যায়।”
“তুমি ক’লৈ যাবা ককা? স্বৰ্গলৈ?”
“নাজানো। নৰকলৈহে যাম নেকি?”
“এস্, তুমি বৰ ভাল। যাবা দিয়া স্বৰ্গলৈ। ময়ো যাম। তাতে মই স্কুললৈ নাযাওঁ কিন্তু।”
নাতিয়েকৰ কথাবোৰে নৰকান্তৰ মুখখন হাঁহি এটাৰে উজলাই তুলিলে। নাতিয়েকটো কাষত থাকিলে, ঘৰত থাকিলে তেওঁ বৰ ভাল পায়। নিজে ভালে থকা হ’লে তাক পুৱা বা গধূলি সদায় লগত ফুৰাবলৈ নিলেহেঁতেন। পিছে ঈশ্বৰে সেইখিনি সুখ তেওঁৰ কপালত নিলিখিলে।
মুনুৱে আকৌ বালী–সুগ্ৰীৱৰ যুদ্ধত মত্ত হ’ল।
“মুনু, মুনু।” মাকে তাক চিঞৰি মাতিলে। সি যুদ্ধ চলায়ে থাকিল, উত্তৰ নিদিলে।
এক মিনিটমান পাছত মাকে তাক আকৌ মাতিলে।
এইবাৰো সি উত্তৰ নিদিলে।
“মাৰাই মাতি আছে। যোৱাচোন কিয় মাতিছে?” ককাকে ক’লে।
“এস্। মাতক দিয়া। মাতিয়েই থাকে।” সি ভোৰভোৰাই উত্তৰ দিলে।
ইতিমধ্যে মাকে তাক বিচাৰি কোঠাটোৰ দুৱাৰমুখ পালেহি।
“হে হৰি! কি কৰি আছা তুমি ইয়াত? স্কুললৈ যাব লাগে নে নেলাগে? গা ধুবানে নাই?” মাকে দুৱাৰমুখৰ পৰাই ডাঙৰকৈ ক’লে।
“নাযাওঁ মই স্কুললৈ আজি।” সি ভোৰভোৰালে আকৌ।
“কিয় নাযাবা? কি কৰি থাকিবা ঘৰত? আহাঁ, দেৰী হৈছেই। আৰু দেৰী কৰি মোৰ খং নুতুলিবা। “
“মই নাযাওঁ স্কুললৈ। আজি দেখোন মানুহ আহিব আমাৰ ঘৰলৈ।”
“তাতে কি হ’ল? তুমি কি কৰিবা? তোমাৰ কাম নাই নহয়।” মাকে ভিতৰলৈ আহি হাতত ধৰি প্ৰায় টানি টানি তাক উলিয়াই লৈ গ’ল।
“সদায়, সদায় কিয় স্কুললৈ গৈ থাকিব লাগেনো? কিয়?” সি আপত্তি কৰিছিল যদিও মাকে গুৰুত্ব নিদিলে।
“জোৰকৈ হাতত নাটানিবা। সি দুখ পাব।” নৰকান্তই কৈছিল। বোৱাৰীয়েকে একো গুৰুত্ব নিদিলে অৱশ্যে তেওঁৰ কথাত। মুনুৱে শহুৰেকৰ কোঠালৈ আহি খেলাটো তাই ভাল নাপায়। ঘাম আৰু প্ৰস্ৰাৱৰ গোন্ধেৰে ভৰা সেমেকা কোঠাটোত সোমাই থাকিলে পুতেককো বেমাৰৰ বীজাণুবোৰে লম্ভিব বুলি তাইৰ খুব ভয়। তাতে সি মাজে মাজে ককাকৰ বিছনাতো বহে।
পুনৰ নৰকান্তৰ কোঠাটো নীৰৱ হৈ পৰিল। দিনটোত কথা এষাৰ পাতিবলৈও তালৈ আৰু কোনো নাহিব। শূন্য দৃষ্টিৰে সম্মুখৰ বেৰখনলৈ তেওঁ চালে। তাত ওলমি আছে তেওঁৰ মাকৰ পুৰণি বন্ধাই থোৱা ফটো এখন। ফটোখনৰ পৰা মাকজনী ওলাই আহিব পৰা হ’লে তেওঁক গায়ে–মূৰে হাত ফুৰাই দিলেহেঁতেন কিজানি। সৰুতে এবাৰ তেওঁৰ খুব জৰ হৈছিল আৰু তিনি দিন মানলৈ ভাল হোৱা নাছিল। সেই কেইদিন মাকে তেওঁৰ লগতে লাগি আছিল, নিশা মাকে তেওঁৰ বিছনাতেই বহি তেওঁক ৰখি থাকিছিল। খিৰিকিখন খুলি দিব পাৰিলেও তেওঁ ভাল পালেহেঁতেন। কিন্তু তাতো বিপদ আছে। বতাহ সোমাই আহি তেওঁৰ অৱস্থাটো আৰু অধিক কাহিল কৰি তুলিব পাৰে। ওচৰৰ মেজখনত ঔষধ–পাতিবোৰ। দুটামান বটল আৰু টেবলেট এসোপা। আগতে সেইবোৰলৈ চালে তেওঁ উৎসাহ এটা অনুভৱ কৰিছিল। সেইবোৰে যেন তেওঁক নিচুকনি গীত শুনাই শুনাই যুঁজখন চলাই যাবলৈ কৈ থাকিছিল। তেওঁ এদিন আকৌ আগৰ দৰেই খোজ কাঢ়ি ফুৰিব পৰা কৰ্মঠ মানুহজন হৈ পৰিব বুলি সেইবোৰে তেওঁক আশান্বিত কৰি ৰাখিছিল। কিন্তু এতিয়া ভাল হোৱাৰ আশাটো লাহে লাহে মৰি আহিছে। ঔষধবোৰৰ বটল আৰু পেকেটবোৰে তেওঁৰ মনটো আৰু সবল কৰি নোতোলে আজি–কালি। তেওঁ কিন্তু ঔষধবোৰ নিয়মমতে খাবলৈ কেতিয়াও নাপাহৰে। মাত্ৰ তেওঁৰ এই নিয়মীয়া স্বভাৱটোৱে ঘৰৰ আনবোৰক প্ৰায়ে বিৰক্ত কৰে। আধা পংগু মানুহজনক ঔষধ–পাতি, চাহ–ভাত সময় মতে দিবলৈ সকলোৰে সময়ৰ বৰ অভাৱ কাৰণেই।
পুতেকৰ গাড়ীৰ শব্দৰ পৰা নৰকান্তই গম পালে সি দোকানলৈ গ’ল।
অলপ পাছত মুনু স্কুলৰ ইউনিফৰ্ম পিন্ধি সোমাই আহিল কোঠাটোলৈ। “ককা, মই স্কুললৈ যাওঁ। ভালকৈ থাকিবা দেই। “
নৰকান্তই হাঁহিলে। মুনুৱে স্কুললৈ বা বেলেগ ক’ৰবালৈ গ’লেও ককাকক মাত লগাই যায়। বেলেগ কোনেও এতিয়া আৰু সেইটোৰ প্ৰয়োজন অনুভৱ নকৰে।
এটা সময়ত সেইদিনাৰ গুৰুত্বপূৰ্ণ অতিথি বৰুণ দত্তৰ আগমন ঘটিল। ঘৰটো এটা আন্দোলনেৰে কঁপি উঠিল। সেই আন্দোলন নৰকান্তৰ সেমেকা কোঠাটোতো অনুভূত হ’ল। তেৱোঁ উৎকৰ্ণ হৈ শুনিবলৈ চেষ্টা কৰিলে বৰুণ দত্তৰ মুখৰ পৰা নিসৃত তাত্বিক সত্যবোৰ। তেওঁ আগতে ধৰ্ম সম্পৰ্কীয় কথা–বতৰাৰ আলোচনা, যুক্তি–তৰ্ক আদিত ভাগ লৈ বৰ ভাল পাইছিল। ওচৰ–চুবুৰীয়াৰ ঘৰত হোৱা নাম–প্ৰসংগ, শাস্ত্ৰপাঠ আদি তেওঁ পাৰিলে বাদেই নিদিছিল। অসুখটোৱেহে সেই সকলোবোৰৰ মুদা মাৰিলে।
ফুলাম গামোচা পাৰি থোৱা চোফা এখনত বৰুণ দত্তই বহিছিল। ধুপ–ধূনাৰ গোন্ধটো আৰু জ্বলি থকা চাকি এগছিয়ে ড্ৰয়িংৰুমটোৰ পৰিবেশটো গহীন আৰু আধ্যাত্মিক কৰি তুলিছিল।
“পৰলোকৰ তত্ত্বটো বৰ আচৰিত। ইহলোকৰ মানুহে সেইটো বুজা বৰ টান।” বৰুণ দত্তই স্মিত হাঁহি এটাৰে কৈছিল।
“হয়। আপুনি বুজাই দিব আৰু। আমি মুৰ্খ মানুহ।” মনোমতীয়ে ভক্তিভৰা সুৰেৰে কৈছিল।
বৰুণ দত্তই মৃদুকৈ হাঁহি ক’লে, “আপোনালোকে মনত ৰাখিব লাগিব এটা কথা। বৰ গুৰুত্বপূৰ্ণ এটা কথা।” তেওঁ মনোমতী আৰু ৰীণাৰ মুখলৈ চাই অলপ সময় ৰৈছিল। সিহঁত দুটাই একো বুজিব পৰা নাছিল।
“কওকচোন কি কথা। আমাৰ জীৱনটো এনেই গ’ল দিয়ক। আমি অজ্ঞানী।” মনোমতীয়ে হাতযোৰ কৰিছিল।
“হয়, বৰ অজ্ঞানী আমি।” বোৱাৰীয়েকেও যোগ দিছিল।
“এটা কথা হ’ল বুজি পোৱা। এটা কথা হ’ল উপলব্ধি কৰা। দুয়োটা বেলেগ বেলেগ। “ দত্তই এটা গভীৰ ৰহস্যময় সত্য ব্যক্ত কৰাৰ সুৰ এটাৰে ক’লে।
শ্ৰোতা দুয়োগৰাকীয়ে একো বুজা নাছিল যদিও এনেয়ে লাহে লাহে মূৰ দুপিয়াইছিল।
“মই আপোনালোকক পৰম সত্যবোৰ বুজিবলৈহে সহায় কৰিব পাৰোঁ। কিন্তু …। “ দত্তই দুয়োগৰাকী ভক্তিৰসত ডুব যোৱা শ্ৰোতাৰ মুখলৈ নাটকীয় প্ৰশ্নবোধক চাৱনি এটাৰে চাই ৰৈছিল।
“কিন্তু কি? “ অসহায়ভাৱে মনোমতীয়ে সৰু সৰুকৈ কৈছিল।
“কিন্তু …! “ দত্তই আৰম্ভ কৰিয়েই আকৌ পাঁচ চেকেণ্ডলৈ নীৰৱ হ’ল। “কিন্তু উপলব্ধি আপোনাৰ। আপুনি কৰিব লাগিব উপলব্ধি। তাৰ কাৰণে মন হ’ব লাগিব শুদ্ধ। বিশ্বাস হ’ব লাগিব গভীৰ। “
লাহে লাহে নিজৰ জ্ঞানশূন্যতাৰ বিষয়ে সম্পূৰ্ণ নিঃসন্দেহ হৈ অহা শাহুৱেক–বোৱাৰীয়েকে ভক্তিভাৱেৰে বৰুণ দত্তৰ বাণীসমূহ শ্ৰৱণ কৰিবলৈ ধৰিলে।
টংকৈ পুৰণি দেৱাল ঘড়ীটোৱে কোব এটা মাৰিলে।
“অ’ মোক পানী এক গিলাচ নিদিয়া নেকি আজি কোনেও? টেবলেট এটা খাব লাগে দেখোন।” প্ৰায় একে সময়তে নৰকান্তৰ মুখৰ পৰা চিঞৰটো ওলাই আহিছিল।
বৰুণ দত্তই আত্ম–উপলব্ধি কেনেকৈ কৰিব পাৰি সেই বিষয়ে ব্যাখ্যা কৰি আছিল। নৰকান্তৰ চিঞৰটোৱে তাৰ ছন্দপতন ঘটালে। প্ৰশ্নবোধক দৃষ্টিৰে তেওঁ শ্ৰোতা দুগৰাকীলৈ চালে। দুয়োৰে, বিশেষকৈ মনোমতীৰ বৰ খং উঠিছিল।
“আমাৰ দেউতাৰ অসুখ।” ৰীণাই সৰুকৈ ক’লে।
“হ’ব, হ’ব। তেওঁক চাই আহকচোন এবাৰ। মই অলপ ৰৈছোঁ।” দত্তৰ মাতৰ সামান্য বিৰক্তিখিনি মনোমতী আৰু বোৱাৰীয়েকে ঠিকেই ধৰিব পাৰিছিল।
“মানুহটোক পানী এগিলাচ দি আহোঁ ৰ’ব মই।” মনোমতী বহাৰ পৰা উঠিছিল। তেওঁ জানে গিৰিয়েকে পানী গিলাচ নোপোৱালৈকে তেনেকৈয়ে চিঞৰি থাকিব। মানুহজনৰ ধৰ্ম–কৰ্মত একেবাৰে ৰাপ নোহোৱা হৈছে বহু দিনৰ পৰা। এনেদৰে ইন্দ্ৰৰ সভাত ফেঁচাৰ কুৰুলি দিয়া কামটো এই বেমাৰীটোৱে কৰিয়েই থাকে।
“আপুনি এক দিনো নিচিঞৰাকৈয়ে থাকিব নোৱাৰেনে? ইমান ডাঙৰ মানুহ এজন আহিছে ঘৰলৈ। এই বেমাৰীটোৰ পানী গিলাচহে ডাঙৰ হ’ল। সমাজত আমাৰ নাক–কাণ কটাইহে এৰিব আপুনি।” পানী গিলাচ বিছনাৰ ওচৰৰ মেজখনত থৈ দাঁত কামুৰি কামুৰি সৰু সৰুকৈ মনোমতীয়ে কৈছিল।
মানুহজনে ঘৈণীয়েকৰ কিয় খং উঠিব লগা হ’ল বুজিব পৰা নাছিল। তেওঁ চকু দুটা বহলকৈ মেলি ঘৈণীয়েকৰ মুখৰ ফালে চাইছিল।
“তেনেকৈ ফেলফেলকৈ চাই থাকিব নেলাগে, বেমাৰী মানুহ। আৰু কিন্তু এনেদৰে নিচিঞৰিব, কৈ দিছোঁ মই।” মনোমতীৰ খংটো বাঢ়ি গৈছিল।
নৰকান্তৰ দপকৈ জ্বলি উঠা চকু দুটালৈ অকণো গুৰুত্ব নিদিয়াকৈ মনোমতীয়ে কোঠাটোৰ পৰা ওলাই গ’ল। এসময়ৰ খুব খঙাল নৰকান্তৰ এতিয়াও মাজে মাজে খং উঠে। কিন্তু তেওঁ বৰ্তমান এজন ভুলুণ্ঠিত ৰজা যাৰ খং–ৰাগবোৰ এতিয়া দাঁত–ভগা সাপৰ ফোচ্ফোচনি মাত্ৰ; কোনেও একো খাতিৰ নকৰে।
ইফালে আকৌ আধ্যাত্মিক ব্যাখ্যা আৰম্ভ হ’ল।
কিছু সময়ৰ পাছত, “আপোনাৰ স্থিতপ্ৰজ্ঞ আত্মাৰ একো লক্ষণেই নাই দিয়ক। “ বৰুণ দত্তই অলপ খঙেৰেই মনোমতীৰ ফালে চাই ঘোষণা কৰিলে।
মৃত্যুদণ্ডৰ আজ্ঞা শুনা মানুহৰ দৰে মনোমতী মৰহি গ’ল। হাতযোৰ কৰি তেওঁ অনুনয়ৰ ভংগীত দত্তৰ মুখলৈ চাই ৰ’ল। ধৰ্ম–কৰ্ম সম্পৰ্কে নিস্পৃহ হৈ অহা গিৰিয়েকে মুক্তি পাই সৰগলৈ যাব নে নৰকলৈ যাব, যদি গিৰিয়েক নৰকলৈ যায় তেনেহ’লে তেওঁৰ নিজৰ সৰগত থাকি কেনেকৈ ভাল লাগিব – সেই কথাটো তেওঁ সুধিছিল। তাতেই বোধহয় দত্তৰ খং উঠি গ’ল।
“আপুনি কোন?” দত্তই গম্ভীৰভাৱে সুধিলে।
“মই মনোমতী। … মনোমতী ঠাকুৰীয়া।” সেপ ঢুকি মনোমতীয়ে উত্তৰ দিলে।
“সেইটোৱেইতো ভুল। আপুনি এটি আত্মা। আপুনি নিজক চিনি পাব লাগিব, নিজৰ আত্মাক চিনি পাব লাগিব। আত্মা অলৌকিক, অবিনশ্বৰ। মনোমতী ঠাকুৰীয়া আপোনাৰ ক্ষণস্থায়ী পৰিচয় মাত্ৰ। আপুনি অলৌকিক আত্মা। কিন্তু লৌকিকতাৰ মোহে আপোনালোকক অলৌকিকতাৰ জ্যোতিৰ পৰা বঞ্চিত কৰি ৰাখিছে।”
মনোমতী আৰু বোৱাৰীয়েক আধ্যাত্মিকতাৰ কঠিনতা সম্পৰ্কে আৰু অধিক নিশ্চিত হৈছিল ইতিমধ্যে।
দত্তৰ লৌকিকতা–অলৌকিকতাৰ ওপৰত সুগভীৰ বক্তৃতা আৰু কিছু সময় চলিল।
এটা সময়ত শাহুৱেক বোৱাৰীয়েকে দৈ–চিৰা, ফল, মিঠাই, পায়স মানুহজনক পৰিবেশন কৰিলে।
উপাদেয় ভোজনে মানুহজনক কোমলাই আনিছিল। খোৱাৰ পাছত তেওঁ কোমল, মোলায়েম সুৰত ঘোষণা কৰিলে, “আপোনালোকে পাৰিব। মই নিশ্চিত। প্ৰথমতে অলপ ভুল হ’বই। কিন্তু হীৰাখণ্ডতো এদিন চমকি উঠিবই।”
কথাষাৰে দুয়োগৰাকী শ্ৰোতাকে কিছু সকাহ দিলে। নহ’লে নিজকে নৰকমুখী বুলি তেওঁলোকৰ বিশ্বাস হৈছিলেই। কিন্তু সেই শুভ মুহূৰ্ততেই আকৌ নৰকান্তৰ কেঁকনিৰ শব্দ ভাঁহি আহিল। তেওঁ হয়তো বিছনাত বহিবলৈ চেষ্টা কৰিছিল।
“কি অসুখ হৈছে তেখেতৰ?” দত্তই সুধিলে।
মনোমতীয়ে এটা বিস্তাৰিত বিবৰণ দিলে।
“বুজিলোঁ। আচলতে কি জানে? “ দত্তই আৰম্ভ কৰিছিল। “যেনেকৈ সকলোৰে অহাৰ এটা সময় থাকে, তেনেকৈ যোৱাৰো এটা সময় থাকে। অহাটো যেনেকৈ মংগলময় আৰু আনন্দৰ, তেনেকৈ যোৱাটোও মংগলময় আৰু আনন্দৰ হ’ব লাগে। তেখেত যোৱাটোৱেই ভাল হ’ব।”
“কোনে যাব? ক’লৈ যাব? অহ্ …! “ কথাখিনি বুজিবলৈ এটি মুহূৰ্তৰ প্ৰয়োজন হৈছিল মনোমতীৰ। আৰু সেই সত্যটোৱে তেওঁৰ বুকুৰ কোনোবা এঠাইত কাঁড় এডালৰ দৰে বিন্ধিলেগৈ। আজিৰ শয্যাশায়ী মানুহজনৰ লগত সুখে–দুখে আঢ়ৈ কুৰি বছৰ পাৰ কৰিলে তেওঁ। অলেখ মান–অভিমান, ঠেহ–পেচ, হাঁহি–কান্দোন, দন–খৰিয়ালৰ স্মৃতি বিজড়িত সূতা কিছুমানে দুয়োজনকে একেলগে এতিয়াও মেৰাই ৰাখিছে। সেই সূতাবোৰ ছিগি যোৱা কথাটো তেওঁ ভাবিবই নোৱাৰে। বেমাৰী হ’লেও মানুহজনে ঘৰখন এতিয়াও ভৰাই ৰাখিছে, যাৰ অবিহনে ঘৰখনত কেবল শূন্যতাৰে ভৰি পৰিব আৰু সেই সৰ্বগ্ৰাসী শূন্যতাৰ মুখামুখি হোৱাৰ সাহস নাই মনোমতীৰ।
কেই চেকেণ্ডমানৰ স্তব্ধতা ভাঙি ৰীণাই ক’লে, “আমি তেনেকৈ ভবা নাই। দেউতা নহ’লে ঘৰখন শুদা শুদা লাগিব নহয়। তেওঁ আকৌ ভাল হ’ব। তেওঁ থাকিলেই আমাৰ ভাল লাগি থাকিব।”
“কিন্তু তেখেতে জানো কষ্ট খাই থকা নাই? আপোনালোকৰ ভাল লাগিব কাৰণেই তেখেতে কষ্ট খাই থাকিব লাগিব জানো? আৰু কথাবোৰ আমি ভবা মতেইতো নহয়। ঈশ্বৰে যি বিচাৰে সেইটোহে হ’ব। ঈশ্বৰৰ ইচ্ছাৰ ওচৰত আত্ম–সমৰ্পণেই আমাৰ লক্ষ্য। সেই কাৰণেই কৈছোঁ, ঈশ্বৰে তেখেতক দয়া কৰক, তেখেতক সোনকালে নিজৰ ওচৰলৈ লৈ যাওক।”
দত্তই এই পৃথিৱীৰ জীৱনৰ অনিত্যতা আৰু অসাৰতা সম্পৰ্কেও কিছু ব্যাখ্যা কৰিলে।
কথাবোৰ নৰকান্তৰ কাণতো পৰিছিল। আজি–কালি বহুতেই তেওঁ মৰিলেই ভাল হ’ব বুলি ঘৰৰ আনসকলৰ আগত কোৱাটো তেওঁ শুনিবলৈ পায়। তেতিয়া তেওঁৰ মনটো সেমেকি যায়। নিজৰ শোচনীয় শাৰীৰিক অৱস্থাটোৰ কথাটো তেওঁ জানে। যোৱাৰ দিনটো ওচৰ চাপি আহিছে বুলিও তেওঁ জানে। তথাপিতো এতিয়াও তেওঁ জীৱনটোক ভাল পায়। মৰিম বুলি তেওঁ ভয় কৰি থকা নাই; কিন্তু মৃত্যুৰ ওচৰত আত্মসমৰ্পণ কৰিব খোজা মানুহো তেওঁ নহয়। শেষলৈকে যুঁজখন চলাই যোৱাৰ মন তেওঁৰ। কিন্তু আন সকলোৱেই যেন তেওঁৰ ওপৰত সকলো আশা এৰি দিছে। তেওঁৰ বিছনাখন ঘামেৰ সোট–মোচ খাই ভাগৰি পৰাৰ আজি বহু বছৰ হ’ল। তেওঁৰ যন্ত্ৰণাকাতৰ চিঞৰবোৰে ঘৰৰ মানুহবোৰক, ওচৰ–চুবৰীয়াসকলক বিৰক্ত কৰি তোলে বুলি তেওঁ বুজিব পাৰে।
কোঠাটোৰ বাহিৰৰ জগতখনৰ কোলাহলৰ মাজত তেওঁৰ অস্তিত্ব সকলোৱে পাহৰি পেলাইছে। তেওঁৰ পুৰণিকলীয়া কথাবোৰ শুনিবলৈ ওচৰত কোনেও আগ্ৰহেৰে এতিয়া নবহে। শুকান, ভাবলেশহীন বেৰ কেইখনত খুন্দা খাই তেওঁ কোৱা কথাবোৰ প্ৰায়েই তেওঁলৈকে ঘূৰি আহে। তেওঁৰ বুকুখন কিবা এটা হেৰোৱাৰ চিঞৰে খান্দি নিয়ে যেতিয়া তেওঁ উপলব্ধি কৰে – সকলোৰে বাবে তেওঁৰ বিদায়ৰ দৰে শুভ যেন আৰু একোৱেই নাই।
মনোমতী আৰু বোৱাৰীয়েকে বিচৰা নাছিল যদিও বিদায় লোৱাৰ আগতে বৰুণ দত্তই মানুহজনক চাবলৈ তেওঁৰ ওচৰলৈ গ’ল। প্ৰস্ৰাৱ আৰু ঘামৰ সেমেকা গোন্ধ আৰু কোঠাটোৰ অপৰিপাটী, লেতেৰা পৰিবেশটোৱে শাহুৱেক আৰু বোৱাৰীয়েক দুয়োকে বৰ লজ্জিত কৰিছিল।
নৰকান্তৰ মুখখন উজলি উঠিছিল। বাওঁহাতখন ভালকৈ পোন কৰিব নোৱৰা কাৰণে কেবল সোঁহাতখনেৰে তেওঁ প্ৰতি নমস্কাৰ জনাইছিল।
“ভালে আছে নহয়। মোক আপুনি চিনি নাপায় কিজানি।” স্মিত হাঁহি এটাৰে বৰুণ দত্তই কৈছিল।
বোৱাৰীয়েকে দত্তৰ চমু পৰিচয় এটা দাঙি ধৰিলে। মনোমতীয়ে আঁৰ চকুৰে দত্তৰ মুখলৈ চাইছিল। তেওঁৰ ভয় আছিল কোঠাটোৰ লেতেৰা পৰিবেশটোৰ বাবে মানুহজনৰ মনলৈ ঘিণ ভাব এটা আহিব পাৰে। তাৰ কোনো চিন অৱশ্যে তেওঁৰ মুখত দেখা নগ’ল।
“আছোঁ, আছোঁ মই ভালেই।” নৰকান্তই আস্তব্যস্ত হৈ ক’লে। ঘৈণীয়েক আৰু বোৱাৰীয়েকৰ ফালে চাই পৰম হাবিয়াসেৰে তেওঁ ক’লে, “চকী এখন, চকী এখন লৈ আহাঁ ইয়ালৈকে।” বহুদিনৰ পাছত এজন অচিনাকি আৰু দত্তৰ দৰে ডাঙৰ মানুহৰ লগত কথা পাতিব বুলি তেওঁৰ মনটো হেঁপাহেৰে পোহৰ হৈ আহিছিল।
“নালাগে দিয়ক। বৰ কষ্ট হৈছে আপোনাৰ! “ দত্তই সহানুভূতিৰে ক’লে।
“বেমাৰীটোৰ লগতে আমাৰো বৰ কষ্ট হৈ আছে। “ মনোমতীয়ে মানুহজনৰ লগত ভুগিবলগীয়া হোৱা তেওঁলোকৰ দুখ–কষ্টৰ দুই মিনিটীয়া বিবৰণ এটা দিলে।
“মই বহুত ভাল পাইছোঁ দিয়ক। চাওকচোন। “, নৰকান্তই বাওঁহাতখন ওপৰলৈ দাঙি পোন কৰি ক’লে, “আগতে মই হাতখন চিধা কৰিবই পৰা নাছিলোঁ।”
হাতখন মুঠি মাৰি লৈ তেওঁ ক’লে, “আৰু চাওকচোন, মই মুঠিটো টানকৈয়ে মাৰিব পাৰোঁ।”
এইবাৰ তেওঁ বাওঁ ভৰিখন ওপৰলৈ অলপ ওপৰলৈ দাঙি ক’লে, “আগতে মই এই ভৰিখন লৰাবই পৰা নাছিলোঁ।”
নৰকান্তকৈ আগতকৈ কি কি কৰিব পৰা হ’ল তাৰে বৰ্ণনা কৰাত লাগি গ’ল আপোনমনে। বৰুণ দত্তই তেওঁৰ কথাবোৰত মন নিদিয়াটো নৰকান্তই ধৰিব পৰা নাছিল।
“আচলতে একো ভাল হোৱা নাই।” , মনোমতীয়ে প্ৰায় ফুচফুচাই দত্তলৈ চাই কৈছিল। “যোৱা বছৰতকৈ বেমাৰীটোৰ অৱস্থা বেছিহে বেয়া হৈছে দিয়ক। আমাকো দিগদাৰ বেছিকৈ কৰে এতিয়া।”
“সেই কাৰণেইতো মই কৈছোঁ আপোনালোকক …!” মৃদু হাঁহি এটাৰে দত্তই ক’লে। তাৰ পাছত দুয়োখন হাত ওপৰলৈ তুলি আৰু কিবা এটা সক্ষমতাৰ প্ৰমাণ দিবলৈ ওলোৱা মানুহজনলৈ চাই আকৌ ক’লে, “যি হয় ভালেই হ’ব দিয়ক।”
ওপৰলৈ ইংগিত কৰি দত্তই আকৌ ক’লে, “সকলো তেওঁৰেই ইচ্ছা আৰু। আমাৰ হাততনো কি আছে?”
“ভালে থাকক, কুশলে থাকক। আহিছোঁ।” দত্তই আকৌ নমস্কাৰ কৰি বিদায় ল’ব খুজিছিল।
“কিয়? বহক, বহকচোন। অলপ সময়হে।” নৰকান্ত আশাভংগ হোৱা মানুহৰ দৰে চিঞৰি উঠিল। ঘৈণীয়েকলৈ চাই তেওঁ অলপ দাবী মাৰিয়েই ক’লে, “নানা কিয় চকী এখন। কি কৰি আছা? “
নৰকান্তৰ সকলো অনুৰোধ উপেক্ষা কৰি দত্ত যাবলৈ ওলাল।
“আশীৰ্বাদ কৰিব প্ৰভু।” নৰকান্তই সোঁহাতখনেৰে নমস্কাৰ জনাই হতাশভাৱেৰে কৈছিল।
“আশীৰ্বাদ আপুনিহে আমাক দিব লাগিব। ভালে থাকক। ঈশ্বৰে কৃপা কৰক।” স্মিত হাঁহিটোৰে দত্তই কৈ গৈছিল।
আৰু তেওঁলোক যোৱাৰ পাছত নৰকান্তৰ কোঠাটো আকৌ এটা উৎসাহহীন নিৰানন্দৰ বাকচলৈ ৰূপান্তৰিত হৈছিল।
সেইদিনা সন্ধিয়া মনোমতীয়ে ডাইনিং ৰুমত পুতেক–বোৱাৰীয়েকৰ লগত বহি চাহ খাইছিল। মুনুৱে কোনোবা অদৃশ্য শত্ৰুক ভাবুকি দি মাজে মাজে “ধিছুম ধিছুম”কৈ পিটন দিছিল।
“কি কৈ গ’ল জানানে মানুহজনে?” মনোমতীয়ে হঠাতে গহীন হৈ পৰি কৈছিল।
“কি?” মুকুলে মাকলৈ চাই সুধিছিল।
“দেউতাৰা গ’লেই ভাল হয় হেনো।”
“মানে, কি ক’লে?” মুকুলে আকৌ সুধিছিল।
“শুনা, মই কওঁ। তুমি আকৌ সব কথাত ইম’চনেল হৈ যোৱা। দেউতাৰ অৱস্থাটো আমি জানো দেখি থকা নাই?” ৰীণাই বৰ সৰু সৰুকৈ কৈছিল।
“দেখি আছোঁ। তাতে কি হ’ল?” মুকুলে মাতটো সৰু কৰা নাছিল।
“সেই কাৰণে দেউতা গ’লেই ভাল বুলি কৈছে তেওঁ।”
“মানে?” মুকুলে তেতিয়াও বুজিব পৰা নাছিল।
“দেউতাৰা মৰি যোৱাটোৱেই সকলোৰে কাৰণে, তেওঁৰ কাৰণেও ভাল বুলি কৈছে। হয়ো দেচোন কথাটো। ভাবি চালে …। “ মনোমতীয়ে পুতেকৰ মুখলৈ নোচোৱাকৈ কৈছিল।
“ঘুচিয়াই মুখ ভাঙি দিম মই তাৰ। ঘোচা মাৰি দিম।” মুনুৱে হঠাতে অলপ ডাঙৰকৈয়ে চিঞৰ এটা মাৰিছিল যাৰ কাৰণে মাকৰ কথাখিনি ভালকৈ মুকুলে শুনা নাছিল।
“কোৱাঁচোন কথাটো। মই বুজা নাই।” মুকুলে কৈছিল।
“দেউতাৰাই বৰ কষ্ট খাই আছে। লগতে আমাৰো কষ্ট হৈছে। ওচৰৰ মানুহ কেইঘৰৰো কষ্ট হৈছে। সেই কাৰণেই তেওঁ কৈছে – দেউতাৰা মৰিলেই ভাল হ’ব, সকলোৰে। …। তেওঁৰো।” মনোমতীয়ে এইবাৰ পুতেকৰ মুখলৈ চায়ে কৈছিল।
লগে লগেই মুনুৰ আকৌ চিঞৰ, “ঘুচিয়াই ঘুচিয়াই নাক ভাঙিম মই তাৰ। চাল্লা বদমাচ মানুহ! আমাৰ ককাক মৰিবলৈ কয়!”
তেতিয়াহে কিবা এটা অশুভ আশংকাত আইতাকৰ মনটো চেবালে। “কি কৈছা মুনু? কাক মাৰিবা তুমি?”
“সেই মানুহটোক মাৰিম। আমাৰ ককাক মৰিবলৈ কয়। ইম্মান বদমাচ মানুহ! মই তাক …।” মুনুৱে ঘোচা দেখুৱাই খঙেৰে কৈছিল। তাৰ মাতটো কান্দো কান্দো হৈছিল।
শাহুৱেক–বোৱাৰীয়েক দুয়োৰে মুখ মেল খাই গ’ল আৰু চকু দুটা ডাঙৰ ডাঙৰ হৈ গ’ল। ইমান অশুভ কথা ল’ৰাটোৰ মুখত! ভগৱানে এতিয়া কি কৰিব তাৰ? সৰ্বনাশ হ’ব দেখোন এতিয়া ল’ৰাটোৰ!
মুনুৱে ঘোচা দেখুৱাই খঙেৰে তিনিওলৈ চাই আছিল।
“তুমি কি কৈছা এইবিলাক? ক’ত শিকিছা এই বেয়া কথাবোৰ? ডাঙৰ মানুহক এনেকৈ ক’বলৈ পায় নেকি? বৰ বৰ বেয়া কথা।” মুকুলে মুনুলৈ চাই দাবী মাৰি ক’লে।
“আমাৰ ককাও দেখোন ডাঙৰ মানুহ। ককাক কিয় মৰি যাবলৈ কৈছে মানুহটোৱে? সেইটো বেয়া কথা নহয় নেকি?”
মুনুৰ খং আৰু ভয়েৰে ভৰি থকা মুখখনলৈ বাকী তিনিওজনে মনে মনে চাই ৰ’ল।